শকুনিৰ প্ৰতিশোধ - ১১শ দৃশ্য

শকুনিৰ প্ৰতিশোধ
  1. সূচী
  2. চৰিত্ৰাৱলী
  3. ১ম দৃশ্য- শকুনি, বৰাগী, শল্য
  4. ২য় দৃশ্য- দ্ৰৌপদী, শ্ৰীকৃষ্ণ, অৰ্জ্জুন ,ভীম
  5. ৩য় দৃশ্য- কৰ্ণ,পদ্মা
  6. ৪ৰ্থ দৃশ্য দুৰ্য্যোধন, শকুনি, দুঃশাসন, কৰ্ণ
  7. ৫ম দৃশ্য- বৰাগী
  8. ৬ষ্ঠ দৃশ্য- ধৃতৰাষ্ট্ৰ, গান্ধাৰী,দুৰ্য্যোধন
  9. ৭ম দৃশ্য- যুধিষ্ঠিৰ,সহদেৱ, ভীম,অৰ্জ্জুন , শ্ৰীকৃষ্ণ
  10. ৮ম দৃশ্য- কৰ্ণ, দুঃশাসন, দুৰ্য্যোধন,শল্য, শকুনি
  11. ৯ম দৃশ্য দৃশ্য- ভীম, কৰ্ণ, দুঃশাসন, শকুনি, যুধিষ্ঠিৰ
  12. ১০ম দৃশ্য- দ্ৰৌপদী, অৰ্জ্জুন , যুধিষ্ঠিৰ,শ্ৰীকৃষ্ণ
  13. ১১শ দৃশ্য- শকুনি, দুঃশাসন, ভীম
  14. ১২শ দৃশ্য- ভীম, দ্ৰৌপদী
  15. ১৩শ দৃশ্য- কৰ্ণ, শ্ৰীকৃষ্ণ, অৰ্জ্জুন
  16. ১৪ দৃশ্য- ধৃতৰাষ্ট্ৰ, দুৰ্য্যোধন, গান্ধাৰী
  17. ১৫শ দৃশ্য- শ্ৰীকৃষ্ণ,শকুনি
  18. ১৬শ দৃশ্য- বৰাগী
  19. ১৭শ দৃশ্য- শল্য,শকুনি, যুধিষ্ঠিৰ,সহদেৱ


যুদ্ধক্ষেত্ৰ

(শকুনি আৰু দুঃশাসনৰ প্ৰৱেশ)

শকুনি – দুঃশাসন, আজি তোমাৰ পৰীক্ষা দিন । কৌৰৱেশ্বৰ দুৰ্য্যোধনৰ শ্ৰেষ্ঠ ভ্ৰাতা তুমি, বৃকোদৰৰ যোগ্য প্ৰতিদ্বন্দ্বী । এই গদাৰ আঘাতত ৰাক্ষস ভীমৰ শিৰ চূ্ৰ্ণ কৰি আসুৰিক লীলাখেলাৰ আজিয়েই শেষ কৰিব লাগিব ।

দুঃশাসন – সন্দেহ কৰিছা মামা ? দুঃশাসনৰ প্ৰতাপ তুমি দেখা নাই ? স্বৰ্গৰ দেৱৰাজ যাৰ ভয়ত কম্পমান,পাতালৰ বাসুকী যাৰ ভয়ত মূৰ্চ্ছিত,সেই দুঃশাসনৰ আগত ভীম কোন ?

(ভীমৰ প্ৰৱেশ)

ভীম – ভীম ? ভীম তোৰ যম! পাপিষ্ঠ নৰাধম,কুলৰ কন্টক,ইষ্ট দেৱতাক স্মৰণ কৰ।(শকুনিক) আৰু তই,চক্ৰান্তকাৰী ৰাজদ্ৰোহী গান্ধাৰ পুত্ৰ। তয়েই-

শকুনি – (ভয় কৰা যেন দেখুৱাই ) মই নহওঁ বৃকোদৰ, মই নহওঁ । মই ৰজস্বলা দ্ৰৌপদীৰ চুলিত ধৰা নাই , একবস্ত্ৰা সতীক ৰাজসভাত বিবস্ত্ৰ কৰিব খোজা নাই, মোৰ বক্ষ-ৰক্ত পান কৰিম বুলি তুমি প্ৰতিজ্ঞাও কৰা নাই । তোমাৰ প্ৰতিজ্ঞাৰ লক্ষ্য ৰাজভ্ৰাতা এই দুঃশাসন । দুঃশাসন, কি চাই আছা ? দেৱৰাজ তোমাৰ ভয়ত কম্পিত, বাসুকী মুৰ্চ্ছিত , ভীমৰ গৰ্ব্ব চুৰ্ণ কৰা , পাণ্ডৱৰ শক্তি লোপ কৰা । ( প্ৰস্থান)

ভীম – ( গৰ্জ্জি ) দুঃশাসন, ক্ষত্ৰ কুলাধম হেৰ পাপিষ্ঠ পামৰ, পাৰ যদি ৰক্ষা কৰ শোণিত বক্ষৰ ।

দুঃশা – চুৰ্ণ কৰো ময়ো তোৰ নিষ্ফল দম্ভৰ ।

( যুদ্ধ কৰি দুইৰো প্ৰস্থান; বিপৰীত ফালৰপৰা শকুনিৰ প্ৰবেশ )

শকুনি – ক’ত ভীম ? ক’ত দুঃশাসন ! সৌৱা , সৌৱা , গদাই গদাই হ’ল মহা সংঘৰ্ষণ ( ওপৰলৌ চাই ) পিতা, পিতা, ক্ষন্তেক অপেক্ষা কৰা নাই বেছিক্ষণ , শক্ৰ শোণিতেৰে অৰ্ঘ্য কৰিম তৰ্পণ । (প্ৰস্থান)

( যুদ্ধ কৰি ভীম আৰু দুঃশাসনৰ প্ৰৱেশ; গদাৰ প্ৰহাৰত দুঃশাসন বাগৰি পৰে ; ভীমে বুকুৰ ওপৰত বহি )

ভীম – দুৰ্বৃত্ত পাষণ্ড, তয়েই , তয়েই এই হাতেৰেই – ( হাতত ভুকুৱায় ) কেশ স্পৰ্শ কৰিছিলি সাধ্বী পাঞ্চালীৰ ! আজি , আজি, কোনে ৰক্ষা কৰে তোক ? দুৰ্য্যোধনক মাত, কৰ্ণক মাত, শকুনিক মাত- চাওঁ, ভীমৰ হাতৰপৰা কোনে ৰক্ষা কৰে !- ভীম, নোহে ভীম ভীম, আজি ৰক্তপায়ী দুৰ্দ্দান্ত ৰাক্ষস ! ( ৰক্তপান কৰে ) ( উঠি ) হাঃ হাঃ হাঃ তৃপ্তী হ’ল তৃষ্ণাতুৰ প্ৰাণ ! ভীমৰ হাতত আজি দুঃশাসন শেষ ! পাঞ্চালী , পাঞ্চালী, যুক্ত হ’ল অতদিনে তব মুক্ত কেশ । ( বেগেৰে প্ৰস্থান)

-পট-