বাকীছোৱা জীৱন/চিকিৎসা সেৱাৰ শ্ৰেষ্ঠ নিদর্শন দেখিলো : হলেণ্ডত

[ ২৯২ ]

চিকিৎসা সেৱাৰ শ্ৰেষ্ঠ নিদর্শন দেখিলো : হলেণ্ডত

 স্বীকাৰ কৰো চিকিৎসকসকলেও চিকিৎসা কৰে জীৱননিৰ্বাহ কৰিবলৈ। এইটো তেওঁলোকৰ পেচা। কিন্তু অন্য পেচাৰ লগত ইয়াৰ এটা নীতিগত পার্থক্য আছে, যিটো কাৰণে আমাৰ ধাৰণা চিকিৎসা সেৱাক শ্ৰেষ্ঠ পেচা বুলি ভবা হয়। চিকিৎসকক আমি ভগৱান বুলি নাভাবো নে? মানৱদৰদী হোৱাটো চিকিৎসকৰ এটা শ্ৰেষ্ঠ গুণ। জাতি-ধর্ম-বর্ণ-ভাষা নির্বিশেষে তেওঁলোকে যে ব্যাধিগ্রস্তজনৰ চিকিৎসা কৰে তাৰ এটা শ্রেষ্ঠ নিদর্শন দেখিছিলো আমাৰ সম্পৰ্কীয় চাপৰবাসী ননী পেহীৰ ক্ষেত্ৰত।

 পেহীৰ পুতেক ড° প্রশান্ত কলিতা আমেৰিকাৰ ইলিনয় বিশ্ববিদ্যালয়ত এগ্রিকালচাৰেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক। এবাৰ দুজন সংগীৰে সৈতে পেহী ওলাইছিল পুতেকৰ ঘৰলৈ। যাবৰ সময়ত হলেণ্ডৰ আমষ্টাডাম বিমানকোঠত বিমান সলাবলগীয়া হৈছিল তেওঁলোকে। হঠাতে পেহী অসুস্থ হোৱাত বিমানকোঠৰ ডাক্তৰে পৰীক্ষা কৰি তেওঁক হাস্পতালত ভৰ্তি কৰাবলৈ পৰামৰ্শ দিয়ে। বিমান কোম্পানীয়ে হাস্পতালৰ ইনটেনছিভ কেয়াৰ ইউনিটত সুমুৱাই দিলে যদিও বাকী দুজনৰ ভৰিৰ তলত মাটি নোহোৱা অৱস্থা। হলেণ্ডৰ ভিছা আদি কৰি প্ৰশান্ত আমষ্টাৰডাম পায় মানে দুটা দিন পাৰ হ'ল।

 বিদেশত চিকিৎসা কৰোৱা ব্যয়বহুল। বীমা নাথাকিলে সর্বনাশ। কিন্তু পেহীৰ [ ২৯৩ ] চিকিৎসাত ত্ৰুটি নহ'ল। ভৰ্তি কৰিবৰ আগত আগধন নিবিচাৰিলে। চিকিৎসকসকলৰ প্ৰধান কৰ্তব্য ৰোগীৰ চিকিৎসা, টকা-পইচাৰ লেনদেন পাছত। ৰোগী কোন দেশৰ, কোন ধৰ্মাৱলম্বী, কোন ভাষা-ভাষী, ধনী নে দুখীয়া, শ্বেতাংগ-পীতাংগ নে কৃষ্ণাংগ একো বিচাৰ নকৰিলে চিকিৎসা দানৰ ক্ষেত্ৰত। মহাবিপদৰ মাজতো আমষ্টাৰডামৰ চিকিৎসালয়ৰ অকল্পনীয় সু-ব্যৱস্থা দেখি সকাহ পালে ঘৰৰ মানুহে। নাৰ্ছসকলৰ ব্যৱহাৰ, সেৱা-শুশ্ৰূষাৰ ধৰণ-ধাৰণ দেখি প্ৰশান্তৰ হেনো ফ্লোৰেন্স নাইটিংগেললৈ মনত পৰিছিল। ননী পেহীৰ কোঠাত ওলোমাই থোৱা হৈছিল তেওঁৰ স্বামী-পুত্ৰ-কন্যা আৰু আপোনজনৰ ছবি, যাতে তেওঁ অকলশৰীয়াবোধ নকৰে।

 চাৰিওপিনে সু-ব্যৱস্থা আছিল যদিও স্বাস্থ্য বীমা নথকা বাবে প্ৰশান্তই খৰচৰ চিন্তা কৰিবলগীয়া হ’ল। ছুটীৰ কথাও ভাবিবলগীয়া হ’ল। তিনিখন মহাদেশ জড়িত পেহীৰ বেমাৰৰ লগত। ৰোগী এছিয়াৰ, চিকিৎসা ইউৰোপত আৰু চিকিৎসাৰ দায়িত্ব আমেৰিকাবাসী চাকৰিয়ালৰ। ঘোৰ সমস্যা। মহা বিপদ।

 ছুটীৰ ফালৰ পৰা প্ৰশান্ত নিশ্চিন্ত হ’ল। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মাকৰ চিকিৎসাক প্ৰাধান্য দি দীঘলীয়া ছুটী মঞ্জুৰ কৰিলে। হাস্পতাল কৰ্তৃপক্ষই চিকিৎসাৰ খৰচ এতিয়া নিদিলেও চিকিৎসাৰ ত্ৰুটি নহ'ব বুলি কৈ প্ৰশান্তক সকাহ দিলে। ইতিমধ্যে জানিব পৰা গ'ল দক্ষিণ আফ্ৰিকা নাইবা দক্ষিণ আমেৰিকাৰ এবিধ বিৰল ভাইৰাছৰৰ দ্বাৰা পেহী বিমান যাত্ৰাত আক্ৰান্ত হৈছিল। ইচ্ছা কৰা হ'লে প্ৰশান্তই বিমান কোম্পানীৰ বিৰুদ্ধে মোকৰ্দমা কৰিব পাৰিলেহেঁতেন। পাছত শুনিছো এইটো বিমান কোম্পানী আৰু আন দুটামান বিমান কোম্পানীৰ বিৰুদ্ধে মোকৰ্দমা কৰিছে কেইগৰাকীমান ৰোগাক্ৰান্ত আৰু মৃত পৰিয়ালৰ মানুহে। আচলতে আমি এইবোৰ বিষয়ত কেঁচা। জনা হ’লে ভুল ছাৰ্জাৰী কৰি মোক দুবছৰৰ বাবে শয্যাগত কৰি ৰখা কলকাতাৰ ছাৰ্জনৰ বিৰুদ্ধে আদালতলৈ যাব পাৰিলোহেঁতেন। কেতিয়াবা জানিলেও আমি এলাহতে বা আন কিবা কাৰণে মনৰ জোৰ হেৰুৱাওঁ।

