বাকীছোৱা জীৱন/দ্বিতীয় প্ৰজন্মৰ বিবাহ আৰু তৃতীয় প্ৰজন্মৰ আগমন

[ ৯৮ ]

দ্বিতীয় প্ৰজন্মৰ বিবাহ আৰু তৃতীয় প্ৰজন্মৰ আগমন

 ১৯৮০ ৰ দশকৰ পৰা আৰম্ভ হৈছিল আমাৰ বাই-ভনীকেইজনীৰ পৰৱৰ্তী প্ৰজন্মৰ ল’ৰা-ছোৱালীৰ বিয়া-বাৰু। বাইদেউ অনিতাৰ জাত-পাতক লৈ অলপো ৰক্ষণশীলতা নাই। তেওঁ নিজেই কইনা চাই বেলেগ বেলেগ সমাজৰ পৰা বোৱাৰী আনিছে পুতেকহঁতলৈ। জ্যেষ্ঠ পুত্ৰ আলোকৰ কইনা বন্দনা উজনিৰ। মাজু ডাঃ অৰূপে গুৱাহাটীৰ অধিবক্তা ৰুণুমীক বিয়া কৰাইছে। তৃতীয় পুত্ৰ ডাঃ অসীমৰ কইনা অজপা অভয়াপুৰীৰ। তাই বিজনীৰ শেষ ৰজা ভৈৰবেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ নাতিনী। জীয়েক কল্পনাক বিয়া দিছে কাশ্মিৰী দৰা অমৃত নেহৰুলৈ। এইখন বিয়াও ঘৰৰ পৰা ঠিক কৰা। জোঁৱাইৰ উপাধি নেহৰু হোৱা হেতুকে আমি বৰ স্ফূর্তি পাইছিলো, জৱাহৰলাল নেহৰুৰ কিবা হ'ব পাৰে বুলি। কাশ্মীৰৰ সকলো হিন্দুই ব্রাহ্মণ আৰু একে উপাধিধাৰীসকলৰ উৎপত্তি একেটা বংশত। সেইফালৰ পৰা ভাবিছিলো অমৃত নিশ্চয় জৱাহৰলালৰ সৈতে একেটা উপাধিভুক্ত হোৱা বাবে গৌৰৱান্বিত ৷ পিছে কথা বেলেগ। কেৱল অমৃতেই নহয় ভূস্বর্গ কাশ্মীৰৰ নিজ নিজ পিতৃ ভিঠা ত্যাগ কৰি ওলাই আহিবলগীয়া হোৱা প্ৰায়ভাগ কাশ্মিৰীয়ে জৱাহৰলালকে দোষী সাব্যস্ত কৰে। তেওঁৰ ভুল পদক্ষেপৰ বাবেই কাশ্মিৰী হিন্দু গৃহহাৰা হ'ল বুলি ভাবে।

 ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সৈতে একে উপাধিধাৰী হোৱা হেতুকে তেওঁৰ ভতিজা সুভগেন্দ্ৰ নাথ ঠাকুৰে বৰ অস্বস্তিবোধ কৰা বুলি তেওঁ লিখা প্রবন্ধ এটাত পঢ়িছিলো। ঠাকুৰ পৰিয়ালটোৰ প্ৰতিজন সদস্যই প্রতিভাবান। কিন্তু ৰবীন্দ্ৰনাথৰ বিশাল ব্যক্তিত্ব আৰু কৃতিত্ব তথা বিশ্বজোৰা খ্যাতিৰ ঔজ্জ্বল্যই বাকী ঠাকুৰসকলৰ প্ৰতিভাক নিষ্প্রভ কৰিছে। সুভগেন্দ্ৰ ঠাকুৰে লিখিছে পৃথিৱীৰ য’লৈকে তেওঁ গৈছে প্ৰতিখন ঠাইৰ মানুহৰ পৰা একেটা প্রশ্ন শুনি শুনি তেওঁ বিৰক্ত বোধ কৰিছিল। প্ৰশ্নটো আছিল — আপুনি ৰবীন্দ্ৰনাথ ঠাকুৰৰ আত্মীয় নে? তেওঁ নো কোন জানিবৰ আগ্ৰহ যেন কাৰো নাই। তেওঁ যেন এজন পৰিচয়হীন মানুহ।

