মোক যদি নিচিনিলি
মোক যদি নিচিনিলি
তোৰ বাটে যাওঁতেই
মোৰ যদি নুশুনিলি গান
নুবুজিলি যদি তই
প্ৰাণৰে বতৰা ঐ
বীণলৈ নাপাতিলি কাণ
তথাপিও গান গাই
মুখৰিত কৰি যাম আকাশ বিমান
লিখি যাম গানে গানে
মোৰ বেজাৰৰ অভিমান৷
মই গুচি গলাগৈ বহু দূৰলৈ
হয়তো উভতি আৰু নাহিবলৈ
যদি মোৰ সুৰ লাগি
তোৰ মন উঠে সাৰ পাই
পদূলিত আহি কান্দ
গুচি যোৱা আলহীক বিচাৰি নাপাই
মোৰ গান গাই যাবি
মানুহৰ ঘৰে ঘৰে
চকুপানীৰে শত মুকুতাৰ দীপালী জ্বলাই৷৷