মোৰ কবিতা শুনিবি
মোৰ কবিতা শুনিবি কোন কোনে?
শুনিলে শুনিবি মনে মনে৷
মোৰ কবিতাত বিজয়ীৰ কথা
দস্যু বীৰত্বৰ
নাই কোৱা মহামাৰ
প্ৰাণ লোৱা অজলাৰ৷
মোৰ কবিতাৰ
ছন্দত নাবাজে
মূঢ় ধনীৰ
ধনৰ ঝণৎকাৰ
অন্ধ অহঙ্কাৰ৷
মোৰ কবিতাত
জাগে হাঁহাকাৰ
অপ্ৰকাশৰ মহাবেদনাৰ
মোৰ কবিতাই ভাঙে কাৰাগাৰ
লঙ্ঘিবলে’
অত্যাচাৰ দুস্তৰ পাৰাবাৰ৷
মোৰ কবিতাই, পুৰণিক ভাঙি
সাজিব খুজিছে
নতুন দিনৰ
নৱতম সম্ভাৰ
নৱজীৱনৰ নৱশস্যৰ সোণোৱালী
উপচাৰ৷৷