বাকীছোৱা জীৱন/বাংলাদেশলৈ
বাংলাদেশলৈ
কলকাতা বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকাৰ সময়তে বাংলাদেশৰ ৰাজশাহী বিশ্ববিদ্যালয়ত অনুষ্ঠিত এখন চেমিনাৰলৈ আমন্ত্ৰিত হৈ আমি পাঁচগৰাকী মহিলা গৱেষক ১৯৮৯ চনত তালৈ গৈছিলো। ভিছা পাইছিলো মাত্ৰ দহ দিনৰ বাবে আৰু স্থলপথেৰে যোৱাৰ বাবে বিদেশী মুদ্ৰা পাইছিলো কেৱল পঞ্চাশ ডলাৰ। অথচ আমাৰ ইচ্ছা আছিল সমগ্ৰ বাংলাদেশত পাক এটা মৰাৰ। কিছু শুভাকাংক্ষীয়ে পাঁচজনী তিৰোতা মানুহৰ ‘মৰসাহ’ দেখি আমাক কথাষাৰ ভাবি চাবলৈ উপদেশ দিছিল।
ভাবি চাবলৈ কোৱাৰ প্ৰথম কাৰণ, দেশখনৰ অৱস্থা বৰ সুবিধাজনক নহয়। দ্বিতীয়তে, আমাৰ দৰে বে-আবুৰ মহিলাক পৰ্দানচীন দেশখনে সন্দেহৰ চকুৰে চাব। তৃতীয়তে, পুৰুষ সংগীহীন অৱস্থাত সম্পূৰ্ণ অচিনাকি ঠাই এখনলৈ এইদৰে যোৱাটো, তাকো স্থলপথেৰে, অলপো উচিত হোৱা নাই। অথচ আমাৰ পাঁচোগৰাকীৰ ঘৰৰ মানুহে আপত্তি কৰা নাই। মানুহৰ ধাৰণা পুৰুষবিহীন এশগৰাকী মহিলাৰ দলো অকলশৰীয়া।
মানুহে বিদেশলৈ যায় বিমানত। আমি গ’লো কলকাতাৰ পৰা ধেৰধেৰীয়া লোকেল ট্ৰেইনেৰে বনগাঁও আন্তৰ্জাতিক সীমাৰেখাৰ ওচৰলৈ। No man's land পাৰ হ’লো হাতত চুটকেচটো লৈ খোজকাঢ়ি। বাংলাদেশৰ বেনাপ’লত ইমিগ্ৰেছন বিভাগত সোমাওঁতে ভয় অলপ নলগা বুলি নকওঁ। ‘ৰক্ষণশীল’ মুছলমান কৰ্মচাৰীসকলে আমাক নগুৰ-নাকতি যদি কৰে! পিছে তেওঁলোকৰ সন্মুখত উপস্থিত হোৱাৰ পাছত হঠাতে নিজকে ভি আই পি যেন লাগিল। ৰাজশাহী বিশ্ববিদ্যালয়ৰ পৰা হেনো ইমিগ্ৰেছন-কাষ্টমচক জনাই থৈছে আমাৰ আগমন বাৰ্তা। গতিকে আমি তেওঁলোকৰ অৰ্থাৎ দেশখনৰে আলহী। বাংলাদেশী আতিথেয়তাৰ উমান পালো সোমায়ে।
তাৰ পৰা মাইক্ৰ’ বাছেৰে, মানে মিনি বাছেৰে, গ’লো যশোৰ ষ্টেচনলৈ ৰাজশাহীমুখী মহানন্দা এক্সপ্ৰেছখন ধৰিবলৈ। এক্সপ্ৰেছ নাম হ'লেও চৰিত্ৰত পেছেঞ্জাৰ গাড়ী।[ ৮৬ ] যাত্ৰীসকলৰ অধিকাংশই টিকেটলেছ বাবে গাড়ীখনৰ নাম ‘মামাৰ গাড়ী’। টিকেটলেছ হ’লেও মানুহবোৰ কিন্তু হাৰ্টলেছ নহয়। তেওঁলোকে নিজে উঠি আমাক বহিবলৈ আসনবোৰ এৰি দিছিল। আজি ভাৰত-বাংলাদেশৰ মাজত মৈত্ৰীৰ সম্পৰ্ক স্থাপন হৈছে যদিও কোনো কোনো সময়ত সম্পৰ্কত ফাটো মেলিছিল। এটা কথা হয়তো সকলোৱে মন কৰিছে যে যিকোনো দেশৰ সাধাৰণ মানুহবোৰৰ মাজত কিন্তু বৈৰীভাব নাথাকে। যি কি নহওক, ভাৰতীয়ৰ দৰে বাংলাদেশী মানুহৰ মানসিকতাতো আমি পাঁচজনী আছিলো অকলশৰীয়া।
বাংলাদেশ বিদেশ বুলি জানিয়ে পাছপ'ৰ্ট-ভিছা লৈ গৈছিলো যদিও ভাৰত বিভাজনৰ আগতে ওপজা বাবেই হয়তো দেশখনক মুঠেও বিদেশ যেন নালাগে মোৰ। তদুপৰি আমি পশ্চিম অসমৰ মানুহ হোৱা হেতুকে এসময়ত আমাৰ গাতে লাগি থকা বৰ্তমান বাংলাদেশ, তেতিয়াৰ পূৰ্ববংগৰ লগত কিছু যোগাযোগ আছিল। আমাৰ অঞ্চলৰ কেইবাজনো ছাত্ৰই তেতিয়া ৰংপুৰ কলেজত পঢ়িছিল। ধুবুৰীৰ থলুৱা ল’ৰা-ছোৱালীৰ বৈবাহিক সম্পৰ্ক স্থাপন হৈছিল চুবুৰীয়া ৰাজ্যখনৰ সৈতে। বৰ্তমান বাংলাদেশভুক্ত পাংগাৰ ৰজাৰ পৰিয়াললৈ বিয়া দিছিল উজনি অসমৰ কোনোবা বৰকাকতী পৰিয়ালৰ জীয়ৰী এগৰাকীক। পাংগাৰ ৰজাও নৰনাৰায়ণ-চিলাৰায়ৰ উত্তৰপুৰুষ। আটাইবোৰ উত্তৰপুৰুষৰ পৰিয়ালৰ মাজত ঘনিষ্ঠ সম্পৰ্ক থকা দেখিছো। আমাৰ বাইদেউৰ তৃতীয় পুত্ৰ ডাঃ অসীম দাসে বিয়া কৰাইছে বিজনীৰ ৰজা ভৈৰবেন্দ্ৰ নাৰায়ণ ভূপবাহাদুৰৰ নাতিনী অজপাক।অজপাহঁতৰ ঘৰত লগ পাইছিলো বৰকাকতীৰ ঘৰৰ জীয়ৰী পাংগাৰ ৰাণীক। তেওঁৰ মুখত নিৰ্ভেজাল গোৱালপৰীয়া দেশী ভাষা শুনিলে কোনে ক’ব তেওঁক শিৱসাগৰীয়া বুলি।
