পৃষ্ঠা:মুক্তাৱলী.pdf/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মুক্তাৱলী—
২৫
 

(৮৮)
মুখৰ আগত কয় সুপ্ৰিয় বচন
দূৰত যি জনে কিন্তু কৰে কাৰ্য্য হানি,
বৰ্জ্জন কৰিব লাগে তেনে বন্ধু জন
মুখত গাখীৰ থকা বিষ-কুম্ভ জানি।
( ৮৯ )
মূৰ্খ জনে যি থানত নেপায় আদৰ
হয় য’ত যতনেৰে সঞ্চয় ধানৰ,
পতিৰে পত্নীৰে য’ত কলহ নহয়
লক্ষ্মীয়ে আপুনি আহি তাত থিতি লয়।

⸺⸺


য — ল
( ৯০ )
যদি এই মল-বাহী অনিত্য দেহাৰ
সলনিত পাৰি নিত্য যশস্যা লভিব,
অলব্ধ থাকিল কিবা? সকলো লভিলা
নেলাগে অপৰ লাভ অৰ্জ্জন কৰিব।