মা, মই আজি আকৌ এটা
মা, মই আজি আকৌ এটা
সপোন দেখিলোঁ
নীল সাগৰত ঢউৰ সতে
সোণৰ ৰূপৰ দুটা মাছে
খেলা দেখিলোঁ৷
মা, তই যে পিন্ধ দুগদুগীখন
তাৰ ৰঙা বগা বাখৰ
তেনেকুৱাই জিক্মিকিয়া
ছলঙ এখন কাছৰ
বৰ বহল দীঘল ডাঙৰ
ছলংখনে ওভোতা খাই
মোক বহুৱাই ললে
মাছ দুয়োটাই টানি নিলত ফিৰ্ফিৰ্কৈ গ’লো৷
খুব বেগেৰে যাওঁতে মা শিলত খুন্দা খালোঁ
উচাপ খাই উঠি তোৰ কোলাত সাৰ পালোঁ৷৷