বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি/উত্তৰ বিচাৰি

[ ৫৮ ]


উত্তৰ বিচাৰি

 [অভিজ্ঞা শিক্ষাবিদ্ ইন্দিৰা মিৰিক শিক্ষা, সমাজ সম্পৰ্কীয় ও ব্যক্তিগত কেইটামান প্ৰশ্ন কৰা হৈছিল। তেওঁৰ লিখিত দীঘলীয়া উত্তৰ হুবহু প্ৰকাশ কৰা হ'ল⸺ লিখিকা ]
 প্ৰশ্নঃ- আপুনি তাহানিতে নেফাৰ চুকে কোণে পোহৰৰ অভিযান চলাইছিল, সফলো হৈছিল। আজি আমাৰ শিক্ষা-ব্যৱস্থাত ইমান খেলিমেলিৰ কাৰণ আপুনি কি বুলি ভাবে? পৰিস্থিতি উন্নত কৰাৰ কিবা উপায় দেখিছেনে?
 উত্তৰঃ- নেফাত মোৰ দিনত শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভৰ কাৰণ সমূহ আছিল-
 (ক) নেফাত ঠাই সৰু, স্কুল কম, সেই অনুপাতে শিক্ষকো কম, বিষয়া আদিৰ সংখ্যাও কম আছিল। অৰ্থাভাৱ নাছিল, শিক্ষক ও কৰ্ম্মীসকল আছিল ঐকান্তিক নিষ্ঠাৰ প্ৰতীক। গতিকে শিক্ষা সম্পৰ্কীয় নীতি নিৰ্দ্দে‍দেশনাসমূহ পালন কৰাত বিশেষ অসুবিধা নাছিল।
 (খ) পৰিচালক, পৰিদৰ্শক, শিক্ষকৰ মাজত সদ্ভাৱ, সদিচ্ছা আছিল।
 (গ) ৰাইজ, পৰিচালক, পৰিদৰ্শকৰ মাজত শৈক্ষিক সমস্যাসমূহৰ আলোচনা হৈছিল।
 (ঘ) শিক্ষা বিভাগৰ লগত প্ৰশাসন আৰু অন্যান্য উন্নয়নমূলক বিভাগ সমূহৰ সহযোগ আছিল।
 (ঙ) ঘাইকৈ নেফাৰ সাফল্যৰ গুৰিত আছিল সকলো স্তৰৰ কৰ্ম্মীৰ একান্ত নিষ্ঠা, যি নিষ্ঠাই কৰ্ম্মীসকলক আগেয়ে নগচকা পাৰ্ব্বত্য অঞ্চলৰ সকলো কায়িক অসুবিধা সহ্য কৰিবলৈ সমৰ্থবান কৰি তুলিছিল।

 অসমত আজি কিন্তু সকলো কথাই বিপৰীত; তদুপৰি ধনৰ প্ৰতি আকৰ্ষণে সকলো মানবীয় গুণ নিঃশেষ কৰি পেলাইছে। শিক্ষা বিভাগৰ প্ৰায় সকলোৰে অন্তৰ আজি এঙাৰ ক’লা। “অংগাৰঃ শতধৌতেন মলিনত্বং ন মুঞ্চতে।” গতিকে অসমত শিক্ষাৰ অধোগতি ৰোধ হোৱাৰ সম্ভাৱনা ক্ষীণ। পিছে মই অলপ আশাবাদী। সেয়ে ভাবো, শিক্ষা বিভাগৰ কৰ্ম্মীসকলৰ মনত কৰ্ম্মনিষ্ঠা জগাই তুলিব পাৰিলে কিজানি ভেকুলীৰ পিঠিত নোম গজেই। নিষ্ঠা মানৱৰ জাত প্ৰবৃত্তি নহয়, ইয়াক মানুহে অনুকৰণ, অনুশীলনৰ দ্বাৰা আয়ত্ত্ব কৰিব লাগে। শিক্ষা বিভাগৰ সকলো কৰ্ম্মীয়ে, মন্ত্ৰীকে আদি কৰি শিক্ষক কৰ্ম্মচাৰীলৈকে প্ৰত্যেকে

