ভেনিচৰ সাওদ/অষ্টম অধ্যায়
[ ২৯ ]
অষ্টম অধ্যায়।
বিচাৰ-ঘৰৰপৰা ডিউক তেওঁৰ পাৰিষদবৰ্গৰে সৈতে গলত বেচানিও
আৰু এণ্টোনিৱে পোৰ্শ্বিয়াক নানান সাধুবাদ আৰু প্ৰশংসাবাদ দি
ইহুদীক দিবলগীয়া তিনি হাজাৰ ডাকাট তেওঁক দিব খুজিলে। তেওঁ
অৱশ্যে লবলৈ ৰাজি নহ’ল।
[ ৩০ ] বেচানিৱে কলে যে, “ডাঙৰীয়া, আপোনাৰ প্ৰাপ্য টকা বুলি নলব,
কিন্তু আমাৰপৰা স্মৃতিচিহ্ন স্বৰূপ যি হয় অলপ লওক আৰু আমাক দুটা
বস্তু ভিক্ষা দিয়ক, তাৰে এটি হৈছে মোক যেন প্ৰত্যাখ্যান নকৰে আৰু
আনটি মোক যেন ক্ষমা কৰে।”
পোৰ্শ্বিয়াই পাছত স্বীকৃত হৈ এণ্টোনিওৰ হাতত পিন্ধা হাত-মোজাজোৰ খুজি ললে আৰু বেচানিওৰপৰা তেওঁৰ হাতৰ আঙ্গঠিটো খুজিলে।
এণ্টোনিওৰ হাত-মোজা এণ্টোনিৱে সানন্দে তেওঁক দিলে, কিন্তু বেচানিওৰ আঙ্গঠি বেচানিৱে দিব নুখুজিলে। প্ৰথমে বেচানিৱে কলে, “আঙঠিটো নো এটা কি বস্তু যে তাক ইমান উপকাৰৰ পৰিবৰ্তে দিম? এনে তুচ্ছ বস্তু এটা দিম, ই বৰ লাজৰ কথা।” কিন্তু পোৰ্শ্বিয়াই সেই আঙ্গঠিটো হে লাগে বুলি ক'লে। এটা তুচ্ছ বস্তু হলে কি হব, তেওঁৰ সেই আঙ্গঠিটো হে পছন্দ, আন একো তেওঁক নেলাগে।
বেচানিও— “ডাঙৰীয়া, এই ভেনিচ চহৰত আটাইতকৈ যি আঙ্গঠিটোৰ বেচ বেছি, সেইটোকে মই আপোনাক দিম। আপুনি মোক ক্ষমা কৰিব। এই আঙ্গঠিটো দিব নোৱাৰোঁ।”
পো— “এতিয়া গম পালোঁ, ডাঙৰীয়া, আপুনি নিজেই মোক বস্তু দিব খোজে, আপুনি নিজেই বস্তু কেনেকৈ খুজিব লাগে মোক শিকায়, আকৌ বস্তু খোজা মানুহক কেনেকৈ উত্তৰ দি বস্তু নিদি খেদাব লাগে, তাকো আপোনাৰপৰা শিকিলোঁ।”
“ডাঙৰীয়া, শুনক, শুনক, খং নকৰিব,— মোৰ ঘৈণীয়ে এই আঙ্গঠিটো
মোৰ আঙ্গুলিত পিন্ধাই দিবৰ সময়ত মোক শপত খুৱাই কৈছিল যে,
মই যেন এই আঙ্গঠিটো কাকো নিদিওঁ বা নেহেৰুৱাওঁ বা নেবেচোঁ।
সেই দেখিহে ডাঙৰীয়া কওঁ, আপুনি আন যি বস্তু খোজ খোজক। এই
আঙ্গঠি দিব নোৱাৰাত মই বৰ দুখ পাইছো।”
[ ৩১ ] “বস্তু দিবৰ মন নাথাকিলে বহুতো মানুহে এনেবোৰ কথা,
কৈ সাৰে। আমাৰ এনে কথা শুনা আছে; যাওক, আপোনাৰ
