নামে এজন মটকক ৰজা পাতি লৈ, আকৌ আগৰ দৰে “আহোমৰ দিন” গুচাই “মটকৰ দিন” ঘোষণা কৰিলে। এনে ছেগতে আগৰ তলতীয়া কছাৰি ৰজা, জয়ন্তা ৰজা আৰু দৰঙ্গী ৰজা ইবিলাকো মূৰ দাঙ্গি উঠিল। এই দৰে কেইবা ফালৰপৰা কেইবাটাও হেঁচা একে সময়তে পৰাত পূৰ্ণানন্দ ডাঙ্গৰীয়াৰ বিষম আপদ মিলিল। তথাপি, সিমানতো ভাঙ্গৰীয়া বিতত নহল। এনে অৱস্থাতো তেওঁ সিংহৰ দৰে অকলে একেৰাহে ছবছৰ কাল নগৰ ৰক্ষা কৰি আছিল। এনেতে, সিফালে স্বৰ্গদেৱে গুৱাহাটীৰপৰা বিকা মজুমদাৰক কটকী পঠিয়াই “ইষ্ট ইণ্ডিয়া কোম্পানীৰ" ওচৰত সহায় খুজিলে। তেতিয়া লৰ্ড কৰ্ণওৱালিচ ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেল আছিল। পিচে, আহোমৰ কটকীৰ প্ৰাৰ্থনা মতে কেপ্টেইন ওৱেলচ্, চাহাবক এটা বৃটিচ, ফৌজ দি আহোম ৰজাক সহায় কৰিবলৈ পঠিওৱা হয়। তেওঁ আহি গুৱাহাটী পায়েই প্ৰথমে কছাৰী, জয়ন্তা আৰু দৰঙ্গী ৰজাক দমাই আকৌ আহোম ৰজাৰ তলতীয়া কৰিলে; তাৰ পাচত বৃটিচ, সেনাপতিয়ে স্বৰ্গদেৱক লগত লৈ উজাই নগৰ সোমালেহি। তেতিয়ালৈকে পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়াই শত্ৰুক ভিতৰ সোমাব নিদিয়াকৈ নগৰ ৰক্ষা কৰি আছিল। বৃটিচ্ ফৌজ গৈ পোৱা মাত্ৰকে মোৱাঁমৰীয়া বিলাকে সিবিলাকক বেৰি ধৰিলেহি। বাহিৰত বৃটিচৰ ফৌজে ৰণ দিওঁতে গড়ৰ ভিতৰৰপৰা আহোম ফৌজে সহায় কৰিবলৈ ধৰিলে। এই দৰে কিছুপৰ ৰণ লগাৰ পাচত, মোৱাঁমৰীয়াবিলাকে ঠাৱৰিব নোৱাৰি পলাবলৈ ধৰিলে। খ্ৰীঃ ১৭৯৩ চনত গৌৰীনাথসিংহ
পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৬৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
বুৰঞ্জীবােধ।