বাকীছোৱা জীৱন/খেনোৱে কয় মই হেনো প্ৰো-আমেৰিকান আৰু প্ৰো বাঙালী
খেনোৱে কয় মই হেনো প্রো-আমেৰিকান আৰু প্ৰো-বাঙালী
আমাৰ একমাত্র সন্তান আমেৰিকাবাসী হোৱা বাবে মাজে-সময়ে স্বাভাৱিক কাৰণে তালৈ যাওঁ। বিশাল দেশ। ভাৰততকৈ আয়তনত তিনিগুণ ডাঙৰ। দেশখন তন্নতন্নকৈ চোৱা অসম্ভৱ যদিও প্রতিবাৰেই নতুন নতুন ঠাইলৈ গৈ অভিজ্ঞতা সঞ্চয় কৰিছো। প্ৰথম দৰ্শনৰ অভিজ্ঞতা মোৰ ভ্ৰমণকাহিনীখনত লিখা বুলি ইতিমধ্যে উল্লেখ কৰা [ ২২৪ ]
■ নাতিক কোলাত লৈ পুত্ৰৰ সৈতে লেখিকা |
কিছুমানে কোৱা শুনো একমাত্র পুতেকে মাক-দেউতাকক ইয়াত পেলাই থৈ বিদেশবাসী হৈছে। আজিৰ যুগত আমি প্ৰায়বোৰ পৰিয়ালতে দেখা পাওঁ ল'ৰা-ছোৱালীহঁতে সুযোগ-সুবিধা পালে আন ঠাইলৈ যায় চাকৰিৰ সন্ধানত। আনকি গাঁৱৰ ল’ৰা-ছোৱালীও জীৱিকাৰ সন্ধানত চহৰ-নগৰলৈ আহে। অৰ্থাৎ কৃষিভিত্তিক সমাজৰ মানুহো বর্তমান যুগত চহৰমুখী হ’বলৈ বাধ্য হৈছে। দিল্লী-কলকাতাত আগতেই দেখিছো, এতিয়া গুৱাহাটীতো দেখো বহু পৰিয়ালৰ ল’ৰা-ছোৱালী অসমৰ বাহিৰত চাকৰি কৰা বাবে মাক-দেউতাক অকলে থাকিবলগীয়া হয় নাইবা নিজৰ ঘৰ এৰি তেওঁলোক পুতেকৰ লগত থাকেগৈ।
উচ্চ শিক্ষার্থে আমাৰ ল’ৰাক আমেৰিকালৈ যাবলৈ অনুপ্ৰেৰণা যোগোৱা মানুহজনী মই। তাত থাকি যোৱাৰ ইচ্ছা তাৰ নাছিল। পি এইচ ডি প্রগ্রাম শেষ হোৱাৰ আগে আগে সি ভাৰতলৈ আহি খড়গপুৰ আই আই টিত তাৰ শিক্ষাগুৰুৰ সৈতে ইয়াত গৱেষণাধর্মী কাম-কাজৰ সা-সুবিধাৰ বিষয়ে আলোচনা কৰিছিল। তেওঁ কৈছিল গৱেষণামূলক কাম কৰিব খুজিলে আমেৰিকাত কৰাই ভাল। ‘নিশ্চিন্ত মনেৰে কাম কৰিব পাৰিবা। গৱেষক কোন দেশৰ, কোন জাতৰ সেই চিন্তা তেওঁলোকে নকৰে। তেওঁলোকক লগে পৰিশ্ৰমী, দক্ষ ব্যক্তি। আমাৰ চৰকাৰৰ ৰঙাফিতা সংস্কৃতিৰ ভিতৰত থাকি গৱেষণা কৰা সহজ নহয়। দেখা নাই আমাৰ হতাশাগ্রস্ত বিজ্ঞানীসকলে কেনেকৈ আত্মহত্যাৰ পথ বাছি লয়।’
এনেবোৰ হেঙাৰ সম্ভৱতঃ আজি নাই। মই ১৯৮৮-৮৯ ৰ কথা কৈছো। এই প্ৰসংগত মনত পৰিল বিজ্ঞানী ডাঃ সুভাষ মুখাৰ্জীলৈ। ইন-ভিট্ৰ ফার্টিলাইজেশ্যন ( IVF ) নামৰ এটা প্ৰযুক্তিৰে বিশ্বৰ প্ৰথমজনী শিশু কন্যা লুইছ ব্ৰাউনৰ মানচেষ্টাৰত [ ২২৬ ] জন্ম হৈছিল ১৯৭৮ চনৰ ২৫ জুলাইত। সহজ ভাষাত এওঁলোকক আমি টেষ্টটিউব বেবী বুলি কওঁ। তাইৰ জন্মৰ তিনি মাহ পাছত ১৯৭৮ চনৰ ৩ অক্টোবৰত বিশ্বৰ দ্বিতীয়জনী টেষ্টটিউব বেবী দুৰ্গাৰ জন্ম হয় কলকাতাত। কৃত্রিম প্রজনন পদ্ধতিত জন্মলাভ কৰা দুৰ্গাৰ আগমনৰ আঁৰত আছিল ৰিপ্ৰডাকটিভ্ বিজ্ঞানী সুভাষ মুখার্জী। আমি তেতিয়া কলকাতাত। হৈ চৈ লাগিল। মানুহে বিশ্বাস কৰিবলৈ টান পালে যে এজন বাঙালীয়ে এনে এটা কাম কৰিব পাৰে। তেওঁক ঠগ, প্ৰৱঞ্চক, ধোকেবাজ আদি শব্দেৰে সমালোচনা কৰিবলৈ ধৰিলে বিদগ্ধমহলেও। আনকি আমোলাতন্ত্ৰই তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লৈছিল। লাজ-অপমান সহ্য কৰিব নোৱাৰি ১৯৮১ চনৰ ১৯ জুলাই তাৰিখে সুভাষ মুখার্জীয়ে আত্মহত্যা কৰে।
ডাঃ মুখার্জীয়ে লিখি থৈ যোৱা গৱেষণামূলক ৰচনাসমূহ পৰৱৰ্তী বিজ্ঞানীসকলে পাঠ কৰি নতুনকৈ তাৰ মূল্যায়ন কৰিছে। ডাঃ মুখাৰ্জীৰ আছিল এটা নিজস্ব টেক্নিক। ২০০৫ চনত ইণ্ডিয়ান মেডিকেল কাউন্সিলে কিছুমান বিষয়ত তেওঁক বাটকটীয়াৰ সন্মান যাচিছে। সেইবোৰ টেক্নিক পৰৱৰ্তী সময়ত কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে। কিন্তু মূৰ্খ আৰু হিংসাকুৰীয়া তেওঁৰ সতীৰ্থসকলে বিজ্ঞানীগৰাকীক অপমানজনক বাক্যবাণেৰে থকাসৰকা কৰিছিল। ১৯৯৭ চনত ভাৰতীয় জ্যেষ্ঠ প্রজনন বিজ্ঞানী টি চি আনন্দ কুমাৰে Current Science নামৰ এখন জাৰ্নেলত লিখিছে যে পশ্চিমবংগ চৰকাৰে মুখার্জীৰ কাম-কাজবোৰ পৰীক্ষা কৰিবলৈ যিখন তদন্ত কমিটী গঠন কৰিছিল তাত থকা কোনো এজন বিশেষজ্ঞ বিজ্ঞানীগৰাকীৰ কামৰ মূল্যায়ন কৰাৰ যোগ্য নাছিল। তেওঁ আচৰিত হৈ প্ৰশ্ন কৰিছে চৰকাৰে কি যুক্তিত সম্পূর্ণ অচিনাকি ক্ষেত্ৰৰ বিশেষজ্ঞ এজনক তদন্ত কমিটীৰ শীৰ্ষত স্থান দিলে। গৱেষণাপত্র নিজা খৰচত পাঠ কৰিবলৈ জাপানৰ বিশ্ববিদ্যালয় এখনে আমন্ত্ৰণ কৰা চেমিনাৰ এখনলৈ পশ্চিমবংগ চৰকাৰে মুখাৰ্জীক অনুমতি দিয়া নাছিল। তাৰ পৰিবৰ্তে তেওঁক এনে এটা বিভাগলৈ বদলি কৰিছিল যিটো বিষয়ত ডাঃ মুখার্জীৰ পাৰদৰ্শিতা নাই। ইয়াৰ এমাহ পাছতে তেওঁ আত্মঘাতী হৈছিল। তেওঁৰ মৃত্যুৰ বহু বছৰ পাছত সত্য উদ্ঘাটন কৰিলে উল্লিখিত বিজ্ঞানী আনন্দ কুমাৰে।
বিশ্বৰ প্ৰথমগৰাকী টেষ্টটিউব বেবীৰ জন্মৰ আঁৰত থকা বিজ্ঞানী ৰবাৰ্টছ এডোৱাৰ্ডছে ২০১০ চনৰ চিকিৎসা বিজ্ঞানলৈ আগবঢ়োৱা নবেল বঁটাটো লাভ কৰিছে; সুভাষ মুখাৰ্জীয়ে কি লাভ কৰিলে? অপমান।
যিয়েই নহওক কেৱল আমাৰ ল’ৰাহে আমেৰিকাত থাকেনে? অসমৰ বহু মানুহ [ ২২৭ ] আমেৰিকা, ইংলেণ্ড, অষ্ট্ৰেলিয়াকে ধৰি বহু দেশত গিজগিজাই আছে। তেনেহ'লে তেওঁলোকৰ মাক-দেউতাকো ‘প্ৰো’। কেতিয়াবা কৌতুকবোধ কৰো যেতিয়া আমেৰিকাবিদ্বেষীসকলক ফ্ৰীজৰ পৰা উলিয়াই বৰফশীতল কোকাকোলা খোৱা দেখো। নাইবা মে’ ডেত ডিঙিৰ সিৰা ফুলাই বিশ্বৰ শ্ৰমিকক এক হোৱাৰ আহ্বান জনোৱা শুনো। মে’ ডে নো কোন দেশৰ শ্ৰমিকে প্ৰথম কৰা আন্দোলনৰ ফলত প্ৰতিষ্ঠা লাভ কৰিছে। একেদৰে ৮ মাৰ্চ নাৰী দিৱস পালন কৰা কিছু আমেৰিকাবিদ্বেষী মহিলায়ো পাহৰি যায় কোন দেশৰ আন্দোলনকাৰী নাৰী শ্ৰমিকক ওলগ জনাবলৈ সমাজতান্ত্ৰিক নেত্ৰী ক্লাৰা জেটকিনে ৮ মাৰ্চ তাৰিখটো বিশ্ব নাৰী দিৱস হিচাপে পালন কৰিবলৈ আহ্বান জনাইছিল।
মই আমেৰিকালৈ যাওঁ, সেই দেশৰ কথা লিখো আৰু মোৰ পুত্ৰ তাত থাকে বাবে মই যেনিবা প্ৰো-আমেৰিকান বুলি জনাজাত হ'লো। পিছে প্ৰো-বাঙালী স্টাম্প এটা মোৰ পিঠিত কিয়বা মৰা হ’ল? আমাৰ গৃহস্থ বাঙালী বাবে? তেওঁ যে জন্মগত সূত্ৰে বাঙালী মই কেতিয়াবা পাহৰিয়ে যাওঁ। পঁইত্ৰিশ বছৰ অসমৰ বাহিৰত কটোৱাৰ পাছত অৱসৰ গ্ৰহণ কৰাৰ লগে লগে অসমলৈ উভতি আহিবলৈ, বিশেষকৈ কলকাতাৰ পৰা, ব্যাকুল হোৱা মানুহজনক, অসমৰ ইতিহাস-সমাজ আদিৰ অধ্যয়নৰ বাবে দিনে-ৰাতি কাম কৰা মানুহজনক বাঙালী কওঁ কেনেকৈ? গতিকে মইনো কি কাৰণে প্ৰো-বাঙালী বিশ্লেষণটো লাভ কৰিলো আজিও গম নাপালো। অৱশ্যে সেইদৰে কথা কৈ যদি কোনোবাই মানসিক শান্তি লাভ কৰে কৈ থাকক। ময়ো মেলি থাকো মোৰ বকলাখন।