ৰাজশাহীলৈ যোৱাৰ পথত ঈশ্বৰদী জংচন আৰু পদ্মা নৈৰ ওপৰেদি যোৱা হাৰ্ডিঞ্জ বা স্বাৰাব্ৰীজ পাৰ হওঁতে কিশোৰীকাললৈ মনত পৰিছিল। তেতিয়া এইবোৰ অঞ্চল ভাৰতৰ অন্তৰ্ভুক্ত আছিল। সিদিনা ভাবিব পৰা নাছিলো কেতিয়াবা পাছপ'ৰ্ট-ভিছা হাতত লৈ ইয়ালৈ আহিব লাগিব বুলি। এই নিষ্ঠুৰ সত্যই মোক বেদনাহত কৰিলে। গান্ধীজীৰ ইচ্ছাৰ বিৰুদ্ধে ভাৰত দ্বিখণ্ডিত হৈছিল। মনত পৰিল বংগ আৰু পঞ্জাবত ঘটা সেই ৰক্তাক্ত গণহত্যাৰ ইতিহাস, নাৰীৰ চৰম অপমানৰ ইতিহাস। মনত পৰিল ছিন্নমূল মানুহবোৰলৈ। ৰাজনীতিৰ চাকনৈয়াত পৰা লাখ লাখ মানুহৰ ভাগ্য হ’ল কক্ষচ্যুত গ্ৰহৰ নিচিনা। বিধৰ্মীৰ হাতত পৰাৰ আশংকাত নিজ পিতৃ-ভাতৃৰ দা-তৰোৱালৰ ঘাপত বা বন্দুকৰ গুলীত প্ৰাণ দিলে হেজাৰ হেজাৰ ছোৱালীয়ে। যাৰ [ ৮৭ ] হাতত মাৰণাস্ত্ৰ নাছিল তেওঁলোকে কন্যা-ভগ্নীক নাদত ঢকা মাৰি পেলাই দিছিল। ভাতৃঘাতী সংঘৰ্ষত লিপ্ত হৈছিল বিবেকহীন মানুহ নামৰ একজাতীয় জীৱই।
ৰাজশাহী আহি পোৱা বুলি কোনোবাই কোৱাত উভতি আহিলো বাস্তৱলৈ। আমাক আদৰিবলৈ প্লেটফৰ্মত উপস্থিত আছিল ছাত্ৰ-ছাত্ৰীৰ এটা দল। কেইবা একৰ জোৰা আমৰ বাগিচাৰ মাজত নিৰ্মিত ৰাজশাহী বিশ্ববিদ্যালয় কেম্পাচটো এটা শব্দত অপূৰ্ব। আমৰ মুকুলৰ সুবাসেৰে মন-প্ৰাণ বলিয়া কৰা বাতাৱৰণৰ মাজেৰে আহি সোমালো অত্যাধুনিক অতিথি গৃহটোত। বেনাপ’ল সীমান্তত নিজকে ভি আই পি যেন লাগিছিল৷ ৰাজশাহীত নিজকে ভাৰতৰ ৰাষ্ট্ৰদূত যেন লাগিল। পিছদিনা পাঁচগৰাকী ভাৰতীয় মহিলাক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পৰা চকীদাৰলৈ আটায়ে আদৰ-আপ্যায়নৰ যি চূড়ান্ত নিদৰ্শন দেখুৱালে যে আমাৰ লাজ লাগি গ'ল। আৰু ছাত্ৰ-ছাত্ৰীবোৰৰ কাণ্ড-কাৰখানা দেখি এনে লাগিল যেন আমি একো একোজনী চিত্ৰ তাৰকা। অট’গ্ৰাফ লিখি আৰু কেমেৰাৰ সন্মুখত থিয় দি দি ভাগৰি পৰিছিলো। কোনেও পুৰুষ ভাৰতীয় অংশগ্ৰহণকাৰীসকলক প্ৰয়োজনতকৈ বেছি গুৰুত্ব দিয়া দেখা নাই। তেওঁলোকক কোনেও টনা-আঁজোৰা কৰাও দেখা নাই। কেমেৰাৰ ফ্লেশ্ব বাল্বে তেওঁলোকৰ চকু ছাটমাৰি ধৰা নাই।
কনফাৰেন্স চলি থাকোতে কেইগৰাকীমান সাংবাদিকে ইটো-সিটো প্ৰশ্ন কৰাৰ পাছত গংগাৰ পানী বন্টন সম্পৰ্কে আমাৰ মতামত জানিব বিচৰাত কৌশলেৰে প্ৰশ্নটো এৰাই গৈছিলো। বাংলাদেশলৈ যোৱাৰ আগতে আমাক কলকাতাতে সাৱধান কৰি দিয়া হৈছিল যেন ৰাজনৈতিক কোনো বিষয়ৰ আলোচনাৰ মাজলৈ নাযাওঁ। তদুপৰি এনেবোৰ কথাৰ আলোচনা কৰিবলৈ মোৰ যোগ্যতাও নাই। বাকীকেইজনীও ৰাজনীতিৰ সৈতে সম্পৰ্কহীন।
দুপৰীয়াৰ আহাৰ পৰ্বৰ পাছত বাংলাদেশ ইনষ্টিটিউট অব্ টেকন'ল'জিৰ ছাত্ৰৰ দল এটাই আমাক দস্তুৰমতে হাইজেক কৰি তেওঁলোকৰ কেম্পাছলৈ লৈ গ'ল। আহল-বহল কলেজখন দেখুওৱাৰ পাছত কেণ্টিনত বহুৱাই ফুলৰ মালা-চালা পিন্ধাই যি কাণ্ডখন কৰিলে মনত পৰিলে হাঁহি উঠে। তেতিয়ালৈ গম পোৱা নাছিলো যে দলটোৰ পাণ্ডা ইকবাল মাতিন ছাত্ৰ নহয়, চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ প্ৰবক্তাহে। এওঁলোকৰ লগত আমাৰ যোগাযোগ বহুদিনলৈ বৰ্তি আছিল। এওঁলোকৰ বাহিৰেও তাত বহু ভাৰতপ্ৰেমী ছাত্ৰ-ছাত্ৰীক লগ পাইছিলো। ঢাকাৰ জাহাংগীৰ বিশ্ববিদ্যালয়ৰ তৰুণ প্ৰবক্তা মহম্মদ মোবাৰক হুছেইনেতো কৈয়ে পেলালে বাৰ্লিন দেৱাল যদি [ ৮৮ ] ভাঙিব পৰা যায় ভাৰত-বাংলা সীমাৰেখা মচিব নোৱাৰিব কিয়?
