[ বেটুপাত ]
 
 

শ্ৰীচন্দ্ৰধৰ বৰুৱা
সাহিত্যৰত্ন

 

[ প্ৰকাশন ]
 

মুক্তাৱলী

( সংস্কৃত শ্লোকৰ পদ্য ভাঙনি )

 
 

ভাঙোতা
শ্ৰীচন্দ্ৰধৰ বৰুৱা
সাহিত্যৰত্ন

 

প্ৰথম সংস্কৰণ
১৫ আগষ্ট, ১৯৫৭ চন

 

প্ৰকাশক
শ্ৰীকৰুণাধৰ বৰুৱা
দৰ্পণ প্ৰেচ, যোৰহাট

 
সৰ্ব্বস্বত্ব সংৰক্ষিত।    দাম— এটকা ২৫ নয়া পইছা।
 

[ পাতনি ]

জগন্নাথ বৰুৱা কলেজৰ ভূতপূৰ্ব্ব অধ্যক্ষ
৺তুলসীনাৰায়ণ শৰ্ম্মাদেৱৰ অভিমত।

মুক্তাৱলী— সাহিত্যৰত্ন শ্ৰীযুত চন্দ্ৰধৰ বৰুৱা ডাঙৰীয়া প্ৰণীত।

 আজি প্ৰায় দুহেজাৰ বছৰৰ ওপৰ কাল চাণক্যৰ নীতিশ্লোক সমূহে ভাৰতীয় জনসমাজত সমাদৰ পাই আহিছে। চাণক্য বা কৌটিল্য অশেষ প্ৰতিভাশালী লোক আছিল। তেওঁৰ ৰচিত বৃদ্ধ-চাণক্য, লঘূ-চাণক্য আৰু অৰ্থশাস্ত্ৰই তেওঁৰ অভিজ্ঞতা, দূৰদৰ্শিতা আৰু গভীৰ শাস্ত্ৰজ্ঞানৰ পৰিচয় দিয়ে। চাণক্যৰ নীতিশ্লোক সমূহ পৰৱৰ্ত্তী গ্ৰন্থকাৰ সকলোৱেই অনুসৰণ কৰিছে। অনেক সময়ত ব্যক্তিগত জীৱনত দ্বিধাবোধৰ উদ্ভৱ হ’লে চাণক্যৰ নীতিবাক্যই সেই সমস্যা খণ্ডন কৰে।

 সাহিত্যৰত্নদেৱে এই পুথিখনিত ১৩৮ টা নীতিশ্লোকৰ সৰল ভাঙনি পদ্যত লৰাছোৱালীৰ মনত লগাকৈ লিখিছে। পুথিখনিৰ সৰহ ভাগেই চাণক্যৰ নীতিশ্লোকৰ ভাঙনি, দুই এটা শ্লোক মহাভাৰত আদিৰ পৰা লোৱা হৈছে। সাহিত্যৰত্নদেৱৰ ভাষা অসমীয়া সাহিত্যিক সমাজৰ সুপৰিচিত। চাণক্যৰ ৰত্নসমূহে অসমীয়া ভাষাত সাহিত্যৰত্নদেৱৰ পৈণত লিখনিৰ পৰা যথাৰ্থতে “মুক্তাৱলী” ৰূপেই প্ৰকাশ পাইছে।

 আমি আশাকৰো— এই “মুক্তাৱলী” অসমীয়া ছাত্ৰ-ছাত্ৰী সমাজৰ জীৱন পথত সহায় হ'ব আৰু ইয়াক তেওঁবিলাকে হেঁপাহেৰে আদৰিব।

যোৰহাট
২৯।৮।৪৬
( স্বাঃ ) শ্ৰীতুলসীনাৰায়ণ শৰ্ম্মা

[ ভূমিকা ]

আগকথা।

 এই ক্ষুদ্ৰ পুস্তিকা কেইটামান চাণক্য শ্লোকৰ আৰু দুই এটা অন্য শ্লোকৰো ভাঙনি মাত্ৰ। ইয়াৰ শব্দাৱলীৰো, পৰা যাই মানে, মূলৰ লগত মিল ৰাখিবলৈ যত্ন কৰা হৈছে। তেও বুলি, মূল ৰচনাৰ সোৱাদ ইয়াত নোলায়। কোনে৷ কোনে৷ ঠাইত মূল শ্লোকৰ অকল ভাবহে ৰাখিব পৰা গ’ল। তেনে ঠাইত, মূলৰ পৰা ভাঙনিৰ অলপ অচৰপ্‌ লৰ্ চৰো ঘটিছে। পুস্তিকাৰ শেহত মূলশ্লোক খিনিও দিয়া আছে, আৰু তাৰ নম্বৰ ভাঙনিয়ে সৈতে মিলাই দিয়া হৈছে।

 পোনৰ ১২০ ট৷ ভাঙনি বৰ্ণমালাৰ অনুসাৰে, আৰু তাৰ পাচৰ খিনি, ভাবৰ সংসৰ্গ থকা বাবে, অৰ্থমতে সজোৱা হ’ল।

যোৰহাট
১৫।৮।৫৭

[ প্ৰথম পৃষ্ঠা ]
 

॥ (ক) বৰ্ণমালা মতে সজোৱা॥

 

[  ]

মুক্তাৱলী

( ক ) বৰ্ণমালা মতে সজোৱা।

অ – আ
( ১ )
অগাধ পানীতো ৰৌৰ উম্‌ঘাম্ নাই
পুঠীয়ে অঙ্গুষ্ঠ মানো পালে চট্‌চটায়।
( ২ )
অগ্নিক জানিবা গুৰু দ্বিজাতি সৱৰ
ব্ৰাহ্মণকে গুৰু বোলে সকলো বৰ্ণৰ,
স্বামীয়েই গুৰু মাত্ৰ ৰমণী কুলৰ,
অভ্যাগত সৰ্ব্বত্ৰতে গুৰু সমস্তৰ।
( ৩ )
অনেক সংশয় ছেদে
অজ্ঞাতকো দিয়ে দৰশাই,
সবাৰো নয়ন জ্ঞান
অন্ধ সেয়ে, জ্ঞান যাৰ নাই।

[  ]

( 8 )
অমৃত আনিবাঁ তুলি বিহৰ পৰাও
বিষ্ঠাৰ পৰাও সোণ বুটলি তুলিবাঁ,
নীচৰ পৰাও ল’বাঁ ভাল জ্ঞান পালে
নাৰীৰত্ন পালে হীন বংশৰো আনিবাঁ।
( ৫ )
অমৃত শীতত অগ্নি
অমৃত অৰ্দ্ধেক ফুটা শিশুৰ ভাষণ,
অমৃত সুগুণী ভাৰ্য্যা
অমৃত পণ্ডিত যদি আপোন নন্দন।
( ৬ )
অৰ্থনাশ হোৱা আৰু মনস্তাপ পোৱা
নিজৰ ঘৰৰ কিবা কোনো দুচৰিত,
প্ৰবঞ্চনা নতু অপমান ভোগ কৰা
নজনাব মতিমানে লোকৰ গুৰিত।
( ৭ )
আচাৰত ধৰ্ম্ম ৰয়
বিদ্যা ৰয় চৰ্চ্চা তাক কৰাৰ ফলত,
সুনীতিত ৰাজ্য ৰয়
কুল ৰয় গৃহিণীৰ গুণৰ বলত।

⸺⸺

[  ]

ই — ও
( ৮ )
ইন্দ্ৰিয়ৰ অসংযম আপদৰ পথ
সম্পদ ইন্দ্ৰিয় বিজয়,
এতেকতে বাছি লোৱাঁ সেই পথকেই
যি পথেদি ইষ্ট লাভ হয়।
(৯)
উৎসৱত বিপদত দুৰ্ভিক্ষ কালত
শত্ৰু-সঙ্কটত কিম্বা ৰজাৰ দ্বাৰত,
শ্মশানত নতু পোৱা যায় যি জনক,
প্ৰকৃত বান্ধৱ বোলে সিজন লোকক।
( ১০ )
ঋণ, অগ্নি আৰু ব্যাধি
বাঢ়ে পুনু থ’লে অৱশেষ,
সিহেতু গুচাব লাগে
সমূলঞ্চে কৰি তাৰ শেষ!
( ১১ )
এবাৰ অনিষ্ট কৰা মিত্ৰক যিজনে
দুনাই বিশ্বাস কৰি বন্ধু ভাব কৰে,
নিজৰ মৰণ তেওঁ নিজে মাতি আনে
খচ্চৰীয়ে গৰ্ভ ধৰি যেনেৰূপে মৰে।

[  ]

( ১২ )
ওঠৰ পুৰাণ ৰচি
ব্যাসদেৱে দুটি শিক্ষা দিলে,
পৰোপকাৰেই ধৰ্ম্ম
পাপ হয় পৰক পীড়িলে।

⸺⸺


( ১৩ )
কাব্যশাস্ত্ৰ চৰ্চ্চা কৰি
কাল যায় সুবুদ্ধিমানব,
কলহত ব্যসনত
নিদ্ৰাত নতুবা মূৰুখৰ।
( ১৪ )
কামধেনুতুল্য গুণ বিদ্যাৰ সততে
অকালতো ফল পোৱা যায়,
প্ৰবাসত বিদ্যা হয় মাতাৰ সদৃশ
বিদ্যা হেন গুপ্তধন নাই।

[  ]

( ১৫ )
কিবা টান কাম আছে সমৰ্থ জনৰ
কিবা দূৰ ঠাই ব্যৱসায়ী মানুহৰ,
কিহৰ বিদেশ আছে বিদ্বান লোকৰ
প্ৰিয়ভাষী সকলৰ হয় কোন পৰ?
( ১৬ )
কি ফল ফলিব পুত্ৰ জন্মিলে অকল
যি পুত্ৰৰ নাই বিদ্যা, ভকতিও নাই,
কণা চকু হ’লে কিবা ফলিব সুফল
কামত নেলাগে মাত্ৰ কষ্ট পোৱা যায়।
( ১৭ )
কি হ’ব জন্মিলে মাত্ৰ ডাঁঙৰ কুলত
যিজন লোকৰ গাত সজ গুণ নাই,
অধম কুলতো যদি গুণী লোক হয়
মানুহ নেলাগে মান কৰে দেৱতাই।
( ১৮ )
কুলিৰ মাতেই ৰূপ
সতীত্বই নাৰীসকলৰ,
বিদ্যা কুৰূপৰ ৰূপ
ক্ষমা ৰূপ তাপস জনৰ।

[  ]