 গুৱাহাটীৰ জোঁৱাই এজনৰ লগত পুনেত আমাৰ ঘনিষ্ঠতা আছিল। শুনিছিলো পুনেৰ বিখ্যাত নাৰ্ছিং হোম এখনত অস্ত্ৰোপচাৰ কৰিও তেওঁৰ পেটৰ ৰোগটো ভালতো নহ'লেই বৰঞ্চ পেটৰ বিষ বাঢ়িবলৈহে ধৰিছিল। ছাৰ্জনৰ ওচৰলৈ গ'লে তেওঁ ধমকি মাৰি কয় যে ৰোগীৰ মানসিক ব্যাধি হৈছে। অৱশেষত বন্ধু-বান্ধৱৰ পৰামৰ্শ মতে এজন বন্ধুৰ লগত কলকাতালৈ ৰাওনা হ’ল। কলকাতা আহি পোৱাৰ কিছু আগৰেপৰা মানুহজনৰ বিষ ইমানে বাঢ়িল যে হাওড়া ষ্টেচনৰপৰা তেওঁক পোনে পোনে কাষৰ [ ২৯৪ ] হাস্পতাল এখনলৈ লৈ যোৱা হ'ল। ইমাৰ্জেন্সি বিভাগৰ চিকিৎসকে ৰোগীৰ কটা ঠাইডোখৰ চায়ে তুৰন্তে ওলাই গৈ মুহূৰ্তৰ ভিতৰত চাৰিটা পাহুৱাল ৱাৰ্ড বয়ক লৈ আহিল। ৰোগী হতবাক। পাহুৱাল চাৰিজনে ৰোগীক আক্ৰমণ কৰা দি তেওঁৰ হাত-ভৰি চাৰিখন হেঁচা মাৰি ধৰিলে। ৰোগীৰ ধাৰণা হৈছিল ইহঁত চাৰিটা যমৰজাৰ দূত। তেওঁক নিবলৈ আহিছে। তেনে অৱস্থাত ডাক্তৰ এজনে কটা ঠাইডোখৰৰ পৰা টান মাৰি কিবা এটা উলিয়ালে। তাকে কৰোতে ৰোগীয়ে ইমান দুখ পাইছিল যে সেই দুখৰ প্ৰাবল্য ভাষাৰে প্ৰকাশ কৰা টান।

 পাছত জনা গ'ল পুনেৰ নাৰ্ছিং হোমৰ ছাৰ্জনে ৰোগীৰ পেটটো চিলাই কৰোতে দীঘলীয়া গজ এডাল পেটৰ ভিতৰতে থৈ দিছিল। কলকাতাৰ ডাক্তৰে তেওঁৰ কটা ঘাটো চাওঁতে চিলাই ফাটি গজৰ এটা অংশ ওলাই অহা দেখা পাই উপলদ্ধি কৰিলে যে ৰোগীক অ’টিলৈ লৈ গৈ এনাছথেছিয়া দিয়ে মানে কলিজা বন্ধ হৈ যাব পাৰে। আনহাতে স্বাভাৱিক অৱস্থাত গজডাল উলিয়ালে ৰোগীয়ে অসহ্য যন্ত্ৰণা পাব। মুহূৰ্ততে ইমাৰ্জেন্সিৰ চিকিৎসকজনে হেঁচি ধৰি গজডাল টানি উলিওৱাৰ সিদ্ধান্ত লৈছিল। জোঁৱাইক পাছত বহুতে পৰামৰ্শ দিছিল পুনেৰ ছাৰ্জনজনৰ বিৰুদ্ধে গোচৰ তৰিবলৈ, পিছে ধৰ্মভীৰু মানুহজন কোনোমতেই মান্তি নহ’ল। জীৱনটো যে ঘূৰাই পালে ইয়ে পৰম সৌভাগ্য বুলি ভাবে তেওঁ।

 প্ৰশান্তয়ো ভাবে ছুটী পাইছে, আগধন নিদিয়াকৈ সু-চিকিৎসা পাইছে আৰু কিবা লাগেনে? এতিয়া মাক সুস্থ হ’লেই হয়। পিছে তেওঁ সুস্থ হৈ নুঠিল। পেহী এনেয়ে আছিল দুৰ্বল, তাতে আক্ৰান্ত হ’ল বিদেশী ভাইৰাছৰ দ্বাৰা। অৱশেষত তিনি মাহৰ মূৰত তেওঁক ঘৰলৈ ওভোতাই অনাৰ দিহা কৰিলে। দিল্লীলৈকে ৰোগীৰ লগত আহিল দুগৰাকী হলেণ্ডৰ ডাক্তৰ।