কনফাৰেন্স শেষ হোৱাৰ পাছত ৰাতি ডিনাৰ টেবুলত লগ পালো উপাচাৰ্যকে ধৰি অধ্যাপক-অধ্যাপিকা আৰু নিমন্ত্ৰিত অতিথিসকলক। তেওঁলোকে যেতিয়া গম পালে মাত্ৰ পঞ্চাশ ডলাৰ বৈদেশিক মুদ্ৰা পোৱা হেতুকে আমি বাংলাদেশ ভ্ৰমণসূচী বাতিল কৰিবলৈ ওলাইছো তেতিয়া আমাক ‘টাকা’ দিবলৈ আগবাঢ়ি আহিছিল বহুতে। দুদিনৰ চিনাকি মানুহক কোনোবাই টকা যাচিব পাৰে ই আছিল আমাৰ কল্পনাৰ অতীত। অৱশেষত অভ্যৰ্থনা কমিটীৰ চেয়াৰমেন অধ্যাপক জাফৰ ৰেজা খানৰ ওচৰতে ঋণী হ’লো। কিয়নো খড়গপুৰ আই আই টিত পাঠৰত তেওঁৰ পুত্ৰক টকাখিনি ঘূৰাই দিয়াৰ সুবিধা আছিল।
টকাখিনি পোৱাৰ লগে লগে আমাৰ ডেউকা গজিল। ফলত ঢাকাৰ সীমা অতিক্ৰম কৰি আমি বাংলাদেশৰ দক্ষিণ সীমাৰ দক্ষিণতম ঠাই বংগোপসাগৰৰ পাৰত অৱস্থিত টেকনাফলৈ উৰিবলৈ খোৱা টেবুলতে প্লেন কৰিলো। ইতিমধ্যে কনফাৰেন্সৰ অভ্যৰ্থনা সমিতিয়ে সমূহ অংশগ্ৰহণকাৰীক উত্তৰৰ শেষ সীমালৈ লৈ গৈছিল। আমৰ বাগিচাৰ মাজেৰে তালৈ যাওঁতে বাগিচাৰ কেইবাগৰাকী মালিকে আমাক আমৰ বতৰত আকৌ যাবলৈ নিমন্ত্ৰণ জনাই থৈছিল।
ঢাকা : তিনি দিনজোৰা কনফাৰেন্সৰ শেষত ঢাকা আৰু জাহাংগীৰ বিশ্ববিদ্যালয়ৰ পৰা ৰাজশাহীলৈ কনফাৰেন্সত অংশগ্ৰহণ কৰিবলৈ অহা অধ্যাপকসকলৰ সৈতে আমি পাঁচজনী ঢাকা অভিমুখে ৰাওনা হলো। আমাক বিদায় জনাবলৈ অহা ছাত্ৰ-ছাত্ৰীসকলৰে মাত্ৰ চাৰি দিনৰ চিনাকি যদিও সেইকেইদিনতে তেওঁলোক আমাৰ হৃদয়ৰ অতি ওচৰ চাপিছিল। তেওঁলোকে আমাৰ হাতত দিছিল মিঠাইৰ টোপোলা আৰু ফুলৰ থোপা।বাছখন এৰিবৰ সময়ত চাইফুল, তাপসী, ছফিকুলহঁতৰ চকুপানীয়ে আমাৰ চকুকো কৰিছিল অশ্ৰুসিক্ত।
কেইঘণ্টামান অহাৰ পাছত পদ্মা আৰু যমুনাৰ সংগমস্থল পালো। দুয়োখন নৈৰ একত্ৰিত বিস্তাৰ আছিল পাৰাপাৰহীন সমুদ্ৰৰ দৰে। বৰ্তমানে তাত দলং হোৱা বুলি শুনিছো, আমি পিছে পাৰ হৈছিলো জাহাজেৰে। আৰিচাঘাটত জাহাজৰ পৰা নামি বাছেৰে ঢাকালৈ ডেৰঘণ্টা পথ আহিবৰ সময়ত চাভাৰ নামৰ ঠাইখনত নামিছিলো কেইবা একৰ জোৰা প্ৰশস্ত চৌহদ এটাত মুক্তিযুদ্ধত প্ৰাণাহুতি দিয়া ছহিদসকলৰ স্মৃতিৰ উদ্দেশ্যে নিৰ্মিত অসাধাৰণ গঠনশৈলীৰ সৌধটো চাবলৈ। এখন্তেক থিয় হৈ [ ৮৯ ] তেওঁলোকৰ স্মৃতিলৈ শ্ৰদ্ধা জ্ঞাপন কৰিলো।
ধৰ্মৰ ভিত্তিত ভাৰত দ্বিখণ্ডিত হৈছিল। তেনেহ'লে ইছলাম ধৰ্মীয় জনগোষ্ঠীৰে গঠিত পূব আৰু পশ্চিম পাকিস্তানৰ মাজত শত্ৰুতাৰ সৃষ্টি হ’ল কিয় মাথোঁ কুৰিটা বছৰৰ ভিতৰত? ভাষা? উৰ্দু আৰু বাংলাভাষী মুছলমান একেলগে থাকিব নোৱাৰিলে। অদূৰদৰ্শী ৰাজনীতিকসকলৰ ভুল সিদ্ধান্তই মানুহৰ চৰম ক্ষতি কৰিছিল।
কলকাতা বিশ্ববিদ্যালয়ত গৱেষণা কৰা ঢাকাৰ হিন্দু বাংলাদেশী ডেকা পিণ্টু আছিল ঢাকা মহানগৰীত আমাৰ ফ্ৰেণ্ড-ফিলছফাৰ আৰু গাইড। তেওঁলোক ঢাকাৰ প্ৰসিদ্ধ ব্যৱসায়ী। ভাৰত বিভাজনৰ সময়ত তেওঁলোক আন বহুতৰ দৰে পিতৃভিঠা ত্যাগ কৰি যোৱা নাছিল। পিণ্টুক বৰ জনপ্ৰিয় যেন লাগিল। আমাৰ বাবে ঢাকা ডাইঙৰ অতিথিশালাৰ চাবিটো আনিবলৈ যাওঁতে তেওঁ আমাক কাৰোবাৰ এটা অতি সুসজ্জিত ড্ৰইং ৰুমত বহুৱাই থৈ গৈছিল। বাৰাণ্ডাত টোপনিয়াই থকা কাম কৰা মানুহ এজনক যাওঁতে কৈছিল— ‘মোৰ মেহমান, মই উভতি নহালৈ ইয়াতে থাকিব'।এনেবোৰ ঘৰত সাধাৰণতে কুকুৰ থাকে। সেই আশংকাত আমি পাঁচোজনী কঁপি থকা বুলি ক’লে বেছি কোৱা নহয়। এনেতে ভিতৰৰ পৰা লুঙী পিন্ধা বয়সীয়া মানুহ এজন ওলাই আহিল, পিছে পিছে আহিল জাধলি মহিলা এগৰাকী। দুয়োকে প্ৰথম দৰ্শনত কাম কৰা মানুহ বুলি ভাবিছিলো যদিও তেওঁলোকেই অট্টালিকা সদৃশ ঘৰখনৰ গৃহস্থ আৰু গৃহিণী। পূৰ্ববংগৰ মানুহৰ ধুনপেচ নাই। অতীতৰ পৰা অসমত বাস কৰা অধিকাংশ বাঙালী পূৰ্ববংগমূলৰ। এওঁলোক ভোজনবিলাসী আৰু মহিলাসকল আমিষ-নিৰামিষ দুয়োবিধ ৰন্ধনত পাৰদৰ্শী। খাদ্যত ইমান বৈচিত্ৰ্য অতি কম সমাজৰে ৰান্ধনি ঘৰত পৰিলক্ষিত হয়। আঞ্জা এবিধৰ নাম নিৰ্ভৰ কৰে পাচলি বিধ কেনেকৈ কটা হৈছে আৰু কি মছলাৰে ৰান্ধিছে। ছেছ্কি, ঘণ্ট, ডালনা, ছ্যাচড়া, ঝাল, ঝোল, চৰ্চৰি ইত্যাদি বিধে বিধে নাম আঞ্জাবোৰৰ।