( ১৯ )
বুলীনেৰে সংসৰ্গতা
পণ্ডিতেৰে মিত্ৰতা কৰিলে,
জ্ঞাতিৰে থাকিলে মিল
মানুহৰ বিপদ নিমিলে।
( ২০ )
কৃষকৰ সুভিক্ষ সদায়
নিত্য সুখ নিৰোগী জনৰ,
পত্নী যাৰ পতিপ্ৰিয় হয়
দিনৌ উৎসৱ সিজনৰ।
( ২১ )
ক্ৰমে কঁথা সিয়া, ক্ৰমে সুদূৰ গমন
ক্ৰমেহে কৰিব পাৰি পৰ্ব্বত লঙ্ঘন,
ধৰ্ম্ম আৰু কৰ্ম্ম হয় ক্ৰমে সম্পাদন,
এই পঞ্চ হয় মাত্ৰ ক্ৰমাৎ সাধন।

⸺⸺

[  ]

গ – ঘ

( ২২ )
গুণবান হ’লে মাত্ৰ একটি পুত্ৰই
মূৰ্খ পুত্ৰ শতেকৰো অধিক নিশ্চয়,
একেটি চন্দ্ৰয়ে মাত্ৰ আন্ধাৰ গুচায়
নোৱাৰে গুচাব অগণন তাৰকাই।
( ২৩ )
গুণীৰ সফল হয় জীৱন ধাৰণ
ধাৰ্ম্মিক জনৰো হয় সাৰ্থক জীৱন,
গুণহীন ধৰ্ম্মহীন হয় যিটো জন
তাৰ জীৱনৰ একো নাই প্ৰয়োজন।
( ২৪ )
গুপ্ত কথা ৰাষ্ট্ৰ কৰা, কিবা ভিক্ষা কৰা
নিঠুৰ স্বভাৱ আৰু অথিৰ প্ৰকৃতি,
ক্ৰোধী হোৱ৷ মিছা কোৱা দ্যূতক্ৰীড়া কৰা
মিত্ৰত জানিবা দোষ এই সকলোটি।
( ২৫ )
গুৰুৱে শিষ্যক যদি
এটি মাত্ৰ আখৰো শিকায়,
সি ঋণ শুজিব পাৰি
পৃথিৱীত এনে দ্ৰব্য নাই।

[  ]

( ২৬ )
ঘৰত নেথাকে যাৰ আপোন জননী
ভাৰ্য্যাও যদিহে হয় অপ্ৰিয়বাদিনী,
অৰণ্যতে থকা ভাল এৰি তেনে ঘৰ
ঘৰ যেনে অৰণ্যও তেনে সিজনৰ।

⸺⸺

চ — জ
( ২৭ )
চাই চিতি খোজ দিব
কাপোৰেৰে ছেকি জল পিব,
শাস্ত্ৰ মতে কথা ক’ব
মনোমত কৰ্ম্ম আচৰিব।
( ২৮ )
চিতা চিন্তা উভয়ৰে
চিতাকেই শ্ৰেয় বোলা যায়,
চিতাই মৰাহে দহে
চিন্তাই জীয়াকো কৰে ছাই।

[  ]

( ২৯ )
জীৱনৰ মুহূৰ্ত্তকো নোৱাৰে ঘূৰাব
কোটি কোটি সুবৰ্ণ মূদ্ৰাই,
তেনে জীৱনক যদি মিছাতে নিয়ায়
ততোধিক হানি আৰু নাই।
( ৩০ )
জ্ঞাতিয়ে নেপায় ভাগ
চোৰেও নোৱাৰে তাক নিব চূৰকৈ,
দানত নহয় ক্ষয়
বিদ্যাৰত্ন মহাধন জানিবা নিশ্চয়।

⸺⸺


ত — ধ
( ৩১ )
ত্যজিবাঁ দুৰ্জ্জন-সঙ্গ সাধুক ভজিবাঁ
ৰাতি দিনে পুণ্য আচৰিবাঁ,
সমস্ত সংসাৰ এই অনিত্য তেনেই
এই সত্য নিতে সুঁৱৰিবাঁ।

[ ১০ ]

( ৩২ )
দলৰ আগত যোৱা যুগুত নহয়
কাৰ্য্য সিদ্ধি হ’লে লাভ লোকৰ সমানে,
যদিহে নিসিজে কাৰ্য্য কিবা স্বৰূপত
অকলৈ অপযশ পায় যত মানে।
( ৩৩ )
দানত হাতৰ শোভা, নাই কঙ্কণত
স্নানত যি শুদ্ধি পায় নাই চন্দনত,
মানৰ তৃপিতিসুখ নাই ভোজনত
জ্ঞানতেহে মুক্তি পায়, নাই মুণ্ডনত।
( ৩৪ )
দুৰ্জ্জনক তিয়াগিবাঁ
বিদ্যাৰে ভূষিতো যদি হয়,
মণিবিভূষিত ফনী
কিবা জানো ভীষণ নহয়?
( ৩৫ )
দুৰ্ব্বলৰ বল ৰজা
ছৱালৰ অকল ৰোদন,
মূৰ্খৰ মৌনত্ব বল
তস্কৰৰ অসত্য বচন।

[ ১১ ]

( ৩৬ )
দুৰ্ল্লভ হিতৈষী আৰু মধুৰ বচন
দুৰ্ল্লভ বিনীত আৰু সুজন নন্দন,
দুৰ্ল্লভ স্বভাৱ মিলা ভাৰ্য্যা বিতোপন
দুৰ্ল্লভ সুপ্ৰিয় নিজা আত্মীয় স্বজন।
( ৩৭ )
ধৰ্ম্মই সুহৃৎ মাত্ৰ
মৰিলেও লগে লগে যায়,
অপৰ সকলো মিছা
দেহৰ লগতে লোপ পায়।
( ৩৮ )
ধৰ্ম্মৰ আচল মৰ্ম্ম এয়ে শুনি লোঁৱা
শুনি লৈ হৃদয়ত সাৰ বুলি ধৰা,
নিজৰ অনিষ্ট কৰে যেনে আচৰণে
অনুচিত অপৰৰো প্ৰতি তেনে কৰা।
( ৩৯ )
ধান ধন আদি কিবা প্ৰয়োগ কৰোঁতে
ভোজন কৰোঁতে আৰু বিদ্যাক শিকোঁতে,
ব্যৱহাৰ আচৰণ কৰোঁতে মেলোতে
বৰ্জ্জন কৰিব লাগে লজ্জাক সততে।

⸺⸺

[ ১২ ]


( ৪০ )
নকৰিবা পতিয়ন অসঞ্জাতী জনক মুঠেই
সঞ্জাতীতো অনুচিত অধিক বিশ্বাস,
কচিৎ কোপীত হৈ সঞ্জাতী জনেই
কিজানি বা গুপ্ত কথা কৰিব প্ৰকাশ।
( ৪১ )
নদী নখী শিঙালক,
অস্ত্ৰধাৰী যতেক লোকক
নেয়ায় বিশ্বাস কৰা
ৰাজকুল ৰমণীকুলক।
( ৪২ )
নাই য’ত মান আৰু নাই বন্ধু জন
নাই কিবা বৃত্তি ব্যৱসায়,
কোনো বিদ্যা সমাগম নাই যি দেশত
সি দেশক এৰি যাব পায়।
( ৪৩ )
নিজৰ সৰ্ব্বস্ব ধন, লাগে জীৱনকো
জ্ঞানীয়ে পৰৰ অৰ্থে প্ৰদান কৰিব,
ধন প্ৰাণ ক্ষণস্থায়ী যাব একো দিন
সুকাৰ্য্যত দিলে তেওঁ থলত পৰিব।

[ ১৩ ]

( ৪৪ )
নিশ্চিত বস্তুক এৰি
অনিশ্চিত যেয়ে খেদি যায়,
নিশ্চিতো হেৰায় তাৰ
অনিশ্চিত হেনেও হেৰায়।
( ৪৫ )
নহয় সি জল য’ত পঙ্কজ নুফুলে
নহয় পঙ্কজ যদি ভ্ৰমৰে নুগুঞ্জে,
ভ্ৰমৰ নহয় যদি গুঞ্জন নেজানে
নহয় গুঞ্জন যদি মনক নৰঞ্জে।
( ৪৬ )
নেবাঞ্ছিবাঁ পৰদাৰ পৰৰ দ্ৰব্যক
পৰপৰিবাদ নকৰিবাঁ,
পৰিহাস চপলতা গুৰুৰ আগত
পৰিহাৰ সততে কৰিবাঁ।

⸺⸺

[ ১৪ ]

প — ফ
( ৪৭ )
পণ্ডিত জনৰ গাত বহু গুণ পায়
মূৰ্খত অকল দোষ, গুণ একো নাই,
সেই হেতু, প্ৰাজ্ঞলোক মাথোঁ এজনেই
সহস্ৰ মূৰ্খতকৈও শ্ৰেষ্ট সততেই।
( ৪৮ )
পণ্ডিত মতিৰ নৰে
দুষ্প্ৰাপ্যৰ কামনা নকৰে,
গতশোক পৰিহৰে
আপদত ধৈৰ্য্য নেপাহৰে।
( ৪৯ )
পশু স্বভাৱৰ বহু মূৰ্খৰ মাজত
গুণীৰো সুগুণ কোনো নহয় বেকত,
সকলো গুণেই তাৰ পৰে আন্ধাৰত
মেঘে ঢকা সূৰুযৰ হয় যেনে মত।
( ৫০ )
পিতা মাতা সন্তানৰ শত্ৰু মাত্ৰ হয়
নপঢ়াই যদি তাক মূৰ্খ কৰি থয়,
নোশোভে সন্তান সিটো সভাৰ মাজত
দেখি যেন বগলীহে হাঁহৰ জাকত।

[ ১৫ ]

( ৫১ )
পুত্ৰ যাৰ আপোনাৰ অধীনত থাকে
ভাৰ্য্যা আৰু ভৃত্য যাৰ চলে হাকে-ডাকে,
অভাৱতো সি জনৰ সন্তোষ সদায
এই পৃথিৱীতে তেওঁ স্বৰ্গবাস পায়।
( ৫২ )
পুত্ৰ সেয়ে অনুগত পিতৃৰ যি জন
পিতা সেয়ে কৰে যেয়ে পোষণ পালন,
মিত্ৰ সেয়ে বিশ্বাসৰ যিজন ভাজন
ভাৰ্য্যা সেয়ে হয় যাত নিবৃতি সাধন।
(৫৩)
পুথিত থাকিলে বিদ্যা
নতুবা থাকিলে ধন পৰৰ হাতত,
বিচাৰি নেযায় পোৱা
লগাহলে কোনোটিকে কামৰ পৰত।
( ৫৪ )
পৃথিবীৰ আবৰণ সাগৰ জানিবাঁ
আবৰণ বাৰেই ঘৰৰ,
ৰজা আবৰণ বুলি দেশৰ বুজিবাঁ
চৰিত্ৰই ৰমনী কুলৰ।