[ ৫৯ ] যদি নিজৰ নিকটতম জ্যেষ্ঠজনৰ কৰ্ম্মনিষ্ঠা অনুকৰণ, অনুশীলন কৰে‍ তেতিয়া হ'লে নিষ্ঠাৰ সাধনাই শিক্ষাৰ অধোগতিত সামান্য ভাৱে হলেও যতি পেলাব নেকি? গীতাৰ বচন -

“যদ্ যদাচৰতি শ্ৰেষ্ঠঃ
তদ্‌ তদেবেতৰো জনঃ
সঃ যৎ প্ৰমাণং কুৰুতে
লোকস্তদনুবৰ্ত্ততে।”

 “শ্ৰেষ্ঠজনে যিদৰে আচৰণ কৰে সাধাৰণ মানুহে তেওঁকে চাই সেইদৰেই আচৰণ কৰে। তেওঁ যিটো প্ৰামাণ্য হিচাপে গ্ৰহণ কৰে সাধাৰণে তাকেই অনুসৰণ কৰে।”

 এই সত্য অকল শিক্ষা বিভাগৰ বাবেই নহয়, মানৱ উন্নয়নৰ সকলো ক্ষেত্ৰতে ই সত্য।

 প্ৰশ্ন :- এই যে চুবুৰীয়ে চুবুৰীয়ে ইংৰাজী মাধ্যমৰ স্কুল বিলাক গঢ় লৈ উঠিছে, সকলোৱে তালৈকে দৌৰিছে – তাৰ কাৰণ কি বুলি ভাবে? তেনে পৰিস্থিতিত অসমীয়া মাধ্যমৰ বিদ্যালয় আৰু অসমীয়া ভাষা-সাহিত্যৰ ভবিষ্যৎ কি?

 আমাৰ ব্যৱহাৰিক জীৱনত – শিক্ষা, প্ৰশাসন, ব্যৱসায় সকলো ক্ষেত্ৰতে ইংৰাজী ভাষাৰ বিশেষ প্ৰয়োজন। গতিকে ইংৰাজী স্কুলবিলাক প্ৰয়োজন ভিত্তিক, সেয়েহে ৰাইজে বিচাৰিছে আৰু স্কুলবোৰো চলিছে। কিন্তু কেৱল ব্যৱহাৰিক বা বাস্তৱ দিশটোৱেই জীৱনৰ সম্পূৰ্ণ ৰূপ নহয়, ইয়াৰ এটা আদৰ্শগত ৰূপো আছে। মানৱৰ বিকাশ নিৰ্ভৰ কৰে বাস্তৱ আৰু চিত্ত দুয়োটাৰে বিকাশত। চিত্ত বোলোতে মই দেশপ্ৰেম, ভাষাপ্ৰেম-এনে কথা বিলাকহে বুজাইছো।

“অ’ মোৰ আপোনাৰ দেশ
অ' মোৰ চিকুণি দেশ
এনেখন শুৱলা এনেখন সুফলা
এনেখন মৰমৰ দেশ -----’’