যি কি নহওক, জধলা আৰু জাধলিয়ে আমাৰ লগত আড্ডা জমাই থাকোতে চাবি লৈ আহি পিণ্টুই আমাক উঠিবলৈ ক'লে। পিছে চাহ নোখোৱাকৈ গৃহস্থ-গৃহিণীয়ে নেৰে। মেহমান আহিছে ইণ্ডিয়াৰ পৰা। একো নোখোৱাকৈ কোনোপধ্যেই উঠিব নোৱাৰে। গৃহিণীয়ে ক'লে— ‘আমাৰ বড় পোলাই (বৰপুত্ৰ) মুক্তাগাছাৰ মণ্ডা আনছে। না খাইয়া যাইতে পাৰবেন না।’ আমাৰ লগৰ শুক্লাৰ ককাক ভাৰত বিভাজনৰ আগতে আছিল মুক্তাগাছাৰ জমিদাৰ। তেওঁ দেউতাক-মাকৰ মুখে মুক্তাগাছাৰ মণ্ডাৰ কথা শুনিছে, গতিকে নষ্টালজিক হৈ পৰিল। আমাৰো জিভাৰ পানী সৰি পৰিবলৈ ধৰাত [ ৯০ ] বহি থাকিলো। জাধলিয়ে পিছে কেৱল মণ্ডা নহয়, গণ্ডাই গণ্ডাই বিবিধ বস্তু পৰিবেশন কৰিলে। ৰাতিও খাবলৈ মাতিছিল, পিছে পিণ্টুৰ ভনীয়েকে ইতিমধ্যে নিমন্ত্ৰণ কৰি থৈছিল।
বাংলাদেশত আমি দহ দিন আছিলো, নিজৰ জেপৰ পইচা খৰচ কৰি এবেলাও খাইছিলো বুলি মনত নপৰে। এনে অতিথিপৰায়ণ মানুহ বিশ্বৰ ক'ৰবাত আছে যেন নালাগে। সেই পৰম্পৰা আজিৰ দিনতো যে অমলিন হৈ আছে জানিলো ২০০৯ চনত ঢাকাত অনুষ্ঠিত সভা এখনত অংশগ্ৰহণ কৰিবলৈ অহা আমাৰ পুত্ৰৰ মুখত। কৰ্মসূত্ৰে সি পৃথিৱীৰ নানা দেশলৈ যায়। সভাৰ কাম চলি থকা অৱস্থাত ‘ৱৰ্কিং লাঞ্চ’ পৰিবেশন কৰা হয় সৰ্বত্ৰ। একমাত্ৰ ব্যতিক্ৰম হেনো বাংলাদেশ। তেওঁলোকৰ ‘ৱৰ্কিং লাঞ্চ’ক ভোজ বুলিব পাৰি। আমাৰ ল'ৰাই ইলিচ খাবলৈ ভাল পায় বুলি জানি ঢাকাত থকা কেইদিন ইলিচৰ বাহিৰেও বিবিধ আমিষ-নিৰামিষ ব্যঞ্জনেৰে তাক আপ্যায়িত কৰিছিল।
পিণ্টুই আমাক এদিন লৈ গৈছিল তেতিয়াৰ ভূমি আৰু ৰাজহ মন্ত্ৰী সুনীল গুপ্তৰ বাসভৱনলৈ। গাড়ীৰ পৰা নামি আমি পিণ্টুৰ পিছে পিছে গৈ মন্ত্ৰীৰ শোৱনি কোঠাত সোমালো। লুঙী আৰু গেঞ্জি পিন্ধি মন্ত্ৰী তেতিয়া ল’ৰা-ছোৱালী, ইষ্ট-কুটুম্ব পৰিবেষ্টিত হৈ ইজি চেয়াৰত বহি আছিল। ভৰিৰ কাষত মজিয়াত বহি আছিল গাঁৱৰ পৰা অহা দুজন মানুহ। অচিনাকি মানুহৰ শোৱনি কোঠাত এইদৰে সোমাই বৰ অস্বস্তিবোধ কৰিছিলো। অলপ পাছত উপলব্ধি কৰিলো বাহ্যিক কোনো চফিচটিকেশ্যন নথকা বাংলাদেশৰ মানুহৰ বাবে ইয়ে স্বাভাৱিক। আমাৰ লগত মন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে ইমানে আন্তৰিকতাৰে কথা পাতিলে ধাৰণা হ’ল যেন কোনোবা পৰমাত্মীয়কহে বহুদিনৰ মূৰত লগ পাইছে।
সিদিনা ৰাতিৰ বাছত আমি পাঁচজনী ‘অকলশৰে’ কক্সবাজাৰলৈ যাম বুলি শুনি মন্ত্ৰী ডাঙৰীয়া চক্খাই উঠিল। কাঢ়া অভিভাৱকৰ দৰে হুকুম জাৰি কৰি তেওঁ ক'লে যে আমি কোনোপধ্যেই অকলে যাব নোৱাৰো। পিছদিনা দিনৰ ভাগত তেওঁ গাড়ী এখনেৰে আমাক পঠাব, লগত যাব তেওঁৰ পত্নী। পত্নীৰ আকৌ পিছদিনা শিৱ পূজা। ইফালে আমাৰ ভিছাৰ মিয়াদ শেষ হওঁ হওঁ, গতিকে আমি সিদিনা ৰাতিয়ে যাব খোজো। তেওঁ ভিছাৰ মিয়াদ বঢ়াই দিব খুজিছিল, পিছে সময়মতে আমি কলকাতা পাবগৈ লাগিব শুনি চিন্তাত বিভোৰ হ’ল। ক্ষন্তেক পাছত টেলিফোন তুলি কক্সবাজাৰৰ ডি চি কামাল চাহাবক আমাৰ দায়িত্ব ল’বলৈ ক'লে।[ ৯১ ] এৰি অহা দিনবোৰলৈ মনত পৰিলে আচৰিত হৈ ভাবো আজি উলুবাৰীৰ ঘৰৰ পৰা এখোজ ওলাবৰ আগতে পঞ্চাশবাৰ অগাপিছা কৰো, অথচ এইজনী ময়ে আগপিছ চিন্তা নকৰি দিহিঙে-দিপাঙে ঘূৰি ফুৰিছিলো।
মন্ত্ৰীৰ ঘৰৰ পৰা ওলাব খুজিলো, কিন্তু মন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে একো নোখোৱাকৈ কোনোমতে উঠিবলৈ নিদিলে। এওঁলোকৰ ঘৰলৈ অহাৰ ঠিক আগতে জাহাংগীৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক এগৰাকীয়ে আমাক এখন পাঁচতৰা হোটেলত দুপৰীয়াৰ আহাৰ সাঁজ খুৱাইছিল। কথাষাৰ তেওঁলোকক ক'লো। কিন্তু বাংলাদেশৰ মানুহ নাচোৰবান্দা। পেটত ঠাই নাথাকিলেও খাব লাগিব। মন্ত্ৰীগৃহিণী একোব চৰা। তেওঁলোকে হেনো বৰিশাল জিলাৰ গৌৰনদীৰ পৰা দৈ আনিছে। এনে উৎকৃষ্ট দৈ নোখোৱাকৈ কোনোবা যায় নে? বুজিলো গৌৰনদীৰ দৈ আমাৰ সৰভোগ বা ৰামদিয়াৰ দৈৰ দৰে বিখ্যাত। মানুহগৰাকীয়ে ধুমুহাৰ বেগত ওলাই গৈ পাঁচ বাটি দৈ ট্ৰে এখনত সজাই লৈ আহিল। ভৰপেটত ৰসগোল্লাও তিতা তিতা যেন লাগে, আমাৰো সেয়ে হ’ল। অৱশ্যে মুখেৰে ক'লো— অতি সোৱাদ লগা।
