বাকীছোৱা জীৱন/পুত্ৰ জয়ৰ স্কুল শিক্ষান্ত পৰীক্ষা

[ ৫২ ]

পুত্ৰ জয়ৰ স্কুল শিক্ষান্ত পৰীক্ষা

 ইতিমধ্যে কোৱা কথাষাৰ আকৌ এবাৰ কওঁ। আমাৰ পুত্ৰৰ বাহিৰা কিতাপ পঢ়াত যিমান মনোযোগ আছিল তাৰ এক শতাংশও নাছিল পাঠ্য কিতাপত। দশম শ্ৰেণীত উঠাৰ পাছতো তাৰ কাণসাৰ নাই। যিমানে বাহিৰা জ্ঞান নাথাকক স্কুল শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰ নাপালে ভাল কলেজ বা উচ্চতৰ মাধ্যমিক স্কুলত ভৰ্তি হ’ব নোৱাৰিব বুলি কৈ কৈ ভাগৰি পৰো, সি নুশুনে। বিশেষকৈ তাৰ হেনো ভূগোল সমূলি ভাল নালাগে। গতিকে নপঢ়ে। ইমান অপৰিপক্ক ল’ৰা যে পৃথিৱীত থাকিব পাৰে ভাবিবই নোৱাৰো। এতিয়া উপায় কি? পশ্চিমবংগৰ ভূগোল ময়ো নাজানিছিলো, অথচ পাঠ্যক্ৰমত সেয়াও আছে। সি যেতিয়া নপঢ়ে ময়ে সেইবোৰ কিতাপ পঢ়ি, টেষ্টপেপাৰ চাই চাই প্ৰশ্নোত্তৰ তৈয়াৰ কৰিলো। গধূলি ভাত খাবৰ সময়ত বা গধূলি গল্প কোৱাৰ ছলেৰে তাক ভূগোল পঢ়াওঁ, যেনিবা সি পাঁচ বছৰীয়া ল’ৰাহে। গণিতৰ বাবে এজন ঘৰুৱা শিক্ষক ৰাখিছিলো। ওচৰ-চুবুৰীয়া বহু ছাত্ৰ-ছাত্ৰীক তেওঁ পঢ়ায়। শিক্ষক হিচাপে সুপ্ৰতিষ্ঠিত ভদ্ৰলোকজনক সকলোৱে কে জি বাবু বুলি কয়, আচল নামটো কোনেও নাজানে।

 ফাইনেল পৰীক্ষালৈ এমাহমানো নাই, এনেতে এদিন আমাৰ ঘৰত উপস্থিত হ’ল জয়ৰ সহপাঠী বন্ধু পৃথ্বিৰাজ। তাৰ হেনো ইংৰাজী পাঠ্যপুথিখন উঁয়ে খালে, গতিকে এসপ্তাহমানৰ বাবে জয়ৰ কিতাপখন ধাৰলৈ লাগে। তাৰ কথা শুনি মই বাকৰুদ্ধ। পাঠ্য কিতাপত উঁই সোমাল কেনেকৈ? তাৰ মানে সি কিতাপখন চুই পোৱা নাই। পৃথ্বিৰাজ ৰবীন্দ্ৰনাথ ঠাকুৰৰ মাজু ককায়েক ভাৰতৰ প্ৰথম আই চি এছ বিষয়া সত্যেন্দ্ৰ নাথ ঠাকুৰৰ পৰিনাতি বিখ্যাত নৃতত্ববিদ গৌৰাংগ চট্টোপাধ্যায়ৰ পুত্ৰ। গৌৰাংগৰ দেউতাক ক্ষীতিশ চন্দ্ৰ চট্টোপাধ্যায় পদাৰ্থবিদ্যাত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’লেও তেওঁ এগৰাকী নামী নৃতত্ববিদ বুলিহে জনাজাত। ৰাজা ৰামমোহন ৰায় আৰু ঈশ্বৰচন্দ্ৰ [ ৫৩ ] বিদ্যাসাগৰৰ লগতো পৰিয়ালটোৰ ওচৰ সম্পৰ্ক। অতীতৰে পৰা পৰিয়ালটোৰ প্ৰতিটো প্ৰজন্মতে আবিৰ্ভাৱ ঘটিছে বিখ্যাত মনীষিসকলৰ। সেই পৰিয়ালৰ সন্তান পৃথ্বিৰাজৰ কিতাপত উঁই! মনে মনে ভাবিলো বোধকৰো পৰিয়ালটোৰ গৌৰৱ ৰবি অস্তমিত হ’বৰ হ’ল। পাছৰ কথা আগতে কৈ থওঁ পৃথ্বিৰাজে বৰ্তমান অষ্ট্ৰেলিয়াৰ কোনোবা এখন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি আছে।

