বাকীছোৱা জীৱন/হঠাতে সৌভাগ্যৰ আগমন

[ ১৪৩ ]

হঠাতে সৌভাগ্যৰ আগমন

 ১৯৯৩ চনৰ এপ্ৰিলত মই আমেৰিকালৈ যাবলগীয়া হ’লো। সেই বছৰ জানুৱাৰীৰ ২৬ তাৰিখে আমাৰ প্ৰথম নাতি ঋষভৰ জন্ম হয় মিনিয়াপলিছত। পুত্ৰ জয় সেই সময়ত তাত 3M কোম্পানীৰ ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্টত আছিল, বোৱাৰী মনীষা নিউয়ৰ্কৰ ফিলিপছত।প্ৰসূতিকালীন ছুটী শেষ হোৱাৰ পাছত মনীষা আৰু শিশুটোৰ লগত থাকিবলৈ মই যাবলগীয়া হৈছিলো। [ ১৪৪ ]

অনিমেষ আৰু লেখিকা

[ ১৪৫ ]

 হঠাতে মানুহৰ জীৱনত কেতিয়াবা সৌভাগ্যৰ উদয় হয়। মোৰ কপালতো এবাৰ লটাৰীত অৰ্থপ্ৰাপ্তিতকৈও লোভনীয় সৌভাগ্যৰ আগমন ঘটিল আমেৰিকামুখী হোৱাৰ আগে আগে। তালৈ গৈ আছো বুলি গম পাই আমাৰ খুৰাদেউৰ স্কটলেণ্ডবাসী ল’ৰা ডাঃ অনিমেষ দাসে লণ্ডনত মোক ব্ৰেক জাৰ্নি কৰি যাবলৈ ক'লে। লগে লগে আমাৰ ভ্ৰমণ উপদেষ্টা আৰ্য ট্ৰেভেলছৰ মেনেজাৰ সঞ্জয় সৰকাৰৰ শৰণাপন্ন হলো। ব্ৰেক জাৰ্নি কৰা বাবে টিকটৰ মূল্য এটা ফুটা কড়িও নাবাঢ়িল। অৰ্থাৎ ইংলেণ্ড আৰু স্কট’লেণ্ড দৰ্শন বোনাচ পোৱা যেন লাগিল।

 যোৱাৰ আগে আগে অনিমেষৰ লগত পি চি অ'ৰ পৰা যোগাযোগ কৰিছিলো। পি চি অ'ৰ মালিকজন বোধকৰো পঞ্জাৱী আছিল। তেওঁ নুশুনা ভাও জুৰি মোৰ কথাবোৰ শুনি থাকিছিল। কিয়নো ফোনৰ বাবে দিবলগীয়া পইচাখিনি দিবলৈ যাওঁতে তেওঁ সুধিছিল ইংৰাজীত কাৰ লগত কথা পাতিলো। ক’লো অনিমেষৰ পত্নী এ্যনৰ লগত। তাই স্কটিশ্ব্‌ ছোৱালী।

 মানুহজনে সুধিলে— ‘কেই নম্বৰ?’

 প্ৰশ্নটো নুবুজিলো বুলি কোৱাত তেওঁ যিষাৰ কথা ক'লে শুনি মই হাঁহি হাঁহ চকীখনত বহি গ'লো। কোনোমতে হাঁহি ৰখাব নোৱাৰা দেখি মানুহজনে ভেবা লাগি মোলৈ চাই আছিল। তেওঁ জানিব খুজিছিল অনিমেষ এ্যনৰ কেইনম্বৰ স্বামী। তেওঁ হেনো শুনিছে মেমহঁতে ঘনাই স্বামী সলায়।

 আমাৰ ইয়াৰ কিছুমানে বিদেশ সম্পৰ্কে বহু ভুল ধাৰণা পুহি ৰাখে। এ্যনৰ আগত কথাষাৰ উত্থাপন কৰোতে তেওঁ কৈছিল যে তেওঁলোকৰ পৰিয়ালত কাৰো বিবাহ-বিচ্ছেদ হোৱা নাই। তদুপৰি তেওঁলোক ৰোমান কেথলিক হোৱা হেতুকে বৰ ৰক্ষণশীল। যি কি নহওক, আজিৰ পৃথিৱীত আধুনিক সমাজবোৰত বিবাহ-বিচ্ছেদৰ সংখ্যা ক্ৰমবৰ্ধমান। ৰোমান কেথলিক সমাজতো কিবা পৰিবৰ্তন হ'ল নে নাই নাজানো।

 বিনা পইচাত ইংলেণ্ড ভ্ৰমণৰ কাহিনীলৈ ঘুৰি আহো। মোৰ জীৱনত কোনো কামেই চিধা পথেৰে নহয়। যাবৰ দিন-ক্ষণ ঠিক, এনেতে শুনিলো মোৰ টিকট বুক হৈ থকা এয়াৰ ইণ্ডিয়াৰ পাইলটসকলে দৰমহা বৃদ্ধিৰ বাবে ধৰ্মঘট কৰিছে। এওঁলোকে যিটো হাৰত দৰমহা পায় শুনিলে সাধু-সন্ন্যাসীৰ মনতো ঈৰ্ষা উপজিব। আকৌ দৰমহা বৃদ্ধি? মই যে সময়মতে আমেৰিকা পাবগৈ লাগিব। ইংলেণ্ড-স্কটলেণ্ডৰ আশা এৰি যথা সময়ত আমেৰিকা গৈ পাবলৈ ব্যস্ত হৈ উঠিছিলো।

