বুৰঞ্জীবোধ/আহোমৰ দিনৰ অৱনতি

[ ৫১ ]

৬। পাঠ।
আহোমৰ দিনৰ অৱনতি।
মোৱাঁমৰীয়াৰ বিদ্ৰোহ।

 শিৱসিংহ স্বৰ্গদেৱৰ পাচৰপৰা আহোমৰ দিন পৰি আহিবলৈ ধৰে। কিন্তু, সেই পতন তেওঁৰ দিনৰপৰাই আৰন্ত হয়। মহাৰাণী [ ৫২ ] ফুলেশ্বৰী কুৱঁৰীয়ে ভাবিছিল যে, ৰজাৰ যি ধৰ্ম্ম প্ৰজাৰে সেই ধৰ্ম্ম হোৱা উচিত। ৰজাই গোসাঁনী পূজা কৰে, গতিকে প্ৰজায়ে গোসাঁনী মানিব লাগে। কিন্তু, মোৱাঁমৰীয়া বৈষ্ণৱসকলে আকৌ গোসাঁনী নামানে। সেই কথাত কুৱঁৰী অসন্তুষ্ট হৈছিল। পিচে, তেওঁ এবাৰ দুৰ্গাপূজা পাতি তালৈ মোৱামৰীয়া মহন্তসকলক নিমন্ত্ৰণ কৰিলে। ৰাজ-আজ্ঞা অমান্য কৰিব নোৱাৰি বৈষ্ণৱসকল পূজালৈ আহিল। সেই ছেগতে ফুলেশ্বৰী কুঁৱৰীয়ে গোসানী নমনা বৈষ্ণৱসকলক বৰ অত্যাচাৰ কৰায়। তেওঁৰ আজ্ঞা মতে পূজাৰি আৰু দেউৰীবিলাকে বৈষ্ণৱসকলৰ কপালত বলি-কটা ছাগলিৰ তেজৰ ফোঁট দি, আৰু গোসাঁনীৰ প্ৰসাদ কটিয়াই সিবিলাকক নগুৰশাস্তি কৰিলে। এই কথা মহন্তুসকললৈ অতি অসহনীয় হল। সিবিলাকে ইয়াৰ প্ৰতিশোধ দিবলৈ মনে মনে সঙ্কল্প কৰিলে, আৰু তলে তলে তাৰ নিমিত্তে যোযা কৰিবলৈ ধৰিলে। এয়ে মোৱাঁমৰীয়া বিদ্ৰোহৰ সূত্ৰপাত।

