বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি/দুৰ্যোগৰ ক’লা ছাঁ

[ ৩৬ ]

ছয়
দুৰ্যোগৰ ক’লা ছাঁ


 ১৯৫০ চনটো অসম তথা নেফাৰ বাবে এটা অভিশপ্ত বছৰ বুলিব পাৰি। সেইটো বছৰৰে ৫ আগষ্টৰ বাতি অবিভক্ত অসমৰ প্ৰথমজনা প্ৰধানমন্ত্ৰী ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ আকস্মিক ভাৱে মৃত্যু হৈছিল। এই সৎ, ত্যাগী, অভিজ্ঞ ৰাজনীতিবিদ্‌জনৰ মৃত্যু সমগ্ৰ ভাৰতৰে, বিশেষকৈ অসম তথা উত্তৰ পূৰ্ব্বাঞ্চলৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁৰ মুখ্য মন্ত্ৰীত্বৰ কালছোৱাত, পৰ্ব্বত আৰু ভৈয়ামৰ মাজত থকা ভাতৃত্ববোধ আৰু সংহতিৰ পুৰণি শিপাদাল সুদৃঢ় কৰিবলৈ ভালেমান কাৰ্য্য-ব্যৱস্থা হাতত লোৱা হৈছিল। মৃত্যুয়ে তেওঁক সেইদৰে অকালতে, আচম্বিতে দেশমাতৃৰ বুকুৰ পৰা কাঢ়ি লৈ নোযোৱা হ’লে এসময়ত অভিসন্ধিমূলক গ্ৰুপিং ব্যৱস্থাৰ কবলৰ পৰা অসমক ৰক্ষা কৰাৰ দৰে উত্তৰ পূৰ্ব্বাঞ্চলত ক্ৰমে গা কৰি উঠা বিভেদ আৰু বিচ্ছিন্নতাবাদৰ বিৰুদ্ধেও হয়তো সবল প্ৰতিৰোধ গঢ়ি তুলিবলৈ তেওঁ সক্ষম হ’লহেঁতেন।
 বৰদলৈদেৱৰ মৃত্যুৰ দহ দিন পাৰ নৌ হওঁতেই ৫০ চনৰ ১৫ আগষ্টৰ দিনা ভাৰতৰ পূৰ্ব্বাঞ্চল কঁপাই আহিছিল এক প্ৰলয়ঙ্কৰী ভূমিকম্প, যি অসম আৰু নেফালৈ অভাৱনীয় দুৰ্যোগ কঢ়িয়াই আনিলে। সেই ভূমিকম্পত নেফাৰ বহু ঠাই আৰু শদিয়া অঞ্চল সমূলঞ্চে বিধ্বস্ত হৈছিল; ভূমিকম্পৰ ফলত মাটি ফাটি পানী ওলাল। ঠায়ে ঠায়ে একোটা অঞ্চল তললৈ বহি গ’ল। বনাঞ্চলৰ গছ গছনি উভালি পৰিল। ব্ৰহ্মপুত্ৰৰ কোবাল সোতত ভাঁহি অহা গছ, অলেখ মৰা মাছ-কাছই নৈৰ বুকুত অভাৱনীয় দৃশ্যৰ সৃষ্টি কৰিছিল। মনোমোহা সেউজীয়া পাহাৰবোৰ খহি বীভৎস ৰূপ ধাৰণ কৰিছিল। অসমত তেতিয়াৰ উত্তৰ লক্ষীমপুৰৰ বিস্তীৰ্ণ অঞ্চল, চৈখোৱাঘাট, ধেমাজি, মাজুলী আৰু তাৰ আশে পাশে থকা অসংখ্য গাঁও এই ভূমিকম্পত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। পৰ্ব্বতীয়া নৈৰ বাট পাহাৰ খহি নাইবা প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰি বন্ধ কৰাত নৈয়ে গতি সলালে। ফলত ঠায়ে ঠায়ে মানুহ পানীৰ মাজত আৱদ্ধ হৈ আছিল, সেইসকলক উদ্ধাৰ কৰিবলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰিবলগীয়া হৈছিল। এনে অভাৱনীয় দুৰ্যোগে শদিয়া আক মিছিমি পাহাৰক প্ৰায় দহ দিন ধৰি বহিঃজগতৰ পৰা বিচ্ছিন্ন কৰি ৰাখিছিল। নৈত প্ৰলয়ঙ্কৰী বান, পাৰত প্ৰৱল গৰাখহনীয়া আৰু পাহাৰ অঞ্চলত ভূমিস্খলন হৈ গাঁৱৰ পিছত গাঁও নিশ্চিহ্ন হৈ গৈছিল। দলে দলে শৰণাৰ্থী [ ৩৭ ] পাহাৰ এৰি শদিয়া অঞ্চল ভৰি পৰিছিলহি। দুৰ্গতসকলক শদিয়া চৰকাৰী হাইস্কুল আৰু শিক্ষক-প্ৰশিক্ষণ কেন্দ্ৰত থকা-খোৱাব ব্যৱস্থা কৰি দিয়া হৈছিল। ভাৰতৰ উত্তৰ-পূৰ্ব্বাঞ্চলত সংঘটিত এই দুৰ্যোগে সমগ্ৰ পৃথিৱীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। দেশ-বিদেশৰ পৰা দুৰ্দ্দশাগ্ৰস্তসকলৰ বাবে টেমাৰ গাখীৰ ও অন্যান্য খাদ্য সামগ্ৰী, কাপোৰ, দৰৱ আদি পঠিওৱা হৈছিল।
 তেতিয়াৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে উৰা জাহাজেৰে দুৰ্দ্দশাগ্ৰস্ত ৰাইজক চাই গৈছিল। ঠায়ে ঠায়ে আকাশী যানেৰে খাদ্য সামগ্ৰী বিতৰণ কৰিবলগীয়া হৈছিল। বানপানী আৰু খহনীয়াত বিপৰ্য্যস্ত ৰাইজৰ দুৰ্গতি মোচনৰ বাবে যি সাহায্য অভিযান চলোৱা হৈছিল তাত ইন্দিৰা মিৰিৰ নেতৃত্বত শিক্ষক, কৰ্ম্মচাৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। শীৰ্ষ শিক্ষা-বিষয়াগৰাকীক ‘ৰিলিফ চেক্ৰেটাৰী' পাতি সাহায্য সামগ্ৰী বিতৰণৰ দায়িত্ব দিয়া হৈছিল। তেওঁৰ নিকা ভাৱমূৰ্ত্তিৰ প্ৰভাৱত বিতৰণ ব্যৱস্থাত কোনো ধৰণৰ দুৰ্নীতিয়ে প্ৰবেশৰ সুৰুঙা বিচাৰি পোৱা নাছিল। ভূঁইকঁপৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকু বাম হৈ যোৱাত পিছলৈ এজাক বৰষুণতে শদিয়া তল যোৱা হ'ল। বানপানীৰ দৌৰাত্ম্য ক্ৰমে বাঢ়ি আহিবলৈ ধৰাত শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠানটিৰ স্থানান্তৰ বিনে উপায় নোহোৱা হ’ল। পানী আহিলে কেন্দ্ৰৰ সা-সম্পত্তি, কাগজ-পত্ৰ অ’ৰ পৰা ত’লৈ কঢ়িয়াই নিওঁতে একোদিনা কৰ্ম্মীসকলৰ জীৱনো বিপদাপন্ন হৈছিল। গতিকে ১৯৫২ চনত শিক্ষক-প্ৰশিক্ষণ কেন্দ্ৰ আৰু শিক্ষা-দপ্তৰৰ কাৰ্য্যালয় মাৰ্ঘেৰিটালৈ তুলি নিয়া হয়। বিষয়া-কৰ্ম্মচাৰী সকলৰ তৎপৰতাত মাৰ্ঘেৰিটাৰ নিউ কলনীত পুনৰ অনুষ্ঠান দুটি মূৰ দাঙি উঠে। কিন্তু শদিয়াৰ সুন্দৰ শান্তিময় প্ৰাকৃতিক পৰিবেশ এৰি আহি যান-বাহন, কল-কাৰখানাৰ শব্দৰে মুখৰ মাৰ্ঘেৰিটা চহৰৰ যান্ত্ৰিক পৰিবেশত শিক্ষক, শিক্ষা-বিষয়া আটাইৰে পূৰ্ব্বৰ উৎসাহ, আনন্দ, কৰ্ম্ম স্পৃহা যেন টুটি আহিল।