 নিজৰ দেশত নামি দেখিলে আগতীয়াকৈ ব্যৱস্থা কৰা সত্ত্বেও এম্বুলেন্স আহি পোৱা নাই। বিমান বন্দৰতে কটালে মুমূৰ্ষু ৰোগীজনে দুঘণ্টা। এটা সপ্তাহ দিল্লীৰ হাস্পতালত থকাৰ পাছত উৰুৱাই অনা হ'ল গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা এম্বুলেন্সৰে চাপৰলৈ, পিছদিনা নিজাঘৰত পেহীয়ে শেষ নিশ্বাস ত্যাগ কৰিলে।

 মানুহে কোৱা-কুই কৰিলে প্ৰশান্ত ভিকহু হ’ল। কোনোবাই ক’লে আমেৰিকাৰ ঘৰ-দুৱাৰ বেচিলে। মানুহৰ দোষ নাই। আমাৰ ইয়াত হ’লেও দীঘলীয়া চিকিৎসা বাবদ কেইবা লাখ লাগিলহেঁতেন। প্ৰশান্তই পাছত কৈছিল ভিকহুও হোৱা নাই, ঘৰো বেচা নাই। ধাৰো কৰা নাই। মাকক বচাব নোৱাৰিলেও হলেণ্ডৰ হাস্পতালৰ ডাক্তৰ, [ ২৯৫ ] নাৰ্ছ আৰু অন্যান্যসকলৰ প্ৰশংসাত পঞ্চমুখ হৈ কৈছিল— ‘মানুহ যে ইমান সুসভ্য হ'ব পাৰে, ইমান উচ্চস্তৰৰ মানৱ হ'ব পাৰে, সেৱাপৰায়ণ হ’ব পাৰে নিজৰ অভিজ্ঞতা নহ'লে হয়তো বিশ্বাস নকৰিলোহেঁতেন’। দিল্লীলৈ লগত অহা ডাক্তৰ দুজনে অহা-যোৱা আৰু এৰাতি থকা খৰচৰ বাহিৰে আন একো নিয়া নাছিল।

 হাস্পতালৰ বিল হৈছিল বিৰাট অংকৰ। হাস্পতাল কৰ্তৃপক্ষই প্ৰশান্তৰ প্ৰতি সহানুভূতিশীল হৈ তেওঁলোকৰ প্ৰাপ্য ধন অতি সামান্য — almost zero percent- সুতত ধীৰে ধীৰে পৰিশোধ কৰিবলৈ পৰামৰ্শ দিয়ে।

 বিশ্বৰ আগশাৰীৰ দেশবোৰ অৰ্থনৈতিক দিশৰ পৰাই নহয় মানৱতাৰ ফালৰ পৰাও চহকী। প্ৰশান্তই কৈছিল— ‘জীৱনত যদি মই কিবা সঞ্চয় কৰিব পাৰো তেন্তে সেই সঞ্চয়ৰ ধন আমষ্টাডামৰ হাস্পাতালখনত দান দি যাম'।

 বিশ্ববিদ্যালয়ৰ প্ৰতিও তেওঁ কৃতজ্ঞ আৰু শ্ৰদ্ধাশীল। এটা পাই পইচা দৰমহা নকটাকৈ দুমাহৰ ছুটী দিছিল। শুনি মনত পৰিছিল পঞ্চাশৰ দশকত গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে নিযুক্ত ভূপেন হাজৰিকালৈ। ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ ৰাছিয়াত অনুষ্ঠিত যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিছিল তেওঁ। তেতিয়াৰ দিনত বিমান সেৱা আজিৰ দৰে উন্নত নাছিল। আহি পাওঁতে তিনি দিন পলম হোৱা বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁৰ তিনি দিনৰ দৰমহা কৰ্তন কৰাত অপমানিত ভূপেন হাজৰিকাই আৰ্থিক অৱস্থা সচ্ছল নোহোৱা সত্ত্বেও চাকৰিত ইস্তাফা দি কলকাতালৈ যোৱাৰ কথা আজি সকলোৱে জানে।

