বাকীছোৱা জীৱন/পুত্ৰহন্তা মাতৃ
পুত্ৰহন্তা মাতৃ
চকুৰে মনিব নোৱৰা একোটা জিনৰ কি সাংঘাতিক শক্তি, যেন নিউক্লিয়াৰ বোমাহে। হেমফিলিয়া ৰোগ সৃষ্টিকাৰী এনে এটা জিনে এসময়ত ইউৰোপৰ ৰাজপৰিয়ালবোৰত তাণ্ডৱৰ সৃষ্টি কৰিছিল। হেমফিলিয়া ৰোগীৰ ৰক্তক্ষৰণ বন্ধ নহয়। ফলত কিবা কাৰণে ৰক্তপাত হ’লে মানুহজনক বচোৱা টান হৈ পৰে। বৰ্তমান যুগৰ উন্নত চিকিৎসা ব্যৱস্থাই ইয়াৰ কিবা প্ৰতিকাৰ কৰিছে নে নাই নাজানো। এই ৰোগটোৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল তিৰোতা জাতিটো এই ৰোগৰ দ্বাৰা আক্ৰান্ত নহয়, কিন্তু জিনটোৰ বাহক তেওঁলোক হ’ব পাৰে। সুপ্ত অৱস্থাত ই তেওঁলোকৰ দেহকোষত থাকি যায়। এনে মহিলা এগৰাকীৰ সেই জিনটো পুত্ৰ-সন্তানৰ দেহলৈ প্ৰৱাহিত হ’লে আৰু ৰক্ষা নাই। সি হেমফিলিয়াৰ বলি হ’বই। জিনৰ আদান-প্ৰদান এটা নিৰ্দিষ্ট প্ৰাকৃতিক নিয়মমতে ঘটে যদিও সেই জটিল প্ৰণালীটোৰ বিষয়ে লিখাৰ পৰা বিৰত থাকিলো। মহিলাগৰাকীৰ [ ৫০ ] জিনটো জীয়েকৰ দেহকোষলৈ গ'লে তাই সুস্থ হৈ থাকি তাইৰ পুত্ৰৰ দেহলৈ বিয়পাব পাৰে। এইক্ষেত্ৰত নজনাকৈ মাতৃগৰাকী হয়গৈ পুত্ৰহন্তা।
এনে এগৰাকী ‘পুত্ৰহন্তা’ মাতৃ আছিল ইংলেণ্ডৰ ৰাণী ভিক্টোৰিয়া (১৮১৯-১৯০১), যাৰ দেহকোষে কঢ়িয়াই ফুৰিছিল বোমাৰূপী জিনটো।তেওঁৰ দেহকোষত স্বতঃস্ফূৰ্তভাৱে জিনটোৰ সৃষ্টি হোৱা বুলি বিজ্ঞানীসকলৰ বিশ্বাস। এইদৰে হঠাতে এটা জিনৰ আবিৰ্ভাৱক বিজ্ঞানৰ ভাষাত কোৱা হয় mutation | ৰজা-মহাৰজাসকলে এটা নিৰ্দিষ্ট সীমাৰেখাৰ ভিতৰত বৈবাহিক কাৰ্য সম্পন্ন নকৰে। ছোৱালী বিয়া দিয়ে দূৰণিবটীয়া হ’লেও আন ৰাজবংশলৈ আৰু বোৱাৰীও আনে ৰজাঘৰৰ পৰা। ৰাণী ভিক্টোৰিয়াৰ পাঁচগৰাকী জীয়েকক বিয়া দিছিল ইউৰোপৰ বিভিন্ন ৰাজপৰিয়াললৈ। বৈবাহিক সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত ৰাজ পৰিয়ালবোৰৰ নীতি-নিয়ম এটাই, তেহেলৈ সেই ৰজা ইংলেণ্ডৰে হওক বা ভাৰতৰে হওক। দুয়োটা পৰিয়ালৰ ধমনীৰে বৈ যাব লাগিব নীলা তেজ। ভাৰতৰ ক্ষেত্ৰতে চাওক। কোচবিহাৰৰ ৰূপৱতী ৰাজকুঁৱৰী গায়ত্ৰী দেৱীক বংগৰে কোনোবা অভিজাত পৰিয়াললৈ বিয়া নিদি দিলে ল’ৰা- ছোৱালীৰ দেউতাক বিপত্নীক