[ ১৬ ]

( ৫৫ )
প্ৰণয় কৰিলে তাক আজীৱনে নেৰে
খঙ নাই সততেই ৰঙেই অকল,
কদাচিতে উঠিলেও, ক্ষণেকতে এৰে
ত্যাগশীল স্বাৰ্থহীন মহাত্মাসকল।
( ৫৬ )
প্ৰথম কালতে বিদ্যা নাৰ্জ্জিলে মানুহে
ধনক নাৰ্জ্জিলে দ্বিতীয়ত,
তৃতীয়ত নকৰিলে পুণ্য উপাৰ্জ্জন
কি কৰিব চতুৰ্থ কালত।
(৫৭ )
প্ৰবাসত বিদ্যা মিত্ৰ
মাতা মিত্ৰ ঘৰত নিজৰ,
ব্যাধিত ঔষধ মিত্ৰ
ধৰ্ম্ম মিত্ৰ মৃতক জনৰ।
( ৫৮ )
প্ৰাজ্ঞই নিজক ভাবি অজৰ অমৰ
বিদ্যা আৰু ধনক চিন্তিব,
মৃত্যুৱে কেশত ধৰি আজুৰিছে ভাবি
সততেই ধৰ্ম্ম আচৰিব।

[ ১৭ ]

( ৫৯ )
প্ৰিয় বাক্য প্ৰদানিলে
সকলো প্ৰাণীয়ে তাক শুনি প্ৰীতি পায়,
এতেকে যুগুত সেয়ে
বচন-দৰিদ্ৰ হোৱা প্ৰয়োজন নাই।
( ৬০ )
ফল ছাঁয়া দুয়ো থকা
মহাবৃক্ষ আশ্ৰয় কৰিব,
দৈবাৎ ন’হলে ফল
ছায়াঁ তাৰ কোনে নিবাৰিব?
( ৬১ )
ফলশালী হ’লে তৰু নতশিৰে ৰয়
গুণী লোকো সততেই নতশিৰ হয়,
নিৰস শুকান কাঠ আৰু মূৰ্খ জনে
নলয় কদাপি ভিৰ বিনয় নেজানে।

⸺⸺

[ ১৮ ]


( ৬২ )
বায়সৰ ঠোঁট যদি সোণেৰে বন্ধায়
মাণিকেৰে কৰে তাৰ চৰণ ভূষিত,
পাখিয়ে পাখিয়ে গজমুকুতা লগায়
নহয় বায়স ৰাজহংস কদাচিৎ।
( ৬৩ )
বিচাৰ কৰিহে লাগে সমিধান দিব
নেভাবি নুগুণি কথা কদাপি ন’কব,
গুণক মানিব লাগে শত্ৰুৰো সদায়
দোষক, গুৰুৰো যদি, লোৱা নুযুৱায়।
( ৬৪ )
বিচিত্ৰ চৰিত্ৰ কেনে মহৎ জনৰ!
যদিও সম্পদ তেওঁ তৃণ জ্ঞান কৰে,
তথাপি সম্পদে আহি নিজে লাগ দিয়ে
লক্ষ্মীৰ ভৰত তেওঁ নত হৈ পৰে।
( ৬৫ )
বিদ্যাই বিনয় দিয়ে, যোগ্যতা বিনয়ে
যোগ্যতাৰ গুণে ধন পায়,
ধন পালে পাৰি তাৰে ধৰ্ম্মক সাধিব
ধৰ্ম্মেৰেই সুখ পোৱা যায়।

[ ১৯ ]

(৬৬)
বিদ্যা তুল্য চক্ষু নাই
তপ একো নাই সত্য মান,
আসকতি হেন দুখ
সুখ নাই ত্যাগৰ সমান।
( ৬৭ )
বিদ্যা নেথাকিলে শূন্য গোটেই জীৱন
বান্ধৱ নহলে দশো দিশ শূন্য হয়,
শূন্য হয় পুত্ৰহীন জনৰ ভৱন
দৰিদ্ৰতা হ’লে হয় সৰ্ব্ব শূন্যময়।
( ৬৮ )
বিদ্যাৰ্থী যি হয় তেওঁ ভোগক এৰিব
ভোগাৰ্থীয়ে বিদ্যাক ত্যজিব,
ভোগাৰ্থীৰ বিদ্যা আৰু বিদ্যাৰ্থীৰ ভোগ
ক’ৰ পৰা কিৰূপে মিলিব?
( ৬৯ )
বিদ্যাৰ নিচিনা আৰু বন্ধু ক’তো নাই
ৰিপু কোনো নাই ব্যাধি মান,
অপত্য স্নেহৰ দৰে স্নেহ একো নাই
বল নাই দৈৱৰ সমান।

[ ২০ ]

( ৭০ )
বিদ্বানৰে নৃপতিৰে নহয় তুলনা
নহয় কদাপি সমতুল্য দুই জনা,
নৃপতিক পূজা কৰে অকল স্বদেশে
বিদ্বান সততে পূজ্য স্বদেশে বিদেশে।
( ৭১ )
বিন্দু বিন্দু জল পৰি
ক্ৰমে ক্ৰমে ঘট পূৰ কৰে,
ধন ধৰ্ম্ম বিদ্যা যত
সকলোৱে সেই ৰীতি ধৰে।
( ৭২ )
বুদ্ধি যাৰ নাই তাৰ শাস্ত্ৰে কি কৰিব
অন্ধ জনে দৰ্পণেৰে কি গুণ লভিব?
( ৭৩ )
বুধিয়কে এপাৱেৰে এঠানত ৰৈ
ইটি পাৱ মাটিত পেলায়,
নেচাই নিচিতি কোনো আচহুৱা ঠাই
থান এৰা উচিত নহয়।

[ ২১ ]

( ৭৪ )
বেদতো প্ৰভেদ আছে স্মৃতিতো প্ৰভেদ
বিভিন্ন নহয় মত, এনে মুনি নাই,
ধৰ্ম্মৰ নিগূঢ় তত্ত্ব নিহিত গুহাত
সেয়েই সুপথ যেনি মহাজন যায়।
( ৭৫ )
ব্ৰহ্মবিদে স্বৰ্গসুখ তৃণ জ্ঞান কৰে
বীৰ জনে জীৱনক তৃণ বুলি ধৰে,
ইন্দ্ৰিয়জয়ীৰ নাৰী তৃণৰ সমান
স্পৃহাহীনে জগতকে দেখে তৃণ মান।

⸺⸺



( ৭৬ )
ভঁৰালত শূন্য ঘট যেনে শাৰী শাৰী
কি হ’ব থাকিলে বহু পুত্ৰ মুঢ়মতি,
এজন পুত্ৰই ভাল হ’লে সদাচাৰী
যি পুত্ৰৰ পৰা হয় পিতাৰ সুখ্যাতি।

[ ২২ ]

( ৭৭ )
ভয়ৰ শতেক আৰু শোকৰ হাজাৰ
কাৰণে ধৰেহি বেঢ়ি মূৰ্খক সততে,
পণ্ডিত জনৰ নাই সেই দুৰ্ব্বিকাৰ
পণ্ডিতৰ তেনে দশা কদাপি নঘটে।
( ৭৮ )
ভানুৰো উদয় হয় পশ্চিমে যদিবা
পৰ্ব্বত-টিঙ্গতো যদি পদ্ম ফুল ফুলে,
মেৰু হয় বিচলিত অগনি শীতল
সজ্জনৰ বাক্য তেও নলৰে নচলে।
( ৭৯ )
ভাৰ্য্যা যদি দুষ্ট হয় শঠ মিত্ৰ হয়
ভৃত্যই যদিহে মুখে মুখে কথা কয়,
সৰ্পেৰে যদিবা একেঘৰে বাস লয়
মৰণ ধুৰুপ্ নাই সমূলি সংশয়।
( ৮০ )
ভাল সাজ-পাৰ পিন্ধি যদিও মূৰ্খই
দেখাত দূৰৰ পৰা শোভা পায় হয়,
তত পৰ মাত্ৰ শোভা পায় তেনে জনে
নকয় কিঞ্চিৎ কথা যত পৰ মানে।

[ ২৩ ]

( ৮১ )
ভোজনৰ শেষ আৰু শ্মশানৰ শেষ
মৈথুনৰ শেষ হ’লে যেনে মতি হয়,
তেনে মতি থাকে যদি হিয়াত সদায়
হাতৰ মুঠিত মুক্তি জানিবাঁ নিশ্চয়।
( ৮২ )
ভৃত্যক চিনিব পাৰি আজ্ঞা পালনত
বান্ধৱক পাৰি বিপদত,
মিত্ৰক চিনিব লাগে দুখৰ কালত
তিৰোতাক বিভৱ-ক্ষয়ত।

⸺⸺



( ৮৩ )
মনে এক মুখে এক
কামে এক দুৰাত্মা লোকৰ,
মনে-মুখে কামে-কাযে
একে ভাব মহাত্মা জনৰ।

[ ২৪ ]

( ৮৪ )
মনেৰে যি কাৰ্য্য ভাবে
নকৰিব প্ৰকাশ কথাৰে,
যি হেতু নিসিজে কাৰ্য্য
লক্ষ্য তাক কৰিলে অপৰে।
( ৮৫ )
মাতৃ বুলি ভাবে যেয়ে পৰৰ নাৰীক
পৰৰ দ্ৰব্যক কৰে মাটি হেন জ্ঞান,
আত্মা হেন ভাব কৰে সকলো প্ৰাণীক
জানিবাঁ সিজন লোক পণ্ডিত প্ৰধান।
( ৮৬ )
মান বিনাশত কৰি
মৃত্যুয়েই তেও কিছু ভাল,
মৃত্যুত ক্ষণিক দুখ
মান গ’লে দুখ চিৰকাল।
( ৮৭ )
মিত্ৰও নহয় কোনো
কাৰো কোনো শত্ৰুও নহয়,
শত্ৰু মিত্ৰ উভয়েই
ব্যৱহাৰ অনুসৰি হয়।

[ ২৫ ]

(৮৮)
মুখৰ আগত কয় সুপ্ৰিয় বচন
দূৰত যি জনে কিন্তু কৰে কাৰ্য্য হানি,
বৰ্জ্জন কৰিব লাগে তেনে বন্ধু জন
মুখত গাখীৰ থকা বিষ-কুম্ভ জানি।
( ৮৯ )
মূৰ্খ জনে যি থানত নেপায় আদৰ
হয় য’ত যতনেৰে সঞ্চয় ধানৰ,
পতিৰে পত্নীৰে য’ত কলহ নহয়
লক্ষ্মীয়ে আপুনি আহি তাত থিতি লয়।