 ভূঁইকঁপৰ সময়ত পিতৃ-মাতৃক হেৰুৱাই অনাথ হোৱা ২০/২৫টি মান শিশুক লৈ মাৰ্ঘেৰিটাত এখন অনাথ আশ্ৰম খোলা হ'ল। শিক্ষা-সত্ৰৰ লগতে প্ৰতিষ্ঠা কৰা সেই অনাথ গৃহৰ ল’ৰা-ছোৱালীহঁতক ইন্দিৰা মিৰিয়ে মাতৃসুলভ স্নেহেৰে ৰক্ষণাবেক্ষণ দি সিহঁতৰ শিক্ষাৰ দায়িত্ব টি টি আইৰ দুজনমান কৃতী শিক্ষকৰ হাতত তুলি দিছিল। সেই শিশুসকলৰ শিক্ষাৰ বাবে লগতে এখন স্কুলো খোলা হৈছিল। সেইখন পিছত হাইস্কুললৈ উন্নীত হৈছিল আৰু অনাথ আশ্ৰমৰ বাহিৰৰ ছাত্ৰও তাত পঢ়িবলৈ আহিছিল। শিক্ষকসকলৰ যত্নৰ ফলত কেবাটিও অনাথ ল’ৰা ছোৱালী পঢ়াই শুনাই, কামে কাজে, আচাৰ-আচৰণে প্ৰশংসনীয় হৈ উঠিছিল। জমিন টায়েং নামৰ তাৰে এটি অনাথ শিশু স্বকীয় প্ৰতিভাৰ গুণত উচ্চ শিক্ষা লাভ কৰি জনজাতীয়সকলৰ ভিতৰত প্ৰথম সৰ্ব্বভাৰতীয় প্ৰশাসনিক বিষয়া হৈছিলগৈ। দিছি মিহু নামৰ আন এজনী মিছিমি ছোৱালী বৰ্ত্তমান অৰুণাচলত সমাজ কল্যাণ বিভাগৰ [ ৩৮ ] ডাইৰেক্‌টৰ পদত অধিষ্ঠিত হৈছে। অলপতে তেওঁৰে কন্যা ইন্দিৰা মাল'ই আই এ এছ পাইছে। কোৱা বাহুল্য, ইন্দিৰা মিৰিৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ চিন স্বৰূপে তেওঁ নিজ কন্যাৰ নাম ইন্দিৰা ৰাখিছিল। কোনোবাই দেৱতাৰ থানত বলি দিবলৈ নিয়া ৬/৭ বছৰীয়া ছোৱালী এটিক অঞ্চলটোৰ পলিটিকেল অফিচাৰ বিপিন বৰগোঁহায়ে উদ্ধাৰ কৰি ইন্দিৰা মিৰিক গতাই দিছিল। অনাথ গৃহত ডাঙৰ হোৱা কমথুন নামৰ সেই ছোৱালীটিয়ে সম্প্ৰতি পাছীঘাটৰ হস্পিটালত নাৰ্চৰ কাম কৰি আছে। এই সকলে ইন্দিৰা মিৰিক আজিও মাতৃজ্ঞান কৰি তেওঁৰ সৈতে প্ৰেম-প্ৰীতিৰ সম্পৰ্ক ৰক্ষা কৰি চলি আছে।
 পৰিবৰ্ত্তনশীল জগতখনৰ কোনো কথাই সদায় একে হৈ নাথাকে। সময় যোৱাৰ লগে লগে নেফাৰ শিক্ষা জগতখনতো পৰিবৰ্ত্তনৰ বতাহ বলিবলৈ আৰম্ভ কৰিছিল। নেফা অঞ্চল পোনতে বহিঃ পৰিক্ৰমা দপ্তৰৰ অধীনত থকা হেতুকে কেন্দ্ৰীয় চৰকাৰে তাত কিছুসংখ্যক বাহিৰৰ, ঘাইকৈ উত্তৰ ভাৰতৰ লোকক নিযুক্তি দিছিল। তেওঁলোকে নেফাৰ ৰাইজৰ হৃদয়-সংবাদ পঢ়িবলৈ চেষ্টা কৰাৰ পৰিবৰ্ত্তে নেফাত হিন্দী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰতহে অধিক গুৰুত্ব দিবলৈ ধৰিলে। স্বাধীনতা লাভৰ পিছৰে পৰা ভাৰতত বুনিয়াদী শিক্ষা জনপ্ৰিয় হৈ উঠিছিল। দৰিদ্ৰ মানুহৰ দেশ ভাৰতবৰ্ষৰ শিশুসকলক ভবিষ্যতে অৰ্থনৈতিক স্বাৱলম্বিতা দিব পৰাকৈ পঢ়া শুনাৰ লগতে হাতে কামে শিক্ষা দিয়াৰ উদ্দেশ্য আগত ৰাখি প্ৰাথমিক স্তৰত বুনিয়াদী শিক্ষাৰ প্ৰৱৰ্ত্তন হৈছিল। ১৯৫৩ চনৰ মে’ মাহত নেহৰু মন্ত্ৰী সভাই সিদ্ধান্ত গ্ৰহণ কৰে যে নেফাতো বুনিয়াদী শিক্ষা প্ৰৱৰ্ত্তন হব। সেই সন্দৰ্ভতে ৱাৰ্দ্ধাৰ হিন্দুস্থানী তালিমি সংঘৰ সম্পাদক আৰ্য্যনায়কম্ আৰু তেওঁৰ পত্নী