 এয়াৰ ইণ্ডিয়াই জনালে ধৈৰ্য ধৰিবলৈ। ধৰ্মঘট উঠাই ল'লেই যোৱাৰ নতুন তাৰিখ [ ১৪৬ ] তেওঁলোকে ঠিক কৰিব। উত্তৰত জনাইছিলো তেওঁলোকৰ ধৰ্মঘট উপলক্ষে মোৰ নাতিৰ পৃথিৱীলৈ আগমনৰ দিনটো স্থগিত ৰখা সম্ভৱ নহয়, গতিকে টকা ওভোতাই দিয়ক, অন্য কোম্পানীৰ বিমানত যাব লাগিব। আচলতে নাতিৰ ইতিমধ্যে আগমন ঘটিছিল যদিও এটা বিশেষ তাৰিখৰ পৰা তাক মোৰ জিম্মাত ৰাখি মাকে কামত যোগ দিয়াৰ কথা।

 জীৱনৰ প্ৰতিটো পদক্ষেপত ঠেকা খাবলগীয়া হোৱা দেখি আমাৰ সাহায্যকাৰিণী মঞ্জুকে ধৰি আমাৰ সাহিত্যিক বুদ্ধিজীৱী ভিনীহিলৈকে জ্যোতিষ শাস্ত্ৰত বিশ্বাসী বহুতে কৈছিল যে মোৰ ওপৰত শনিৰ দৃষ্টি পৰিছে। তেৰাৰ দৃষ্টিৰ পৰা উদ্ধাৰ পাবলৈ প্ৰত্যেকে একোটা বিধান দিলে।মঞ্জুৱে পৰামৰ্শ দিলে এটকা পঁচিশ পইচাৰে শনি মন্দিৰত পূজা এভাগ দিবলৈ আৰু এটা সপ্তাহ জুৰি পুৱা উঠি কাউৰীক এমুঠিকৈ চাউল খুৱাবলৈ। ভিনীহিয়ে দিহা দিলে এটা শনিবাৰে চণ্ডাল এজনক মাতি এসাঁজ ভালকৈ খুৱাই ক’লা ছাতি এটা দান কৰিবলৈ। তেওঁ সংস্কৃতজ্ঞ পণ্ডিত মানুহ, এই বিষয়ে শ্লোক এফাঁকিও গাই শুনালে। শনিৰ টেলেকা টেলেকা ৰঙা চকুযোৰৰ দৃষ্টি হেনো তাকে কৰিলে মোৰ ওপৰৰ পৰা আঁতৰি চণ্ডালৰ ওপৰত পৰিব। অৰ্থাৎ বেচেৰা চণ্ডালৰ জীৱনত আৰম্ভ হ’ব শনিৰ দশা। এইবোৰ বিষয়ত ঘোৰ অবিশ্বাসী হ'লেও ৰগৰ কৰিবলৈ ভিনীহিক ক’লো চণ্ডাল পাম ক’ত? তেওঁ ক'লে জামাদাৰ এজনকে মাতিবলৈ। ভিনীহিক ক’লো তথাকথিত নিম্নবৰ্গৰ মানুহৰ ওপৰত শনিৰ দৃষ্টি ডাইভাৰ্ট নকৰি বামুণ-কায়স্থ কলিতালৈ যদি পোনোৱা যায় তেনেহ'লে ব্ৰহ্মপুত্ৰ হোটেল নাইবা জেবিছতে খুৱাই দিম। ছাতিটোও ‘ফৰেন’ৰ পৰা আনিম। ভিনীহিয়ে ক’লে কমিউনিষ্টৰ লগত বাস কৰি তুমিও গুৰু-গোসাঁই নমনা বিধৰ হৈছা। পিছে কমিউনিষ্টৰ লগত লগুণ-গাঁঠি বান্ধিলেও কোনো ৰাজনৈতিক দলৰে পোনপটীয়া সম্পৰ্ক নথকা মই মানৱতাবাদীহে। যাওক বাৰু এইবোৰ কথা।

 শনিক আঁতৰোৱাৰ ব্যৱস্থা নকৰিলেও নিৰ্দিষ্ট তাৰিখে কলকতাৰ পৰা যাবলৈ বিমানৰ টিকট এখন সঞ্জয়ে আনি দিলে। অৱশ্যে ব্ৰিটিছ এয়াৰৱেজত। পিছে শনিয়ে যে লগ এৰা নাছিল কলকাতাত নামি গম পালো। বিমান উৰিব দিল্লীৰ পৰা! কেনেকৈ কলকাতাৰ পৰা দিল্লী পাই বিমানত বহিলোগৈ ই এক দীঘলীয়া কাহিনী। ক’লে পাঠকে অতিৰঞ্জিত বুলি ভাবিব, ময়ো ভাবিলোহেঁতেন। পিছে ‘শনি’য়ে যে মোক ফল’ কৰি আছিল এই কথা ভিনীহিহঁতে বিশ্বাস কৰে। অৱশ্যে ইমান দীঘলীয়া যাত্ৰাত শনিক সহযাত্ৰী হিচাপে পোৱা বাবে অকলশৰে যাবলগীয়া নহ'ল। তেৰাৰ [ ১৪৭ ] হস্তক্ষেপত বিমানত মোৰ আসনখন নিৰ্ধাৰিত হৈছিল তিনিগৰাকী চৰ্দাৰণীৰ আগৰ শাৰীত। ইংলেণ্ড আৰু কানাডাত বহু শিখ পঞ্জাবীৰ বাস। জীৱিকাৰ সন্ধানত তেওঁলোক সেইবোৰ দেশলৈ প্ৰব্ৰজন কৰে। সাধাৰণ কামৰ বাবে যোৱাসকলৰ অধিকাংশই পঢ়া-শুনাৰ সৈতে সম্পৰ্কহীন। মোৰ পিছফালৰ শাৰীত বহা তিনিগৰাকীক সেই শ্ৰেণীভুক্ত যেন লাগিল। বিমানখন ৰানৱেত থাকোতেই তেওঁলোকৰ পেটৰ আহাৰ ওলাই আহি মজিয়াখন ভৰাই পেলালে। সেই দুৰ্গন্ধ থপথপীয়া পদাৰ্থ বাগৰি আহি মোৰ জোতা-কাপোৰ স্পৰ্শ কৰে বুলি আতংকত জোতাৰে সৈতে ভৰি দুখন ওপৰলৈ তুলিলো। ওৰে ৰাতি প্ৰায় ন ঘণ্টামান সময় কটালো একেটা অৱস্থাত।

