বাকীছোৱা জীৱন/বিদ্বজনৰ সান্নিধ্যত
বিদ্বৎজনৰ সান্নিধ্যত
বিদ্বৎজনৰ সান্নিধ্য মোৰ জীৱনৰ এটা পৰম প্ৰাপ্তি। নিজ নিজ ক্ষেত্ৰত একো একোগৰাকীৰ অগাধ পাণ্ডিত্য। তেওঁলোকৰ ওচৰলৈ গ'লে নিজকে বাওনা যেন লাগে। পাণ্ডিত্য আৰ্জিবলৈ মেধাতো লাগেই, তাতোকৈ বেছি প্ৰয়োজন পৰিশ্ৰম কৰাৰ ক্ষমতা, একাগ্ৰতা, অধ্যৱসায় আৰু জ্ঞানাৰ্জনৰ প্ৰতি তীব্ৰ স্পৃহা। অভিজ্ঞতাৰ পৰা ক’ব পাৰো কিছুমান ক্ষেত্ৰত স্কুল-কলেজৰ বহু মেধাৱী ছাত্ৰ-ছাত্ৰীতকৈও কম মেধাৱীসকল জীৱনত অধিক সফল হৈছে তেওঁলোকৰ আন কিছুমান গুণৰ বাবে।
প্ৰাক্তন ৰাষ্ট্ৰপতি বিশ্বখ্যাত বিজ্ঞানী এ পি জে আব্দুল কালামে কোৱাৰ দৰে সফলতা লাভ কৰিবলৈ সপোনো দেখিব লাগিব। সেইবুলি মুংগেৰিলালে দেখাৰ দৰে ‘হাচিন’ সপোন দেখিলে জীৱনটো ফ্লপহে হ’বগৈ।
দিল্লী আৰু পুনেত পাইছিলো অমৰ্ত্যসেন, ৰোমিলা থাপাৰ, সুখময় চক্ৰৱৰ্তী, ডি আৰ গাদগিল, বি এম দাণ্ডেকৰ, ইৰাৱতী কাৰ্ভে, এইচ ডি চাংকালিয়া, তপন ৰায় চৌধুৰী, ৰণজিৎ গুহ প্ৰমুখ্যে নিজ নিজ বিষয়ত শীৰ্ষস্থান অধিকাৰ কৰি থকা পণ্ডিতসকলক। কলকাতাত পাইছো অৰ্থনীবিদ অমিয় বাগচি, ইতিহাসবিদ বৰুণ দে, গৌতম চট্টোপাধ্যায়, সমাজবিজ্ঞানী ৰামকৃষ্ণ মুখাৰ্জী, নৃতত্ত্ববিদ সুৰজিৎ সিংহ, গৌৰাংগ চট্টোপাধ্যায়, দেৱপ্ৰসাদ মুখাৰ্জী প্ৰমুখ্যে নক্ষত্ৰসকলক। দূৰৰ পৰা দেখা পণ্ডিতসকলৰ ওচৰলৈ আহিলে তেওঁলোকৰ ব্যক্তিত্বৰ কিছুমান আমোদজনক দিশো চকুত পৰে। এনে দুজনমানৰ কেইটামান কথা মোৰ এই স্মৃতিকথাখনতে খাঁজি থ’লো। পিছে প্ৰথম তিনিগৰাকীৰ নামবোৰ উল্লেখ কৰাৰ পৰা বিৰত থাকিলো।
মোৰ স্মৃতিকথাৰ প্ৰথম খণ্ড ‘জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি’ত বৰ্তমানে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যাপনা কৰা এগৰাকী অনা-অসমীয়া অধ্যাপকৰ ছাত্ৰাৱস্থাৰ বিষয়ে লিখিছিলো নামেৰে সৈতে। তেতিয়া ভবা নাছিলো যে জীৱনত অসম নেদেখা আৰু অসমীয়া নজনা মানুহজনে কেতিয়াবা মোৰ দৰে অখ্যাত লেখকৰ কিতাপখনৰ সন্ধান পাব। ড° অমিতাভ কুণ্ডু নামৰ সিদিনাৰ ছাত্ৰজন আজি প্ৰায় চল্লিশ বছৰমান পাছত কনফাৰেন্স এখনত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটীলৈ আহি আমাৰ ঘৰত উপস্থিত। ইতিমধ্যে তেওঁৰ কথা যে লিখিছিলো পাহৰি গৈছো। যি কি নহওক, মোক আচৰিত কৰি অমিতাভে ক’লে যে তেওঁৰ অসমীয়া ছাত্ৰী [ ১০২ ] এগৰাকীয়ে কিতাপখনত তেওঁৰ নাম উল্লেখ থকা বাবে সেইখন উপহাৰ হিচাপে দিছে। সময়ৰ অভাৱত কি লিখিছো ছাত্ৰীগৰাকীয়ে পঢ়ি শুনাব পৰা নাই। এদিন শুনাব।
অমিতাভ যোৱাৰ পাছত পঢ়ি চালো বেয়াকৈ একো লিখা নাই। আন কিছুমান কথাৰ মাজত লিখিছিলো তেওঁ তেতিয়াৰ বিখ্যাত কথাছবি আৰাধনাত কিশোৰ কুমাৰে গোৱা ‘ৰূপ তেৰা মস্তানা, প্যাৰ মেৰা দিৱানা’ গীতটো প্ৰায়েই আমাৰ আগত গাইছিল। অমিতাভৰ মাতটো মিঠা। এতিয়া যদি তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলে গান গোৱা কথাষাৰ গম পায় আৰু তেওঁক কয়— ‘ছাৰ ৰূপ তেৰা মস্তানা গীতটো এবাৰ গাই শুনাওক’ তেতিয়া অমিতাভৰ মনত কি প্ৰতিক্ৰিয়া হ’ব নাজানো। গতিকে কাৰো নাম উল্লেখ নকৰি স্বনামধন্য কেইগৰাকীমানৰ চৰিত্ৰৰ নজনা দিশটোৰ কথা উত্থাপন কৰা যাওক।
এগৰাকী হ’ল সাধাৰণতকৈ ওখ-পাখ এক বিৰাট ব্যক্তিত্ব। ধৰ্মীয় ৰীতি-নীতি ইত্যাদিত তেওঁ অবিশ্বাসী। পিছে তেওঁৰ পত্নী আধুনিকা হ'লেও পৰম্পৰাগত নীতি-নিয়ম কিছুমান মানি চলে। যোৱা শতিকাৰ আশীৰ দশকতে হ’বলা ভদ্ৰলোকৰ পিতৃ বিয়োগ হ’ল। ধৰ্মীয় নিয়মমতে শ্ৰাদ্ধ নোহোৱালৈ পুত্ৰই নানা ধৰণৰ নিয়মপালন কৰিব লাগে। পিছে দায়িত্বশীল পদাধিকাৰীয়ে কেইবাদিন ধৰি ঘৰত বহি থকা সম্ভৱ নহয়। তেওঁ নিয়মীয়াকৈ কৰ্মক্ষেত্ৰলৈ গৈ থাকিল। পত্নীয়ে তেওঁক নিৰামষ আহাৰ ফল-মূল আদি খুৱাই শুদা ভৰিৰে গাড়ীত তুলি দিছিল। গাড়ীত চালকে ষ্টাৰ্ট দিয়াৰ লগে লগে তেওঁ আসনৰ তলত লুকুৱাই ৰখা জোতাযোৰ পিন্ধি লৈছিল। কৰ্মক্ষেত্ৰত নামিয়ে পিয়নক অৰ্ডাৰ দিছিল কেইটামান কণীৰ অমলেট, কাটলেট আদি বিবিধ আমিষ বস্তু ৰেস্তোঁৰাৰ পৰা কিনি আনিবলৈ। শুনিছো নিৰামিষ তেওঁ খাবই নোৱাৰে আৰু আমিষো খায় সাধাৰণে খোৱাতকৈ বেছি পৰিমাণে। নাজানো তেওঁৰ পত্নীয়ে এই খবৰবোৰ পাইছিল নে নাই।