 যি কি নহওক আটাইকেইটা অমনোযোগী ল’ৰা কিন্তু একাধিক বিষয়ত লেটাৰ পাই শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ল। জয়ৰ ৰিজাল্ট পাই নৱনীতা দেৱসেন উৎফুল্লিত। পাঠ্য কিতাপত মন নবহা ছাত্ৰয়ো তেনেহ'লে ভালকৈ উত্তীৰ্ণ হোৱা সম্ভৱ। পিছৰ বছৰ তেওঁৰ ডাঙৰজনী জীয়েকে স্কুল শিক্ষান্ত পৰীক্ষা দিব, তাইৰো নাই পাঠ্য কিতাপত মন। গতিকে কি যাদুৰ বলত জয় সসন্মানে উত্তীৰ্ণ হ’ল শুনি কে জি বাবুক তেওঁলোকৰ ঘৰলৈ লৈ যাবলৈ অনুৰোধ কৰিলে মোক। লগতে মই তৈয়াৰ কৰা ভূগোলৰ প্ৰশ্নোত্তৰখনো নিবলৈ ক’লে। তেওঁৰ ছোৱালী জয়তকৈ একোব চৰা। মাজে মাজে কিতাপৰ বেগটো হেনো হেৰায়। যি কি নহওক, কে জি বাবু ছোৱালীজনীক পঢ়ুৱাই বৰ সন্তুষ্ট, কাৰণ তাই বৰ চোকা। চোকা নহবনো কিয়? অমৰ্ত্যসেন আৰু নৱনীতা দেৱসেনৰ দৰে প্ৰতিভাৱান দেউতাক-মাকৰ সন্তান। তদুপৰি অমৰ্ত্যৰ দেউতাক ককাদেউতাক, নৱনীতাৰ মাক-দেউতাক প্ৰত্যেকে বংগৰ আগশাৰীৰ বুদ্ধিজীৱী।

 নৱনীতাক জনাসকল তেওঁৰ ৰসবোধৰ সৈতে পৰিচিত। প্ৰথম সাক্ষাতৰ দিনা তেওঁ কে জি বাবুৰ সম্পূৰ্ণ নামটো কি জানিব বিচাৰিছিল। কৃষ্ণ গোপাল (উপাধিটো মনত পেলাব পৰা নাই) শুনি নৱনীতাই কৈছিল— ‘ময়ো তাকেই ভাবিছো, কিলোগ্ৰামতো আৰু হ’ব নোৱাৰে।’ এই প্ৰসংগতঃ তেওঁৰ আন এষাৰ কথালৈ মনত পৰিছে। বিদেশত কোনোবা এজনে নৱনীতাক সুধিছিল তেওঁ ৰবীন্দ্ৰনাথক চিনি পাইছিল নেকি? নৱনীতাৰ উত্তৰ জিভাৰ আগত ৰেডী হৈ থাকে। কৈছিল— তেওঁক মই চিনি নাপাইছিলো, পিছে মোক তেওঁ জানিছিল। প্ৰশ্নকৰ্তা বিস্মিত। নৱনীতাই ৰবীন্দ্ৰনাথক নাজানে, কিন্তু ৰবীন্দ্ৰনাথে তেওঁক চিনি পায়! গছত গৰু উঠা কথা নহয়নে? পাছত নৱনীতাৰ ব্যাখ্যা শুনি সকলোৰে মাজত হাঁহিৰ ৰোল উঠিল।

 ব্ৰাউনিং দম্পতী নামেৰে খ্যাত নৱনীতাৰ বিখ্যাত কবি দেউতাক-মাক নৰেন্দ্ৰ দেৱ (১৮৮৮-১৯৭১) আৰু ৰাধাৰাণী দেৱীৰ (১৯০৩-১৯৮৯) লগত চিনাকি আছিল ৰবীন্দ্ৰনাথৰ। শিশু অৱস্থাত নৱনীতা কবিগুৰুৰ কোলাত বহিছিল, কিন্তু শিশুই নাজানিছিল কাৰ কোলাত বহিছে। তাৰ পাছত তেওঁৰ লগত চিনাকি হ’বলৈ নৱনীতাই [ ৫৪ ]