মন্ত্ৰীপত্নীয়ে অহংকাৰত গংগাটোপ যেন হৈ ক’লে— ‘গৌৰনদীৰ দৈ অতি উপাদেয় বইল্যা কৈছিলাম না। এৰ সামনে পঞ্চতাৰকা হোটেল কিছুই না। আবাৰ ভিসা কৰাইয়া আসবেন।'
দৈ খোৱাৰ পাছতো আমাৰ নিষ্কৃতি নহ’ল। মন্ত্ৰীপত্নীয়ে আমাক ঢাকাৰ বিখ্যাত ঢাকেশ্বৰী মন্দিৰলৈ লৈ গ'ল। মন্দিৰটোৰ কথা সৰুৰে পৰা শুনিছিলো। বাবৰি মছজিদ ধ্বংসৰ প্ৰত্যাক্ৰমণ হিচাপে এই মন্দিৰটোও ১৯৯২ চনত ভাঙি পেলোৱা বুলি শুনিছো। সকলো ফালে চাই-চিতি ক’বলৈ বাধ্য হওঁ যে ধৰ্মই প্ৰায়ে কৰে অধৰ্মৰ কাম। আমি জনাত প্ৰকৃত ধৰ্মই মানুহক সহিষ্ণু কৰা উচিত। কিন্তু অধিকাংশ ক্ষেত্ৰত দেখো ধৰ্মান্ধসকল হয় অসহিষ্ণু। সকলো ধৰ্ম লোপ পাই অদূৰ নহ'লেও সুদূৰ ভৱিষ্যতে পৃথিৱীত প্ৰতিষ্ঠিত হওক কেৱল মানৱ ধৰ্ম। আমাৰ দেশৰ মন্দিৰবোৰত জমা হৈ আছে টনে টনে সোণ ঈশ্বৰ নামৰ নিৰাকাৰ কাৰোবাৰ নামত এই সোণবোৰ স্তূপীকৃত কৰি কাৰ যে লাভ হ’ল আমাৰ ক্ষুদ্ৰ মস্তিষ্কই বুজি নাপায়। এই সোণ দেশৰ কামত উচৰ্গা কৰিলে ঈশ্বৰৰ সৃষ্টি (যদিহে তেওঁ সৃষ্টি কৰিছে) মানুহৰ বহু উপকাৰ নহ'লহেঁতেন নে? তাকে কৰিলে ঈশ্বৰেও ভাল পালেহেঁতেন। ঈশ্বৰ নিশ্চয় দুৰ্নীতিপৰায়ণ ঘোচখোৰ নহয় যে তেৰাক সন্তুষ্ট কৰিবলৈ ঘিউ-মৌ খুৱাব লাগিব বা সোণৰ সিংহাসনত বহুৱাব লাগিব।[ ৯২ ]
কক্সবাজাৰ : ঈশ্বৰক ইয়াতে এৰি আমি কক্সবাজাৰলৈ যাত্ৰা কৰোহঁক। নাইট চুপাৰত বহি দেখিলো সন্মুখত আৰি থোৱা টিভিৰ পৰ্দাত চলি আছে ভাৰতীয় হিন্দী কথাছবি। যাত্ৰীসকলৰ চকু তাতেই নিবদ্ধ। ভাৰতীয় চিনেমা বাংলাদেশত বৰ জনপ্ৰিয়। এটা সময়ত বাছ আহি ৰ'ল চট্টগ্ৰামত। মনত পৰিল স্বাধীনতা সংগ্ৰামত চট্টগ্ৰাম অস্ত্ৰাগাৰ লুণ্ঠনকাৰ্যত যোগদানকাৰী বিপ্লৱী সূৰ্যসেন, গণেশঘোষ, অনন্ত সিংহ আৰু লোকনাথ বললৈ। মাজনিশা বাছত তেওঁলোকৰ কথা ভাবি মনত এটা উত্তেজনা অনুভৱ কৰিলো। পিছমুহূৰ্ততে মনটো বিষাদেৰে উপচি পৰিল। দেশৰ বাবে আত্মাহুতি দি তেওঁলোকে কি পালে? মাতৃভূমি পাকিস্তানৰ ভাগত পৰা হেতুকে তেওঁলোকে পিতৃভিঠা ত্যাগ কৰি ৰিফিউজী নামৰ লেবেল লগাবলগীয়া হ'ল।
কক্সবাজাৰলৈ যোৱা বাছখনত মোৰ দাঁতিত বহা ৰফিকুল নামৰ ডেকাজনে চট্টগ্ৰামত বাছৰ পৰা নামি পুৰুষসংগীবিহীন সাহসী পাঁচগৰাকী ভাৰতীয় বাইদেউৰ বাবে লৈ আহিছিল এটোপোলা সুমথিৰা। মাজবাটত আমাক আপ্যায়ন কৰিবলৈ এই ফলখিনিৰ বাহিৰে আন একোকে নোপোৱা বাবে তেওঁ দুখপ্ৰকাশ কৰিলে। বিদেশৰ অচিনাকি পৰিবেশত ৰফিকুল, আমিনুল, ফজলুৰ, প্ৰফুল্ল, কামৰুন, বীণাহঁতক পাম বুলি ভাৰত এৰাৰ আগতে জানো কল্পনা কৰিছিলো! আনহাতে ‘শত্ৰু’ দেশলৈ যাবলৈ ওলোৱা বাবে আমাক বহুতে ভয়হে খুৱাইছিল। প্ৰকৃততে সাধাৰণ মানুহৰ মাজত শত্ৰুতা নাথাকে।
পুৱা কক্সবাজাৰৰ উপায়ুক্ত কামাল চাহাবক তেওঁৰ অফিচত লগ ধৰাৰ পাছত আমি হৈ পৰিলো একো একোগৰাকী ভি ভি আই পি। বংগোপসাগৰৰ ঢৌৰে বিধৌত সেউজ পাহাৰৰ কোলাত জিলা সদৰ চহৰখনত সোমায়ে স্নায়ুবোৰ সতেজ হৈ উঠিছিল। পাহাৰৰ ওপৰত নিৰ্মিত চাৰ্কিট হাউছলৈ চৰকাৰী গাড়ীৰে কামাল চাহাবে আমাক থোৱালে। কাকতালীয়ভাৱে মোৰ কোঠাটোৰ নাম আছিল অণিমা। ভাৰতৰ পৰা অহা ‘ৰাষ্ট্ৰদূত’সকলক লগ পাবলৈ বহুতো গণ্যমান্য ভদ্ৰলোক আহিছিল চাৰ্কিট হাউছলৈ। দুজন বডিগাৰ্ডৰ তত্ত্বাৱধানত আমি আহল-বহল সুদীৰ্ঘ সমুদ্ৰ সৈকতত আবেলিটো কটালো। আমাৰ মাজত ফুচ্ফুচাই কোৱা-মেলা কৰিলো যে নিজৰ দেশত কেতিয়াবা এনে সন্মান বা খাতিৰ পাইছিলো নে? নে আগলৈ কেতিয়াবা পাম? বোধকৰো সকলোৱে ভাবিছিল ৰাজশাহী কনফাৰেন্সত যোগ দিবলৈ অহা ভাৰতীয় পণ্ডিতনীকেইজনীক চাই নয়ন সাৰ্থক কৰা যাওক। পণ্ডিতনীয়ে নহয় সাহসিনীও। পাঁচজনী মহিলা অকলশৰে! [ ৯৩ ]
ৰাতি উপায়ুক্তৰ ঘৰত ডিনাৰৰ নিমন্ত্ৰণ আছিল। আমাক নিবলৈ পঠালে এখন কোমল গাদী থকা বিদেশী মটৰগাড়ী। তেতিয়া ভাৰতত আমি এম্বেচেডৰ আৰু ফিয়েট গাড়ীহে দেখিছিলো। বাংলাদেশত আটকধুনীয়া বিদেশী গাড়ী দেখি ভাবিছিলো কোনখন দেশ দুখীয়া— ভাৰত নে বাংলাদেশ। যি কি নহওক টিলা এটাৰ ওপৰত কামাল চাহাবৰ ছবিযেন লগা বঙলাত নামিয়ে পালো জিভাৰ গ্ৰন্থিবোৰক উত্তেজিত কৰা বিৰিয়ানিৰ সুবাস।মুছলমান মানুহৰ ঘৰত বিৰিয়ানি মাংস ৰন্ধাৰ প্ৰণালীয়ে সুকীয়া। মনত পৰে কোকৰাঝাৰ ধুবুৰীত মুছলমান বন্ধুৰ ঘৰত ঈদ খোৱাৰ কথা। তেতিয়া ৰক্ষণশীল আত্মীয় আৰু চুবুৰীয়াসকলে কোৱা-কুই 'কৰিছিল মুছলমানৰ ঘৰত ভাত খোৱা ‘আপি’কেইটাৰ বিয়া হোৱা সহজ নহ’ব। এৰা, ছোৱালীৰ জীৱনৰ লক্ষ্য পুৰুষ এজনৰ ডিঙিত ওলমি পৰা। মুছলমানৰ ঘৰত ভাত খাই জাত যোৱা ছোৱালীৰ পক্ষে পুৰুষ এজনৰ ডিঙিটো পোৱা তেতিয়াৰ দিনত কঠিনেই আছিল। পিছে মা-দেউতাৰ ম্লেচ্ছ ছোৱালীকেইজনীৰ তেনে কোনো অসুবিধা নহ'ল।
কামাল চাহাবৰ সুসজ্জিত ড্ৰইং ৰুমত আমাক আপ্যায়িত কৰিবলৈ পাতিছিল কবিতাৰ আসৰ। গৃহস্থ নিজে এগৰাকী কবি আৰু তাত আগমন ঘটিছিল কেইবাগৰাকীও কবিৰ। কিন্তু হায়, যাৰ বাবে এই কাব্যিক অনুষ্ঠান তেওঁলোক আটাইকেইজনীয়ে অ-কবি। স্বৰচিত দূৰৈৰ কথা, পৰৰচিত কবিতাও আমি নাজানো। কথমপি ৰবীন্দ্ৰনাথ ঠাকুৰে সিদিনা আমাক উদ্ধাৰ কৰিলে৷ অৱশ্যে মই নহয়, পাঠ কৰিছিল শৰ্মিলাইহে।
কবিতাৰ পাছত বহিল গানৰ আসৰ। তেওঁলোকে ধৰিয়ে লৈছে সুগায়িকা নহ'লেও আমি গান গাবলৈ জানো। তেওঁলোকক কেনেকৈ বুজাওঁ যে গানৰ চৰ্চা দূৰৈৰ কথা, ঘৰে বাহিৰে কাম কৰা ‘ডবল ডিউটি’ মহিলাৰ গান শুনিবৰো সময় নাই। পিণ্টুৰ ওপৰত খং উঠিল। মন্ত্ৰীৰ ঘৰলৈ নোযোৱা হ'লে আমি স্বাধীনভাৱে হোটেলত থাকি ঘূৰি ফুৰিব পাৰিলোহেঁতেন। বাংলা ভাষাৰ ফকৰা এশাৰীলৈ মনত পৰিল— ‘পড়েছি যবনেৰ হাতে, খানা খেতে হবে তাৰ সাথে।’ পদ্মা-যমুনা পাৰ হওঁতে জাহাজৰ ডেকত মই ভূপেন হাজৰিকাৰ বিখ্যাত ‘গংগা আমাৰ মা, পদ্মা আমাৰ মা, আমাৰ দুই চোখে দুই জলেৰ ধাৰা মেঘনা-যমুনা...’ গীতটো গুণগুণাইছিলো। গতিকে আমাৰ লগৰকেইজনীয়ে মোক ঠেলি দিলে গান গাবলৈ। পিছে মই যে সেই গীতটোৰ এটা লাইনহে জানো। তদুপৰি আন গীতবোৰৰো এটা-দুটা শাৰীহে জানো। সকলোৱে যেতিয়া হেঁচি ধৰিলে তেতিয়া বিপদৰ পৰা আকৌ ৰক্ষা কৰিলে ৰবীন্দ্ৰনাথে। ৰবীন্দ্ৰ সংগীতো মোৰ প্ৰিয়, পিছে পুৰাকৈ জানো এটাহে। ৰবীন্দ্ৰনাথে তেওঁৰ নবৌয়েক [ ৯৪ ] কাদম্বিনী দেৱীৰ মৃত্যুৰ পাছত লেখা ‘তুমি কি কেবল ছবি, শুধু পটে লেখা…..’ অন্তৰপৰশা গীতটো গাই ভাৰতীয় ডেলিগেট বাহিনীৰ সন্মান ৰক্ষা কৰিলো।
পিছদিনা সূৰ্যোদয়ৰ আগতে উপায়ুক্তই ব্যৱস্থা কৰামতে আমি ভান এখনত বাংলাদেশৰ দক্ষিণতম ঠাই টেকনাভলৈ যাত্ৰা কৰিলো। আমাৰ লগত গৈছিল ডেকা সহকাৰী কমিছনাৰ ইফতেখাৰুদ্দিন খান আৰু তেওঁৰ পিয়ন নুৰুদ্দিন আহমেদ। বংগোপসাগৰৰ মাজলৈ সোমাই যোৱা আগীয়াঠুটি এটাৰ শেষ প্ৰান্তত অৱস্থিত টেকনাভৰ ডাকবঙলাটোত বহি চাইছিলো অনন্ত জলৰাশি। বাওঁফালৰ পৰা বৈ অহা নৈ এখন সেই জলৰাশিত বিলীন হৈ গৈছে। নৈখনৰ সিপাৰে বহু আঁতৰত ৰিণিকি ৰিণিকি দেখা পালো গছ-বন-পাহাৰৰ এখন অস্পষ্ট ছবি। সেইখনেই ম্যানমাৰ, যাক আমি ব্ৰহ্মদেশ বুলি জানিছিলো।
ডাক বঙলাত বাবুৰ্চিহঁতে আমালৈ ৰান্ধিছিল পোলাও-কোপ্তা আদি বিবিধ ব্যঞ্জন। সীমান্তৱৰ্তী ঠাইবোৰত বিদেশী বস্তুৰ বজাৰ একোখন গঢ়ি উঠা দেখো। টেকনাভৰ বালিত সজা জুপুৰি ঘৰবোৰত দেখিছিলো মানুহৰ ভিৰ, সকলোকে লাগে ‘ফৰেন’ বস্তু। ইম্ফলতো দেখিছিলো ফৰেন বস্তুৰ দোকান। শিলিগুড়িতো আছে বুলি শুনিছো। এতিয়া পিছে মুক্তবজাৰ অৰ্থনীতি হোৱাৰ ফলত য’তে ত’তে সেই ‘আপুৰুগীয়া’ বস্তুবোৰ পোৱা যায়। লাগে কেৱল টকা। আজিকালি একশ্ৰেণীৰ মানুহৰ টকাৰ অভাৱ নাই।