খাবলৈ সকলোৱে ভাল পায়, কিন্তু কিছুমান খাদ্য ৰসিকৰ কাহিনী জনমানসত চিৰস্থায়ী হৈ থাকে। ড° অমুক চন্দ্ৰ এনে এগৰাকী ভোজনবিলাসী অধ্যাপক। ডায়েবেটিচ ৰোগ বা ক’লৈষ্টৰেল নাথাকিলেও তেওঁৰ পৰিবাৰে ঘৰৰ পৰা চেনি আৰু ঘিউ মাখন কমকৈ থকা স্বাস্থ্যকৰ টিফিন সযতনে পঠাই দিছিল নিয়মীয়াকৈ। এওঁক মই ওচৰৰ পৰা পাইছিলো। মন কৰিছিলো মিঠাই খাবলৈ মন গ'লেই টেবুলৰ ওপৰত মূৰটো থৈ কৈছিল তেওঁৰ হেনো হাইপ’গ্লাইছিমিয়া হৈছে অৰ্থাৎ তেজত চেনি কমিছে।[ ১০৩ ] লৰালৰিকৈ সন্মুখৰ মিঠাইৰ দোকানৰ পৰা মিঠাই কিনি অনাই খোৱাৰ পাছতহে ‘সুস্থ’ হৈছিল ড° অমুক চন্দ্ৰ। প্ৰথমফালে আমি সঁচা বুলি ভাবিলেও পাছত তেওঁৰ ‘চেনি কম’ বেমাৰটো হোৱা বুলি ক'লেই মুখ টিপি টিপি হাঁহিছিলো।
এগৰাকী চেৰাবলিয়া অৰ্থনীতিবিদ হ’ল অধ্যাপক তমুক চৌধুৰী। তেওঁক প্ৰথমতে পাইছিলো দিল্লী বিশ্ববিদ্যালয়ত। তেতিয়া তেওঁ প্ৰবক্তা আছিল। কেইবা বছৰ পাছত আমিও কলকাতালৈ আহিলো, তেওঁলোকো আহিল। তেওঁৰ পত্নীৰ লগত মোৰ বন্ধুত্ব গঢ়ি উঠিছিল। দিল্লীত থাকোতে তেওঁলোকৰ ঘৰলৈ প্ৰায়ে গৈছিলো যদিও চৌধুৰী ডাঙৰীয়াৰ চেৰাবলিয়া স্বভাৱটো চকুত পৰা নাছিল। হয়তো পলমকৈ এই স্বভাৱটোৰ বিকাশ ঘটে।
কলকাতাত তেওঁলোকৰ ঘৰত প্ৰথম দিনা প্ৰৱেশ কৰিবলৈ গৈ দেখো বহা কোঠাটোৰ মজিয়াখনত সিঁচৰতি হৈ আছে অসংখ্য বাতৰি কাকত। ভৰি থ'বলৈ ঠাই নথকা বাবে ডেও দি দি বেলকনিলৈ গ'লো তেওঁৰ পত্নীৰ লগত। ভাবিছিলো পেপাৰ কাটিং কৰিবৰ বাবে সেইদৰে ৰাখিছে, পিছে গম পালো তেওঁ হেনো এখন কাগজো নেপেলায়। দিনৰ পাছত দিন ধৰি দৈনিক কাকতবোৰ কোঠাটোত জমা হোৱাৰ পাছত এদিন অধ্যাপকে সেইবোৰ আচুতীয়া কোঠা এটালৈ স্থানান্তৰিত কৰে। সেইটো কোঠাৰ চাৰিওখন বেৰত সাজি লোৱা শ্বেল্ফবোৰ বোৰ কাগজেৰে উপচি পৰিছে, ফলত কিছুমানে আশ্ৰয় লৈছে মজিয়াত। পত্নীৰ খেচ্খেচনিত বছৰি এবাৰ কিছুমান কাগজ বেচি দিয়া হয়। কিনোতাজনে সদায় একেজনেই।