 এটা কথা মন কৰিছো ভ্ৰমণ কালত মোৰ কাষৰ আসনখনত সহযাত্ৰী হিচাপে একাধিকবাৰ পাইছো চৰ্দাৰ বা চৰ্দাৰণীক। এওঁলোকক দেখিলেই মোৰ বুকুত ছুনামীৰ আৱিৰ্ভাৱ ঘটে। ইয়ো সেই শনিৰে কাৰচাজি যেন পাওঁ। ১৯৯৬ চনত আমাৰ দ্বিতীয়টো নাতিৰ আগমন উপলক্ষে কলকাতাৰ পৰা দিল্লী হৈ একেখন বিমানতে গৈছিলো। মোৰ কাষৰ আসনখনত কোনো যাত্ৰী নথকা বাবে ভাবিছিলো দুয়োটা আসনৰ মাজৰ হাত মাৰিডাল তুলি দি আহল-বহলকৈ বহিম। কিন্তু মোৰ পোৰা কপাল! দিল্লীত সেইখনত আহি বহিল চুটেড্-বুটেড্ এজন চৰ্দাৰজী। কিছুমান সহযাত্ৰীয়ে উপযাচি কথা পাতিবলৈ ভাল পায়। সেই আশংকাত কিতাপ এখন মেলি লৈছিলো। বিমান উৰণৰ সময় উপস্থিত। চকুৰ আগত জিলিকি উঠিল নিৰ্দেশাৱলী – Fasten Your belt, Keep your seat in upright position ইত্যাদি। চৰ্দাৰজীৰ কোনো কাণসাৰ নাই, যেন এগৰাকী ধ্যানমগ্ন যোগী। এনেতে ৰূপৱতী বিমান সেৱিকা মেম এজনী আহি চৰ্দাৰ্জীক বেল্টডাল বন্ধাৰ কথা ক'লে। তেওঁ তেতিয়াও নিৰ্বিকাৰ। মই ভাবিলো হয় মানুহজনৰ মগজুৰ নাট্-বল্টুবোৰ ঢিলা নহ'লে তেওঁ বুদ্ধিজীৱী। পিছে মোৰ ধাৰণা ভুল বুলি বুজিলো যেতিয়া তেওঁ মূৰ-হাত জোকাৰি ক'লে— No English, No English। ইংৰাজীত মই পণ্ডিত নহওঁ যদিও গন্তব্য স্থান পোৱালৈকে ময়ে আছিলো তেওঁৰ ইনটাৰপ্ৰিটাৰ। হিন্দীতো মই তথৈবচ। সেই জ্ঞানেৰেই কথা-পাতি জানিব পাৰিছিলো চৰ্দাৰজী পঞ্জাৱৰ এক অখ্যাত গাঁৱৰ কৃষক। পুতেক নিউয়ৰ্কত টেক্সিচালক। আমেৰিকাৰ নাগৰিকত্ব পোৱাৰ পাছত মাক-দেউতাকক তালৈ লৈ গৈ আছে। মাক ইতিমধ্যে গ'ল। তেওঁ বিমানত প্ৰথম উঠা বুলি শুনি মোৰ ভয় লাগিল বমি কৰে বুলি। বমি কৰিবলৈ বেগ ক’ত আছে দেখুৱাই দিছিলো। পিছে চৰ্দাৰণীসকলৰ দৰে এওঁ আলসুৱা নহয়।

[ ১৪৮ ]  আৰু এবাৰ বিমান যাত্ৰাত মোৰ চৰ্দাৰজীৰ কাষত বহাৰ দুৰ্ভাগ্য হৈছিল। এওঁ অৱশ্যে ফৰ্ফৰাই ইংৰাজী কোৱা শ্ৰেণীৰ। তেওঁ বহিছিল মোৰ সোঁফালে। এটা সময়ত মোৰ বাওঁফালৰ ঠেক কৰিড'ৰেৰে ডেকা এজনে চিগাৰেট জ্বলাবলৈ দিয়াচলাই এটা বিচাৰি ইমূৰৰ পৰা সিমূৰলৈ অহা-যোৱা কৰি আছিল। কোনো এজন যাত্ৰীক ডেকাৰ কথাৰ উত্তৰ দিয়া নেদেখিলো, দিলে কেৱল মোৰ কাষত বহি থকা চৰ্দাৰজীয়ে। অৱশ্যে বেয়াকৈ একো কোৱা নাই, কৈছিল বিমানত চিগাৰেট খোৱা বাৰণ। ডেকাজনে চৰ্দাৰজীৰ কথা চেলেঞ্জ কৰিলে যুদ্ধংদেহি কায়দাত। চৰ্দাৰজীৰ তেজ উতলি উঠিল। প্ৰথমতে দুয়োৰে মাজত বাক্যবাণৰ আদান-প্ৰদান হ’ল, তাৰ পাছত দুয়ো পৰস্পৰক আঘাত হানিবলৈ হ’ল উদ্যত। মই প্ৰমাদ গণিলো। মোৰ সোঁফালে চৰ্দাৰ, বাওঁফালে ডেকা। দুয়োৰে মাজত ঘুচিয়া-ঘুচি আৰম্ভ হ’লে দুটামান মোৰ মূৰতো সৰি নপৰিব বুলি কোনে ক’ব পাৰে। উত্তপ্ত পৰিস্থিতি। নিজৰ মূৰটো চম্ভালিবলৈ মই দুখন হাতেৰে দুয়োকে ঠেলি দিলো। ডেকাজন বোধকৰো মানসিকভাৱে অলপ অসুস্থ আছিল। চৰ্দাৰজীক কৈছিল— ‘চালা, তোৰ ডাঢ়িত জুই লাগিব বুলি চিগাৰেট নাখাৱ, মই কিয় নাখাম?’ চিঞৰ-বাখৰ শুনি কেবিনকৰ্মী এজনে অৱশেষত ডেকাক টানি লৈ গৈছিল।

