বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি/অসমৰ শিক্ষা জগতত

[ ৪৩ ]

সাত

অসমৰ শিক্ষা জগতত


 ১৯৫৭ চনত ইন্দিৰা মিৰিয়ে নেফাৰ চাকৰিৰ পৰা অব্যাহতি লৈ লগে লগেই অসম চৰকাৰৰ শিক্ষা বিভাগত যোগদান কৰে। নেফাৰ চাকৰি জীৱন ক্ৰমে জটিল আৰু অশান্তিদায়ক হৈ উঠাত তেওঁ অসমৰ তদানীন্তন শিক্ষাধিকাৰ হিৰণ্য চন্দ্ৰ ভূঁঞাদেৱক আগতীয়াকৈ অনুৰোধ জনাইছিল—অসম চৰকাৰৰ শিক্ষা বিভাগতে ক'ৰবাত তেওঁক গোজ মাৰি থবলৈ। সেয়ে নেফাৰ চাকৰি এৰি থৈ আহি তেওঁ বহি থাকিবলগীয়া নহ'ল। সেই সময়ত অসমত স্নাতকোত্তৰ শিক্ষক প্ৰশিক্ষণ অনুষ্ঠান বুলিবলৈ এখনো নাছিল। গুৱাহাটীত বি টি শ্ৰেণী খোলা হৈছিল যদিও সি আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ এডুকেশান ডিপাৰ্টমেন্ট অন্তৰ্গত। বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ মূৰব্বী অধ্যাপক বি চি কৰৰ অধ্যক্ষতাত চলা সেইখন অনুষ্ঠানলৈ তেওঁৰ বিভাগৰ শিক্ষক সকলেই ‘পাৰ্টটাইম’ সেৱা আগবঢ়াইছিল। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰশিক্ষণৰ বাবে পঠোৱা স্নাতকোত্তৰ পৰ্য্যায়ৰ শিক্ষকসকলৰ বাবে প্ৰশিক্ষণৰ সেইকণ সুবিধা পৰ্য্যাপ্ত নাছিল। তদুপৰি হোষ্টেলৰ কোনো সা-সুবিধা নথকাত ‘ডেপুটেড’ শিক্ষকসকল বহু অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছিল। সেইকালত আজিৰ দৰে যি কোনো স্নাতকে বি টি (Bachelor of Training) ডিগ্ৰী লোৱাৰ কথা ভবা নাছিল। স্কুলত শিক্ষাদান কৰি থকা শিক্ষকসকলকহে দৰমহা ও প্ৰশিক্ষণৰ বাবদ বানচ সহ ছুটী দি এই প্ৰশিক্ষণ লবলৈ পঠোৱা হৈছিল। অৱশ্যে শ্বিলঙত বহু দিনৰ আগৰে পৰাই ছোৱালীৰ বাবে চেন্ট মেৰীজ কলেজত আৰু ল'ৰাৰ বাবে চেন্ট এডমাণ্ডচ্ কলেজত বি টি শ্ৰেণী চলি আছিল। সেই দুই অনুষ্ঠান কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত আছিল। গতিকে অসমত এখন পূৰ্ণাংগ স্নাতকোত্তৰ শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠান গঢ়ি তোলা সম্পৰ্কে অসম চৰকাৰৰ শিক্ষা বিভাগে গুণাগথা কৰি আছিল। বিদেশত উচ্চশিক্ষা লৈ অহা, নেফাত শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠান গঢ় দিয়াৰ অভিজ্ঞতাৰে পৰিপুষ্ট ইন্দিৰা মিৰিক হাততে পাই তেওঁকেই অধ্যক্ষাৰূপে লৈ যোৰহাটত বি টি কলেজ স্থাপনৰ সিদ্ধান্ত খাটাং কৰা হয়।

