মাগে লৱণু হৰি যশোৱাকু আগে
।। ৰাগঃ শ্ৰী।। একতাল।।
ধ্ৰুং।। মাগে লৱণু হৰি যশোৱাকু আগে।
কৰ পাতি বোলয় লৱণু মেৰি লাগে।।
পদ।। পূৰবে বুলিয়া আছা লৱণু দিবাৰে।
সোহি লৱণু মাই লাগয় হামাৰে।।
লৱণু নাপাইলে আজি নাচাৰিবো তোৰে।
গুণি চাৱা বাৰে বাৰে ভাণ্ডি আছা মোৰে।।
মাৱৰ আঞ্চোৰে ধৰি বোলে নাৰায়ণে।
লৱণু নাপায় আজি ছাৰিবো কেমনে।।
থৈয়াছিলা হয়ঙ্গবী হৰি পূজিবাৰে।
এৰাইতে নাপাৰি মাই দিলা আসি তাৰে।।
নবীন লৱণু পায়া পৰম কৌতুকে।
চৰাচৰ গুৰু হৰি ভুঞ্জিলা উত্সুকে।।
লৱণু ভুঞ্জিয়া নাচে ত্ৰিজগত-পতি।
কহয় মাধৱ হৰি পদৰেণু গতি।।