মোৰ অৰুণ গানৰ কৰুণ সুৰত
মোৰ অৰুণ গানৰ
কৰুণ সুৰত
মৰম সানিলোঁ
বেজাৰতেই সোণ সপোনৰ
ছবি দেখিলোঁ৷
সেই সপোনত
হাঁহিয়ে বেজাৰ কৰি
মোৰ সুৰৰ আঁচল ধৰি
উচুপি মোক কয়
ফুলা ফুলৰ
সোণ পথাৰৰ
ধানৰ থোকৰ
সোঁ মাজেদি
চকুপানীৰ
কিয় নিজৰা বয়?
তাক কোনোবাই মাধুৰী বুলি কয়
সিয়েই হেনো পৃথিৱী কৰে জয়৷৷