⸺⸺


য — ল
( ৯০ )
যদি এই মল-বাহী অনিত্য দেহাৰ
সলনিত পাৰি নিত্য যশস্যা লভিব,
অলব্ধ থাকিল কিবা? সকলো লভিলা
নেলাগে অপৰ লাভ অৰ্জ্জন কৰিব।

[ ২৬ ]

( ৯১ )
যিৰূপে কষ্টেৰে লোকে
ভূমি খানি পানী উলিয়ায়,
সাধনা কৰিহে তেনে
গুৰুগত বিদ্যা লভা যায়।
( ৯২ )
যুগান্তত স্থান এৰে অচল মেৰুৱে
কল্পান্তত অতল সাগৰে,
অচল অটল হৈ থাকে সাধুলোকে
সত্যপথ কদাচিতো নেৰে।
( ৯৩ )
যৌৱন বয়স ধন-সম্পত্তি বিভূতি
প্ৰভুত্ব ক্ষমতা আৰু বিবেক-হীনতা,
ইসৱৰ একোটায়ে ঘটায় বিপত্তি
কিবা নঘটিব হ’লে চাৰিৰো একতা।
( ৯৪ )
ৰজনীৰ অলঙ্কাৰ চন্দ্ৰক জানিবাঁ
ৰমনীৰ পতি আপোনাৰ,
পৃথিৱীৰ অলঙ্কাৰ ৰজাক বুলিবা
বিদ্যা সকলোৰে অলঙ্কাৰ।

[ ২৭ ]

( ৯৫ )
ৰজা নদী ধনী জন
বৈদ্য আৰু বেদজ্ঞ ব্ৰাহ্মণ,
এই পঞ্চ নাই য’ত
বাস কৰা অনুচিত ত’ত।
(৯৬)
বন্ধনশালৰ ভাৰ মাতৃৰ তুল্যক
অন্তেষৰ পিতৃতুল্য জনক গতাব,
গোশালত নিয়োগিব আত্মতুল্য জন
কৃষি কৰণৰ অৰ্থে স্বয়ং ওলাব।
( ৯৭ )
লঙ্কা ৰাজ্য নাশ হ’ল অতি দৰ্প কৰি
নিহত কৌৰৱ কুল অতি মান ধৰি,
বলী ৰজা বন্দী অতি দানৰ মূৰতে
অতিচাৰ বিগৰ্হিত সকলে৷ থলতে।

⸺⸺

[ ২৮ ]


( ৯৮ )
শত্ৰুৱেও পায় যাৰ মিত্ৰ ব্যৱহাৰ
কটুভাষী মানুহেও মধুৰ বচন,
প্ৰেমৰ ৰসেৰে দ্ৰৱা হিয়া যিজনৰ
পৃথিৱীতে স্বৰ্গবাসী বুলিবাঁ সিজন।
( ৯৯ )
শৰীৰ অনিত্য, আৰু
চিৰস্থায়ী বিভৱো নহয়,
মৃত্যু সন্নিকট জানি
কৰা ভাল ধৰ্ম্মৰ সঞ্চয়।
( ১০০ )
শৰীৰ সুগুণ দুয়ো
সমস্থায়ী নহয় কদাপি,
শৰীৰ ক্ষণতে যায়
গুণ থাকে কল্পান্ত বিয়াপি।
( ১০১ )
শান্তি তুল্য নাই তপ
সুখ নাই সন্তোষৰ মান,
তৃষ্ণা হেন ব্যাধি নাই
ধৰ্ম্ম নাই দয়াৰ সমান।

[ ২৯ ]

( ১০২ )
শামূকে শামূকেপতি মাণিক নোলায়
হাতীয়ে হাতীয়েপতি মুকুতা নেপায়,
ঠায়েপতি পাবলৈ নাই সাধু জন
বনেপতি কদাপিতো নহয় চন্দন।
( ১০৩ )
শিষ্টতাৰে তিনি লোক জয় কৰা যায়
শিষ্টৰ অসাধ্য একো জগতত নাই।
( ১০৪ )
শূন্য হয় অপুত্ৰক জনৰ আলয়
সজ মিত্ৰ নথকাৰো শূন্য ঘৰ হয়,
মূৰ্খৰ সকলো দিশ শূন্য অতিশয়
দৰিদ্ৰতা হ’লে হয় সৰ্ব্বশূন্যময়।

⸺⸺



( ১০৫ )
সজৰ সঙ্গতি, ভক্তি বিভূৰ পদত
স্নান কৰা সুনিৰ্ম্মল গঙ্গাৰ জলত,
এই তিনি সাৰ বুলি ভাবিবাঁ মনত
অসাৰ অনিত্য এই ভৱ সংসাৰত।

[ ৩০ ]

( ১০৬ )
সজ্জন লোকৰ যাৰ
পৰ-উপকাৰ ভাব হিয়াত জাগেহি,
বিপদ নেথাকে তাৰ
পদে পদে ঘূৰি ঘূৰি সম্পদ মিলেহি।
( ১০৭ )
সৰ্প আৰু খল লোক ক্ৰূৰ স্বভাৱৰ
খল কিন্তু ক্ৰূৰতৰ হয় উভয়ৰ,
মন্ত্ৰ আৰু ঔষধত সৰ্পে বশ মানে
খলক কৰিব বশ পাৰে কোন জনে?
( ১০৮ )
সৰু সৰু সমলেই  একেলগ হৈ লৈ
অবাধে সাধিব পাৰে ডাঙৰ কামকো,
অতি সৰু তিৰিণেই  মুঠ বান্ধি ফয় হৈ
সুকলমে বান্ধি থয় প্ৰমত্ত হাতীকো।
( ১০৯ )
সাধুৱে বিচাৰে গুণ, দোষ মাত্ৰ বিচাবে পামৰে,
ভ্ৰমৰে বিচাৰে মধু, মক্ষিকাই ব্ৰণ বাঞ্ছা কৰে।

[ ৩১ ]

( ১১০ )
সাধুৰ দৰ্শন মাত্ৰে পুণ্য লাভ হয়
তীৰ্থতো অধিক সাধু জানিবাঁ নিশ্চয়,
তীৰ্থৰ সুফল পলমেহে পোৱা যায়
সাধু সমাগম ফল হাতে হাতে পায়।
( ১১১ )
সাধু লোক সততেই উদাৰ মনৰ
অধম জনকো দয়া কৰে,
চণ্ডালন আলয়কো কিৰণ দানত
সুধাকৰে বঞ্চিত নকৰে।
( ১১২ )
সামান্যৰো সমবায়ে
অনায়াসে বৰ বৰ ৰিপু জয় কৰে,
তৃণেই সমিল হৈ
বৰষাৰ ধাৰা ধৰা মেঘক নিবাৰে।
( ১১৩ )
সুকৰ্ম্মীৰ আয়ুসৰ মুহুৰ্ত্তই ভাল
এক কল্প কালো বেয়া নীচ জীৱনৰ,
কুকৰ্ম্মত নষ্ট কৰা ইহ পৰ কাল
সুদীৰ্ঘ জীৱনে ইষ্ট নকৰে নৰৰ।

[ ৩২ ]

( ১১৪ )
সুৰূপো বিনষ্ট হয় নিৰ্গুণী লোকৰ
দুঃশীলৰ নষ্ট হয় সম্মান কুলৰ,
নখটালে বিদ্যা নষ্ট হয় বিদ্বানৰ
নুভুঞ্জি সাঁচিলে ধন নষ্ট সিজনৰ।
(১১৫ )
সেয়েহে প্ৰকৃত ভাৰ্য্যা শুচি যেয়ে হয়
সুনিপুণা হয় যেয়ে কাৰ্য্যই কৰ্ম্মই,
হয় যেয়ে সতী পতিৰতা পতিব্ৰতা
যেয়ে হয় মধুৰভাষিণী প্ৰিয়ম্বদা।

⸺⸺


হ — ক্ষ
(১১৬ )
হওক সুৰূপ আৰু বয়স যৌৱন
সম্ভ্ৰান্ত কুলৰো লাগে হোক বংশধৰ,
নেপায় তথাপি শোভা বিদ্যাহীন জন
গন্ধহীন ৰঙা ফুল যেনে পলাশৰ।

[ ৩৩ ]

( ১১৭ )
হলেও সুপ্ৰিয়বাদী
পতিয়ন নাই দুৰ্জ্জনত,
জিভাৰ আগত মধু
হলাহল তাৰ হৃদয়ত।
( ১১৮ )
হাতৰ ভূষণ দান
সত্য কথা কণ্ঠৰ ভূষণ,
কাণৰ ভূষণ শাস্ত্ৰ,
ভূষণৰ কিবা প্ৰয়োজন।
( ১১৯ )
হাতীৰ হাজাৰ আৰু ঘোঁৰাৰ শতেক
শিঙালৰ দহ হাত আঁতৰি সাৰিবাঁ,
দুৰ্জ্জনক পৰিহাৰ কৰাৰ কাৰণে
নিজৰ স্থানকে এৰি আঁতৰি পলাবাঁ।
( ১২০ )
হেলাত কাৰ্য্যৰ নাশ
বুদ্ধিনাশ দাৰিদ্ৰ্য দোষত,
ভিক্ষাত সন্মান নাশ
সৰ্ব্বনাশ কুক্ৰিয়া-ফলত।

[ ৩৪ ]

(১২১)
ক্ষমা দয়া প্ৰেম আৰু
সজ আচৰণৰ গুণত
বিনয়ত শুশ্ৰূষাত
বশ হয় সমস্ত জগত।

⸺⸺

[ ৩৫ ]
 

: ( খ ) অৰ্থমতে সজোৱা :

 
[ ৩৬ ]

( খ ) অৰ্থমতে সজোৱা।

( ১২২ )
লালনৰ পৰা হয় অনেক দুৰ্গুণ
তাড়নেৰে পাৰি বহু সুগুণ লভিব,
সিহেতু শিষ্যক আৰু পুত্ৰক সৰুতে
লালন নকৰি লাগে তাড়ন কৰিব।
( ১২৩ )
পঞ্চ বৰ্ষ সন্তানক লালন কৰিব
দহ বৰ্ষ কৰিব তাড়ন,
পালেই ষোড়শ বৰ্ষ, কৰিব সততে
মিত্ৰৰ নিচিনা আচৰণ।

