মোৰ এটা গান
মোৰ এটা গান
তোৰ পদূলিত গৈ
দিনটো আছিল ৰৈ
মনটো বেজাৰকৈ৷
তোক যে কিমান ভাল পাই সি
তাকে কবলৈ৷
তই আহি তাক মাতিলতো
সি যে নাপালে চিনি
ঘূৰি আহিল মোৰ ঘৰলৈ
কিবা গুণি গুণি৷
চকুৰ চিনাকি নাই
প্ৰাণৰ মনৰ চিৰ চিনাকিকো
দেখিও চিনি নাপায়৷৷