মাক-দেউতাকৰ পৰা আঁতৰত থাকিলেই তেওঁলোকক অৱজ্ঞা কৰা নুবুজায়। অনেকে একেলগে থাকিও তেওঁলোকক বোজা বুলি ভাবে। এনে স্বভাৱৰ পুত্ৰ-কন্যাৰ অভাৱ নাই আজিৰ এই স্বাৰ্থপৰ সমাজখনত। সেই ফালৰ পৰা নিজকে ভাগ্যৱান বুলিয়ে ভাবো। আজি স্কুল-কলেজৰ শিক্ষকসকলে পেন্সন পায়। আমাৰ গৃহস্থহঁতৰ সময়ত এই সুবিধা নাছিল৷ তদুপৰি দৰমহাও আছিল কম। এনে অৱস্থাত তেওঁলোকে বাকী জীৱনটো কটাবলৈ কিমান টকা জমাব পাৰে অলপ চিন্তা কৰিলেই উপলব্ধি কৰিব পাৰি। তেনেহ'লে আমিনো কেনেকৈ জীয়াই আছো। ঘৰৰ পৰা বহু আঁতৰত থকা ল’ৰা-বোৱাৰীয়ে আমাক অৱজ্ঞা নকৰা বাবেইতো? অৱশ্যে আমাৰো অলপ-অচৰপ উপাৰ্জন নথকা নহয়, পিছে আজিৰ দৰবৃদ্ধিৰ সময়ত জীৱন ধাৰণ কৰাটোৱে এটা সমস্যা।[ ২২৮ ]
■ সৰু নাতি অনুভৱৰ স্কুল চৌহদত লেখিকা' |
যাওক বাৰু সেইবোৰ কথা। আমাৰ ল'ৰাই তেওঁলোকৰ লগত থাকিবলৈ বহুবাৰ কৈছে। তাত থকা হ’লে আমি জ্যেষ্ঠ নাগৰিক হিচাপে বহু সুবিধা পালোহেঁতেন। এই সুবিধাবোৰৰ বাবে কেইবাটাও পৰিয়ালৰ মাক-দেউতাকক তাত থকা দেখিছো। আটাইতকৈ ডাঙৰ সুবিধা উন্নত চিকিৎসাপ্ৰাপ্তি। তাৰ বাবে অৱশ্যে গ্ৰীনকাৰ্ড কৰাব লাগে। গ্ৰীনকাৰ্ড অৰ্থাৎ তাত থকাৰ অনুমতি থাকিলে ভাৰততো থাকিব পাৰি কিন্তু বছৰি এবাৰ হাজিৰা দিবগৈ লাগে। ইয়ো এক সমস্যা। নিজৰ দেশত আমাৰ নিজস্ব জীৱন থাকোতে বিদেশত স্থায়ীভাৱে বা তাঁতবাটি কৰি থাকিবলৈ কাৰোবাৰ ভাল লাগিলেও আমাৰ নালাগে। মাজে-সময়ে গৈ থাকিবলৈ অৱশ্যে ভাল লাগে। ল'ৰা-বোৱাৰী আৰু নাতিহঁতৰ সান্নিধ্য লাভ কৰো, অভিজ্ঞতাৰ ভঁৰাল সমৃদ্ধ হয়, লগ পাওঁ পৃথিৱীৰ নানা দেশৰ মানুহক। অভিজ্ঞতাৰ সেই ভঁৰালটোৰ পৰা উলিয়াই আনিলো মোৰ মনত চাব পেলোৱা কিছু কথা।
ককা-আইতাৰ গুৰুত্ব : আমেৰিকাত ‘ককা-আইতাকৰ গুৰুত্ব’ নিউয়ৰ্ক টাইমছত পৃষ্ঠজোৰা বিজ্ঞাপন এটা চকুত পৰাত আচৰিতে হৈছিলো। বুঢ়া বয়সত কৰ্মহীন হৈ নিজকে বহুতে পৰিয়ালৰ বোজা বুলি ভাবে। একেদৰে সমাজে বয়সীয়া মানুহক গুৰুত্ব দিয়া বৰকৈ দেখা নাযায়। ঘৰৰ মানুহেও কেতিয়াবা তেওঁলোকক বোজা বুলি নভবা নহয়। এনে পৰিস্থিতিত ককা-আইতাকৰ গুৰুত্ব শীৰ্ষক বিজ্ঞাপনখনে মোক ভালকৈয়ে আকৰ্ষণ কৰিছিল। বিজ্ঞাপনৰ যোগেদি ককা-আইতাহঁতক আবেদন জনাই কোৱা হৈছে যে নাতিসকলৰ সৈতে তেওঁলোকৰ সম্পৰ্ক মধুৰ। তদুপৰি তেওঁলোক অসীম মানসিক শক্তিৰ অধিকাৰী। এখন সুস্থ সমাজ গঢ়িবলৈ তেওঁলোক আগবাঢ়ি আহক। তেওঁলোকৰ অৱদানে মানৱ জাতিৰ কল্যাণ সাধিব। কোনে কয় ককা-আইতা মূল্যহীন বুলি। নাতি-নাতিনীৰ সৈতে থকা মিঠা সম্পৰ্ক আৰু নিজৰ মানসিক শক্তি [ ২৩০ ] প্ৰয়োগ কৰি ককাক-আইতাকহঁতে পাৰিব যুৱ সমাজখনক ড্ৰাগৰ কৱলৰ পৰা মুক্ত কৰিবলৈ।
ককাকহঁত ধীৰ-স্থিৰ মেজাজৰ। তেওঁলোক অনুদ্বিগ্নমনাও। মাক-দেউতাকৰ দৰে কথাইপতি নাতিহঁতক শাসন নকৰে। কেতিয়াবা ল'ৰা-ছোৱালীয়ে মাক-দেউতাকক বেয়াও পায়, কিন্তু ককা-আইতা চিৰচেনেহৰ। কিছুমান প্রশ্ন মাক-দেউতাকে পোনপটীয়াকৈ সুধিব নোৱাৰে। যেনে— তোমাৰ লগত দেখা ছোৱালীজনী কোন? তোমাৰ চকু দুটা ৰঙা কিয়? ককাকে কিন্তু এই প্রশ্নবোৰ সহজতে কৰিব পাৰে। তেওঁ মুকলিকৈ ক'ব পাৰে ড্ৰাগ সেৱনৰ পৰিণাম কি? পৰিণাম হ’ল হিংসাত্মক কার্যকলাপ, এইড্ছ ৰোগ, শাৰীৰিক আৰু মানসিক ব্যাধি, সামাজিক অপৰাধ, গৃহহীনতা ইত্যাদি। নাতিহঁতৰ হৃদয়তো ককা-আইতাৰ বাবে আছে একোখন সুকীয়া আসন। গতিকে তেওঁলোকে পাৰিব সিহঁতক কু-পথৰ পৰা আঁতৰাই আনিবলৈ। এই প্ৰসংগ নাতিহঁতৰ আগত কেনেকৈ উত্থাপন কৰিব লাগিব যদি ককাকহঁতে নজনা বুলি ভাবে, তেনেহ'লে মাচুলবিহীন টেলিফোনত বিজ্ঞাপনদাতাক যোগাযোগ কৰিবলৈ কোৱা হৈছে। আমেৰিকাত সেই সময়ত গড়ে তেৰ বছৰ বয়সত, কিছুমানে ন বছৰত ড্ৰাগৰ সোৱাদ লৈছিল। এই সংখ্যা বোধকৰো কমিছে। যেনেকৈ কমিছে চিগাৰেটপেয়ীৰ সংখ্যা বা এইড্ছ ৰোগীৰ সংখ্যা। তাত এচাম সমাজ সংস্কাৰকে নিষ্ঠাৰে সমাজৰ কল্যাণৰ বাবে কাম কৰি থাকে।
বৃদ্ধ নিবাস : আমাৰ এটা ভুল ধাৰণা আছে যে পশ্চিমৰ মানুহ হৃদয়হীন, মাক-দেউতাকক বৃদ্ধ নিবাসত ৰাখে, খা-খবৰ নকৰে ইত্যাদি। কথাষাৰ সত্যৰ ওপৰত প্রতিষ্ঠিত নহয় বুলি মোৰ ধাৰণা। আজি আমাৰ ইয়াতো অনেকে মাক-দেউতাকক শ্রদ্ধা কৰা সত্ত্বেও বাধ্য হৈ বৃদ্ধ নিবাসত ৰখাৰ কথা চিন্তা কৰিবলগীয়া হৈছে। কৃষিভিত্তিক সমাজত যুগ যুগ ধৰি একেটা পৰিয়ালৰ বিভিন্ন পিৰিৰ সদস্যসকলে একেখন ঘৰতে বাস কৰে। তাতেই এটা প্ৰজন্ম উপজি ডাঙৰ হৈ আমৃত্যু তাতেই থাকে। ল’ৰা-বোৱাৰী, নাতি-নাতিনী, ভাই-ভতিজা পৰিবেষ্টিত এনে পৰিবেশত বুঢ়া মানুহে অকলশৰীয়া বোধতো নকৰেই, তেওঁলোকক চোৱা-চিতা কৰা মানুহৰো অভাৱ নহয়। তদুপৰি গাঁৱৰ দলবদ্ধ সামাজিক জীৱনে মানুহক নিৰাপত্তা দিয়ে। গাঁৱত কাৰোবাৰ ঘৰ বান্ধিবলৈ হ’লে গাঁৱৰ ডেকাসকল ওলাই আহে, একেলগ হৈ আলিবাট নিৰ্মাণ কৰে। কাৰোবাৰ মৃত্যু হ'লে প্ৰতিটো পৰিয়ালে একোডালকৈ কাঠ লৈ আহে [ ২৩১ ] বুলি পশ্চিম অসমৰ কোচ ৰাজবংশী গ্ৰামাঞ্চলত নৃতাত্ত্বিক তথ্য-পাতি গোটাবলৈ যাওঁতে তেওঁলোকে গাঁৱৰ সমাজ ব্যৱস্থাৰ কথা ব্যক্ত কৰিছিল। গাঁওভেদে নিয়ম-নীতিৰ পাৰ্থক্য থাকিব পাৰে কিন্তু কৃষিভিত্তিক সমাজ ব্যৱস্থা থূলমূলকৈ একে। নগৰ-চহৰত বাস কৰা অধিকাংশ অসমীয়া মানুহৰ শিপাডাল গাঁৱতে প্ৰোথিত হৈ থকা বাবে নগৰীয়াসকলৰ মাজতো আগৰ ধ্যান-ধাৰণাবোৰ সৌ সিদিনালৈ বৰ্তি আছিল। বৰ্তমান যুগৰ আহ্বানে চহৰতে নহয়, গ্ৰামাঞ্চলৰো কোটিকলীয়া ভেটিত ফাট মেলাইছে। মানুহৰ জীৱন-যাত্ৰাৰ পদ্ধতিত দ্ৰুত পৰিৱৰ্তন আহিছে, গতিশীলতা বাঢ়িছে। চহৰৰ ল'ৰা-ছোৱালীৰ উচ্চাকাংক্ষা বৃদ্ধি পাইছে, মাক-দেউতাকেও তাকেই বিচাৰিছে। গাঁও-চহৰ বুলিও কোনো কথা নাই, সুযোগ-সুবিধা পালেই ডেউকা মেলি উৰিছে বৰ্তমান যুগৰ পুত্ৰ-কন্যা। আজিৰ মাক-দেউতাকসকলো কিন্তু স্বাধীনচিতীয়া, উপায়হীন নহ'লে ল’ৰা-ছোৱালীৰ অধীনত থাকিবলৈ নিবিচাৰে। সন্তান সংখ্যাও আজি সীমিত। বৰ্তমানে গুৱাহাটীতো বৃদ্ধাবাসৰ চাহিদা বাঢ়িছে। আধুনিক সভ্যতাৰ ই এটা অৱশ্যম্ভাৱী পৰিণাম। বিদেশত শিল্প বিপ্লৱ আগতেই হোৱা বাবে তেওঁলোকৰ সমাজ ব্যৱস্থাত পৰিবৰ্তন আহিছে কেতিয়াবাই। বৃদ্ধাবাসৰ ব্যৱস্থা সেয়েহে কেতিয়াবাই হৈছে।
