বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি/বিভিন্ন জনৰ দৃষ্টিত
দহ
বিভিন্ন জনৰ দৃষ্টিত
[বিভিন্ন সময়ত, বিভিন্ন পৰিস্থিতিত ইন্দিৰা মিৰিৰ সংস্পৰ্শলৈ অহা কেইগৰাকীমান গুণী জ্ঞানীলোকৰ লগতে পৰিয়ালৰ দুই এজনৰ বক্তব্য এই অধ্যায়ত সন্নিবিষ্ট হৈছে। সেইসকললৈ কৃতজ্ঞতাবে – লেখিকা ]
শ্ৰীসুৰেশ ৰাজখোৱা⸺
শিক্ষা বিভাগৰ বিষয়া হিচাপে এবাৰ পাছীঘাটৰ এখন স্কুল চাবলৈ যাওঁতে মোৰ ইন্দিৰা মিৰিৰ সৈতে প্ৰথম সাক্ষাৎ হৈছিল। অসমীয়া মহিলা এগৰাকীয়ে সেইদৰে নেফাত চাকৰি কৰি থকা দেখি মই একপ্ৰকাৰ গৰ্ব অনুভৱ কৰিছিলো। তেওঁক নেফাৰ শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াৰ দায়িত্ব দিয়াত বহুতে সন্দেহ প্ৰকাশ কৰিছিল – মহিলা এগৰাকীয়ে পাহাৰ-অৰণ্যৰ মাজত কেনেকৈ কাম কৰিব? সেই সময়ত তাত ৰাস্তা পদূলি নাছিল, গাড়ী মটৰো চলা নাছিল। সকলো কাম খোজ কাঢ়িয়েই কৰিব লাগিছিল। তেনে পৰিস্থিতিতো ইন্দিৰা মিৰিয়ে সেৱাৰ মনোভাৱ লৈ প্ৰাণ ঢালি কাম কৰিলে আৰ নেফাত শিক্ষাৰ শকত ভেটি এটি গঢ় দি আহিল। স্বৰ্গীয় হিৰণ্য চন্দ্ৰ ভূঞাৰ অৱসৰ গ্ৰহণৰ পিছত মই শিক্ষা বিভাগৰ ডাইৰেক্টৰ হওঁ। তেতিয়া তেওঁ নেফা এৰি আহি যোৰহাটত ন-কৈ পতা বি টি কলেজৰ অধ্যক্ষাৰ দায়িত্ব ভাৰ লৈছেহি। বহু ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি তেওঁ সেই কলেজখন গঢ়ি তুলিছিল। সেইকালত চৰকাৰৰ শিক্ষা বিভাগ আৰু শিক্ষানুষ্ঠান সমূহৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছিল। শিক্ষাধিকাৰ ৰূপে বহু শিক্ষানুষ্ঠানৰ মুৰব্বীৰ সংস্পৰ্শলৈ আহিছিলো; মনে মিলা মানুহৰ সৈতে কাম কৰাৰ যি আনন্দ ইন্দিৰা মিৰিৰ ক্ষেত্ৰত সেয়া মই পাইছিলো। তেওঁ এনে এগৰাকী মুৰব্বী আছিল যাৰ ওপৰত বিশ্বাস আৰু আস্থাৰ ভাৱ ৰাখি কাম কৰিব পাৰিছিলো। শিক্ষা বিভাগত মই লগ পোৱা লোকসকলৰ ভিতৰত শিক্ষা সম্পৰ্কে এক সামগ্ৰিক ধাৰণা থকা মানুহ দুই চাৰিজনহে পাইছিলো; ইন্দিৰা মিৰি সেইসকলৰ অন্যতম আছিল। তেওঁ যথেষ্ট অধ্যয়ন কৰিছিল, ৰবীন্দ্ৰ সাহিত্যৰ সৈতে ভাল পৰিচয় আছে। তেওঁৰ বক্তৃতা জ্ঞানগৰ্ভ [ ৬৬ ] আৰু সাৱলীল, কথাবোৰ অন্তৰৰ পৰা কৈছিল। তেওঁ ভাৰতীয় আধ্যাত্মিক চিন্তা-ধাৰাৰে প্ৰভাৱিত ব্যক্তি।
“মই ভাৰত স্কাউটচ্ এণ্ড গাইডচ্ অনুষ্ঠানটোৰ ষ্টেট্ চীফ্ কমিছনাৰ আছিলো। শ্ৰীমতী মিৰি সেই অনুষ্ঠানটোৰ এগৰাকী উপসভানেত্ৰী আছিল। সেই সূত্ৰেও বহু দিনলৈ সভা সমিতিবোৰত আমি লগ হৈছিলো।
ভগবানে তেওঁক যেন সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন দান কৰে।
শ্ৰীনীলিমা দত্ত⸺
অসমীয়া জাতিয়ে ইন্দিৰা মিৰিক লৈ গৌৰৱ কৰিব পাৰে। তেখেতৰ সমাহিত কথা বতৰা, প্ৰখৰ বুদ্ধি আৰু মানুহৰ লগত মিলিব পৰা স্বভাৱটিয়ে মানৱতাবোধৰ পৰিচয় দিয়ে। তেখেত নাৰীবাদ, পুৰুষবাদ বা আন কোনো বাদৰ পক্ষপাতী নহয়, তেখেত বিশ্ব শান্তিৰ এগৰাকী প্ৰবক্তা। তেখেতে এসময়ত পানবজাৰ ছোৱালী হাইস্কুলত শিক্ষকতা কৰিছিল। মই সেইখন স্কুলৰে ছাত্ৰী আছিলো যদিও তেখেতক শিক্ষয়িত্ৰী হিচাপে পোৱা নাছিলো। তেখেতৰ জীৱনটোৱেই সমন্বয়ৰ এক উজ্বল দৃষ্টান্ত। নেফাৰ শিক্ষা-বিষয়া ৰূপে তেওঁ সেই জনজাতীয় লোকসকলৰ সেৱাত নিজকে বিলাই দিছিল। এই সমন্বয়ৰ আদৰ্শই তেখেতক আধ্যাত্মিকতা প্ৰদান কৰিছিল। সভাই সমিতিয়ে এই গৰাকী বৃদ্ধা মহিলাৰ যি বাগ্মিতা প্ৰকাশ পায় সি অনন্য। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো।
ড° ৰমেশ দাস⸺
১৯৫৭ চনত যোৰহাটত পোষ্ট গ্ৰেজুয়েট ট্ৰেইনিং কলেজ স্থাপন হোৱাৰ কেইমাহমান পিছতে মই কটন কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগৰ পৰা গৈ সেই প্ৰশিক্ষণ কলেজত বিজ্ঞান-শিক্ষক ৰূপে যোগদান কৰোগৈ। কলেজখনত কলা আৰু বিজ্ঞান দুয়োটা বিভাগ খোলা হৈছিল; শিক্ষক নাছিল বাবে পদাৰ্থ-বিজ্ঞান, ৰসায়ন-বিজ্ঞান, অঙ্ক– গোটেই কেইটা বিষয় মই শিকাবলগীয়া হৈছিল। তেতিয়াৰে পৰা ন দহ বছৰ শ্ৰীযুতা ইন্দিৰা মিৰিৰ তলত কাম কৰাৰ সৌভাগ্য মোৰ হৈছিল। সেই সময়ছোৱাৰ অভিজ্ঞতা আছিল সন্তানে মাতৃৰ শাসনত কাম কৰাৰ অভিজ্ঞতা। মানুহ গৰাকীৰ শান্ত, সৌম্য চেহেৰা, মাতৃ সুলভ আচৰণ, কথা-বতৰাই আমাক মোহিত কৰিছিল আৰু শিক্ষক, কৰ্ম্মচাৰী আটায়ে তেওঁৰ আদৰ্শেৰে কলেজখনৰ উন্নতিৰ হকে দেহে-কেহে চেষ্টা কৰিছিলো। কলেজখনৰ যোগে কেন্দ্ৰীয় চৰকাৰৰ Extension Service অৰ সেৱা আগবঢ়োৱা হৈছিল। কলেজৰ অধ্যক্ষা ইন্দিৰা মিৰি সেই বিভাগৰ ডাইৰেক্টৰ আছিল আৰু কলেজৰ আন এগৰাকী প্ৰবক্তা স্বৰ্গীয় [ ৬৭ ] হৰেশ্বৰ গোস্বামীয়ে Extension Officer হিচাপে কাম চলাইছিল। সেই বিভাগৰ উদ্যোগত কলেজত প্ৰতিমাহে হাইস্কুল পৰ্যায়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে ছেমিনাৰ পতা হৈছিল। শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাবোৰ দাঙি ধৰা, শিক্ষাৰ শেহতীয়া ধাৰণা - সমূহ শিক্ষকসকলক অৱগত কৰোৱা সেই আলোচনা চক্ৰসমূহৰ মূল উদ্দেশ্য আছিল। সেইবোৰ সভাত ইন্দিৰা বাইদেউ মুখ্য বক্তা আছিল। তেওঁ সুন্দৰ, শুৱলা বক্তৃতা দিছিল। বাইদেউৰ সৈতে একেলগে নেফাত কাম কৰা আমাৰ সহকৰ্ম্মী ৰাম প্ৰসাদ খাউণ্ডৰ মুখে বাইদেৱে সেই পাহাৰীয়া অঞ্চলত দিনে ন দহ মাইললৈকে খোজ কাঢ়ি কেতিয়াবা বাটে বাটে ৰাতি খপি আওহতীয়া দুৰ্গম ঠাইত স্কুল পাতিবলৈ যোৱা কাহিনীবোৰ শুনি বিস্মিত হৈছিলো।
যোৰহাটত অৱস্থিত ৰাজ্যিক শিক্ষা গৱেষণা কেন্দ্ৰৰো (S.I.E.) বাইদেৱেই অধ্যক্ষা আছিল। ময়ো সেই অনুষ্ঠানত এজন সহযোগী বিষয়া ৰূপে কাম কৰিছিলো। তাত ৰাজ্যখনত প্ৰাথমিক শিক্ষাৰ উন্নতি সাধনৰ অৰ্থে চিন্তা-চৰ্চা চলোৱা হৈছিল। অনুষ্ঠানটোৰ তৰফৰ পৰা প্ৰাথমিক শিক্ষক-সকলৰ বাবে হ্ৰস্বকালীন প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল। মিৰি বাইদেউৰ নেতৃত্বত তেনে প্ৰশিক্ষণৰ কাৰ্য্যসূচী হাতত লৈ আমি অসমৰ ইমূৰ সিমূৰ ঘূৰি ফুৰিছিলো। সাধাৰণতে বিভিন্ন ঠাইত থকা বুনিয়াদী শিক্ষা-কেন্দ্ৰসমূহতে তেনে প্ৰশিক্ষণ নাইবা ছেমিনাৰৰ ব্যৱস্থা কৰা হৈছিল৷ সাধাৰণতে ইন্দিৰা বাইদেউ, ৰাম প্ৰসাদ খাউণ্ড আৰু মই লগত এজন পিয়ন আৰু ৰন্ধা বঢ়া কৰাৰ সামগ্ৰী লৈ সেইবোৰ ঠাইলৈ যাত্ৰা কৰিছিলো। সকলো ঠাইতে আমি ৰান্ধি বাঢ়ি খাইছিলো; কেতিয়াবা একোটা স্কুল ঘৰতে বেঞ্চ যোৰা দি ধানখেৰৰ বিছনা কৰি আমি হাঁহি মাতি কথা বতৰা পাতি আনন্দ মনে ৰাতি কটাইছিলো। এবাৰ শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জৰ পিনে যাওঁতে বাটতে ভূমিস্খলনৰ বাবে ৰেল বন্ধ হ'ল। তেতিয়া আমি চাৰিওজনে লামডিং প্লেটফৰ্মতে কাপোৰ একোখন পাৰি লৈ শুই পৰিছিলো। এখন কলেজৰ অধ্যক্ষা, এগৰাকী সন্মানিতা ভদ্ৰমহিলা হোৱা সত্ত্বেও বাইদেৱে হাঁহিমুখে এনেবোৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল। বি টি কলেজৰ পৰা অৱসৰ পোৱাৰ পিছত বাইদেউ গুৱাহাটীলৈ আহি বাণীকান্ত বি টি কলেজৰ অধ্যক্ষা হয়। ময়ো কলেজ এৰি শিক্ষা বিভাগৰ চাকৰিত যোগদান কৰো আৰু অসমৰ শিক্ষাধিকাৰ (D.P.I.) পদৰ পৰা অৱসৰ লওঁ।