কাগজেই নহয় জীৱনৰ প্ৰথমটোকে ধৰি সিদিনাৰ তাৰিখলৈ যিমান পেন তমুক চৌধুৰীয়ে ব্যৱহাৰ কৰিছে তাৰ এটাও পেলাই দিয়া নাই। সেইবোৰ ৰাখিছে তেওঁৰ বিছনাত। এইবোৰ তেওঁৰ শয্যাসংগী। পত্নীগৰাকীয়ে কৈছিল এই অদ্ভুত স্বভাৱটোৰ কথা আগতে জনা হ’লে তেওঁৰ লগত বিয়া পাতিলেহেঁতেন নে নাই সন্দেহ।
দিল্লী বিশ্ববিদ্যালয়ৰ নৃতত্ববিভাগৰ প্ৰাক্তন অধ্যাপক ড° মিত্ৰলৈ মনত পৰিল। তেওঁৰ সম্পূৰ্ণ নামটো মনত পেলাব পৰা নাই যদিও জধলা পোছাকেৰে স'তে অধ্যাপকগৰাকীৰ স্মৃতি অমলিন হৈ আছে। নিজৰ বিষয়টোৰ ওপৰত তেওঁৰ অগাধ পাণ্ডিত্য, পিছে তেওঁ আছিল এগৰাকী ভোলানাথ স্বভাৱৰ ব্যক্তি। ক্লাছত সোমায়ে বিৰামহীনভাৱে বক্তৃতা দিবৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে শুনিছেনে নাই তালৈ ভ্ৰূক্ষেপ নাছিল। জীয়েকৰ মুখে শুনিছিলো ড° মিত্ৰই হেনো কিতাপৰ বাহিৰে আন একোকে চিনি নাপাইছিল। নিজৰ বিষয়ৰ কিতাপ পঢ়ি পঢ়ি যেতিয়া ভাগৰি পৰিছিল তেতিয়া [ ১০৪ ] তেওঁ ‘জিৰণি’ লৈছিল মোগল ইতিহাস পঢ়ি। মোৰ এই লেখাটোৰ বিষয়ে জানিবলৈ তেওঁ ইহ-সংসাৰত নাই।
আমি ‘পগলা’ প্ৰফেচাৰগৰাকীৰ কাণ্ড-কাৰখানাবোৰ দেখি হাঁহিছিলো। পঢ়ি পঢ়ি ভাগৰি যোৱাৰ পাছত ভাগৰ মাৰিবলৈ কোনোবাই বাৰু আকৌ কিতাপ পঢ়ে নে? তেতিয়া হাঁহিলেও আজি নিজৰ জীৱনতে দেখিছো পঢ়াৰ বিষয়টো সলনি কৰিলেও ভাগৰ মৰে। মোৰ অৱশ্যে ড° মিত্ৰৰ দৰে দিনটো পঢ়ি থকাৰ সেই ভাগ্য হোৱা নাই। তেতিয়া ভাবিছিলো দিনটো মানুহেনো কেনেকৈ পঢ়ি থাকে। এতিয়া জীৱনৰ শেষ অধ্যায়লৈ আহি উপলব্ধি কৰিছো কিমান যে জানিবলৈ আৰু পঢ়িবলৈ বাকী থাকিল! গতিকে সময় পালেই পঢ়ো। তদুপৰি এটা বিষয়ৰ কিতাপ পঢ়ি পঢ়ি আমনি লাগিলে বিষয়টো সলাই আন কিবা পঢ়ো ড° মিত্ৰৰ দৰে মনোৰঞ্জনৰ বাবে। আমাৰ গৃহস্থই আকৌ মনোৰঞ্জনৰ বাবেও ছিৰিয়াছ কিতাপেই পঢ়ে। আজি পঞ্চাশতকৈ অধিক বছৰ একেলগে বাস