 এতিয়া সমস্যা হ’ল, মাটি নাই, ঘৰ-দুৱাৰ নাই – ক'ত কেনেকৈ কলেজ খোলে শিক্ষাবিদ গৰাকীৰ ভাষাত, “ঢাল নাই, তৰোৱাল নাই নিধিৰাম চৰ্দ্দাৰ; ঘৰ নাই, বাৰী নাই, প্ৰশিক্ষক নাই, কেনেকৈ কি কৰো?” তথাপিতো কলেজ আৰম্ভ কৰাৰ মনেৰে মিৰি বাইদেৱে [ ৪৪ ] গুৱাহাটী এৰি যোৰহাটতে থিতাপি ললেগৈ। যোগেন শ‍ইকীয়া আৰু সিতাংশু মজুমদাৰ নামেৰে দুজনৰ পোনতে শিক্ষক হিচাপে নিযুক্তি হ'ল। কলেজখন গঢ়ি তোলাত এই দুগৰাকী শিক্ষকে তেওঁক দেহে কেহে সহায় কৰিছিল। সেই দুজন প্ৰশিক্ষক আৰু ১৫/২০ গৰাকীমান ‘ডেপুটেড' শিক্ষক-শিক্ষয়িত্ৰীক লৈ যোৰহাট নৰ্ম্মাল স্কুলতে কলেজখনৰ শুভাৰম্ভ হয়। দিনত নৰ্ম্মাল স্কুল, ৰাতি বি টি কলেজৰ ক্লাচ বহে। নৰ্ম্মাল স্কুলৰ হলঘৰটোতে এটা ‘পেট্ৰোমাক্‌সৰ পোহৰত শিক্ষাদান চলে। শিক্ষক বহিবৰ বাবে কোঠা নাই; এজন শিক্ষক শ্ৰেণী কোঠালৈ গ’লৈ কলেজৰ অধ্যক্ষা ইন্দিৰা মিৰি আনজন শিক্ষকৰ সৈতে এটা হাৰিকেন লেম্পৰ পোহৰত বাৰাণ্ডাতে বহি থাকে। যোৰহাটত তেতিয়া স্কুল ইন্সপেক্‌টৰ আছিল গোপাল শৰ্ম্মা বৰুৱা। তেওঁৰ কৃপাতে ইন্দিৰা মিৰিয়ে বি টি কলেজৰ কাৰ্য্যালয় হিচাপে ব্যৱহাৰ কৰিবলৈ ইন্সপেক্‌টৰৰ অফিচতে এটা কোঠা পাইছিল। কিন্তু দূৰণিবটীয়া প্ৰশিক্ষাৰ্থী সকলৰ থকা-খোৱাৰ সমস্যাৰো সমাধান হব লাগিব। সেই সময়ত নৰ্ম্মাল স্কুলৰ অধ্যক্ষ আছিল চিৰাজুল হক বৰুৱা। তেওঁক বৰকৈ ধৰাত নৰ্ম্মাল স্কুলৰ হোষ্টেলতে আঁতৰৰ পৰা অহা শিক্ষক আৰু শিক্ষয়িত্ৰী সকলক ভাগে ভাগে থাকিবলৈ অনুমতি দিয়া হ'ল। ইতিমধ্যে যোৰহাট চৰকাৰী হাইস্কুলত কাম কৰা দুজন B.T. পাছ শিক্ষককো অংশকালীন হিচাপে কলেজখনত নিযুক্তি দিয়া হ'ল। তেওঁলোক দুজন আছিল যতীন গোস্বামী (অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি) আৰু গোপাল বৰদলৈ। এবাৰ যোৰহাটত স্কুল চাবলৈ আহোতে শিক্ষাধিকাৰ হিৰণ্য ভূঁঞাদেৱে কলেজখনৰ দুৰৱস্থা দেখা পাই দুদিনমান তাতে থাকি শ্ৰেণী কোঠাত পোহৰৰ ব্যৱস্থা কৰি দিলে। তেওঁৰ অনুৰোধত নৰ্ম্মাল স্কুলৰ অধ্যক্ষই শিক্ষক বহিবলৈ কোঠা এটাও দিলে।