⸺⸺


( ১২৪ )
অন্নদাতা ভয়ত্ৰাতা আৰু কন্যাদাতা
জন্মদাতা বিদ্যাদাতা এই পঞ্চ পিতা।

[ ৩৭ ]

( ১২৫ )
নিজ মাতা গুৰুপত্নী
ব্ৰাহ্মণৰ নাৰী আৰু ৰজাৰ বনিতা,
ধেনু ধাত্ৰী বসুমতি
সপ্ত জনা মাতৃ এই লেখত গণিতা।

⸺⸺


( ১২৬ )
নৰৰ নাপিত ধূৰ্ত্ত
কাক ধূৰ্ত্ত পখীৰ মাজত,
পশুৰ শিয়াল ধূৰ্ত্ত
দেৱতাৰ দেৱৰ্ষি নাৰদ।
( ১২৭ )
অসম্ভৱ কিবা কথা নিজে দেখিলেও
আনৰ আগত তাক নক’ব কোনেও,
পানীত ওপঙে শিল, বান্দৰে নহলে
গীত গায় বুলি ক’লে— কোনে সঁচা বোলে।

[ ৩৮ ]

( ১২৮ )
একে জুপি সুবৃক্ষই ·ফুলৰ বাসেৰে
সুবাসিত কৰি থয় সমস্ত বনকে,
বিকশিত কৰি ৰাখে নিজৰ গুণেৰে
একে সুপুত্ৰই যেনে গোটেই কুলকে।
( ১২৯ )
খোৰোঙত জুই থকা এজোপা গছেই
অগনিৰে নষ্ট কৰে সমস্ত বনকে,
কুপুত্ৰই যেনে ৰূপে নিজৰ দোষেৰে
অকলৈ ধ্বংস কৰে গোটেই কুলকে।

— — —


( ১৩০ )
যি ৰজাই কাৰ্য্যভাৰ মূৰ্খক বিলায়
ত্ৰিবিধ কুফল তেওঁ তাৰ বাবে পায়,
অপযশ অৰ্থনাশ ইহ জগতত
নৰকপুৰীত বাস মৃত্যুৰ পাচত।

[ ৩৯ ]

( ১৩১ )
প্ৰাজ্ঞ জন নিয়োগিলে ৰজাই কামত
লভে ফল তিনি প্ৰকাৰৰ,
বশ লভি জগতত নিবাস স্বৰ্গত
সমাগম বিপুল ধনৰ।

⸺⸺


( ১৩২ )
সিংহৰে বগৰে পৰা একোটি একোটি
কুকুৰৰ পৰা ছয়, গাধৰ তিনিটি
বায়সৰ পাঁচ আৰু কুকুৰাৰ চাৰি
বাছি বাছি সজ গুণ শিকি ল’ব পাৰি।
( ১৩৩ )
সৰুৱেই হওক নতু হওক বৰেই
মানুহে যিহকে কৰ্ম্ম কৰিব খুজিব,
তুৰন্তে কৰিব তাক ন’থব পেলাই
এইটি সুগুণ লাগে সিংহত শিকিব।

[ ৪০ ]

( ১৩৪ )
দেশ কাল সুযোগৰ ছেগ বুজি চাই
পণ্ডিতে সকলো কাৰ্য্য সাধিব সদায়,
সকলো ইন্দ্ৰিয় কৰি সংযত বলেৰে
বগলীৰ দৰে থাকি একাগ্ৰ মনেবে।
( ১৩৫ )
বহু আশা কৰে অলপতে তুষ্ট হয়
কাৰ্য্যত বিক্ৰমী প্ৰভুভক্ত অতিশয়,
অলপতে নিদ্ৰা যায় অলপতে জাগে
কুকুৰৰ ছয় গুণ শিকি ল’ব লাগে।
( ১৩৬ )
অবিশ্ৰামে বয় ভাৰ
ভেদ নাই জাৰৰ জহৰ,
সদায় সন্তোষ ভাব
তিনি গুণ শিকিবাঁ গাধৰ।
( ১৩৭ )
লক্ষ্যত প্ৰখৰ দৃষ্টি কালত সঞ্চয়
কৰ্ত্তব্যত পৰিহাৰ কৰে লাজ ভয়,
অলপো এলাহ নাই, সতৰ্ক সদায়
এই পাঁচ গুণ বায়সত শিকা যায়।

[ ৪১ ]

( ১৩৮ )
যুদ্ধ কৰা, শুই উঠা প্ৰত্যুষ কালতে
একত্ৰে ভোজন কৰা বন্ধুৰ সহিতে,
বিপদত পৰা তিৰোতাক ৰক্ষা কৰা
এই চাৰি গুণ ল’বাঁ কুকুৰাৰ পৰা।

⸺⸺

[ ৪২ ]
 

॥ ( গ ) মূল শ্লোক॥

 
[ ৪৩ ]

( গ ) মূল শ্লোক।

( ১ )
অগাধ জলসঞ্চাৰী বিকাৰী ন চ ৰোহিতঃ
অঙ্গুষ্ঠ জলমাত্ৰেণ শফৰী ফৰ্ ফৰায়তে।
( ২ )
গুৰুৰগ্নিৰ্দ্বিজাতীনাং
বৰ্ণানাংব্ৰাহ্মণো গুৰুঃ,
পতিৰেকো গুৰুস্ত্ৰীণাং
সৰ্ব্বত্ৰাভ্যাগতো গুৰুঃ।
( ৩ )
অনেক সংশয়োচ্ছেদি পৰোক্ষাৰ্থস্য দৰ্শনম্
সৰ্ব্বস্য লোচনং জ্ঞানং যস্য নাস্ত্যন্ধ এব সঃ।
( 8 )
বিষাদপ্যমৃতং গ্ৰাহ্যং
অমেধ্যাদপি কাঞ্চনং,
নীচাদপ্যুত্তমাবিদ্যা
স্ত্ৰীৰত্নং দুষ্কুলাদপি।

[ ৪৪ ]

( ৫ )
অমৃতঃ শিশিৰে বহ্নিঃ
অমৃতং শিশুভাষণং,
অমৃতা গুণৱতী ভাৰ্য্যা
অমৃতঃ পুত্ৰ পণ্ডিতঃ।
( ৬ )
অৰ্থনাশঃ মনস্তাপঃ
গৃহে দুশ্চৰিতানি চ,
ৰঞ্চনং চাপমানঞ্চ
মতিমান্নপ্ৰকাশয়েৎ।
( ৭ )
বৃত্তেন ৰক্ষ্যতে ধৰ্ম্মঃ
বিদ্যাযোগেন ৰক্ষ্যতে,
সুনীত্যাৰক্ষ্যতে ৰাজা
সদগৃ্হিণ্যা তথা কুলম্।
( ৮ )
আপদাং কথিতঃ পন্থাঃ
ইন্দ্ৰিয়াণামসংযমঃ,
তজ্জয়ং সম্পদাং মাৰ্গঃ
যেনেষ্টং তেন গম্যতাম্।

[ ৪৫ ]

( ৯ )
উৎসৱে ৱ্যসনে চৈব
দুৰ্ভিক্ষে ৰাষ্ট্ৰবিপ্লবে,
ৰাজদ্বাৰে শ্মশানে চ
যঃতিষ্ঠতি সবান্ধৱঃ।
( ১০ )
ঋণশেষোঽগ্নি শেষশ্চ
ব্যাধিশেষস্তথৈৱচ,
পুনশ্চ বৰ্দ্ধতে যস্মাৎ
তন্মাচ্ছেষং চ কাৰয়েৎ
( ১১ )
সকৃদ্ দুষ্টং তু যোমিত্ৰং
পুনঃ সন্ধাতুমিচ্ছতি,
স মৃত্যুমেৱ গৃহ্লাতি
গৰ্ভমশ্বতৰী যথা৷
( ১২ )
অষ্টাদশ পুৰাণেষু
ব্যাসোদ্বি সত্যমব্ৰৱীৎ,
পৰোপকাৰো পুণ্যায়
পাপায় পৰপীড়নম্।

[ ৪৬ ]

( ১৩ )
কাব্যশাস্ত্ৰ বিনোদেন
কালোগচ্ছতি ধীমতাং,
ব্যাসনেন চ মূৰ্খানাং
নিদ্ৰয়া কলহেন বা।
( ১৪ )
কামধেনুগুণা বিদ্যাহ্যকালে ফলদায়িনী
প্ৰবাসে মাতৃসদৃশী বিদ্যা গুপ্ত ধনং স্মৃতম্।
( ১৫ )
কোহতি ভাৰঃ সমৰ্থানাং
কিংদুৰঃ ব্যৱসায়িণাং,
কো বিদেশঃ সবিদ্যানাং
কঃ পৰঃ প্ৰিয়বাদিনাম্।
( ১৬ )
কোহৰ্থঃ পুত্ৰেণ জাতেন
যোন বিদ্বান্ ন ভক্তিমান্,
কাণেন চক্ষুষা কিং বা
চক্ষুঃ পীড়ৈৱ কেৱলম্।

[ ৪৭ ]

( ১৭ )
কিং কুলেন বিশালেন
গুণহীনস্তু যো নৰঃ,
অকুলীনোঽপি শাস্ত্ৰজ্ঞো
দৈৱতৈৰপি পূজ্যতে।
( ১৮ )
কোকিলানাং স্বৰো ৰূপং
পাতিব্ৰত্যৰ্ঞ্চ যোষিতাং,
বিদ্যা ৰূপং কুৰূপানাং
ক্ষমা ৰূপাং তপস্বিনাম্।
( ১৯ )
কুলীনৈঃ সহ সম্পৰ্কঃ
পণ্ডিতৈঃ সহ মিত্ৰতাম্।
জ্ঞাতিভিশ্চ সমং মেলং
কুৰ্ব্বানো ন বিনশ্যতি।
( ২০ )
সুভিক্ষং কৃষকে নিত্যং
নিত্যং সুখমৰোগিনঃ,
ভাৰ্য্যা ভৰ্ত্তুঃ প্ৰিয়া যস্য
তস্য নিত্যোৎসৱং গৃহে।

[ ৪৮ ]

( ২১ )
শনৈঃ কন্থা শনৈঃ পন্থাঃ
শনৈঃ পৰ্ব্বতলঙ্ঘনং,
শনৈঃ কৰ্ম্মচ ধৰ্ম্মশ্চ
পঞ্চৈতানি শনৈঃ শনৈঃ।
( ২২ )
বৰমেকো গুণী পুত্ৰঃ
ন চ মূৰ্খ শতৈৰপি,
একশ্চন্দ্ৰস্তমোহন্তি
ন চ তাৰা গণৈৰপি।
( ২৩ )
স জীৱতি গুণাঃ যস্য
ধৰ্ম্মোযস্য স জীৱতি,
গুণধৰ্ম্মবিহীনস্য
জীৱনং তস্য নিস্ফলম্।
( ২৪ )
ৰহস্যভেদো যাচ্ঞা চ
নৈষ্ঠুৰ্য্যং চলচিত্ততা,
ক্ৰোধো নিঃসত্যতা দ্যূতং
এতান্মিত্ৰস্য দূষণম্।