[ ৯৯ ]  কল্পনাৰ বিয়াৰ দিনা দৰা অমৃত নেহৰুক দেখিও বহুতে সুধিব খুজিছিল জৱাহৰলালৰ লগত থকা সম্পৰ্কৰ কথা। পিছে তেওঁ বেয়া পায় বুলি কইনা ঘৰত জাননী দিয়া হৈছিল। এটা কথা শুনিবলৈ ময়ো পছন্দ নকৰো, যদিও আমাৰ সমাজত তেনেদৰে এগৰাকী মহিলাক চিনাকি কৰি দিয়াটোৱে নিয়ম। এওঁ অমুক বৰুৱাৰ পত্নী। কোৱা উচিত এওঁ ভাৰতী বৰুৱা, অমুক বৰুৱাৰ পত্নী। প্ৰতিজন মানুহৰ এটা নিজস্ব পৰিচয় থাকে। তদুপৰি কাৰ পত্নী কোৱাৰ কিবা প্রয়োজনীয়তা আছে নে? আমাৰ মহিলা সমাজৰো অনেকক ‘মই অমুকৰ মিছেচ' বুলি কৈ গৌৰৱবোধ কৰা দেখো।

 দ্বিতীয় প্ৰজন্মৰ বিয়ালৈ উভতি যাওঁ। আমাৰ পুত্ৰ জয়ৰ বিয়াৰ কথা লিখা হৈছে। তাৰ বিয়াৰ আগতে ভণ্টি টুলুৰ দুজনী ছোৱালী পাঞ্চালী আৰু বৰ্ণালীৰ বিয়া হৈ গৈছে। পাঞ্চালীৰ দৰা নলবাৰীৰ ড° বীৰেন তালুকদাৰ এগৰাকী পেপাৰ টেকনল'জিষ্ট। বৰ্ণালীৰ দৰা অভিযন্তা নৱ কলিতা টুলুৰ দ্বিতীয় জোঁৱাই। বৰপেটাৰ এম চি কলেজখন নৱৰ মাকৰ ফালৰ ককাকৰ নামেৰে আৰু জীৱনলতা চৌধুৰী ছোৱালী হাইস্কুলখন আইতাকৰ নামেৰে স্থাপিত হৈছে। টুলুৰ তৃতীয় ছোৱালী কৃষ্ণাক (মিঠু) বিয়া দিছে বৰপেটাৰ আইনজীৱী প্রয়াত পদ্ম বৰুৱাৰ পুত্ৰ অভিযন্তা হিমাংশুলৈ। টুলুৰ একমাত্র পুত্র শান্তনুৰ বিয়া হৈছে অভয়াপুৰীৰ লেখাৰ লগত। তাই চাকৰিয়াল ছোৱালী।

 ভণ্টি প্রতিমাৰ বৰপুত্ৰ দেৱৰ্ষিৰ কইনা দুলীয়াজানৰ এটা বাঙালী পৰিয়ালৰ জীয়ৰী বৰ্ণালী। সৰুপুত্ৰ কৌশিকৰ কইনা ৰাজশ্ৰী কৰ্ণাটকৰ।জীয়ৰী দেৱযানীৰ (পিউ) মুম্বাই নিবাসী নৰেন মেহৰাৰ বিয়ালৈ আমি দলবান্ধি গৈছিলো মুম্বাইলৈ। মেৰিন ড্রাইভাৰ সাগৰৰ পাৰত হোটেল এখনৰ হল এটাত আৰ্যমতে বিয়া হৈছিল তাইৰ। উত্তাল সাগৰৰ ঢৌ চাই চাই আমি বিয়াখন উপভোগ কৰিছিলো। দৰাঘৰে পার্টি দিছিল ওৱাং খাড়ে ষ্টেডিয়ামৰ হল এটাত, বিয়াখন হৈছিল ১৯৯২ চনৰ জুনত। বিয়া খাই আহি গুৱাহাটীত ঘৰ সোমোৱাৰ লগে লগে আমাৰ ভতিজা বোৱাৰীহঁতে উচ্ছাসেৰে চিঞৰি চিঞৰি কৈছিল যে তেওঁলোকক মিঠাই খুৱাব লাগে। আনকি মোৰ ডাঙৰ জা বাইদেৱেও তেওঁলোকৰ ঘৰৰ বেলকনিৰ পৰা অতি উৎসাহেৰে ভাল খবৰ এটা জনাবলৈ উদগ্ৰীৱ হৈ উঠিছিল। তাৰ পাছত আটায়ে হাত চাপৰি বজাই জাননী দিলে— ‘তুমি আইতা হ’বলৈ ওলাইছা। মিঠাই খাবলৈ তোমাৰ ওচৰলৈ আহি আছো। আহি আছো...।’ মোৰ অনুপস্থিতিত এই শুভ সংবাদটো তেওঁলোকে পাইছিল।