 মোৱাঁমৰীয়াৰ ১ম, বিদ্ৰোহ।—এই বিদ্ৰোহৰ আয়োজন পকি উঠিছে, এনেতে ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ ভায়েক লক্ষ্মীসিংহ কোৱঁৰ ৰাজপাটত উঠে। তেওঁ বৰ ঢিলা-বান্ধৰ ৰজা আছিল। এই জনা স্বৰ্গদেৱৰ দিনত কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা এজন প্ৰতাপী বিষয়া আছিল। তেওঁ ৰজাক হাত কৰি লৈ ভালেমান শকত কাম কৰিছিল। এনে কি, ৰাজক্ষমতাৰে তেওঁ সেই কালৰ ভালেমান বুৰঞ্জী গোটাই আনি পুৰি ছাই কৰিছিল! ইয়াৰ উদ্দেশ্য আছিল তেওঁৰ গাৰ কেৰোণ গুচোৱা। তেওঁ [ ৫৩ ] এজন সৰুৰপৰা ভাঙ্গৰ হোৱা পুৰুষ। তেওঁ কাঁড়ীৰ কাকতৰপৰা নাম নকটোৱাকৈ আৰু চমুৱাৰ কাকতত নাম নলগোৱাকৈ বিষয়ালৈ উঠিছিল। সেই কথা জনাজাত হোৱাত বিষম পাই তেওঁ সেই আপাহতে বুৰঞ্জীবিলাক পুৰি অন্ত পেলাবলৈ ধৰিছিল। ৰজাক সন্তোষ দিবৰ মনেৰে কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাই মহন্তবিলাকক নানা তৰহৰ লাঞ্ছনা দিছিল। পাচলৈ সেই লাঞ্ছনা অসহনীয় হৈ উঠা মোৱাঁমৰীয়াবিলাকে দেখাদেখিকৈ বিদ্ৰোহ তুলিলে। ৰাঘৱ-মৰাণ , নামে এজন মৰাণ, আৰু নাহৰ খোৰা নামে এজন মটক এই দুই সেনাপতিৰ তলে মোৱাঁমৰীয়াবিলাকে ১৭৬৯ খ্ৰীষ্টাব্দত ৰজাৰ নগৰ আক্ৰমণ কৰিলেগৈ। বৰবৰুৱাই জোৱাঁয়েক ডেকা-ফুকনক এজাক ৰণুৱা দি মোৱামৰীয়াৰ বিদ্ৰোহ দমাবলৈ পঠিয়ালে। দুয়ো দলৰ মাজত তয়াময়া ৰণ লাগিল। সেই ৰণত বিদ্ৰোহী দলৰ ফলীয়া হৈ ৰাঘৱ মৰাণৰ ঘৈণীয়েক ৰাধাৰুক্মিণীয়েও ধেনু-কাঁড় লৈ ৰণ কৰিছিল। তেওঁ ৰণত গা বচোৱাত বৰ পাকৈত আছিল, গতিকে তেওঁৰ গাত কোনেও হিলৈৰ গুলি লগাব নোৱাৰিছিল। সেই আপাহতে কোনোবাই এনে জনৰৱ তুলি দিলে যে, ৰাধা- ৰুক্মিণীয়ে আঁচল পাতি গুলি ধৰে! তেওঁ মানৱী নহয়, সাক্ষাৎ ৰণচণ্ডীয়ে ৰণ দিছেহি! এই কথা প্ৰচাৰ হোৱা মাত্ৰে ৰজাৰ সেনা চিটিকি পলাবলৈ ধৰিলে। মোৱাঁমৰীয়া নগৰ সোমাওঁ- সোমাওঁ হলহি। এনেতে কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাই এজাক তেজী ৰণুৱা লৈ নিজে ৰণ দিলেহি। কিন্তু, উত্ৰাৱল মোৱাঁমৰীয়াৰ আগত ৰজাঘৰীয়া ৰণুৱা ঠাৱৰিব নোৱাৰি পলাবলৈ ধৰিলে। বৰ[ ৫৪ ] বৰুৱা বন্দী হল। ৰণত জিকি মোৱাঁমৰীয়া নগৰ সোমাল। তাৰ পাচত, সিহঁতে লক্ষ্মীসিংহ স্বৰ্গদেৱক বন্দী কৰি, নাহৰ খোৰা মটকৰ পুতেক ৰমাকান্তক ৰজা পাতিলে। ৰজা হৈ ৰমাকান্তই আহোমৰ আঁঠচুকীয়া মোহৰৰ সলনি তেওঁৰ নামে ন-চুকীয়া মোহৰ মৰালে। মোৱাঁমৰীয়াবিলাকে কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাক নচঁচা বাঁহত পিং দি বধি, ৰাঘৱ মৰাণক বৰবৰুৱা পাতিলে। অসমদেশৰ উজনি খণ্ডত “আহোমৰ দিন” গুচি মোৱামৰীয়া, মটক আৰু মৰাণৰ দিন হল। কিন্তু সেই দিন সৰহ দিনলৈ নিটিকিল। পাচলৈ মোৱাঁমৰীয়া মটকৰ উৎপাত অসহনীয় হোৱাত ঘনশ্যাম বুঢ়াগোহাঞি ডাঙ্গৰীয়াই বিষয়া সকলেৰে লগ লাগি সিহঁতক ৰণত ঘটাই বশ কৰিলে, আৰু স্বৰ্গদেৱক মুক্ত কৰি দেশত আকৌ শান্তি থাপিলে। এয়ে মোৱাঁমৰীয়াৰ প্ৰথম বিদ্ৰোহ।