‌‌■ পুত্ৰ জয়

[ ৫৫ ] সময় নাপালে। ১৯৪১ চনৰ ৭ আগষ্ট তাৰিখে ৰবীন্দ্ৰনাথ প্ৰয়াত হয়। তেওঁৰ মৃত্যুৰ বাতৰি পোৱা দিনটোৰ কথা আজিও মোৰ স্মৃতিত স্পষ্ট হৈ আছে। তেতিয়াও আজিৰ বাংলাদেশ ভাৰতৰে অংশ হৈ আছিল বাবে কলকাতাৰ পৰা পোনে পোনে ৰে'লগাড়ী অসমলৈ আহিছিল। গতিকে কলকাতাৰ পৰা প্ৰকাশিত বাতৰি কাকত কোকৰাঝাৰ আহি পাইছিল সহজতে। বোধকৰো হিন্দুস্তান ষ্টেণ্ডাৰ্ড নামৰ ইংৰাজী কাকত আৰু আনন্দবাজাৰ পত্ৰিকা নাইবা যুগান্তৰ নামৰ বাংলা কাকত দেউতাই ৰাখিছিল। ‘বাঁহী’ আৰু ‘আৱাহন’ ক’ৰ পৰা কেনেকৈনো আহিছিল নাজানো। যি কি নহওক মনত আছে দেউতাই কাকত এখন হাতত লৈ ভিতৰলৈ আহি মাক কৈছিল— ‘এটা বৰ বেয়া খবৰ, ৰবি ঠাকুৰ আৰু নাই।’ মোৰ তেতিয়া বয়স ন মান। মা-দেউতা দুয়োৰে কৰুণ-বিষণ্ণ মুখ দুখনে কেনেবাকৈ মোৰ মনত মচিব নোৱৰা চাব পেলাই থৈ গ’ল। সেইখন কাকততে বোধকৰো মৃত্যুৰ দহ দিনমান আগতে ২৯ আৰু ৩০ জুলাই তাৰিখে নিজৰ জোড়াসাঁকোৰ ঘৰত লিখা তেওঁৰ শেষ কবিতা দুটা প্ৰকাশিত হৈছিল। তাৰে ২৯ তাৰিখে ৰচনা কৰা কবিতাটো দেউতাই মাজে মাজে পঢ়ি থকা বাবে মোৰ মনত থাকি গ'ল।


দুঃখেৰ আঁধাৰ ৰাত্ৰি

দুঃখেৰ আঁধাৰ ৰাত্ৰি বাৰে বাৰে
এসেছে আমাৰ দ্বাৰে;
একমাত্ৰ অস্ত্ৰ তাৰ দেখেছিনু –
কষ্টেৰ বিকৃত ভাণ, ত্ৰাসেৰ বিকট ভংগী যত—
অন্ধকাৰে ছলনাৰ ভূমিকা তাহাৰ॥

যতবাৰ ভয়েৰ মুখোষ তাৰ কৰেছি বিশ্বাস
ততবাৰ হয়েছে অনৰ্থ পৰাজয়।
এই হাৰজিত খেলা, জীবনেৰ মিথ্যা এ কুহক,
শিশুকাল হতে বিজড়িত পদে পদে এই বিভীষিকা—
দুঃখেৰ পৰিহাসে ভৰা।
ভয়েৰ বিচিত্ৰ চলচ্ছবি—
মৃত্যুৰ নিপুণ শিল্প বিকীৰ্ণ আঁধাৰে॥

[ ৫৬ ]

 কে জি বাবুৰ প্ৰসংগ উলিয়াই প্ৰসংগান্তৰলৈ গ'লো। নৱনীতাৰ জীয়েকেও সুখ্যাতিৰে শিক্ষান্ত পৰীক্ষাৰ ডেওনা পাৰ হোৱাৰ পাছত কে জি বাবুৰ খ্যাতি কেউপিনে বিয়পি পৰিল। তেওঁৰ চাহিদাও বাঢ়িল, উপাৰ্জনো কেইবাগুণ হ’বলৈ ধৰিলে। মই প্ৰস্তুত কৰা ভূগোলৰ নোটবহীখন ইহাত-সিহাত বাগৰি কলৈ যে গ’ল গম নাপালো। উল্লেখযোগ্য যে জয়ে ভূগোলত পোৱা লেটাৰটো মোৰ নামত উচৰ্গা কৰিছিল।