 লাহে লাহে চৰকাৰী মাটিত কলেজৰ ঘৰ-দুৱাৰে মূৰ দাঙি উঠিল; কলা, বিজ্ঞান দুয়োটা শাখাতে প্ৰশিক্ষণ আৰম্ভ হ'ল। ইন্দিৰা মিৰিৰ সুদক্ষ পৰিচালনাত কলেজখনে যথেষ্ট উন্নতিৰ মুখ দেখিলে। তেওঁৰ মাতৃ সুলভ আচৰণ, নিকা প্ৰশাসন আৰু শিক্ষাৰ প্ৰতি ঐকান্তিক আগ্ৰহে শিক্ষকসকলক বিশেষ ভাৱে প্ৰভাৱিত কৰিছিল। যোৰহাটত এবছৰীয়া স্নাতকোত্তৰ প্ৰশিক্ষণৰ এই পূৰ্ণাংগ অনুষ্ঠান গঢ় লৈ উঠাত উজনি অসম আৰু উত্তৰৰ পাহাৰীয়া অঞ্চলৰ শিক্ষক শিক্ষয়িত্ৰী সকলে বাটকুৰি বাই গুৱাহাটী বিশ্ববিদ্যালয়লৈ প্ৰশিক্ষণৰ বাবে অহা কষ্টৰ পৰা অব্যাহতি পালে। শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠানত শিক্ষাৰ তাত্ত্বিক দিশতকৈ প্ৰায়োগিক দিশতহে অধিক গুৰুত্ব দিয়া উচিত। সেই বিষয়ত বিশেষ ভাৱে সচেতন অধ্যক্ষা গৰাকীয়ে শিক্ষণ পদ্ধতিতহে বেছি জোৰ দিছিল আৰু যোৰহাটৰ শিক্ষানুষ্ঠানসমূহৰ সৈতে ঘনিষ্ঠ সহযোগ ৰক্ষা কৰি প্ৰশিক্ষাৰ্থীসকলৰ ‘প্ৰেক্‌টিকেল ক্লাচ' ৰ সুব্যৱস্থা কৰি দিছিল। যোৰহাট বি টি কলেজৰ অধ্যক্ষা ৰূপে ইন্দিৰা মিৰিয়ে নিজৰ অভিজ্ঞতা এইদৰে বৰ্ণাইছে, “কলেজ গঢ়াৰ [ ৪৫ ] ক্ষেত্ৰত মোৰ সোঁহাত, বাওঁহাত আছিল সিতাংশু মজুমদাৰ আৰু যোগেন শ‍ইকীয়া, দুয়োজনেই অতি সুদক্ষ, নিষ্ঠাবান কৰ্ম্মী। তেওঁলোকৰ সহায়-সহযোগ, চৰকাৰৰ আমাৰ ওপৰত বিশ্বাস আৰু সহায়ে কলেজখন অতি শীঘ্ৰে কলা, বিজ্ঞান দুয়োটা বিভাগতে এখন পূৰ্ণ পৰ্যায়ৰ শিক্ষানুষ্ঠান ৰূপে গঢ় লৈ উঠাত সহায় কৰিছিল। কম সংখ্যক প্ৰশিক্ষাৰ্থীৰে ৩/৪ বছৰলৈ উত্তীৰ্ণৰ হাৰ শতকৰা প্ৰায় এশভাগেই আছিল। আমাৰ আনন্দ চায় কোনে? ভাবিছিলো বৰ ভাল শিক্ষক তৈয়াৰ কৰিছো। এতিয়াহে দেখিছো, শিক্ষক নহয়, সৰহ সংখ্যকেই বেপাৰীহে।” শিক্ষাদানক তপস্যা জ্ঞান কৰা অভিজ্ঞা শিক্ষাবিদ্‌ৰাকীয়ে আজিৰ টিউচনসৰ্ব্বস্ব শিক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য কৰিয়েই হয়তো এইদৰে খেদোক্তি কৰিবলগীয়া হৈছে।
 যোৰহাটত থকা কালছোৱাত ইন্দিৰা মিৰিয়ে সেইখন চহৰতে অৱস্থিত State Institute of Education ৰো অধ্যক্ষাৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল। সেই অনুষ্ঠানত বিভিন্ন শৈক্ষিক বিষয়ৰ ওপৰত গৱেষণা চলোৱা হৈছিল; তাৰ কেন্দ্ৰীয় কাৰ্য্যালয় দিল্লীত আছিল। দহবছৰ কাল নিষ্ঠাপূৰ্ণ সেৱা আগবঢ়াই ১৯৬৭ চনত ইন্দিৰা মিৰিয়ে যোৰহাট বি টি কলেজৰ পৰা অৱসৰ গ্ৰহণ কৰে। পিছৰ বছৰ ১৯৬৮ চনত ৰাজ্যিক শিক্ষা গৱেষণা কেন্দ্ৰৰ পৰাও অৱসৰ লৈ গুৱাহাটীলৈ উভতি আহে। ইতিমধ্যে গুৱাহাটীৰ শিলপুখুৰী অঞ্চলত তেওঁৰ পিতৃপ্ৰদত্ত মাটিত ঘৰ দুৱাৰ সজা কাম আৰম্ভ হয়। ৭০ চনৰ শেষৰ পিনে তেওঁ নিজ গৃহত প্ৰৱেশ কৰে।
 চাকৰিকাল শেষ হোৱাৰ পিছতো আজিকালিৰ মানুহ বেছ কৰ্ম্মক্ষম হৈয়ে থাকে। শাৰীৰিক মানসিকভাৱে সক্ষম হৈ থকা মানুহগৰাকীৰ শিক্ষাদান আৰু শিক্ষক-প্ৰশিক্ষণৰ সৈতে জড়িত কুৰি বছৰৰো ওপৰকালৰ পূৰঠ অভিজ্ঞতা এনেয়ে যাবলৈ দিয়াটো এক জাতীয় অপচয় বুলিয়েই গণ্য কৰিব পাৰি। তেনে অপচয় সমাজৰ কাম্য নাছিল বাবেই তেওঁক এইবাৰ গুৱাহাটীত ১৯৬৭ চনত অসমৰ শিক্ষা ও সাহিত্য জগতৰ কৰ্ণধাৰ ব্যক্তি বাণীকান্ত কাকতিদেৱৰ নামেৰে স্থাপিত হোৱা ৰাইজৰ অনুষ্ঠান বাণীকান্ত বি টি কলেজৰ অধ্যক্ষাৰ দায়িত্বভাৰ লবলৈ আহবান জনোৱা হয়। কৰ্ম্মৰ মাজেৰেই জীৱনৰ আনন্দ আৰু পূৰ্ণতাবিচৰা অভিজ্ঞা শিক্ষাবিদ্‌ৰাকীয়ে সেই আহবানৰ প্ৰতি সঁহাৰি জনাই শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠানটিৰ অধ্যক্ষা ৰূপে কামত যোগদান কৰে। সেই সময়ত উলুবাৰী হাইস্কুলত বি টি কলেজৰ শ্ৰেণীসমূহ বহিছিল। অফিচ আৰু শিক্ষকৰ বহা কোঠা হিচাপে ব্যৱহাৰ কৰিবলৈ কলেজখনৰ মেনেজিং কমিটীয়ে নিজৰ খৰচত স্কুল চৌহদতে এটি সৰু ঘৰ সাজি লৈছিল। আৰম্ভনিতে অধ্যক্ষৰূপে অনুষ্ঠানটিৰ গুৰি ধৰিছিল কটন কলেজৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰাধাকান্ত দাসে। তাৰ পিছত আহিল একেখন কলেজৰে আন এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক ব্ৰজেন্দ্ৰ মোহন আচাৰ্য্য। দুয়োজনেই কৃতবিদ্য শিক্ষক যদিও শিক্ষক-প্ৰশিক্ষণ সম্পৰ্কে কোনো [ ৪৬ ] অভিজ্ঞতা তেওঁলোকৰ নাছিল। দুয়োজনেই কেইমাহমানকৈ অনুষ্ঠান চলোৱাৰ পিছত বিদায় লৈছিল। ১৯৬৯ চনৰ মাৰ্চ মাহত ইন্দিৰা মিৰিয়ে নিগাজিকৈ সেই দায়িত্ব গ্ৰহণ কৰে। শদিয়া আৰু যোৰহাটৰ অনুষ্ঠান দুটিৰ দৰে এই অনুষ্ঠানৰ জন্ম তেওঁৰ হাতত হোৱা নাছিল যদিও এইখনো এক পূৰ্ণাংগ প্ৰশিক্ষণ কলেজ হিচাপে গঢ় দিয়াৰ কৃতিত্ব ইন্দিৰা মিৰিৰেই বুলিব পাৰি।