ঘৈণীয়েক বলিয়া নে কি যে যি জনে আপোনাসকলক এনে
বিপদৰপৰা উদ্ধাৰ কৰিলে তেওঁক এনে এটা তুচ্ছ বস্তু দিয়াত
আপোনাৰ ওপৰত খং কৰিব। বাৰু ডাঙৰীয়া, সুখে থাওক, এতিয়া,
বিদায়।”
এই বুলি পোৰ্শ্বিয়া আৰু নেৰীচা গুচি গ'ল।
তাৰ পাছত বেচানিৱে এণ্টোনিওৰ অনুৰোধত আঙ্গঠিটো বেৰিষ্টৰজনক দিবলৈ গ্ৰেটিয়ানোৰ হাতত পঠিয়াই দিলে।
পোৰ্শ্বিয়াই আঙ্গঠিটো ললত নেৰীচাইও পোৰ্শ্বিয়াৰ পিনে হাঁহি চাই ক’লে, “বাৰু চাওঁচোন, গ্ৰেটিয়ানোৰপৰা মই দিয়া আঙ্গঠিটো উলিয়াব পাৰোঁ নে নোৱাৰোঁ।”
নেৰীচাও কৃতকাৰ্য্য হল।
ইপিনে বেচানিওহঁত বেলমণ্ট পোৱাৰ আগৈয়েই পোৰ্শ্বিয়া আৰু নেৰীচাই গৈ সাজ সলাই তেওঁলোকৰ গিৰিয়েক আৰু বন্ধু এণ্টোনিওৰ অভ্যৰ্থনাৰ আয়োজন কৰিবলৈ ধৰিলে।
যি ৰাতি পোৰ্শ্বিয়া আৰু নেৰীচা ভেনিচৰপৰা গৈ বেলমণ্ট পালে,
সেই ৰাতি সুন্দৰ স্নিগ্ধকৰ জোনাকেৰে বেলমণ্ট ভৰি গৈছিল; আৰু
বিশেষকৈ পোৰ্শ্বিয়াৰ বিতোপন ঘৰত জোনাকৰ সৌন্দৰ্য্য আৰু বাঢ়িছিল। নতুন প্ৰেমিক প্ৰেমিকা লৰেঞ্জো আৰু জেচীকাই এই জোনাক ৰাতি বাহিৰত বহি প্ৰেমিক প্ৰেমিকাই হে যেনে কথা পাতিব জানে, তেনেকৈ কথা পাতি আছিল। বেচানিও বন্ধুৰে সৈতে আহি বেলমণ্ট পাব বুলি বাতৰি পোৱাত বাদ্যকৰসকলে সুমধুৰ সঙ্গীতাদি কৰিবলৈ
ধৰিলে।
[ ৩২ ] পুৱা হওঁ-হওঁ হওঁতে বেচানিও আৰু গ্ৰেটিয়ানো, এন্টোনিওৰে সৈতে
বেলমন্ট পালেহি।
এওঁলোক আহি পোৱাৰ আগৈয়েই পোৰ্শ্বিয়াই লৰেঞ্জো, জেচীকা আৰু চাকৰ-নাকৰবিলাকক তেওঁ আৰু নেৰীচা যে ঘৰত নাছিল, এই কথা কাকো কবলৈ মানা কৰিলে। তেওঁলোক ভেনিচলৈ যাবৰ সময়ত কৈ গৈছিল যে, তেওঁলোেক স্বামী দুজনৰ আৰু বন্ধু এন্টোনিওৰ মঙ্গলাৰ্থে ধৰ্ম্মন্দিৰত পূজা কৰিবলৈ যায়। আৰু সি যে এক ৰকম সঁচা, পাঠকসকলে দেখিছে।
বেচানিৱে এন্টোনিওৰে সৈতে পোৰ্শ্বিয়াৰ চিনাকী কৰি দিলত তেওঁলোকৰ সাদৰ সম্ভাষণ হৈ থাকোতেই তেওঁলোকে গ্ৰেটিয়ানো আৰু জেচীকাৰ মাজত তৰ্ক হোৱাৰ শব্দ পালে।
পোৰ্শ্বিয়াই কলে, “কি, আহি পাওঁতে-নেপাওঁতেই কাজিয়া আৰম্ভ কৰিলা দেখোন? কি হৈছে কি?
