পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
ভেনিচৰ সাউদ

 বেচানিৱে কলে যে, “ডাঙৰীয়া, আপোনাৰ প্ৰাপ্য টকা বুলি নলব, কিন্তু আমাৰপৰা স্মৃতিচিহ্ন স্বৰূপ যি হয় অলপ লওক আৰু আমাক দুটা বস্তু ভিক্ষা দিয়ক, তাৰে এটি হৈছে মোক যেন প্ৰত্যাখ্যান নকৰে আৰু আনটি মোক যেন ক্ষমা কৰে।”

 পোৰ্শ্বিয়াই পাছত স্বীকৃত হৈ এণ্টোনিওৰ হাতত পিন্ধা হাত-মোজাজোৰ খুজি ললে আৰু বেচানিওৰপৰা তেওঁৰ হাতৰ আঙ্গঠিটো খুজিলে।

 এণ্টোনিওৰ হাত-মোজা এণ্টোনিৱে সানন্দে তেওঁক দিলে, কিন্তু বেচানিওৰ আঙ্গঠি বেচানিৱে দিব নুখুজিলে। প্ৰথমে বেচানিৱে কলে, “আঙঠিটো নো এটা কি বস্তু যে তাক ইমান উপকাৰৰ পৰিবৰ্তে দিম? এনে তুচ্ছ বস্তু এটা দিম, ই বৰ লাজৰ কথা।” কিন্তু পোৰ্শ্বিয়াই সেই আঙ্গঠিটো হে লাগে বুলি ক'লে। এটা তুচ্ছ বস্তু হলে কি হব, তেওঁৰ সেই আঙ্গঠিটো হে পছন্দ, আন একো তেওঁক নেলাগে।

 বেচানিও— “ডাঙৰীয়া, এই ভেনিচ চহৰত আটাইতকৈ যি আঙ্গঠিটোৰ বেচ বেছি, সেইটোকে মই আপোনাক দিম। আপুনি মোক ক্ষমা কৰিব। এই আঙ্গঠিটো দিব নোৱাৰোঁ।”

 পো— “এতিয়া গম পালোঁ, ডাঙৰীয়া, আপুনি নিজেই মোক বস্তু দিব খোজে, আপুনি নিজেই বস্তু কেনেকৈ খুজিব লাগে মোক শিকায়, আকৌ বস্তু খোজা মানুহক কেনেকৈ উত্তৰ দি বস্তু নিদি খেদাব লাগে, তাকো আপোনাৰপৰা শিকিলোঁ।”

 “ডাঙৰীয়া, শুনক, শুনক, খং নকৰিব,— মোৰ ঘৈণীয়ে এই আঙ্গঠিটো মোৰ আঙ্গুলিত পিন্ধাই দিবৰ সময়ত মোক শপত খুৱাই কৈছিল যে, মই যেন এই আঙ্গঠিটো কাকো নিদিওঁ বা নেহেৰুৱাওঁ বা নেবেচোঁ। সেই দেখিহে ডাঙৰীয়া কওঁ, আপুনি আন যি বস্তু খোজ খোজক। এই আঙ্গঠি দিব নোৱাৰাত মই বৰ দুখ পাইছো।”