 উলুবাৰী হাইস্কুলত কষ্টে মষ্টে কিছুদিন চলোৱাৰ পিছত লাচিত নগৰত মাটি যোগাৰ কৰি তাতে অস্থায়ী ঘৰ সাজি কলেজখন তালৈ স্থানান্তৰ কৰা হয়। পিছত স্থায়ী ঘৰ-দুৱাৰ হোৱাত পূৰ্ব্বৰ ঘৰ ল'ৰাৰ হোষ্টেলৰূপে ব্যৱহাৰ কৰা হয়। অভিজ্ঞা শিক্ষাবিদ্, দক্ষ প্ৰশাসক ইন্দিৰা মিৰিৰ সুপৰিচালনাত দোপত দোপে উন্নতি কৰি বাণীকান্ত বি টি কলেজ সম্প্ৰতি অসমৰ এখন নামজ্বলা স্নাতকোত্তৰ শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠানত পৰিণত হৈছে। অধ্যক্ষা হিচাপে তেওঁ যে কেৱল প্ৰশাসনৰ দায়িত্বহে লৈছিল এনে নহয়, প্ৰতিখন কলেজতে তেওঁ প্ৰশিক্ষাৰ্থী সকলক নিয়মিত ভাৱে পাঠদান কৰিছিল। এইখন কলেজ ৰাইজে পতা অনুষ্ঠান; চৰকাৰেও কিছু টকা-পইচা দি সহায় কৰিছিল। কলেজৰ পৰিচালনা ঘাইকৈ মেনেজিং কমিটীৰ হাতত। শৈক্ষিক দিশটো অৰ্থাৎ পাঠ্যক্ৰম ‘ছিলেবাচ’, পৰীক্ষা পতা আদি কাৰ্য্য বিশ্ববিদ্যালয়ে পৰিচালনা কৰিছিল।

 ১৯৮০ চনত ইন্দিৰা মিৰিক সমাজ কল্যাণ বোৰ্ডৰ অসম শাখাৰ অধ্যক্ষাৰ দায়িত্ব দিয়া হয়। তেতিয়াৰে পৰা তেওঁ কলেজৰ কিছু দায়িত্ব বাধ্য হৈ এৰিবলগীয়া হয়। তথাপিতো মাজে সময়ে তেওঁ দুই এটা ক্লাছত পাঠদান কৰি আছিল। ১৯৮৩ চনত কলেজৰ শাসন-ভাৰ চৰকাৰে নিজৰ হাতলৈ নিয়ে; লগে লগে তেওঁ চাকৰিৰ পৰা সম্পূৰ্ণ ভাৱে অব্যাহতি লয়।

 নিজৰ কৰ্ম্ম জীৱনৰ অভিজ্ঞতা বৰ্ণাই তেওঁ কৈছিল “চাকৰি জীৱনলৈ উভতি চালে দেখা পাওঁ প্ৰায় সকলো ঠাইতে মই বাটকটীয়াৰ দায়িত্বই বহন কৰিছিলো। -----অনুষ্ঠান পাতি যি বিমল আনন্দ লাভ কৰিছিলো সেই নিৰ্ম্মল, অক্ষয় আনন্দই মোৰ মন সদায় পৰিপূৰ্ণ কৰি ৰাখিছে।”---‘মোৰ কৰ্ম্মজীৱনৰ আটাইতকৈ স্মৰণীয় কথা, নেফাতো, অসমতো মোক যেন ‘অৰ্জ্জুনৰ ৰথৰ সাৰথি নাৰায়ণে' হাতত ধৰিহে আগবঢ়াই নিছিল। কোনো বাধা বিঘিনি নোহোৱাকৈ মোৰ সাধ্যানুসৰি দিব পৰা সকলোখিনি প্ৰাণ ঢালি দিছিলো আৰু মোৰ বিচাৰেৰে ম‍ই সাৰ্থকো হৈছিলো।”

