শকুনিৰ প্ৰতিশোধ - ১২শ দৃশ্য

শকুনিৰ প্ৰতিশোধ
  1. সূচী
  2. চৰিত্ৰাৱলী
  3. ১ম দৃশ্য- শকুনি, বৰাগী, শল্য
  4. ২য় দৃশ্য- দ্ৰৌপদী, শ্ৰীকৃষ্ণ, অৰ্জ্জুন ,ভীম
  5. ৩য় দৃশ্য- কৰ্ণ,পদ্মা
  6. ৪ৰ্থ দৃশ্য দুৰ্য্যোধন, শকুনি, দুঃশাসন, কৰ্ণ
  7. ৫ম দৃশ্য- বৰাগী
  8. ৬ষ্ঠ দৃশ্য- ধৃতৰাষ্ট্ৰ, গান্ধাৰী,দুৰ্য্যোধন
  9. ৭ম দৃশ্য- যুধিষ্ঠিৰ,সহদেৱ, ভীম,অৰ্জ্জুন , শ্ৰীকৃষ্ণ
  10. ৮ম দৃশ্য- কৰ্ণ, দুঃশাসন, দুৰ্য্যোধন,শল্য, শকুনি
  11. ৯ম দৃশ্য দৃশ্য- ভীম, কৰ্ণ, দুঃশাসন, শকুনি, যুধিষ্ঠিৰ
  12. ১০ম দৃশ্য- দ্ৰৌপদী, অৰ্জ্জুন , যুধিষ্ঠিৰ,শ্ৰীকৃষ্ণ
  13. ১১শ দৃশ্য- শকুনি, দুঃশাসন, ভীম
  14. ১২শ দৃশ্য- ভীম, দ্ৰৌপদী
  15. ১৩শ দৃশ্য- কৰ্ণ, শ্ৰীকৃষ্ণ, অৰ্জ্জুন
  16. ১৪ দৃশ্য- ধৃতৰাষ্ট্ৰ, দুৰ্য্যোধন, গান্ধাৰী
  17. ১৫শ দৃশ্য- শ্ৰীকৃষ্ণ,শকুনি
  18. ১৬শ দৃশ্য- বৰাগী
  19. ১৭শ দৃশ্য- শল্য,শকুনি, যুধিষ্ঠিৰ,সহদেৱ


পাণ্ডৱ শিবিৰৰ এটা কক্ষ

( উদভ্ৰান্ত হৈ হাতে –মুখে তেজেৰে ভীমৰ প্ৰবেশ )

( দ্ৰৌপদীৰ প্ৰবেশ )

ভীম – কৃষ্ণা ! কৃষ্ণা !

দ্ৰৌপদী – ইকি ! ইকি ! গোটেই গাত তেজ ! আপুনি আহত হৈছে ।

ভীম – আহত হোৱা নাই ; নিহত হৈছে ! নিহত হৈছে !

দ্ৰৌপদী – আপুনি কি কৈছে ? গোটেই গাত তেজ, অথচ – অথচ-

ভীম – ভয় নকৰিবা প্ৰিয়ে, উন্মাদ হোৱা নাই । নৰৰক্ত পান কৰি আহিছোঁ আৰু এয়া ৰক্ত তোমালৈ লৈ আহিছোঁ ।

দ্ৰৌপদী – নৰৰক্ত পান কৰিছে ! কাৰ ৰক্ত?

ভীম -ভ্ৰাতৃৰ, স্নেহৰ ভ্ৰাতৃৰ !

দ্ৰৌপদী – ভ্ৰাতৃৰ ! ভ্ৰাতৃৰ !!! ( ভয়ত পিচ হুহঁকি ) ভগৱান, ভগৱান, এইবোৰ কি শুনাইছা, কি দেখুৱাইছা !

ভীম – মাতা মাতা , উচ্চকন্ঠে ভগৱানক মাতা । আকুল প্ৰাণে ,শুদ্ধ চিত্তে কোৱা , ভগৱান তুমি আছা , তুমি আছা ।

( ভীম দ্ৰৌপদীৰ ফালে এখোজ আগবাঢ়ে )

দ্ৰৌপদী – কি তুমি মোকো হত্যা কৰিবা ? কৰা কৰা প্ৰভু চিৰ অভাগিনী মই, মোকো হত্যা কৰা ।

ভীম – কৰিম কৃষ্ণা, তোমাকো হত্যা কৰিম । আহা আজি মুক্তকেশী পাঞ্চালীক হত্যা কৰি, বিষণ্ণবদনা দ্ৰোপদ নন্দিনীক হত্যা কৰি লাঞ্ছিতা , অপমানিতা যাজ্ঞসেনীক প্ৰতিজ্ঞা মুক্ত কৰি , কৃষ্ণাৰ উন্মুক্ত কৃষ্ণ কেশ আজিৰপৰা বেণীযুক্ত কৰোঁ ।

( তেজ চুলিত সানি হাতত ধৰি লৈ যায় )

-পট-