বাকীছোৱা জীৱন/জুইৰ ভেলাত শুই অচিন দেশলৈ যাত্ৰা

[ ১০৮ ]

জুইৰ ভেলাত শুই অচিন দেশলৈ যাত্রা

 ওপজাৰ দিনৰে পৰা প্ৰাণীমাত্ৰৰে জীৱনত আৰম্ভ হয় মৃত্যুমুখী যাত্রা। এই ধ্ৰুৱসত্য কথাষাৰে কিন্তু আমাক অলপো আমনি নকৰে। কোনোবা আপোনজন যিদিনা আমাৰ মাজৰ পৰা আঁতৰি যায় চিৰদিনৰ বাবে সিদিনাহে আমি উপলব্ধি কৰো যে মৃত্যু জীৱনৰ এক অৱশ্যম্ভাৱী পৰিণতি। আশীৰ দশকত মৃত্যুই সংহাৰ মূৰ্তি ধাৰণ কৰি প্ৰৱেশ কৰিছিল আমাৰ বৃহত্তৰ পৰিয়ালটোত।

মা ক’লৈ গ'ল : চনটো আছিল ১৯৮৭, ডিচেম্বৰ মাহ। এদিন ৰাতিপুৱা হঠাতে বন বিভাগৰ পদস্থ বিষয়া মোহন মালাকাৰৰ ফোন। তেওঁ আছিল আমাৰ মাৰ পুত্ৰৱৎ, মাক মা বুলিয়ে মাতিছিল। আমাক জনালে মা অসুস্থ। এমাহ আগতে ভনী টুলুৰ জীয়েক বৰ্ণালীৰ বিয়া উপলক্ষে কোকৰাঝাৰলৈ গৈ এটা মাহ মাৰ লগত থাকি আহিছিলো। মা আছিল নিৰোগী দেহৰ অধিকাৰী, গতিকে তেওঁৰ অসুস্থতাই আমাক চিন্তিত কৰি তুলিলে। ঘৰখন অলপ থানথিত লগাই কোকৰাঝাৰলৈ যাবলৈ যো-জা কৰিছিলো, এনেতে পিছদিনা ৰাতিপুৱা ৯ ডিচেম্বৰ তাৰিখে ভনীজোঁৱাই গোপাল [ ১০৯ ] দাসৰ ফোনত পালো সেই হৃদয় বিদাৰক বাতৰিটো। মাত্ৰ ছদিন আগতে ধুবুৰীলৈ গৈ আত্মীয়-স্বজনক লগ পাই আহিছে। হঠাতে নৰিয়াপাটীত পৰি তিনিটা দিনৰ পাছত গুচি গ'ল অচিন দেশলৈ। বয়স হৈছিল ৭৭ বছৰ। মা পৃথিৱীৰ মধুৰতম শব্দ। সেই মাক চিৰদিনলৈ হেৰুৱালো।‘কোনে মোক তুলি তালি কৰিলে ডাঙৰ/মৌসনা মিঠামাতে পাহৰি ভাগৰ।’ আজিও ভাবিব নোৱাৰো মা নাই বুলি।

 পত্নী সাবিত্ৰীৰ কোলাত প্রিয়দর্শিনী জ্যেষ্ঠ কন্যাক প্রথমদিনা দেখাৰ পাছত কবি-সাহিত্যিক কেশৱ চন্দ্ৰ চৌধুৰীয়ে শিশুটিৰ নাম দিছিল নীহাৰিকা। অতি মধুৰ স্বভাৱৰ সেই নীহাৰিকা আছিল আমাৰ মা। পঢ়া-শুনাৰ ক্ষেত্ৰত মাৰ পৰাও কম অনুপ্ৰেৰণা পোৱা নাছিলো। ছোৱালীৰ শিক্ষাৰ বাবে স্কুল নথকা কোকৰাঝাৰত দেউতা আৰু মায়ে আছিল আমাৰ প্ৰথম শিক্ষক। তেওঁলোক দুয়ো এটা সংস্কৃত শ্লোক আমাৰ মগজুত স্থায়ীৰূপে সুমুৱাই দি গৈছে।