 পূৰ্ব্বৰ B.T. কোৰ্চটোৰ নাম সলনি কৰি বৰ্ত্তমান B.ED. কৰা হৈছে। অসমৰ বিভিন্ন ঠাইত সম্প্ৰতি ব্যৱসায়িক ভিত্তিত অসংখ্য B.ED. কলেজ গঢ় লৈ উঠিছে। এতিয়া গুৱাহাটী মহানগৰীতে তেনে কেইবাখনো শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠান আছে। আজিকালি ডেপুটেড শিক্ষকতকৈ সদ্য উত্তীৰ্ণ স্নাতকসকলেহে এনেবোৰ কলেজত ভিৰ কৰা দেখা [ ৪৭ ] কিন্তু দুখৰ কথা, শিক্ষক প্ৰশিক্ষণৰ ইমান সুবিধা হোৱা সত্ত্বেও শিক্ষাদানৰ মানৰ উন্নতি হওক চাৰি, দিনক দিনে অৱনতি হে হ'ব লাগিছে। সেই বিষয়ে অভিজ্ঞা শিক্ষাবিদ্ই ন্দিৰা মিৰিক প্ৰশ্ন কৰাত তেওঁ কৈছিল,” - মোৰ দিনত B.T. কলেজে বিশ্ববিদ্যালয়ৰ কট্‌টীয়া শৈক্ষিক নিয়ম-নীতি মানি চলিবলগীয়া হৈছিল। প্ৰশিক্ষণ, কলেজৰ ঘৰ-দুৱাৰ, সা-সঁজুলি, উপযুক্ত প্ৰশিক্ষক, উপযুক্ত প্ৰশিক্ষাৰ্থী, প্ৰশিক্ষক প্ৰশিক্ষাৰ্থীৰ আনুপাতিক হাৰ, উপস্থিতিৰ হাৰ, প্ৰেক্‌টিচ্ টিচিং, প্ৰশিক্ষাৰ্থীৰ শিক্ষা পদ্ধতিৰ বিষয় বাচনি ক্ষেত্ৰতে তেতিয়া নিয়ম-নীতিৰ বাধ্যবাধকতা আছিল। আজিৰ B.T. কলেজত তেনে নিয়ম নীতি নাই। B.T ডিগ্ৰী আজি শিক্ষক নিযুক্তিৰ বাবে একপ্ৰকাৰ বাধ্যতামূলক হোৱাত অগণন শিক্ষক আৰু ভবিষ্যতে হবলগীয়া শিক্ষকে এই ডিগ্ৰী লবলৈ বিচাৰিছে, গতিকে প্ৰয়োজনৰ তাড়নাতে এনেবোৰ কলেজ শিপাইছে। বিশ্ববিদ্যালয়ে যদি এনে কলেজ পতাৰ বাবে অনুমোদন দিওঁতে কটকটীয়া নিয়ম পালনৰ দ্বাৰা বিশেষ সতৰ্কতা অৱলম্বন নকৰে তেতিয়া হ'লে শিক্ষকে B.T. ৰ দৰে এটা উচ্চমানৰ স্নাতকোত্তৰ ডিগ্ৰী পোৱাৰ কোনো অৰ্থ নেথাকে। এনে B.T. ডিগ্ৰীয়ে ‘প্ৰাইভেট টিউটৰহে তৈয়াৰ কৰিব, সন্মানিত, সাৰ্থক শিক্ষক তৈয়াৰ নকৰে --- তেখেতে আন এঠাইত কৈছে, “জ্ঞান আহৰণ আৰু জ্ঞান দান যে দুটা বেলেগ পদ্ধতি তাক মানি নোলোৱাই শিক্ষাৰ অধোগতিৰ এটা মূল কাৰণ। শিক্ষা দান-গ্ৰহণৰ বিষয়, দান কৰিব লাগে হাত মুকলি কৰি আৰু গ্ৰহণ কৰিব লাগে হাত যোৰ কৰি।”

 সত্তৰৰ দশকত গুৱাহাটীৰ পূৱ অঞ্চলৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ সুবিধাৰ্থে কেইগৰাকীমান সমাজ সচেতন লোকৰ উদ্যোগত কন্যা মহাবিদ্যালয় নামে এখন ছোৱালী কলেজ স্থাপনৰ পৰিকল্পনা হাতত লোৱা হৈছিল। সেই উদ্দেশ্যে অৱসৰপ্ৰাপ্ত প্ৰশাসনীয় বিষয়া খনীন্দ্ৰ চন্দ্ৰ বৰুৱাক সভাপতি আৰু সমাজসেৱিকা শুচিব্ৰতা ৰায়চৌধুৰীক সম্পাদিকা হিচাপে লৈ এখন কমিটী গঠন কৰা হৈছিল। ইন্দিৰা মিৰিৰ ঘৰৰ মজিয়াতে পাটী পাৰি ছগৰাকী ছাত্ৰীৰে এই কলেজৰ শুভাৰম্ভ হৈছিল। স্থায়ী অধ্যক্ষৰ নিযুক্তি নোহোৱালৈকে ইন্দিৰা মিৰিয়েই অধ্যক্ষা ৰূপে কাম চলোৱাৰ উপৰিও পাঠদানো কৰিছিল। সুদীৰ্ঘকাল ধৰি শুচিত্ৰতা ৰায়চৌধুৰী আৰু ইন্দিৰা মিৰি কলেজ পৰিচালনা সমিতিৰ যথাক্ৰমে চেক্ৰেটাৰী আৰু প্ৰেছিডেন্ট আছিল। এতিয়া কলেজখন নিজ মাটি-ঘৰেৰে সুসংস্থাপিত এখন পূৰ্ণ পৰ্য্যায়ৰ স্নাতক কলেজ।