শিক্ষাৰ ক্ষেত্ৰত সমৰ্পিতপ্ৰাণ এইগৰাকী ব্যক্তিত্বসম্পন্না নাৰীক ভগৱানে যেন এশবছৰ পৰমায়ু দান কৰে। [ ৬৮ ] শ্ৰীঅৰুণ শৰ্ম্মা—
“হোৱাট্ লাইফ্ মীন্চ্ টু মী” (মোৰ কাৰণে জীৱনৰ অৰ্থ কি হ’ব পাৰে?-)
এই বিষয়ে ইংৰাজীত এটি অনাতাঁৰ কথিকা নিবেদন কৰিবলৈ আকাশ বাণীৰ ষ্টুডিঅ’লৈ নিমন্ত্ৰণ কৰি অনা হৈছিল শ্ৰীমতী ইন্দিৰা মিৰিক। তাৰিখটো মনত নাই, কিন্তু সময়খিনি আছিল সত্তৰৰ দশকৰ মাজভাগত, অৰ্থাৎ এতিয়াৰ পৰা প্ৰায় পচিশ বছৰ পূৰ্ব্বে।
অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনাৰ দায়িত্বত মই আছিলো। গতিকে স্বাভাবিকতে আকাশ বাণীৰ ষ্টুডিঅ’ত তেখেতৰ মুখা মুখিকৈ বহাৰ আৰু কিছু সময় তেখেতৰ সৈতে আলাপ-আলোচনা কৰাৰ প্ৰথম সুযোগটো মোৰ জীৱনত হৈছিল সেইদিনাই। সেয়া অৱশ্যে একান্তই আনুষ্ঠানিক সান্নিধ্য আৰু যোগাযোগৰ সুযোগ আছিল। কিন্তু সেয়ে হ’লেও সেই প্ৰথম সান্নিধ্য মোৰ বাবে আছিল অনবদ্য, অবিস্মৰণীয় এক অভিজ্ঞতা। এখন অৰণ্যৰ লুঙ্লুঙীয়া বাটেৰে পাৰ হৈ গৈ হঠাৎ সমুখত দেখা পোৱা এখন বিশাল, গভীৰ, প্ৰশান্ত ধীৰ-প্ৰবাহী নদী, যেন ব্ৰহ্মপুত্ৰ, যেন গঙ্গা।
ইন্দিৰা বাইদেউৰ সৈতে হোৱা মোৰ প্ৰথম সাক্ষাৎ আছিল এখন বিশাল নদী দেখাৰ অভিজ্ঞতা। সেইদিনা তেখেতৰ কথিকাটোৰ বিষয়-আলোচনা, প্ৰকাশ আৰু ভাষাৰ প্ৰাঞ্জলতা, সৰ্বোপৰি তেখেতৰ অপূৰ্ব নিবেদনশৈলী আছিল আমাৰ এক পৰম বিষ্ময়। মোৰ আকাশ-বাণীৰ ত্ৰিশ বছৰৰ চাকৰি জীৱনত অনেক কথিকা লিখক আৰু প্ৰচাৰকক অনুষ্ঠানত জড়িত কৰোৱাৰ সুযোগ হৈছিল। কিন্তু অনাতাঁৰ মাধ্যমৰ বিশেষ শৈলীৰ মাজেৰে অত্যন্ত আকৰ্ষণীয়কৈ বক্তব্য দাঙি ধৰা যি কেগৰাকী সীমিত সংখ্যক প্ৰচাৰকক লগ পাইছিলো তেওঁলোকৰ ভিতৰত অন্যতম আছিল ইন্দিৰা বাইদেউ। ইংৰাজী, অসমীয়া দুয়োটা ভাষাতে অতি দক্ষতাৰে শ্ৰোতাৰ মনোগ্ৰাহীকৈ তেখেতে আকাশ বাণীৰ পৰা ভালে কেইটি কথিকা প্ৰচাৰ কৰিছে।
তাৰ পিছত, মোৰ জীৱনত যি কেইটামান পৰম সৌভাগ্য এতিয়ালৈকে ঘটিছে তাৰে এটি হ’ল প্ৰায় চাৰি বছৰ কাল গুৱাহাটীৰ শিলপুখুৰীত ইন্দিৰা বাইদেউৰ ঘৰৰ চৌহদত বাস কৰিবলৈ পোৱাৰ সুযোগ। সেই চৌহদত তেখেতৰ বৰপুত্ৰ উৎপল মিৰিৰ নিজাববীয়াকৈ সজা এটা ঘৰ আছে। আমি সেই ঘৰটো ভাড়া লৈ আছিলো; গতিকে স্বাভাবিকতে আমি বাইদেউৰ সান্নিধ্যত আছিলো আৰু সেই সান্নিধ্য হৈ উঠিছিল অতি নিবিড় আৰু আপোন। তেখেতৰ পিছ বাৰীৰ পালেং-লাই-ধনীয়াৰ মুঠিৰ সৈতে পাকঘৰৰ খাৰ, টেঙা বা কিবা [ ৬৯ ] নতুন ব্যঞ্জন, (তেখেতে এই বয়সতো ৰান্ধনী শালত পুৱা গধূলি ৰন্ধা বঢ়া কৰে) বিহুৰ লাডু- পিঠা, শালৰ গামোছা নিয়মীয়াকৈ আমাৰ ঘৰলৈ আহিছিল।
তেখেতৰ ঘৰৰ চৌহদক এখনি আশ্ৰম বুলিব পাৰি। সেই আশ্ৰমবাসিনী ইন্দিৰা মিৰি এগৰাকী তপস্বিনী, সাধনালব্ধ জীৱনৰ পৰমাৰ্থৰ এটি ৰূপ। নিতৌ পুৱা সকলো প্ৰাতঃকৰ্ম্মৰ অন্তত সদ্যস্নাতা, মুক্তকেশী, শুভ্ৰবসনা ইন্দিৰা বাইদেউৱে যেতিয়া ঘৰৰ বাৰাণ্ডাত বহি সমুখৰ পুষ্কৰিণীৰ পিনে চাই ৰবীন্দ্ৰ স!ীতৰ সঙ্গীতৰ কলি নাইবা চণ্ডী কাব্যৰ শ্লোক গুণ্গুণাই থাকে তেতিয়া এনে অনুভৱ হয় যেন কোনো আশ্ৰমৰ পূতমন্দিৰৰ পূজাৰিণী ধ্যানমগ্না হৈ বহি আছে।
সেই কেবছৰত আজৰি সময়ত প্ৰায়েই তেখেতৰ ওচৰত বহিছিলোগৈ। বিবিধ বিষয়ৰ কথা কয়, বিবিধ আলোচনা তেখেতে কৰে। তেখেতৰ শৈশৱ, কৈশোৰ, যৌৱন, বিবাহিত জীৱন, তেখেতৰ বৈধব্যৰ কথাও ওলায়। অৱশ্যে তেখেতে নিজে কওঁ বুলি নিজৰ কথা কবলৈ নেযায়; মই সুধিলে নাইবা কিবা বক্তব্যৰ প্ৰসংগত উত্থাপন কৰিবলগীয়া হলেহে তেখেতে নিজৰ কথা কয়। তেখেত সচেতন ভাৱে আত্মপ্ৰচাৰৰ পৰা সততে বিৰত থাকে। তথাপি আমাৰ জনাৰ আগ্ৰহক সহাঁৰি দি তেখেতে যিবোৰ বৃত্তান্ত আগবঢ়াইছিল তাৰ মাজেৰে মই উপলব্ধি কৰিছিলো কি অসাধাৰণ ব্যক্তিত্ব, মেধা আৰু বুদ্ধিমত্তাৰ গৰাকিনী এই নাৰীহ্ল নাৰী ব্যক্তিগত নাইবা সামাজিক জীৱনৰ সংগ্ৰামতো আক্ৰান্ত নোহোৱাকৈ নাছিল তেখেত। সেইবোৰ কাহিনীয়ে তেওঁৰ আত্মিক শক্তি আৰু সাহসৰ পৰিচয় দিয়ে। দুজন ব্যক্তিৰ প্ৰভাৱ আৰু দিক্ নিৰ্নয়ে তেখেতক পথৰ সন্ধান দিছিল, গতিৰ চালিকা শক্তি নিৰূপন কৰিছিল। সেই দুজন আছিল তেখেতৰ পিতৃদেৱ স্বৰ্গীয় সোণাধৰ সেনাপতি আৰু স্বামী স্বৰ্গীয় মহী চন্দ্ৰ মিৰি। এই দুজনৰ কথা যেতিয়া তেখেতে কয় তেখেতৰ মন আজিও যেন বিভোৰ হৈ উঠে। অসমীয়া, বাংলা, ইংৰাজী আৰু সংস্কৃত-এই চাৰিওটা ভাষাত তেখেতৰ দখল সমান। এই চাৰিওটা ভাষাৰ অনেক গ্ৰন্থৰ উদ্ধৃতি তেওঁৰ কণ্ঠস্থ, বিশেষকৈ ৰবি ঠাকুৰৰ কাব্য আৰু ৰবীন্দ্ৰ সংগীত। সভা সমিতিত তেখেতৰ ভাষণ এক বিৰল প্ৰতিভাৰ স্বাক্ষৰ। কেনে সাৱলীল ভাৱ, প্ৰাঞ্জল ভাষাৰে, বক্তব্যৰ মূল কথাখিনিৰ পৰা কেনিও আতৰি নোযোৱাকৈ তেখেতে ভাষণ দিব পাৰেহ্লপাৰে।
অতিকৈ সৰলমনা, নিৰহংকাৰী, প্ৰচাৰ বিমুখ ইন্দিৰা বাইদেউৰ কথা ভাবিলে মনলৈ আহে তেখেতৰ সত্ত্বাত যেন বিলীন হৈ আছে ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সেই কবিতাৰ বাণী[ ৭০ ]“আমাৰ মাথা নত কৰে দাওহে তোমাৰ
চৰণ ধুলা তলে
সকল অহংকাৰ হি আমাৰ
ডুবাও চোখেৰ জলে
নিজেৰে কৰিতে গৌৰৱ দান
নিজেৰে কেবলি কৰি অপমান
আমাৰে যেন নাকৰি প্ৰচাৰ
আমাৰ আপন কাজে ---"
ইন্দিৰা বাইদেউ, পেচ মেকাৰ লৈয়েই আপুনি শতবৰ্ষ জীয়াই থাওক।
শ্ৰীৰাম গোস্বামী⸺
সুলিখিকা শ্ৰীমতী হিৰণ্ময়ী দেৱীয়ে আমাৰ সকলোৰে পৰিচিত, পৰম শ্ৰদ্ধাৰ শ্ৰীযুতা ইন্দিৰা মিৰি বাইদেউৰ জীৱন আৰু কৃতিৰ বিষয়ে গ্ৰন্থ এখন যুগুত কৰিছে বুলি খবৰটো জনোৱাত মই পৰম আনন্দিত হৈছো আৰু শ্ৰীমতী হিৰন্ময়ী দেৱীক শলাগ জনাইছো। কবলৈ গ'লে, ইন্দিৰা মিৰি বাইদেউৰ ওচৰত আমাৰ কৃতজ্ঞতাৰ অন্ত নাই। অসাধাৰণ প্ৰতিভা সম্পন্না এইগৰাকী বৰ্ষীয়ান সমাজ-সেৱিকাই অসমবাসীৰ অন্তৰ জয় কৰিছে। বিশিষ্ট শিক্ষাবিদ ৰূপে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত জনাজাত এইগৰাকী বিদূষী মহিলাৰ মন আৰু চিন্তাৰ পৰিধি বিশাল। তেখেতৰ জীৱন ইতিহাস বহু অভিজ্ঞতাৰ সমষ্টি। তেখেত বলিষ্ঠ জীৱনবাদী, মানৱমুখী আৰু বিশ্বমানবিকতাত বিশ্বাসী মহিলা। নিঃসন্দেহে, নিঃসংশয়ে কব পাৰি যে ইন্দিৰা মিৰি হৈছে ভাৰতীয় সংস্কৃতিৰ দৃষ্টান্ত স্বৰূপ মহীয়সী নাৰী। মই তেখেতক শ্বিলঙত থকা দিনৰে পৰা জানো। মোৰ শহুৰ দেউতা, সত্ৰীয়া কলা-সংস্কৃতিৰ সাধক প্ৰয়াত জীৱেশ্বৰ গোস্বামীৰ লগত সেনাপতি পৰিয়ালৰ এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল। সংস্কৃতিবান সেনাপতি পৰিয়ালটো আছিল শ্বিলঙীয়া বৃহৎ অসমীয়া সমাজখনৰ সকলো বিষয়তে আগভাগ লওঁতা উৎসাহী ঘৰ। সোণাধৰ সেনাপতি আছিল ঘৰখনৰ মূল মানুহ। শহুৰ দেউতাৰ মুখত শুনিছিলো যে মানুহজনৰ সৰ্বজনপ্ৰিয় পৰোপকাৰী