 ‘ৰূপযৌৱন সম্পন্না বিশালকুলসম্ভৱাঃ
 বিদ্যাহীনাঃ ন শোভন্তে নির্গন্ধা ইব কিংসুকাঃ।

 মাৰ কথা ভাবি ভাবি কোকৰাঝাৰ আহি পালো। চিনাকি ষ্টেচন, চিনাকি বাট-পথ, চিনাকি ঘৰ-দুৱাৰ, মাৰ তাঁতৰ শাল, গোঁসাই ঘৰ, ফুলনি, লেচু গছবোৰ। সকলো আছে, কেৱল নাই জন্মদাত্রী মাজনী। নাই, তেওঁৰ প্ৰাণহীন দেহটোহে নাই। তেওঁ জীয়াই আছে আমাৰ প্ৰাণত। আমাৰ হৃদয়ত। তথাপিতো কিয় সেই হৃদয় আকাশত জমে মেঘ, কিয় দুচকুৰে বৈ আহে শাওণৰ ঢল। সিদিনা উপলদ্ধি কৰিছিলো ১৯৪১ চনত আবুৰ প্ৰাণহীন দেহটোও দেখা নোপোৱা সৰু খুৰাই কিয় ৰে'লৰ পৰা নামি শ্মশানলৈ যাবলৈ উদ্যত হৈছিল।

 মৰমৰ আবুয়েকৰ দেহাৱসানৰ বাতৰি পাই আমেৰিকাৰ পৰা জয়ে লিখিছিল—যিসকলে আত্মা বা স্বৰ্গ বিশ্বাস কৰে তেওঁলোকৰ এটা আশা থাকে যে এদিন দেখা হ’ব। তোমালোকে সৰুৰে পৰা মোক যুক্তিবাদী হিচাপে ডাঙৰ কৰিলা। কিন্তু তেওঁ মোৰ অন্তৰত অমৰ হৈ থাকিব।

 শোক-তাপ পাহৰাই মানুহৰ মনত প্ৰশান্তি আনিবলৈকে হ’বলা আত্মা, অমৃতলোক, স্বৰ্গ আদি ধাৰণাৰ সৃষ্টি হৈছিল। ১৯৫৪ চনত দেউতাৰ পৰলোকগমনৰ সময়ত মই আত্মাক বিশ্বাস কৰিছিলো। বিশ্বাস কৰিছিলো গীতাৰ বিখ্যাত শ্লোকটো—

 ৱাসাংসি জীর্ণানি যথা ৱিহায়
 নৱানি গৃহ্নাতি নৰোহপৰাণি।

[ ১১০ ]

 তথা শৰীৰাণি ৱিহায় জীৰ্ণানি
 অন্যানি সংযাতি নৱানি দেহী॥

 (অসমীয়ালৈ অনুবাদ, মহেন্দ্ৰ বৰা)
 পুৰণি সাজটো ফাটি-ছিটি গ'লে মানুহে যিদৰে
 সেইটো সলাই পিন্ধে নতুন এসাজ,
 আত্মায়ো সিদৰে জীৱনৰ ঘাটে ঘাটে দেহটো উৱলি গ'লে
 আকৌ বিচাৰি লয় কেঁচা এটা শৰীৰৰ সাঁচ।

 তাৰ পিছত নিজৰ অজ্ঞাতে ধীৰে ধীৰে আত্মাৰ প্ৰতি অবিশ্বাসী হ’লো, বোধকৰো জিন, ক্ৰমজ’ম, ডি এন এ আদিৰ ভিতৰলৈ সোমোৱাৰে পৰা। বৰ্তমানে কট্টৰ যুক্তিবাদী হৈছো। আত্মাবিশ্বাসী দুই-এজনে মোক পুতৌ কৰি মোকো বিশ্বাসী কৰি তুলিবলৈ চেষ্টা কৰে। অযথা মোৰ সময় নষ্ট কৰা বাবে গালিও খায়।

