বাকীছোৱা জীৱন/এইবাৰ নাওখন কোন ঘাটত

[ ৫৮ ] [ ৫৯ ]

এইবাৰ নাওখন কোন ঘাটত

 মোৰ তিনিবছৰীয়া পোষ্ট ডক্টৰেল ফেলশ্বিপটো শেষ হোৱাৰ আগে আগে ভাবিবলৈ ধৰিলো গৱেষণাৰ কাম চলাই যাবলৈ এইবাৰ কাৰ ওচৰত হাত পাতো। কাউন্সিল অব্ চায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিছাৰ্চ (CSIR) নামৰ প্ৰতিষ্ঠানটোৱে নিবনুৱা বিজ্ঞানীসকলক Pool Officer হিচাপে দুই বা তিনি বছৰৰ বাবে নিয়োগ কৰে। দৰমহাও তিনি হেজাৰ মান। আজিকালি হেনো পোন্ধৰ/ বিশ হেজাৰমান দিয়ে। যি কি নহওক দৰমহা চি এছ আই আৰে দিলেও মই এনথ্ৰ’প’লজিকেল চাৰ্ভে অব্ ইণ্ডিয়াৰ অফিচতে যুক্ত হৈ থাকি বংশগতি সম্পৰ্কীয় কামবোৰেই কৰি থাকিলো।

 যোৱা শতিকাৰ সত্তৰৰ দশকৰ শেষৰফালে দিল্লীত অনুষ্ঠিত আন্তৰ্জাতিক নৃতাত্ত্বিক কংগ্ৰেছৰ কনফাৰেন্সত গৱেষণা পত্ৰ পাঠ কৰিবলৈ সহকৰ্মী জয়া আৰু মই গৈছিলো। জয়াৰ আঠ-ন বছৰীয়া ল’ৰা টিটুও গৈছিল আমাৰ লগত। তিনিও জয়াৰ মাহীয়েকৰ ঘৰত থাকি কনফাৰেন্সত যোগ দিয়াৰ উপৰি দিল্লীত টিঘিলঘিলাই ঘূৰি ফুৰিছিলো। এদিন আমাক দুপৰীয়া আহাৰৰ বাবে নিমন্ত্ৰণ কৰিলে ড° সুজিত মুখাৰ্জী আৰু তেওঁৰ সহধৰ্মিনী ড° মীনাক্ষী মুখাৰ্জীয়ে। ইতিমধ্যে কোৱা হৈছে এই পণ্ডিত দম্পতীৰ সৈতে আমাৰ বন্ধুত্ব হৈছিল পুনেত। সুজিত মুখাৰ্জীয়ে পুনে বিশ্ববিদ্যালয়ত ইংৰাজী পঢ়াইছিল আৰু মীনাক্ষীয়ে ফাৰ্গুছন কলেজত। তেৱোঁ ইংৰাজীৰ অধ্যাপিকা। যিমান দূৰ মনত পৰে সুজিত মুখাৰ্জীয়ে ওৰিয়েণ্টলংমেনত চাকৰি পাই দিল্লীলৈ আহে। মীনাক্ষীয়ে যোগ দিয়ে লেডী শ্ৰীৰাম কলেজত। পাছত তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে যোগ দিয়ে।

 সেই সময়ত কেন্দ্ৰত জনতা চৰকাৰৰ মন্ত্ৰীমণ্ডলীত ৰেণুকা দেৱী বৰকটকী আছিল এগৰাকী মন্ত্ৰী। তেওঁক মই ভালদৰে চিনি পাওঁ বুলি জানি টিটুৰ মন গ'ল মন্ত্ৰীদৰ্শন কৰিবলৈ। মীনাক্ষীয়েও জোৰ দিলে। দিল্লীৰ উচ্চমহলৰ মহিলাসকলৰ মাজত ৰেণুকাৰ শাৰী সম্পৰ্কে হেনো আলোচনা হয়। শাৰীবোৰ ইমানে ৰুচিসম্পন্ন আৰু বিৰল যে সহজতে দোকানে-বজাৰে চকুত নপৰে। ৰাজধানীৰ নামী-দামী বাতৰি কাকত-আলোচনী আদিৰ সাংবাদিকসকলৰ পত্নীসকলে নিজ নিজ পতিক হেনো কয় মেডামৰ (ৰেণুকা) সাক্ষাৎকাৰ ল'বৰ সময়ত যেন সোধে এনে 'exclusively graceful’ শাৰী তেওঁ ক’ত কিনে। এইহেন শাৰীৰ গৰাকীক লগ নধৰাকৈ দিল্লী এৰা উচিত নহ’ব বুলি জয়া আৰু মীনাক্ষীয়েও জোৰ দি ক'লে। মীনাক্ষী নিজে নগ'ল যদিও ৰেণুকাৰ বঙলাৰ [ ৬০ ] সন্মুখত আমাক নমাই দি আহিছিল। শাৰীৰ কাহিনী শুনি ৰেণুকাই বৰ স্ফূৰ্তি পাইছিল সিদিনা। টিটুও বৰ খুচী মন্ত্ৰীৰ ঘৰত চাহৰ লগত অতি সুস্বাদু কেক আৰু মিঠাই খাই। সেই কণমানি টিটু এতিয়া শিশু বিশেষজ্ঞ, চিকিৎসক। নিজেও হৈছে এটি পুত্ৰৰ পিতৃ। দিনবোৰৰ গাত ডেউকা থকা যেন লাগে। দিন, মাহ, বছৰ পাৰ গৈ নতুন শতাব্দী আহিল। ইয়াৰো এঘাৰটা বছৰ পাৰ হ'ল।