 উচ্চতৰ মাধ্যমিক স্কুলৰ একাদশ শ্ৰেণীত নাম লগোৱাৰ পাছৰে পৰা জয়ৰ স্বভাৱ পূৰঠ হ’বলৈ ধৰিছিল, বোধকৰো তাৰ বন্ধু হীৰকৰ ককায়েকক আই আই টিত ভৰ্তি হ’বলৈ নিৰ্বাচিত হোৱা দেখি। তাৰ আগলৈকে সি মোক বিহু দেখুৱাইছিল।

 ১৯৮০ চনত তাৰ উচ্চ মাধ্যমিক পৰীক্ষালৈ এমাহমান থাকোঁতে অপাৰেশ্যন কৰিবলগীয়া বেমাৰ এটা হ’ল মোৰ। ডাক্তৰে অৱশ্যে ক'লে পৰীক্ষাৰ পাছত কৰিলেও হ’ব। এনে সময়তে গুৱাহাটীত প্ৰায় ৯৬ বছৰ বয়সত শাহু আই ঢুকাল। শ্ৰাদ্ধ আদি পাৰলৌকিক কাৰ্যসমূহত অবিশ্বাসী হলেও মাকৰ মৃত্যুৰ বাতৰি শুনি গৃহস্থ গুৱাহাটীলৈ ওলাল। শাহু আইৰ বাকী পাঁচটা পুত্ৰই গুৱাহাটীৰ ঘৰত একেলগ হৈ অতি নিষ্ঠাৰে পিতৃ-মাতৃৰ মৃত্যুত পালিবলগীয়া সকলো নিয়ম-নীতি পালন কৰি আছিল। আমাৰ এওঁ মানিবলগা নিয়মৰ মাজত নিৰামিষ আহাৰ খাইছিল। মোৰ ধাৰণা সমাজৰ আগত নাস্তিক ভায়েকজনৰ উপস্থিতি ককায়েকহঁতেও অন্তৰেৰে মানি ল'বলৈ টান পাইছিল। তেওঁলোকে ঠিকেই চিন্তা কৰিছে। ভাবি চাওকচোন শ্ৰাদ্ধৰ দিনা নিমন্ত্ৰিত অতিথিসকলে যেতিয়া দেখিব পাঁচগৰাকী পুতেকে মূৰ খুৰাই শ্ৰাদ্ধ কাৰ্যত বহিছে তেতিয়া আনজন পুতেকে চুলি ফণিয়াই চাৰ্ট-পেণ্ট পিন্ধি ঘূৰা-পকা কৰি আছে। ককায়েকহঁতে জনালে যে অসুস্থ মোক অকলশৰীয়াকৈ এৰি থৈ তেওঁ যাব নালাগে। পাছত মোৰ ধাৰণা হৈছে যাবলৈ বাধা দিয়াৰ আঁৰত বোধকৰো আন এটা কাৰণো আছিল। ১৯৭৯ চনত অসমত আৰম্ভ হোৱা বিদেশী বহিষ্কৰণ আন্দোলনৰ বিৰোধী আছিল গৃহস্থ। মুষ্টিমেয় বিৰোধীসকলৰ জীৱনৰ প্ৰতি নানাধৰণৰ ভাবুকি অহা বুলি গম পায়ো হয়তো ককায়েকহঁতে তেওঁ নহাটো বিচাৰিছিল। অৱশ্যে এইটো মোৰ ধাৰণাহে।

 জয়ৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰম্ভ হোৱাৰ দুদিন পাছত জনা গ'ল প্ৰশ্নকাকত আউট হৈছে, গতিকে পৰীক্ষা স্থগিত ৰখা হ’ল। ১৯১৭ চনত আমাৰ দেউতাই মেট্ৰিক পৰীক্ষা দিবৰ সময়ত প্ৰশ্নকাকত দুবাৰো আউট হৈছিল। বেচেৰা জয়ৰে সৈতে আমাৰ কৰুণ অৱস্থা। বিভিন্ন ঠাইৰ ইঞ্জিনিয়াৰিং কলেজত ভৰ্তি হ’বলৈ জয়েণ্ট [ ৫৭ ] এণ্ট্ৰেন্স পৰীক্ষাবোৰ আৰম্ভ হৈছে। ধানবাদৰ মাইনিং কলেজত সাক্ষাৎকাৰলৈ মাতিছে। ইফালে পুনৰ উচ্চতৰ মাধ্যমিকৰ ৰুটিন দিছে। মোৰ অপাৰেশ্যনৰ তাৰিখো পিছুৱাবলগীয়া হ’লো। ঘৰত এক অনিশ্চয়তাৰ পৰিবেশ। হাঁহিবলৈ পাহৰি গৈছিলো।

