[ ৫৯ ]

১৮। সৰ্গ
গ্ৰন্থ-সন্তান।

 মাহেকৰ পাচে মাহ বছৰত লীন,
বছৰ বাগৰি লয় কাল-সাগৰত।
বয়সৰ লগে লগে বাঢ়ে ভাব জুৰি;—
সংসাৰী মানসী দুটি। তাৰে অনুকৃতি
দুটি দান, দুটি নাম, অভেদ আতমা।
মিলনৰ শুভ ফল লক্ষিত দুয়োতে;
সংসাৰী মানসী দুয়ে বিকসিলে পাচে,
সুফল ধৰাৰ চিন্‌, স্ব-স্ব কলেৱৰে।
কিন্তু কিযে লীলা-খেলা, বিধি-বিড়ম্বনা;
সংসাৰী আশাৰ ফুল যেই মলিয়ালে,
কুটিলে ঠাৰিটি তাৰ দুৰদশা-পোকে,
পৰিল কলিটি সৰি। আচৰিত লীলা
সৃষ্টি বিধাতাৰ;—সেই হন্তে অপৰীতি
থিতাপিল লীলা শৰীৰত। একে পোকে,
একে ক্ষণে, ধৰি ছেগ, আৰু তিনি কলি,
বিনাশিলে অকালত, লীলা-লতা গাৰ!
বিকল মানৱী প্ৰাণে হল অসহনি,
অকাল বিয়োগ হাঁয়, আশা সন্তানৰ।

[ ৬০ ]

প্ৰিয়া মোৰ চিন্তাযুতা। সৰল প্ৰতিমা,
বিষভাৰ গৰভিনী। সান্ত্বনাৰ হেতু,
পাচিলোঁ মানসী সখী। সখীয়ে সখীক,
বুজালে কতনা, অভেদ আতমা কথা;—
একে আত্মা প্ৰতিবিম্ব লক্ষিত দুয়োতে।
মানসী প্ৰসূত যিটি স্বামী অনুকৃতি,
একে ৰূপে পাব শোভা সাংসাৰী কোলাত।
শলাগিলে প্ৰিয়া মোৰ সন্তোষ হাঁহিৰে।
ধৰিলোঁ আগত পাচে প্ৰস্থ-পুত্ৰ এটি;
যুটীয়া ব্ৰতৰ ফল। হৰিষে বুকুত,
অপত্য স্নেহেৰে আটি ধৰিলে লীলাই।
নুগুচে হেঁপাহ চাই দিনে শতবাৰ;
শত বান্ধনিৰে। সেইক্ষণ হন্তে হল,
পুত্ৰৱতী প্ৰিয়া মোৰ, লীলা সংসাৰৰ।