মোক যদি তই ৰাতিপুৱা দেখি
মোক যদি তই ৰাতিপুৱা দেখি
চিনিকে নাপালি
সন্ধিয়া জানো পাবি?
মই যদি ঐ জ্বলি থাকোঁতেই
নোচোৱাকৈয়ে গুচি গলি গৈ
নুমালে জানো উভতি আহি চাবি?
মই জ্বলা দেখি
কত চগা পৰি
মোক নুমুৱাব খোজে
জ্বলি থকা চাকি
নুমুৱায় মানে
কোনে তোৰ মোল বুজে?