 জয়ৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ হোৱাৰ পাছত সকলো টেনশ্যনৰ অৱসান ঘটিল যিদিনা খবৰ পালো জয় ইণ্ডিয়ান ইনষ্টিটিউট অব্ টেকনলজিত (আই আই টি) ভৰ্তি হ’বলৈ দিয়া বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈছে।

 এইখিনিতে এটা কথা মনত পৰিল। ‘আজকাল’ নামৰ বাংলা দৈনিকখনত এজনে লিখিছিল যে বৰ্তমান যুগত মাক-দেউতাকসকলে ল’ৰা-ছোৱালী ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱাটো বিচাৰে, কাৰণ সেইবোৰ চাকৰিত পইচা আছে। কোনেও নিবিচাৰে যে সিহঁত কবি হওক, সাহিত্যিক হওক বা সমাজকৰ্মী হওক। লগে লগে মই উত্তৰ এটা দিছিলো যে ইঞ্জিনিয়াৰ বা ডাক্তৰৰ মাক হোৱাতকৈ ৰবীন্দ্ৰনাথৰ মাক হোৱা হ'লে জীৱন বেছি সাৰ্থক যেন লাগিলহেঁতেন। কিন্তু আমাৰ দৰে মাটি-বাৰীহীন মানুহৰ বাবে পেট প্ৰৱৰ্তাবলৈ এটা উপাৰ্জনৰ প্ৰয়োজন। সোতৰ ওঠৰ বছৰ বয়সত উচ্চতৰ মাধ্যমিক পাছ কৰাৰ পাছতে টেক্ নিকেল লাইনত সোমাব পাৰিলে কিবা এটা কৰি খাব পাৰিব বুলি অভিভাৱক নিশ্চিত হ’ব পাৰে। অন্ততঃ মোৰ ক্ষেত্ৰত সেইদৰেই ভাবিছিলো। ‘আজকালে’ মোৰ লেখাটোৰ ‘মা ও ছেলে’ শিৰোনাম দি চকুত পৰাকৈ ছপাইছিল। কাষত দিছিল মা মেৰীৰ কোলাত শিশু যীশুৰ এখন ছবি।

 দেউতাকে জয়ক খড়গপুৰ আই আই টিত ভৰ্তি কৰাবলৈ লৈ যোৱাৰ দিনা মোৰ মনৰ অৱস্থা কেনে হৈছিল তাক উপলব্ধি কৰিব পাৰিব যিসকল মাকৰ এনে অভিজ্ঞতা হৈছে, বিশেষকৈ যাৰ একেটি সন্তান। আজিও সেই দিনটোলৈ মনত পৰিলে বুকুত বেদনা অনুভৱ কৰো। ছোৱালী বিয়া দিলেও মাকৰ একেই অনুভূতি হয়। সিদিনা উদং ঘৰখনত থাকিব নোৱাৰি উদ্দেশ্যবিহীনভাৱে ঘৰৰ পৰা ওলাই গৈছিলো। আমাৰ ঘৰৰ পৰা দুমাইলমান আঁতৰত জয়ৰ বন্ধু হীৰকে মোক অকলশৰে বাটে-বাটে ঘূৰি ফুৰা দেখি সিহঁতৰ ঘৰলৈ লৈ গৈছিল।

 খড়গপুৰ কলকাতাৰ ওচৰতে হোৱা হেতুকে প্ৰথমৰ ফালে সি প্ৰতি শনিবাৰে আহিছিল। পঢ়াৰ চাপ বঢ়াৰ লগে লগে অহা-যোৱা ক্ৰমে কমি গৈছিল তাৰ। এদিন প্ৰভাতীদিয়ে কৈছিল যে ল'ৰা-ছোৱালীবোৰ কেইবছৰমানৰ আলহী। ঠিকেই কৈছিল, সোতৰ-ওঠৰ বছৰ বয়সত জয় ওলাই যি গ'ল গ'লেই। আই আই টিৰ পৰা ওলাই আৰু দূৰলৈ গ'ল। সেইবোৰ কথালৈ পাছত আহো। [ ৫৮ ]