স্বভাৱ বহু ৰাজহুৱা আৰু সামাজিক অনুষ্ঠানৰ ৰূপ বিধানত সাৰ্থক উদাহৰণ স্বৰূপে পৰিলক্ষিত হৈছিল। অনেক অসমীয়া ডেকাক চৰকাৰী কামত ভৰাই দি সেনাপতি ডাঙৰীয়াই মহৎ উপকাৰ সাধিছিল। সেনাপতি পৰিয়ালৰ উদাৰ মনোভাৱ, সহজ আৰু সাৰ্বজনীন প্ৰকাশ পুৰণি অসমীয়া সমাজখনে স্বীকৃতি সহকাৰে গ্ৰহণ কৰি ধন্য হৈছিল। লাবান নামঘৰ, আসাম ক্লাব, প্ৰাচীন কামৰূপী নৃত্যসংঘ প্ৰভৃতিৰ [ ৭১ ] লগত সেনাপতি পৰিয়ালটো ঘনিষ্ঠ ভাৱে জড়িত আছিল। এনে এটা সংস্কৃতিবান পৰিয়ালৰ জীয়াৰী ইন্দিৰা মিৰি, যাক আমি সাদৰেৰে মেৰেঙ্ বাইদেউ বুলি মাতিছিলো। এইগৰাকী বিদ্যোৎসাহী মহিলাৰ ৰুচি আৰু সৌন্দৰ্যবোধৰ চিনাকি মই নিজে পাইছো তেখেতৰ বহু বিধ কৰ্ম্ম-প্ৰেৰণাৰ নিৰপেক্ষ দৰ্শক হিচাপে। অসমীয়া, ইংৰাজী, বঙলা আৰু সংস্কৃত ভাষাত তেখেতৰ পাণ্ডিত্য দেখি মুগ্ধ হৈছো। গদ ছন্দক সুন্দৰ ভাৱে আয়ত্ত্ব কৰি তাক যথোচিত ভাৱে প্ৰয়োগ কৰি ইন্দিৰা মিৰি বাইদেৱে যি মনোগ্ৰাহী, হৃদয়স্পৰ্শী বক্তৃতা প্ৰদান কৰে, তাৰ মাজত আমি পাওঁ কাব্যোচিত ধ্বনি প্ৰবাহ আৰু গতিময় ভাষাৰ বিন্যাস কৌশল। বক্তৃতাৰ মাজেদি, উপমাৰ যোগেদি তেখেতে অগণন দৰ্শক শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি সম্পূৰ্ণ ভাৱে বিষয় প্ৰসংগ ফুটাই তোলে। ভাৱ-আলোড়নক নৈপুণ্যৰে প্ৰতিষ্ঠিত কৰোতে ইন্দিৰা মিৰিৰ আধ্যাত্মিক ব্যাখ্যা অতি ৰস মধুৰহ্ল আবেগেৰে তেখেতে প্ৰত্যাশী মনৰ আশা-আকাংক্ষা ব্যক্ত কৰে। অতীত, বৰ্তমান আৰু ভৱিষ্যৎ তেখেতে বিচাৰ বিশ্লেষণ কৰি উদ্ভাষিত কৰে মানব বাসনা। অসমীয়া জাতিৰ প্ৰতিশ্ৰুতিময় আগত দিনবোৰৰ কথা তেখেতে প্ৰকাশ কৰে আবেগোচ্ছল, সংগীতময় কাব্যিক ভাষাৰে। কেতিয়াবা তেখেতৰ ভাষণত সুগভীৰ নৈৰাশ্যৰ আশংকা ফুটি ওলায়। তেতিয়া তেখেত হৈ পৰে ভাৱবিহবল। মই লক্ষ্য কৰিছো, ইন্দিৰা মিৰিৰ ভাৱছন্দত এক অন্তনিৰ্হিত ৰূপময়তা সোমাই আছে। অশিষ্ট, ৰীতি বিৰোধী, অমাৰ্জিত মন্তব্য তেখেতে কেতিয়াও নকৰে। বক্তৃতাৰ যি মাৰ্জিত আৰু ৰসগ্ৰাহী আংগিক তাক ইন্দিৰা মিৰিয়ে সচেতন ভাৱে পালন কৰে। কবলৈ শংকাবোধ নকৰো যে এইগৰাকী প্ৰবীণা মহিলাৰ কথা-বতৰাত, আচৰণ-বিচৰণত কেতিয়াও সগৰ্ব আত্মতুষ্টি পৰিলক্ষিত হোৱা মই দেখা নাই। নিচেই কাষৰ পৰা তেখেতক আমি পাইছো (মই আৰু মোৰ স্ত্ৰী শ্ৰীমতী জিনু গোস্বামী)। ক’তো, কাহানিও তেখেতৰ কৃত্ৰিমতা দেখা নাই, ক’তো আতিশয্য দৃষ্টি গোচৰ হোৱা নাই।
ইন্দিৰা মিৰি বাইদেৱে স্বৰ্গীয় জীৱেশ্বৰ গোস্বামীৰ মৃত্যু দিবস ৮ এপ্ৰিল ১৯৯৯ চন পালন উপলক্ষে শংকৰদেৱ অধ্যয়ন ক্ষেত্ৰই আয়োজন কৰা মহাপুৰুষ শংকৰদেৱৰ ৫৫০ তম গুৰু-জয়ন্তীৰ লগত সংগতি ৰাখি “সত্ৰীয়া নৃত্যত হস্ত” শীৰ্ষক বক্তৃতা অনুষ্ঠানত উদ্বোধকৰ ভাষণ দিছিল। এই সাৰগৰ্ভ বক্তৃতাটো মই টেপ কৰি ৰাখি থৈছো। তেখেতে মানুহৰ তামসিক, ৰাজসিক প্ৰবৃত্তিৰ বাহিৰেও যি সাত্বিক প্ৰবৃত্তি আছে, তাক আন্তৰিকতাৰে অনুশীলন কৰিবলৈ আহবান জনাইছিল। তেখেতে কৈছিল, “মনুষ্য জীৱন অতি মূল্যবান। অকল পাৰ্থিৱ অৱদানে ইয়াক মহীয়ান কৰিব নোৱাৰে। তামসিক আৰু ৰাজসিক বিষয় বাসনা নিয়ন্ত্ৰণ কৰিবলৈ আধ্যাত্মিক চিন্তাৰ প্ৰয়োজন। ভাৰতীয় আদৰ্শত ইয়াক উচ্চ স্থান দিয়া হৈছে - সৰ্বমংগল কামনাৰে। গুৰু জনাই সেয়েহে কৈছে, “মুখে বোলা ৰাম হৃদয়ে [ ৭২ ] ধৰা ৰূপ ----” ইয়াৰ অৰ্থ সাংসাৰিক ধৰ্ম পালন কৰিও আমি আধ্যাত্মিক চিন্তাৰে মনত শান্তি বিলাব পাৰো। ভক্তি আৰু সংস্কৃতিৰ ভিন্নতা থাকিলেও উদ্দেশ্য কিন্তু অভিন্ন। আমি বিজ্ঞান যুগত বাস কৰিও আমাৰ আধ্যাত্মিক সংযোগ অক্ষয় কৰি ৰাখিব পাৰো। আমাৰ পবিত্ৰতা ৰক্ষা কৰাটো আমাৰ সংস্কৃতি; সত্ৰীয়া সংস্কৃতি জীয়াই ৰখা মানেই জীৱেশ্বৰ গোস্বামীৰ দৰে সাধকসকলক অমৰ কৰি ৰখা। এইটো অসমীয়া জাতিৰ মহৎ কৰ্ত্তব্য। অসমীয়াই নিজকে অসমীয়া বুলি চিনাকি দিবলৈ অসমীয়া কলা-কৃষ্টিৰ পবিত্ৰতা ৰক্ষা কৰি এইবোৰ আধ্যাত্মিক ভাৱেৰে, শুদ্ধ চিত্তেৰে, সাৰ্থক ৰূপত চৰ্চ্চা কৰিব লাগিব। আমি ভ্ৰষ্ট হৈ পৰিলে, লাজৰ সীমা নাথাকিব।” ইন্দিৰা মিৰি বাইদেউৰ বক্তৃতাটোত তেখেতৰ মানৱ জীৱনৰ শাশ্বত সত্ত্বা সুন্দৰ ভাবে ব্যাখ্যা হৈছিল। মুগ্ধ হৈছিল সমূহ শ্ৰোতা।
ইন্দিৰা বাইদেউৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰিছো।
শ্ৰীশকুন্তলা চৌধাৰী⸺
স্কুলীয়া জীৱনৰ পৰাই আজি প্ৰায় ষাঠী বছৰ কালে শ্ৰদ্ধেয়া ইন্দিৰা বাইদেউৰ স্নেহাশীষ ভৰা সান্নিধ্যই মোক মুগ্ধ কৰিছে।
১৯৪১ চনতে পাণ বজাৰ ছোৱালী হাই স্কুলত বাইদেউক মই শিক্ষয়িত্ৰী ৰূপে পাইছিলো আৰু এয়ে আছিল বাইদেউৰ লগত মোৰ প্ৰথম পৰিচয়। তেতিয়া মই দশম শ্ৰেণীৰ ছাত্ৰী। বাইদেৱে আমাক ইংৰাজী পঢ়াইছিল। মৰম সনা মাতেৰে ধীৰে – সুস্থিৰে কৰা পাঠ দানে, আমাৰ মন খন্তেকতে একাগ্ৰ কৰিছিল। বাইদেউৰ ইংৰাজী উচ্চাৰণ তেতিয়াও আছিল শুদ্ধ, স্পষ্ট, সুৱলা আৰু অনুকৰণীয়। পঢ়াই থাকোতে আমি মুগ্ধ হৈ শুনি গৈছিলোঁ আৰু এটা ঘন্টা কেনি পাৰ হৈছিল, গমকে নাপাইছিলোঁ।
ইয়াৰ পিছত মই ১৯৪৭ চনত কস্তুৰবা ট্ৰাষ্টৰ কামত নিযুক্ত হওঁ। বাইদেউ অৰুণাচলৰ পৰা গুৱাহাটীলৈ অহাৰ পিছৰ পৰাই তেখেতৰ অধিক সান্নিধ্যলৈ আহোঁ আৰু সঘনে লগ পাবলৈ ধৰোঁ, কাৰণ আমাৰ শ্ৰদ্ধেয়া অমল প্ৰভা বাইদেউ কলিকতাৰ কলেজত পঢ়ি থকা কালত ইন্দিৰা বাইদেউৰ সংস্পৰ্শলৈ আহে। অমল বাইদেউ আছিল আমাৰ "Friend philosopher and guide"। বাইদেউ আমাৰ ইমান প্ৰিয় আছিল যে, কোনোবাই বাইদেউক মৰম সনা মাতেৰে মাতিলে, আত্মীয়তা প্ৰকাশ কৰিলে, আমি স্বাভাৱিকতে সেইগৰাকীৰ প্ৰতি আকৃষ্ট হৈ পৰিছিলো। অমল বাইদেউ আছিল ইন্দিৰা বাইদেউৰ মৰমৰ “মনুমা”। দুয়ো গৰাকীৰ বয়সৰ তাৰতম্য অধিক নাছিল যদিও, ইন্দিৰা বাইদেৱে যেন মাতৃত্বৰ স্নেহেৰেই বাইদেউক চাইছিল। প্ৰকৃততে ইন্দিৰা বাইদেউৰ সংস্পৰ্শলৈ [ ৭৩ ] যেয়ে আহে, তেওঁকেই মাতৃসুলভ মৰমেৰে মোহে। আমি শৰণীয়া আশ্ৰমৰ ভণী সকলেও বাইদেউৰ মাতৃসুলভ স্নেহ পাই আহিছোঁ।
সচৰাচৰে অমল বাইদেৱেও শৰণীয়া আশ্ৰমত পতা সভা-সমিতিলৈ সদায় ইন্দিবা বাইদেউ অহাটো কামনা কৰিছিল। সেয়ে আমি এতিয়াও আমাৰ মাজত ইন্দিৰা বাইদেউক বিচাৰো। বাইদেউৰ পাণ্ডিত্যপূৰ্ণ শুৱলা ভাষণে সকলোকে মোহে; নানা জনৰ উদ্ধৃতিৰে দিয়া সেই চমু অথচ সাৰুৱা ভাষণে আমাকো অতিকৈ মুগ্ধ কৰে।
শৰণীয়া আশ্ৰমত প্ৰায়ে একোখন সভাত এফালে অমল প্ৰভা বাইদেউ, আনফালে পুষ্পলতা বাইদেউ আৰু সোঁ মাজত ইন্দিৰা বাইদেউ বহিছিল। সভাৰ সভানেত্ৰীও ইন্দিৰা বাইদেউকে পাতি ভাল পাওঁ। বাইদেৱে কয়, “তোমালোকে মোক কিয় মাতা?” কেতিয়াবা বাইদেৱে আহিবলৈ আপত্তি দৰ্শায় যদিও পিছ মুহূৰ্ত্ততে ওলায়হি; বাইদেৱেও আমাক এৰিব নোৱাৰে আৰু আমিও বাইদেউক এৰিব নোৱাৰোঁ। এনে অভিন্ন হৃদয়ৰ বাইদেউ গৰাকীক, অমল প্ৰভা বাইদেৱে এৰি যোৱাৰ পিছত, আমাৰ মনে যেন আৰু নিবিড় ভাৱে পাবলৈ বিচাৰে। যেন অমল বাইদেউৰ অবৰ্ত্তমানত অনুভৱ হোৱা অভাৱ খিনি, ইন্দিৰা বাইদেৱেহে পূৰণ কৰিব পাৰে, আমাৰ এনে ভাৱ হয়।
