মাই মাই ভূষণ কৰাৱ হামাৰি
।। ৰাগঃ শ্ৰী।। তালঃ পৰি।।
ধ্ৰুং।। মাই, মাই ভূষণ কৰাৱ হামাৰি।
যৱহু সাৰোত্তৰ পুছত
নাহি পাৱ দোষ বিচাৰি।।
পদ।। এক গোৱাৰিণী মাতিয়া হামাকু
দেলহ বুলি মিঠাই।
তাহেক ভোজন কৰিয়ে শয়নকহো
চেতন হৰাইলো মাই।।
শিৰ ফিৰাৱত নয়ন বুলাৱত
ঘন ঘন আৱত হামি।
জ্ঞান বিৰহিত হুই কদম্বতলে
একা শুতাৱলো আমি।
ৰাধা ভূষণ চোৰি কৰিয়েকহো
পুছত বাত হামাৰি।
হামু থিক অচেতন হোই
কি কহব বচন বিচাৰি।।
কহতু মাধৱ দাস নাৰায়ণ
তুৱা পাৱে শৰণ গোসাঁই।
তুমহি অখণ্ডিত জ্ঞান নিৰঞ্জন
ঝুণ্টা কহিতে নুযুৱাই।।