 ডাঃ অশ্বিনী চৌধুৰী নামৰ আমেৰিকাবাসী অসমীয়া ডাক্তৰ এগৰাকীয়ে কৈছিল কোনো ৰোগী হাস্পতাললৈ আহিলে তেওঁ কোন দেশৰ, পইচা দিব পাৰিব নে নাই অনুসন্ধান কৰা নহয়। তেওঁৰ একমাত্ৰ চিনাকি তেওঁ এজন চিকিৎসা বিচাৰি অহা ৰোগী। মেক্সিকোৰ সীমা পাৰ হৈ বহু দৰিদ্ৰ মেক্সিকান হেনো আমেৰিকাৰ হাস্পতালৰ সন্মুখত পৰি থাকে চিকিৎসাৰ আশাত।

 আমেৰিকাৰ কলেজ এখনত পাঠৰত এজন কলকতীয়া ছাত্ৰৰ মাক এবাৰ পুতেকক লগ পাবলৈ তালৈ গৈছিল, নাজানো কিয়, স্বাস্থ্য বীমা নকৰোৱাকৈ। হঠাতে মাক অসুস্থ হ’ল। দুয়োৰে মূৰত বজ্ৰাঘাত। ছাত্ৰ এজনৰ পক্ষে সেইখন দেশৰ ব্যয়বহুলচিকিৎসা কৰোৱা অসম্ভৱ। গতিকে মাকক হাস্পতালত নমাই দি তেওঁ গুচি আহিল। কলকাতাৰ ঠিকনা দি মাক ভৰ্তি হ’ল। পুতেকজনে আলেঙে আলেঙে থাকি মাকক চাইছিল। অৱশেষত কলকাতাৰ ঠিকনালৈ গ'ল বিৰাট অংকৰ হৃদপিণ্ড স্তব্ধকাৰী বিল [ ২৯৬ ] এখন। কাহিনীটো কৈছিল ছাত্ৰজনৰ পত্নীয়ে। চাকৰি পোৱাৰ পাছত তেওঁ অলপ অলপকৈ ধাৰ মাৰিছিল। কিছুমানে একো নিদিয়াকৈ মনে মনে থাকে।

 আমাৰ ধাৰণা চহকী দেশৰ মানুহ নিৰ্দয় হয়, বিশেষকৈ তৃতীয় বিশ্বৰ মানুহৰ প্ৰতি। অভিজ্ঞতাৰ ভিত্তিত কওঁ কথাষাৰ সত্য নহয়। এবাৰ দাঁতৰ বিষত দন্ত চিকিৎসকৰ ওচৰলৈ যাবলগীয়া হৈছিলো। ভাৰতত বীমা কৰাই নিলেও দাঁত আৰু চকুৰ চিকিৎসা বীমাৰ অন্তৰ্ভুক্ত নহয়। মোৰ বীমা নাই বুলি শুনি ডাক্তৰৰ বোধকৰো পুতৌ হ’ল। অচিনাকি মানুহজনে মোৰ পৰা তেওঁৰ প্ৰাপ্য টকা অলপ কমকৈ লৈছিল। আনকি দৰব দোকানীয়েও মোৰ মুখলৈ চাই জ্যেষ্ঠ নাগৰিক যেন পাই দৰৱৰ দামো কমাই ললে। দুয়োৰে প্রতি কৃতজ্ঞতাত মোৰ চকু সেমেকি উঠিছিল।

 প্রশান্ত কলিতাই কৈছিল, ‘চহকী দেশৰ মানুহৰ মনবোৰো চহকী। দয়ালু, কর্তব্যপৰায়ণ, মানৱৰদী, সহানুভূতিশীল আদি শব্দবোৰৰ অৰ্থ কি ঘোৰ বিপদত বুজি পালো’।