জয়পুৰৰ ৰজালৈ। চিদলীৰ ৰজা অজিত নাৰায়ণে বিয়া কৰালে মাদ্ৰাজৰ এগৰাকী ৰাজকুঁৱৰী মঞ্জুলা দেৱীক। এটা কথা উলিয়ালে তাৰ পৰা ওলায় পোখা। ৰাজকুঁৱৰীসকলৰ কথা ক’বলৈ যাওঁতে মনত পৰিল জয়েশলাল নামৰ পুনে ফিল্ম ইনষ্টিটিউটত অধ্যয়নৰত ছাত্ৰ এজনলৈ। পুনেৰ একেটা অঞ্চলত তেতিয়া আমিও বাস কৰিছিলো বাবে আৰু অসমীয়া ছাত্ৰ-ছাত্ৰীৰে আহ-যাহ থকা বাবেই হ’বলা অনা-অসমীয়া অনেক ছাত্ৰৰ লগত আমাৰ চিনাকি আছিল। জয়েশো আহিছিল মাজে-সময়ে আমাৰ ঘৰলৈ। তেওঁ বিহাৰৰ কোনোবা এটা ৰাজপৰিয়ালৰ ল’ৰা। মই অসমীয়া বুলি গম পাই ক’লে তেওঁৰ মাকো গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ৰাজপৰিয়ালৰ জীয়ৰী। জয়েশৰ মধ্যস্থতাত আমাৰ মাজত চিঠিৰ মাধ্যমেৰে এটা সম্পৰ্ক গঢ়ি উঠিছিল। মাকে এবাৰ লিখিলে পুতেকৰ বাবে ছোৱালী এজনী চাবলৈ, পিছে তাই হ’ব লাগিব ৰাজপৰিয়ালৰ! মোৰ বন্ধুত্ব সেইখিনিতে ছিগিল।
ভিক্টোৰিয়াৰ কথালৈ উভতি যাওঁ। তেওঁৰ পাঁচজনী জীয়েকৰ দুজনীয়ে মাকৰ পৰা এই সৰ্বনশীয়া জিনটো উত্তৰাধিকাৰী সূত্ৰে পাইছিল আৰু চাৰিটা ল’ৰাৰ দুজনৰ সৰুতে মৃত্যু হৈছিল। আন এজন হিম’ফিলিয়াৰ বলি হৈছিল যদিও তাৰ আগতে তেওঁ বিয়া-বাৰু কৰাই বংশত এই জিনটো থৈ গৈছে। ভিক্টোৰিয়াৰ জ্যেষ্ঠ পুত্ৰ আছিল সপ্তম এডোৱাৰ্ড। তেওঁ এই ৰোগৰ পৰা মুক্ত আছিল বাবে তেওঁৰ উত্তৰ পুৰুষৰ কোনেও [ ৫১ ] হাৰাশাস্তি ভোগ কৰিবলগীয়া হোৱা নাই। বৰ্তমান ইংলেণ্ডশ্বৰী এলিজাবেথ ভিক্টোৰিয়াৰ পৰিনাতি ষষ্ঠ জৰ্জৰ জীয়াৰী। আনহাতে ইউৰোপৰ বিভিন্ন ৰাজবংশলৈ বিয়া দিয়া ভিক্টোৰিয়াৰ জীয়াৰী আৰু নাতিনীসকলে একো একোটা পৰিয়ালক ধ্বংসৰ মুখলৈ ঠেলি দিছে। কৰুণ পৰিণতি হৈছিল ৰাছিয়াৰ শেষ জাৰ (Tsar) দ্বিতীয় নিকোলাচৰ পৰিয়ালত। দ্বিতীয় নিকোলাচৰ পত্নী জাৰিণা এলিক্স আছিল ভিক্টোৰিয়াৰ জীয়েকৰ ফালৰ নাতিনী। আইতাকৰ বিধ্বংসী জিনটো এলিক্সে মাক এলিচৰ মাধ্যমেৰে পাইছিল। কন্যা সন্তান হোৱা হেতুকে তেওঁলোক বেমাৰটোৰ দ্বাৰা আক্ৰান্ত হোৱা নাছিল। যি কি নহক এলিক্স আৰু নিকোলাচৰ একমাত্ৰ পুত্ৰ ৰাছিয়াৰ ৰাজবংশৰ উত্তৰাধিকাৰী এলেক্ছিছ হৈছিল হিম’ফিলিয়াত আক্ৰান্ত। ল’ৰাটোক