তেওঁলোকে ঠিক কৰিব। উত্তৰত জনাইছিলো তেওঁলোকৰ ধৰ্মঘট উপলক্ষে মোৰ নাতিৰ পৃথিৱীলৈ আগমনৰ দিনটো স্থগিত ৰখা সম্ভৱ নহয়, গতিকে টকা ওভোতাই দিয়ক, অন্য কোম্পানীৰ বিমানত যাব লাগিব। আচলতে নাতিৰ ইতিমধ্যে আগমন ঘটিছিল যদিও এটা বিশেষ তাৰিখৰ পৰা তাক মোৰ জিম্মাত ৰাখি মাকে কামত যোগ দিয়াৰ কথা।
জীৱনৰ প্ৰতিটো পদক্ষেপত ঠেকা খাবলগীয়া হোৱা দেখি আমাৰ সাহায্যকাৰিণী মঞ্জুকে ধৰি আমাৰ সাহিত্যিক বুদ্ধিজীৱী ভিনীহিলৈকে জ্যোতিষ শাস্ত্ৰত বিশ্বাসী বহুতে কৈছিল যে মোৰ ওপৰত শনিৰ দৃষ্টি পৰিছে। তেৰাৰ দৃষ্টিৰ পৰা উদ্ধাৰ পাবলৈ প্ৰত্যেকে একোটা বিধান দিলে।মঞ্জুৱে পৰামৰ্শ দিলে এটকা পঁচিশ পইচাৰে শনি মন্দিৰত পূজা এভাগ দিবলৈ আৰু এটা সপ্তাহ জুৰি পুৱা উঠি কাউৰীক এমুঠিকৈ চাউল খুৱাবলৈ। ভিনীহিয়ে দিহা দিলে এটা শনিবাৰে চণ্ডাল এজনক মাতি এসাঁজ ভালকৈ খুৱাই ক’লা ছাতি এটা দান কৰিবলৈ। তেওঁ সংস্কৃতজ্ঞ পণ্ডিত মানুহ, এই বিষয়ে শ্লোক এফাঁকিও গাই শুনালে। শনিৰ টেলেকা টেলেকা ৰঙা চকুযোৰৰ দৃষ্টি হেনো তাকে কৰিলে মোৰ ওপৰৰ পৰা আঁতৰি চণ্ডালৰ ওপৰত পৰিব। অৰ্থাৎ বেচেৰা চণ্ডালৰ জীৱনত আৰম্ভ হ’ব শনিৰ দশা। এইবোৰ বিষয়ত ঘোৰ অবিশ্বাসী হ'লেও ৰগৰ কৰিবলৈ ভিনীহিক ক’লো চণ্ডাল পাম ক’ত? তেওঁ ক'লে জামাদাৰ এজনকে মাতিবলৈ। ভিনীহিক ক’লো তথাকথিত নিম্নবৰ্গৰ মানুহৰ ওপৰত শনিৰ দৃষ্টি ডাইভাৰ্ট নকৰি বামুণ-কায়স্থ কলিতালৈ যদি পোনোৱা যায় তেনেহ'লে ব্ৰহ্মপুত্ৰ হোটেল নাইবা জেবিছতে খুৱাই দিম। ছাতিটোও ‘ফৰেন’ৰ পৰা আনিম। ভিনীহিয়ে ক’লে কমিউনিষ্টৰ লগত বাস কৰি তুমিও গুৰু-গোসাঁই নমনা বিধৰ হৈছা। পিছে কমিউনিষ্টৰ লগত লগুণ-গাঁঠি বান্ধিলেও কোনো ৰাজনৈতিক দলৰে পোনপটীয়া সম্পৰ্ক নথকা মই মানৱতাবাদীহে। যাওক বাৰু এইবোৰ কথা।
শনিক আঁতৰোৱাৰ ব্যৱস্থা নকৰিলেও নিৰ্দিষ্ট তাৰিখে কলকতাৰ পৰা যাবলৈ বিমানৰ টিকট এখন সঞ্জয়ে আনি দিলে। অৱশ্যে ব্ৰিটিছ এয়াৰৱেজত। পিছে শনিয়ে যে লগ এৰা নাছিল কলকাতাত নামি গম পালো। বিমান উৰিব দিল্লীৰ পৰা! কেনেকৈ কলকাতাৰ পৰা দিল্লী পাই বিমানত বহিলোগৈ ই এক দীঘলীয়া কাহিনী। ক’লে পাঠকে অতিৰঞ্জিত বুলি ভাবিব, ময়ো ভাবিলোহেঁতেন। পিছে ‘শনি’য়ে যে মোক ফল’ কৰি আছিল এই কথা ভিনীহিহঁতে বিশ্বাস কৰে। অৱশ্যে ইমান দীঘলীয়া যাত্ৰাত শনিক সহযাত্ৰী হিচাপে পোৱা বাবে অকলশৰে যাবলগীয়া নহ'ল। তেৰাৰ