[ ৪৯ ]

( ২৫ )
একমেপ্যক্ষৰং যং তু
গুৰুঃ শিষ্যে নিৱেদয়েৎ,
পৃথিৱ্যাং নাস্তি তদ্দ্ৰব্যং
যদ্দত্বা সোঽনৃণীভৱেৎ।
( ২৬ )
মাতা যস্য গৃহে নাস্তি
ভাৰ্য্যাচাপ্ৰিয়বাদিনী,
অৰণ্যং তেন গন্তব্যং
যথাৰণ্যং তথা গৃহম্।
( ২৭ )
দৃষ্টিপূতং ন্যসেৎ পাদং
বস্ত্ৰপূতং জলং পিৱেৎ,
শাস্ত্ৰপূতং বদেদ্বাক্যং
মনঃপূতং সমাচৰেৎ।
( ২৮ )
চিতা চিন্তা দ্বয়োৰ্মধ্যে
চিতা নাম গৰীয়সী,
চিতা দহতি নিৰ্জ্জীৱং
চিন্তা সজীৱমেৱহি।

[ ৫০ ]

( ২৯ )
আয়ুষঃ ক্ষণত্ৰকোহপি বা
ন লভ্যঃ স্বৰ্ণকোটিভিঃ,
স চেন্নিৰৰ্থকং নীতঃ
কানু হানিস্ততোঽধিকা।
( ৩০ )
জ্ঞাতিভিৰ্বঞ্চ্যতে নৈৱ
চৌৰেণাপি ন নীয়তে,
দানেন ন ক্ষয়ং যাতি
বিদ্যাৰত্নং মহাধনম্।
( ৩১ )
ত্যজ দুৰ্জ্জনসংসৰ্গং
ভজ সাধুসমাগমং,
কুৰু পুণ্যমহোৰাত্ৰং
স্মৰনিত্যমনিত্যতাম্।
( ৩২ )
ন জনস্যাগ্ৰতো গচ্ছেৎ
সিদ্ধেকাৰ্য্যে সমং ফলং,
যদি কাৰ্য্যেবিপত্তিঃ স্যাৎ
মুখৰস্তত্ৰ হন্যতে।

[ ৫১ ]

( ৩৩ )
দানেন পাণিৰ্নতু কঙ্কণেন,
স্নানেন শুদ্ধিৰ্নতু চন্দনেন,
মানেন তৃপ্তিৰ্নতু ভোজনেন
জ্ঞানেন মুক্তিৰ্নতু মুণ্ডনেন।
( ৩৪ )
দুৰ্জ্জনঃ পৰিহৰ্ত্তব্যঃ
বিদ্যয়ালঙ্কৃতোঽপি সন্,
মণিনা ভূষিতঃ সৰ্পঃ
কিমসৌ ন ভয়ঙ্কৰঃ।
( ৩৫ )
দুৰ্ব্বলস্য বলং ৰাজা
বালানাং ৰোদনং বলং,
বলং মুৰ্খস্য মৌনিত্বং
চৌৰাণামনৃতং বলম্।
( ৩৬ )
দুৰ্ল্লভং সুনৃতং বাক্যং
দুৰ্ল্লভঃ ক্ষমকৃৎ সুতঃ,
দুৰ্ল্লভা সদৃশী ভাৰ্য্যা
দুৰ্লভঃ স্বজনঃ প্ৰিয়ঃ।

[ ৫২ ]

( ৩৭ )
এক এৱ সুহৃৎ ধৰ্ম্মো
নিধনেপ্যনুগচ্ছতি,
শৰীৰেণ সমং নাশং
সৰ্ব্বমন্যত্তু গচ্ছতি।
( ৩৮ )
শ্ৰুয়তাং ধৰ্ম্মসৰ্ব্বস্বং
শ্ৰুত্বা চ হৃদি ধাৰ্য্যতাম্,
আত্মনঃ প্ৰতিকুলানি
ন পৰেষাং সমাচৰেৎ।
( ৩৯ )
ধনধান্য প্ৰয়োগেষু
তথা বিদ্যাগমেষু চ,
আহাৰে ব্যৱহাৰে চ
ত্যক্তলজ্জঃ সদা ভৱেৎ।
( ৪০ )
ন বিশ্বসেদবিশ্বস্তে
ন মিত্ৰেঽপ্যতি বিশ্বসেৎ,
কদাচিৎ কুপিতং মিত্ৰং
সৰ্ব্ব দোষং প্ৰকাশয়েৎ।

[ ৫৩ ]

( ৪১ )
নদীনাঞ্চ নখীনাঞ্চ
শৃঙ্গিনাং সস্ত্ৰপাণিনাং
বিশ্বাসো নৈৱ কৰ্ত্তব্যঃ
স্ত্ৰীষু ৰাজকুলেষু চ।
( ৪২ )
যস্মিন্ দেশে ন সন্মানো
ন বৃৰ্ত্তি নৰ্চ বান্ধবঃ,
নচ বিদ্যাগম: কশ্চিৎ
তং দেশং পৰিবৰ্জ্জয়েৎ।
( ৪৩ )
ধনানি জীৱিতং চৈব
পৰাৰ্থে প্ৰাজ্ঞ উৎসৃজেৎ,
সন্মিমিত্তে বৰং ত্যাগঃ
বিনাশে নিয়তে সতি।
( ৪৪ )
যো ধ্ৰুৱাণি পৰিত্যজ্য
অধ্ৰুৱাণি নিষেৱতে,
ধ্ৰুৱাণি তস্য নশ্যন্তি
অধ্ৰুৱং নষ্টমেৱহি।

[ ৫৪ ]

( ৪৫ )
ন তজ্জলং যন্ন সুচাৰু পঙ্কজং
ন পঙ্কজং তদ্ যদলীন ষট্‌পদং
ন ষট্‌পদোঽসৌ ন জুগুঞ্জ যঃ কলং
ন গুঞ্জিতোঽসৌ ন জহাৰ যন্মনঃ।
( ৪৬ )
পৰদাৰাণ পৰদ্ৰব্যং
পৰিবাদং পৰস্য চ,
পৰিহাসং গুৰোঃ স্থানে
চাপল্যং চ বিসৰ্জ্জয়েৎ।
( ৪৭ )
পণ্ডিতেষু গুণাঃ সৰ্ব্বে
মূৰ্খে দোষাহি কেৱলং,
তস্মাৎ মূৰ্খসহস্ৰেভ্যঃ
প্ৰাজ্ঞ একো বিশিষ্যতে।
( ৪৮ )
নাপ্ৰাপ্যমভিবাঞ্ছন্তি
নষ্টং নেচ্ছন্তি শোচিতুং,
আপৎস্বপি ন মুহ্যন্তি
নৰাঃ পণ্ডিতবুদ্ধয়ঃ।

[ ৫৫ ]

( ৪৯ )
বহুভিঃ মূৰ্খসংঘাতৈঃ
অন্যোন্য পশুবৃত্তিভিঃ,
প্ৰচ্ছাদ্যন্তে গুণাঃ সৰ্ব্বে
মেঘৈৰিৱ দিবাকৰঃ।
( ৫০ )
মাতা শত্ৰুঃ পিতা বৈৰী
যেন বালো ন পাঠিতঃ,
ন শোভতে সভামধ্যে
হংসমধ্যে বকো যথা।
( ৫১ )
অস্তি পুত্ৰো বশে যস্য
ভৃত্যো ভাৰ্য্যা তথৈৱচ,
অভাৱে সতি সন্তোষঃ
স্বৰ্গস্থোঽসৌ মহীতলে।
( ৫২ )
তে পুত্ৰা যে পিতুৰ্ভক্তাঃ
সঃ পিতা যন্ত্ৰ পোষকঃ,
তস্মিত্ৰং যত্ৰ বিশ্বাসঃ
সা ভাৰ্য্য যত্ৰ নিৰ্বৃ্তিঃ।

[ ৫৬ ]

( ৫৩ )
পুস্তকস্থা তু যা বিদ্যা
পৰহস্তগতং ধনং,
কাৰ্য্যকালে সমুৎপন্নে
ন সা বিদ্য৷ নতদ্ধনম্।
( ৫৪ )
সমুদ্ৰাৱৰণা ভূমিঃ
প্ৰাকাৰাৱৰণং গৃহং,
নৰেন্দ্ৰাৱৰণো দেশঃ
চৰিত্ৰাৱৰণাঃ স্ত্ৰিয়ঃ।
( ৫৫ )
আজীৱনান্তাৎ প্ৰণয়াঃ
কোপাশ্চ ক্ষণভঙ্গুৰাঃ,
পৰিত্যাগাশ্চ নিঃসঙ্গাঃ
ভৱস্তি হি মহাত্মনাম্।
( ৫৬ )
প্ৰথমে নাৰ্জ্জিতা বিদ্যা
দ্বিতীয়ে নাৰ্জ্জিতং ধনং,
তৃতীয়ে নাৰ্জ্জিতং পুণ্যং
চতুৰ্থে কিং কৰিষ্যতি।

[ ৫৭ ]

( ৫৭ )
বিদ্যা মিত্ৰং প্ৰবাসেষু
মাতা মিত্ৰং গৃহেষু চ,
ব্যাধিতসৌষধং মিত্ৰং
ধৰ্ম্মো মিত্ৰং মৃতস্য চ।
( ৫৮ )
অজৰামৰৱৎ প্ৰাজ্ঞঃ
বিদ্যামৰ্থঞ্চ চিন্তয়েৎ,
গৃহীত ইৱ কেশেষু
মৃত্যুনা ধৰ্ম্মমাচৰেৎ।
( ৫৯ )
প্ৰিয়বাক্যপ্ৰদানেন
সৰ্ব্বে তুষ্যন্তি জন্তৱঃ,
তস্মাৎ তদেৱ বক্তব্যং
বচনে কিং দৰিদ্ৰতা।
( ৬০ )
সেৱিতব্যো মহাবৃক্ষঃ
ফলচ্ছায়া সমন্বিতঃ,
যদি দৈৱাৎ ফলং নাস্তি
ছায়া কেন নিবাৰ্য্যতে।

[ ৫৮ ]