সত্তৰৰ দশকত এগৰাকী বাঙালী লেখকৰ ভ্ৰমণ কাহিনীত ইংলেণ্ডৰ মানুহে মাক-দেউতাকক বৃদ্ধাৱাসত স্থান দিয়াৰ বিৰোধিতা কৰি কৈছিল পশ্চিমৰ মানুহৰ মনত স্নেহ-মৰমতো নায়েই কৰ্তব্যবোধো নাই। বুঢ়া মাক-দেউতাকক লগত নাৰাখি বৃদ্ধাৱাসত ৰাখিছে। তেতিয়া কি পৰিস্থিতিত তেওঁলোকক ৰাখিবলগীয়া হ’ল দ’কৈ নাভাবি ময়ো লেখকগৰাকীৰ সুৰতে সুৰ মিলাইছিলো। আজি আমাৰ ইয়াতো অণু পৰিয়ালবোৰৰ স্বামী-স্ত্ৰী চাকৰিয়াল হ’লে ঘৰত বয়সীয়া মানুহক চোৱা-চিতা কৰিবলৈ কোনো নাথাকে। সাহায্যকাৰী পোৱা টান, তদুপৰি বিশ্বাসী মানুহৰো অভাৱ। গতিকে পৰিবৰ্তিত অৱস্থাত পৰিবৰ্তিত ব্যৱস্থাও মানি ল'ব লাগিব। উল্লিখিত নিন্দুক লেখকজনৰ কলকাতাতে আজি কুৰি বছৰ আগতে একাধিক বৃদ্ধাৱাস দেখি আহিছো।
আনহাতে অনেক অকলশৰীয়া বৃদ্ধ-বৃদ্ধা বৃদ্ধাৱাসত নাথাকি নিজৰ ঘৰতে থাকে। তেওঁলোকক চোৱা-চিতা কৰিবলৈ বিদেশত বিভিন্ন সংগঠনতো আছেই, সম্প্ৰতি কলকাতাতো ‘প্ৰণাম’ নামৰ এনে এটি সংস্থা গঢ়ি উঠিছে। প্ৰণামৰ বৰ্তমান সভাপতি সুনীল গাংগুলী আৰু উপ-সভাপতি নৱনীতা দেৱসেন। কলকাতাৰ অভিজাত এলেকা ছল্টলেকৰ বহু প্ৰাসাদোপম অট্টালিকাৰ বাসিন্দা এহাল বয়সীয়া স্বামী-স্ত্ৰী, কিছুমানত এজন। দুয়োজনৰ মৃত্যু হ’লে বাহিৰত কাম কৰা পুত্ৰ-কন্যাই শ্ৰাদ্ধাদি পতাৰ পাছত [ ২৩২ ] দুৱাৰত তলা মাৰি চকীদাৰৰ পৰিয়ালটোক গেৰেজত থাকিবলৈ দিহা দি নিজ নিজ কৰ্মক্ষেত্ৰলৈ ঢাপলি মেলে।
আমেৰিকাত ‘চেণ্ডউইচ জেনেৰেশ্যন’ এটা নতুন শব্দ শুনিলো। আজিকালি মানুহৰ আয়ুসকাল বঢ়া বাবে বৃদ্ধ-বৃদ্ধাৰ সংখ্যা বাঢ়িছে। এফালে পিতৃ-মাতৃ আৰু আনফালে পুত্ৰ-কন্যাৰ দায়িত্বৰ হেঁচাত তৰুণ প্ৰজন্ম হৈছে চেণ্ডউইচ্ড। নাই, মাক-দেউতাকক অধিকাংশই উপেক্ষা নকৰে। এনেবোৰ ধাৰণাৰ প্ৰচাৰ কৰাৰ আঁৰত আছে সাত দিনৰ বাবে দেশ এখনলৈ গৈ সাতশ পৃষ্ঠাৰ ভ্ৰমণ কাহিনীৰ লেখক কেইজনমান।
মাৰ্কিন যুক্তৰাষ্ট্ৰ চৰকাৰে ১৯৯৩ চনৰ আগষ্টত এখন আইন প্ৰণয়ন কৰে। এই আইনমতে কমপক্ষে পঞ্চাশজন কৰ্মচাৰী থকা যিকোনো অফিচ বা কোম্পানীয়ে কৰ্মৰত সকলো ব্যক্তিকে বছৰি বাৰ সপ্তাহ বিনা বেতনে মাক-দেউতাক, স্বামী-স্ত্ৰী, পুত্ৰ-কন্যা বা আন আপোনজনৰ বেমাৰ-আজাৰত ছুটী মঞ্জুৰ কৰিবলৈ বাধ্য। আইনখন জাৰি হোৱাৰ লগে লগে দূৰণিবটীয়া বয়সীয়া আত্মীয়ৰ খা-খবৰ কৰিবলৈ ছুটী লোৱাৰ ধুম উঠিছিল। আইনখন এতিয়াও বলৱৎ হৈ আছে নে নাই নাজানো।
লেবাৰ ডে’ : এটা কথা মন কৰিছো নিজকে বিশ্বৰ বৰ ককাই বুলি ভবা মাৰ্কিন যুক্তৰাষ্ট্ৰই সকলো বিষয়তে অনন্য হৈ থাকিব বিচাৰে। বিশ্বৰ বহু দেশে যেতিয়া মে’ ডে' পালন কৰে সিদিনা তেওঁলোকৰ সেইফালে কাণসাৰ নাই। অথচ মে' ডে’ তেওঁলোকৰ শ্ৰমিকৰ দ্বাৰাই সৃষ্ট এটা দিন। তেওঁলোকে পালন কৰে লেবাৰ ডে’ প্ৰতি ছেপ্টেম্বৰৰ প্ৰথমটো সোমবাৰে।
আৰম্ভণিতে লেবাৰ ডে’ বা শ্ৰম দিৱস প্ৰকৃততেই আছিল শ্ৰমিক শ্ৰেণীৰ দিন। ইয়াৰ মেজাজ আছিল শ্ৰেণী সংগ্ৰামৰ মেজাজ, যাৰ লগত শ্ৰেণী চেতনাৰ গৰ্ববোধো জড়িত আছিল। যেনে ১৮৮২ চনত নিউয়ৰ্কত প্ৰথম শ্ৰম দিৱস উদযাপিত হোৱাৰ সময়ত শ্ৰমিকসকলে বিৰাট পাৰ্ক এখনত নিজ নিজ ইউনিয়ন পাৰ্টি সমন্বিতে সমবেত হৈ শ্ৰমিক নেতাসকলৰ ভাষণ শুনিছিল, পান-ভোজন কৰিছিল আৰু ইউনিয়নৰ বেণ্ডৰ তালে তালে নাচিছিল। এইদৰেই দিনটো অতিবাহিত কৰিছিল। মে’ ডে’ৰ মেজাজটো তাত থকাৰ উপৰি মাৰ্কিন দেশাত্মবোধৰো প্ৰকাশ ঘটিছিল। এই উৎসৱত একচেটিয়া শিল্পপতি আৰু তেওঁলোকৰ ‘মোচাহেব'সকলৰ কোনো ভূমিকা নাছিল। পৰৱৰ্তী কালত লেবাৰ ডে’ই তাৰ মূল চৰিত্ৰ হেৰুৱাই পেলাইছে। ইউনিয়নবোৰৰ ক্ষমতা কমি অহা বাবে ইয়াৰ মাজত ফুটি উঠা radicalism আৰু শ্ৰমিকেই দেশৰ [ ২৩৩ ] সম্পদ সৃষ্টি কৰিছে – এই সচেতনতা নোহোৱা হৈছে। ১৮৯৪ চনত চৰকাৰে এই দিনটো ছুটীৰ দিন হিচাপে ঘোষণা কৰি শ্ৰমিক ইউনিয়নৰ লগত ব্যৱসায় আৰু শিল্পৰ পৰিচালনাকো সাঙুৰি লৈ ইয়াক সকলো শ্ৰেণীৰ মানুহৰ শ্ৰম দিৱসত পৰিণত কৰিছে। এতিয়া সকলোৱে সমদলত অংশ লয় আৰু ছুটী উপভোগ কৰে। অৱশ্যে আদিতে যিবোৰ দাবী সন্মুখত ৰাখি সমদলকাৰীসকল আগবাঢ়িছিল তাৰ ভালেখিনি তেওঁলোকৰ উত্তৰপুৰুষে ইতিমধ্যে লাভ কৰিছে।
মাতাজী : নিউয়ৰ্কৰ সমীপৱৰ্তী মাউণ্ট কিচ্কো চহৰৰ ম্যল এখনত চেলোৱাৰ-কামিজ পিন্ধা বয়সীয়া মহিলা এগৰাকীক দেখি থমকি ৰৈ দিছিলো। মহানগৰী নিউয়ৰ্কত শাৰী বা চেলোৱাৰ পৰিহিতা মহিলাক বাটে-ঘাটে দেখিবলৈ পোৱা যায়, কিন্তু সৰু সৰু চহৰবোৰত এই দৃশ্য বিৰল। ওচৰত থকা হ’লে কথা পাতিলোহেঁতেন। যি কি নহওক ট্ৰলী এখন ঠেলি ঠেলি ম্যলত সজাই থোৱা বিবিধ সম্ভাৰ চাই চাই আহি থাকোতে কেশ্ব কাউণ্টাৰত থকা মহিলা এগৰাকী আগুৱাই আহি মোলৈ চাই মিচিকিয়াই হাঁহিলে। তেওঁ চাৰ্ট-পেণ্ট পিন্ধি আছিল যদিও চুটিকৈ কটা চুলিৰ মাজত সেন্দুৰৰ ৰেখা এডাল দেখি বুজিলো মহিলাগৰাকী ভাৰতীয়। পঞ্জাৱৰ জলন্ধৰত ঘৰ, দুবছৰমান আগতে আমেৰিকালৈ স্থায়ীভাৱে আহিছে। দুজনী গাভৰু জীয়েক আৰু মাকজনীয়ে এইখন ম্যলতে কাম কৰে। দুটা বছৰৰ ভিতৰতে আটায়ে চাকৰি যোগাৰ কৰি লোৱা বাবে অলপ আচৰিতো হ’লো। অৱশ্যে পঞ্জাৱী আৰু বাংলাদেশী মানুহ বৰ যোগাৰী। পৰিশ্ৰমী আৰু কষ্ট সহিষ্ণুও। যোগ্য-ভোগ্যা বসুন্ধৰা বাক্য শাৰী তেওঁলোকৰ ক্ষেত্ৰত সঁচা।
ম্যলৰ আনটো মূৰৰ পৰা বোৱাৰী মনীষাৰ লগত অলপ আগতে দেখা চেলোৱাৰ পিন্ধা মহিলাগৰাকীক আহি থকা দেখি মোৰ লগত কথা পাতি থকা মানুহগৰাকীয়ে ক’লে বুঢ়ী ভদ্ৰমহিলা তেওঁৰ শাহুৱেক, ওচৰ আহি পোৱাৰ পাছত মনীষাই ক'লে— ‘এঁৱেই মাতাজী’। ৭৭ বছৰীয়া মাতাজীৰ নাম আগতেই শুনিছো। তেওঁ বহু ভাৰতীয় পৰিয়ালক হাতেৰে কৰা আটাৰ ৰুটিৰ যোগান ধৰে।