 মোৱাঁমৰীয়াৰ ২য়, বিদ্ৰোহ।—ঘনশ্যাম বুঢ়াগোহাঞি ডাঙ্গৰীয়া বৰ জ্ঞানী লোক আছিল। ৰাজনীতি তেওঁ ভালকৈ বুজিছিল। তেওঁ মোৱাঁমৰীয়াবিলাকক অকল যে ৰণত জিনিয়েই বশ কৰিছিল এনে নহয়, তেওঁ সেই উত্ৰাৱল মানুহবিলাকক বুজাই-বৰাই শান্ত কৰিছিল। কিন্তু, তেওঁৰ সেই সজ বুদ্ধি বেচি দিনলৈ নৰজিল। স্বৰ্গদেৱ লক্ষ্মীসিংহৰ পাচত, তেওঁৰ পুতেক গৌৰীনাথসিংহ ১৭৮০ খ্ৰীষ্টাব্দত ৰজা হয়। তেওঁ ৰজা হৈয়ে মোৱাঁমৰীয়াবিলাকক আকৌ অত্যাচাৰ কৰিবলৈ ধৰিলে। মোৱাঁমৰীয়া বুলিলেই তেওঁ অলপ দোষত গুৰু দণ্ড [ ৫৫ ] দি সিবিলাকৰ প্ৰতি নিঠুৰ ব্যৱহাৰ কৰিবলৈ ধৰিলে। এনে অন্যায় আচৰণ সহিব নোৱাৰি নিটাল মৰা মোৱাঁমৰীয়া আকৌ জিকাৰি উঠিল। সিবিলাকে আকৌ বিদ্ৰোহ তুলি পোনেই ৰজাৰ শিঙ্গৰি- ঘৰত জুই লগাই দিলে। এই ঘটনাই নগৰত আকৌ তোলপাৰ লগালে। কিন্তু, এই বিদ্ৰোহ পকি উঠিবলৈ নৌ পাওঁতেই ঘনশ্যাম বুঢ়াগোহাঞি ডাঙ্গৰীয়াই আকৌ মোৱাঁমৰীয়বিলাকক বুজাই-বৰাই শান্ত কৰিলে। এয়ে মোৱাঁমৰীয়াৰ দ্বিতীয় বিদ্ৰোহ।

