মাই খেলত গোপাল গোহাঁই
।। ৰাগঃ ললিত।। তালঃ পৰি।।
ধ্ৰুং।। মাই খেলত গোপাল গোঁসাই।
কালিন্দী-পুলিন বনহি যদুনন্দন
ফিৰত গউৱা চৰাই।।
পদ।। গজগতি গমন চলয় জগজীৱন
গোধন আগু বুলাই।
আনন্দে নন্দ নন্দন পৰমানন্দ
মোহন বাঁশৰী বজাই।।
সনক সনাতন যতহি যোগীজন
যাকেৰি চৰণ ধিয়ায়।
সো নন্দ নন্দন গোকুল মহ মিলল
দীন মাধৱে গুণ গায়।।