 মৰণোত্তৰ দেহদানতো কৰিয়ে থৈছো। শ্ৰাদ্ধ-ট্ৰাদ্ধ নকৰিবলৈকো কোৱা হৈছে। এই প্ৰসংগত মোৰ ডাঙৰ জা এগৰাকীলৈ মনত পৰিছে। মেট্ৰিক পাছ কৰাৰ পাছতে তেওঁৰ বিয়া হৈছিল। ঘৰ-গৃহস্থালিক কেন্দ্ৰ কৰিয়ে তেওঁ জীৱন কটাইছে। সমাজৰ ৰীতি-নীতি মানি চলা মহিলাৰ দৰেই লাগিছিল তেওঁক। তেওঁৰ মৃত্যুৰ পাছতহে পুতেক-জীয়েকৰ মুখে জানিব পাৰিলো যে শ্ৰাদ্ধাদি কাৰ্যত তেওঁ অবিশ্বাসী। পিছে ঘৰত কিবা এটা অনুষ্ঠান নকৰিলে পৰিয়ালৰ মানুহৰ ভাল নালাগিব বাবে পূজা এভাগ কৰিবলৈ কৈ থৈছিল। মাকৰ কথামতে তেওঁৰ মৃত্যুৰ পাছত শ্ৰাদ্ধৰ সলনি মাতৃপূজা কৰে পুত্ৰ-কন্যাই।

 যি কি নহওক, চকু মুদাৰ পাছত কোনোবা অচিন দেশত আকৌ সকলোৰে লগত দেখা-সাক্ষাৎ হ’ব, কথাষাৰ কল্পনা কৰিবলৈ ভালেই লাগে।

 মা আছিল অজাতশত্ৰু। তেওঁক শ্ৰদ্ধা নকৰা মানুহ কমেই আছিল। শেষ বয়সত তেওঁ সাইবাবাৰ ভক্ত হৈছিল। কোকৰাঝাৰত এটি মন্দিৰ নিৰ্মাণ কৰিবলৈ অলপ মাটি দান কৰিছিল। তাতেই নিৰ্মিত হয় সাই মন্দিৰটো।

গুহ পৰিয়ালত মৃত্যুৰ সমদল : আশী চনত শাহু আইৰ মৃত্যুৰ পাছত অগা-পিছাকৈ তেওঁৰ তিনিপুত্ৰ — জ্যেষ্ঠ যোগেশ্বৰ গুহ, মাজু অৰ্ধেন্দু গুহ আৰু তৃতীয় সুধেন্দু গুহ প্ৰয়াত হয়। তেওঁলোকৰ পিছতে আমি হেৰুৱালো মাজু জা বীণা [ ১১১ ] বাইদেউক। তেওঁলোকৰ পৰিণত বয়সতে মৃত্যু হৈছিল। তাৰ পাছতে আৰম্ভ হ'ল অকাল মৃত্যু।

 গুৱাহাটীত মাজু জাৰ শ্ৰাদ্ধৰ দিনা গধূলি কলকাতাত থকা সৰু জা কৰবীৰ লগত টেলিফোনত কৰিছিলো দীৰ্ঘ বাৰ্তালাপ। তেওঁ কৈছিল বৃহত্তৰ গুহ পৰিয়ালৰ আৰু দুই-তিনিগৰাকী সদস্যই মৃত্যুৰ লগত যুঁজি আছে। তেওঁলোক আমাৰ খুৰা শহুৰৰ পুত্ৰসকল। পিছদিনা ৰাতি দহমান বজাত দেওৰৰ ফোন— ‘বৌদি, আপোনালোক আহক, কৰৱী বোধকৰো নাই।’ শুনি মোৰ সৰ্বশৰীৰ অসাৰ হৈ পৰিল। কম বয়সীয়া এইগৰাকী জাই আগদিনা যেতিয়া ফোনত মৃত্যুৰ সৈতে যুঁজি থকা আত্মীয়ৰ কথা কৈ আছিল তেতিয়া জানিছিল নে সেই মৃত্যু থিয় হৈ আছিল তেওঁৰ পিছফালে! মাজনিশা গুৱাহাটীৰ ঘৰত বাতৰিটো পোৱাৰ লগে লগে কান্দোনৰ ৰোল উঠিল।