বিহুৱে-পাৰ্বণে আমাৰ বাইদেউৰ ওচৰ পাবলৈ ইচ্ছা হয়। যোৱাৰ সুযোগ নহ'লে, টেলিফোন যোগেৰেই মৰম সেৱা জনাওঁ।
বহু দিন বাইদেউৰ ওচৰলৈ যোৱাটো নহ'লে নাইবা ফোন যোগেও খা-খবৰ লোৱা নহ'লে, বাইদেৱে মৰমৰ অভিযোগ সনা সুৰত কয়, “তোমালোকে দেখোন মোৰ খবৰকে নকৰা হ'লা, মই মৰিলেহে বোধকৰো ফুল দিবলৈ আহিবা।” এনে এষাৰ কথা শুনিলে ইমান যে বেয়া লাগে লগতে নিজকে অপৰাধী যেনো লাগে।
বাইদেউ যেন সু-স্বাস্থ্যৰে সুদীৰ্ঘ কাল আমাৰ মাজত থাকে, সদায় যেন মাতৃ স্নেহেৰে আমাক আৱৰি ৰাখে — ঈশ্বৰৰ ওচৰত আমাৰ এয়ে আন্তৰিক প্ৰাৰ্থনা।
শ্ৰীশুচিতা ৰায়চৌধুৰী⸺
কোনো এখন জ্যোতিষ শাস্ত্ৰত পাইছিলোঁ, যিগৰাকী পূৰ্ণবয়ষ্ক ব্যক্তিৰ হাতৰ তলুৱা ফুলৰ দৰে কোমল তেওঁ অশেষ প্ৰতিভাশালী আৰু বৰণীয় হয়। মই মোৰ জীৱনত তেনে একাজলি ফুলৰ দৰে কোমল তিনিখন হাতৰ স্পৰ্শ পাই ধন্য হৈছোঁ। সেই তিনিজন ব্যক্তিৰ এজন হৈছে মোৰ পিতৃদেৱ অম্বিকাগিৰি ৰায় চৌধুৰী, দ্বিতীয় জন হৈছে স্বতন্ত্ৰ ভাৰতবৰ্ষৰ প্ৰথম গৰাকী প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰ লাল নেহেৰু আৰু তৃতীয় গৰাকী অসমৰ এক বৰেণ্যা নাৰী শ্ৰীমতী ইন্দিৰা মিৰি। এই তিনিও গৰাকী ব্যক্তিৰে হৃদয় একো [ ৭৪ ] আঁজলি ফুলৰ পাহিৰ দৰেই কোমল, মানুহ আৰু সৃষ্টি-প্ৰপঞ্চৰ প্ৰতি নিভাজ দৰদেৰে আদ্ৰহ্ল
ইন্দিৰা মিৰি বাইদেউক প্ৰথম দেখিছিলোঁ, তেখেত নেফাত থাকোতে নেফাৰ শিক্ষা-ব্যৱস্থাৰ বেদনাভৰা কাহিনী বৰ্ণাবলৈ যেতিয়া পিতৃদেৱৰ ওচৰলৈ আহিছিল। ওচৰ চাপিলোঁ যুৱ নিবাস সন্থাৰ মহিলা নিবাসটো নাৰেঙ্গীত সজাৰ আগে আগে। তেতিয়া মই যুৱ নিবাস সন্থাৰ সাধাৰণ সম্পাদিকা আৰু তেখেত উক্ত সন্থাৰ সভানেত্ৰী। উক্ত মহিলা নিবাসটো নিৰ্ম্মাণ কৰিবলৈ ভাৰত চৰকাৰৰ পৰা প্ৰায় ২০ লাখ টকাৰ আঁচনিখনত অনুমোদন সহ ১ম কিস্তিৰ প্ৰায় ২.৫০ আঢ়ৈ লাখ টকাৰ মঞ্জুৰীটো আহি পাইছিল। মই তেতিয়া অসম খাদী-গ্ৰামোদ্যোগ বোৰ্ডৰ পৰা গৈ গুৱাহাটী আদালতত ১ ম শ্ৰেণীৰ দণ্ডাধীশ। তেতিয়া কামৰূপৰ উপায়ুক্ত আছিল বিখ্যাত ভাৰতীয় প্ৰশাসনীয় বিষয়া বি পি সিং। আঁচনিখন কাৰ্য্যকৰী কৰাৰ সন্দৰ্ভত কামৰূপৰ উপায়ুক্তক অধ্যক্ষ হিচাবে লৈ এখন কমিটি গঠন কৰা হ’ল। ইন্দিৰা মিৰি বাইদেউৰ পৰামৰ্শ মতেই অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা প্ৰয়াত বিৰাজ মোহন চক্ৰৱৰ্ত্তী আৰু একে পদৰে প্ৰয়াত কমলেশ্বৰ বৰুৱাক সেই কমিটিৰ সদস্য কৰি লোৱা হৈছিল। উক্ত কমিটিয়ে দিয়া দিহা অনুসৰি হয় অসম চৰকাৰৰ নিৰ্ম্মাণ নিগম, যাক থোৰতে এ জি চি চি বুলি জনা যায়, নহয় অসম গড় কাপ্টানী বিভাগক মহিলা নিবাস নিৰ্ম্মাণৰ দায়িত্ব দিয়াৰ ব্যৱস্থা কৰা হ’ল। নিৰ্ম্মাণ নিগমে নিৰ্ম্মাণ ব্যয়ৰ ২৫% অংশ বিভাগীয় খৰচ হিচাবে কাটি ৰাখে বাবে শেষত গড় কাপ্টানী বিভাগকে কামটো সঁপি দিয়া হ'ল। ভাৰত চৰকাৰে অনুমোদন দিয়া আঁচনিবোৰৰ খৰচৰ এটা বুজন অংশ আঁচনি সম্পাদন কৰা প্ৰতিষ্ঠানে বহন কৰিব লাগে। যুৱ নিবাস সন্থাৰো সেয়ে হৈছিল। নিৰ্ম্মাণ ব্যয়ৰ সন্থাৰ ভাগত পৰা অংশটোৰ বাবে ৰাইজৰ পৰা বৰঙণি তোলাৰ ক্ষমতা নাছিল বাবে আমি চৰকাৰৰ ওচৰ চাপিব লগীয়া হৈছিলো। সেইখিনি সময়ত ইন্দিৰা মিৰি বাইদেৱে যি প্ৰচণ্ড প্ৰাণ শক্তিৰে মোক পৰিচালিত কৰিছিল তাৰ কথা ভাবিলে আজিও মই বিস্ময়াভিভূত হৈ পৰো। দায়িত্ব, কৰ্ত্তব্য আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতি ইমান গভীৰ নিষ্ঠা আৰু সচেতনতা দেখি মোৰ মন শুদ্ধাত দোঁ খাই পৰিছিল। তেতিয়া এ জি চি চি ৰ মুখ্য অভিযন্তা আছিল হৰেণ চক্ৰৱৰ্ত্তী, গড় কাপ্টানী বিভাগৰ মুখ্য অভিযন্তা ভৱদেৱ শৰ্ম্মা আৰু কাৰ্য্যবাহী অভিযন্তা আছিল শৈলেন শীল। এখেতসকলক দপ্তৰত লগ ধৰি সকলো কথা বিতং ভাৱে আলোচনা কৰাটো সুবিধাজনক নোহোৱা বাবে বাইদেৱে পুৱা ৫ পাঁচ বজাতে আমাৰ ঘৰলৈ আহি মোক তেওঁলোকৰ ঘৰে ঘৰে লৈ ফুৰিছিল। আমি কামটো খতি-খুন নথকা মজবুত অথচ কম খৰচতে হোৱাটো বিচাৰিছিলোঁ। গতিকে প্ৰথম শ্ৰেণীৰ সৎ ঠিকাদাৰ বিচাৰি বিখ্যাত মাধৱ বৰাৰ ঘৰো ওলাইছিলোঁ। ঘৰটোৰ নক্সা, প্ৰাক্কলন আদি এতিয়া কাৰিকৰী শিক্ষাৰ অতিৰিক্ত সঞ্চালক বিশ্ব দত্ত (স্থপতিবিদ) আৰু তেতিয়াৰ কাৰ্য্যবাহী অভিযন্তা পাঠান হাজৰিকাই (পোছাকী [ ৭৫ ] নামটো মনত পৰা নাই) কৰি দিছিল যদিও শ্ৰীহাজৰিকাৰ প্ৰতি এই ক্ষেত্ৰত কোনো বিভাগীয় নিৰ্দেশ নাছিল। তেওঁ বিপদত পৰাৰ ভয়তে কামটো নিয়মিত কৰাবলৈ বাইদেউৰ লগত দপ্তৰীয় কৰ্মচাৰী বিষয়া সকলৰ মেজে মেজে ঘূৰি ফুৰিব লগা হৈছিল। আনফালে অনুদানৰ ধনৰ লগত অনুষ্ঠানে দিব লগা পৰিপূৰক পূজিটো দান সংগ্ৰহৰ জৰিয়তে গোটোৱাটো সাধাৰণ সম্পাদিকা হিচাবে মোৰ নিজা দায়িত্ব আছিল যদিও এই ক্ষেত্ৰত মই তেনেই অপাৰগ বাবে চৰকাৰী স্হায় বিচাৰি ৰাজ্য চৰকাৰৰ ওচৰ চাপিব লগা হৈছিল। তেতিয়া অসমৰ মুখ্য মন্ত্ৰী আছিল শ্ৰদ্ধেয় শৰৎ চন্দ্ৰ সিংহ, সমাজ কল্যাণ মন্ত্ৰী মোহিনী ব্ৰহ্ম আৰু পৰিকল্পনা মন্ত্ৰী আছিল ছত্ৰ সিং টেৰণ। মই প্ৰথমে তেতিয়াৰ পৰিকল্পনা বিভাগৰ সচিব কিষণ চাইগলৰ ওচৰ চাপিলোঁ। তেওঁ একে আষাৰে ধন নাই বুলি কলে। তেতিয়া আমি মন্ত্ৰী সকলৰ ওচৰ চপাৰ সিদ্ধান্ত ললোঁ। অৱশেষত মুখ্য মন্ত্ৰী ডাঙৰীয়াই সমাজ কল্যাণ বিভাগৰ পৰিকল্পনা শিতানৰ পৰা খৰচ নোহোৱাকৈ পৰি থকাৰ আশঙ্কা থকা পূঁজিৰ পৰা এক লাখ পয়সত্তৰ হেজাৰ টকাৰ এটা মঞ্জুৰী কেন্দ্ৰীয় অনুদানৰ পৰিপূৰক হিচাবে যুৱ নিৱাস সস্থালৈ আগবঢ়োৱাৰ ফলত স্বেচ্ছাসেৱী অনুষ্ঠানে সজা অসমৰ প্ৰথম মহিলা নিবাসটো সাজি উলিওৱা সম্ভৱপৰ হ’ল। বাকী পৰিপূৰক খৰছটো গড় কাপ্টানী বিভাগে এনেবোৰ কামত বিভাগীয় খা-খৰছৰ শিতানত লোৱা অংশটো ৰেহাই দিয়াত কামটো সম্পাদন কৰাত সহায়ক হ'ল। আজি এই নিবাসটোত ডেৰশৰ ওপৰ মহিলাই আবাসিক সুবিধা পাই আছে। এই আটাইখিনি কামতে শ্ৰীমতী ইন্দিৰা মিৰি বাইদেৱে বিনা বাক্য ব্যয়ে আৰু অতি আগ্ৰহেৰে মোৰ লগত দপ্তৰে দপ্তৰে টলৌ টলৌ কৈ যেনেদৰে ঘূৰি ফুৰিছিল, আন অৱসৰ প্ৰাপ্ত উচ্চপদস্থ বিষয়াই সেইটো কৰিলেহেঁতেন নে নাই তাত সন্দেহ আছে। তেতিয়াৰ পৰাই মই তেওঁক মাতৃবৎ জ্ঞান কৰি আছোঁ – যদিও মাতোঁ বাইদেউ বুলি।
শিক্ষা বিষয়ক কোনো কথা হ'লে বাইদেউৰ উৎসাহৰ অন্তনাই। হাড়ে-হিমজুৱে শিক্ষক। অসমৰ প্ৰসিদ্ধ প্ৰশাসনীয় বিষয়া স্বৰ্গীয় খনীন্দ্ৰ চন্দ্ৰ বৰুৱাৰ প্ৰতিটোপা তেজত অসম-প্ৰেমৰ উত্তপ্ততা আছিল; সেয়ে পিতৃদেৱৰ মৃত্যুৰ পিছত অসম যুৱক সমাজৰ সভাপতিৰ পদ তেখেতেই পাইছিল। ১৯৭৭-৭৮ চনত অসম যুৱক সমাজৰ উৎসাহী কৰ্মী অনন্ত শৰ্মা, ভাৰত চন্দ্ৰ দাস আদিয়ে খনীন্দ্ৰ চন্দ্ৰ বৰুৱাৰ সভাপতিত্ব আৰু পৰমেশ্বৰ শৰ্মাৰ উপ-সভাপতিত্বত গুৱাহাটীৰ পূব অঞ্চলত এখন ছোৱালী মহাবিদ্যালয় পাতিবলৈ যো-জা কৰিলে। উক্ত কমিটিৰ সম্পাদিকাৰ দায়িত্ব ৰাইজে মোকেই দিলে। মহাবিদ্যালয়ত ছাত্ৰীৰ নাম ভৰ্ত্তিৰ সময় আহিল, কিন্তু আমি শ্ৰেণী আৰম্ভ কৰিবলৈ কোনো ঠাই যোগাৰ কৰিব পৰা নাই। মহাবিদ্যালয়ৰ অধ্যক্ষ এগৰাকীৰো প্ৰয়োজন। কমিটিয়ে অধ্যক্ষা হিচাবে [ ৭৬ ] ইন্দিৰা বাইদেউক মনোনীত কৰি থৈছে। স্থানৰ সমস্যাটো বাইদেউৰ লগত আলোচনা
