বুঢ়া ভাই হৰিগুণ গাই নাচা
।। ৰাগঃ ভাটিয়ালী।।
ধ্ৰুং।। বুঢ়া ভাই হৰিগুণ গাই নাচা।
কোন দিনা ঢলি শৰীৰ পৰয়,
আৰু কি বাট চাই আছা।।
পদ।। আয়ু দিলে ভাটি হাতে লৈলা লাঠি
হাণ্ঠিতে নচলে পাব।
ভাঙ্গিল মাণ্ডলী আগ গৈল ঢলি
ধনু ফান্দ ভৈলা গাৱ।।
ছাল সোটা সোট হাড় গোটা গোট
কোটৰে লুকাইল আখি।
তেজ-বল- মাংস গাৱতে লুকাইল
দেখিয়া নাপাৱা সাখী।।
শুকাই গৈল আন্ত মুখে নাসে মাত
দান্তৰো নাহি অৱস্থা।
কাসে ঢুলা-ঢুল সৰি গৈল চুল
লৰবৰ কৰে মাথা।।
বীভত্স শৰীৰ আখি ঝুৰে নীৰ
তিনি থানে ভৈল ৰাগ।
কহয় মাধৱ সবেয়ো মৰিব
থাপি বুঢ়াসে আগ।।