প্ৰাণ পিতাম্বৰ বজায় আৱত বেণু
।। ৰাগঃ শ্ৰী।। একতাল।।
ধ্ৰুং।। প্ৰাণ পীতাম্বৰ বজায় আৱত বেণু।
বালক বেঢ়ি খেড়ি কৌতুক শোহে তনু ধেনু ৰেণু।।
পদ।। চন্দন তিলক অলক চাৰু সুন্দৰ
ভ্ৰূৱ সুৱলিত চাৰু হাসে।
থিৰ বিজুৰী উজ্জ্বৰ ঘন যৈছন
শ্যাম শোভিত পীতবাসে।।
বেণু বিষাণ নিশান শত বাজত
ধেনু চলাৱত ৰঙ্গে ।
নিৰমল গগনে তাৰক যৈচে জলকে
ৰতন ভূষণ কালা অঙ্গে।।
কুন্দ কুসুম কেশ ভুষিত সুন্দৰ বেশ
বিনোদ বিমল ৰসসিন্ধু।
কহয় মাধৱ ওহি জগজন জীৱন
ভকত জনেৰ নিজ বন্ধু।।