[ ১০০ ]  মোৰ সৰ্বশৰীৰত এটা আনন্দৰ শিহৰণ অনুভৱ কৰিলো। জয় দেউতা হ’ব। জয়ৰ জন্মৰ কথালৈ মনত পৰিল। ১৯৬২ চনৰ নৱেম্বৰ মাহ। চীন-ভাৰত সংঘৰ্ষ। তাৰ জন্মৰ বাবে শ্বিলঙত বাইদেউৰ ঘৰলৈ আহিছো। পিছে এই অশান্ত পৰিস্থিতিৰ মাজত তাৰ জন্ম ক’ত হ’ব তাকে লৈ পৰিয়ালত কিমান দুশ্চিন্তা। ইফালে ৰেডিঅ’ত ক্ষণে ক্ষণে শুনি আছো, চীনাসকল নাথুলা, চেলা, দিৰাংজং, বমদিলা পাৰ হৈ আহি আছে তেজপুৰ অভিমুখে। যেন সিদিনাৰ কথা। সেই জয় ইমান ডাঙৰ হ’ল নে? মোৰ চালখন কিমান শোটৰা-শোটৰ পৰিল চাবলৈ আৰ্চিৰ আগত থিয় দিলো।

 আমাৰ মাৰ পোন্ধৰ বছৰ বয়সত বাইদেউৰ জন্ম। বাইদেউ কম বয়সতে ল’ৰাৰ মাক হৈছে। মা বোধকৰো পঁইত্ৰিশ বছৰ বয়সত আইতা হৈছিল। আজিৰ যুগত পঁইত্ৰিশ বছৰীয়া মহিলাক তৰুণী বুলি কোৱা হয়। আৰু মই আইতা হ’বলৈ ওলাইছো এষষ্ঠি বছৰ বয়সত। অৱশ্যে ভনী টুলুৰ জীয়েক পাঞ্চালীৰ পুত্ৰ বিক্ৰমজিতৰ আগমনে ইতিমধ্যে আমাক আইতাৰ পদমৰ্যাদা প্ৰদান কৰিছিল। এম টেক ডিগ্ৰী অৰ্জন কৰি সি এতিয়া নামৰূপ ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যনত কৰ্মৰত। তাৰ মুখলৈ চাই ভাবো সময় ইমান দ্ৰুতবেগেৰে আগবাঢ়ে নে? যি কি নহওক তাৰ ভনীয়েক ঋদ্ধিমাও বি টেক হ'ল। তাইৰ পিছে পিছে বি ই পাছ কৰি ওলাই আহিব বৰ্ণালীৰ একমাত্ৰ কন্যা নীলনয়না। তাই আকৌ স্প'ৰ্টছ উৱোমেনো। ভাগিন অৰূপৰ জীয়ৰী এডিটা ৰাজনীতি বিজ্ঞানত এম এ। জ্যেষ্ঠ ভাগিন আলোকৰ জ্যেষ্ঠপুত্ৰ নীলবৰুণ বাংগালুৰুত বি কমৰ ছাত্ৰ। বাকী ভাগিন-ভাগিনীহঁতৰ ফালৰ আৰু মোৰ নাতি-নাতিনী ঐশিক, অম্বৰ, অংশুমান, এলেন, আদিত্য, মনীষ, মেঘনা, ঋষভ, অনুভৱ, ইন্দ্ৰনীল আৰু অনিৰুদ্ধ মাধ্যমিক-উচ্চ মাধ্যমিক স্কুলৰ বিভিন্ন শ্ৰেণীত পাঠৰত। এওঁলোকৰ দুজনমানে মোৰ এই লেখাটো প্ৰকাশ পায় মানে হয়তো কলেজ পাবগৈ।

 গৃহস্থৰ ফালৰ তৃতীয় প্ৰজন্মৰ পাছত এতিয়া চতুৰ্থ প্ৰজন্মৰো আগমন ঘটিছে। আনকি শেহতীয়া প্ৰজন্মৰ ৰুহিৰ সম্প্ৰতি বিয়া হ’ল। কোনে জানে হয়তো জীয়াই থাকিলে পঞ্চম প্ৰজন্মৰ দৰ্শন লাভৰ পৰা বঞ্চিত নহ'ম। আমাৰ উলুবাৰীৰ গুহ কমপ্লেক্সত আমি বৰ্তমানে চাৰিটা প্ৰজন্মই বাস কৰি আছো। প্ৰত্যেকে নিজ নিজ ঘৰত থাকিলেও সুখ-দুখত পৰস্পৰে পৰস্পৰক চোৱা-চিতা কৰে। এই পৰিস্থিতিয়ে আমাক মানসিক নিৰাপত্তা প্ৰদান কৰিছে। এই চৌহদত বাস কৰিছিল শাহু আইৰ আইতাক আৰু দেউতাকো। তেওঁলোৰ কোনো পুত্ৰ সন্তান নথকা বাবে শেষ জীৱন উলুবাৰীতে কটাইছিল।