 এই অপূৰ্ব্ব গীতটিত নিহিত ভাৱবোৰৰ কথাই মই কৈছো। মানুহৰ অন্তৰত দেশপ্ৰেম, ভাষাপ্ৰেম জগাই তুলিব নোৱাৰিলে এখন দেশ, এটা ভাষা জীৱন্মৃত। ভাষা নাইকীয়া হ'লে এখন দেশ, এটা জাতিৰ অস্তিত্ব বিলোপ হয় - যিটো অৱস্থাৰ পিনে আজি অসম আগবাঢ়ি যাব লাগিছে। কিন্তু এনে এটা গুৰুত্বপূৰ্ণ শিক্ষাৰ লক্ষ্যলৈ ইংৰাজী স্কুল বিলাকৰ সম্পূৰ্ণ আওকাণ; এই আওকণীয়া মনোভাৱ এদিন জাতিৰ আৰু ভাষাৰ মৃত্যুৰ কাৰণ হব। হবৰ হৈছেহিয়ে। আজি দেশৰ উঠি অহা চামৰে নহয়, অভিভাৱক সকলৰো ধ্বনি হৈছে, “ইংৰাজী স্কুল চলো”, “আমেৰিকা চলো”, “বিলাত চলো”। তেন্তে অসমত [ ৬০ ] থাকে কোন? অসমক ৰাখে কোনে? অসমীয়াই ৰাখিব লাগিব অসমক জীয়াই,অসমীয়া ভাষাৰে আৰু অসমৰ মাটিতে শিৰ দোঁৱাই। গতিকে অসমৰ ইংৰাজী স্কুলত অসমীয়া ভাষা শিক্ষাৰ সুদৃঢ় ব্যৱস্থা কৰাব লাগে। অসমীয়া মাধ্যমৰ স্কুল বিলাক উন্নত মানৰ কৰি তুলিব লাগিব। ঘৰে-দুৱাৰে, সা-সজুলিৰে, খেলা-ধূলাৰ ব্যৱস্থাৰে, উপযুক্ত শিক্ষকৰ নিযুক্তিৰে ইংৰাজী স্কুলৰ সমপৰ্য্যায়ৰ কৰি তুলিব লাগিব। ইংৰাজী মাধ্যমৰ স্কুলত ফীজ হিচাপে অভিভাৱক সকলে বহু টকা খৰচ কৰে। অসমীয়া মাধ্যমৰ স্কুলবোৰত (দুই এখনত বাদে) মাছুল নেলাগে। গতিকে স্কুলৰ ঘৰ-দুৱাৰ, শিক্ষণ-সামগ্ৰী, আচবাব-পত্ৰ, গবেষণাগাৰ আদিৰ বাবেই অভিভাৱক সকলে যদি কিছু খৰচ কৰিবলৈ সন্মত হয় তেতিয়া অসমীয়া মাধ্যমৰ বিদ্যালয়ৰো উন্নতি নহৈ নোৱাৰে।

 প্ৰশ্নঃ- সম্প্ৰতি স্কুল-কলেজৰ পৰীক্ষাসমূহৰ ফলাফলে এনে এখন ছবি দাঙি ধৰে যে ভবিষ্যতে চাকৰি-বাকৰিৰ সিংহভাগ নিজ প্ৰতিভাৰ গুণে ছোৱালীয়েই পাব। তেতিয়া ল'ৰাহঁতে কি কৰিব? অৰ্থোপাৰ্জ্জনৰ সহজ উপায় বিচাৰি যদি তেওঁলোক বেয়া পথত নামে? ল'ৰাহঁতক অধ্যয়নমুখী, দায়িত্ব-সচেতন কৰাৰ কিবা উপায় দিব পাৰেনে?

