এজন সৰুৰপৰা ভাঙ্গৰ হোৱা পুৰুষ। তেওঁ কাঁড়ীৰ কাকতৰপৰা নাম নকটোৱাকৈ আৰু চমুৱাৰ কাকতত নাম নলগোৱাকৈ বিষয়ালৈ উঠিছিল। সেই কথা জনাজাত হোৱাত বিষম পাই তেওঁ সেই আপাহতে বুৰঞ্জীবিলাক পুৰি অন্ত পেলাবলৈ ধৰিছিল। ৰজাক সন্তোষ দিবৰ মনেৰে কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাই মহন্তবিলাকক নানা তৰহৰ লাঞ্ছনা দিছিল। পাচলৈ সেই লাঞ্ছনা অসহনীয় হৈ উঠা মোৱাঁমৰীয়াবিলাকে দেখাদেখিকৈ বিদ্ৰোহ তুলিলে। ৰাঘৱ-মৰাণ , নামে এজন মৰাণ, আৰু নাহৰ খোৰা নামে এজন মটক এই দুই সেনাপতিৰ তলে মোৱাঁমৰীয়াবিলাকে ১৭৬৯ খ্ৰীষ্টাব্দত ৰজাৰ নগৰ আক্ৰমণ কৰিলেগৈ। বৰবৰুৱাই জোৱাঁয়েক ডেকা-ফুকনক এজাক ৰণুৱা দি মোৱামৰীয়াৰ বিদ্ৰোহ দমাবলৈ পঠিয়ালে। দুয়ো দলৰ মাজত তয়াময়া ৰণ লাগিল। সেই ৰণত বিদ্ৰোহী দলৰ ফলীয়া হৈ ৰাঘৱ মৰাণৰ ঘৈণীয়েক ৰাধাৰুক্মিণীয়েও ধেনু-কাঁড় লৈ ৰণ কৰিছিল। তেওঁ ৰণত গা বচোৱাত বৰ পাকৈত আছিল, গতিকে তেওঁৰ গাত কোনেও হিলৈৰ গুলি লগাব নোৱাৰিছিল। সেই আপাহতে কোনোবাই এনে জনৰৱ তুলি দিলে যে, ৰাধা- ৰুক্মিণীয়ে আঁচল পাতি গুলি ধৰে! তেওঁ মানৱী নহয়, সাক্ষাৎ ৰণচণ্ডীয়ে ৰণ দিছেহি! এই কথা প্ৰচাৰ হোৱা মাত্ৰে ৰজাৰ সেনা চিটিকি পলাবলৈ ধৰিলে। মোৱাঁমৰীয়া নগৰ সোমাওঁ- সোমাওঁ হলহি। এনেতে কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাই এজাক তেজী ৰণুৱা লৈ নিজে ৰণ দিলেহি। কিন্তু, উত্ৰাৱল মোৱাঁমৰীয়াৰ আগত ৰজাঘৰীয়া ৰণুৱা ঠাৱৰিব নোৱাৰি পলাবলৈ ধৰিলে। বৰ-
পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৬১
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
মোৱাঁমৰীয়াৰ বিদ্ৰোহ।