( ৬১ )
নমন্তি ফলিনো বৃক্ষাঃ
নমন্তি গুণিনো জনাঃ,
শুষ্ক কাষ্ঠঞ্চ মূৰ্খশ্চ
ভিদ্যতে ন তু নম্যতে।
( ৬২ )
কাকস্য চঞ্চু ৰ্যদি হেমযুক্তঃ
মাণিক্যযুক্তশ্চৰণশ্চ তস্য,
একৈক পক্ষে গজৰাজমুক্তা
তথাপি কাকো ন চ ৰাজহংসঃ।
( ৬৩ )
প্ৰবিচাৰ্য্যোত্তৰং দেয়ং
সহসা ন বদেৎ ক্বচিৎ,
শক্ৰোৰপি গুণাঃ গ্ৰাহ্যাঃ
দোষাস্তাজ্যাঃ গুৰোৰপি।
( ৬৪ )
অহোবত বিচিত্ৰাণি
চৰিত্ৰাণি মহাত্মনাম্,
লক্ষ্মীং তৃণায় মন্যন্তে
তদ্ভাৰেণ নমন্তি চ।

[ ৫৯ ]

( ৬৫ )
ৱিদ্যা দদাতি ৱিনয়ং
ৱিনয়াৎ যাতি পাত্ৰতাং,
পাত্ৰত্বাৎ ধনমাপ্নোতি
ধনাৎ ধৰ্ম্মস্ততঃ সুখং।
( ৬৬ )
নাস্তি ৱিদ্যাসমং চক্ষুঃ
নাস্তি সত্যসমং তপঃ,
নাস্তি ৰাগসমং দুঃখং
নাস্তি ত্যাগসমং সুখঃ।
( ৬৭ )
অৱিদ্যং জীৱিতং শূন্যং
দিক্ শূন্যাচেদবান্ধৱাঃ,
পুত্ৰহীনং গৃহং শূনাং
সৰ্ব্বশূন্যা দৰিদ্ৰতা।
( ৬৮ )
ভোগাৰ্থী চেৎ ত্যজেৎ বিদ্যাং
বিদ্যাৰ্থী ভোগমুৎসৃ্জেৎ,
ভোগাৰ্থীনঃ কুতো বিদ্যা
ভোগো বিদ্যাৰ্থীনঃ কুতঃ।

[ ৬০ ]

( ৬৯ )
ন চ বিদ্যাসমো বন্ধুঃ
ন চ ব্যাধিসমো ৰিপুঃ
ন চাপত্যসমঃ স্নেহঃ
ন চ দৈৱাৎ পৰং বলম্।
( ৭০ )
ৱিদ্বত্বঞ্চ নৃপত্বঞ্চ
নৈৱ তুল্যং কদাচন,
স্বদেশে পূজ্যতে ৰাজা
বিদ্বান্ সৰ্ব্বত্ৰ পূজ্যতে।
( ৭১ )
জলবিন্দু নিপাতেন
ক্ৰমশঃ পূৰ্য্যতে ঘটঃ,
স হেতুঃ সৰ্ব্ব ৱিদ্যানাং
ধৰ্ম্মস্য চ ধনস্য চ।
( ৭২ )
যস্য নাস্তি স্বয়ং প্ৰজ্ঞা
শাস্ত্ৰং তস্য কৰোতি কিং,
লোচনাভ্যাং বিহীনস্য
দৰ্পণঃ কিং কৰিষ্যতি।

[ ৬১ ]

( ৭৩ )
চলত্যেকেন পাদেন
তিষ্ঠত্যেকেন বুদ্ধিমান,
নাসমীক্ষ্য পৰং স্থানং
পূৰ্ব্বমায়তনং ত্যজেৎ।
( ৭৪ )
বেদা বিভিন্নাঃ স্মৃতয়োবিভিন্নাঃ
নাসৌ মুনিৰ্যস্য মতং ন ভিন্নং
ধৰ্ম্মস্য তত্ত্বং নিহিতং গুহায়াং
মহাজনো যেন গতঃ স পন্থাঃ।
( ৭৫ )
তৃণং ব্ৰহ্মবিদঃ স্বৰ্গঃ
তৃণং শুৰস্য জীৱিতং,
জিতাক্ষস্য তৃণং নাৰী
নিস্পৃহস্য তৃণং জগৎ।
( ৭৬ )
কো ধন্যঃ বহুভিঃ পুত্ৰৈঃ
কুশূুলাপূৰণাঢ়কৈঃ
বৰমেকঃ কুলালম্বী
যত্ৰ বিশ্ৰূয়তে পিতা।

[ ৬২ ]

( ৭৭ )
শোকস্থান সহস্ৰানি
ভয়স্থান শতানি চ,
দিবসে দিবসে মূঢ়ম্
আবিশন্তি ন পণ্ডিতম্।
( ৭৮ )
উদয়তি যদি ভাণুঃ পশ্চিমে দিগ্বিভাগে
বিকশতি যদি পদ্মং পৰ্ব্বতানাং শিখাগ্ৰে,
বিচলতি যদি মেৰু শীততাং যাতি বহ্ণি
ৰ্নচলতি খলু বাক্যং সজ্জনানাং কদাচিৎ।
( ৭৯ )
দুষ্টা ভাৰ্য্যা শঠং মিত্ৰং
ভৃত্যশ্চোত্তৰদায়কঃ,
সসৰ্পে চ গৃহে বাসো
মৃত্যুৰেৱ ন সংশয়ঃ।
( ৮০ )
দূৰতঃ শোভতে মূৰ্খঃ
লম্বশাটপটাবৃতঃ,
তাৱচ্চ শোভতে মূৰ্খঃ
যাৱৎ কিঞ্চিন্নভাষতে।

[ ৬৩ ]

( ৮১ )
ভোজনান্তে শ্মশানান্তে
মৈথুনান্তে চ যা মতিঃ,
সা মতিঃ সৰ্ব্ব কালেষু
মুক্তিঃ কৰতল স্থিতা।
( ৮২ )
জানীয়াৎ প্ৰেষণে ভৃত্যান্
বান্ধবান্ ব্যসনাগমে,
মিত্ৰং চাপদি কালেষু
ভাৰ্য্যাং চ বিভৱক্ষয়ে।
( ৮৩ )
মনস্যন্যৎ বচস্যন্যৎ
কৰ্ম্মণ্যন্যৎ দুৰাত্মনাং,
মনস্যেকং বচস্যেকং
কৰ্ম্মণ্যেকং মহাত্মনাং।
( ৮৪ )
মনসা চিন্তিতং কৰ্ম্ম
বচসা ন প্ৰকাশয়েৎ,
অন্যলক্ষিত কাৰ্য্যস্য
যতঃ সিদ্ধিন জায়তে।

[ ৬৪ ]

( ৮৫ )
মাতৃৱৎ পৰদাৰেষু
পৰদ্ৰবোষু লোষ্ট্ৰৱৎ,
আত্মৱৎ সৰ্ব্বভূতেষু
যঃ পশ্যতি স পণ্ডিতঃ।
( ৮৬ )
বৰং প্ৰাণপৰিত্যাগঃ
মানভঙ্গে ন জীৱনং,
প্ৰাণত্যাগে ক্ষণং দুঃখং
মানভঙ্গে দিনে দিনে।
( ৮৭ )
ন কশ্চিৎ কস্যচিন্মিত্ৰং
ন কশ্চিৎ কস্যচিদ্ৰিপুঃ
ব্যৱহাৰেণ জায়ন্তে
মিত্ৰাণি ৰিপৱস্তথা।
( ৮৮ )
পৰোক্ষে কাৰ্য্যহন্তাৰং
প্ৰত্যক্ষে প্ৰিয়বাদিনং
বৰ্জ্জয়েৎ তাদ্দৃশং মিত্ৰং
বিষকুম্ভ পয়োমুখম্।

[ ৬৫ ]

( ৮৯ )
মূৰ্খো যত্ৰ ন পূজ্যঃ স্যাৎ
ধান্যং যত্ৰ সুসঞ্চিতং,
দম্পত্যোঃ কলহো নাস্তি
তত্ৰ শ্ৰীঃ স্বয়মাগতা
( ৯০ )
যদি নিত্যমনিত্যেন
নিৰ্ম্মলং মলবাহিনা,
যশঃ কায়েণ লভ্যেত
তন্নলব্ধং ভৱেন্নু কিম্।
( ৯১ )
যথা খত্বা খনিত্ৰেণ
ভূতলে বাৰি বিন্দতি,
তথা গুৰুগতাং ৱিদ্যাং
শুশ্ৰূষুৰধিগচ্ছতি।
( ৯২ )
যূগান্তে প্ৰচলেন্মেৰুঃ,
কল্পান্তে সপ্ত সাগৰাঃ,
সাধৱঃ প্ৰতিপন্নাৰ্থা
ন চলন্তি কদাচন।

[ ৬৬ ]

( ৯৩ )
যৌৱনং ধনসম্পত্তিঃ
প্ৰভুত্বমবিবেকতা,
একৈকমপ্যনৰ্থায়
কিমু যত্ৰ চতুষ্টয়ম্।
( ৯৪ )
শৰ্ব্বৰীভূষণং চন্দ্ৰো নাৰীণাং ভূষণংপতিঃ
পৃথিৱীভূষণং ৰাজা ৱিদ্যা সৰ্ব্বস্য ভূষণম্!
( ৯৫ )
ধনিকঃ শ্ৰোত্ৰিয়ো ৰাজা
নদী ৱৈদ্যশ্চ পঞ্চমঃ,
পঞ্চ যত্ৰ ন ৱিদ্যন্তে
তত্ৰ বাসং ন কাৰয়েৎ।
( ৯৬ )
অন্তঃপুৰে পিতৃতুল্যং
মাতৃতুল্যং মহানসে,
গাসু চাত্মসমং দদ্যাৎ
স্বয়মেৱ কৃষিং ব্ৰজেৎ।

[ ৬৭ ]

( ৯৭ )
অতি দৰ্পে হতা লঙ্কা
অতি মানে চ কৌৰৱাঃ,
অতিদানে বলিৰ্বদ্ধঃ
সৰ্ব্বমত্যন্ত গৰ্হিতম্।
( ৯৮ )
পাপেঽপ্যপাপঃ পৰুষেঽপ্যভি —
ধত্তে প্ৰিয়াণি যঃ
মৈত্ৰীদ্ৰৱান্তঃকৰণস্তস্য
স্বৰ্গ ইহৈৱহি।
( ৯৯ )
অনিত্যানি শৰীৰাণি
বিভৱো নৈৱ শাশ্বতঃ,
নিত্যং সন্নীহিতো মৃত্যুঃ
কৰ্ত্তব্যো ধৰ্ম্মসঞ্চয়ঃ।
( ১০০ )
শৰীৰস্য গুণানাঞ্চ
দূৰমত্যন্তমন্তৰং,
শৰীৰং ক্ষণবিধ্বংসি
কল্পান্তস্থায়িনো গুণাঃ।