সুস্থ কৰি তুলিবলৈ স্বাভাৱিকতেই মহাপ্ৰতাপী নিকোলাছে সকলো ধৰণৰ চিকিৎসা কৰোৱাইছিল। মানুহৰ মন যেতিয়া দুৰ্বল হয় তেতিয়া অলৌকিক শক্তিৰ ওপৰতো মানুহৰ বিশ্বাস ওপজে। এনে এজন অলৌকিক শক্তিৰ অধিকাৰী বুলি খ্যাত ৰাছপুটিন নামৰ ঈশ্বৰ পুৰুষৰ সংস্পৰ্শলৈ আহে জাৰ দম্পতী। ল’ৰাটো তেওঁৰ প্ৰভাৱত সামান্য ভালপোৱা যেন ধাৰণা হোৱাত ৰাছপুটিনৰ গুৰুত্ব ইমানে বাঢ়িবলৈ ধৰে যে তেওঁ দেশৰ শাসনকাৰ্যতো প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে। সেই সময়ত ৰাছিয়াৰ বিপ্লৱৰ সূত্ৰপাত হৈছিল। অনেকৰ ধাৰণা ৰাজপুটিনৰ উত্তৰোত্তৰ প্ৰভাৱে জনসাধাৰণক অধিক উত্তেজিত কৰে। ফলত বিপ্লৱ ত্বৰান্বিত হয় আৰু ১৯১৭ চনত জাৰতন্ত্ৰক ওফোৰাই লেনিনৰ (১৮৭০-১৯২৪) নেতৃত্বত ৰাছিয়াত বলশ্বেভিক শাসন প্ৰতিষ্ঠিত হয়।
জিন-ক্ৰমজ’ম-ডি এন এ আদিৰ মাজলৈ সোমাই বিজ্ঞানীসকলে সৃষ্টিৰ বহু ৰহস্য উদ্ঘাটন ইতিমধ্যে কৰিছে। মাজে-সময়ে ভাবো তেনেবোৰ কামৰ লগত যদি জড়িত হৈ থাকিব পাৰিলোহেঁতেন! পিছে যি পৰা নাই তাৰ বাবে হা-হুতাশ কৰি থকা মোৰ স্বভাৱ নহয়। যি সম্ভৱ তাকে নিষ্ঠাৰে কৰিব পাৰিলেও আত্মসন্তুষ্টি লাভ কৰিব পাৰি। ময়ো তাকেই কৰিবলৈ চেষ্টা কৰি থাকিলো।
যি কি নহওক শেষ জাৰ নিকোলাছ বিপ্লৱীসকলৰ দ্বাৰা সপৰিয়ালে নিহত নহ’লেও, এলেক্ছিছৰ কিন্তু অকাল মৃত্যু আছিল অৱধাৰিত। বিপ্লৱীৰ বন্দুকৰ নলীৰে নিৰ্গত গুলীতকৈ হেজাৰগুণে শক্তিশালী একো একোটা জিনৰ কৰ্ম-কাণ্ড।
মোৰ চিনাকি মহিলা এগৰাকীৰ পৰিয়ালৰ কেইজনমান পুৰুষ সদস্য হিম’ফিলিয়াৰ দ্বাৰা আক্ৰান্ত হৈ অকালতে প্ৰাণত্যাগ কৰা বুলি অলপতে শুনিলো। ইয়াৰ আগতে মহাৰাণীৰ পৰিয়ালৰ বাহিৰে এই ৰোগৰ বলি আন কোনোবা হৈছে বুলি জনা নাছিলো।[ ৫২ ] চিনাকি মহিলাগৰাকীৰ মাকৰ ভায়েকৰ আৰু দুজনী বাই-ভনীৰ পুত্ৰ-সন্তানসকলৰ হিম’ফিলিয়া ৰোগ হৈছিল। পৰিয়ালটোৰ বেমাৰৰ ইতিহাস জানি ধাৰণা কৰিলো যে হিম’ফিলিয়াৰ জিনটো মহিলাগৰাকীৰ আইতাকৰ পৰা তেওঁৰ পুতেকলৈ আৰু তেওঁৰ কন্যা সন্তান দুজনীৰ যোগেদি নাতিয়েকহঁতৰ গালৈ বিয়পিছে। কথাষাৰ জনাজাত হোৱাৰ পাছত পৰিয়ালটোৰ ছোৱালীবিলাকৰ বিয়া হোৱাত বাধা পৰিছে যেন লাগিছে।