 এবাৰ মণিপুৰ বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগত ৰীডাৰ পদটোৰ বাবে সাক্ষাৎকাৰ এটা দিয়াৰ সুবিধা পাইছিলো। গৃহস্থৰ ইচ্ছা আছিল ইম্ফললৈ গৈ সাক্ষাৎকাৰটো দিওঁ। হয়তো তেওঁ ভাবিছিল যে যোগ্যতা থকা সত্ত্বেও মই ঘৰখনৰ কথা ভাবি একো নকৰিলো। কিন্তু মই জানো যে কামটো পালেও মই নাযাওঁ, গতিকে নগ'লো। মোৰ বন্ধু-বান্ধৱীহঁতে মোক অঁকৰা বুলিও কৈছিল। কাৰণ অহা-যোৱা বিমানৰ খৰচ দিব যেতিয়া অন্ততঃ ঠাইখনতো চাই আহিব পাৰিলোহেঁতেন। দেউতাৰ অকাল মৃত্যুৰ পাছত আৰ্থিক দিশত কিছু অসুবিধাৰ মাজেৰে কটাবলগীয়া হোৱা বাবেই হ’বলা অযথা টকা-পইচা খৰচ কৰাৰ অভ্যাস মোৰ মাজত গঢ়ি উঠা নাই, তেহেলৈ সেই টকা যাৰেই নহওক।

 কেতিয়াবা ভাবো গৃহস্থই যে মোক সাক্ষাৎকাৰ দিবলৈ যাবলৈ কৈছিল তেওঁ ভাবি চাইছিলনে কামটো পাই মই যোৱা হ'লে তেওঁ ঘৰখন চম্ভালিব পাৰিলেহেঁতেন নে? সেই সময়ত তেওঁ 'Planter Raj to Swaraj' নামৰ গ্ৰন্থখন লিখাত ব্যস্ত হৈ আছিল। ইফালে জয়ৰ জীৱনতো এটা গুৰুত্বপূৰ্ণ সময়। বিভিন্ন শিক্ষানুষ্ঠানত ভৰ্তি হ’বলৈ পৰীক্ষা দিবলৈ সাজু হৈছিল। মাতৃজাতিটোৱে ত্যাগ কৰি আনন্দ পায় নে বাধ্যত পৰি কৰে বুজা সহজ নহয়। নিজৰ মনটো মাজে মাজে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰো। জন্মগতভাৱে মাতৃজাতিটো কিছুমান গুণ বা দোষৰ অধিকাৰী হয় নে পৰিবেশে তেওঁলোকৰ মাজত এই দোষ-গুণৰ সৃষ্টি কৰে! এই যে মই ঘৰখনৰ কথা ভাবি নিজে জীৱনত পাব পৰা বহুতো কিবা কিবি হেলাৰঙে ঠেলি পঠালো ই সঁচাকৈয়ে মোৰ ত্যাগ নে তাকে কৰিবলৈ মোক সমাজ ব্যৱস্থাই শিকাইছে ! যিয়েই নহওক আজিৰ দিনৰ ছোৱালীৰ দৰে আমাৰ উচ্চাকাংক্ষা বৰ বেছি নাছিল, কেৰিয়াৰৰ চিন্তাতো সমূলি কৰাই নাছিলো। পিছে আজি মোৰ দৃষ্টিভংগীলৈ বহু পৰিবৰ্তন আহিছে। আজি মই বিচাৰো পুৰুষ-নাৰী উভয়ে ঘৰ গৃহস্থালিও চম্ভালক, বহিৰ্জগতৰ কাম-কাজো সমানে কৰক। আগৰ তুলনাত আজিৰ পুৰুষে ঘৰুৱা কামত হাত লগালেও বাহিৰত কাম কৰা মহিলাৰ ওপৰত হেঁচা পৰে বেছি। এগৰাকী নাৰীবাদী লেখিকাই আজিৰ [ ৬১ ] মহিলাক ‘ডাবল ডিউটী’ কৰা বুলি কৈছে। সাধাৰণতে এগৰাকী মহিলাই পুৱা শোৱাপাটী এৰে সকলোৰে আগত আৰু ৰাতি শোৱাপাটীত পৰে শেষত। কিছুমান পুৰুষে আকৌ সকলোৰে চকুৰ আঁৰতহে ঘৰুৱা কামত পত্নীক সহায় কৰে, বিশেষকৈ তেওঁৰ মাক-দেউতাকৰ সন্মুখত কৰিবলৈ টান পায়, জানোচা তেওঁলোকে ভাবে ল'ৰাটো তিৰোতাসেৰুৱা হ'ল।

 আজিৰ নাৰী আগৰ তুলনাত বহু আগবাঢ়িল যদিও পুৰুষৰে সমমৰ্যাদা পাবলৈ বহু বছৰ লাগিব। মই আশাবাদী। মোৰ জীৱনকালত নহ'লেও এদিন নাৰী-পুৰুষৰ মাজত বৈষম্য আঁতৰিব, নাৰী হ’ব পুৰুষৰ বন্ধু আৰু সহযাত্ৰী। তদুপৰি সমাজত পৰিবৰ্তনো আহিব। সমাজেই প্ৰয়োজনত ল'ৰা-ছোৱালীৰ তত্ত্বাৱধানৰ ব্যৱস্থা কৰিব।