ঘূৰি আহো স্কটলেণ্ডলৈ। শতিকাৰ পাছত শতিকা জুৰি শাসন কৰা ৰজাসকলৰ সম্ভ্ৰম জগোৱা ৰাজপ্ৰাসাদবোৰ দেশখনত সিঁচৰতি হৈ আছে। অনিমেষে এদিন লৈ গ'ল এডিনবৰালৈ। তেওঁলোকৰ একেজনী জীয়ৰী ৰোনা তেতিয়া তাত চিকিৎসা শাস্ত্ৰৰ ছাত্ৰী। তাতো প্ৰাসাদে প্ৰাসাদে ঘূৰি ফুৰিছিলো। অসমৰ বন বিভাগৰ বিষয়া মোহন মালাকাৰ সেই সময়ত কমনৱেল্থ বৃত্তি এটা লৈ এডিনবৰাত আছিল। অনিমেষে-ময়ে বিচাৰি বিচাৰি মালাকাৰৰ ঠিকনা পালো পুৰণি ৰাজপ্ৰাসাদ এটাৰ চৌহদত। পিছে তেওঁক নাপালো।
এ্যনক গুৱাহাটীলৈ আহিলে লগ পাওঁ যদিও দুটা সপ্তাহ একেলগে থাকি এনে লাগিল যেন তেওঁ স্কটিশ নহয়, অসমীয়া বোৱাৰীহে। আগতেও অনিমেষৰ ভায়েক-ভনীয়েকহঁতৰ মুখে শুনিছিলো ছোৱালীজনী বৰ ঘৰুৱা। দিনটোত অনিমেষে যিয়ে নাখাওক ৰাতি অসমীয়া আহাৰ লাগিবই। গতিকে এ্যন অসমীয়া ব্যঞ্জন ৰন্ধাত সিদ্ধহস্ত। অনিমেষৰ ভনীয়েক ৰেণুকাই কৈছিল কোন আঞ্জাত কি ফোৰণ দিব লাগে তাই নাজানে, কিন্তু এ্যনে নজনা একো নাই। তেওঁলোকৰ ল'ৰা-ছোৱালীবোৰেও ভাৰতীয় খাদ্য পছন্দ কৰে। লণ্ডনলৈ উভতি আহিবৰ দিনা মাজবাটত এৰাতি অনিমেষৰ বৰপুত্ৰ শ্বনৰ ঘৰত কটাই আহিছিলো। সি ডাক্তৰ। মাক এ্যনে তালৈ বিধে বিধে আঞ্জা ৰান্ধি আমাৰ লগত পঠাই দিছিল। দেখি অলপ আচৰিতেই হৈছিলো কাৰণ ৰন্ধন প্ৰণালী আছিল ভাৰতীয়।
এই কেইদিন শনিৰ কথা পাহৰি আছিলো। লণ্ডনত দ্ৰষ্টব্য ঠাইবোৰ চোৱাৰ পাছত এদিন ব্ৰিটিছ মিউজিয়ামলৈ যাবলৈ মনস্থ কৰিছো এনেতে আবিৰ্ভাৱ ঘটিল শনিৰ। সিদিনা আই আৰ এ (আইৰিশ্ব ৰিভ'লিউশ্যনাৰী আৰ্মি) নামৰ সন্ত্ৰাসবাদী দলটোৱে লণ্ডনৰ এক গুৰুত্বপূৰ্ণ অঞ্চলত বোমা বিস্ফোৰণ ঘটাই ঘৰ-দুৱাৰ ধ্বংসস্তুপত পৰিণত কৰিছিল। ফলত সিফাললৈ যোৱা নহ'ল। পিছদিনা লণ্ডন এৰিম, গতিকে ব্ৰিটিছ মিউজিয়াম কল্পনাতে থাকিল।
শনিক বাৰে বাৰে জগৰীয়া কৰি আছো যদিও ৰগৰ কৰিবলৈহে তেৰাক মঞ্চলৈ আনিছো। কোনো গ্ৰহ-উপগ্ৰহ বা ৰাহু-কেতুৰ প্ৰভাৱক বিশ্বাস নকৰো। এইসকলৰ কুপ্ৰভাৱ খণ্ডন কৰিবলৈ জ্যোতিষ শাস্ত্ৰত বিশ্বাসীসকলে হেজাৰ হেজাৰ টকা খৰচ কৰি নানা ধৰণৰ পাথৰ পৰিধান কৰে। একো একোজন মানুহৰ আটাইকেইটা আঙুলিত দেখো বিধে বিধে পাথৰ — নীলা, গ'মেদ, প্ৰবাল, পান্না, ৰুবি আৰু বহুতো কিবা কিবি। একো একোজন জ্যোতিষীয়ে মানুহৰ বিশ্বাসক মূলধন কৰি লাখ লাখ টকা
বাকীছোৱা জীৱন / ১৫৩