 কৰৱী গুচি যোৱাৰ কেইটামান মাহ আগতে মাজু বৰজনাৰ সৰু পুত্ৰ চল্লিশৰ ডেওনা পাৰ হোৱা দেশব্ৰতৰ আকস্মিক মৃত্যুই পৰিয়ালটোৰ ওপৰত চৰম আঘাত হানি থৈ গৈছিল। তাৰ বিয়াখনৰ ঘটকালী ময়েই কৰিছিলো কলকাতাত আমাৰ প্ৰতিবেশী টুটুৰ লগত। তাইৰ সন্মুখত থিয় দিবলৈ মই মানসিক শক্তি হেৰুৱাই পেলাইছিলো! দুটি এমা-ডিমা পুত্ৰ-কন্যাৰ পঁইত্ৰিশ বছৰীয়া মাকজনী প্ৰথম আঘাতত ভাগি পৰিছিল যদিও সন্তানৰ মুখলৈ চাই অসীম ধৈৰ্য আৰু সাহসেৰে তেওঁ জীৱনৰ সৈতে যুদ্ধ কৰিবলৈ সাজু হৈছিল। সেই যুদ্ধত জয়ী হোৱা তেওঁ এগৰাকী আদৰ্শ মাতৃ। আজি এই যুৱ উচ্ছৃংখলতাৰ দিনত পঢ়াই-শুনাই, স্বভাৱে-চৰিত্ৰই দুয়োকে দুটি ৰত্ন হিচাপে প্ৰতিষ্ঠিত কৰিছে টুটুই। ইতিমধ্যে দুয়ো সুখ্যাতিৰে ইঞ্জিনিয়াৰিং পাছ কৰি উচ্চ শিক্ষাৰ্থে আমেৰিকালৈ গৈছে। ছোৱালীজনীৰ বিয়া-বাৰুও হ’ল।

 আশীৰ দশকটোত এজনৰ পাছত এজনক যোৱা দেখি মানসিকভাৱে আমি ভাগি পৰিছিলো। মনত সদায় এটা আতংক লৈ ফুৰো। আৰু যেন শুনিবলগীয়া নহয় মৃত্যুৰ বাতৰি। কিন্তু নিয়তিক বাধা দিব কোনে? কৰৱীৰ শ্ৰাদ্ধৰ পাছত শোকাহত পিতৃক সংগদান কৰিবলৈ জীয়েক মহুৱাই কিছুদিন থাকি যোৱাৰ সিদ্ধান্ত লৈছিল। তাইৰ কথা শুনি নিয়তিয়ে বোধকৰো অলক্ষে হাঁহিছিল। বিনা মেঘে বজ্ৰপাতৰ দৰে খবৰ আহিল দুবছৰ আগতে বিয়া হোৱা দহমহীয়া পুত্ৰ এটাৰ পিতৃ মহুৱাৰ দেওৰেকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু হ’ল। তাইৰ কুৰি বছৰীয়া জা–কজনী ইমানে আঁকৰী যে বৰফৰ ওপৰত শুৱাই থোৱা স্বামীৰ মৃতদেহ দেখি ভাবিছিল চিকিৎসা চলি আছে।

[ ১১২ ]

নাতি-নাতিনী, জী-জোঁৱাইৰ সৈতে আমাৰ মা

[ ১১৩ ] আমাৰ ডাঙৰ ভিনীহিও গ'লগৈ : ১৯৮৫ চনত চকু বিশেষজ্ঞ ভাগিন অসীম উচ্চ শিক্ষাৰ্থে জাপানলৈ যোৱাৰ সময়ত দেউতাক ভুপেন্দ্ৰ নাৰায়ণ দাস অসুস্থ হৈ আছিল। সুযোগ জীৱনলৈ সদায় নাহিব পাৰে, গতিকে দেউতাকে তাক যাবলৈ উদ্‌গনি দিছিল। সি যোৱাৰ কিছুদিনৰ পাছত বাইদেউৰ ডাঙৰ আৰু মাজু পুতেক আলোক আৰু অৰূপে দেউতাকক চিকিৎসাৰ্থে মাদ্ৰাজলৈ (এতিয়াৰ চেন্নাই) নিছিল যদিও তাতেই তেওঁৰ দেহাবসান ঘটে। ভিনিহি মাৰ জোঁৱাই নহয়, আছিল পুত্ৰ সদৃশ। তেওঁৰ মৃত্যু সংবাদ পাই মনত পৰিছিল ১৯৫৪ চনৰ অক্টোবৰ মাহৰ দিন এটালৈ। আমাৰ ধুবুৰীৰ নিজা