 আন এবাৰ মোৰ আগৰ শাৰীত উপবিষ্ট যাত্ৰী এজনে লাইটাৰটো জ্বলাই চিগাৰেটত অগ্নিসংযোগ কৰা দেখি তেওঁক আমাৰ বিপৰীত ফালৰ বেৰত আৰি থোৱা ফলক এখনলৈ আঙুলিয়াই কৈছিলো যে চিগাৰেট খোৱা বাৰণ বুলি তাত লিখা আছে। তেওঁৰ মোৰ কথা গ্ৰাহ্য নকৰি ক'লে সিটো ফালে বাৰণ, আমাৰ ফালে নহয়। মই জোৰ দি কৈছিলো সকলোফালে বাৰণ। মানুহজনে চাগৈ ভাবিছিল সাধাৰণ পোছাক পিন্ধা বয়সীয়া মহিলাজনীয়ে কি জানে। সেয়েহে বিমান সেৱিকাগৰাকীক ফুচফুচাই সুধিছিল চিগাৰেট খাব পাৰিব নে নাই। সেৱিকাই জোৰে উত্তৰ দিছিল— সৌ নোটিচখন দেখা নাই নে? মানুহজন অৱশ্যে চৰ্দাৰজী নাছিল। কিন্তু তেওঁ যে মহিলা হোৱা বাবে মোক উপেক্ষা কৰিছিল তাত সন্দেহ নাই। সাজ-পাৰত তেনেই গাঁৱলীয়া যেন বয়সীয়া তিৰোতা মানুহৰ সমুখত তেওঁ আৰু বেছি সময় কটাব নোৱাৰি উঠি বোধকৰো আঁতৰৰ কোনো খালী আসনত বহিছিলগৈ।

 ইংলেণ্ড যাত্ৰাৰ কাহিনীলৈ উভতি যাওঁ। লণ্ডনৰ গে’টউইক বিমান বন্দৰতো শনিৰ উপস্থিতি অনুভৱ কৰিলো। কনভেয়াৰ্ছ বেল্টৰ কাষত চুটকেচটোৰ বাবে থিয় হৈ আছো, যাত্ৰীসকলে নিজ নিজ লাগেজ মোকলাই প্ৰস্থান কৰিলে, মোৰটোৰ দেখা [ ১৪৯ ] সাক্ষাৎ নাই। এটা সময়ত বেল্টৰ গতি স্তব্ধ হ'ল, এজন যাত্ৰীও নাই। আন কোনো জনপ্ৰাণীও নাই। চকুপানী ওলাওঁ ওলাওঁ অৱস্থা এনেতে আঁতৰত দেখিলো গতিহীন কনভেয়াৰ্ছ বেল্টৰ শেষ সীমাত মোৰ চুটকেচটো। বাহিৰত মোৰ বাবে বাট চাই থকা অনিমেষো টেনশ্যনত ঘামি আছিল। দুয়ো ভাই-ভনীৰ দেখা-দেখি হোৱাৰ লগে লগে চকুপানী আৰু ঘাম মচি মনৰ আনন্দত হাঁহিবলৈ ধৰিলো। অৱশেষত শনি আৰু টেনশ্যনক বিমান বন্দৰতে এৰি অনিমেষৰ গাড়ীত লণ্ডন মহানগৰীৰ চহৰতলিৰে হ'লো স্কটলেণ্ডমুখী। সেইখিনিৰ পৰা তেওঁলোকৰ গ্লাছগোৰ ঘৰলৈ চাৰিশ মাইল বাট। পশ্চিমৰ দেশবোৰৰ হাইৱেবোৰ ইমান মসৃণ যে ভ্ৰমণত ক্লান্তি নাহে। অৱশ্যে আজিকালি ভাৰততো এনে উচ্চমানৰ বাট নোহোৱা নহয়। উদাহৰণস্বৰূপে মুম্বাই-পুনে হাইৱেৰ কথা ক’ব পাৰি। ইংলেণ্ডৰ পৰা স্কটলেণ্ডলৈ যাওঁতে বাটৰ দুয়োকাষে নয়নাভিৰাম দৃশ্য উপভোগ কৰি গৈছিলো। কাশ্মীৰলৈ মনত পৰিছিল। সমগ্ৰ স্কটলেণ্ডখনেই মনোমোহা।