 উল্লিখিত প্ৰভাতীদি এগৰাকী বিদূষী মহিলা, ৰসৰো ভঁৰাল তেওঁ। ইণ্ডিয়ান কাউন্সিল ফৰ ছ'চিয়েল চায়েন্স ৰিছাৰ্চ (ICSSR)ৰ ফেল’শ্বিপ এটা লৈ ইতিহাসৰ বিষয় এটাত তেওঁ গৱেষণা কৰিছিল। তেওঁৰে মোৰে একে অৱস্থা। পঢ়া-শুনা দুয়ো যথেষ্ট কৰিলো, কিন্তু স্থায়ী কোনো চাকৰি কৰা নহ'ল। গৃহস্থৰ পিছে পিছে ঘূৰি ঘূৰি জীৱন কটালো। আমাৰ অৱস্থা কাণ্ডাৰীহীন নাৱৰ দৰে। যেতিয়া যি ঘাটত নাওখন লাগিছে তাতেই কিবা বুটলিবলৈ চেষ্টা কৰিছো। অৱশ্যে তাৰ বাবে কোনো খেদ নাই। যি পাইছো সেয়ে বহুত। প্ৰভাতীদিৰ স্বামী অধ্যাপক ৰামকৃষ্ণ মুখাৰ্জী এগৰাকী খ্যাতনামা সমাজতত্ত্ববিদ। প্ৰতি বছৰে আমেৰিকাৰ কোনোবা এখন বিশ্ববিদ্যালয়ত তেওঁ অধ্যাপনা কৰিবলৈ গৈছিল। তেওঁলোকৰ সংস্পৰ্শলৈ আহি মই নানাভাৱে উপকৃত হৈছো।

 অকল প্ৰভাতীদিয়ে নহয় আন এগৰাকী কাণ্ডাৰীহীন নাৱৰ যাত্ৰী আছিল জয়া চৌধুৰী। মোতকৈ জয়া দহ বছৰমানৰ সৰু হ'লেও আমাৰ মাজত গভীৰ বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিছিল। পোষ্ট ডক্টৰেট ফেল' হিচাপে মই মাহিলী দৰমহা পাইছিলো ছশ টকা আৰু ছিনিয়ৰ ফেল’ হিচাপে জয়াই পাইছিল পাঁচশ। তেতিয়াৰ দিনত সেই টকাৰ মূল্য যথেষ্ট আছিল। ছানাৰ মিঠাই আমাৰ দুয়োৰে আছিল বৰ প্ৰিয়। দৰমহাৰ টকাকেইটা পালে পোনে পোনে দক্ষিণ কলকাতাৰ গোলপাৰ্কত থকা প্ৰসিদ্ধ মিঠাই বিক্ৰেতা গাংগুৰামৰ দোকানত সোমাইছিলো। কেতিয়াবা গৈছিলো কলেজ ষ্ট্ৰীটত পুঁটিৰামৰ দোকানত বুটৰ দাইল আৰু পুৰি খাবলৈ।

 মিঠাইৰ প্ৰসংগত মনত পৰিছে আৰু দুটা কথালৈ। কটন কলেজত পঢ়াৰ সময়ত বৃত্তিৰ টকাকেইটা পালে পোনে পোনে গৈছিলো পাণবজাৰৰ শ্বেখ ব্ৰাদাৰ্ছৰ দোকানৰ পৰা কেডবেৰী চকলেট কিনিবলৈ। তেতিয়াৰ দিনত আঠ অনাত (আজিৰ পঞ্চাশ পইচা) এটা মজলীয়া আকাৰৰ চকলেট পাইছিলো। দ্বিতীয় স্মৰণীয় কথাষাৰ বহুবছৰ পাছৰ। কলকাতাবাসী হৈ থাকোতে প্ৰায়ে গুৱাহাটী আৰু কোকৰাঝাৰলৈ আহিছিলো। এবাৰ মোৰ জা কৰৱী আৰু মই ৰিক্সা এখন লৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে দিনটো ঘূৰা ঘুৰি কৰি ঘৰলৈ ওভোতাৰ পথত পাণবজাৰৰ গুৱাহাটী ডায়েৰীত সোমালো মিঠাই খাবলৈ আৰু ঘৰৰ বাবে কিনিবলৈ। ভোকো লাগিছিল, দুয়ো মনৰ আনন্দত অলপ বেছিকৈয়ে খালো নেকি, কিয়নো ৰাতি আৰু সিদিনা আমি ভাত নাখালো। আজি সেইবোৰ দিনৰ কথা মনত পৰিলে ভাবো কেনেকৈনো সেইবোৰ হজম কৰিছিলো। খোৱাৰ গল্প বহুতো কোৱা হ'ল। এইবাৰ কামৰ কথালৈ আহো।