পিছে আটাৰ ৰুটিৰ ব্যৱসায় কৰিবলৈ মাতাজী আমেৰিকালৈ অহা নাছিল। পঁচিশ বছৰ বয়সতে দুটা এমা-ডিমা পুত্ৰক লৈ তেওঁ জলন্ধৰত থাকোতেই বৈধৱ্যক আঁকোৱালি ল'বলগীয়া হৈছিল। কঠোৰ বাস্তৱৰ সৈতে সংগ্ৰাম কৰি শিশু দুটাক অলপ ডাঙৰ কৰাৰ পাছত চহকী ভাৰতীয় পৰিয়াল এটাৰ সাহায্যকাৰিনী হিচাপে তেওঁ আমেৰিকালৈ [ ২৩৪ ] আহে। সেইখন দেশত সাহায্যকাৰীসকলৰ মান-মৰ্যাদা যথেষ্ট উন্নত। তেওঁলোকৰ প্ৰতি চৰকাৰে বান্ধি দিয়া নিয়ম-নীতি মানি নচলিলে আইনী শাস্তি ভোগ কৰিবলগীয়া হয়।
সময় বাগৰাৰ লগে লগে মাতাজীয়ে আমেৰিকাৰ নাগৰিকত্ব লাভ কৰে আৰু মালিকৰ পৰিয়ালটো আন ঠাইলৈ গুচি যোৱাৰ পাছতো তেওঁ আমেৰিকাতে থাকি যায়। তেওঁ বাৰে বাৰে মোক সোঁৱৰাই দি আছিল, ‘ম্যায় আনপঢ় হুঁ।’ লিখা-পঢ়া নাজানিলে কি হ’ব তেওঁ যথেষ্ট স্মাৰ্ট। নিজে নাগৰিকত্ব লাভ কৰাৰ পাছত এজন এজনকৈ দুয়োজন ল'ৰাকে সপৰিয়ালে ইমিগ্ৰেট কৰি আমেৰিকালৈ আনি কামত সুমুৱাই দিছে।
মই নিশ্চিত আছিলো যে মাতাজী পুতেকৰ লগত থাকে। পিছে তেওঁ হেনো কাৰো লগত থাকিবলৈ ভাল নাপায়। আৰ্থিক দিশৰ পৰা পিছপৰা আমেৰিকান জ্যেষ্ঠ নাগিৰকসকলে চৰকাৰৰ পৰা বহু সা-সুবিধা পায়। মাতাজীয়ে পাইছে একোঠাৰ এট এপাৰ্টমেণ্ট। খোৱা খৰচো চৰকাৰে দিয়ে। ইফালে তেওঁৰ দেহত এপাচি বেমাৰ— ডায়েবেটিছ, হাৰ্টৰ ৰোগ, কেন্সাৰ আৰু কিবাকিবি। এনে অৱস্থাত পুতেকৰ লগত নাথাকি কিয় অকলে থাকি ভাল পায় সুধিছিলো। ডিঙিত আৰি লোৱা লকেটসদৃশ বস্তু এটা দেখুৱাই মাতাজীয়ে কৈছিল যে তেওঁ অকলশৰীয়া নহয়। এই বস্তুটোত টিপা মাৰি দিলে ইমাৰ্জেন্সি বিভাগৰ মানুহে তেওঁক হাস্পতাললৈ নিয়ে, চিকিৎসা কৰোৱায়। সেই মুহূৰ্তত মাতাজীক মোৰ পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তি যেন লাগিছিল। বুঢ়া বয়সত মানুহে সাধাৰণতে অসহায়বোধ কৰে শাৰীৰিক আৰু মানসিক দিশৰ পৰা শক্তিহীন হৈ অহা বাবে। এইটো বয়সত কোনে চাব ই এটা ডাঙৰ চিন্তা, বেমাৰ-আজাৰৰ চিন্তাই সৰ্বাধিক। ধনী-দুখীয়া কোনোৱে এই চিন্তাৰ পৰা মুক্ত নহয়। জীৱনৰ বিয়লি বেলা ধন-দৌলত, মান-সন্মান, বিদ্যা, চাকৰি, গাড়ী-মটৰ ইত্যাদি পাৰ্থিৱ বস্তুৰ বাবে কোনো আশা-আকাংক্ষা নাথাকে। মাতাজীয়ে যি দিবলগীয়া আছিল দিছে, যি কৰিবলগীয়া আছিল কৰিছে। বাৰ্ধক্য আৰু ৰোগে হেঁচি ধৰা সত্ত্বেও তেওঁ নিশ্চিন্ত। তেওঁ স্বাধীন। ল’ৰাহঁত ওচৰতে থকা সত্ত্বেও তেওঁ সিহঁতৰ ওপৰত কোনো কাৰণতে নিৰ্ভৰশীল নহয়। চৰকাৰেই তেওঁৰ পিতৃ-মাতৃ, স্বামী-সন্তান। বজাৰ-সমাৰ ঘৰৰ কাষতে। লাখুটিত ভৰ দি লাহে লাহে খোজকাঢ়ি যায়। ডাক্তৰে খোজকাঢ়িবলৈ কৈছে। ব্যায়ামো হ’ল বজাৰো হ'ল। বৰ্তমানে শক্তিহীন হোৱা বাবে তেওঁ ৰুটিৰ ব্যৱসায় নকৰে। তাৰ বাবে তেওঁৰ কোনো আফচোছ নাই। মনৰ সুখেই যে প্ৰকৃত সুখ [ ২৩৫ ] মাতাজীক দেখি উপলব্ধি কৰিছিলো। ধাৰণা হ’ল দৰিদ্ৰ হৈয়ো তেওঁ মহাৰজা।
মৰুভূমিত ফলৰ বাগিচা : নিউয়ৰ্ক টাইমছত প্ৰকাশিত ছুছান ছাচ্ছ আৰু এভিলিন নিইভ্ছৰ প্ৰবন্ধ দুটা পঢ়ি গম পাইছিলো যে চাকিৰ তলত এন্ধাৰৰ দৰে প্ৰথম বিশ্বৰ আগশাৰীৰ দেশ আমেৰিকাৰ ছাটমৰা ঔজ্জল্যৰ তলত আছে এখন তৃতীয় বিশ্বৰ তুলনাতো নিম্নখাপৰ বিশ্ব য'ত বাস কৰে এটা ভেৰাৰখীয়া শ্ৰমিক শ্ৰেণী। এইখন বিশ্ব কেলিফ'ৰ্নিয়াৰ মৰুভূমি অঞ্চল। আন এটা বাতৰিও মোৰ বাবে আছিল অপ্ৰত্যাশিত। একেখন ৰাজ্যৰ মৰু অঞ্চলত হেনো উৎপাদিত হয় অপৰ্যাপ্ত ফল। সমগ্ৰ আমেৰিকাত ফলৰ যোগান ধৰা দুখন ৰাজ্যৰ ভিতৰত এখন হ’ল কেলিফ'ৰ্নিয়া। প্ৰথম বিশ্বৰ মাজত সোমাই থকা তৃতীয় বিশ্বখন আৰু মৰুভূমিৰ ফলৰ বাগিচা— এই দুয়োটা ব্যতিক্ৰমী দৰ্শনীয় এলেকা চোৱাৰ হেঁপাহ মনত পুহি থকা বুলি গম পাই ২০০১ চনৰ আগষ্টত জয়হঁতে মোক লৈ গৈছিল চানফ্ৰানছিছকোলৈ। তাৰ গাতে লাগি থকা ছিলিকন উপত্যকাত গঢ়ি উঠা ডট্কম্ শিল্পবোৰৰ বাবে ছিলিকন উপত্যকা জগত বিখ্যাত। যি কি নহওক, তাৰ পৰা আমি গাড়ীৰে যাত্ৰা কৰিছিলো আন এখন উপত্যকা ফ্ৰেচনোলৈ। দুয়োখন উপত্যকাৰ মাজত থকা ডায়ব’ল পবৰ্তমালা পাৰ হৈছিলো পেচিক’ গিৰিপথেৰে। এইখন উপত্যকাৰ পৰিবেশ ৰুক্ষ হ'লেও ফ্ৰেচনো চহৰবাসীৰ ঘৰ-দুৱাৰৰ সন্মুখত চালে চকুৰোৱা ফুলৰ বাগিচা। আমি তাত আছিলো বোৱাৰী মনীষাৰ বায়েক কাজৰীৰ ঘৰত।
কাজৰীহঁতৰ ঘৰত সোমায়ে বুজি পালো সঁচাকৈয়ে এইখন দেশৰ মানুহে মৰুভূমিত ফলৰ খেতি কৰি আছে। তেওঁলোকৰ খোৱা টেবুলখন যেন এখন ফলৰ বজাৰ—আঙুৰ, নাচপতি, সুমথিৰা আৰু আগতে নেদেখা নেক্টাৰিন নামৰ এবিধ ৰসাল ফলেৰে উপচি আছে। ফল হেনো তেওঁলোকে কিনিবলগীয়া নহয়। কাজৰী এগৰাকী চিকিৎসক। ৰোগ মুক্ত হোৱাৰ পাছত বাগিচাৰ গৰাকীসকলে হেনো ডাক্তৰ-নাৰ্ছক পাচি ভৰাই ফল উপঢৌকন দিয়ে। ইমান অপৰ্যাপ্ত ফল উৎপাদন হয় যে মাজে মাজে টুকুৰি ভৰাই গিৰিহঁতে বাটৰুৱাৰ বাবে ফল পদূলিমুখত থৈ দিয়ে।
পিছদিনা ওলালো বাগিচা দৰ্শন কৰিবলৈ। মাইলৰ পাছত মাইলজোৰা আখৰোট, ডিমৰু, নেকটাৰিন, আঙুৰ, প্লাম, তৰমুজ, ষ্ট্ৰবেৰি, নাচপতি আৰু সুমথিৰাকে ধৰি বিভিন্ন চাইট্ৰাছ ফলৰ বাগিচা দেখি মই উৎফুল্লিত। ইয়াৰ মাটি আপেলৰ বাবে উপযোগী নহয়। আপেল হয় উত্তৰ-পূব আমেৰিকাত। ফ্ৰেচনো মৰু অঞ্চলত আৰু [ ২৩৬ ]
■ কেলিফৰ্নিয়াৰ মৰুভূমিত আঙুৰ খেতিৰ ওচৰত পুত্ৰৰ সৈতে লেখিকা |
বাগিচাবোৰৰ দাঁতিয়ে দাঁতিয়ে পোহাৰ মেলা দেখিলো ফলৰ দোকানীসকলক। আমাৰ ইয়াত ফল দুর্মূল্য। সস্তীয়া ফলবোৰ দেখি দোকানবোৰকে উঠাই আনিবলৈ মন গৈছিল। গৰাকীৰ অনুমতি লৈ আঙুৰ খেতিত সোমাই কেইথোকমান আঙুৰ ছিঙি আনিছিলো। আৰু পানীৰ দামত কিনি আনিছিলো ডাঙৰ পাচি এটা ভৰাই সুমথিৰা, মুচম্বী, নেকটাৰিন ইত্যাদি। দুটকা কিলো মূল্যৰ আপেল খাইছিলো আশীৰ দশকত কাশ্মীৰত। ১৯৯৭ চনত অৰুণাচলত সোতৰটকীয়া কিলোৰ আপেল, পঞ্চাশ পইচা কিলোৰ প্লাম খাইছিলো। পিছে এইবোৰ অঞ্চল ফ্ৰেচনোৰ দৰে মৰুভূমি নহয়।