আশা দেৱী আৰ্য্যনায়কম্ নেফাত উপস্থিত হৈ নেফাৰ প্ৰচলিত শিক্ষা পদ্ধতি তথা তাত বুনিয়াদী শিক্ষাৰ প্ৰৱৰ্ত্তন সম্পৰ্কে শিক্ষা-বিষয়া সকলৰ সৈতে এলানি আলোচনা চলায়। উল্লেখযোগ্য যে আলোচনাৰ অন্তত আশা দেৱীয়ে নেফাত ইতিমধ্যে চলি থকা ‘হাতে কলমে’ শিক্ষা ব্যৱস্থাক সেই ঠাইৰ উপযোগী আৰু সিও বুনিয়াদী শিক্ষাৰে এটা ৰূপ বুলি মত প্ৰকাশ কৰে। আনহাতে, তেওঁৰ স্বামী আৰ্য্যনায়কমে পূৰ্ব্বৰ শিক্ষা ব্যৱস্থাৰ ঠাইত ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত বুনিয়াদী শিক্ষা ষোল্ল অনাই প্ৰৱৰ্ত্তনৰ সপক্ষে অভিমত দিয়ে।
 ১৯৫৪ চনৰ জুন মাহত, নেফাত বুনিয়াদী শিক্ষাৰ প্ৰচলন সম্পৰ্কে আলোচনা কৰিবলৈ শ্বিলঙত এখন সন্মিলন অনুষ্ঠিত হয়। সেই সন্মিলনত কেন্দ্ৰীয় শিক্ষা দপ্তৰৰ যুটীয়া সচিৱ কে. জি. চৈয়দীন আৰু তালিমি সংঘৰ আৰ্যনায়কমে যোগ দিছিল। আলোচনা বিলোচনাৰ অন্তত দিল্লীৰ চৰকাৰে সিদ্ধান্ত ল’লে ⸺ নেফাৰ শিক্ষা ব্যৱস্থা বুনিয়াদী হব, লিপি হিচাপে সৰল দেৱনাগৰী লিপি গ্ৰহণ কৰা হব। যিমান দূৰ সম্ভৱ জনজাতীয় দোৱান শিক্ষাৰ মাধ্যমৰূপে ব্যৱহৃত হব। যিটো স্তৰত সেই মাধ্যমেৰে শিক্ষা দিব পৰা নেযাব তাত হিন্দী মাধ্যমৰ [ ৩৯ ] ব্যৱহাৰ হব। নেফাৰ শিক্ষা বিভাগৰ পৰা কেইজনমানক ৱাৰ্দ্ধাৰ সেৱাগ্ৰাম আৰু দিল্লীৰ জামিয়া মিলিয়াত বুনিয়াদী শিক্ষাৰ প্ৰশিক্ষণ লবলৈ পঠোৱাৰ ব্যৱস্থা কৰা হ’ল। তাহানি কালৰে পৰা পাহাৰীয়া অঞ্চলত সংযোগী ভাষা ৰূপে আৰু স্বাধীনোত্তৰ কালত নেফাৰ শিক্ষাৰ মাধ্যম ৰূপে ব্যৱহৃত অসমীয়া ভাষাক এইদৰে তাৰ মৰ্য্যাদাপূৰ্ণ স্থানৰ পৰা অপসাৰিত কৰা হ’ল। এতিয়া সমস্যা হ’ল হিন্দী শিকাব কোনে? ইন্দিৰা মিৰিৰ পৰামৰ্শ অনুসৰি বাহিৰৰ পৰা হিন্দী শিক্ষক অনাৰ কথাও চৰকাৰে চিন্তা কৰিলে। মিৰি বাইদেৱে নিজে এলাহবাদলৈ গৈ প্ৰাৰ্থীৰ সাক্ষাৎকাৰ লৈ নেফাত নিযুক্তিৰ বাবে হিন্দী শিক্ষক নিৰ্বাচন কৰিলে। এইদৰে নেফাত বুনিয়াদী শিক্ষাৰ প্ৰচলন আৰম্ভ হ’ল আৰু পূৰ্ব্বৰ অসমীয়া ভাষাৰ স্থান হিন্দীয়ে দখল কৰিলে। কিন্তু নেফাত আৰম্ভনিৰে পৰা যি শিক্ষা-ব্যৱস্থা চলোৱা হৈছিল তাত বুনিয়াদী পদ্ধতিয়ে বিশেষ একো নতুনত্ব আনিব নোৱাৰিলে। পূৰ্ব্ব প্ৰচলিত পাঠ্যক্ৰমৰ লগতে ডায়েৰী লিখা, সমূহীয়া আলোচনা আদি দুটামান নতুন কথা সুমুৱাই দি তাকেই বুনিয়াদী শিক্ষাৰূপে চলাই দিয়া হ’ল। লাভৰ মূৰত নেফাৰ শিক্ষা ব্যৱস্থাত বুনিয়াদী আৰু অ-বুনিয়াদী এই দুই