মোৰ গানত জ্বলে শত যুগৰ


মোৰ গানত জ্বলে
          শত যুগৰ কত অভিমান
মোৰ গানে বিচাৰে
          চিৰ দুখীয়াৰ
                   চিৰ পৰিত্ৰাণ৷
মোৰ গানত গুমৰি
          ভূঁইকঁপ কৰে
                   পৃথিৱীৰ নিৰ্ব্বাণ
মোৰ গানৰ জুয়ে জগত পুৰিব
                   দুষ্কৃত সাৱধান৷
মোৰ অস্থিৰে মই ৰচিছোঁ বজ্ৰগান৷
          প্ৰালয়িকী মোৰ জাগিছে ছন্দ
                   কৃতান্ত মূৰ্ত্তিমান
গানেৰে মই বিশ্বজীৱন
          কৰি আছোঁ আহ্বান৷৷