কৰোঁতে বাইদেৱে তেখেতৰ থকা ঘৰৰ আহল-বহল ডাঙৰ কোঠাটোতেই নাম ভৰ্ত্তি আৰু প্ৰথম শ্ৰেণী কেইটা আৰম্ভ কৰাত সন্মতি প্ৰদান কৰিলে। পৰমেশ্বৰ শৰ্মা, আনন্দেশ্বৰ শৰ্মা, ইন্দিৰা মিৰি বাইদেউ—আটায়ে তাতে শ্ৰেণীত পাঠ দানৰ কাম আৰম্ভ কৰিলে। তাৰ কিছুদিন পাছতহে কন্যা মহাবিদ্যালখন চিৰিয়াখানা পথৰ খৰ্গেশ্বৰ শৰ্মাৰ দুমহলীয়া ভাৰা ঘৰটোলৈ স্থানান্তৰিত কৰা হ’ল। তাতো বাইদেৱে ৰাতিপুৱা ৭ সাত বজাতে গৈ নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিছিল। কোনোদিনেই তাত যতি পৰা নাছিল। নাৰেঙ্গীৰ ‘অঙ্কুৰ’ বিদ্যালয় আৰু ছয় গাঁৱৰ ভিতৰুৱা গাওঁখনৰ বিদ্যালয়খন আৰম্ভ কৰাতো বাইদেউৰ উৎসাহৰ অন্ত নাছিল। এয়ে শিক্ষাব্ৰতী ইন্দিৰা মিৰি। তেখেতলৈ মোৰ শত সহস্ৰ প্ৰণাম।
ড° ৰেণু দেৱী⸺
এগৰাকী মাতৃ আৰু শিক্ষয়িত্ৰীৰ কি কি গুণ থকা দৰকাৰ সেই সম্পৰ্কে স্পষ্ট ধাৰণা থাকিলেও মই যে সেই সকলোবোৰ গুণৰ অধিকাৰিণী নহয় সেই কথা জানিছিলো আৰু সেইবোৰ গুণ আয়ত্ব কৰিবলৈ যত্ন কৰিছিলো। মাতৃৰ মমতাৰে শিক্ষাৰ্থীক চাব নেজানিলে তেওঁলোকৰ পৰা বিশ্বাস আৰু শ্ৰদ্ধা পাবলৈ টান হয়। অনুকৰণ প্ৰিয় ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ জ্ঞান, চৰিত্ৰ, আদৰ্শ আৰু মূল্যবোধক সাৱধানে নিৰীক্ষণ কৰি অনুকৰণ কৰিবলৈ বিচাৰে। শিক্ষক-শিক্ষাৰ্থীৰ বিদ্যায়তনিক সম্বন্ধই শিক্ষাৰ্থীৰ অপৰিপক্ক মনক এক সুস্থ জীৱন-বোধৰ সন্ধানত সহায় কৰে বাবেই কৃতজ্ঞ শিক্ষাৰ্থীয়ে কৰ্ম্ম-জীৱনত শিক্ষকৰ অৰিহণা কৃতজ্ঞতাৰে স্বীকাৰ কৰে।
মাতৃৰ মমতাৰে বহুতো শিক্ষাৰ্থীক জ্ঞানৰ পোহৰ দিয়া এগৰাকী শিক্ষয়িত্ৰী, শিক্ষা-প্ৰশাসিকা আৰু সমাজ-সচেতনা নাৰীৰ বিষয়ে দুআষাৰ লিখিব খুজিছো, যিগৰাকী মোৰ শিক্ষয়িত্ৰী নাছিল যদিও শিক্ষয়িত্ৰীৰ প্ৰাপ্য সকলো শ্ৰদ্ধা, সন্মান মই তেওঁক যাচিছিলো, যাৰ সৈতে মোৰ একপ্ৰকাৰ আত্মিক যোগাযোগ হৈছিল। তেখেত হৈছে শ্ৰীযুতা ইন্দিৰা মিৰি বাইদেউ। তেখেতৰ লগত মোৰ বয়সৰ ব্যৱধান হয়তো বাইশ বছৰ মান হব; কিন্তু তেখেতৰ সান্নিধ্য লাভ কৰিবলৈ মন যেন আজিও উৎকণ্ঠিত হৈ থাকে। মই বাইদেউক তেখেতে চৰকাৰী চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছতহে ঘনিষ্ঠ ভাৱে পাইছিলো; কিন্তু সৰুৰে পৰা বাইদেউৰ মেধা, সাহস আৰু ধৈৰ্য্যৰ কথা বিভিন্ন জনৰ মুখৰ পৰা শুনিছিলো। অকালতে স্বামীক হেৰুওৱা মানুহ গৰাকীয়ে তিনিটা সন্তান বুকুত বান্ধি তেওঁলোকৰ শিক্ষাৰ লগতে নিজৰো শৈক্ষিক অৰ্হতাৰ উৎকৰ্ষ সাধন কৰাটো কম কষ্টকৰ কাম নাছিল।
মই ১৯৫৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে সোমোৱাৰ পাছত বি [ ৭৭ ] টি ৰ পাঠ্যক্ৰম পৰিবৰ্ত্তন সম্পৰ্কে পতা এখন সভাত বাইদেউক প্ৰথম লগ পাইছিলো। ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ সভাপতিত্বত বহা সেই সভাখনত বাইদেৱে আগবঢ়োৱা পৰামৰ্শ ড° বৰুৱা চাৰে গুৰুত্ব সহকাৰে শুনা দেখি মই আচৰিত হৈ তেখেতক নিৰীক্ষণ কৰিছিলো। হাত দীঘল বগা ব্লাউজ আৰু শুভ্ৰ মেখেলা চাদৰ পিন্ধা মানুহ গৰাকীৰ স্পষ্ট মাত, যুক্তিপূৰ্ণ কথা শুনি মোৰ মন স্বাভাবিকতে তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিল। সভাৰ শেষত ওপৰ তলাত থকা শিক্ষা বিভাগলৈ আহোতে প্ৰফেছাৰ কৰ চাৰে মোক তেখেতৰ সৈতে চিনাকী কৰি দিছিল। খৰধৰকৈ খোজ কঢ়া সেই তজ্বজীয়া মানুহ গৰাকীৰ বয়স তেতিয়া পঞ্চাছৰ ওচৰ চপা বুলি ভাবিবই পৰা নাছিলো।
বাইদেউৰ অধ্যয়ন প্ৰিয় মনটোৰ পৰিচয় পাইছিলো বি টি পৰীক্ষাত স্কুলত শিক্ষকৰ পাঠদানৰ পৰীক্ষা লোৱা সময়ত। এবাৰ এজন শিক্ষকে ‘সাহজাহান' পাঠটো ভালদৰে পঢ়ুৱাব নোৱাৰাত বিৰতিৰ সময়ত ইন্দিৰা বাইদেউ আৰু কৰ চাৰে সেই সম্পৰ্কে আলোচনা কৰিছিল। মই আছিলো শ্ৰোতা। বাইদেৱে ৰবি ঠাকুৰৰ ‘সাহজাহান’ কবিতাটো সুন্দৰকৈ আবৃত্তি কৰাৰ পিছতে চাৰেও তাজমহল সম্পৰ্কে এটা কবিতা আবৃত্তি কৰিছিল। কবিতা আবৃত্তিৰ মাজেৰেও যে একোটা পাঠ শিক্ষাৰ্থীৰ বাবে মনোগ্ৰাহী কৰি তুলিব পাৰি সেই শিক্ষা তেখেতসকলৰ সেই দিনাৰ আলোচনা আৰু আবৃত্তিৰ পৰা মই পাইছিলো।
বাইদেৱে চল্লিছৰ দশকতে নেফাত শিক্ষা-বিষয়া ৰূপে কাম কৰিবলৈ আগবাঢ়ি গৈছিল। নেফাৰ দুৰ্গম অঞ্চলত পাহাৰীয়া জনজাতিৰ মাজত শিক্ষা বিস্তাৰ কৰাটো তেওঁ এক প্ৰত্যাহবান হিচাপে লৈছিল। সেই সহজ সৰল দুখীয়া মানুহখিনিৰ লগত থাকি তেখেতে বিচিত্ৰ অভিজ্ঞতা লাভ কৰিছিল। সাধাৰণতে ধন আৰু ক্ষমতাই মাতি অনা প্ৰলোভনৰ পৰা নিজকে আতৰাই ৰাখি ইমান নিষ্ঠা আৰু সততাৰে কাম কৰা ব্যক্তি আজিৰ যুগত বিৰল।
অৱসৰৰ পিছত বাইদেৱে গুৱাহাটীত বসবাস কৰিবলৈ অহাৰ পৰা তেখেতক সঘনে লগ পোৱা হৈছিলো। সেই সময়ত ড° প্ৰফুল্ল দত্ত গোস্বামী, ড° বীৰেণ গোস্বামী, নগেন কলিতা প্ৰমুখ্যে লোকসকলৰ উদ্যোগত গুৱাহাটীৰ উলুবাৰীত নতুনকৈ স্থাপন হোৱা বাণী কান্ত বি টি কলেজৰ অধ্যক্ষা হবলৈ ইন্দিৰা মিৰি বাইদেউক আমন্ত্ৰণ জনাই তেখেতসকলে দূৰদৰ্শিতাৰ কাম কৰিছিল। বাইদেৱে দুবছৰ মানৰ ভিতৰতে কলেজখন পূৰ্ণা! ৰূপত গঢ় দি নিজৰ পাৰদৰ্শিতাৰ পৰিচয় দিছিল। বাইদেউ নীতিনিষ্ঠ হোৱাৰ লগতে অনুশাসন আৰু নিয়মানুবৰ্তিতাতো বিশেষ গুৰুত্ব দিছিল। তেখেতে নিজে সময়মতে শ্ৰেণীত উপস্থিত হোৱাৰ কাৰণে প্ৰশিক্ষাৰ্থী সকলো সময়ানুবৰ্ত্তী হবলৈ বাধ্য হৈছিল। বাইদেউৰ তত্ত্ব বিশ্লেষক বক্তৃতাও শ্ৰুতিমধুৰ আছিল বাবে শ্ৰেণীত উপস্থিতি সন্তোষজনক আছিল। চিৰদিন অনুশাসন মানি চলা মানুহগৰাকীয়ে প্ৰশিক্ষাৰ্থীসকলে ঘৰৰ কাম নিয়মিত ভাৱে [ ৭৮ ] কৰা, পাঠটোকা সময় মতে প্ৰস্তুত কৰা, শিক্ষাৰ আহিলা পাতি নিজে প্ৰস্তুত কৰি বিষয়-শিক্ষকক সময় মতে দেখুওৱা আদি কথাত গুৰুত্ব দিছিল। তেখেতৰ সুদক্ষ পৰিচালনাত সচাকৈয়ে কলেজখনৰ শৈক্ষিক পৰিবেশ যথেষ্ট উন্নত হৈছিল।
বাণীকান্ত বি টি কলেজত অধ্যক্ষা হিচাপে থকাৰ সময়ৰে পৰা বাইদেউৰ লগত মোৰ যোগাযোগ বেছিকৈ হৈছিল। বিশ্ববিদ্যালয়ৰ কোনোবা সভালৈ আহিলে পোনতে মোৰ বহা কোঠাত সোমাই বিশ্ববিদ্যালয়ৰ বিভিন্ন কথা আৰু সমস্যা জানিবলৈ তেওঁ আগ্ৰহ প্ৰকাশ কৰিছিল। মই বিভাগীয় মূৰব্বী হোৱাৰ পিছৰে পৰা বাইদেউৰ লগত মোৰ বৌদ্ধিক সম্বন্ধ গাঢ় হৈ পৰিছিল। আলোচনা-চক্ৰ পাতিলে ইন্দিৰা বাইদেউ, পুষ্পলতা দাস আৰু নীলিমা দত্ত বাইদেউক নিমন্ত্ৰণ কৰি আনি উঠি অহা ল’ৰা ছোৱালীহঁতক তেখেতসকলৰ সাৰগৰ্ভ ভাষণ আৰু ব্যক্তিত্বৰ সৈতে চিনাকী কৰি দিব বিচাৰিছিলো। প্ৰচাৰ বিমুখ এই মহিলা গৰাকী স্পষ্টবাদী যদিও কাকো বেয়াকৈ নকৈছিল।