 ইন্দিৰা মিৰিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এক্‌জিকিউটিভ কাউঞ্চিলৰ সদস্যা ৰূপে তিনিটা টাৰ্ম কাৰ্য্যনিৰ্বাহ কৰিছিল। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয় একজিকিউটিভ কাউঞ্চিলৰো দুটা টাৰ্মৰ সদস্যা আছিল। ১৯৬৪ চনত ভাৰত চৰকাৰে বিশ্ববিদ্যালয় অনুদান আয়োগৰ [ ৪৮ ] অধ্যক্ষ বিশিষ্ট শিক্ষাবিদ ডঃ ডি এছ কোঠাৰীৰ অধীনত এটি শিক্ষা-আয়োগ গঠন কৰিছিল। শিক্ষাৰ সকলো স্তৰতে প্ৰয়োজনীয় সংশোধন ঘটাই জাতীয় শিক্ষা-আঁচনি তৈয়াৰ কৰাই এই শিক্ষা-আয়োগৰ মূল উদ্দেশ্য আছিল। শিক্ষাৰ বিভিন্ন বিভাগৰ উন্নয়ন সাধনৰ লক্ষ্য আগত ৰাখি শিক্ষা-আঁচনি পৰিকল্পনাৰ বাবে এই আয়োগৰ অধীনত কেইটামান Task Force তৈয়াৰ কৰি দিয়া হৈছিল। ইন্দিৰা মিৰি সেই Task Force অৰ এগৰাকী সদস্যা আছিল।

 ১৯৮৩ চনত অসম চৰকাৰে গঠন কৰা জেল-আয়োগৰো তেওঁ সদস্যা আছিল। এই আয়োগৰ অধ্যক্ষ আছিল আই এ এছ বিষয়া ইমদাদ আলী। সেই দায়িত্বতে প্ৰফুল্ল শৰ্ম্মা, ৰমা দাস, ইন্দিৰা মিৰি, কমল কুমাৰী বৰুৱা, ডঃ দীপালী দত্ত প্ৰমুখ্যে আয়োগৰ সদস্য সদস্যাসকলে কলিকতা, লক্ষ্ণৌ, পশ্চিম বংগৰ কাৰাগাৰ সমূহ আৰু দিল্লীৰ তিহাৰ জেল পৰিদৰ্শন কৰি প্ৰতিবেদন আগবঢ়াইছিল। ১৯৭৭ চনত এই বিশিষ্টা শিক্ষাবিদ্‌ গৰাকীক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰে। শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট বৰঙনিৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ইন্দিৰা মিৰিক ডি লিট সন্মানেৰে বিভূষিত কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২ নং দুমহলীয়া ছাত্ৰী নিবাসটো ইন্দিৰা মিৰিৰ নামেৰে নামকৰণ হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য নিৰ্বাচনৰ বাবে গঠিত হোৱা কমিটীতো তেওঁক সদস্যা হিচাপে লোৱা হৈছিল। জ্ঞানদাভিৰাম বৰুৱা আইন কলেজ আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়তো তেওঁ গৰ্ভনিং বডীৰ সদস্যা আছিল। গুৱাহাটী পাব্লিক স্কুল, জালুকবাৰী শিশু সদনৰো তেওঁ বহু বছৰ ধৰি সভানেত্ৰী আছিল। অসম ৰেডক্ৰচ ছচাইটিৰ আজীৱন সভ্যা হিচাপে অনুষ্ঠানটিৰ কাম কাজৰ লগত তেওঁ বিশেষ ভাৱে জড়িত। গুৰুজনাৰ ধৰ্ম্ম ও কলা-কৃষ্টিৰ প্ৰসাৰৰ বাবে গুৱাহাটীৰ পল্টন বজাৰত স্থাপিত শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সংঘৰো তেওঁ আজীৱন সদস্যা। সৰ্ব্বভাৰতীয় প্ৰাপ্ত বয়স্ক শিক্ষা বিভাগৰ অন্তৰ্গত নিৰক্ষৰতা দূৰীকৰণ কমিটীত তেওঁ আজিও সদস্যা হৈ আছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সৈতেও তেওঁৰ সম্পৰ্ক আছে। ভাৰত স্কাউচ্ এণ্ড গাইড্‌চৰ অসম শাখাৰ তেওঁ উপ-সভানেত্ৰী।

