মা, মই আজি সোণ বৰণৰ
মা, মই আজি
সোণ বৰণৰ
সপোন দেখিলোঁ
তোৰ আঙুঠিৰ ৰঙা বাখৰ
পাখি পিন্ধি উৰা দেখিলোঁ৷
মা, অ’ মা
তোৰ যে মা
ৰঙা বগা হালধীয়া
কেচৰছীয়া
ৰিহা এখন আছিল
তাৰ নিচিনা
চৰাই এটাই
মোৰ কাষলৈ আহিল৷
মা, অ’ মা
মই টুক্ বুলিলে
সি কুতুক্ কুতুক্ কৰে
আৰু ঘুৰ বুলিলে
লৰমাৰি গৈ ফুৰ-ফুৰকৈ উৰে
বুইছ’ মা, তাৰ চকু দুটা
ঠিক, তোৰ আঙুঠিৰ বাখৰ
আৰু গোটেই গাতে অঁকা বঁকা
সোণৰ-ৰূপৰ আখৰ৷৷