যোৱা বিজয়া দশমীৰ দিনা নব্বৈ বছৰ সম্পূৰ্ণ কৰা মানুহ গৰাকীয়ে জীৱনৰ বিচিত্ৰ অভিজ্ঞতাসমূহ ৰোমন্থন কৰিবলৈ আজিও মানসিক ভাৱে সুস্থ হৈ আছে। এই বয়সতো তেখেতেৰ আশাবাদী মনটোৱে আমাক উৎসাহ আৰু প্ৰেৰণা দিয়ে কাম কৰি যাবলৈ। তেখেতৰ সান্নিধ্যত মই বিভিন্ন ধৰণে উপকৃত হৈছো। মই লিখা ‘আধুনিক শিক্ষা নীতি আৰু তত্ত্ব' খনৰ সম্পাদনা কালত তেখেতে যিখিনি উপদেশ দিছিল সেইখিনি মোৰ বাবে আছিল আৰ্শীবাদ। অসমৰ শিক্ষা জগতত এনে এক বিৰল প্ৰতিভা ও ব্যক্তিত্বৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাই তেখেতৰ দীৰ্ঘ জীৱন কামনা কৰিছো।
শ্ৰীসূৰবালা পাতিৰ ⸺
শ্ৰীযুতা ইন্দিৰা মিৰি বাইদেউৰ দেওৰেক শ্ৰীৰজনী কান্ত পাতিৰে মোক বিয়া কৰাই তেখেতৰ বৌৱেক ইন্দিৰা মিৰি বাইদেউৰ কৰ্ম্মস্থান মাৰ্ঘেৰিটাৰ ঘৰত থৈ গৈছিল। মই মিৰি বাইদেউৰ লগত ডেৰ মাহ আছিলোঁ।
মিৰি বাইদেউ মোতকৈ বহুত শিক্ষিত যদিও মোক বৰ মৰমেৰে একো অসুবিধা নোপোৱাকৈ লগত ৰাখিছিল। মই সৰু ‘জা' হিচাপে তেখেতৰ পৰা যি মৰম-চেনেহ পাব লাগে সেই সকলো পাইছিলোঁ। অকল মোক বুলিয়েই নহয়, বাইদেউৰ চৰকাৰী ঘৰৰ ওচৰতে তেখেতসকলৰ এডুকেচন ডিপাৰ্টমেন্টে অৰ্ফেন স্কুল এখন লগত বৰ্ডিঙেৰে সৈতে খুলিছিল। তাৰে সৰু সৰু ল’ৰা-ছোৱালীবোৰ পুৱা গধূলি মিৰি বাইদেউৰ ঘৰত ‘মা’-‘মা’ বুলি মাতি দৌৰি ফুৰি থকা দেখিবলৈ পাইছিলোঁ। সিহঁতক মিৰি বাইদেউৱে যেতিয়াই সময় পায় কোলাত তুলি মাকৰ দৰে মৰম কৰা দেখিছিলোঁ; আৰু মিৰি বাইদেউৱে অৰ্ফেন স্কুলখনত [ ৭৯ ] কাম কৰা শিক্ষক আৰু অফিচ ষ্টাফকো খুব ভাল ব্যৱহাৰ কৰা দেখিছিলোঁ। সেই দৰে তেওঁলোকেও বাইদেউক খুব ভাল পাইছিল।
আজিও অৰুণাচলৰ ৰাইজে বাইদেউক পাহৰা নাই। আই মিৰি বা মা বুলি মনত পেলায়।
মই আজিলৈকে মিৰি বাইদেউৰ ওচৰত থাকি দেখিবলৈ পাইছোঁ যে কাৰোবাৰ অসুখ-বিসুখ বুলি খবৰ পালেই বাইদেৱে ততালিকে গৈ চাই আহে। নিজৰ দৈনন্দিন জীৱনৰ ৰুটিন খুব নিয়মীয়াকৈ চলাই থকাৰ কাৰণে ৯১ বছৰ বয়সতো সুস্থ শৰীৰে মেলে-মিটিঙে গৈ থকা দেখিবলৈ পাইছোঁ। তেখেতে সদায় সকলোকে মৰম মিঠা মাতেৰে মাত দিয়া শুনিবলৈ পাওঁ। এনে ধৰণৰ মহীয়সী মহিলা গৰাকীৰ ওচৰত আমি থাকিবলৈ পাই সুখী হৈছোঁ।
শ্ৰীপ্ৰীতি বৰুৱা ⸺
শ্ৰীযুতা ইন্দিৰা মিৰিক প্ৰথম লগ পাওঁ ১৯৭৫ চনৰ আন্তৰ্জাতিক নাৰী বৰ্ষৰ প্ৰস্তুতি পৰ্বত। আমি কে’বাগৰাকী এখন স্মৰণিকা প্ৰস্তুত কৰাৰ দায়িত্বত আছিলো। ইন্দিৰা মিৰি বাইদেউ আছিল তাৰ প্ৰধান সম্পাদিকা — স্মৰণিকা নামটো বাইদেৱেই স্থিৰ কৰে।
বাইদেউৰ ঘৰৰ পাছ বাৰান্দাত ডাঙৰ ঘূৰণীয়া মেজখনৰ চাৰিওফালে আমি বহিছিলো। বিভিন্ন জনৰ পৰা অনা প্ৰৱন্ধ, বিভিন্ন অঞ্চলৰ মুক্তি সংগ্ৰামত অংশ লোৱা সৰ্ব শ্ৰেণীৰ নাৰীৰ বিষয়ে টোকা, নানা কিতাপ পত্ৰ আলোচনী আদিৰে মেজখন ভৰি থাকিছিল। আৰু তাৰ মাজে মাজে চাহ জলপানৰ যোগান আছিলেই। গধূলিলৈকে আমি কাম কৰিছিলো। বাইদেৱে, সৰু হলেও আমাৰ মতামত শুনিছিল। তেখেতে নানা প্ৰস!ত নিজৰ অভিজ্ঞতাৰ কথাও কৈছিল। শ্ৰীযুতা ইন্দিৰা মিৰি বাইদেউৰ কামকাজবোৰ ইমান প্ৰণালীবদ্ধ আৰু খৰতকীয়া আছিল যে নাৰী বৰ্ষৰ সামৰণিৰ লগে লগে সকলো কাগজ-পত্ৰ, পইচাটোলৈকে হিচাপ, স্মৰণিকাৰ সংখ্যাবোৰ অফিচত জমা দিয়ালৈকে সকলো কাম সমাধা কৰিছিল। তেখেতৰ কৰ্ম্ম পদ্ধতি আৰু কৰ্ম্ম শক্তিও আচৰিত হবলগীয়া। কৰ্ম্মস্পৃহাই ইয়াৰ মূল। সেই ১৯৭৫ চনৰ পৰাই বাইদেউৰ সান্নিধ্যলৈ আহিছো৷ এতিয়া বাইদেৱে নব্বৈ বছৰ অতিক্ৰম কৰিলে, এতিয়াও সতেজ দৃষ্টিভংগী, সচেতন মন, উদাৰনৈতিক চিন্তা আৰু মানুহৰ প্ৰতি পৰম শ্ৰদ্ধাৰ উমাল স্পৰ্শ অনুভৱ কৰি আপ্লুত হওঁ।
পিতৃদেৱ প্ৰয়াত সোণাধৰ ডাঙৰীয়া আছিল এগৰাকী গুণী-জ্ঞানী, ব্যক্তিত্বসম্পন্ন ৰাজবিষয়া। বাইদেউৰ শিক্ষা আৰম্ভ হৈছিল শ্বিলঙতে, পিতৃৰ স্নেহচ্ছায়াত। তেখেত নিজে এগৰাকী সংস্কৃতজ্ঞ আৰু সংস্কৃতিমনস্ক পুৰুষ বাবে প্ৰখৰ বুদ্ধিমতী প্ৰথমা কন্যাৰ প্ৰতি [ ৮০ ] স্বাভাবিক স্নেহেৰেই তেখেতে শিক্ষা-দীক্ষাৰ ব্যৱস্থা কৰিছিল। বাইদেউৰ বিয়া হৈছিল মিচিং সম্প্ৰদায়ৰ অন্যতম তীক্ষ্ণধী ব্যক্তি প্ৰয়াত মহীচন্দ্ৰ মিৰিৰ লগত। প্ৰয়াত মিৰি এগৰাকী সৎ আৰু দক্ষ বন বিষয়া আছিল। স্বামীৰ অকাল মৃত্যুৰ পাছত তেখেতে বিলাতলৈ গৈ শিক্ষা বিষয়ত দুবছৰীয়া প্ৰশিক্ষণ লয়। এডিনবাৰ্গৰ পৰা সুখ্যাতিৰে বি এড ডিগ্ৰী লাভ কৰি উভতি আহে।
ইয়াৰ পৰবৰ্ত্তী কালৰ পৰা বৰ্ত্তমানলৈকে বাইদেৱে শিক্ষা আৰু সমাজ জীৱনত যিখিনি বৰঙণি আগবঢ়াইছে সি অতি মূল্যবান আৰু ৰোমাঞ্চকৰো৷ বাইদেউক তেতিয়াৰ নেফা (NEFA) ত শিক্ষা বিভাগৰ মুখ্য বিষয়া ৰূপে নিযুক্তি দিয়া হৈছিল। তেতিয়া সেই অঞ্চল দুৰ্গম ঠাই। যাতায়তৰ কোনো উপযুক্ত সুবিধা নাই, শিক্ষাৰ ব্যৱস্থা নাই বুলিলেই হয়। কিন্তু তেখেত মুঠেই নিৰুৎসাহ নহ’ল। কৰ্ত্তব্য নিষ্ঠা, সমাজৰ নিম্নতম সা-সুবিধাও নোপোৱা মানুহৰ প্ৰতি গভীৰ মমতা আৰু দায়িত্ববোধে বাইদেউক সততে উৎসাহিত কৰিছিল। মুষ্টিমেয় যি কেইগৰাকী অসমীয়া ডেকা শিক্ষকে বাইদেউৰ লগত কাম কৰিছিল সেই সকলৰ কথা তেখেতে অতি স্নেহ আৰু কৃতজ্ঞতাৰে আজিও সোঁৱৰে। কেবা মাইল ধৰি অটব্য অৰণ্যৰ মাজেৰে তেখেতসকলে দূৰ-দূৰণিৰ জৰাজীৰ্ণ আৰু মুষ্টিমেয় ছাত্ৰৰ স্কুলবোৰ চাবলৈ যাব লগা হৈছিল। কেতিয়াবা বাঘৰ আগত পৰিব লগা, কেতিয়াবা হাতীৰ খেদাও খাব লগা হোৱা, গছৰ ওপৰৰ পৰা থোপা থোপে তেজপিয়া জোকবোৰ গায়ে মূৰে সৰি পৰাৰ ভয়ঙ্কৰ অভিজ্ঞতাৰ কথা এতিয়া ৰোমাঞ্চকৰ সাধুকথাৰ দৰে বাইদেৱে কয়। এইদৰে বাইদেউ আৰু মুষ্টিমেয় অসমীয়া ডেকাৰ চেষ্টাত শিক্ষাৰ নাম গোন্ধ নোহোৱা নেফাই শিক্ষাৰ কাঁচিয়লি ৰ’দত নিজকে চিনিবলৈ লৈছিল, অসমীয়া ভাষাক মাতৃজ্ঞান কৰি অসমীয়া মাধ্যমত লিখা পঢ়া শিকিছিল। দহ বছৰ কাল সৰল সুন্দৰ জনজাতীয় ভাই-ভনী সকলৰ লগত কটাই, প্ৰকৃত স্নেহ আৰু নিষ্ঠাৰে তেওঁলোকৰ প্ৰতি সেৱা আগবঢ়াই বাইদেৱে কামত ইস্তফা দি গুছি আহে।
গুৱাহাটীৰ নাৰেঙ্গী অঞ্চলত কেন্দ্ৰীয় অৰ্থ সাহায্য আৰু দান-বৰঙণিৰে 'ৱৰ্কিং গাৰ্লচ্ হোষ্টেল' স্থাপনত শ্ৰীযুতা ইন্দিৰা মিৰি আৰু শ্ৰীমতী শুচিব্ৰতা ৰায়চৌধুৰীয়ে অক্লান্ত পৰিশ্ৰম কৰিছিল। তেখেত দুয়োগৰাকীৰ আশাসুধীয়া যত্নৰ ফলতেই আজি ই বহুতো চাকৰিজীৱী মহিলাৰ নিৰাপদ বাসস্থান হ'ব পাৰিছে। সেইদৰে দুয়োগৰাকীৰে প্ৰচেষ্টাত গুৱাহাটীৰ কন্যা মহাবিদ্যালয়ো গঢ়ি উঠিছিল।