ধাৰণা সোমাই কিছু খেলিমেলিৰহে সৃষ্টি কৰিলে। বুনিয়াদী শিক্ষাত হস্তশিল্প হিচাপে সূতা কটাত বিশেষ প্ৰাধান্য দিয়া হৈছিল। তদুপৰি যিবোৰ হস্তশিল্পৰ বাবে কেচা মাল ঠাইতে পোৱা যায় বুনিয়াদী পাঠ্যক্ৰমত সাধাৰণতে তেনে শিল্পৰহে নিৰ্বাচন কৰা হয়। নেফাৰ ক’তো কপাহ খেতি নাই, তাৰ মাটি এই খেতিৰ উপযোগী নহয়। আনহাতে আৱশ্যকীয় কপাহ বাহিৰৰ পৰা আনিবৰ জোখাৰে যোগাযোগ ব্যৱস্থাও সুচল নহয়। গতিকে সূতা কটা পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰাত অসুবিধা। নেফাত বুনিয়াদী পাঠ্যক্ৰম প্ৰৱৰ্ত্তনৰ সিও এক অন্তৰায়। গতিকে নামত বুনিয়াদী শিক্ষাৰ প্ৰচলন হ’ল যদিও কামত ’৪৭ চনতে নেফাত জীৱন আৰু জীৱিকাৰ উদ্দেশ্য আগত ৰাখি শিশুক সম্পূৰ্ণ মানুহ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে যি শিক্ষা ব্যৱস্থা প্ৰৱৰ্ত্তিত হৈছিল তাকে সামান্য ইফাল সিফাল কৰি চলাই থকা হ'ল। মাৰ্ঘেৰিটাৰ পৰা টি টি আই পিছত চাংলাঙলৈ উঠাই নিয়া হয়। বুনিয়াদী শিক্ষা ভৱন (বি এছ বি) নামেৰে সেই অনুষ্ঠান আজিও তাতে আছে। ভূমিকম্পৰ ধ্বংসলীলাৰ ফলত নেফাৰ বহুতো স্কুল জহি খহি প্ৰায় নোহোৱা হৈছিল। ভূমিকম্পৰ পিছত সেইবোৰ নতুনকৈ পাতিবলগীয়া হৈছিল। সেই কামতে বহু সময় ব্যয় কৰিবলগীয়া হোৱাত পিছলৈ নেফাত শিক্ষা অভিযানৰ গতি মন্থৰ হৈছিল।
 শিক্ষাদান ফলপ্ৰসূ কৰিবলৈ হ’লৈ একনিষ্ঠ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ উপযোগী শিক্ষা পদ্ধতিৰ উপৰিও আৰু এটা বস্তুৰ আৱশ্যক, সি হ’ল উপযুক্ত পাঠ্যপুথি। শিক্ষনীয় বিষয়সমূহ ছাত্ৰ-ছাত্ৰীৰ হৃদয়ংগম হব পৰাকৈ সহজ সৰল ভাষাত উপস্থাপিত কৰিব পৰাটো পাঠ্যপুথিৰ প্ৰধান গুণ। নেফাৰ ল’ৰা ছোৱালীৰ উপযোগীকৈ পাঠ্যপুথি প্ৰণয়নৰ বাবে [ ৪০ ] ১৯৫৫ চনত পাঠ্যপুথি উৎপাদন শাখা এটা খোলা হৈছিল। শিক্ষা বিভাগৰ ঘাই অফিচ আগৰ বছৰতে শ্বিলঙলৈ স্থানান্তৰিত হৈছিল যদিও পাঠ্যপুথি উৎপাদন বিভাগটো নৱ নিযুক্ত উন্নয়ন আয়ুক্ত লোথ্ৰা চাহাবৰ অধীনত নেফাতে ৰখা হ’ল। টি টি আইৰ অধ্যাপক মুক্তিনাথ বৰদলৈক সহকাৰী শিক্ষা-বিষয়ালৈ পদোন্নতি দি তেওঁকে পাঠ্যপুথি প্ৰণয়নৰ দায়িত্ব দিয়া হৈছিল। এতিয়া সমস্যা হ’ল পুথি প্ৰণয়নৰ বাবে কি ভাষা ব্যৱহাৰ কৰা যায়। নেফাৰ শিক্ষকসকলে জনজাতীয় ভাষা আয়ত্ব কৰি অতদিনে সেই ভাষাৰ মাধ্যমেৰেই যথাসাধ্যে শিক্ষা দান কাৰ্য্য চলাই আছিল। সেই ব্যৱস্থা কিছুদিন চলি থাকিবলৈ দিয়া হ’লে