কৰি মন কৰিছো যে গৃহস্থ অতি সাধাৰণ কথা আৰু সাধাৰণ বিষয়ত অত্যন্ত কেঁচা। মাজে মাজে এটা প্ৰশ্ন মোৰ মনত জাগে যে এই অঁকৰা মানুহজনে কেনেকৈনো ইমান জ্ঞানাৰ্জন কৰিলে। তেওঁৰ ওচৰলৈ যেতিয়া ছাত্ৰ, গৱেষক বা অন্য কোনো ব্যক্তিয়ে পথ নিৰ্দেশনা আৰু দিহা-পৰামৰ্শ বিচাৰি বা আলোচনা কৰিবলৈ আহে তেতিয়া আচৰিত হৈ লক্ষ্য কৰো যে কোনো কিতাপ-পত্ৰ নেমেলাকৈ বহু তথ্য-পাতি আৰু পৰিসংখ্যা সাৱলীলভাৱে পৰিবেশন কৰিব পাৰে। এনে কি কোন কিতাপৰ কিমান পৃষ্ঠাত আলোচিত বিষয়টোৰ ৰেফাৰেন্স পাব তাকো কয়। অথচ সাংসাৰিক কিছুমান প্ৰয়োজনীয় বিষয়ত একোকেই বুজি নোপোৱা যেন দেখিলে মই অত্যন্ত বিৰক্তবোধ কৰো, খঙো উঠে।তেতিয়া মনতে ভাবো, কি অঁকৰা মানুহ এজনৰে যে সংসাৰ পাতিলো! বোধকৰো কিছুমান মানুহৰ মগজুৰ একোটা অংশৰ বৃদ্ধি বেছি, আন কোনোবা অংশ অপুৰঠ। ৰসিকতা কৰি মোৰ বান্ধৱী এগৰাকীক কৈছিলো যে গৃহস্থৰ বুদ্ধি-চুদ্ধি আছে নে নাই জানিবলৈ মই মাজে মাজে তেওঁৰ বক্তৃতা শুনিবলৈ যাওঁ।
কিছুদিনৰ বাবে গৃহস্থৰ সহকৰ্মী আছিল ইতিহাসবিদ তথা প্ৰখ্যাত লেখক ৰামচন্দ্ৰ গুহ আৰু ঔপন্যাসিক অমিতাভ ঘোষ। এটা সময়ত মই নিজৰ কাম-কাজ লৈ ইমান ব্যস্ত হৈ থাকিবলগীয়া হৈছিলো যে খ্যাতনামা এই দুগৰাকী মানুহক দৰ্শন পৰ্যন্ত কৰিবলৈ সময় উলিয়াব নোৱাৰিলো। এতিয়া টেলিগ্ৰাফ কাকতত সঘনাই প্ৰকাশিত ৰামচন্দ্ৰ গুহৰ প্ৰবন্ধবোৰ আৰু অমিতাভ ঘোষৰ বঁটা লাভ কৰা উপন্যাসবোৰ পঢ়িলে [ ১০৫ ] নিজৰ ওপৰতে খং উঠে। এনে কিনো মই ৰাজকাৰ্যখন কৰিছিলো যে গৃহস্থই কাম কৰা Centre for Studies in Social Science নামৰ প্ৰতিষ্ঠানটোলৈ গৈ বিশ্বখ্যাত পণ্ডিত দুগৰাকীক এবাৰ চাই আহিব নোৱাৰিলো। অমিতাভ ঘোষে তেওঁৰ Sea of Poppies নামৰ উপন্যাসখনত অমলেন্দু গুহক acknowledge কৰিছে। ‘পপী’ সন্দৰ্ভত লিখা এওঁৰ গৱেষণাপত্ৰসমূহ ঘোষে পাঠ কৰিছিল উপন্যাসখন ৰচনা কৰোতে।