 উত্তৰঃ- ছোৱালীয়ে সাধাৰণ চাকৰিত অকল প্ৰতিভাৰ বলত সিংহভাগ পোৱাটো সহজ নহব, কাৰণ এনে চাকৰি নিৰ্ভৰ কৰে আন বহুতো কথাৰ ওপৰত – যেনে জনজাতি, অনুসূচিত জাতিৰ বাবে সংৰক্ষণ, স্বজন প্ৰীতি, ভেটি ইত্যাদি। উচ্চ পৰ্য্যায়ৰ প্ৰতিভা প্ৰধান চাকৰিসমূহত হয়তোবা এনে অৱস্থা হব পাৰে (অৱশ্যে দেৰী আছে)। কিন্তু এনে অৱস্থা নোহোৱাকৈয়ে আজিও জানো ল'ৰা বিপথে যোৱা নাই? এই বিপথগামী ল’ৰাসকলৰ অধিকাংশই প্ৰতিভাবান নহয়। ছোৱালীয়ে প্ৰতিভাৰ বলত অধিক চাকৰি পালে হয়তোবা এনে ল'ৰাৰ সংখ্যা আৰু বাঢ়িব আৰু কালত এনে ল'ৰাৰ লগত ছোৱালীয়েও যোগ দিব। এনে অৰ্থলিপ্সাৰ পৰা ল'ৰা ছোৱালীহঁতক কিদৰে আতৰাব পাৰি মোৰ বোধেৰে, তাৰ একমাত্ৰ উপায় হৈছে শিক্ষা-ছোৱালীক ছোৱালীৰ লাগতিয়াল শিক্ষা আৰু ল'ৰাক ল'ৰাৰ লাগতিয়াল শিক্ষা। মোৰ বোধেৰে, পুৰুষৰ উপযোগী চাকৰি পুৰুষে, ছোৱালীৰ উপযোগী চাকৰি ছোৱালীয়ে পোৱা উচিত। শিক্ষকৰ নিযুক্তিত মই তলৰ পৰা ওপৰলৈ ছোৱালীহে বিচাৰো, অন্যক্ষেত্ৰত পৰিস্থিতি সাপেক্ষে। মই ভাবো, অকল চাকৰিৰ অভাৱত ল'ৰা বিপথগামী হোৱা নাই, অৰ্থলিপ্সাৰ বিষময় ফলস্বৰূপেহে এনে পৰিস্থিতি হৈছে। শিক্ষাৰ লক্ষ্য হব লাগে শুদ্ধ, সম্পূৰ্ণ মানৱ গঢ়া, অৰ্থলিপ্সা পূৰণৰ যন্ত্ৰ বনোৱা নহয়। ল'ৰাৰ ক্ষেত্ৰত শিক্ষা চাকৰিমুখী হ'লেও ছোৱালীৰ ক্ষেত্ৰত আজিও শিক্ষাৰ মুখ্য উদ্দেশ্য হৈছে বিবাহ, চাকৰি গৌণ। পিছে যুগৰ চাপত কিছুমান ছোৱালী আৰু অভিভাৱকো আধুনিক ব্যয়বহুল বিলাসী জীৱনৰ প্ৰতি আকৰ্ষিত, গতিকে চাকৰি লাগে। যিয়েই নহওক, 'মা' হোৱা ছোৱালীৰ স্বভাৱ, গতিকে [ ৬১ ] অন্তৰৰ অন্তৰতম স্থলত সকলো অৰ্থলিপ্সাৰ আঁৰত এখন সুখৰ সংসাৰৰ সপোন নিশ্চয় অভিভাৱক আৰু ছোৱালীয়ে নিজেও দেখে। যাৰ চাকৰিৰ নিতান্ত প্ৰয়োজন তেনে ছোৱালীয়েহে চাকৰিত নিযুক্তি বিচৰাটো নিজৰ বাবে, দহৰ বাবেও মংগলজনক।

 সুচিন্তিত শিক্ষা পদ্ধতিয়েহে এনেবোৰ সমস্যাৰ সমাধান উলিয়াব পাৰিব। শিক্ষা আঁচনি তৈয়াৰ কৰোতে নিম্নোক্ত কথাকেইটালৈ লক্ষ্য ৰাখিলে সুফল আশা কৰিব পাবিঃ-

 (১) ভগবানৰ সৃষ্টিত নাৰী ও পুৰুষ পৃথক। ভগবানৰ সৃষ্টিত সকলো মানুহৰে বুদ্ধি-বৃত্তিও একে নহয়। এই পাৰ্থক্যই ভগবানৰ পক্ষপাতিত্ব নুসূচায়, সৃষ্টি ৰক্ষাৰ বাবে ইয়াৰ প্ৰয়োজন আছে, গতিকে এই পাৰ্থক্য স্বাভাবিক।

 (২) মা হোৱা, ভনী হোৱা নাৰীৰ স্বাভাবিক গুণ কোমলতা, পুৰুষৰ পৰা আমি বিচাৰো শক্তি, শিক্ষাত এনেবোৰ গুণৰ বাঢ়নৰ ব্যৱস্থা থাকিব লাগে।

({gap}}(৩) জ্ঞান-বিজ্ঞানৰ চর্চ্চাৰ ক্ষেত্ৰত ল'ৰা-ছোৱালীৰ কোনো প্ৰভেদ ৰাখিব নালাগে। যিমানে উৰ্দ্ধলৈ যায় যাবলৈ দিব লাগে। অৱশ্যে এইসকলৰ সংখ্যা বেছি নহয়।

