পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৯০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

1" মোৰ মাত হৰি যায়। বাইদেৱে মোৰ অৱস্থাটো লক্ষ্য নকৰাকৈ থকা নাছিল। এদিন মোক মাতি আনি কলে “তুমি জানো M.A. পাছ কৰা নাই? তোমাৰ জানো Subject ৰ ওপৰত দখল নাই? নিজৰ ওপৰত আস্থা থাকিলে সকলো কাম সহজ হৈ পৰে ময়ো বাইদেউৰ অনুপ্ৰেৰণাত লাহে লাহে সহজ হৈ পৰিছিলো। সংকল্প কৰিছিলো ভাল শিক্ষয়িত্ৰী হোৱাৰ। তিনি চাৰি বছৰমান বাইদেউৰ সান্নিধ্যত থাকি বহু কথা শিকিছিলো। বাইদেৱে শিকাইছিল কেনেকৈ পঢ়ুৱাব লাগে আৰু কেনেকৈ Class room control কৰিব লাগে। বাইদেৱে শিকাইছিল Professional ethics, লগতে শিকাইছিল এগৰাকী সুগৃহিনী আৰু ভাল বোৱাৰী হোৱাৰ মূলমন্ত্ৰ। মুখত সংস্কৃতৰ শ্লোক আৰু ৰবীন্দ্ৰ সংগীতৰ গুগুণনিৰে বাইদেৱে কেতিয়াবা মুহূৰ্ত্ত কিছুমান মধুৰ কৰি তুলিছিল ৷ মাজে মাজে ৰসিকতা কৰি পৰিবেশ উপভোগ্য কৰি তুলিছিল। গাভৰু বয়সতে স্বামীহাৰা হৈ বাইদেৱে কঠোৰ বাস্তৱৰ সতে যুঁজি যুঁজি নিজকে প্ৰতিষ্ঠিত কৰাৰ লগতে সুপ্রতিষ্ঠিত কৰিলে পিতৃহাৰা সন্তান কেইটিক। বাইদেউৰ জীৱন আমাৰ বাবে এক আদর্শ, এক অনুপ্ৰেৰণাৰ উৎস। তেখেতৰ দীর্ঘায়ু কামনা কৰিলো । শ্ৰীচপলা মিৰি শ‍ইকীয়া - মোৰ বয়স আনুমানিক চাৰে চাৰি বছৰৰ পৰা মোৰ মা শ্ৰীযুতা ইন্দিৰা মিৰিৰ কথা মনত আছে। আমি আমাৰ পৰম শ্রদ্ধেয় দেউতাক ১৯৩৯ চনতে হেৰুৱাব লগীয়া হয় । তেতিয়াৰ পৰাই মাই আমাক অর্থাৎ মোৰ ককাইদেউ গাম, মই আৰু মোৰ ভাতৃ টাবুক লৈ শ্বিলঙত আমাৰ ককাদেউতাহঁতৰ ঘৰত থাকিবলৈ লৈছিল। মাই শ্বিলঙৰ লাবান ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী হিচাবে নিযুক্তি লাভ কৰিছিল। সেই সময়ত মাক দেখি এইটো প্ৰতীয়মান হৈছিল যে মা এগৰাকী অতি নিষ্ঠাবান ও কর্তব্য পৰায়ণা মহিলা। সেই সময়ত সমগ্ৰ বিশ্বকে দ্বিতীয় বিশ্ব-যুদ্ধৰ বিভীষিকাই ছানি ধৰিছিল। শ্বিলঙতো ইয়াৰ প্ৰভাৱ পৰিছিল । আকাশত যুদ্ধৰ বিমান সমূহৰ ভয়ানক গৰ্জন; তাৰ লগে লগে ARP ৰ চাইৰেণৰ শব্দৰ কথা ভাবিলে এতিয়াও মোৰ গা জিকাৰ খাই উঠে। চাইৰেণৰ শব্দ শুনাৰ লগে লগে সকলোৱে Trench ত সোমাব লাগিছিল। দ্বিতীয় বিশ্ব যুদ্ধৰ তেনে এটা আতঙ্কময় পৰিবেশতো মাক দেখিছিলো, তেখেতে নির্ভয়ে নিয়মিত ভাৱে স্কুললৈ অহা যোৱা কৰিছিল ৷ মা পৰাপক্ষত আবেগৰ বশবর্তী নহৈছিল। তেখেতে সদায়ে বাস্তৱৰ মুখামুখি হবলৈ চেষ্টা কৰিছিল। আমি সৰু সৰু হৈ আছিলো বুলি তেওঁৰ জীৱনটো গঢ় দিবলৈ - নিজকে আর্থিক ও মানসিক ভাবে স্বাৱলম্বী কৰিবলৈ যেতিয়াই যি সুযোগ আহিছিল তাক ৮২