মীনাক্ষী মুখাৰ্জীৰ বিষয়ে ইতিমধ্যে কোৱা হৈছে। সম্প্ৰতি প্ৰকাশিত তেওঁৰ জীৱনী পৰিচায়ক গ্ৰন্থ An Indian for all Seasons খন দিল্লীত উন্মোচন কৰিবলৈ হায়দৰাবাদৰ পৰা অহাৰ প্ৰাক্মুহূৰ্তত হৃদৰোগত আক্ৰান্ত হৈ তেওঁ গুচি যায়। বাতৰিটো শুনি মৰ্মাহত হ’লো। তেওঁ মোতকৈ বয়সত সৰু হ'লেও পুনেত থাকোতে তেওঁলোকৰ লগত ঘনিষ্ঠ সম্পৰ্ক স্থাপিত হৈছিল। মীনাক্ষীৰ স্বামী সুজিতৰ আগতেই মৃত্যু হৈছিল। মীনাক্ষী কেইবাখনো সমালোচকমূলক গ্ৰন্থ আৰু গদ্য সাহিত্যৰ গ্ৰন্থকাৰ। ৰচনা-সমগ্ৰ The perishable Empire ৰ বাবে মীনাক্ষীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছে। বাংলা ভাষাত তেওঁ এখন মাত্ৰ কিতাপ প্ৰকাশ কৰিছে, বাকী সকলোবোৰ ইংৰাজীত। মীনাক্ষীৰ শেষ কিতাপখন ইতিহাসবিদ আৰ চি দত্তৰ জীৱনীমূলক। অভিজাত আৰ চি দত্তই তেতিয়াৰ যুগৰ আধুনিকা জীয়েকক বিয়া দিছিল অসমীয়া ইঞ্জিনীয়াৰ বলি নাৰায়ণ বৰালৈ। এইবোৰ ঊনৈশ শতিকাৰ কথা।
জীৱনৰ দীঘলীয়া পথ অতিক্ৰম কৰিবৰ সময়ত লগ পোৱা আন এগৰাকী মহিলা আছিল যাদৱপুৰ বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন অধ্যাপিকা সুকুমাৰী ভট্টাচাৰ্য। তেওঁক প্ৰথম লগ পাইছিলো পুনেত। কনফাৰেন্স এখনত অংশগ্ৰহণ কৰিবলৈ পুনেলৈ যাওঁতে গোখলে ইনষ্টিটিউট অব্ পলিটিক্স এণ্ড ইকনমিক্সৰ অতিথিশালাত আছিল যদিও তেওঁ আমাৰ ঘৰতে খোৱা-বোৱা কৰিছিল। তেওঁৰ বহুমুখী প্ৰতিভা আৰু পাণ্ডিত্যৰ গভীৰতাই পাঠকক মুগ্ধ কৰে। সুকুমাৰী দিৰ বিভিন্ন কিতাপত প্ৰতিফলিত নাৰীবাদী চিন্তাই মোক গভীৰভাৱে প্ৰভাৱিত কৰিছে। তেওঁ প্ৰাচীন ভাৰতৰ প্ৰায় সকলো গ্ৰন্থাদি অধ্যয়ন কৰি যুগে যুগে নাৰীৰ স্থান সমাজত কেনে আছিল তাৰ ব্যাখ্যা দাঙি ধৰে স্বৰচিত গ্ৰন্থাদিত। এনে এখন গ্ৰন্থ ‘প্ৰাচীন ভাৰত : সমাজ ও সাহিত্য' আমাৰ হাতপুথিৰ দৰে হৈছে।
আমি কলকাতাত থাকোতে এবাৰ অধ্যাপক নুৰুল হাছান আছিল পশ্চিমবংগৰ গৱৰ্ণৰ। এসময়ত তেওঁ আলিগড় বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল আৰু ইন্দিৰা [ ১০৬ ]