 (৪) গৰিষ্ঠ সংখ্যক ল'ৰা-ছোৱালীৰে প্ৰায়োগিক প্ৰবণতা (Skill) অধিক। তেওঁলোকৰ প্ৰায়োগিক দক্ষতাৰ উৎকৰ্ষ সাধনৰ যথাযথ ব্যৱস্থা শিক্ষা আঁচনিত থকা উচিত। দেশক যিদৰে দাৰ্শনিক, শিক্ষক, ডাক্তৰ, ইঞ্জিনীয়াৰ লাগে ঠিক সেইদবে লাগে ব্যৱসায়ী, কৃষক আৰু বিভিন্ন ক্ষেত্ৰত কাৰিকৰী দক্ষতা থকা লোক। দুয়োবিধ শিক্ষাৰে‍ যথাযথ ব্যৱস্থা থাকিব লাগিব।

 (৫) সকলো ধৰণৰ শিক্ষাৰ বাবে নিম্নতম অৰ্হতা হব লাগিব হাই স্কুল অথবা হায়াৰ চেকেণ্ডাৰী শিক্ষান্ত পৰীক্ষা। দুয়োবিধ শিক্ষাৰ প্ৰতি, দুয়োবিধ শিক্ষাৰ্থীৰ প্ৰতি সমদৃষ্টি হব লাগিব, অন্যথাই ই হীনমন্যতাৰ সৃষ্টি কৰে‍।

 (৬) সবাতোকৈ গুৰুত্বপূৰ্ণ কথা হ'ল, শিক্ষা ব্যৱস্থাত আৰম্ভনিৰে পৰা নীতি-শিক্ষাৰ ব্যৱস্থা থাকিব লাগিব। ই অকল পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হ'লেই নহব, শিক্ষাগুৰুসকলৰ আচাৰ-আচৰণেও তেনে দৃষ্টান্ত দাঙি ধৰিব পাৰিব লাগিব। তেনে শিক্ষাইহে ল'ৰা ছোৱালীৰ মনত সাত্ত্বিক চেতনা জগাই তুলিব অৰ্থাৎ মানৱ অন্তৰত থকা সত্ত্ব গুণৰ বিকাশ সাধন কৰি ৰজঃ ও তমঃ গুণক নিয়ন্ত্ৰন কৰি অন্ধ অৰ্থলিপ্সাৰ দৰে দোষবোৰৰ দূৰীকৰণত সহায় কৰিব।

