মোৰ গানৰ অৰ্থ ময়েই
মোৰেই গানৰ অৰ্থ ময়েই
ব্যাকুল হৈ তোক ক’বলৈ
তোকে বিচাৰি যাওঁ
বন বনান্ত ঘূৰি ফুৰি আহি
মোকেই লগ পাওঁ৷
মোৰ কোঠালিত
মোৰ সুৰৰ সতে
তোৰ ধেমালি দেখি
তোৰে সতে মোৰ কথা হবলে’
থাকো ৰখি ৰখি
মোৰ সুৰৰ সতে নাচি- বাগি
থকাকে মই অৰ্থ
কিজানিবা গানৰ অৰ্থ
তোকে কবলৈ পাওঁ৷৷