লাহে লাহে জনজাতীয়সকলৰ মাজৰ পৰাই তেওঁলোকৰ ভাষাত পুথি লেখক ওলালহেঁতেন। কিন্তু ৰাজনৈতিক উদ্দেশ্য প্ৰনোদিত ভাৱে নেফাত হঠাতে অসমীয়া ভাষাৰ ব্যৱহাৰ বন্ধ কৰি তাৰ ঠাইত হিন্দী চলোৱা হ’ল। নেফাৰ জনসাধাৰণৰ বাবে হিন্দী ভাষা একেবাবে অপৰিচিত আছিল। বৰঞ্চ শাসনৰ দায়িত্বত থকা চাহাবসকলৰ সংস্পৰ্শলৈ অহা হেতুকে ইংৰাজী ভাষাৰ সৈতেহে তেওঁলোকৰ কিছু চিনাকী আছিল। এনে পৰিস্থিতিত, হিন্দীক শিক্ষাৰ মাধ্যম হিচাপে লোৱা হৈছিল যদিও সেই ব্যৱস্থা স্থায়ী নহল আৰু ইংৰাজীয়ে পিছত সেই স্থান অধিকাৰ কৰিলে। শেহতীয়াকৈ নেফাৰ উচ্চ ইংৰাজী স্কুলসমূহত চি বি এছ ই পাঠ্যক্ৰম প্ৰৱৰ্ত্তিত হৈছে।
 প্ৰাথমিক পৰ্য্যায়ত মাতৃভাষা বাধ্যতামূলক হোৱা বাবে সেই পৰ্য্যায়ত কিতাপবোৰ জনজাতীয় মাধ্যমতে হব লাগিছিল। কিন্তু জনজাতীয় মাধ্যমত কিতাপ লিখিব কোনে? গতিকে অভিজ্ঞ লেখকৰ হতুৱাই ইংৰাজী ভাষাতে মাতৃ ভাষা, গণিত আৰু সমাজ শিক্ষা বিষয়ক পুথি ‘ক’ মানৰ পৰা ৩ য় মানলৈকে ব্যৱহাৰৰ বাবে ৰচনা কৰাই সেইবোৰ বিভিন্ন জনজাতীয় দোৱানলৈ অনুবাদ কৰিবলৈ দিয়া হৈছিল। অনুবাদক সকলৰ প্ৰায়ভাগেই আছিল ইংৰাজী ভাষাত বিশেষ হাত থকা অজনজাতীয় লোক। তত্ৰাচ সমস্যাৰ ওৰ পৰা নাছিল। নেফাত প্ৰচলিত দোৱানৰ সংখ্যা ডেৰকুৰিৰো ওপৰ হব। সকলোবোৰ দোৱানতে পাঠ্যপুথি ৰচনা সম্ভৱপৰ কথা নহয়। গতিকে তাৰ মাজৰ পৰাই চৈধ্যটা দোৱান বাচি লৈ কিতাপ লিখাৰ দিহা কৰা হৈছিল, কিন্তু যিসকলৰ দোৱান এই নিৰ্বাচনত নুঠিল সেইসকল ক্ষুণ্ণ হ’ল আৰু তাৰে অজুহাত লৈ ভাষাগত অনৈক্য আৰু বিভেদৰ ভাৱে নেফাত গা কৰি উঠিল।
 লিপিৰ সমস্যা লৈয়ো জটিলতাৰ সৃষ্টি হৈছিল। দোৱানক লিখিত ভাষাৰ স্তৰলৈ নিবলৈ লিপি অপৰিহাৰ্য্য। ভাষা শিক্ষাৰ প্ৰচেষ্টাৰ প্ৰথম পদক্ষেপ হিচাপে ইন্দিৰা মিৰিয়ে অসমীয়া লিপিৰে জনজাতিৰ দোৱানৰ কিছুমান 'চাৰ্ট’প্ৰকাশ কৰিছিল। কিন্তু মাধ্যম হিচাপে অসমীয়া ভাষা আৰু লিপি নাকচ হোৱাত সেইবোৰৰ কাম নোহোৱা হ’ল। এচামে আকৌ ৰোমান লিপিৰ বাবে দাবী তুলিলে। নেফাত চাকৰি কৰি থকা নগা, মিজো, খাচীয়া আবৰ [ ৪১ ] আদি খ্ৰীষ্টিয়ান বিষয়াসকলৰ মতে ভাষাৰ শুদ্ধ উচ্চাৰণৰ বাবে ৰোমান লিপিহে অধিক গ্ৰহণযোগ্য। কিন্তু ইন্দিৰা মিৰিয়ে যুক্তি দিছিল যে উচ্চাৰণৰ শুদ্ধতাৰ বাবে দেৱনাগৰী লিপিতকৈ অধিক কাৰ্য্যকৰী একো হব নোৱাৰে। কেন্দ্ৰীয় চৰকাৰেও দেৱনাগৰী লিপিৰ সপক্ষেই মত প্ৰকাশ কৰিলে। নেফাৰ জনসাধাৰণে লিপি সম্পৰ্কে স্বকীয় মতামত ব্যক্ত কৰিব পৰা পৰ্য্যায় তেতিয়াও পোৱাগৈ নাছিল। গতিকে নেফা চৰকাৰে দেৱনাগৰী লিপিকে গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈ সেই লিপিৰ সৰলীকৰণৰ বাবে দুজনমান বিষয়া নিয়োগ কৰিলে।
