মোৰ অগ্নিগানৰ ফিৰিঙতি
মোৰ অগ্নিগানৰ ফিৰিঙতি
সি নতুনৰ জ্যোতিকণাটি
তোৰ কপাল
উফৰি পৰি
তোৰ, মুখ পোহৰাই নাচে৷
তোৰ মৰমত
মই যে পমাৰ
সসীম মোৰ এই
অসীম ভূমাৰ
চুমাটি গৈ যাচে৷
মোৰ অগ্নিগানৰ ফিৰিঙটি
সঞ্জীৱনৰ মন্ত্ৰ মাতি যায়
তোৰ কপালত আলোক-চুমা খায়
কঁপাই
জগাই
তোক শিয়ঁৰাই
ৰাতিপুৱাই পুৱাই৷৷