 অনিমেষৰ পত্নী এ্যনে মোক কেউপিনে সিঁচৰতি হৈ থকা একাধিক সৰোবৰৰ পাৰলৈ লৈ গৈছিল। স্কটিশ ভাষাত লেকক কয় লক্ (Loch)। পশ্চিমৰ মানুহে জীৱনটো উপভোগ কৰিব জানে। বৰফৰ বতৰটো পাৰ হ'লেই ল’ৰা, বুঢ়া, ডেকা-ডেকেৰী সকলোৱে ঢাপলি মেলে নৌকা বিহাৰ কৰিবলৈ, কত ধৰণৰ যে নাও! দূৰদৰ্শনৰ কৃপাত আমি আজিকালি ঘৰতে বহি তেওঁলোকৰ নৌকা বিহাৰৰ দৃশ্য দেখিবলৈ পাওঁ। আমেৰিকাত জীৱনটো হাতত লৈ জয়-মনীষা আৰু তেওঁলোকৰ বন্ধু-বান্ধৱীৰ লগত বিজুলীবেগেৰে চলা নাৱত উঠিছো। লেকবোৰক আকাৰত একোখন সমুদ্ৰ যেন লাগে। পাৰলৈ উভতি নহালৈকে বুকুৰ ধিপ্‌ধিপনি নুগুছে। পাৰতে বান্ধি ৰখা একোখন নাও ভাড়া কৰি গাড়ী ড্ৰাইভ কৰা দি এওঁলোকে যন্ত্ৰচালিত নাওবোৰ চলায়। সকলোৰে আনন্দ পণ্ড হয় বুলি মোৰ নিজৰ শংকাৰ কথা প্ৰকাশ নকৰো। য’তে বাঘৰ ভয় ত’তে ৰাতি হয়। এবাৰ আমেৰিকাৰ ইপাৰ-সিপাৰ নেদেখা জৰ্জ লেকৰ মাজভাগত আমাৰ নাওখন লৰচৰ নকৰা হ'ল। বহু চেষ্টা কৰিও জয়ে এক ইঞ্চিও আগবাঢ়িব নোৱাৰিলে। ইতিমধ্যে দূৰৈত দেখিলো ভ্ৰমণবিলাসী কেইজনমান চাহাব আৰু মেমৰ নাও এখন। আমি হাতবাউলি তেওঁলোকক মতাত ওচৰ চাপি আহি আমাৰ নাওখনক ৰচিৰে বান্ধি পাৰলৈ লৈ গ'ল। মেম দুজনীও কম সাহসী নহয় দেই। ইখন নাৱৰ পৰা সিখনলৈ জাঁপ মাৰি গৈ ৰচি বন্ধা দেখি তবধ মানিছিলো। পাৰলৈ অহাৰ পাছত নাও কোম্পানীৰ মানুহে পৰীক্ষা কৰি দেখিলে নাওৰ ওপৰতে [ ১৫০ ]

এ্যনৰ লগত গ্লাছগোত লেখিকা

[ ১৫১ ] থাকিবলগীয়া ৰচি এডাল পানীত পৰি নাৱৰ যন্ত্ৰ এটাত জোঁট-পোট খাই যানখনক অচল কৰিছে। ৰচিডাল আমাৰ পাঁচবছৰীয়া নাতিটোৱে পানীত পেলাই দিছিল। এওঁলোকৰ ভয়-ভীত নাই। কেইদিনমান পাছত গৈছিলো কেলিফৰ্নিয়াৰ ফ্ৰেচনো উপত্যকাত মনীষাৰ বায়েকৰ ঘৰলৈ। হুজুগ তুলিলে কেইবামাইল আঁতৰৰ বাচ লেকত নৌকা বিহাৰ কৰিব। আকৌ পানীত! উপায়হীন মই নাৱত উঠি পোৱালিকেইটাক সাৱধান কৰিলো ৰচী-টচীত যেন হাত নলগায়!

 স্কটলেণ্ডবাসীৰ পুৰণি বিশ্বাস নেফী ( Neffie ) নামৰ এটা সাগৰীয় দৈত্য ( Sea monster ) ইয়াৰে কোনোবা এটা লকত বাস কৰে। সাধাৰণতে ই অদৃশ্য হৈয়ে থাকে, কাচিৎ কেতিয়াবা দৃশ্যমান হয়। আমাৰ ভাগিনী ৰূপাই হেনো তালৈ এবাৰ ফুৰিবলৈ যাওঁতে তাক দেখিছে। এনেধৰণৰ বিশ্বাস বহু ঠাইত আছে। অৰুণাচলৰ অন্তৰ্গত ছে-লাৰ পাহাৰত কোলাত আলফুলকৈ বৰ্তি থকা পেৰাডাইছ সৰোবৰৰ পানীত সাঁতুৰিবলৈ মাজে মাজে হেনো সৌভাগ্যৰ প্ৰতীক এযোৰ সোণালী হাঁহ আহে। আমাৰ লগত তাৱাঙলৈ যোৱা ৰাম নামৰ ডেকাজনে হাঁহযোৰ দেখা পালেই। আমি গাড়ী ৰখাই সিহঁত দুটাক বৰকৈ বিচাৰিলো, ফটা কপালত দৰ্শন নিমিলিল। যুক্তিৰে ভাবি চালো এইবোৰ কিংবদন্তিহে।

 এ্যন এদিন গৈছিল স্‌টাৰ্লিং কেছ্‌ল নামৰ সম্ৰাট-সম্ৰাজ্ঞীসকলৰ প্ৰাসাদ এটালৈ। ইয়াৰে এটা অংশত বৰ্তমানে (অৰ্থাৎ মই যোৱাৰ সময়ত) এখন ৰেস্তোৰাঁ আছে। নাম হুইটশ্বীফ কেটাৰিং। তাত বহি চাহ খাবৰ সময়ত জনা নাছিলো যে ই এটা ৰাজ প্ৰাসাদৰ অংশ আৰু এই প্ৰাসাদটো আছিল স্কটলেণ্ডৰ সম্ৰাজ্ঞী মেৰিৰ (১৫৪২-১৫৮৭)। মেৰিৰ প্ৰাসাদ! শুনিয়ে মই চকীখনৰ পৰা জাঁপ মাৰি উঠিছিলো।

