মোৰ গানত জ্বলে তোৰেই মনৰ জুই


মোৰ গানত জ্বলে
         তোৰেই মনৰ জুই
মই সেই জুইৰেই চাকি জ্বলাই
         তোৰ শিতানত বহি থাকো
                  তই থাকোতে শুই৷
তোৰ টোপনিৰ সপোনবোৰত
         মোৰ চাকিৰ পোহৰ পৰে
(তোৰ) নিজিলিকা মনৰ ছবি
         উজ্জ্বল সুজ্জ্বল কৰে
সাৰ নোপোৱা সপোনবোৰে
         মোৰ চাকিটোৰ জিলিকনিত
                  অময়া ৰূপ ধৰে৷
সেই সপোনৰ জলক্‌ লাগি
         মোক বিচাৰি আই
         মোক চিনি নাপাই হাঁহ৷৷