ঘৰত কৰ্কটৰোগত আক্ৰান্ত ৫৪ বছৰীয়া দেউতাই মৃত্যুৰ ক্ষণ গণি বিছনাত পৰি আছে মনত দুশ্চিন্তা লৈ। কি হ'ব কম বয়সীয়া ছোৱালীকেইজনী আৰু পত্নীৰ! তেওঁৰ মনৰ ভাব বুজিব পাৰি ভিনিহিয়ে কৈছিল তেওঁ জীয়াই থাকে মানে পৰিয়ালটোক তেৱেঁই চাব। দেউতাৰ চকুৰ কোণেৰে নিগৰি আহিছিল পৰম নিশ্চিন্ততাৰ দুধাৰি আনন্দাশ্ৰু।

মামাবাবু আৰু মামীমা : তেজৰ সম্পৰ্ক নাথাকিলেও আত্মীয়তকৈও আপোন আছিল আমাৰ কলকাতাৰ ৪৪ ডি, দুৰ্গাপুৰ লেনৰ ভাৰাঘৰৰ মালিক-মালিকনী মজুমদাৰ দম্পতী। সেইটো দশকতে কেইটামান বছৰ অগা-পিছাকৈ তেওঁলোকৰ মৃত্যুই আমাক কম আঘাত দিয়া নাছিল। বাহিৰৰ পৰা চাবলৈ গ'লে তেওঁলোক কোনো খ্যাতনামা ব্যক্তি নাছিল যদিও দুয়োৰ ভিতৰত সমাবেশ ঘটিছিল বিৰল কিছুমান গুণৰ। দুয়ো আছিল কুসংস্কাৰ আৰু অন্ধবিশ্বাসমুক্ত যুক্তিবাদী আৰু বিজ্ঞানমনস্ক। চুবুৰিটোত তেওঁলোকক সকলোৱে মামাবাবু আৰু মামীমা বুলি মাতিছিল। দম্পতীযোৰ আছিল বৰ ইণ্টাৰেষ্টিং স্বভাৱৰো।

 সাধাৰণতে মামীমাৰ বয়সৰ মহিলাসকল ধাৰ্মিক হয়। তেওঁলোকে পূজা-পাতল কৰে, নামঘৰ-মন্দিৰলৈ যায়। মামাবাবুহঁতৰ ঘৰত পিছে কোনো গোসাঁইঘৰ দেখা নাছিলো। দুয়ো প্ৰায়ে কাজিয়া কৰিছিল যদিও এটা বিষয়ত বৰ মিল, দুয়ো ঘোৰ নাস্তিক। পুতেক দুজনৰ বিয়াৰ পাছত বোৱাৰীয়েকহঁতে বাৰাণ্ডাৰ এটা চুকত থাপনা পাতি পূজা-পাতল কৰিছিল। এবাৰ পুৰোহিত মাতি সৰস্বতী পূজা পাতিলে। পূজা শেষ হোৱাৰ পাছত আৰম্ভ হ'ল অঞ্জলি প্ৰদান পৰ্ব। সৰুজনী বোৱাৰী সুজাতা কোবাকুবিকৈ আহিল মোক অঞ্জলি দিবলৈ মাতিবলৈ। স্কুল-কলেজত পঢ়োতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেবী সৰস্বতীক তুষ্ট কৰিবলৈ অঞ্জলি দিছিলো। তাৰ পাছত সৰস্বতীৰ লগত সম্পৰ্ক শেষ হৈছিল যদিও মন্ত্ৰবোৰ পাহৰা নাই।
[ ১১৪ ]