গ্ৰেটিয়ানোই কলে, “এটা সামান্য আঙ্গঠি লৈ আমাৰ তৰ্ক লাগিছে। সেইটো মোক নেৰীচাই দিছিল; তাৰ ওপৰত আকৌ লেখা আছিল, “ভাল পাবা, নেৰিবা মোক।” মই চন্দ্ৰক আগত থৈ শপত খাই কৈছোঁ, নেৰীচা, সেই আঙ্গঠিটো মই কোনো তিৰুতাক দিয়া নাই। সত্যে সত্যে কৈছোঁ, মই আঙ্গঠিটো জজৰ কেৰাণীটোক দিলো।
গ্ৰেটিয়ানোৱে বুজাবলৈ ধৰিলে, নেৰীচাই নুবুজিলে। তেতিয়া পোৰ্শ্বিৰাই গ্ৰেটিয়ানোক খং কৰি কলে, “সঁচা তো, তোমাক যেতিয়া নেৰীচাই সেই আঙ্গঠিটো মৰম কৰি দিছিল আৰু বিশেষকৈ সেই আঙ্গঠিটোৱেই তোমাৰ ঘৈণীয়াই তোক প্ৰথমে দিয়া বস্তু; তুমি যত্নেৰে সাদৰেৰে তাক ৰখা উচিত আছিল। বাৰু চোৱাঁচোন, মোৰ স্বামীকো মই এটা আঙ্গঠি দিছিলোঁ। মই নিশ্চয়কৈ কৈছোঁ যে, [ ৩৩ ] এতিয়াও সেই আঙ্গঠিটো তেওঁ পিন্ধি আছে আৰু সমগ্ৰ পৃথিবীৰ ঐশ্বৰ্য্য যদি এফালে থাকে, তেওঁ সেই ঐশ্বৰ্য্যকো হেয় জ্ঞান কৰি আঙ্গঠিটো ৰাখিব, কেতিয়াও কাকো নিদিয়ে বা নেহেৰুৱায়।”
বেচানিৱে তেতিয়া বিষম ভাবি মনে মনে কবলৈ ধৰিলে, “মই এই বাওঁ হাতখন কাটি পেলোৱাহেঁতেনেই ভাল আছিল। তেনেহলে এনেকৈ কব পাৰিলোহেঁতেন যে হাতখন ৰক্ষা কৰিবলৈ যাওঁতে আঙ্গঠিটো হেৰুৱালোঁ।”
গ্ৰেটিয়ানোৱে তেতিয়া আন একো উপায় বিচাৰি নেপাই ক'লে,— “বেচানিও ডাঙৰীয়াইও তো তেওঁৰ আঙ্গঠি দিছে, তেওঁ জজক দিলে আৰু মোৰ আঙ্গঠিটো কেৰাণীটোৱে খুজি লৈ গ’ল। সিহঁতৰ দুটাৰ এটায়ো টকা নলৈ আঙ্গঠি দুটা হে লাগে বুলি ক'লে।”
তেতিয়া পোৰ্শ্বিয়াই বেচানিওক শুধিলে, “কোন আঙ্গঠি, ডাঙৰীয়া? কোন আঙ্গঠিটো আপুনি দিলে? মই আপোনাক দিয়াটো কেতিয়াও নহয়। হয় নে?”
বেচানিও— “মই যদি দোষ এটা কৰি মিছা কথা কব জানিলোঁ- হেঁতেন তেনেহলে কলোহেঁতেন সেই আঙ্গঠিটো নহয়, আন এটা আঙ্গঠি দিলোঁ। কিন্তু চোৱাঁ মোৰ আঙ্গুলিত সেই আঙ্গঠিটো নাই।”
পো— “তোমাৰ হৃদয় মিছাৰে পৰিপূৰ্ণ, সত্যৰ লেশমাত্ৰ নাই। সেই আঙ্গঠি মোক আকৌ তুমি দেখুৱাব নোৱাৰালৈকে তোমাৰে সৈতে গৃহবাস নকৰোঁ।”
এই কথা শুনি নেৰীচায়ো গ্ৰেটিয়ানোক ঠিক তাকে কলে। বেচানিৱে কত বুজাবলৈ চেষ্টা কৰি ক'লে, “তুমি যদি জানিলাহেঁতেন মই কিয়, কাৰ বাবে, কাক আঙ্গঠিটো দিছোঁ; আৰু সেই আঙ্গঠিটো দিওঁতে কিমান মৰ্মান্তিক কষ্ট মোৰ হৈছিল— তুমি যদি সকলো কথা [ ৩৪ ] জানিলাহেঁতেন, তুমি মোৰ ওপৰত মিছাতে ইমান খং কেতিয়াও নকৰিলাহেঁতেন।”
