মোৰ পতিতপাৱন প্ৰভু হৰি হেৰোৰ বাপ
।। ৰাগঃ ভাটিয়ালী।। একতাল।।
ধ্ৰুং।। মোৰ পতিত পাৱন প্ৰভু হৰি
হৰেৰ বাপ কিনা গতি হইল হামাৰে।
দুৰ্লভ মনুষ্যতনু ভাৰতে লভিয়া পুনু,
নাম লৈতে নাপাৰো তোমাৰে।।
পদ।। স্থাৱৰ জঙ্গম যত কীট পশু পতঙ্গত
জনমিলো কত নাহি সীমা।
চতুৰাশী নৰকত পাইলো দুঃখ নানামত
নজানিয়া তোমাৰ মহিমা।।
জানো ভৈল তুৱা দায়া তাতেসে মানৱী কায়া
পাইলো তাৰে বিড়ম্বিল বিধি।
কিনো মঞি বুদ্দি-নাশা বিষয় কাচেৰ আশা
হাততে হৰাইলোঁ নৱনিধি।।
কিনা ভৈল বিয়ামোহ আচৰিলোঁ তুৱা দ্ৰোহ
ইসে মোৰ পাইল বৰ দুঃখে।
তুৱা ভকতৰ পদ ৰেণু সেৱা নকৰিলোঁ
তুৱা নাণ নলৈলোহোঁ মুখে।।
বয়স গোঞাঁইলো হেলে তুৱা ভকতৰ মেলে
তুৱা কথা নুশুনিলোঁ কাণে।
ওহি অপৰাধে জানো নিয়া মোৰে য়মৰায়
বৰ ৰাগে মাৰিবে পৰাণে।।
গুণিতে গুণিতে চিত্ত কৰিতে নাপাৰোঁ থিত
কিনা গতি হৈবেক মৰণে।
তুৱা ভকতৰ বাণী শুনি মনে অনুমানি
তুৱা পদে পশিলোঁ শৰণে।।
কৰা কৃপা কৃপাময় সদায়ে যিমতে ৰয়
তুৱা নাম সন্তৰ সঙ্গতি।
নকৰিয়ো মোৰে নাশ ভৈলোহো দাসৰ দাস
কহয় মাধৱ মূঢ়মতি।।