 ব্ৰিটিছৰ যুগত আমি স্কুলত তেওঁলোকৰ দেশৰ বুৰঞ্জী পাঠ কৰিছিলো। বৰ্তমান যুগত ইতিহাস লিখাৰ ষ্টাইল সলনি হৈছে যদিও আমাৰ সময়ত ৰজা-ৰাণীৰ কাহিনীয়ে আছিল ইতিহাস। যি কি নহওক স্কটলেণ্ডৰ সম্ৰাজ্ঞী মেৰি আছিল নিষ্ঠাৱান কেথলিক ধৰ্মী। প্ৰটেষ্টাণ্ট লৰ্ডসকলৰ লগত কাজিয়া-পেচাল হোৱাত তেওঁ ইংলেণ্ডলৈ পলাই যায় ১৫৬৭ চনত। তালৈ গৈ তেওঁ ইংলেণ্ডৰ ৰাণী প্ৰথম এলিজাবেথৰ বিৰুদ্ধে কেইবাটাও ষড়যন্ত্ৰত লিপ্ত হয়। অৱশেষত এদিন মেৰি, কুইন অফ্‌ স্কট্‌ছৰ শিৰচ্ছেদ কৰা হয় লণ্ডনত।

 এ্যনে সুধিছিল বহাৰ পৰা জাঁপ মাৰি উঠিলো কিয়? ক’লোঁ, উত্তেজনাৰ বশৱৰ্তী হৈ। উত্তেজিত হৈছিলো হঠাতে কল্পনা কৰি যে মই বহা ঠাইডোখৰেদি চাৰি শতাব্দী [ ১৫২ ] পূৰ্বে মেৰিয়ে নিশ্চয় বহুবাৰ অহা-যোৱা কৰিছিল।

 ৰজা-ৰাণীহঁতৰ জীৱনত শান্তি নাই, ভাৰতৰে হওক বা বিদেশৰে হওক। কাৰ বিৰুদ্ধে কোনে ষড়যন্ত্ৰ কৰে, কোনে কাক ওফৰায় এইবোৰেই আছিল তেওঁলোকৰ কাৰবাৰ।

 এপ্ৰিল মাহত ফুলে ফুলে জাতিষ্কাৰ হৈ থকা স্কটলেণ্ডখনকে এখন নন্দন-কানন যেন লাগিছিল। জাপান চেৰীফুলৰ বাবে বিখ্যাত। স্কটলেণ্ডৰ চেৰী-ব্লজম্ দেখিয়ে মই বলিয়া, জাপানলৈ গ'লে কিজানি উন্মাদ হ'ম। কোনফালে চাম? ডেফ’ডিলবোৰেওচোন হাতবাউলি মাতে। বাটৰ কাষত অযতনে ফুলি থকা ভায়োলেটবোৰেও মোৰ মন পৰশি গৈছিল। এইবোৰ ফুলতো নহয়, মোৰ সত্তাৰ সৈতে একাকাৰ হৈ থকা মোৰেই অতীতৰ এটা যেন স্মৰণীয় অধ্যায়। যোৱা শতিকাৰ চল্লিশৰ দশকত মই স্কুলৰ ছাত্ৰী। স্কুলৰ পাঠ্যপুথিত ৱৰ্ডছৱৰ্থৰ কবিতাত এই ফুলবোৰৰ নাম পাইছিলো। কেতিয়াবা দেখিম বুলি কল্পনা কৰিছিলো জানো? একেটা সময়তে আমাৰ ইয়াতো পলাশ, নাহৰ, কৃষ্ণচূড়া, গুলছ, সোণাৰু আদি বিবিধ ফুলৰ সম্ভাৰ লৈ আহে ঋতুৰাজ বসন্তই। সকলো ফুলেই মনক দিয়ে প্ৰশান্তি। এ্যনে যেতিয়া গম পালে সম্ৰাটসকলৰ প্ৰাচীন প্ৰাসাদ, দুৰ্গ আদিতকৈ ফুলে মোক অধিক আকৰ্ষণ কৰে তেতিয়া লৈ গৈছিল পাৰ্ক, নাৰ্ছাৰী আৰু ফুলনিবোৰলৈ। এদিন তেওঁলোকৰ চুবুৰীয়া চিকিৎসক এজনৰ ঘৰৰ চালত বহি থকা মেগ্‌পী নামৰ নেজ-দীঘল চৰাই এজনী দেখুৱাইছিল। এই নামটোও মোৰ চিনাকি। মই আচ্ছন্ন হৈছিলো নষ্টালজিয়াত।

 কেইবাবছৰ পাছত ইংলেণ্ডত মেড-কাউ নামৰ গৰুৰ বেমাৰ এটাই প্ৰায় মহামাৰীৰূপত দেখা দিছিল। এ্যনে আমাক জনাইছিল যিজন চিকিৎসকৰ ঘৰৰ চালত মেগ্‌পী জনীয়ে জিৰণি লৈছিল সেইজন চিকিৎসকেই ইউৰোপত আলোড়নসৃষ্টিকাৰী মেড্-কাউ ৰোগটো প্ৰথম লক্ষ্য কৰে। বিভিন্ন দেশলৈ গো-মাংস ৰপ্তানি বন্ধ হোৱাৰ ফলত ব্ৰিটেইনৰ অৰ্থনীতি ভাগি পৰাৰ অৱস্থা হৈছিল। অসুস্থ গৰুবোৰক মাৰি পেলোৱাৰ

যো-জা কৰা বুলি গম পাই আমাৰ দেশৰ গো-প্ৰেমী দলটো এই সিদ্ধান্তৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছিল। প্ৰস্তাৱ দিছিল ব্ৰিটেইনৰ খৰচত বেমাৰী গৰুবোৰক ভাৰতলৈ পঠাবলৈ। গৰুৰ প্ৰেমত উথলি উঠা ভাৰতীয়সকলে সঁচাকৈয়ে গৰুক শ্ৰদ্ধা কৰেনে? ভাৰতীয় নাৰীক দেৱীৰ আসনত অধিষ্ঠিত কৰি নাৰী জাতিটোক নিৰ্যাতন কৰাৰ দৰে গো মাতা-পিতাক ঈশ্বৰৰ শাৰীত বহুৱাই অকথ্য অত্যাচাৰ কৰে নে নকৰে ভাবি চাওকচোন। এচাৰিৰে কোবাই পিঠিবোৰ ছিৰাছিৰ কৰে নে নকৰে?