■ ড° অমলেন্দু গুহক সম্বৰ্ধনা জনাইছে ড° হীৰেন গোহাঁয়ে। বাওঁকাষে উদয়াদিত্য ভৰালী আৰু সোঁকাষে শৰৎ চন্দ্ৰ সিংহ |
এদিন নীহাৰৰঞ্জন ৰায়ৰ ঘৰত সকলোকে ৰাতিৰ আহাৰৰ বাবে নিমন্ত্ৰণ কৰিছিল। অতিথিসকলক নিবলৈ কেইবাখনো গাড়ীৰ ব্যৱস্থাও কৰা হৈছিল। আমি যোৱা গাড়ীখনৰ আগফালৰ আসনত চালকৰ কাষত বহিছিল অধ্যাপক নুৰুল হাছান। উঠোতে বহোতে তেওঁ বৰ কষ্ট পোৱা যেন লাগিছিল, কাৰণ তেওঁৰ দেহৰ ভাৰ আছিল সাধাৰণতকৈ বহু বেছি। অভিজাত পাৰিবাৰিক ঐতিহ্য গৰিমাই অধ্যাপকগৰাকীৰ মাজত গঢ়ি তুলিছিল ৰুচি আৰু নম্ৰতাবোধৰ। মৃদুভাষী, সংস্কৃতিৱান মানুহগৰাকী সকলোৰে শ্ৰদ্ধাৰ।
পশ্চিমবংগৰ গৱৰ্ণৰ হৈ থাকোতে অধ্যাপক হাছানে আমাক এবাৰ গৱৰ্ণৰ হাউছত ডিনাৰলৈ নিমন্ত্ৰণ কৰিছিল। তেওঁ খাদ্যৰসিক বুলি এটা জনশ্ৰুতি আছে। নীহাৰ ৰায়ৰ বাসভৱনত কথাষাৰ মন কৰা নাছিলো। গৱৰ্ণৰ হাউছত তেওঁৰ কাষত বহিবলৈ সুযোগ পোৱাত গম পালো শুনা কথাষাৰ অসত্য নহয়। অধ্যাপক বৰুণ দেও ভোজন [ ১০৮ ] ৰসিক। সিদিনা তেওঁ আৰু তেওঁৰ পত্নী ৰমাবায়ো নিমন্ত্ৰিত হৈছিল। দুয়োগৰাকী খাদ্যপ্রিয় মানুহক একেখন টেবুলত দেখি বৰ আমোদ পাইছিলো। তেওঁলোকৰ পিছে ভাত-ৰুটি জাতীয় খাদ্যৰ প্ৰতি অনীহা। দুয়ো নির্ভেজাল মাংসাশী।
আন এজন ভোজন প্রিয় মানুহৰ কথা শুনিছো, তেওঁ কোকৰাঝাৰৰ। প্ৰয়োজনতকৈ বেছি খোৱা যে স্বাস্থ্যৰ বাবে ক্ষতিকৰ তাৰ প্ৰমাণ এওঁ। কম বয়সতে নানা ৰোগৰ চিকাৰ হৈ তেওঁ এবাৰ কলকাতালৈ গৈছিল চিকিৎসা কৰাবলৈ। তেওঁৰ খাদ্য তালিকাখনৰ বৰ্ণনা পোৱাৰ লগে লগে কলকতীয়া চিকিৎসকজন হেনো বাকৰুদ্ধ হৈছিল। নহ'ব নো কিয়? শুনি আমিয়ো আচৰিত হৈছিলো। তেওঁ হেনো প্রতিদিনে ত্রিশটাকৈ কণী খাইছিল আৰু এটা গাহৰি অকলেই উদৰস্থ কৰিছিল। ডাক্তৰে ৱাৰ্নি দি কৈছিল অতি ভোজনে তেওঁৰ মৃত্যু চমু চপাই আনিব পাৰে। পিছে তেওঁৰ তালৈ ভ্রূক্ষেপ নাই। নোখোৱাকৈ জীয়াই থকাতকৈ মৃত্যুৱে শ্রেয়। Eat, drink and be merry, for tomorrow you will die. — বাক্যাষাৰত বিশ্বাসী ডেকাজনে খাই খায়ে জীৱন বন্তি নুমুৱালে।