 স্বাধীনতা লাভৰ পিছৰে পৰা নেফাত তিনিখলপীয়া শাসন ব্যৱস্থাৰ প্ৰবৰ্ত্তন হৈছিল। ৰাজ্যপালৰ অধীনত এজন উপদেষ্টা নিয়োগ কৰি তেওঁৰ তলৰ খাপত এহাতে পলিটিকেল অফিচাৰ সকলে শাসন কাৰ্য্য, আনহাতে উন্নয়নমুখী বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকলে সেই বিভাগ সমূহ পৰিচালনা কৰিছিল। গতিকে সেই বিষয়া সকল স্বাভাবিকতে প্ৰভূত ক্ষমতাৰ অধিকাৰী আছিল। কিন্তু ১৯৫৪ চনত পূৰ্ব্বৰ শাসন ব্যৱস্থাৰ ঠাইত Single Line Administration প্ৰৱৰ্ত্তন কৰা হয়। নতুন ব্যৱস্থা মতে উপদেষ্টাৰ পিছতে উন্নয়ন আয়ুক্তৰ পদ এটি সৃষ্টি কৰি উন্নয়নমূলক বিভাগ সমূহ সেইজন বিষয়াৰ অধীনলৈ অনা হয়। এই ব্যৱস্থাই প্ৰশাসনৰ ক্ষেত্ৰত তুলনামূলক ভাৱে পূৰ্ব্বতকৈ কিছু শৃংখলা আনে; আনহাতে ই বিভাগীয় মূৰব্বী বিষয়াসকলৰ ক্ষমতা ভালেখিনি খৰ্ব্ব কৰে। ফলত সেইসকলে পূৰ্ব্বৰ দৰে মুকলিমূৰীয়া ভাৱে কাম কৰিব নোৱাৰা হ’ল আৰু তেওঁলোকৰ মনত অসন্তুষ্টিৰ ভাৱ জাগি উঠিল। পৰিস্থিতিৰ তাড়নাত কিছুসংখ্যক সৎ, সুদক্ষ অসমীয়া বিষয়া আতৰি আহিল, কিছুমানক বিদায় দিয়া হ’ল। নতুনকৈ যিসকল পলিটিকেল অফিচাৰে নিযুক্তি পালে তেওঁলোকৰ অধিকাংশই আছিল অৱসৰ প্ৰাপ্ত সামৰিক বিষয়া; সেইসকলৰ অসামৰিক প্ৰশাসন সম্পৰ্কে কোনো অভিজ্ঞতা নাছিল। তদুপৰি জনজাতীয় ভাষাৰ কোনো জ্ঞান তেওঁলোকৰ নাছিল। সেই সময়ত নেফাৰ সৰ্ব্বসাধাৰণে বুজি পোৱা অসমীয়া ভাষাৰ দুই চাৰিটা শব্দত বাদে তেওঁলোকে থলুৱা ভাষাৰ একোকে বুজি নেপাইছিল৷ গতিকে পূৰ্ব্বৰ বিষয়াসকলৰ দৰে নেফাৰ ৰাইজৰ বুকুৰ আপোন তেওঁলোক হব পৰা নাছিল, কিন্তু নেফাক হিন্দী ভাষী ৰাজ্যৰূপে পুনৰ্নিৰ্ম্মাণ কৰিবলৈ তেওঁলোক উঠি পৰি লাগিছিল।
 ইতিমধ্যে ভালেমান অসমীয়া বিষয়াই নেফা এৰি অহাত ইন্দিৰা মিৰিয়ে একপ্ৰকাৰ নিঃসংগতা অনুভৱ কৰিছিল। উন্নয়ন আয়ুক্তৰ তলতীয়া হবলগীয়া হোৱাত পূৰ্ব্বৰ দৰে শিক্ষাৰ ক্ষেত্ৰত তেওঁ নিজাববীয়াকৈ কোনো সিদ্ধান্ত লব নোৱাৰা হ’ল। তেনে অস্বস্তিকৰ পৰিবেশতে চৰকাৰৰ এক নতুন নীতিয়ে তেওঁক মানসিক ভাৱে বিপৰ্য্যস্ত কৰি তুলিলে। সেই নীতি অনুসৰি শিক্ষা বিভাগত শিক্ষা-সঞ্চালকৰূপে সৰ্ব্বোচ্চ পদবী এটাৰ সৃষ্টি কৰা