বাইদেউৰ শৈশৱ, কৈশোৰ আৰু যৌৱনৰ প্ৰথম কালছোৱা অতিবাহিত হৈছিল শ্বিলঙত। মহাপুৰুষীয়া সংস্কৃতিৰ প্ৰভাৱৰ মাজত থাকিও শ্বিলঙৰ ভিন্ন ভিন্ন ভাষা-সংস্কৃতিৰ পৰা সাৰ গ্ৰহণ কৰি এটা সুসংস্কৃত মনৰ অধিকাৰী হৈছিল। বৈবাহিক সূত্ৰে মিচিং সম্প্ৰদায়ৰ [ ৮১ ] সৈতে সম্পৰ্ক স্থাপন হোৱা বাইদেৱে অগম্য মিচিং গাঁৱব জনজীৱনৰ প্ৰতি পৰম স্নেহ আৰু শ্ৰদ্ধাৰ ভাৱ ৰাখিছিল। বাইদেউৰ মুখে শুনিছিলো তেখেতৰ শহুৰ দলে মিৰিৰ শিক্ষাৰ প্ৰতি থকা একান্ত আগ্ৰহৰ কথা। নিজে লিখা পঢ়া নেজানিছিল যদিও মানুহজনে শিক্ষাৰ প্ৰতি অসীম ধাউতি বুকুত লৈ পুতেক মহীচন্দ্ৰক কান্ধত লৈ, ভায়েক বীৰুচন্দ্ৰক হাতত ধৰি কেবামাইলো দুৰ্গম বাটৰ বোকা পানী খচি আঁতৰৰ পঢ়াশালিলৈ অনা নিয়া কৰিছিল। অতি পৰিতাপৰ কথা যে স্কুলীয়া শিক্ষা সমাপ্ত কৰি কটন কলেজত পঢ়ি থকা অৱস্থাতে বীৰুচন্দ্ৰৰ অকস্মাৎ অকাল মৃত্যু ঘটে। মিচিং সমাজৰ প্ৰথম বিজ্ঞান স্নাতক, প্ৰথম প্ৰশাসনীয় বিষয়া ৰূপে জাতিৰ মুখ উজলোৱা মহীচন্দ্ৰ মিৰিয়েও ভৰ ডেকা বয়সতে ইহলীলা সামৰে।
অস্তৰাগৰঞ্জিত জীৱনৰ বিয়লি বেলাতো ইন্দিৰা বাইদেউৰ মানসিক সজীৱতা, ব্যক্তিত্বৰ স্নিগ্ধতা, হৃদয়ৰ অন্তঃস্থলৰ পৰা উৎসাৰিত স্নেহস্পৰ্শৰ কোনো ব্যতিক্ৰম ঘটা নাই। বাইদেউৰ কাষত এখন্তেক বহিলেই মন ভৰি উঠে।
শতবৰ্ষৰ পুণ্যস্পৰ্শেৰে বাইদেউৰ জীৱন পাত্ৰ পূৰ্ণ হওঁক – ইয়াকে কামনা কৰোঁ।
ড° সুচিত্ৰা কাকতী ⸺
মোক যদি কোনোবাই কৃতী শিক্ষয়িত্ৰী বুলি কব খোজে তাৰ গুৰিতে আছে চিন্তাশীল ব্যক্তি তথা মানবীয় গুণৰাজিৰ উৎকৰ্ষ সাধন কৰি প্ৰকৃত মানুহ গঢ়োতা শ্ৰীযুতা ইন্দিৰা মিৰি। শিক্ষা জগতত বাইদেউৰ অৰিহণাৰ কথা সকলোৱে জানে। এগৰাকী সুবক্তা হিচাবে বাইদেউৰ খ্যাতি আছে। শিক্ষকতাক জীৱনৰ ব্ৰত হিচাবে লোৱাত বাইদেৱে মোক অনুপ্ৰাণিত কৰিছিল। “মানুহ গঢ় দিয়া, উপযুক্ত মানুহ কেৱল শিক্ষকেহে গঢ়িব পাৰে --- ভাল শিক্ষক হব লাগে --- ত্যাগ কৰিব লাগে - - - -।” বাইদেউৰ কথাবোৰ যেন এতিয়াও মোৰ কাণত বাজি আছে। মহিলাৰ যে ইমান শক্তি আছে তাৰ উমানো পাইছিলো বাইদেউৰ সংস্পৰ্শলৈ আহি, তেখেতৰ সংকটময় সংগ্ৰামপূৰ্ণ জীৱনৰ ইতিহাস শুনি। ইংৰাজী, বঙালী, সংস্কৃত ভাষাত দখল থকা বাইদেউৰ বক্তৃতা যিয়ে এবাৰ শুনিছে কেতিয়াও পাহৰিব নোৱাৰে।
বাইদেউক মই পাইছিলো অধ্যক্ষা, প্ৰশাসক আৰু শিক্ষাবিদ্ হিচাবে বাণীকান্ত শিক্ষক-প্ৰশিক্ষণ মহাবিদ্যালয়ত। নতুনকৈ প্ৰতিষ্ঠিত হোৱা সেইখন মহাবিদ্যালয়ত আমি শিক্ষক আছিলো আৰু যোৰহাটৰ চৰকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰা অৱসৰ লোৱাৰ পিছত বাণীকান্ত প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰিচালনা কমিটিৰ অনুৰোধ ক্ৰমে বাইদেৱে অধ্যক্ষা হিচাপে যোগদান কৰিছিল। মই তেতিয়া পাছ কৰিয়েই চাকৰিত সোমাইছিলো। মোতকৈ বয়সত ডাঙৰ ব্যক্তিসকলক যেতিয়া মই শ্ৰেণীকক্ষত প্ৰশিক্ষাৰ্থী হিচাবে দেখো, মই নাৰ্ভাচ হৈ পৰো। ঘন্টা পৰাৰ লগে লগে মোৰ বুকুত গৰম পানী উতলি অহা যেন লাগে। ভয়ত [ ৮২ ] মোৰ মাত হৰি যায়। বাইদেৱে মোৰ অৱস্থাটো লক্ষ্য নকৰাকৈ থকা নাছিল। এদিন মোক মাতি আনি কলে “তুমি জানো M.A. পাছ কৰা নাই? তোমাৰ জানো Subject ৰ ওপৰত দখল নাই? নিজৰ ওপৰত আস্থা থাকিলে সকলো কাম সহজ হৈ পৰে- - -। ময়ো বাইদেউৰ অনুপ্ৰেৰণাত লাহে লাহে সহজ হৈ পৰিছিলো। সংকল্প কৰিছিলো ভাল শিক্ষয়িত্ৰী হোৱাৰ। তিনি চাৰি বছৰমান বাইদেউৰ সান্নিধ্যত থাকি বহু কথা শিকিছিলো। বাইদেৱে শিকাইছিল কেনেকৈ পঢ়ুৱাব লাগে আৰু কেনেকৈ Class room control কৰিব লাগে। বাইদেৱে শিকাইছিল Professional ethics, লগতে শিকাইছিল এগৰাকী সুগৃহিনী আৰু ভাল বোৱাৰী হোৱাৰ মূলমন্ত্ৰ। মুখত সংস্কৃতৰ শ্লোক আৰু ৰবীন্দ্ৰ সংগীতৰ গুণগুণনিৰে বাইদেৱে কেতিয়াবা মুহূৰ্ত্ত কিছুমান মধুৰ কৰি তুলিছিল। মাজে মাজে ৰসিকতা
কৰি পৰিবেশ উপভোগ্য কৰি তুলিছিল। গাভৰু বয়সতে স্বামীহাৰা হৈ বাইদেৱে কঠোৰ বাস্তৱৰ সতে যুঁজি যুঁজি নিজকে প্ৰতিষ্ঠিত কৰাৰ লগতে সুপ্ৰতিষ্ঠিত কৰিলে পিতৃহাৰা সন্তান কেইটিক। বাইদেউৰ জীৱন আমাৰ বাবে এক আদৰ্শ, এক অনুপ্ৰেৰণাৰ উৎস। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো।
শ্ৰীচপলা মিৰি শইকীয়া ⸺
মোৰ বয়স আনুমানিক চাৰে চাৰি বছৰৰ পৰা মোৰ মা শ্ৰীযুতা ইন্দিৰা মিৰিৰ কথা মনত আছে। আমি আমাৰ পৰম শ্ৰদ্ধেয় দেউতাক ১৯৩৯ চনতে হেৰুৱাব লগীয়া হয়। তেতিয়াৰ পৰাই মাই আমাক অৰ্থাৎ মোৰ ককাইদেউ গাম, মই আৰু মোৰ ভাতৃ টাবুক লৈ শ্বিলঙত আমাৰ ককাদেউতাহঁতৰ ঘৰত থাকিবলৈ লৈছিল। মাই শ্বিলঙৰ লাবান ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী হিচাবে নিযুক্তি লাভ কৰিছিল। সেই সময়ত মাক দেখি এইটো প্ৰতীয়মান হৈছিল যে মা এগৰাকী অতি নিষ্ঠাবান ও কৰ্তব্য পৰায়ণা মহিলা। সেই সময়ত সমগ্ৰ বিশ্বকে দ্বিতীয় বিশ্ব-যুদ্ধৰ বিভীষিকাই ছানি ধৰিছিল। শ্বিলঙতো ইয়াৰ প্ৰভাৱ পৰিছিল। আকাশত যুদ্ধৰ বিমান সমূহৰ ভয়ানক গৰ্জন; তাৰ লগে লগে ARPৰ চাইৰেণৰ শব্দৰ কথা ভাবিলে এতিয়াও মোৰ গা জিকাৰ খাই উঠে। চাইৰেণৰ শব্দ শুনাৰ লগে লগে সকলোৱে Trench ত সোমাব লাগিছিল। দ্বিতীয় বিশ্ব যুদ্ধৰ তেনে এটা আতঙ্কময় পৰিবেশতো মাক দেখিছিলো, তেখেতে নিৰ্ভয়ে নিয়মিত ভাৱে স্কুললৈ অহাযোৱা কৰিছিল।
মা পৰাপক্ষত আবেগৰ বশবৰ্তী নহৈছিল। তেখেতে সদায়ে বাস্তৱৰ মুখামুখি হবলৈ চেষ্টা কৰিছিল। আমি সৰু সৰু হৈ আছিলো বুলি তেওঁৰ জীৱনটো গঢ় দিবলৈ - নিজকে আৰ্থিক ও মানসিক ভাবে স্বাৱলম্বী কৰিবলৈ যেতিয়াই যি সুযোগ আহিছিল তাক [ ৮৩ ] গ্ৰহণ নকৰাকৈ থকা নাছিল। মাৰ জীৱনৰ প্ৰধান লক্ষ্য আছিল নিজৰ সন্তানক যি কোনো বিপদৰ পৰা ৰক্ষা কৰি নিৰাপদে ৰখা আৰু নিজ কৰ্তব্যত আগবাঢ়ি যোৱাৰ লগতে নিজকে সকলো দিশৰ পৰা স্বাধীন ও স্বাৱলম্বী কৰা। এই লক্ষ্যত উপনীত হোৱাত যথেষ্ট পৰিমাণে তেওঁ সফল হোৱাটো পৰিলক্ষিত হৈছে। তেওঁৰ আটাইকেইজন ল’ৰা ছোৱালীকেই একো একোজন স্বাধীন তথা স্বাৱলম্বী ব্যক্তি হিচাবে গঢ়ি তুলিবলৈও সক্ষম হৈছে।
মা লাবান স্কুলত কাম কৰি থাকোতে তেওঁৰ ছাত্ৰীসকলক পঢ়ুওৱা আৰু স্কুলৰ অন্যান্য যাবতীয় দায়িত্বসমূহ পালন কৰাৰ উপৰিও স্কুল ছুটী হোৱাৰ পাছত কেতিয়াবা কেতিয়াবা স্কুলৰ সাংস্কৃতিক অনুষ্ঠানৰ বাবে আমাৰ ঘৰতে ছাত্ৰীসকলৰ নাচ-গানৰ আখৰা কৰাইছিল। আমাৰ ঘৰতে হাৰমণিয়াম আৰু অৰ্গেন আছিল। মোৰ এজন মামাই খুউব ভাল বাঁহীও বজাইছিল। অৰ্গেন ও বাঁহীৰ সুৰৰ তালে তালে ছাত্ৰী সকলে নাচিছিল আৰু গান গাইছিল। আমাৰ ঘৰত এটা সংগীত মুখৰ পৰিবেশৰ সৃষ্টি হৈছিল। তেনে এক পৰিবেশ সৃষ্টি হোৱাৰ বাবেই আমাৰো সংগীতৰ প্ৰতি আগ্ৰহ বাঢ়ে। আমি প্ৰত্যেকেই সুগায়ক গায়িকা নহলেও গান গাওঁ আৰু গান ভাল পাওঁ। ইয়াৰ বাবে মাৰ ওচৰত আমি পৰম কৃতজ্ঞ।
মা লাবান স্কুলত চাকৰি কৰি থাকোতেই শ্বিলঙৰ চেন্ট মেৰিজ কলেজত বি টি পঢ়িছিল। মাৰ অধ্যয়ন পদ্ধতিটো কিছু বেলেগ ধৰণৰ আছিল। ইমান জাকৰুৱা মানুহৰ ঘৰত মাৰ বাবে আছুতীয়াকৈ পঢ়া কোঠা বা মেজ চকী নাছিল। মাই যেতিয়াই সময় পাইছিল তাৰ সদ্ব্যৱহাৰ কৰিছিল। সময় পালেই ঘৰৰ পিছ ফালৰ ফল-মূল, শাক-পাচলিৰ ডাঙৰ বাৰীখনৰ ইমূৰৰ পৰা সিমূৰলৈ খোজ কাঢ়ি কাঢ়ি পঢ়িছিল। কেতিয়াবা তাতে থকা ডাঙৰ শিলৰ ওপৰত বহিও পঢ়িছিল।