বাগিচাবোৰ চাই উভতি আহিবৰ সময়ত বিপৰীত ফালৰ পৰা অহা গাড়ীবোৰৰ প্রতিবিম্ব আলিবাটত দেখা পাই ভাবিছিলো বৰষুণ দিছে। পিছে ক’ত বৰষুণ? সেইয়া যে মৰীচিকা! মৰুভূমিত তৃষ্ণার্ত বাটৰুৱাই মৰীচিকাকে পানী বুলি ভ্ৰম কৰাৰ কথা পঢ়িছিলো। সেই ভ্ৰমৰ অভিজ্ঞতা হ’ল। মৰীচিকা আৰু ফলৰ বাগিচাৰ সহ অৱস্থানে মোক অবাক কৰিছিল। পানী অবিহনে গছ-গছনি হ’ল কেনেকৈ? সকলো সম্ভৱ কৰিছে মানুহৰ মগজুৱে। ফ্ৰেচনো উপত্যকাক বেৰি ৰাখিছে কেইখনমান ৰুক্ষ পৰ্বতে। তাৰে এলানি চিয়েৰা নেভেদা পৰ্বতৰ নাম স্কুলৰ ভূগোলত পঢ়িছিলো। জাৰকালি এইবোৰ পৰ্বতত জমা হৈ থকা বৰফৰ এটোপমানো পানী অথলে যাবলৈ দিয়া নহয়। সেইবোৰ অঞ্চলত জানুৱাৰীৰ পৰা মাৰ্চলৈ হোৱা বৃষ্টিপাতৰ পানীও ধৰি ৰাখে। এইদৰে সঞ্চয় কৰি ৰখা পানী খেতিয়কসকলে জুখি-মাখি ব্যৱহাৰ কৰে। শাৰী পাতি ৰোৱা ফলৰ গছবোৰৰ কাষেৰে খন্দা নলাৰে পৰিমিত পৰিমাণৰ পানীৰ যোগান ধৰা হয়। প্রয়োজন নহ'লে গছৰ পাতত পানী নছটিয়ায়।
মোৰ নিজৰ ৰাজ্যখনলৈ মনত পৰিছিল। লুইতকে ধৰি উপনৈবোৰত পানীৰ আকাল নাই। তদুপৰি আছে বানপানী। অথচ আমাৰ ইয়াত খোৱাপানীৰ অভাৱ। এই পানী ধৰি ৰাখিলে বানপানীত মানুহৰ দুৰ্গতি নহ’ব। খোৱাপানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া নহ'ব। ইমান জীপাল সাৰুৱা মাটিৰে চহকী ৰাজ্যখনত ফলৰ অভাৱ। পাচলিৰ অভাৱ। এনে এটা অৱস্থাৰ লগত আজীৱন চিনাকি মই। গতিকে মৰুভূমিত ফলৰ বাগিচাবোৰ দেখি দেশখনৰ কৃষি বিজ্ঞান উন্নতিৰ জখলাৰে কিমান ওপৰলৈ উঠিছে তাৰ উমান পাইছিলো।[ ২৩৮ ]
■ কেলিফৰ্নিয়াৰ মোজাভে মৰু অঞ্চলত স্বামী অমলেন্দু গুহৰ সৈতে লেখিকা |
আমাৰ ইয়াত যুৱ সমাজত নৈতিক অধঃপতন (ইয়াত যৌন সংক্ৰান্ত ঘটনাবোৰহে নৈতিকতাৰ সংজ্ঞাৰ অন্তৰ্গত) দেখিলে মানুহে পোনছাটে পশ্চিমৰ অন্ধ অনুকৰণ কৰি ৰসাতললৈ যোৱা বুলি কয়। ফ্ৰেচনো মৰুভূমিৰ ফলৰ গছৰ তলত থিয় হৈ ভাবিছিলো সঁচাকৈয়ে অন্ধ অনুকৰণ কৰে নে? কৰা হ'লে সাধাৰণ অৱস্থাৰ মানুহেও নিয়মীয়াকৈ ফল খাব পাৰিলেহেঁতেন।
আৰু যৌন সংক্ৰান্ত আচৰণত? আমেৰিকান গাভৰুৱে মুকলিমুৰীয়াকৈ পুৰুষৰ সৈতে মিলা-মিচা কৰা দেখিলে কোনোবাই যদি তেওঁলোকক সহজলভ্যা বুলি সীমা অতিক্ৰম কৰিব খোজে তেনেহ'লে সিজনাৰ কপালত জুটিব জৰিমনা অথবা কাৰাদণ্ড। আজিকালি ভাৰতৰ পৰা বহুজাতিক কোম্পানীবোৰে বিদেশলৈ সঘনাই যাবলগীয়া হোৱা শীৰ্ষ বিষয়াসকলৰ অধীনত অস্থায়ীভাৱে কাম কৰিবলৈ কিছু কনিষ্ঠ ডেকা কৰ্মচাৰীকো পঠায়। তেনে এগৰাকী পদস্থ বিষয়াই কৈছিল আমাৰ নিজৰ দেশত ছোৱালীৰ লগত মুকলিমূৰীয়া হৈ ফুৰা-চকা বা কথা পাতিব নোৱৰা বুভুক্ষু ডেকাসকলে আমেৰিকাৰ মুকলিমূৰীয়া ছোৱালীক সহজলভ্য বুলি ভাবি ইচ্ছাৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰতি যৌন অভিসন্ধিমূলক আচৰণ প্ৰদৰ্শন কৰিব পাৰে। ই আইনৰ চকুত দণ্ডনীয় অপৰাধ। ভাৰত এৰিবৰ আগতে ডেকাসকলক এই বিষয়ে সতৰ্ক কৰি দিয়া হয়। সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মুৰব্বী ডমিনিক ট্ৰছ কানৰ হোটেলৰ গাভৰু পৰিচাৰিকা এজনীৰ ওপৰত যৌন নিৰ্যাতন চলাবলৈ আগবাঢ়ি অহা বাবে কি অৱস্থা হৈছিল সকলোৱে জানে। পলাই যাব খোজা খ্যাতনামা ব্যক্তিজনক আৰক্ষীয়ে বিমানৰ পৰা নমাই আনিছিল। অথচ এইবেলি তেওঁৰ হেনো ফ্ৰান্সৰ ৰাষ্ট্ৰপতি পদত উপবিষ্ট হোৱাৰ সম্ভাৱনা আছিল। গতিকে নাৰীক সহজলভ্য বুলি ধৰি ল'লে জে'লৰ ভাত খাব লাগিব।
ফলৰ বাগিচাৰ কথা উলিয়াই আন কথালৈ গ'লো। শুনিছো সম্প্ৰতি মানুহে ফলৰ গছ কাটি ঘৰ-দুৱাৰ সাজি বেচা-কিনাৰ ব্যৱসায়ত লাগিছে।
প্ৰথম বিশ্বত তৃতীয় বিশ্ব বিচাৰি : এই ইচ্ছা মোৰ পূৰণ নহ'ল ৷ কাৰণ এই তৃতীয় বিশ্বখন আধুনিক সভ্যতাই ঢুকি নোপোৱা মৰুভূমিৰ গভীৰ অঞ্চলবোৰত অৱস্থিত। ‘ফ্ৰেছনো বী’ নামৰ বাতৰি কাকত এখনত পঢ়িছিলো কেলিফৰ্নিয়াৰ ম’জাভে, ফ্ৰেছনো, কাৰ্ন আদি মৰু অঞ্চলত ভেড়া পালন পামৰ গৰাকীসকলে ঘাইকৈ ঊল আৰু মাংসৰ বাবে ভেড়া পোহে। কিন্তু ভেড়াৰখীয়া পোৱা সহজ নহয়। আনকি কেলিফৰ্নিয়াৰ খেতি পাম বলয়ত, য'ত নিবনুৱাৰ হাৰ কোনো কোনো ঠাইত পোন্ধৰ শতাংশৰ [ ২৪০ ]
■ ১৮৪৮ চনৰ ১৯ আৰু ২০ জুলাই তাৰিখে প্ৰথম Women's Rights |
পৰিভ্ৰমী খাটপামৰ (migrant farm) শ্ৰমিকসকলৰ কাম-কাজৰ অৱস্থাৰ সংস্কাৰ কৰিবলৈ আগবাঢ়ি অহা সমাজ সচেতন ব্যক্তিৰ সংখ্যা তেনেই তাকৰ। মার্কিন শ্রমিক আইন অনুসৰি সকলো শ্রমিকে কিছুমান সা-সুবিধা পায়, ন্যূনতম মজুৰিও পায়। ভেড়াৰখীয়াসকল এই আইনৰ অধীনত নপৰে। পিছে ২০০১ চনত Industrial Welfare Commission এ এওঁলোকৰ মজুৰি বঢ়াবলৈ মালিকসকলক নির্দেশ দিছিল। তদুপৰি কৰ্মক্ষেত্ৰত কিছুমান সা-সুবিধা যেনে— কামৰ সময় কৰ্তন, বিশ্ৰামৰ সময় বৃদ্ধি, বিজুলী-পানী-শৌচাগাৰ-ফোন আদিৰ সুব্যৱস্থা কৰি দিবলৈ নিৰ্দেশ দিছে। হয়তো ইমান দিনে ‘তৃতীয় বিশ্ববাসী’ৰ শোষণ-নির্যাতন হ্রাস পাইছে।
ফ্ৰেচনোৰ আইনী সাহায্য সংগঠন এটাই দুহেজাৰ চনত দাখিল কৰা প্ৰতিবেদন এখনৰ মতে ফ্ৰেচনো আৰু কাৰ্ন মৰুভূমি অঞ্চলৰ ৪১ জন ভেড়াৰখীয়াৰ শতকৰা ৯০ জনে এদিনলৈ ছুটী পোৱা নাই আৰু শতকৰা ৯৫ জনৰ বাবে শৌচাগাৰৰ ব্যৱস্থা নাই। An Area of Darkness গ্রন্থত ভি এছ নাইপলে ভাৰতখনক এটা বিৰাট শৌচাগাৰ বুলি কৈছিল। তেওঁ এবাৰ আমেৰিকাৰ ভেড়াৰখীয়াসকলৰ লগত এটা দিন যদি কটাই আহিলহেঁতেন! উল্লিখিত প্রতিবেদনখনৰ মতে ভেড়াৰখীয়াসকলক লগ [ ২৪২ ]
■ এলিজাবেথ কেডি ষ্টেনটনৰ বাসগৃহত দুই নাতিৰ সৈতে লেখিকা, ছেনেকা ফলছত |
এনে পৰিস্থিতিত বাট-পথহীন মৰুপ্ৰান্তৰলৈ গৈ অপৰাধী সাজিবলৈ মোৰ দৰে অলপ ধতুৱাই সাহ কৰোনো কেনেকৈ? প্ৰৱন্ধ-পাতি পঢ়িয়ে ‘তৃতীয় বিশ্ব’ৰ বাতৰি সংগ্ৰহ কৰি ঘৰমুৱা হৈছিলো।