[ ১৫৩ ]  ঘূৰি আহো স্কটলেণ্ডলৈ। শতিকাৰ পাছত শতিকা জুৰি শাসন কৰা ৰজাসকলৰ সম্ভ্ৰম জগোৱা ৰাজপ্ৰাসাদবোৰ দেশখনত সিঁচৰতি হৈ আছে। অনিমেষে এদিন লৈ গ'ল এডিনবৰালৈ। তেওঁলোকৰ একেজনী জীয়ৰী ৰোনা তেতিয়া তাত চিকিৎসা শাস্ত্ৰৰ ছাত্ৰী। তাতো প্ৰাসাদে প্ৰাসাদে ঘূৰি ফুৰিছিলো। অসমৰ বন বিভাগৰ বিষয়া মোহন মালাকাৰ সেই সময়ত কমনৱেল্‌থ বৃত্তি এটা লৈ এডিনবৰাত আছিল। অনিমেষে-ময়ে বিচাৰি বিচাৰি মালাকাৰৰ ঠিকনা পালো পুৰণি ৰাজপ্ৰাসাদ এটাৰ চৌহদত। পিছে তেওঁক নাপালো।

 এ্যনক গুৱাহাটীলৈ আহিলে লগ পাওঁ যদিও দুটা সপ্তাহ একেলগে থাকি এনে লাগিল যেন তেওঁ স্কটিশ নহয়, অসমীয়া বোৱাৰীহে। আগতেও অনিমেষৰ ভায়েক-ভনীয়েকহঁতৰ মুখে শুনিছিলো ছোৱালীজনী বৰ ঘৰুৱা। দিনটোত অনিমেষে যিয়ে নাখাওক ৰাতি অসমীয়া আহাৰ লাগিবই। গতিকে এ্যন অসমীয়া ব্যঞ্জন ৰন্ধাত সিদ্ধহস্ত। অনিমেষৰ ভনীয়েক ৰেণুকাই কৈছিল কোন আঞ্জাত কি ফোৰণ দিব লাগে তাই নাজানে, কিন্তু এ্যনে নজনা একো নাই। তেওঁলোকৰ ল'ৰা-ছোৱালীবোৰেও ভাৰতীয় খাদ্য পছন্দ কৰে। লণ্ডনলৈ উভতি আহিবৰ দিনা মাজবাটত এৰাতি অনিমেষৰ বৰপুত্ৰ শ্বনৰ ঘৰত কটাই আহিছিলো। সি ডাক্তৰ। মাক এ্যনে তালৈ বিধে বিধে আঞ্জা ৰান্ধি আমাৰ লগত পঠাই দিছিল। দেখি অলপ আচৰিতেই হৈছিলো কাৰণ ৰন্ধন প্ৰণালী আছিল ভাৰতীয়।

 এই কেইদিন শনিৰ কথা পাহৰি আছিলো। লণ্ডনত দ্ৰষ্টব্য ঠাইবোৰ চোৱাৰ পাছত এদিন ব্ৰিটিছ মিউজিয়ামলৈ যাবলৈ মনস্থ কৰিছো এনেতে আবিৰ্ভাৱ ঘটিল শনিৰ। সিদিনা আই আৰ এ (আইৰিশ্ব ৰিভ'লিউশ্যনাৰী আৰ্মি) নামৰ সন্ত্ৰাসবাদী দলটোৱে লণ্ডনৰ এক গুৰুত্বপূৰ্ণ অঞ্চলত বোমা বিস্ফোৰণ ঘটাই ঘৰ-দুৱাৰ ধ্বংসস্তুপত পৰিণত কৰিছিল। ফলত সিফাললৈ যোৱা নহ'ল। পিছদিনা লণ্ডন এৰিম, গতিকে ব্ৰিটিছ মিউজিয়াম কল্পনাতে থাকিল।

 শনিক বাৰে বাৰে জগৰীয়া কৰি আছো যদিও ৰগৰ কৰিবলৈহে তেৰাক মঞ্চলৈ আনিছো। কোনো গ্ৰহ-উপগ্ৰহ বা ৰাহু-কেতুৰ প্ৰভাৱক বিশ্বাস নকৰো। এইসকলৰ কুপ্ৰভাৱ খণ্ডন কৰিবলৈ জ্যোতিষ শাস্ত্ৰত বিশ্বাসীসকলে হেজাৰ হেজাৰ টকা খৰচ কৰি নানা ধৰণৰ পাথৰ পৰিধান কৰে। একো একোজন মানুহৰ আটাইকেইটা আঙুলিত দেখো বিধে বিধে পাথৰ — নীলা, গ'মেদ, প্ৰবাল, পান্না, ৰুবি আৰু বহুতো কিবা কিবি। একো একোজন জ্যোতিষীয়ে মানুহৰ বিশ্বাসক মূলধন কৰি লাখ লাখ টকা [ ১৫৪ ]