কক্সবজাৰৰ চাৰ্কিট হাউছলৈ উভতি আহি দেখিলো আমাক ৰেড্ কাৰ্পেট ৱেলকাম জনাবলৈ ৰৈ আছে চাৰ্কিট হাউছৰ বাবুৰ্চি, খানচামা, চকিদাৰ, পিয়ন, ঝাড়ুদাৰ, মালী আৰু আন কোনোবা কোনোবা। আমাৰ পাঁচগৰাকীৰ মাজত তিনিগৰাকীৰ পিতৃভিঠা আছিল পূৰ্ববংগত। অৰ্থাৎ বৰ্তমানৰ বাংলাদেশত। তেওঁলোকৰ দেউতাক-মাক ভাৰত বিভাজনৰ পাছত পশ্চিমবংগলৈ গৈছে। মোৰ শহুৰৰো পিতৃ ভিঠা আছিল বাংলাদেশৰ টাঙাইলত। তেওঁ অৱশ্যে কুৰি শতিকাৰ আগ ভাগতে মণিপুৰলৈ গৈছিল আৰু ১৯৩০-৩২ ৰ পৰাই পৰিয়ালটোৰ একাংশ গুৱাহাটীৰ বাসিন্দা। সি যি কি নহওক আমাক বেঢ়ি লৈ চাৰ্কিট হাউছৰ ষ্টাফ বহিল কথা পাতিবলৈ। মোৰ শহুৰ টাঙাইলৰ বুলি শুনি টাঙাইল নিবাসী বাবুৰ্চি আব্দুল বাৰীয়ে উচ্ছাসত হাত চাপৰি বজাই ক'লে— ‘আপনি যহন এই দ্যাশেৰ বউ (বোৱাৰী), তাইলে এই হানে থাইক্যা যান।’ আমাক পাই তেওঁলোক উচ্ছ্বসিত। আমিও। আমাৰ কপালত যে এনে উষ্ণ আতিথেয়তা আছিল কল্পনাও কৰা নাছিলো। [ ৯৫ ]
স্বদেশলৈ প্ৰত্যাৱৰ্তন : বাংলাদেশ নিৰাপদ নহয় বুলি বহুতে কৈছিল, কিন্তু আমাৰ অভিজ্ঞতা সম্পূৰ্ণ বিপৰীত। কক্সবাজাৰৰ পৰা ওভতনি যাত্ৰাত নাইটছুপাৰত পৰম নিশ্চিন্তমনে ঢাকালৈ আহি আছিলো এনেতে মন কৰিলো একেলগে অহা এশাৰী নাইটছুপাৰৰ গতি স্তব্ধ হৈ পৰিছে। কোনে ৰখালে, কিয় ৰখালে খা-খবৰ কৰি কাৰণটো জনাৰ লগে লগে আমাৰ মগজু অচল হোৱা যেন পালো। গাৰ তেজ হিম হৈ আহিল। সন্মুখৰ বাছখনত হেনো ডকাইত উঠিছে। আমি পাছপৰ্টবোৰ আৰু কিছু টকা লুকুৱাই ৰাখি তেৰাসকলৰ আগমনলৈ বাট-চাই থাকিলো। শুভাকাংক্ষীসকলৰ বাধা নুশুনি মৰসাহ কৰি আহিছিলো, এতিয়া পা মজা, নিজকে ক’লো। খিৰিকীৰে জুমি চাই দেখিলো নাইটছুপাৰৰ কনভয়টো যথেষ্ট দীঘলীয়া৷ আচৰিত হৈ মন কৰিলো যাত্ৰীসকল নিঃশব্দে বহি আছে, ডকাইতসকলেও হাল্লা কৰা নাই। দুয়োপক্ষই ডিচিপ্লিনড্। বোধকৰো পিষ্টল দেখুৱাই লুট কৰি আছে। বলিৰ পঠা ছাগলী যেন লাগিছিল নিজকে। এটা সময়ত ডকাইতৰ দলটো আহি ড্ৰাইভাৰৰ লগত কথা পতাত লাগিল। ডকাইতো ইমান ভদ্ৰ নে! পিছে গম পালো কথা বেলেগহে। সিদিনা আছিল বাছ ধৰ্মঘট। গতিকে তেওঁলোকে গাড়ী অচল কৰি ৰাখিবলৈ চেষ্টা কৰিছিল। অৱশেষত এটা চৰ্তত মুক্তি পোৱা গ'ল। দোকমোকালিতে ঢাকা গৈ পোৱাৰ পাছত যেন চালকসকলে ষ্টিয়াৰিঙত হাত নলগায়। আমি স্বস্তিৰ নিঃশ্বাস কাঢ়িলো।
পিছদিনা দিনটো ঢাকাৰ দৰ্শনীয় ঠাইবোৰ — তাৰ ভিতৰত এটা আছিল শ্বেখ মুজিবৰ ৰহমানৰ ধানমণ্ডিৰ গুলীৰে থকাসৰকা কৰা অভিশপ্ত গৃহটো। ইয়াতে তেওঁক সপৰিয়ালে হত্যা কৰিছিল আততায়ীসকলে। আঠবছৰীয়া ৰাছেলৰ আৰ্তনাদ যেন শুনিবলৈ পাইছিলো তাত থিয় হৈ। সুদীৰ্ঘ পঁইত্ৰিশ বছৰ পাছত সম্প্ৰতি অপৰাধীসকলে মৃত্যুদণ্ড পালে।
গধূলি ভাৰত সীমান্তমুখী বাছখনত উঠাৰ দহ মিনিটমান পাছত শেষৰ শাৰীৰ যাত্ৰীসকলৰ মাজত কোহাল শুনিবলৈ পালো। হঠাতে গাড়ীৰ গতি ধীৰ হ’ল, নামি গ’ল কেইজনমান মানুহ। যাত্ৰীসকলে গাড়ীৰ চালকজনক পিটিবলৈ উদ্যত হ'ল। নামিবলৈ সুযোগ পোৱা মানুহকেইজন আছিল সঁচাকৈয়ে ডকাইত। সীমান্তলৈ যোৱা মানুহৰ হাতৰ পৰা বৈদেশিক মুদ্ৰা কাঢ়ি লৈ নিশ্চিন্তমনে পলাল সিহঁত। চালকৰ লগত যোগাযোগ আছিল বুলি সন্দেহ কৰি নিকটৱৰ্তী থানালৈ গাড়ীখন লৈ যোৱা হ’ল। তাত পুলিচৰ প্ৰহাৰত ড্ৰাইভাৰ আৰু কণ্ডাক্টৰৰ পিঠি হ’ল চিৰাচিৰ। সিহঁত বন্দী হ’ল লকআপত আৰু আমি মহৰ কামোৰ খাই বন্দী হৈ ৰ’লো চালকহীন গাড়ীত। [ ৯৬ ] পিছদিনা আমাৰ ভিছাৰ মিয়াদ শেষ।
ঘণ্টাৰ পাছত ঘণ্টা পাৰ হ’ল নতুন কোনো চালকৰ সাক্ষাৎ নিমিলিল। অৱশেষত মাজনিশা পৰিবহণ বিভাগৰ বিষয়া এজনে বাছত সোমাই যাত্ৰীসকলক উদ্দেশি ক’লে যে তেওঁৰ প্ৰিয় ড্ৰাইভাৰজন সম্পূৰ্ণ নিৰ্দোষী, তেওঁক জামিনত খালাচ কৰি অনা হৈছে। তেৱেঁই গাড়ী চলাই যাব, যাত্ৰীসকলে যেন তেওঁৰ লগত বেয়া ব্যৱহাৰ নকৰে। সিদিনা উপলব্ধি কৰিলো এজন গাড়ীচালকৰ গুৰুত্ব কিমান। গতিকে বেয়া ব্যৱহাৰ কৰা দূৰৈৰ কথা, আমি গাইপতি দহ টকাকৈ চান্দা তুলি চালকৰ হাতত অৰ্পিলো।
মাজনিশা গাড়ীৰ চকা ঘূৰিল যদিও আৰিচাঘাটলৈ আহি শুনিলো নৈ পাৰ হ’বলৈ জাহাজ নাই। পিছদিনা পুৱালৈ বাট চাব লাগিব। আকাশৰ তলত নৈ পাৰৰ বালিত তেতিয়া অসংখ্য ট্ৰাক, গাড়ী-মটৰ। চালক আৰু যাত্ৰীসকলৰ কিছুমানে বালিতে শুইছে, কিছুমানে ঘূৰি ফুৰিছে। মহিলা কেৱল আমি পাঁচজনীহে। ভয় লগাটো স্বাভাৱিক। পিছে এতিয়া ভাবিছো আমাৰ দেশতকৈ বাংলাদেশ অধিক নিৰাপদ।