 ‘সৰস্বতী মহাভাগে বিদ্যে কমললোচনে
 বিশ্বৰূপে বিশালাক্ষী বিদ্যাং দেহি নমস্তুতে।
 এষঃ সচন্দন পুষ্প বিল্ল পত্ৰাঞ্জলী
 নমঃ শ্ৰীসৰস্বতী দেব্যৈ নমঃ॥'

 সুজাতাই সিদিনা মাতিবলৈ আহোতে অলপ চিন্তা হ’ল, নগ’লে জানোচা মামীমাই বেয়া পায়। সাতে-পাঁচে ভাবি গৈ দেখিলো মামীমা তেওঁৰ শোৱনি কোঠাত বহি আছে। সুধিলো অঞ্জলি দিলে নেকি? তেওঁ ভেকাহি মাৰি উত্তৰ দিলে— 'আমাৰে (মোক) কোনদিন পূজা কৰা দেখছ না কি?’ তেওঁৰ উত্তৰ শুনি মই এবাউট টাৰ্ণ কৰি প্ৰস্থান কৰিলো।

 পাছৰ কথা আগতে কৈ থওঁ যে মামীমাৰ মৃত্যুৰ বহু পাছত তেওঁলোকৰ ডাঙৰ বোৱাৰী দীপাৰ গোসাঁইঘৰত গোসাঁই-গোসাঁনীলৈ দুপৰীয়া ফুল-বেলপাত-প্ৰসাদ আদি আগবঢ়াই বন্তি গছ জ্বলাইছিল তেওঁলোকৰ ইছলামধৰ্মী সাহায্যকাৰিনীজনীয়ে। দীপাক কৈছিলো— ‘মহাত্মা গান্ধী জীয়াই থকা হ’লে তোমাক ভাৰতৰত্ন উপাধিৰে বিভূষিত কৰিলেহেঁতেন।' দীপাই কয়— ‘কিনো ডাঙৰ কামটো কৰিলো? ৰেহানা কিবা মানুহ নহয় নেকি? তদুপৰি আল্লা যি, ঈশ্বৰো তেৱেঁই।' সকলোৰে দৃষ্টিভংগী দীপাৰ দৰে হোৱা হ'লে ভাৰতৰ বুকুৰ পৰা সাম্প্ৰদায়িকতা শব্দটো লোপ পালেহেঁতেন।

 মামীমাৰ প্ৰসংগলৈ উভতি যাওঁ। চুবুৰিৰ মহিলা এগৰাকীয়ে মামীমাক এদিন জনালে যে সিদিনা টিভিত ধৰ্মমূলক কথাছবি এখন দেখুৱাব। তেওঁ যোৱাৰ পাছত মামীমাই মোক কি ক’লে জানে নে? ‘আমি হৈছি বইল্যা কি আমাৰ মনটোও বুঢ়া হৈছে? ঐসব ধৰ্মেৰ ছিনেমা দেইখ্যা কি হইব? আমি ভালবাসি নাচ-গান হাসি-কান্না, বিৰহ-মিলন ইত্যাদি।' আচলতে মামাবাবু আৰু মামীমা দুয়ো ঘোৰ নাস্তিক বুলি কোৱা হৈছে। দুয়ো চিৰসেউজ প্ৰকৃতিৰ। মামীমা আকৌ ঘোৰ নাৰীবাদীও। পুতেকহঁততকৈ বোৱাৰীয়েকহঁতৰ প্ৰতি তেওঁ অধিক সহানুভূতিশীল আছিল।

