[ ৭০ ]
২৩। সৰ্গ।
আচানত।

 বিৰহৰ চোকা কাঁড়, পুনু হৃদয়ত,
কৰ্ত্তব্য সুমৰি যেৱে পুনু আঁতৰিলোঁ।
প্ৰিয় যায় আইঘৰলই; —বান্ধি মন,
যাপিব বছৰ কাল, দীৰ্ঘ বিৰহত।
অশুভ ঘটনা এটি এৰা-এৰি বেলা,
বিদায়-ঘাটত;—‘ধনশিৰীমুখ’ নাম—
পৰিলোঁ আপুনি হাঁয়, অতি আচানত,
নিৰ্দয়া মাউৰ লাগি। চৰিল দুৰ্যোগ,
শোকাতুৰা লীলা প্ৰাণে; বিৰহ আগত।
অকালত, আচানত, বৈদ্য-বিহনত,
দেখি প্ৰাণ আশাহত, স্বামী দেৱতাৰ,
অৰ্ধাঙ্গিনী লীলা হাঁয়, উন্মাদিনী হই,
জুৰিলে যি আৰ্ত্তৰাৱ, গগণ ভেদাই;—
মৰি বঁচা স্বামী পদে, কিয় বিপৰ্য্যয়,
অভাগিনী লীলা ভাগ্যে, বিধিৰ বিধানে।
নিন্দিলে বিধিৰ বিধি। দৃঢ় প্ৰতিজ্ঞাৰে,
সাক্ষী কৰি নীলাকাশ, সঙ্কল্প প্ৰকাশ;—
এৰিব সতীৰ দেহা, সাক্ষাতে পতিৰ,

[ ৭১ ]

বিধাতাৰ বান্ধনীৰ শত বান্ধ ছিঙ্গি।
শলাগিলে ব্ৰহ্মপুত্ৰে, সঙ্কেতে সহায়।
—আঁতৰিল যমদূত; নোৱাৰি সহিব,
সতী-তেজ-অগনিৰ তাপ। গল এৰি
দুৰ্ভগীয়া প্ৰাণ, হিয়াভেদী শেল ঘূৰি
সহিবৰ গুণে, প্ৰিয়তমা বিচ্ছেদত;—
দিঠকৰ অগোচৰ, সপোনৰো আৰ,
শেহৰ সিদিনা হাঁয়, লীলা সংসাৰৰ,
সংঘটিল যেই দিনা, যথা সময়ত,
অন্তিমৰ চোৱাচুই ভৰ হেঁপাহৰ
পিৰিকনি এটি সতে আন্ধাৰি জগত!
মছিলে নাযায় মছা সোঁৱৰণী ৰেখ,
ধাৰে বোৱা চকুলোৰে দুগাল ঢৌৱায়।