লণ্ডনৰ বিগবেন ঘড়ীৰ তলত লেখিকা

[ ১৫৫ ] আৰ্জি আছে। আনৰ ভাগ্য নিয়ন্ত্ৰণকাৰী অন্ততঃ এজন জ্যোতিষীক জানো যি নিজৰ ভাগ্যৰ বিষয়ে সম্পূৰ্ণ অজ্ঞ। নহ'লেনো তেওঁৰ পিঠিত এচাৰিৰ কোব কেইটামান পৰে নে? সেই এবাৰেই নহয়, একাধিকবাৰ তেওঁ নিজৰ ভাগ্যক জয় কৰিব পৰা নাই। অথচ তেওঁ ৰমৰমীয়া ব্যৱসায় কৰি আছে। হেজাৰ হেজাৰ টকা খৰচ কৰি যিসকলে ৰাহু-কেতুৰ প্ৰভাৱৰ পৰা মুক্ত হ'বলৈ পাথৰ পৰিধান কৰে তেওঁলোকৰ জ্ঞাতাৰ্থে জনাওঁ ১-১৫ জুলাই ২০০০ চনৰ ‘পূৱালী' নামৰ আলোচনীখনৰ ৭৪ পৃষ্ঠাত বিখ্যাত জ্যোতিষী ৰজনী বৰুৱাই লিখিছে যে জ্যোতিষী জাতটোৰ শতকৰা নিৰান্নবৈজনেই ভণ্ড। সেয়ে নহ'লে ছটকা ৰতিৰ Green Zede পোন্ধৰশ টকীয়া ৰতিৰ পান্না হিচাপে বেচে নে?

 যি কি নহওক, আইৰিশ্ব ৰিভলিউশ্যনাৰী আৰ্মি গোটটোৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে মোৰ ব্ৰিটিছ মিউজিয়াম দেখা নহ'ল যদিও দেখিলো মৰ্ত্যৰ এখন বিশাল নন্দন কানন। লণ্ডনত আছিলো অসমৰ এহাল বাঙালী দম্পতীৰ ঘৰত। গৃহস্থ ডাঃ শিৱব্ৰত বিশ্বাস পেছাত চিকিৎসক যদিও নিচাত তেওঁ সংস্কৃত সাহিত্যৰ এজন একনিষ্ঠ পাঠক। সেয়েহে ষাঠি বছৰ বয়সত অৱসৰ গ্ৰহণৰ পিছত ডাক্তৰীৰ লগত সম্পৰ্ক ত্যাগ কৰি সংস্কৃত ভাষা অধ্যয়ন কৰাত মনোনিৱেশ কৰিছিল। তেওঁৰ লক্ষ্য মূল সংস্কৃত ভাষাত বেদ, উপনিষদ, কালিদাস আদি অধ্যয়ন কৰা। তেওঁলোকৰ ঘৰৰ সমীপতে বিখ্যাত কিউ গাৰ্ডেনখন। এই উদ্যানখনৰ বিষয়ে ‘মন মোৰ উৰণীয়া পখী’ নামৰ কিতাপত লিখিছো। তথাপিতো আকৌ এবাৰ কওঁ যে আধুনিক স্থাপত্য, আভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগে ইয়াক সাধাৰণ উদ্যান কৰি ৰখা নাই।

 শ্বিলঙতো ৰড’ডেনড্ৰন ফুল ফুলে, কিন্তু মই ভালেখিনি এলেকাজুৰি ফুলি থকা অসংখ্য গছত নানাৰঙী ৰড’ডেনড্ৰন ফুল দেখিলো কিউ গাৰ্ডেনত। এইবিধ ফুলৰ নামটোৰ সৈতে মোৰ প্ৰথম চিনাকি ৰবীন্দ্ৰ নাথৰ ‘শেষেৰ কবিতা’ত - ‘উদ্ধৃত যত শাখাৰ শিখৰে ৰডোডেনড্ৰন গুচ্ছ’। ইয়াৰ পাছত ফ্ৰান্সৰ পটভূমিকাত লিখা দ্যফন দ্যু মাৰিয়াৰ ‘ৰেবেকা’ নামৰ উপন্যাসখনতো পঞ্চাশ ফুট ওখ গছত ফুলি থকা ৰড'ডেনড্ৰনৰ উল্লেখ পাইছো। কবি-সাহিত্যিকসকলে কিছুমান গছ, ফুল, চৰাই আদিৰ প্ৰতি পাঠকৰ মনত ভাবাবেগৰ সৃষ্টি কৰে। সেয়েহে বোধকৰো মই ৰড’ডেনড্ৰনৰ বাগিচাত উন্মাদৰ দৰে পাকঘূৰণি খাই আছিলো। সিদিনা ব্ৰিটিছ মিউজিয়াম নেদেখাৰ দুখ কৰ্পূৰৰ দৰে উৰি যোৱাত গোৰ মাৰি গংগাত পেলোৱা যেনহে লাগিছিল। উদ্যানখনৰ পৰা ওলাই আহি সন্ত্ৰাসবাদী আই আৰ এক আঁতৰৰ পৰা এটা চালাম জনাইছিলো।

[ ১৫৬ ]  হলেণ্ডৰ টিউলিপ বাগিচা দেখাৰ সৌভাগ্য এতিয়ালৈ হোৱা নাই যদিও ( আৰু নো কেতিয়া হ'ব? ) লণ্ডনৰ ৱাকিংহাম পেলেচৰ সন্মুখত টিউলিপ প্ৰাণ ভৰি উপভোগ কৰিছিলো। আমাৰ বোৱাৰীৰ ফুলনিতো পাছত দেখিছো এইবিধ ফুল। ৰড’ডেনড্ৰনো তেওঁৰ বাগিচাত আছে।