 মোৱাঁমৰীয়াৰ ৩য়, বিদ্ৰোহ।—দ্বিতীয়বাৰৰ বিদ্ৰোহ অলপ চেঁচা পৰিছিল বুলিও, সি তেনেই সুমাবলৈ নাপালে। এনেতে, ঘনশ্যাম ডাঙ্গৰীয়াৰ মৃত্যু হোৱাত, পুতেক পূৰ্ণানন্দ গোহাঞিদেৱে বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ বাব পায়। সেই ছেগতে মোৱাঁমৰীয়াবিলাক আকৌ মূৰ দাঙ্গি উঠিল। সিবিলাকে গৌৰীনাথসিংহ স্বৰ্গদেৱৰ নিষ্ঠুৰ আচৰণৰ কথা পাহৰা নাছিল, ঘনশ্যাম ডাঙ্গৰীয়াৰ মুখলৈ চাই হে নিটাল মাৰি ৰৈছিল। গতিকে, ডাঙ্গৰীয়া ঢুকালত মোৱাঁমৰীয়াবিলাক আকৌ উত্ৰাৱল হৈ উঠিল। সিবিলাকে এইবাৰ বিষম আক্ৰোশেৰে ৰজাৰ নগৰ আক্ৰমণ কৰিলেহি। পিতৃৰ আৰ্হিৰেই পূৰ্ণানন্দ বুঢ়াগোহাঞি ভাঙ্গৰীয়াও এজন বিচক্ষণীয়া পুৰুষ আছিল। বিদ্ৰোহীবিলাকে হঠাতে আহি বেৰি ধৰাত তেওঁ বিবুদ্ধি নহল। ডাঙ্গৰীয়াই স্বৰ্গদেৱক গোপনে গুৱাহাটীলৈ পাৰ কৰি, নিজে অকলে নগৰ ৰখীয়া হৈ থাকিল। ইফালে বাহিৰত মোৱাঁমৰীয়াবিলাক ৰণত জিকিল বুলি চাৰিওফালে বাতৰি বিয়পি পৰিল। মোৱাঁমৰীয়াই ভৰতসিংহ [ ৫৬ ] নামে এজন মটকক ৰজা পাতি লৈ, আকৌ আগৰ দৰে “আহোমৰ দিন” গুচাই “মটকৰ দিন” ঘোষণা কৰিলে। এনে ছেগতে আগৰ তলতীয়া কছাৰি ৰজা, জয়ন্তা ৰজা আৰু দৰঙ্গী ৰজা ইবিলাকো মূৰ দাঙ্গি উঠিল। এই দৰে কেইবা ফালৰপৰা কেইবাটাও হেঁচা একে সময়তে পৰাত পূৰ্ণানন্দ ডাঙ্গৰীয়াৰ বিষম আপদ মিলিল। তথাপি, সিমানতো ভাঙ্গৰীয়া বিতত নহল। এনে অৱস্থাতো তেওঁ সিংহৰ দৰে অকলে একেৰাহে ছবছৰ কাল নগৰ ৰক্ষা কৰি আছিল। এনেতে, সিফালে স্বৰ্গদেৱে গুৱাহাটীৰপৰা বিকা মজুমদাৰক কটকী পঠিয়াই “ইষ্ট ইণ্ডিয়া কোম্পানীৰ" ওচৰত সহায় খুজিলে। তেতিয়া লৰ্ড কৰ্ণওৱালিচ ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেল আছিল। পিচে, আহোমৰ কটকীৰ প্ৰাৰ্থনা মতে কেপ্টেইন ওৱেলচ্‌, চাহাবক এটা বৃটিচ, ফৌজ দি আহোম ৰজাক সহায় কৰিবলৈ পঠিওৱা হয়। তেওঁ আহি গুৱাহাটী পায়েই প্ৰথমে কছাৰী, জয়ন্তা আৰু দৰঙ্গী ৰজাক দমাই আকৌ আহোম ৰজাৰ তলতীয়া কৰিলে; তাৰ পাচত বৃটিচ, সেনাপতিয়ে স্বৰ্গদেৱক লগত লৈ উজাই নগৰ সোমালেহি। তেতিয়ালৈকে পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়াই শত্ৰুক ভিতৰ সোমাব নিদিয়াকৈ নগৰ ৰক্ষা কৰি আছিল। বৃটিচ্ ফৌজ গৈ পোৱা মাত্ৰকে মোৱাঁমৰীয়া বিলাকে সিবিলাকক বেৰি ধৰিলেহি। বাহিৰত বৃটিচৰ ফৌজে ৰণ দিওঁতে গড়ৰ ভিতৰৰপৰা আহোম ফৌজে সহায় কৰিবলৈ ধৰিলে। এই দৰে কিছুপৰ ৰণ লগাৰ পাচত, মোৱাঁমৰীয়াবিলাকে ঠাৱৰিব নোৱাৰি পলাবলৈ ধৰিলে। খ্ৰীঃ ১৭৯৩ চনত গৌৰীনাথসিংহ [ ৫৭ ] স্বৰ্গদেৱে আকৌ নগৰ চমুজি ললে। কেপ্টেইন ওৱেলচ্‌ বঙ্গদেশলৈ উলটি গলগৈ। এয়ে মোৱামৰীয়াৰ তৃতীয় বা শেহ বিদ্ৰোহ।

মুঠ্‌-কথা।—খ্ৰীঃ ১৭৬৯ চনৰপৰা ১৭৯৩ চনলৈকে এই ২৪ বছৰৰ ভিতৰত "আহোমৰ দিন” বিষমকৈ পৰে। ভিতৰুৱা উৎপাতেই তাৰ কাৰণ। তাৰ ভিতৰত মোৱামৰীয়াৰ বিদ্ৰোহেই ঘাই। এই বিদ্ৰোহ তিনিবাৰ উঠিছিল। তাৰ উৎপাতত আহোম ৰাজ্যত তোলপাৰ লাগি উঠিছিল। আৰু তাৰ ফলত অসমৰ উজনি খণ্ডত মহা আকাল লাগিছিল। সেই অকালত এটেমী চাউলৰ বেচ্‌ ১৲ এটকা হৈছিল। এনে আপদৰ কালত ছেগ বুজি ঠায়ে-ঠায়ে ভালেমান সৰু-সৰু শাসনকৰ্তায়ে মুৰ দাঙ্গি উঠিছিল। যেতিয়া আকৌ সুদিন আহিল, তেতিয়া সেইবিলাকক “নপতা- ফুকন” বুলি ইতিকিং কৰা হৈছিল।

⸺৹⸺