নাৰীমুক্তি আন্দোলনৰ জন্মভূমিলৈ : ২০০৫ চনত ল’ৰাহঁতৰ তালৈ যাওঁতে তেওঁলোকে সুধিলে এইবেলি মোৰ ক’লৈ যোৱাৰ ইচ্ছা। সেমেনা-সেমেনিকৈ ক'লো আমেৰিকাত নাৰীমুক্তি আন্দোলনৰ জন্মভূমি ছেনেকা ফল্ছৰ ঐতিহাসিক প্রার্থনা গৃহটো চাবলৈ ইচ্ছা যায়, য'ত প্ৰথম Women's Rights Convention খন ১৮৪৮ চনৰ ১৯ আৰু ২০ জুলাইত এলিজাবেথ কেডি ষ্টেনটনৰ নেতৃত্বত অনুষ্ঠিত হৈছিল। পুত্ৰই ক'লে— তথাস্তু। সেই উদ্দেশ্যে নাতিহঁতৰ গৰমৰ বন্ধত উত্তৰ পশ্চিম বা আপস্টেট নিউয়র্ক বুলি জনাজাত এলেকাটোৰ ফিংগাৰ লেক অঞ্চললৈ গ'লো। এই অঞ্চলৰ উৰ্বৰ কৃষিভূমিত উৎপাদিত হৈছিল বিবিধ ফচল। আৰু প্ৰয়োজনীয় সকলো সা-সামগ্রী উৎপাদন কৰিবলৈ ঊনৈশ শতিকাৰ মাজভাগত নির্মিত হৈছিল অসংখ্য কল-কাৰখানা। ছেনেকা ফল্ছো আছিল এখন গুৰুত্বপূৰ্ণ শিল্পনগৰী। কেৱল কৃষি আৰু শিল্প-উদ্যোগৰ বাবেই নহয়, এই অঞ্চল এসময়ত আছিল মানৱীয় চিন্তা-চৰ্চাৰ কেন্দ্ৰভূমি। ওঠৰ-ঊনৈশ শতিকাত ঘাইকৈ ক্রীতদাস প্রথা বিলুপ্তিকৰণ (Abolition) আৰু নাৰী অধিকাৰ সম্পৰ্কীয় বিষয়বোৰ গভীৰভাৱে আলোচিত হৈছিল। এবলিশ্যনিষ্ট উইলিয়াম ছিওৱাৰ্ড, হেৰিয়েট টাবমেন, ফ্রেডৰিক ডগলাচ আৰু সাম্যত বিশ্বাসী কোৱেকাৰ দলভুক্ত চুছান বি এন্থনি, টমাছ আৰু মেৰী আন মেকলিনটক্, জেন আৰু ৰিচাৰ্ড হাণ্ট প্ৰমুখ্যে খ্যাতনামা সমাজসেৱীসকলৰ বাসস্থান আৰু কর্মক্ষেত্র আছিল ফিংগাৰ লেক অঞ্চলত। ১৮৪৭ চনত ইয়ালৈ আহে নাৰীমুক্তিৰ ধ্বজাধাৰিণী এলিজাবেথ কেডি ষ্টেনটন আৰু তেওঁৰ এবলিশ্যনিষ্ট আইনজীৱী স্বামী হেনৰী ষ্টেনটন।
ঊনৈশ শতিকাৰ আগতে পশ্চিমৰ নাৰীৰ অৱস্থাও আছিল পুতৌলগা। ৰেনাছাঁৰ পিছত সোতৰ-ওঠৰ শতিকাত পশ্চিমৰ চিন্তাশীল আৰু দাৰ্শনিক ব্যক্তিসকলে নাৰীও স্বাধীন সত্তাৰ অধিকাৰী বুলি উপলব্ধি কৰিবলৈ ধৰে। এওঁলোকৰ মাজত জন ল’ক (১৬৩২-১৭০৪), হেনৰিক ইবছেম (১৮২৮-১৯০৬), মেৰী ৱলষ্টনক্রেফট (১৭৫৯-১৭৯৭) আদি পুৰুষ-মহিলাৰ নাম উল্লেখযোগ্য। এওঁলোকৰ বাহিৰেও গাইগুটীয়াকৈ কিছু মহিলা নাৰীৰ স্বাধীন সত্তাৰ বিষয়ে সচেতন আছিল। মই আচৰিত হৈ ১৭৭৫ [ ২৪৪ ] চনত হোৱা আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ বিপ্লৱী নেতা তথা পিছলৈ আমেৰিকাৰ দ্বিতীয়গৰাকী প্ৰেছিডেণ্ট জন এডাম্ছৰ (১৭৩৫-১৮২৬) ভাৰ্যা এবিগেইল এডামছে (১৭৪৪-১৮১৮) স্বামীকে ধৰি সকলো বিপ্লৱী নেতাক মৃদু তিৰস্কাৰৰ সুৰত কোৱা বাক্য এশাৰী পঢ়িছিলো। ১৭৭৬ চনত স্বাধীনতা যুদ্ধ চলি থকাৰ সময়ত আত্মসচেতন মহিলাগৰাকীয়ে এইদৰে কৈছিল—
'Remember the ladies in the formation of the new government. If particular care and attention is not paid to the ladies we are determind to foment a rebellion and will not hold ourselves bound by any laws in which we have no voice or representation.'
সমাজে নাৰীৰ প্ৰতি কৰা অন্যায়ৰ বিৰুদ্ধে গাইগুটীয়াকৈ দুই-একে প্ৰতিবাদ সাব্যস্ত কৰিলেও ঊনৈশ শতিকাৰ প্ৰথম অৰ্ধাংশলৈ দলবদ্ধভাৱে কোনেও গৰ্জি উঠা নাছিল। ১৮৪০ চনত লণ্ডনত অনুষ্ঠিত World Anti-slavery Convention ত ঘটা এটা পৰিস্থিতিয়ে আমেৰিকাত নাৰীমুক্তি আৰু নাৰী অধিকাৰ আন্দোলনৰ পথ প্ৰশস্ত কৰে। আন কেইবাগৰাকী প্ৰতিনিধিৰ সৈতে লণ্ডন অধিৱেশনলৈ দাসপ্ৰথাবিৰোধী (Abolitionist) দম্পতী এলিজাবেথ আৰু হেনৰী ষ্টেনটনো গৈছিল। কিন্তু মহিলাসকলক সভাত অংশগ্ৰহণ কৰিবলৈ দিয়া নহ'ল। শ্ৰোতা-দৰ্শক হিচাপে তেওঁলোকে বহিবলৈ ঠাই পালে গেলেৰীৰ এটা চুকত। অপমানিত মহিলাসকলৰ অপমান দুগুণে চৰিল যেতিয়া জেমচ বাৰ্নি নামৰ এগৰাকী বক্তাই দীপ্ত কণ্ঠে ঘোষণা কৰিলে যে স্বামীৰ সমকক্ষ হৈ পত্নীসকলে ৰাজহুৱা ঠাইত কথা কোৱা অনুচিত। তেওঁলোকৰ কৰ্তব্য স্বামীৰ আদেশ পালন কৰা। অধিকাংশ পুৰুষে এই উক্তিক সমৰ্থন জনাইছিল যদিও হেনৰীয়ে মহিলাৰ সপক্ষে মাত মতাত বিষয়টোৰ ওপৰত ভোট হয়। অধিকাংশ ভোট পৰে মহিলাৰ অংশগ্ৰহণৰ বিপক্ষে। আমেৰিকাৰ আগশাৰীৰ এবলিশ্বনিষ্ট নেতা উইলিয়াম লয়েড গেৰিছনে মৰ্মাহত হৈ সভাত কৈছিল— ‘After battling so many long years for the liberation of African slaves, I can take no part in a convention that strikes down the most sacred right of all women.’ তাৰ পাছত তেওঁ বহি থাকিল মহিলাসকলৰ গেলেৰীত।
দাসপ্ৰথা উচ্ছেদ যাৰ জীৱনৰ লক্ষ্য সেইগৰাকী লয়েড গেৰিছনে সেই নিৰ্দিষ্ট কাৰণে অনুষ্ঠিত সভাখনত আমেৰিকাৰ পৰা বাৰ দিন সমুদ্ৰ যাত্ৰা কৰি আটলাণ্টিক পাৰ হৈ আহি অংশগ্ৰহণ কৰাৰ পৰা বিৰত হৈ থাকিল। কোৱা বাহুল্য মহিলা সমাজ [ ২৪৫ ] কৃতজ্ঞ হ’ল এইগৰাকী ব্যতিক্ৰমী পুৰুষৰ প্ৰতি।
নিউয়ৰ্ক ৰাজ্যৰ এক আধুনিক চিন্তাধাৰাৰে আলোকপ্ৰাপ্ত তথা সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰা এলিজাবেথ বাল্যকালতে নাৰী-পুৰুষৰ বৈষম্যৰ প্ৰতি সজাগ হৈছিল। বিশেষকৈ তেওঁৰ আইনজীৱী দেউতাকৰ ওচৰলৈ ন্যায় বিচাৰি অহা এগৰাকী বিধৱা মহিলাক আইনৰ হেঙাৰ থকা বাবে তেওঁৰ ‘প্ৰাপ্য’ সম্পত্তি উদ্ধাৰ কৰি দিব নোৱাৰিব বুলি শুনি এঘাৰ বছৰীয়া এলিজাবেথে খঙতে আইনৰ কিতাপবোৰ কেঁচিৰে কাটিবলৈ ওলাইছিল। মহিলাগৰাকীক তেওঁৰ দেউতাকে বিয়াৰ সময়ত ঘৰ এটা উপহাৰ দিছিল যদিও তেতিয়াৰ প্ৰচলিত আইনমতে ঘৰটোৰ মালিক হৈছিল স্বামীজনহে। স্বামীৰ মৃত্যুৰ পাছত সকলো সম্পত্তি লাভ কৰিলে পুতেকে, যিজন আছিল তেওঁৰ সতিনীৰ পুত্ৰ। অৰ্থাৎ দেউতাকে ঘৰ এটা দিয়া সত্ত্বেও আইনৰ মেৰপাকত পৰি জীয়েক নিঠৰুৱা হ'বলগীয়া হ’ল। আইনৰ কিতাপ কেঁচিৰে কাটিবলৈ উদ্যত হোৱা কণমানি এলিজাবেথক দেউতাকে কৈছিল ডাঙৰ হ’লে আইন সংশোধন কৰিবলৈ। পিছে দেউতাকে গম নাপালে যে তেওঁৰ উপদেশে পক্ষপাতদুষ্ট আইনবোৰ সংশোধন কৰাৰ দৃঢ় সংকল্পই জীয়েকৰ মনত সেই মুহূৰ্তৰে পৰা ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিছিল।
এইগৰাকী অগ্নিকন্যাৰ কৰ্মজীৱনৰ বিভিন্ন দিশ সামৰি এলানি প্ৰবন্ধ ২০০৬ চনৰ ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিললৈ প্ৰকাশিত ‘সাতসৰী' নামৰ আলোচনীত ধাৰাবাহিকভাৱে লিখিছো। এলিজাবেথৰ বৈপ্লৱিক জীৱনে মোক মুগ্ধ কৰিছিল। গতিকে তেওঁ বাস কৰা ঘৰটো, তেওঁৰ কৰ্মক্ষেত্ৰখন দৰ্শন কৰিবলৈ সুযোগ পাই মোৰ সপোন বাস্তৱলৈ ৰূপান্তৰিত হোৱা যেন লাগিছিল।