মা বি টি পাছ কৰাৰ পিছত আহমেদাবাদলৈ মন্টেছৰী প্ৰশিক্ষণ (Montessoi Training) লবলৈ গৈছিল। আহমেদাবাদলৈ যোৱাৰ সময়ত মাই মোক আৰু মোৰ সৰু ভাই টাবুক সেই সময়ত ছয়গাঁৱত থকা মাহীদেউ মহাদেউৰ ঘৰত, তেখেতসকলৰ তত্ত্বাবধানত থৈ গৈছিল। মাজতে মাত্ৰ এবছৰ বা দুবছৰৰ বাদে, তেতিয়াৰ পৰাই আমি মাৰ লগত মেট্ৰিক দিয়া পৰ্য্যন্ত থকা নাছিলো। পিছলৈ টাবু আছিল শ্বিলঙত আৰু মই আছিলো মাহীদেউৰ লগত। মহাদেউ এছ ডিচি/ইএচি আছিল বাবে অসমৰ বিভিন্ন ঠাইলৈ চৰকাৰী বিষয়া হিচাবে বদলি হৈছিল। গতিকে মোৰ অসমৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰা আৰু বিভিন্ন শিক্ষানুষ্ঠানত পঢ়াৰ সৌভাগ্য ঘটিছিল।
আহমেদাবাদৰ পৰা প্ৰশিক্ষণ লৈ ঘূৰি অহাৰ কিছুদিনৰ পিছতেই মা বি এড পঢ়িবলৈ স্কট্লেণ্ডলৈ গৈছিল। তেতিয়া আমি মাহীদেউৰ লগতেই আছিলো। মাহীদেউৱে মোৰ আৰু টাবুৰ একেলগে গছৰ ডালত ধৰি থকা এখন বৰ ধুনীয়া ফটো তোলাই মালৈ [ ৮৪ ] পঠিয়াইছিল। এই ফটোখন দেখিলে এতিয়াও পুৰণি স্মৃতিয়ে মোক বৰ আমনি কৰে। মা স্কটলেণ্ডৰ পৰা ঘূৰি আহোতে আমি অতি হেপাহেৰে তেজপুৰৰ পৰা শ্বিলঙলৈ মাক লগ ধৰিবলৈ গৈছিলো। মাৰ কাষৰ পৰা তেতিয়াও কিন্তু আতৰি থাকিবলগীয়া হৈছিলো, কিয়নো মাই লগে লগেই শদিয়ালৈ গৈ NEFA ৰ শিক্ষা বিষয়া (Education Office) হিচাবে যোগদান কৰে। শ্বিলঙত মামাৰ লগত থাকি মই, টাবু আৰু মাহীদেউৱে মেট্ৰিক পাছ কৰিছিলো।
মাৰ লগত থাকি পঢ়িব নোৱাৰা কথাটো যে পৰিস্থিতিয়ে বাধ্য কৰিছিল, সেইকথা আমাৰ মনটোৱে কিবা প্ৰকাৰে মানি লৈছিল। সেইকাৰণেই বোধকৰো মাৰ ওপৰত মোৰ কোনো খং-ৰাগ বা অভিমান নাছিল। সেই সময়ত মাৰ অনুপস্থিতিত মামা-মাহীহঁতৰ লগত থাকি পঢ়া শুনা কৰাটোৱে আমাৰ বাবে বাস্তৱ আছিল।
মেট্ৰিক পাছ কৰাৰ পিছতে আমি মাহীদেউৰ ঘৰৰ পৰা ওলাই আহো আৰু যিবোৰ ঠাইত পঢ়িছিলো, সেইবোৰ ঠাইত কলেজৰ হোষ্টেলত থাকিয়ে পঢ়াশুনা কৰিছিলো। সেই সময়ছোৱাত বিভিন্ন ধৰণৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু বেলেগ বেলেগ ধৰণৰ মানুহক লগ পাইছিলো। এই সুবিধা আৰু সুযোগ লাভ কৰাৰ মূলতেই আছিল মোৰ মা।
আগতেই কৈছো যে মা বৰ আৱেগিক নাছিল। শদিয়াত মাৰ লগত থকা সময়ত মা মফশ্বললৈ যাবলৈ ওলালেই মোৰ কান্দোন আৰম্ভ হৈছিল৷ মোৰ কান্দোন দেখি মোৰ ভাই-ককাই, মামাহঁতে হাঁহিছিল। মাই মোক কৈছিল “মামন, মই সদায় এনেদৰে Tour লৈ যাব লাগিব, তুমি সদায়েই আৰু কিমান কান্দিবা?” আন বহুত মাকৰ দৰে (মই জনাত) তেনে অৱস্থাত মাই কান্দিকাটি বাউলী হোৱা নাছিল। আমাৰ থকা-খোৱাৰ সুবন্দবস্ত কৰি নিজৰ কৰ্তব্যই মাক য’লৈকে নিছিল তালৈকে গৈছিল। মা যে নিজৰ কৰ্তব্যৰ প্ৰতি কিমান নিষ্ঠাবান আছিল সেইটোৱে স্পষ্টকৈ প্ৰকাশ পায়।
শ্বিলং আৰু শদিয়াত মাৰ লগত থকাৰ সময়ত মায়ে আমাক গধূলি পঢ়াইছিল। গোটেই দিনতো কামত ব্যস্ত থকা মাই ঘৰলৈ ঘূৰি আহি আমাক পঢ়োৱাৰ সময়ত আমি পঢ়াশুনাত মনযোগ নিদিলে বা পঢ়াশুনা নকৰিলে বৰ বেজাৰ পাইছিল।
পঢ়োৱা সময়ৰ বাদে আন সময়ত মাৰ লগত আমাৰ যথেষ্ট সহজ তথা বন্ধুসুলভ সম্বন্ধ আছিল। যথেষ্ট হাঁহি তামাছা কৰিছিলো, গান গাইছিলো একেলগে। কেতিয়াবা মাৰ লগত আমি আটায়ে পূৰ্ণিমাৰ জোনাক নিশা পিকনিক খাবলৈ যোৱা স্মৃতিবোৰ মই এতিয়াও ৰোমন্থন কৰো। মাৰ লগত থাকোতে আৰু তাৰ পৰবৰ্তী সময়তো আমাৰ বিভিন্ন সমনীয়াৰ লগত আত্মীয়তা গঢ়ি উঠিছিল। আমি আটাইবোৰে একেলগে বিশাল লুইতত সাতুৰিবলৈ, ওচৰৰ গাঁওবোৰলৈ ফুৰিবলৈ গৈছিলো; অন্যলোকৰ বাৰীয়ে বাৰীয়ে টেঙা বিচাৰি ফুৰিছিলো। আমি আমাৰ সমনীয়া বন্ধু-বান্ধবীৰ লগত এইদৰে ঘূৰি ফুৰি পৰস্পৰে নানান কথা শিকিছিলো, [ ৮৫ ] নানান বিষয়ৰ প্ৰতি আমাৰ আগ্ৰহ জন্মিছিল। এনেবোৰ কাম কৰিবলৈ যি স্বাধীনতাৰ প্ৰয়োজন, সেই স্বাধীনতা মায়ে আমাক দিছিল। আমাৰ ব্যক্তিত্ব ও চৰিত্ৰ গঠনত সেই স্বাধীনতাই যথেষ্ট সহায় কৰিছিল।
মা এগৰাকী ভাল ৰান্ধনীও। ইমান কামৰ মাজতো যেতিয়াই আজৰি সময় পাইছিল, তেতিয়াই মায়ে আমাক বিধে বিধে সুস্বাদু ব্যঞ্জন ৰান্ধি খুৱাইছিল। মায়ে সোৱাদ লগাকৈ ৰন্ধা খাৰ আৰু খৰিচা আজিও মুখত লাগি থকা যেন লাগে। এতিয়া বৃদ্ধ অৱস্থাতো মায়ে ৰান্ধনি ল’ৰাটোক ৰন্ধা-বঢ়াত যথেষ্ট দিহা পৰামৰ্শ দিয়ে আৰু সহায়ৰ হাত আগবঢ়ায় আমাক বা ঘৰৰ অতিথি আদি সকলোকে খাবলৈ দিহে মায়ে নিজে আহাৰ গ্ৰহণ কৰে। পো-বোৱাৰী-জোঁৱাই আহিলেতো কথাই নাই।
আমি সৰুতেই মাক ঘৰ চলোৱাত সহায় কৰা কেইবাজনো ব্যক্তিৰ সান্নিধ্যলৈ আহো। এই আটাইকেইজন লোকেই অতি চৰিত্ৰবান তথা ব্যক্তিত্বসম্পন্ন আছিল। মায়ে কেতিয়াও তেওঁলোকক বেয়া ব্যৱহাৰ কৰা দেখা নাছিলো। গতিকে আমিও তেওঁলোকক কাম কৰাৰ বাবে হুকুম দিয়া বা গালি শপনি পাৰাৰ প্ৰশ্নই নুঠিছিল। আমি তেওঁলোকক শ্ৰদ্ধাহে কৰিছিলো আৰু আজিও কৰো। মা সদায়েই লোকৰ দুখত দুখী আৰু প্ৰয়োজন হলেই ৰাতিয়ে দিনে মানুহক বিপদে আপদে সহায় কৰে। ১৯৫০ চনৰ বৃহৎ ভূমিকম্পৰ সময়ত শদিয়া ত্যাগ কৰি অহা বহুতো লোকক আমাৰ ঘৰত আশ্ৰয় দিছিল।
মাৰ সৈতে আমাৰ মামা-মামীহঁতৰ সম্বন্ধ অতি মধুৰ; সকলো সময়তে তেওঁলোকে প্ৰয়োজন অনুভব কৰিলে মাৰ দিহা-পৰামৰ্শ বিচাৰে আৰু মায়ো দিয়ে। মাৰ প্ৰয়োজনতো তেওঁলোক আটায়ে মাক যথেষ্ট সহায় কৰে। এই একেই সম্বন্ধ মোৰ দেউতাৰ পৰিয়ালৰ লোকৰ লগতো আছে, যদিও ১৯৩৯ চনতেই এই সম্পৰ্কৰ ইতি পৰাৰ দৰে হৈছিল; শাৰীৰিক দূৰত্ব আৰু মাৰ জীৱনৰ অন্য এক অধ্যায় আৰম্ভণিৰ প্ৰয়োজনৰ তাগিদাতো এই সম্বন্ধ শেষ হৈ যোৱা নাছিল।
এইবছৰ বিজয়া দশমীত মাৰ বয়স ৯১ বছৰ পূৰ্ণ হ;ব। এই ৯১ বছৰীয়া মানুহগৰাকীয়ে কাৰো আৰ্থিক বা আবেগিক সহায় নোলোৱাকৈয়ে পূৰ্বৰ দৰে স্বাধীনচিতিয়া ভাবে চলি আছে। এই বয়সতো মাই ৰাতি পুৱাৰে পৰা এক ব্যস্ততাপূৰ্ণ জীৱন যাপন কৰি আছে। ৮০ বছৰ বয়সলৈকে তেওঁ নিজে তাঁত বৈ বিহুত সকলোকে বিহুৱান দিছিল। মোকতো কথাই নাই, বিধে বিধে বোৱা কাপোৰ আৰু ক’ত কি যে দিয়ে তাৰ অন্ত নাই। জাৰকালি নিহালি সদৃশ ডাঙৰ ডাঙৰকৈ উলৰ কাপোৰ গুঠি দিছিল। যেতিয়াই মাৰ ঘৰলৈ যাওঁ, গৈ পোৱাৰ অলপ সময় পিছতে মায়ে মোৰ বাবে বনোৱা উলৰ Vest, Knee Cap, হাত মোজাৰ টোপোলা হাতত লৈ কৈছিল “মামন, চোৱা মই তোমাৰ বাবে কি [ ৮৬ ] বনাই থৈছো।” মাৰ শাক পাচলিৰ বাগিছা আৰু ফুলনি কৰাতো বৰ চখ আছে। এতিয়াও এই বয়সত সম্ভব হলে বাৰীত কাম কৰে।
মা বিভিন্ন সামাজিক সংগঠনৰ লগত এতিয়াও জড়িত। মা সচাকৈয়ে এগৰাকী আদৰ্শ মহিলা। আজিও সমাজত নাৰীজাতি যথেষ্ট লাঞ্চিতা, বঞ্চিতা। মাৰ এই স্বাধীন মুক্ত জীৱন যাপন সচাকৈয়ে সকলো নাৰীৰ বাবে এক আৰ্হি।
মোৰ এই মৰমীয়াল তথা নিৰ্ভীক মা যেন বোৱতী নদীৰ সোঁতৰ দৰেই। মাৰ দীৰ্ঘায়ু কামনা কৰিলো।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।