 সত্তৰৰ দশকত বিবাহ-বিচ্ছেদৰ ঘটনা মধ্যবিত্ত সমাজত বিৰল আছিল। কোৱা বাহুল্য তাৰ বাবে ঘাইকৈ পত্নীগৰাকীহে নিন্দিত হৈছিল। চুবুৰিটোৰ চাকৰিয়াল বোৱাৰী এজনীৰ বিবাহ বিচ্ছেদ হোৱাত সকলোৱে তাইৰ নিন্দাত মুখৰ হ’ল। নিজে উপাৰ্জনশীল বাবেই হেনো তাইৰ ইমান আস্পৰ্ধা, শহুৰেকৰ ঘৰৰ মানুহেও তাকেই ক’লে। এনে পৰিস্থিতিত একমাত্ৰ মামীমা আছিল বোৱাৰীজনীৰ ফলীয়া। ক’লে— ‘নিজে আৰ্জিব পাৰিলে পুৰুষৰ অধীনস্থ হৈ থকাতকৈ নথকাই ভাল। মই তোমালোকৰ মামাবাবুৰ [ ১১৫ ] সংসাৰত পৰি আছো দুবেলা দুমুঠি খাবলৈ।’ তেওঁৰ কথা শুনি পুতেক-বোৱাৰীয়েকে বৰ আমোদ পাইছিল। আমিও হাঁহি হাঁহি তেওঁক সমৰ্থন কৰিছিলো।

 সময়তকৈ বহু আগতে ওপজা মামীমাগৰাকী দুবেলা দুমুঠি খাবৰ বাবে মামাবাবুৰ সংসাৰত বেছি দিনলৈ পৰি নাথাকিল। মৃত্যুৰ বহু আগতে তেওঁ কৈ থৈছিল পিতৃ-মাতৃৰ মৃত্যুৰ পাছত পালন কৰিবলগীয়া নীতি-নিয়মবোৰ যেন পুতেকহঁতে বৰ্জন কৰে। এইবোৰত তেওঁ অবিশ্বাসী আছিল। পিছে আত্মীয়-স্বজনৰ হেঁচাত সকলো কৰিবলগীয়া হৈছিল।

 মামাবাবুও আছিল বৈচিত্ৰ্যৰে ভৰা এগৰাকী অসাধাৰণ ব্যক্তি। তেওঁ জীৱিত অৱস্থাতেই পুতেকহঁতক সম্পত্তি ভগাই দিছে। মন কৰিছিলো সৰুটো পুতেকৰ ভাগৰ ফ্লেটটোত ৰ'দ-বতাহ অলপ কমকৈ সোমায়। মই এদিন কৈছিলো সি মনত দুখ নেপাবনে? মামাবাবুৰ তাৎক্ষণিক উত্তৰ আছিল, 'A beggar has no choice.' মোৰ জা কৰৱীৰ মৃত্যুৰ দুসপ্তাহমান পাছত মামাবাবুও গ'লগৈ।

 লানি নিছিগাকৈ আহি থকা মৃত্যুবোৰে জীৱনৰ প্ৰতি মোক যেতিয়া মায়া-মমতাহীন কৰি তুলিছিল তেতিয়া সৰুতে দেউতাৰ কিতাপ এখনৰ মেলি থোৱা পৃষ্ঠা এটাত পঢ়া কবিতা এফাঁকিলৈ মনত পৰিল।

 ‘ওহে মৃত্যু তুমি মোৰে কী দেখাও ভয়
 ও ভয়ে কম্পিত নয় আমাৰ হৃদয়।’

 আমি স্কুলত পঢ়া সময়ত ভাল ভাল বচন বা উদ্ধৃতি কাপোৰৰ ওপৰত এমব্ৰোডাৰী কৰি কাঁচৰ ফ্ৰেমত বন্ধাই থোৱাৰ এটা নিয়ম আছিল। ইয়ো আছিল এবিধ আৰ্ট। উল্লিখিত কবিতাফাঁকি ক'লা কাপোৰৰ ওপৰত বগা সূতাৰে এমব্ৰোডাৰী কৰি বেৰত ওলোমাই থৈছিলো এইবাবে যেন মৃত্যুক স্বাভাৱিকভাৱে গ্ৰহণ কৰিব পাৰো। পিছে মনটোক এই স্বাভাৱিক কথাষাৰৰ বাবে যিমানে ডাঠ নকৰো কিয় প্ৰিয়জনৰ মৃত্যু অসহনীয়।