 প্ৰশ্নঃ- আপুনি কেইবাখনো শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠান গঢ় দিছে। আজিকালি তেনে অনুষ্ঠানৰ সংখ্যা বাঢ়িবই লাগিছে, কিন্তু শিক্ষাদানৰ মানৰ কিবা উন্নতি সাধন হৈছে বুলি ভাবেনে? কলেজবোৰত বৰ্ত্তমান শিক্ষাৰ পৰিবেশ নাই বুলিলেই হয়; এই টিউচনসৰ্ব্বস্ব শিক্ষা-পদ্ধতিয়ে ছাত্ৰৰ বা দেশৰ কিবা উন্নতি সাধিব বুলি ভাবে নে? [ ৬২ ]  উত্তৰঃ- মোৰ দিনত তেনে অনুষ্ঠান মই দুখনহে গঢ়িছিলো। তেতিয়ালৈ বি টি কলেজ নাছিলেই। আজিকালি এনে কলেজ বাৰিষা বন গজাদি গজিছে। মোৰ দিনত বি টি কলেজে বিশ্ববিদ্যালয়ৰ কট্‌কটীয়া শৈক্ষিক-নিয়ম নীতি মানি চলিব লাগিছিল। প্রশিক্ষণ, কলেজৰ ঘৰ-দুৱাৰ, সা-সজুলি, উপযুক্ত প্রশিক্ষক, উপযুক্ত প্রশিক্ষার্থী, প্রশিক্ষক প্রশিক্ষার্থীৰ আনুপাতিক হাৰ, উপস্থিতিৰ হাৰ, ‘প্ৰেক্‌টিচ্ টিচিং’, প্ৰশিক্ষাৰ্থীৰ পদ্ধতিৰ বিষয় বাচনি — সকলো ক্ষেত্ৰতে নিয়ম নীতিৰ বাধ্যবাধকতা আছিল। আজিৰ বি টি কলেজত তেনে ধৰা-বন্ধা নিয়ম নীতি নাই। বি টি ডিগ্ৰী আজি শিক্ষক নিযুক্তিৰ বাবে এক প্ৰকাৰ বাধ্যতামূলক হোৱাত অগণন অপ্রশিক্ষিত শিক্ষক আৰু ভবিষ্যতে হবলগীয়া শিক্ষকে এই ডিগ্ৰী লবলৈ বিচাৰিছে, গতিকে প্ৰয়োজনৰ তাড়নাতে এনেবোৰ কলেজ শিপাইছে। বিশ্ববিদ্যালয়ে যদি এনে কলেজ পতাৰ বাবে অনুমোদন দিওঁতে কটকটীয়া নিয়মেৰে বিশেষ সর্তকতা অৱলম্বন নকৰে তেতিয়া হলে শিক্ষকে বি টি ৰ দৰে এটা উচ্চমানৰ স্নাতকোত্তৰ ডিগ্ৰী পোৱাৰ কোনো সার্থকতা নেথাকে। এনে বি টি ডিগ্ৰীয়ে ‘প্রাইভেট টিউটৰ’হে তৈয়াৰ কৰিব, সন্মানিত, সাৰ্থক শিক্ষক তৈয়াৰ নকৰে । অকল প্রাইভেট টিউটৰ তৈয়াৰ কৰিলেও ভাল আছিল, কিন্তু তৈয়াৰ হৈছে শিক্ষক প্রাইভেট টিউটৰ।

 প্রশ্নঃ- আপুনি টি ভি চায়নে? টি ভি ৰ উপকাৰৰ তুলনাত অপকাৰ বেছি বুলি আপুনি ভাবে নে নেভাবে ? আনহাতে আজিৰ যুগত ইয়াক পৰিহাৰ কৰিও চলিব নোৱাৰি। এই ক্ষেত্ৰত পিতৃ মাতৃ বা অভিভাৱকৰ দায়িত্ব কি ?

 উত্তৰঃ- মই টি ভি ৰ বাতৰি অনুষ্ঠানকেইটাহে চাওঁ। টি ভি মানৱ মেধাৰ এক বিস্ময়কৰ আবিষ্কাৰ। সকলো আবিষ্কাৰৰে উপকাৰ অপকাৰ দুয়োটা আছে। টি ভি ও ইয়াৰ ব্যতিক্রম নহয়। যদিও উপকাৰলৈ চাই টি ভি গ্রহণযোগ্য অপকাৰলৈ চাই ই বৰ্জনীয় । গতিকে ভাৰসাম্য ৰক্ষা কৰাৰ চেষ্টাৰে অভিভাৱকসকলে টি ভি প্ৰগ্ৰেমৰ বাছনি কৰিব লাগে আৰু সেইমতে ল'ৰা ছোৱালীক টি ভি ব্যৱহাৰ কৰিবলৈ দিব লাগে। কিন্তু টি ভি ৰ মন্ত্ৰীৰ পৰা পিতৃ-মাতৃলৈ সকলোৱেই এই বিষয়ত উদাসীন। টি ভি ৰ কৰ্ম্মকৰ্তাসকলৰ অৰ্থলিপ্সায়ো এই ক্ষেত্ৰত ক্ৰিয়া কৰে। টি ভি ৰ শৈক্ষিক দিশটোলৈ চাই অভিভাৱকসকলে তাৰ ব্যৱহাৰ নিয়ন্ত্ৰিত কৰিলে ল'ৰা ছোৱালীয়ে ঘৰতে বহি জগতখনৰ জ্ঞান আহৰণ কৰিব পাৰিব আৰু তাৰ অপপ্ৰভাৱৰ পৰাও ৰক্ষা পৰিব।

 প্রশ্নঃ- আমাৰ পূৰ্ব্বৰ একান্নবৰ্ত্তী পৰিয়ালৰ ধাৰণাটো প্ৰায় নোহোৱাই হৈছে। ল'ৰা-বোৱাৰী, পিতৃ-মাতৃ দুয়োপক্ষই আজিকালি নিজাববীয়াকৈ থাকিবলৈ বিচাৰে। কিন্তু আলৰ অৱস্থাত তো আনৰ সহায় লাগিবই; বৃদ্ধ-সদনৰ ধাৰণাটো আমাৰ দেশত খাপ খাব বুলি ভাবে নে? [ ৬৩ ]  উত্তৰঃ- যুগৰ পৰিবৰ্ত্তনৰ লগে লগে জীৱন ধাৰাৰো পৰিবৰ্ত্তন অনিবাৰ্য্য।এই অনিবাৰ্য্যতাৰ কাৰণেই হয়তোবা যৌথ পৰিবাৰ নাইকিয়া হৈছে। গতিকে অলৰ অচল অৱস্থাত বৃদ্ধজনৰ বাবে বৃদ্ধ-সদন হ'লে ভালৰে কথা । খাপ নোখোৱাৰ প্ৰশ্ন নুঠে, যদিহে সেই সদনে বৃদ্ধজনৰ সকলো প্ৰয়োজন মিটাব পাৰে। কামটো অতি ব্যয়বহুল হ'ব। জোখেৰে ডাক্তৰ, নাৰ্ছ, পৰিচাৰিকা সা সজুলি আৰু বৃদ্ধ বয়সৰ আন প্রয়োজনীয় সা-সামগ্ৰী আদি যোগান ধৰিব নোৱাৰিলে বৃদ্ধ-সদন চলোৱা টান হব। পিছে সার্থক ভাৱে চলাব পাৰিলে এনে সদন নিশ্চয় ফলপ্রসূ হব আৰু আজিৰ অকলশৰীয়া বৃদ্ধসকলৰ বাৰ্দ্ধক্যৰ অচলাবস্থাৰ দুখ-দৈন্য নিশ্চয় কিছু পৰিমানে লাঘৱ হব।

 প্রশ্নঃ- ধৰ্ম্মৰ সংজ্ঞা কি বুলি আপুনি ভাবে? ভগৱানক প্ৰকৃততে মঠ, মন্দিৰ, নাম ঘৰত পোৱা যায় নে? ধৰ্ম্মৰ আনুষ্ঠানিকতাত আপোনাৰ বিশ্বাস আছে নে?

 উত্তৰঃ- ধৰ্ম্মৰ সংজ্ঞা – অদৃশ্য নিয়ন্ত্রক শক্তিৰ ওপৰত অৰ্থাৎ ভগৱানত বিশ্বাস, যিজনে সকলো জানে অথচ যাক কোনেও নেজানে সেই মহতো মহীয়ান অনোৰণীয়ান জনৰ চিন্তা, ধ্যান আৰু সাধনা কৰা আৰু সেই সাধনালব্ধ জ্ঞানৰ ‘সৰ্ব্বজন হিতায়, সৰ্ব্বজন সুখায়' কৰ্ম্মত নিয়োগকে ধৰ্ম্ম বুলি ভাবো। সাধনা আৰু আচৰণ দুয়োটা মিলিহে ধৰ্ম্ম। অকল সাধনা বা অকল আচৰণক ধৰ্ম্ম বুলিব নোৱাৰি ।

 প্ৰশ্নৰ দ্বিতীয় অংশই এটা গল্প মনত পেলাইছে –সাধক সাধনাত প্রায় সমাধিস্থ । হঠাতে এজন ভক্তই ক’লে, “বাবা, আপুনি শিৱমূৰ্ত্তিৰ ওপৰত ভৰি দি আছে।” সাধকে লাহেকৈ মাত দিলে, “আঁতৰাই দিয়া।” ভক্তই ভৰি আঁতৰাই দিলে; কিন্তু দেখে যে পুনৰ তেওঁ আন এক শিৱমূৰ্ত্তিৰ ওপৰত ভৰি থৈছে। আচৰিত হৈ ভক্তজনে পুনৰ সাধুক কথাটো জনালে। এইবাৰ উত্তৰ পালে, “শিৱ নোহোৱা ঠাই অকণ মোক দেখুৱাই দিয়া।” ভগৱান সৰ্ব্বত্র বিদ্যমান; পিছে নির্দ্দিষ্ট ঠাই এডোখৰৰ প্ৰয়োজন নোহোৱা নহয় । সেয়ে মঠ-মন্দিৰ নামঘৰ আদিৰ সৃষ্টি, য'ত ভগবৎ চিন্তাৰ এক অনুকূল পৰিবেশ পোৱা যায়, যি পৰিবেশে মানৱৰ বৰ্হিমুখী মনক অর্ন্তমুখী কৰি ভগবৎ চিন্তালৈ আকৰ্ষণ কৰে।

 ধৰ্ম্মৰ আনুষ্ঠানিকতাত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। সমবিশ্বাসী ভগবৎ প্রেমী ভক্তসকলৰ লগত, আত্মীয়-স্বজন-পৰিবাৰৰ লগত বহি অনুকূল পৰিবেশত ভগবৎ চিন্তা, চর্চ্চা, আলোচনাই মই ভবাত মানৱ অন্তৰত যথেষ্ট প্ৰভাৱ পেলাব পাৰে ।

 প্রশ্নঃ- আপুনিতো প্রতি পুৱা নিয়মিত ভাৱে প্ৰাৰ্থনা কৰে; মানুহৰ শাৰীৰিক মানসিক স্বাস্থ্যৰ ওপৰত প্ৰাৰ্থনাৰ কিবা প্ৰভাৱ আছে বুলি ভাবে নে?

 উত্তৰঃ- মই ভাবো, প্ৰাৰ্থনাৰ প্ৰভাৱ নিশ্চয় আছে। প্ৰাৰ্থনা কৰিলে মন শান্ত, উদ্বেগমুক্ত হয়। মন শান্ত সমাহিত হ'লে মনলৈ আনন্দ আহে । মন শান্তিত থাকিলে, আনন্দত [ ৬৪ ] থাকিলে শৰীৰৰ ক্লেশ-ক্লান্তিও কিছু লাঘৱ হয় নেকি?

 প্ৰশ্নঃ- আপোনাৰ বয়স ইতিমধ্যে নব্বৈ বছৰ পাৰ হ'ল। বয়স অনুপাতে আপোনাৰ স্বাস্থ্য বেছ ভালে আছে। দৃষ্টি-শক্তি, চিন্তা-শক্তি আজিও বিকল হোৱা নাই। আপুনি কি উপায়ে আপোনাৰ স্বাস্থ্য অটুট ৰাখিছে জনাবনে?

 উত্তৰঃ- মোৰ সুস্বাস্থ্য বুলি কব নোৱাৰি, কাৰণ দহ বাৰ বছৰ হ'ল, মোৰ দেহত এটি পেচ মেকাৰ স্থাপন কৰা হৈছে। অৱশ্যে সেই ক্ষেত্ৰত বৰ্ত্তমান কোনো অসুবিধা নাই বাবে মই সেই যন্ত্ৰটোৰ কথা পাহৰিয়েই থাকো। মোৰ যিকণ সুস্বাস্থ্য দেখিছা তাৰ কাৰণ হ'ল— মোৰ অতি নিয়মীয়া, সুনিয়ন্ত্ৰিত সুপৰিমিত জীৱনধাৰা। খোৱা, শোৱা, পুৱা বিচনাৰ পৰা উঠা, গা ধোৱা, প্ৰাৰ্থনা - সকলো কাম সদায় একে সময়তে কৰো। আহাৰ বিহাৰ, টোপনি সকলো পৰিমিত আৰু নিয়মিত, প্ৰাৰ্থনা নিৰ্জন। মোৰ খোৱা বোৱাও সাধাৰণ বুলিয়ে ভাবো। সেইবাবেই বেমাৰ আজাৰ কম নেকি?

•••

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।