 আজিকালি অসমৰ শিক্ষাকেন্দ্ৰ গুৱাহাটীত অধ্যয়ন বা চাকৰি কৰিবলৈ অহা ছোৱালী বা মহিলাৰ বাবে অসংখ্য আবাস গৃহ গঢ় লৈ উঠিছে। কিন্তু আজিৰ পৰা তিনি চাৰি দশকৰ আগেয়ে, খ্ৰীষ্টিয়ান মিছনেৰীসকলে পতা দুই এখন হোষ্টেলত বাদে তেনে কোনো সা-সুবিধা ইয়াত নাছিল। সেই অসুবিধা দূৰ কৰাৰ প্ৰচেষ্টাৰে গুৱাহাটীত এটি ‘কৰ্ম্মৰতা মহিলাৰ আবাস গৃহ' স্থাপনৰ আঁচনি প্ৰস্তুত কৰি আগবাঢ়ি আহিছিল দুগৰাকী সমাজ সেৱী মহিলা – ইন্দিৰা মিৰি আৰু শুচিব্ৰতা ৰায়চৌধুৰী। তেওঁলোকৰ অক্লান্ত চেষ্টাতে অনুষ্ঠানটিৰ [ ৪৯ ] বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অনুদান সংগ্ৰহ হ'ল আৰু গুৱাহাটীৰ নাৰেংগী অঞ্চলত স্থায়ী ঘৰ দুৱাৰেৰে অসমৰ প্ৰথম মহিলা আৱাস গৃহ গঢ় লৈ উঠিল। সুদীৰ্ঘকাল এই আৱাস গৃহৰ, মেনেজিং কমিটীৰো তেওঁলোক যথাক্ৰমে প্ৰেছিডেন্ট আৰু চেক্ৰেটাৰী আছিল।

 অসম ৰাজ্যভাষা আইনৰ অনুমোদন মৰ্ম্মে অসমীয়া ভাষা ৰাজ্যিক ভাষা ৰূপে স্বীকৃত হোৱাত পূৰ্ব্বৰে পৰা অফিচ-কাছাৰীত চলি থকা ইংৰাজী ভাষাৰ সুবৃহৎ শব্দভাণ্ডাৰৰ অসমীয়া প্ৰতিশব্দ নিৰূপণ কৰা লৈ এক জটিল সমস্যা উদ্ভৱ হৈছিল। সেই সমস্যা সমাধানৰ বাবে ‘অসম পৰিভাষা সমিতি' গঠিত হয়। ইন্দিৰা মিৰি সেইখন সমিতিৰো সদস্যা আছিল।

 ইন্দিৰা মিৰি অকল অসমৰে নহয়, বাহিৰৰ ভালেমান সভালৈকো সন্মানিতা অতিথি হিচাপে নিমন্ত্ৰিত হৈছিল। অসম সমাজ কল্যাণ বোৰ্ডৰ সভানেত্ৰী হিচাপে তেওঁ দিল্লী, হায়দৰাবাদ আৰু কাশ্মীৰত বহা সংস্থাটোৰ সৰ্ব্বভাৰতীয় সন্মিলনত অসমক প্ৰতিনিধিত্ব কৰিছিল। ভূপালত অনুষ্ঠিত ‘বিশ্ব জনজাতি সন্মিলন' খনৰ সন্মানিত উদ্বোধকৰ দায়িত্বত আছিল ইন্দিৰা মিৰি। ব্যস্ত চাকৰি জীৱনৰ অন্তত অৱসৰৰ কালছোৱাও তেওঁ অতি সাৰ্থকভাৱে কটাইছে। নানা শিক্ষা-প্ৰতিষ্ঠানৰ উপৰিও শৰণীয়া আশ্ৰম, বিবেকানন্দ কেন্দ্ৰ, শঙ্কৰ মন্দিৰ, সাৰদা সংঘ, ব্ৰাহ্ম সমাজ, ৰেডক্ৰচ আদি বিভিন্ন মানৱ কল্যাণমূলক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে তেওঁ ঘনিষ্ঠ ভাৱে জড়িত। মহানগৰীৰ শিক্ষা-সংস্কৃতিমূলক সভাত এইগৰাকী মহিলাক প্ৰায়ে সভানেত্ৰী বা বিশিষ্টা অতিথিৰ আসনত উপবিষ্টা দেখা যায়। সম্প্ৰতি নব্বৈ বছৰৰ ডেওনা অতিক্ৰম কৰাৰ পিছতো তেনে সভা সমিতিৰ নিমন্ত্ৰণ আজিও ৰক্ষা কৰি আছে। অলপতে ইন্দিৰা মিৰিয়ে স্থানীয় বাতৰি কাকত ‘আজিৰ অসম'ৰ দেওবৰীয়া পৰিপূৰিকা আলোচনীখনত ‘নেফা আৰু মই' শীৰ্ষক জীৱন সোঁৱৰণ ধাৰাবাহিক ভাৱে লিখি শেষ কৰে।