World Anti-Slavery Convention অনুষ্ঠিত হোৱা সভাগৃহৰ পৰা ওলাই আহি এলিজাবেথ আৰু আন এগৰাকী এৱলিশ্বনিষ্ট লুক্ৰেশ্বিয়া মটে সিদ্ধান্ত লৈছিল যে আমেৰিকালৈ উভতি গৈয়ে নাৰী অধিকাৰৰ বাবে আন্দোলন কৰিব। পিছে বিবাহিতা মহিলাই কথা ৰাখিব নোৱাৰে। কম সময়ৰ ব্যৱধানত এলিজাবেথে জন্ম দিলে তিনিটা সন্তানক। মাকৰ কৰ্তব্য সীমাহীন বুলি স্বীকাৰ কৰিও তেওঁ আছিল এগৰাকী আদৰ্শ মাতৃ, সন্তান আৰু গৃহস্থালিক অৱজ্ঞা কৰা নাছিল। উপযুক্ত পৰিবেশৰ অভাৱত নাৰীমুক্তিৰ বাবে একো কৰিব নোৱৰা এলিজাবেথে নিজকে তুলনা কৰিছিল পিঞ্জৰাত বন্দী সিংহিনীৰ লগত।
১৮৪০ চনত নাৰী অধিকাৰৰ বাবে সক্ৰিয় হ’বলৈ সিদ্ধান্ত লোৱাৰ আঠ বছৰ পাছত ১৮৪৮ ৰ ৯ জুলাই তাৰিখে ছেনেকা ফল্ছতে এঘৰৰ চাহমেলত এলিজাবেথে [ ২৪৬ ] লগ পালে লুক্ৰেশ্বিয়া মটক। তেওঁৰ হৃদয়ত পুঞ্জীভূত হৈ থকা দীৰ্ঘদিনীয়া ক্ষোভৰ উদ্গীৰণ ঘটিল সেই চাহমেলতে। তেওঁ ক'লে আৰু এক মুহূৰ্তও নহয়, আজিয়ে কামত জঁপিয়াই পৰিব লাগিব। লগে লগে ৰচনা কৰিলে এটা দিগ্দৰ্শী থীম (Theme) All men and women are created equal.
এসপ্তাহ পাছত ১৬ জুলাই তাৰিখে একেধৰণৰ চিন্তাত লিপ্ত মহিলা জেন হাণ্ট, লুক্ৰেশ্বিয়া মট আৰু এলিজাবেথে Declaration of Sentiments নাম দি এখন ঘোষণা পত্ৰৰ প্ৰাথমিক লিপিটো যুগুতালে। লগে লগে স্থানীয় পত্ৰিকাত জাননী দিলে যে পাঁচ দিন পাছত ১৯ আৰু ২০ জুলাই তাৰিখে স্থানীয় ওৱেছলিয়ান চ্যাপেলত Women's Rights Convention অনুষ্ঠিত হ'ব।
১৭৭৬ চনত ৰচিত আমেৰিকাৰ Declaration of Independence ৰ মূলনীতিৰ লগত সংগতি ৰাখি এলিজাবেথে এখন মেনিফেষ্টো প্ৰস্তুত কৰিলে। তাৰ পিছত তেওঁ লিখি উলিয়ালে Declaration of Rights and Sentiments.
১৯ জুলাইৰ দিনা কোনেও আশা কৰা নাছিল যে সৰু চহৰখনত তিনিশৰো অধিক পুৰুষ-মহিলা সেই সভাত উপস্থিত হ’ব। বাটত সিদিনা ঘোঁৰাৰ গাড়ীৰে আৰু খোজকাঢ়ি অহা মানুহে হেনো যান-জঁটৰ সৃষ্টি কৰিছিল।
আমেৰিকান কংগ্ৰেছে ছেনেকা ফল্ছৰ ১৩৬ নম্বৰ ফল ষ্ট্ৰীটত ১৯৮০ চনত প্ৰতিষ্ঠা কৰিছে Women's Rights National Historical Park। তাত অৱস্থিত Visitors' Centre ত সোমায়ে দেখা পালো এলিজাবেথ কেডি ষ্টেনটন আৰু লুক্ৰেশ্বিয়া মটকে ধৰি Women's Rights Convention -অত অংশগ্ৰহণ কৰা কুৰিগৰাকী পুৰুষ-মহিলাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি। তাতে প্ৰতিষ্ঠা কৰা আহল-বহল মিউজিয়ামটো নাৰী অধিকাৰ আন্দোলনৰ সময়ছোৱাৰ মূল চিঠি-পত্ৰ, দলিল, ঘোষণা পত্ৰ, আলোকচিত্ৰ আদি বিবিধ নথি-পত্ৰেৰে সমৃদ্ধ। আন এটা কোঠাত এলিজাবেথৰ দীঘলীয়া সংগ্ৰামী জীৱনৰ সহকৰ্মিনী চুছান বি এন্থনিৰ সহযোগত ব্যৱহাৰ কৰা ছপাশালৰ যন্ত্ৰপাতি, ৰাইজলৈ পঠোৱা গোহাৰি, তেওঁলোকে প্ৰকাশ কৰা ‘দ্য ৰিভলিউশ্যন’ পত্ৰিকাৰ কপি সুৰক্ষিত অৱস্থাত আছে।
Visitor's Centre ৰ গাতে লাগি আছে দুখন বেৰ আৰু চাল এখনৰে সৈতে নাৰী অধিকাৰ আন্দোলনৰ জীয়া সাক্ষী ঐতিহাসিক ওৱেছলিয়ান চ্যাপেল প্ৰাৰ্থনা গৃহটো। মই কল্পনাপ্ৰিয়। দুখন ডেউকা লগাই সময়ৰ বিপৰীত দিশে উৰি উৰি গৈ ১৮৪৮ ৰ ১৯ আৰু ২০ জুলাই পাইছিলো। ভৰিৰ পতালৈকে বৈ পৰা গাউন, [ ২৪৭ ] দীঘলীয়া হাতৰ চোলা আৰু টুপীৰে মূৰ ঢাকি লোৱা মহিলা অংশগ্ৰহণকাৰী আৰু দৰ্শক-শ্ৰোতাৰ মাজত ময়ো যেন গৈ থিয় দিলো। সৌৱা সভাপতিৰ আসনত বহি আছে লুক্ৰেশ্বিয়াৰ স্বামী জেমচ্ মট। নিৰ্দিষ্ট বক্তা এলিজাবেথৰ মুখমণ্ডলত বিৰিঙি উঠিছে ঊষাৰ সুৰুযৰ আভা। বিজয়িনীৰ হাঁহিৰে তেওঁ তিনিশ শ্ৰোতাৰ সন্মুখত পাঠ কৰিবলৈ ধৰিলে...
The history of mankind is a history of repeated injuries and usurpations on the part of man toward woman, having in direct object the establishment of an absolute tyranny over her. To prove this, let facts be submited to a candid world.
মইতো প্ৰকৃততে তেওঁৰ বক্তৃতা নিজ কাণেৰে শুনা নাছিলো। প্ৰাৰ্থনা গৃহটোৰ দাঁতিত গ্ৰেনাইট পাথৰেৰে নিৰ্মিত এখন দেৱালত খোদাই কৰা আছে Sentiment ৰ তালিকাখন আৰু চহী কৰোতাসকলৰ নামবোৰ। চৌবিশ ঘণ্টা স্বচ্ছ পানীৰে বিধৌত দেৱালখনত লিখি থোৱা আছে ‘Sentiment’ বোৰ। পঢ়ি শিহৰিত হৈ ভাবিছো এই মানুহগৰাকী দুশ বছৰ আগতে উপজিছিল নে? তেৱেঁই কৈছিল নে এইবোৰ বাক্য? ‘candid world'ক তেওঁ কি কৈছিল?
He has never permitted her to exercise her inalienable right to the elective franchise.
He has compelled her to submit to laws, in the formation of which she had no voice...
He has made her, if married, in the eyes of law, civily dead...
He has framed the laws of divorce, as to what shall be the proper causes, and in case of separation, to whom the guardianship of the children shall be given, as to be wholly regardless of the happiness of women...
He has monopolized nearly all the profitable employments...
He has denied her the facilities for obtaining a thorough education, all colleges being closed against her.
He allows her in church, as well as in State, but a subordinate position... [ ২৪৮ ]
■ ছেনেকা ফলছৰ ওৱেছলিয়ান প্ৰাৰ্থনা গৃহ। ইয়াত ১৮৪৮ চনৰ ১৯-২০ জুলাইত প্ৰথম Women's |
He has created a false public sentiment by giving to the world a different code of morals for men and women...
He has usurped the prerogative of Jehovah himself, claiming it as his right to assign for her a sphere of action, when that belongs to her conscience and to her God.
He has endeavored, in every way that he could, to destroy her confidence in her own powers, to lessen her self-respect, and to make her willing to lead a dependent and abject life.