[ ৬৮ ]

( ১০১ )
শান্তিতুল্যঃ তপো নাস্তি
ন সন্তোষাৎ পৰং সুখং,
ন তৃষ্ণায়াঃ পৰো ব্যাধি
ন চ ধৰ্ম্মো দয়াসমঃ।
( ১০২ )
শৈলে শৈলে ন মাণিক্যং
মৌক্তিকং ন গজে গজে,
সাধৱো ন হি সৰ্ব্বত্ৰ
চন্দনো ন বনে বনে।
( ১০৩ )
শীলেন হি ত্ৰয়ো লোকাঃ
শক্যা জেতুং ন সংশয়ঃ,
ন হি কিঞ্চিদসাধ্যং ৰৈ
লোকে শীলৱতাং ভৱেৎ।
( ১০৪ )
অপুত্ৰস্য গৃহং শূন্যং
সন্মিত্ৰৰহিতস্য চ,
মুৰ্খস্য চ দিশঃ শূন্যাঃ
সৰ্ব্বশূন্যা দৰিদ্ৰতা।

[ ৬৯ ]

( ১০৫ )
সৎসঙ্গঃ কেশৱে ভক্তি
গঙ্গাম্ভসি নিমজ্জনং;
অসাৰে খলু সংসাৰে
ত্ৰীণি সাৰাণি ভাৱয়েৎ।
( ১০৬ )
পৰোপকৰণং যেষাং
জাগৰ্ত্তি হৃদয়ে সতাম,
নশ্যন্তি বিপদস্তেষাং
সম্পদঃ স্যুঃ পদে পদে।
( ১০৭ )
সৰ্পঃ ক্ৰূৰঃ খলঃ ক্ৰূৰঃ
সৰ্পাৎ ক্ৰূৰতৰঃ খলঃ,
মন্ত্ৰৌষধিবশঃ সৰ্পঃ
খলঃ কেন নিবাৰ্য্যতে।
( ১০৮ )
অল্পেষামপি বস্তুনাং
সংহতিঃ কাৰ্য্যসাধিকা,
তৃণৈৰ্গুণত্বমাপন্নৈঃ
বদ্ধ্যন্তে মত্ত দন্তিনঃ।

[ ৭০ ]

( ১০৯ )
সাধৱাঃ গুণমিচ্ছন্তি, দোষমিচ্ছন্তি পামৰাঃ
ষট্ পদাঃ মধু মিচ্ছন্তি ব্ৰণমিচ্ছন্তি মক্ষিকাঃ।
( ১১০ )
সাধু নাং দশ নং পুণ্যং
তীৰ্থভূতা হি সাধৱঃ,
তীৰ্থং ফলতি কালেন
সদ্যঃ সাধুসমাগমঃ।
( ১১১ )
নিৰ্গুণেষ্‌বপি সত্ত্বেষু
দয়াং কুৰ্ব্বন্তি সাধৱঃ
ন হি সংহৰতে জ্যোৎস্নাং
চন্দ্ৰশ্চণ্ডালবেশ্মনি।
( ১২২ )
লঘুনামপি সত্তানাং
সমবায়ো ৰিপুঞ্জয়ঃ,
বৰ্ষাধাৰাধৰো মেঘঃ
তৃণৰৈপি নিবাৰ্য্যতে।”

[ ৭১ ]

( ১১৩ )
মুহূৰ্ত্তমপি জীৱেচ্চ
নৰঃ শুক্লেন কৰ্ম্মণা,
ন কল্পমপি কষ্টেন
লোকদ্বয়বিৰোধিনা।
( ১১৪ )
নিৰ্গুণস্য হতং ৰূপং
দুঃশীলস্য হতং কুলং,
অসিদ্ধস্য হতা বিদ্যা
চা ভোগেন হতং ধনম্।
( ১১৫ )
সা ভাৰ্য্যা যা শুচিৰ্দ ক্ষা
সা ভাৰ্য্যা যা প্ৰতিব্ৰতা,
সা ভাৰ্য্যা যা পতিপ্ৰাণা
সা ভাৰ্য্যা যা প্ৰিয়ম্বদা।
( ১১৬ )
ৰূপ যৌৱন সম্পন্নাঃ
বিশাল কুলসম্ভৱাঃ,
বিদ্যাহীনাঃ ন শোভন্তে
নিৰ্গন্ধাঃ ইৱ কিংশুকাঃ।

[ ৭২ ]

( ১১৭ )
দুৰ্জ্জনঃ প্ৰিয়বাদী চেৎ
নৈতদ্বিশাস কাৰণং
মধু তিষ্ঠতি জিহ্বাগ্ৰে
হৃদি তস্য হলাহলম্।
( ১১৮ )
হস্তস্য ভূষণং, দানং
সত্যং কণ্ঠস্য ভূষণং,
কৰ্ণস্য ভূষণং শাস্ত্ৰং
ভূষণৈঃ কিং প্ৰয়োজনম্।
( ১১৯)
হস্তী হস্ত সহস্ৰেণ
শত হস্তেন বাজিনঃ,
শৃঙ্গিনো দশ হস্তেন
স্থানত্যাগেন দুৰ্জ্জনঃ।
( ১২০ )
হেলা স্যাৎ কাৰ্য্যনাশায়
বুদ্ধিনাশায় নিঃস্বতা,
যাচ্ঞা সন্মান নাশায়
সৰ্ব্বনাশায় কুক্ৰিয়া।

[ ৭৩ ]

( ১২১ )
ক্ষময়া দয়য়া প্ৰেম্না
সুনৃতেনাৰ্জ্জবেন চ
কুৰ্য্যাৎ জগৎ বশং সৰ্ব্বং
বিনয়েন চ সেৱয়া।
( ১২২ )
লালনে বহৱো দোষা:
তাড়নে বহৱো গুণাঃ,
তস্মাৎ পুত্ৰঞ্চ শিষ্যঞ্চ
তাড়য়েন্নতু লালয়েৎ।
( ১২৩ )
লালয়েৎ পঞ্চ বৰ্ষাণি
দশ বৰ্ষাণি তাড়য়েৎ,
প্ৰাপ্তেতু ষোড়শে বৰ্ষে
পুত্ৰং মিত্ৰবদাচৰেৎ।
( ১২৪ )
অন্নদাতা ভয়ত্ৰাতা
কন্যাদাতা তথৈৱচ,
জনিতা চোপনেতা চ,
পঞ্চৈতে পিতৰঃ স্মৃতাঃ।

[ ৭৪ ]

( ১২৫ )
আদৌ মাতা গুৰোঃ পত্নী
ব্ৰাহ্মণী ৰাজপত্নিকা
ধেনুৰ্ধাত্ৰী তথা পৃথ্বী
সপৈতে মাতৰঃ স্মৃতাঃ।
( ১২৬ )
নৰাণাং নাপিতো ধূৰ্ত্তঃ
পক্ষীধূৰ্ত্তশ্চ বায়সঃ,
পশূনাং জম্বুকো ধৃত্তঃ
দেৱধূৰ্ত্তশ্চ নাৰদঃ।
( ১২৭ )
অসম্ভাব্যং ন বক্তব্যং
প্ৰত্যক্ষং যদি দৃশ্যতে।
শিলা তৰতি পানীয়ে
গীতং গায়তি বানৰঃ॥
( ১২৮ )
একেনাপি সুবৃক্ষেণ
পুষ্পিতেন সুগন্ধিনা
বাস্যতে তদ্বনং সৰ্ব্বং
সুপুত্ৰেণ কুলং যথা।

[ ৭৫ ]

( ১২৯ )
একেনাপি কুবৃক্ষেণ
কোটৰস্থেন বহ্ণিনা,
দহ্যতে তদ্বনং সৰ্ব্বং
কুপুত্ৰেণ কুলং যথা।
( ১৩০ )
মূৰ্খে নিয়োজ্যমানে তু
ত্ৰয়ো দোষাঃ মহীপতেঃ,
অযশশ্চাৰ্থনাশশ্চ
নৰকে গমনং তথা।
( ১৩১ )
প্ৰাজ্ঞে নিয়োজ্যমানে হি
সন্তি ৰাজ্ঞস্ত্ৰয়ো গুণাঃ,
যশঃ স্বৰ্গনিবাসশ্চ
বিপুলশ্চ ধনাগমঃ।
( ১৩২ )
সিংহাদেকং বকাদেকং
ষট্‌গুণস্ত্ৰীণি গৰ্দ্দভাৎ
বায়সাৎ পঞ্চ শিক্ষেত
চত্ত্বাৰি কুক্কুটাদপি।

[ ৭৬ ]

( ১৩৩ )
প্ৰভূতমল্ল কাৰ্য্যম্বা
যো নৰঃ কৰ্ত্তুমিচ্ছতি,
সৰ্ব্বাৰম্ভেন তৎ কুৰ্য্যাৎ
সিংহাদেকং প্ৰকীৰ্ত্তিতম্।
( ১৩৪ )
সৰ্ব্বেন্দ্ৰিয়ানি সংযম্য
বকৱৎ পণ্ডিতো জনঃ,
দেশকালোপপন্নানি
সৰ্ব্ব কাৰ্য্যানি সাধয়েৎ।
( ১৩৫ )
বহ্বাশী স্বল্পসন্তুষ্টঃ
সুনিদ্ৰঃ শীঘ্ৰচেতনঃ
প্ৰভুভক্তশ্চ শূৰশ্চ
জ্ঞাতব্যাঃ ষট্ শুনো গুণাঃ।
( ১৩৬ )
অবিশ্ৰামং বহেৎ ভাৰং
শীতোষ্ণং চ ন বিন্দতি,
সসন্তোষস্তথা নিত্যং
ত্ৰীণি শিক্ষেত গৰ্দ্দভাৎ।

[ ৭৭ ]

( ১৩৭ )
লক্ষ্যৈক দৃষ্টিতাং ধাৰ্ষ্ট্যং
কালে কালে চ সংগ্ৰহম্,
অপ্ৰমাদমনালস্যং
পঞ্চ শিক্ষেত বায়সাৎ।
( ১৩৮ )
যুদ্ধঞ্চ প্ৰাতৰুত্থানং
ভোজনং সহ বন্ধুভিঃ,
স্ত্ৰিয়মাপদ্গতাং ৰক্ষেৎ
চতুঃ শিক্ষেত কুক্কুটাৎ।

⸺⸺

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )