এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪১ ]
দিব লাগে, তাক তুমিয়েহে দিব লাগিব। মই বাহিৰত পাহাৰা দি থাকিম। কোনো ভয় নাই।”
মাইকী হাঁহে উদাৰ আকাশৰ সৌন্দৰ্যত, স্বামীৰ প্ৰেমত, পোৱালীৰ স্নেহত পমি গৈ কল্ কল্ কৰি আনন্দ ধ্বনি কৰি উঠিল।
(২)
তলত অছিল চিকাৰি; হাতত বন্দুক, বন্দুকত চাৰা গুলিৱালা কাৰ্টুজ খাজা। ওপৰত হাহৰ কল্ কল্ শব্দ শুনি বন্দুকটো ডাঙি ধৰিলে; আৰু হাঁহলৈ টোৱাই আৱাজ কৰিলে⸺গুৰুম।
দুটা হাঁহ ধৰ ফৰ কৰি মাটিত বাগৰি পৰিল—সেই মতা হাঁহটো, তাৰ সংসাৰ পাতাৰ অসীম আকাঙ্ক্ষাৰে সৈতে, আৰু তাৰ বৰ পোৱালিটো, যাৰ ওপৰত মতা-মাইকীৰ আছিল দুৰ্দিনৰ আশা আৰু যাৰ নতুন জীৱনে কোমল অঙ্কুৰৰ দৰে অসীমলৈ স্নিগ্ধ দৃষ্টিৰে চাবলৈ শিকিছিল মাখোন।
(৩)
চিকাৰিৰ ঘৰত বৰ আনন্দৰ দিন। দুটা পাছি যেন হাঁহ, মঙহে তেলে থল-থলাই আছে। তাতে তেওঁৰ বৰ পুতেক আজি দূৰ দেশলৈ যাব, বিদ্যা আৰ্জিবৰ