দেশখনৰ সমতলভূমিৰ মাজেৰে আহি আহি আবেলি সীমান্ত পাওঁ পাওঁ হৈছিলো এনেতে লুঙী পিন্ধা ডেকাকেইজনমানে হাত দাঙি বাছখন ৰখালে। দিন-দুপৰতে আকৌ ডকাইতৰ আবিৰ্ভাৱ ঘটিল নেকি? ইয়াৰ পাছত সিহঁতৰ মুখত আমাৰ পাঁচজনীৰ নাম শুনিবলৈ পাই গাৰ তেজ আকৌ হিম হোৱা যেন পালো। জঁপিয়াই জঁপিয়াই বাছত উঠি সিহঁতে ক’লে আমাক হেনো ৰাতিপুৱাৰে পৰা প্ৰতিখন বাছত তেওঁলোকে বিচাৰি আছে। শুনি হৃদপিণ্ড স্তব্ধ হ’ল। হাতে হাতে চুটকেচবোৰ লৈ তেওঁলোকৰ কথামতে নামি আহিলো বাছৰ পৰা। আমাক বোধকৰো বাংলাদেশ চৰকাৰে গ্ৰেপ্তাৰ কৰিলে। ওচৰতে থকা টেক্সি এখনত আমাক উঠিবলৈ দি তেওঁলোক উঠিল আন এখনত। কেৱল ক’লে আমাক কাষ্টমচ অফিচলৈ লৈ গৈ আছে। কি বা অপৰাধ কৰিলো! অপৰাধৰ ভিতৰত ঢাকাই জামদানী শাৰী কিনিছিলো। সেইবোৰতে বোধহয় কিবা টেক্স দিব লাগিব। এজনীয়ে ক'লে টেক্সতো ল’ব ভাৰত চৰকাৰে। তেনেহ'লে কাষ্টমচে কিয় মাজবাটৰ পৰা ধৰি নিলে। এইদৰে নানা চিন্তা কৰি আহি আহি পালো কাষ্টমচ্ অফিচ। লুঙী পিন্ধাকেইটাই আমাক লৈ গ'ল কাষ্টমচ অফিচাৰৰ কোঠালৈ। আমি ভয়তে পেপুৱা লাগি সোমোৱাৰ লগে লগে বিষয়াগৰাকীয়ে ভক্তিত গদ্গদ হৈ আমাক বহিবলৈ দি ক’লে যে পুৱাৰ বাছতে আমি গৈ পাম বুলি ঢাকাৰ পৰা খবৰ পাইছে। সময়মতে আহি নোপোৱাৰ কাৰণটো ক’লো। মানুহজনৰ কথা শুনাৰ পিছত [ ৯৭ ] আমাৰ হৃদপিণ্ডবোৰ আকৌ সচল হ’ল। আকৌ নিজকে ভি ভি আই পি যেন লাগিল। চাহ-বিস্কুট খুৱাই লুঙী পিন্ধাকেইজনে ইমিগ্ৰেছন কাষ্টমচৰ বেৰ দুখন পাৰ কৰাই নো মেনছ লেণ্ডত আমাক লেণ্ড কৰাই দিলে। ডকাইত বুলি ভবা ডেকাকেইজনক ধন্যবাদ জনাই খোজকাঢ়ি আহি ভাৰত সীমান্ত সোমোৱাৰ লগে লগে সীমান্তৰক্ষী ভাৰতীয় জোৱান এজনে থাপ মাৰি আমাৰ হাতৰ পৰা পাছপ'ৰ্টবোৰ নিলে। কি কঠুৱা মাত আৰু অভদ্ৰ ব্যৱহাৰ তাৰ। তাক ধমকি এটা মাৰি ক’লো মানুহৰ লগত কেনে ব্যৱহাৰ কৰিব লাগে যদি নাজানে তেনেহ'লে বাংলাদেশত ট্ৰেইনিং ল’বলৈ যাওক।
আহিলো কাষ্টম্চ বিভাগলৈ। তাতো বহি আছিল সাক্ষাৎ যমদূতৰ দৰে মানুহ এটা। আচাৰ-ব্যৱহাৰত নিকৃষ্ট। পাছপ'ৰ্টবোৰ হাতত লৈ চুটকেচবোৰ খুলিবলৈ হুকুম দিলে। অলপ আগতে মধুৰ ব্যৱহাৰ পাইছিলো বাংলাদেশী কাষ্টম্চ বিষয়াৰ পৰা। ভাৰতীয়জনে আমাৰ শাৰীবোৰ উলিয়াই এশটামান প্ৰশ্ন কৰিবলৈ ধৰিলে। বুজিলো তাক ঘোচ লাগে। নহ'লে ১০০ শতাংশ টেক্স দিব লাগিব। ইফালে আমাৰ কলকাতালৈ যাবলৈ শেষ ট্ৰেইনখন এৰিবৰ হৈছিল। কোনোমতে সি পাছপৰ্টকেইখন নিদিয়ে। অৱশেষত আমাৰ লগৰ এজনীয়ে বাংলা কোৱা বাদ দি মানুহজনৰ লগত কনভেণ্টত শিকা উচ্চাৰণেৰে আখৈ ফুটা দি ইংৰাজী বাক্যবাণ মাৰিবলৈ ধৰিলে। নিমিষতে কাষ্টম্ম্চ বীজন বশীভূত হৈ পাছপ'ৰ্ট আৰু চুটকেচবোৰ ওভোতাই দিলে। চাহাবহঁতে কাহানিবাই ভাৰত এৰিলে যদিও তেওঁলোকৰ বগা ছালখনৰ আৰু ভাষাৰ প্ৰতি আমাৰ দুৰ্বলতা কমা নাই।
এই প্ৰসংগতে মনত পৰিল পুনেত ঘটা ঘটনা এটালৈ। ১৯৭২ চনত আমাৰ ঘৰলৈ অক্সফোৰ্ডৰ পৰা এগৰাকী ভাৰতীয়মূলৰ মহিলা আহিছিল। পুনেৰ চাবলগীয়া ঠাইবোৰ দেখুৱাই এদিন লৈ গৈছিলো পুনে ফিল্ম ইনষ্টিটিউটলৈ। আবেলি চাৰি বজাৰ আগতে দৰ্শকৰ বাবে প্ৰতিষ্ঠানটোৰ দুৱাৰ মুকলি নহয় বুলি দাৰোৱানজনে কোৱাত আমি গছ এজোপাৰ তলত চাৰি বজালৈ বাট চাই বহি থাকিলো। নিপন গোস্বামীহঁত তাত ছাত্ৰ হৈ থাকোতে আমাৰ বাবে ইনষ্টিটিউটৰ দুৱাৰ সদায় খোলা আছিল। যি কি নহওক আমি নিয়ম মানি চলা নাগৰিক, গতিকে পুৰণি সম্পৰ্কৰ কথা নুলিয়ালো।
হঠাতে দেখিলো লিলিয়ানা নামৰ যুগোশ্লাভ ছোৱালীজনী তাইৰ পঞ্জাৱী বন্ধু অনিলৰ মটৰ চাইকেলৰ পাছফালে বহি ফিল্ম ইনষ্টিটিউটৰ চৌহদত সোমাইছে। একেজন দাৰোৱানৰ লগত ক্ষন্তেক কথা পতাৰ পাছত ভিতৰলৈ যাবলৈ মটৰ চাইকেলত ষ্টাৰ্ট দিয়াৰ সময়তে দুয়ো মোক দেখা পাই ওচৰলৈ আহিল। তেওঁলোক যোৱাৰ [ ৯৮ ] পাছত দৰোৱানজনে মোক সুধিলে— ‘আপ ৱহ মেম চাহাবকো পহ্চানতে হ্যেয়?’ পাওঁ বুলি কোৱাত দাৰোৱানে মোক সোমাবলৈ ভিছা দিলে। আমি অৱশ্যে চাৰি বজাতে সোমাম বুলি ক'লো। ছালৰ ৰংটোৰ বাবে দাৰোৱানে অক্সফোর্ডৰ পৰা অহা মানুহগৰাকীক লিলিয়ানাতকৈ নিম্নতৰ শ্ৰেণীভুক্ত বুলি গণ্য কৰিছিল।