যাউতিযুগীয়া ধনে মোৰ অ’
- যাউতিযুগীয়া ধনে মোৰ অ’
প্ৰাণতে দিলা মোক মৰম কুমলীয়া
মনত সোঁৱৰণী সুৱদীয়া
বুকুত ভালে পোৱা অ’ প্ৰাণৰ ধনে
- যাউতিযুগীয়া ধনে মোৰ অ’।
স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া
কল্পনা পূৰাই দিলা মোক অ’
- যাউতিযুগীয়া ধনে মোৰ অ’।
ভাৱত অগণনে হুমুনিয়াহ
অময়া সৌন্দৰ্য্য জীৱন উপচোৱা
থবলৈকে ঠায়ে নোজোৰে অ’
- যাউতিযুগীয়া ধনে মোৰ অ’।
সুখ বিনন্দীয়া মৰণতে বাকি
সৰগী সপোন টোপনীতে গঢ়ি দিলা মোক অ’
- যাউতিযুগীয়া ধনে মোৰ অ’।
বুজা-নুবুজাৰে হাঁহি কান্দোনৰে
জীৱনত পাতিলা মেলা মোৰ অ’
- যাউতিযুগীয়া ধনে মোৰ অ’।