ভাই দেখো কমাঅপতি দৌলৰে উপৰে
।। ৰাগঃ সিন্ধুৰা।। একতাল।।
ধ্ৰুং।। ভাই দেখো কমলাপতি দৌলৰ উপৰে।
বৈকুণ্ঠৰ নাথ দৌল-ৰসে কেলি কৰে।।
পদ।। দিব্য সিংহাসনে প্ৰকাশয় দামোদৰে।
নৱনীল মেঘ যেন মেৰুৰ শিখৰে।।
শ্যাম শৰীৰত ঝিকি পাৰে অলঙ্কাৰ।
নিৰ্মল গগনে যেন জ্যোতি কৰে তাৰ।।
কিৰীটি-কুণ্ডল-হাৰ কেয়ুৰ কিঙ্কিণী।
ৰতন নূপূৰ পায় বাজে ৰিণি-ঝিনি।।
সিংহাসন সমে দোলে ত্ৰিজগতপতি।
যেন আকাশত ৰবি-শশী কৰে গতি।।
নন্দেৰ আনন্দ বৰ ৰঙ্গ যশোদাৰ।
জয় হৰি বুলি গোপ-গোপীৰ জোকাৰ।।
গোকুলে মিলিয়া আছে বৈকুণ্ঠ উত্সৱ।
হৰি পদে গতি মোৰ কহয় মাধৱ।।