হয়। সেই পদৰ বাবে ইন্দিৰা মিৰিকো প্ৰাৰ্থী হিচাপে আবেদন কৰিবলৈ দিয়া হৈছিল যদিও [ ৪২ ] সাক্ষাৎকাৰৰ ভেকো ভাওনা এখন অনুষ্ঠিত কৰি শ্যামলাল ছোনী নামৰ বাহিৰৰ হিন্দী ভাষী এজনকহে সঞ্চালক ৰূপে নিযুক্তি দিয়া হ'ল। দহ বছৰৰ ক্লান্তিহীন, নিষ্কলঙ্ক সেৱাৰ বিনিময়ত এনে পুৰষ্কাৰ লাভ কৰাৰ পিছত তেওঁৰ সেই চাকৰিৰ প্ৰতি কি মোহ থাকিব পাৰে? গতিকে তেওঁ চাকৰি ইস্তফা দি ভৈয়ামৰ মানুহ ভৈয়ামলৈ গুছি অহাৰে সিদ্ধান্ত লয়। অৱশ্যে তেওঁ নেফাৰ প্ৰতি কোনো বিদ্বেষ বা বিতৃষ্ণাৰ ভাৱ লৈ গুছি অহা নাছিল। তেওঁৰ প্ৰতি কৰা সেই অবিচাৰ কেন্দ্ৰীয় শাসিত নেফাত চলা ‘অসমীয়া হাটাও' অভিযানৰে স্বাভাবিক পৰিণতি বুলি তেওঁ নিঃসন্দেহ আছিল। সেয়ে আতৰি আহিলেও তেওঁৰ মনৰ মণিকোঠাত আজিও সযতনে সংৰক্ষিত হৈ আছে নেফাৰ সহজ সৰল জনগণৰ সান্নিধ্যত কটোৱা দহোটা বছৰৰ অলেখ মিঠা স্মৃতি। নেফাৰ কৰ্ম্মজীৱন সুঁৱৰি তেওঁ লিখিছে, “কাম কৰিছিলো তন্ময় নিষ্ঠাৰে, অসীম সাহসেৰে, ক্লান্তিহীন উদ্যমেৰে, অনন্ত আশাৰে, অপাৰ আনন্দেৰে; যিমানেই কৰিছিলো সিমানেই কৰাৰ আগ্ৰহ বাঢ়িছিল। ----- শাৰীৰিক ক্লেশ-ক্লান্তি, মানসিক-দুশ্চিন্তা, কৰ্ম্মৰ কাঠিন্যই মোক কোনো দিনেই কৰ্ম্ম বিৰত কৰিব পৰা নাছিল। চৰকাৰৰ ফালৰ পৰাও মই কোনো দিনেই কোনো কথাত বাধা পোৱা নাছিলো। মই শুদ্ধ, সত্য, শিক্ষা দৃষ্টিকোণৰ পৰা আগবঢ়োৱা সকলো পৰামৰ্শকে চৰকাৰে যথোচিত গুৰুত্ব দি গ্ৰহণ কৰিছিল।”
 বাস্তবিকতে চল্লিশৰ দশকৰ শেষাৰ্দ্ধলৈকে শিক্ষাৰ কোনো আও ভাও নোপোৱা নেফাৰ অজ্ঞ, অৰ্দ্ধসভ্য জনগণৰ বাবে শিক্ষাৰ বুনিয়াদ গঢ়ি তোলাত ইন্দিৰা মিৰিৰ গুৰুত্বপূৰ্ণ ভূমিকা অনস্বীকাৰ্য্য। নিজৰ ঘৰ-সংসাৰ, ল'ৰা ছোৱালীৰ পৰা বহু আতৰত থাকি, কৰ্ম্মকেই জীৱনৰ ব্ৰত হিচাপে লৈ দুৰ্গম অৰণ্য অঞ্চলত নিজৰ জীৱন বিপন্ন কৰিও তেওঁ আৰু সহযোগী সকলে শিক্ষাৰ ক্ষেত্ৰত ৰাইজলৈ সেৱা আগবঢ়াইছিল। শিক্ষা-বিষয়াসকলে শিশু শিক্ষাৰে কাম আৰম্ভ কৰিছিল যদিও অভিভাৱকৰ শিক্ষা, সমাজৰ শিক্ষায়ো তেওঁলোকৰ কৰ্ম্ম আঁচনিত ঠাই পাইছিল। নেফাত তেওঁলোকে কেইখনমান মধ্য-ইংৰাজী আৰু হাইস্কুলকে ধৰি প্ৰায় ১৪০ খনমান স্কুল স্থাপন কৰিছিল। অন্তৰত গভীৰ দেশ প্ৰেম, সেৱাৰ মনোভাৱ নেথাকিলে, আৰ্থ-সামাজিক দিশত পিছপৰা জনজাতীয়সকলৰ প্ৰতি সদিচ্ছা সহানুভূতি নেথাকিলে মানুহে এইদৰে দেহমন উছৰ্গি কাম কৰিব নোৱাৰে।

•••

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।