 জীৱনৰ আগভাগত এটি ব্যস্ত চাকৰি জীৱন কটাবলগীয়া হৈছিল যদিও ঘৰ- সংসাৰৰ দায়িত্বলৈ তেওঁ কোনোদিনে পিঠি দিয়া নাছিল। বৰঞ্চ পিতৃহীন সন্তান তিনিটিৰ জীৱনত তেওঁ পিতৃ-মাতৃ উভয়ৰে ভূমিকা পালন কৰিবলগীয়া হৈছিল। অৱশ্যে এই ক্ষেত্ৰত তেওঁৰ প্ৰাতঃস্মৰণীয় পিতৃদেৱ, ভনী পঙ্কজ বনিয়াকে ধৰি পৰিয়ালবৰ্গৰ সহায়-সহযোগৰ কথা তেওঁ কৃতজ্ঞতাৰে সোঁৱৰে। তিনিওটি সন্তানকে উপযুক্ত শিক্ষা দীক্ষাৰে মানুহ কৰিবলৈ সমৰ্থ হোৱা বাবেতেওঁ অত্যন্ত সুখী। তেওঁৰ বৰপুত্ৰ শ্ৰীউৎপল মিৰিয়ে মাকৰ লগতে থাকি শদিয়া গভৰ্নমেন্ট হাইস্কুলৰ পৰা সুখ্যাতিৰে মেট্ৰিক পৰীক্ষা পাছ কৰিছিল। ইংলণ্ডৰ গ্লাছগো বিশ্ববিদ্যালয়ৰ পৰা ইঞ্জিনীয়াৰিঙত স্নাতক ডিগ্ৰী লৈ স্বদেশলৈ উভতি আহি তেওঁ ৰুৰকি বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শিক্ষা সফলতাৰে সমাপ্ত কৰে। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কৰ্ম্মজীৱন আৰম্ভ কৰা শ্ৰীমিৰিয়ে পিছত যোৰহাট ইঞ্জিনীয়াৰিং [ ৫০ ] কলেজৰ অধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰে আৰু অৱশেষত অসম চৰকাৰৰ কাৰিকৰী শিক্ষা সঞ্চালকৰ পদৰ পৰা অৱসৰ লয়। দ্বিতীয় সন্তান শান্তি নিকেতনৰ স্নাতক শ্ৰীমতী চপলা মিৰিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জীত স্নাতকোত্তৰ ডিগ্ৰী লৈ বিদেশলৈ যায় আৰু আমেৰিকাৰ ওৱাছিংটন বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি দ্বিতীয়বাৰ শিক্ষা বিভাগত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ ডক্তৰেট ডিগ্ৰীৰ আশা বাদ দি অসমলৈ উভতি আহে আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগত অধ্যাপনা আৰম্ভ কৰে। ডিব্ৰুগড়ৰ বিশিষ্ট ব্যৱসায়ী শ্ৰীজ্ঞানেন্দু শ‍ইকীয়াৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা চপলা মিৰি শ‍ইকীয়াই সম্প্ৰতি চাকৰিৰ পৰা অৱসৰ লৈছে। কনিষ্ঠ সন্তান, অসাধাৰণ তীক্ষ্ণধী শ্ৰীমৃণাল মিৰিয়ে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এম এ পৰীক্ষাত দৰ্শনত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হোৱাৰ পিছত ইংলণ্ডৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি ‘ট্ৰিপোজ' আৰু পি এইচ ডি ডিগ্ৰী লাভ কৰে। চিমলাৰ National Institute of Advance Studies ৰ দৰে ভাৰতৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ সঞ্চালক ৰূপে কাৰ্য্যনিৰ্বাহ কৰা মৃণাল মিৰি বিশ্ববিদ্যালয় অনুদান আয়োগৰো সদস্য আছিল। পিছলৈ শ্বিলঙৰ উত্তৰ পূৰ্ব্বাঞ্চলীয় পাৰ্ব্বত্য বিশ্ববিদ্যালয়ত (NEHU) দৰ্শন বিভাগৰ মূৰব্বী অধ্যাপক পদত নিযুক্ত হৈ অৱশেষত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ আসনত অধিষ্ঠিত হয়। অলপতে তেঁৱো চাকৰিৰ পৰা অৱসৰ লৈছে। উল্লেখনীয় কথা যে ইন্দিৰা মিৰিৰ তিনিওটি সন্তানেই মাতৃৰ আদৰ্শেৰে শিক্ষাৰ ক্ষেত্ৰতে তেওঁলোকৰ জীৱনজোৰা বহুমূলীয়া সেৱা আগবঢ়ালে। এগৰাকী চাকৰিয়াল মাতৃৰ পিতৃহীন সন্তানে শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত গভীৰ আত্মবিশ্বাসেৰে আগবাঢ়ি গৈ নিজকে জীৱনত সুপ্ৰতিষ্ঠিত কৰাৰ উপৰিও জাতিৰ জীৱনলৈকো উল্লেখনীয় বৰঙনি আগবঢ়াব পৰাটো কম কৃতিত্বৰ কথা নহয়। হয়তোবা, পিতৃ-মাতৃৰ পৰা জন্মসূত্ৰে পোৱা শিক্ষানুৰাগ, সততা, কৰ্ত্তব্যনিষ্ঠা আদি গুণৰ লগতে মাতৃৰ ব্যক্তিত্ব তথা সংঘাতময় জীৱন দৃষ্টান্তয়ো তেওঁলোকক অনুপ্ৰাণিত কৰিছিল। শিক্ষা-চাকৰি আদিৰ ক্ষেত্ৰত চৰকাৰৰ সংৰক্ষণ নীতিয়েও তেওঁলোকক যথেষ্ট সহায় কৰিছিল। উৎপল মিৰিৰ বৰপুত্ৰ ডঃ বাসৱ মিৰিয়েও দিল্লীৰ AIIMS অৰ পৰা M.S. ডিগ্ৰী লৈ পৰৱৰ্ত্তী শিক্ষা গ্ৰহণৰ বাবে ইংলণ্ডলৈ গৈ বৰ্ত্তমান তাতেই চাকৰি কৰি আছে।

•••

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।