পো— “তুমি যদি সেই আঙ্গঠিৰ মাহাত্ম্য কি, সেই আঙ্গঠি দিয়া মানুহৰ কি মনৰ ভাব, অথবা সেই আঙ্গঠি তোমাৰ লগত ৰাখিবলৈকে বা তোমাৰ কি দায়িত্ব, কি ভদ্ৰতাৰ ডোলৰে আবদ্ধ তুমি, যদি জানিলাহেঁতেন, কেতিয়াও তুমি আঙ্গঠিটো নিদিলাহেঁতেন; আৰু এনে আচৰিত মানুহেই বা পৃথিবীত কোন আছে যাক অলপ বুজাই কোৱাহেঁতেন এনে এটা বস্তু খুজিলেহেঁতেন। নেৰীচাই যি কৈছে সঁচা— কৰ মানুহক দিছা, সি কেতিয়াও নহয়; নিশ্চয় তুমি এজনী তিৰুতাক হে দিছা; নেৰীচাই যি কৈছে সঁচা।”
বেচানিও— “সত্যে কৈছোঁ, যি আইনজ্ঞ পণ্ডিতজনে বন্ধুবৰ এন্টোনিওক ৰক্ষা কৰিলে সেই তেওঁকে দিলোঁ। তেওঁক তিনি হাজাৰ ডকাট ৰূপ, দিব খোজাতো টকা নলৈ আঙ্গঠিটোহে খুজিলে। কিমান বুজাই ক'লো নুশুনিলে; আৰু পোৰ্শ্বিয়া তুমি তাত থকা হলে তুমি নিজেই আঙ্গঠিটো মোৰপৰা খুজি লৈ গৈ বেৰিষ্টৰজনক দিলাহেঁতেন।”
এনে তৰ্কবিতৰ্ক হৈ থাকোতে এণ্টোনিৱে তেওঁৱেই যে এই গিৰিয়েক ঘৈণীয়েকৰ ভিতৰত বিসম্বাদৰ কাৰণ তাক ভাবি পোৰ্শ্বিয়াৰ ওচৰত ক্ষমা ভিক্ষা কৰিলে।
সেই খিনিতে বেচানিৱে মাত লগালে যে, এই বাৰ যদি পোৰ্শ্বিয়াই তেওঁক ক্ষমা কৰে, তেওঁ সত্যে সত্যে তিনি সত্য খাই কৈছে তেওঁ আৰু যি প্ৰতিজ্ঞা কৰে তাৰ অন্যথা নহয়।
এণ্টোনিৱে ক'লে, “মই এবাৰ বন্ধু বেচানিওৰ বাবে মোৰ শৰীৰ দিবলৈ প্ৰস্তুত হৈছিলোঁ। যি জনে আপোনাৰ আঙ্গঠি ল'লে সেই তেওঁ তাত থাকি আমাৰ ফলীয়া নোহোৱা হ'লে এতিয়া মই ইহলোকত [ ৩৫ ] নাথাকিলোঁহেঁতেন। সেই দেখি এইবাৰ মই মোৰ শৰীৰ, আত্মা আৰু জামিন দি কৈছোঁ যে, বেচানিৱে কেতিয়াও তেওঁৰ প্ৰতিজ্ঞা ভঙ্গ নকৰে। মই সেই বাবে দায়ী।”
“বাৰু এণ্টোনিও ডাঙৰীয়া, আপুনি যদি জামিন হয়, তেনেহলে মই তেওঁক ক্ষমা কৰিলোঁ। বাৰু সেই আঙ্গঠি গ’ল গ’ল, আৰু এটা আঙ্গঠি মই তাৰ বদলে দিওঁ, এইটো যেন তেওঁ ভালকৈ সাৱধানে ৰাখে।”
তাৰ পাছত নেৰীচাইও গ্ৰেটিয়ানোক এটা আঙ্গঠি দিলে।
বেচানিও, গ্ৰেটিয়ানো দুইও বিচুৰ্ত্তি হ’ল তেওঁলোকৰ আঙ্গঠি দুটাই যে এই দুটা।
সকলো কথা তেতিয়া ভাঙি কোৱা হ’ল। তেতিয়া সকলোৰে মহা আনন্দ। আকৌ পোৰ্শ্বিয়া বেচানিও, আৰু নেৰীচা গ্ৰেটিয়ানোৰ মিল হল। তেতিয়াই এণ্টোনিৱে খবৰ পালে যে, যি জাহাজ তেওঁৰ সদাগৰী বস্তুৰে সৈতে নিৰুদ্দেশ হৈছিল, সেই জাহাজৰ উদ্দেশ আকৌ পোৱা হ’ল। আকৌ নিৰাপদে ভেনিচৰ ফালে সেই জাহাজবোৰ আহিব লাগিছে। সেই আনন্দৰ বাতৰিৰ ওপৰত আৰু এটা আনন্দৰ বাতৰি লৰেঞ্জো আৰু জেচীকাক দিয়া হ’ল যে, বুঢ়া শ্বাইলকৰ মৃত্যুৰ পাছত বুঢ়াৰ সকলো সম্পত্তি তেওঁলোক দুজনে পাব। তেতিয়া সকলোৰে আনন্দৰ ওপৰত আনন্দ হ’ল।