'Sentiments' ৰ তালিকাখন পঢ়ি মোৰ ধাৰণা হ'ল ইয়াৰ কেইটামান দফা আইনৰ চকুত সমঅধিকাৰ থাকিলেও আমাৰ সমাজৰ নাৰীৰ ক্ষেত্ৰত আজিও প্ৰযোজ্য। যি কি নহওক এলিজাবেথে সম্পত্তি আৰু উপাৰ্জনৰ ওপৰত মহিলাৰ পূৰ্ণ অধিকাৰ স্থাপন, বিবাহ-বিচ্ছেদৰ অধিকাৰ, বাকস্বাধীনতা, ব্যৱসায়-বাণিজ্য, শিক্ষা-চাকৰি আদিত সম অধিকাৰ ইত্যাদি এঘাৰটা বিষয়ত আগবঢ়োৱা প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহীত হ’ল। সৰ্বশেষত এলিজাবেথে আগবঢ়োৱা বাৰ নম্বৰ প্ৰস্তাৱটো শুনি পুৰুষসকলে হাঁহিবলৈ ধৰিলে আৰু মহিলাসকল চক্খাই উঠিল। এনে এটা ব্যাডিকেল প্ৰস্তাৱ মানুহে উদ্ভট বুলিব পাৰে বুলি লুক্ৰেশ্বিয়াই এলিজাবেথক আগতে কৈছিল। তেওঁৰ স্বামী হেনৰীও সভাত এক হাস্যকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি নিশ্চিত আছিল। গতিকে সভাত তেওঁ উপস্থিততো নাছিলেই, ছেনেফা ফল্ছৰ পৰাই আঁতৰি গৈছিল। প্ৰস্তাৱটো আছিল ভোটাধিকাৰৰ দাবী। যিটো যুগত প্ৰগতিশীল মানুহেই এই দাবী হাস্যকৰ বুলি ভাবিছিল সেই যুগত এলিজাবেথৰ দৃষ্টিভংগী আৰু চিন্তাধাৰা আছিল সময়তকৈ বহু আগবঢ়া।
আজি আমি বিধানসভা আৰু লোকসভাত মহিলাৰ বাবে তেত্ৰিশ শতাংশ আসন সংৰক্ষণ কৰাৰ সমৰ্থনত যিবোৰ কাৰণ দৰ্শাও এলিজাবেথে একেধৰণৰ কাৰণ দৰ্শাইছিল এশ ষাঠি বছৰ আগতে। আমি কওঁ ৰাজনৈতিক ক্ষমতা অবিহনে মহিলাৰ মংগলৰ বাবে আইন ৰচনা কৰা সম্ভৱ নহয়। তেওঁ জোৰ দি কৈছিল যে ভোটাধিকাৰ অবিহনে ৰাজনৈতিক ক্ষমতা লাভ কৰিব নোৱাৰি আৰু সেই ক্ষমতা অবিহনে নাৰী বিৰোধী আইনবোৰ সংশোধন কৰা টান। বহু তৰ্ক-বিতৰ্কৰ পাছত সামান্য ভোটৰ ব্যৱধানত প্ৰস্তাৱটো গৃহীত হয়।
আজিৰ মুক্ত আমেৰিকান মহিলাসকলৰ অনেকেই হয়তো নাজানে যে এনে এখন নাভূত-নাশ্ৰুত সভা পাতি মহিলাসকল কিমান নিন্দাৰ পাত্ৰী হ'বলগীয়া হৈছিল। আন [ ২৫০ ] নালাগে এলিজাবেথৰ ন্যায়াধীশ দেউতাকে ছেনেকা ফল্ছলৈ আহি সিংহৰ বিক্ৰমেৰে গৰ্জন কৰি চহীবোৰ উঠাই নিবলৈ আদেশ কৰিছিল। তেওঁৰ আনজনী জীয়ৰী হেৰিয়েটে উঠাই ল'লে যদিও বজ্ৰৰ দৰে কঠিনমনা এলিজাবেথক কোনো শক্তিয়ে কাবু কৰিব পৰা নাই। একমাত্ৰ দাসপ্ৰথা বিৰোধী বাতৰি কাকতবোৰৰ বাহিৰে বাকীবোৰে সভাখনৰ নিন্দা আৰু সমালোচনাত মুখৰ হৈছিল। অলপ-ধতুৱাসকলে চহীবোৰ উঠাই নিলে কটু কথা শুনি, মুষ্টিমেয় দৃঢ়মনাসকলক অনুপ্ৰেৰণা যোগাই এলিজাবেথে কৈছিল যি অগ্নিশিখা প্ৰজ্বলিত হ’ল ই কেতিয়াও নুনুমায়। সঁচাকৈয়ে বনজুইৰ দৰে দেশৰ আন অঞ্চলবোৰতো বিয়পি পৰে আন্দোলনৰ বতৰা। পৰৱৰ্তী যুগৰ আন্দোলনৰ পথ প্ৰদৰ্শক হিচাপে ছেনেকা ফল্ছ নামটোৰে সৈতে প্ৰথমখন Women's Rights Convention ৰ নাম নাৰী ইতিহাসৰ পাতত উজ্জ্বল হৈ থাকিল। সেই ইতিহাস পাঠ কৰি আমিও কম অনুপ্ৰাণিত হোৱা নাই আৰু সেই ইতিহাসৰ পটভূমি দৰ্শন কৰিবলৈ সেইখিনি পাইছিলো গৈ। উল্লেখযোগ্য যে ১৮৪৮ চনত ভোটাধিকাৰৰ দাবী উত্থাপন কৰাৰ সত্তৰ বছৰ পাছত ১৯২০ চনত সুদীৰ্ঘ সংগ্ৰামৰ সমাপ্তি ঘটিছিল। ভোটাধিকাৰ প্ৰাপ্তি চাই যাব পৰা নাই এলিজাবেথে। সংগ্ৰাম আগবঢ়াই নিছিল তেওঁৰ এগৰাকী কন্যাই।
কিশোৰী কালতে ন্যায়াধীশ দেউতাকে নাৰীৰ বিৰুদ্ধে থকা আইনবোৰ পক্ষলৈ আনিবলৈ হ'লে আগৰ আইন সংশোধন কৰিব লাগিব বুলি কোৱা কথাষাৰ এলিজাবেথে পাহৰা নাছিল। তেওঁ জাৰ-জহ-বৰফৰ বতৰ কাতি কৰি সহকৰ্মী ছুচানৰ সৈতে ঘূৰি ঘূৰি আইন সংশোধনৰ পক্ষে জনমত গোটাইছিল। তথ্য-পাতি গোটাই ল’ৰা-ছোৱালী শোৱাৰ পাছত উজাগৰে থাকি যুগুতাইছিল এটা বক্তৃতা আইনৰ ৰচকসকলৰ আগত পাঠ কৰিবলৈ। তেওঁৰ স্বামীয়ে এই আঁচনিৰ বিৰোধিতা কৰিছিল আৰু দেউতাক খঙতে হৈছিল অগ্নিশৰ্মা। তথাপিতো তেওঁ জীয়েকে কিনো লিখিছে জানিবলৈ ভাষণটো পঢ়ি শুনাবলৈ ক’লে জীয়েকক। হঠাতে দেউতাকৰ চকুত পানী দেখি তেওঁ আচৰিত। গভীৰ চিন্তাত বুৰ গৈ থকা দেউতাকে সুধিলে বিয়াৰ আগে-পাছে সুখী জীৱনত অভ্যস্ত হৈও কেনেকৈ তেওঁ নাৰীৰ দুখৰ উমান পালে আৰু তীব্ৰভাবে অনুভৱ কৰিলে। এলিজাবেথে সোঁৱৰাই দিলে সম্পত্তিৰ পৰা বঞ্চিত বিধৱাগৰাকী তেওঁৰ ওচৰলৈ আহি বিফল হৈ উভতি যোৱা ঘটনাটোলৈ। আইন পুথি কেঁচীৰে কাটি নহয় সংশোধন কৰিলেহে নাৰীয়ে সুৰক্ষা পাব বুলি দেউতাকেইতো কৈছিল। কোমল হৈ দেউতাকে ভাষণটোত কলম চলাই আৰু উন্নত কৰিলে, কিয়নো জীয়েকে নাজানে ইয়াতকৈও অধিক নিষ্ঠুৰ আইন আছে নাৰীৰ বিৰুদ্ধে।[ ২৫১ ] যি কি নহওক সোঁতৰ বিপৰীতে সাঁতুৰি লক্ষ্যত উপনীত হোৱা মানুহগৰাকীক সিদিনা প্ৰতিটো মুহূৰ্ততে লগ পোৱাৰ সুখানুভূতি হৈছিল মোৰ। প্ৰাৰ্থনাগৃহ প্ৰাংগণৰ পৰা আমি গৈছিলো এলিজাবেথে পোন্ধৰ বছৰ একেৰাহে বাস কৰা ঘৰটোলৈ। সন্মুখৰ ঘাঁহনিত গাড়ীৰ পৰা নামি ভৰিখন থোৱাৰ লগে লগে আনন্দ-উত্তেজনা আৰু প্ৰাপ্তিৰ এটা সংমিশ্ৰণ মনৰ ওপৰেদি বৈ যোৱা যেন লাগিছিল।
যিটো ঘৰ নাৰী অধিকাৰ আন্দোলনৰ বাটকটীয়া তেজস্বিনী এলিজাবেথ কেডি ষ্টেনটনৰ কৰ্মক্ষেত্ৰও আছিল তাত সোমাই মই অত্যন্ত আবেগপ্ৰৱণ হৈ পৰিছিলো। তেওঁৰ পঢ়া কোঠাটোত সোমাই লিখা-পঢ়া কৰা মেজখন, চকীখন, পাখিৰ কলমটো, তেওঁৰ হাতৰ আখৰেৰে লিখা প্ৰবন্ধৰ কেইটামান পৃষ্ঠা (ফটো কপি), কাষত থকা চোফাখন, কাষৰ কোঠাত থকা পিয়ানোটো চুই মানুহগৰাকীৰ স্পৰ্শ অনুভৱ কৰিছিলো। একে একে শোৱা কোঠা, খোৱা কোঠা আদি চাওঁতে চাওঁতে মনত পৰিছিল ছুচান বি এনথনীলৈ। দুয়োগৰাকী তপস্বিনীয়ে ইয়াৰে ক'ৰবাত বহি কেৱল নাৰী মুক্তিয়ে নহয় ক্ৰীতদাসকে ধৰি শোষিতজনৰ মুক্তিৰ চিন্তা কৰিছিল, অসংখ্য প্ৰৱন্ধ-পাতি, ঘোষণাপত্ৰ, ইস্তাহাৰ আদি ৰচনা কৰিছিল।
আমেৰিকাৰ ঊনৈশ শতিকাৰ নাৰীবাদী আন্দোলনৰ বিষয়ে কিছু পঢ়া-শুনা কৰিছিলো। সেই অলপীয়া জ্ঞানৰ ভিত্তিত ছুচান আৰু এলিজাবেথ সম্পৰ্কে কৈ থাকোতে শকত-আৱত গাইডগৰাকীয়ে আশ্চৰ্য প্ৰকাশ কৰি কৈছিল— তুমি ইমান কথা জানিলা কেনেকৈ? কেনেকৈ জানিলো শুনি তেওঁ কৈছিল— তোমাৰ প্ৰিয় নাৰীগৰাকীৰ ঘৰটো দৰ্শন কৰিবলৈ অসমৰ পৰা আহিছো, ধন্য তুমি। ধন্য আমিও। কাৰণ সুদূৰ অসমৰ এগৰাকী মহিলাৰ আদৰ্শ নাৰীগৰাকী যে আমেৰিকান।
অলপ ৰগৰ কৰি গাইডক ক'লো— তুমি আজি চাৰ্ট-পেণ্ট পিন্ধি মুকলিমূৰীয়া হৈ ঘূৰি ফুৰিছা। যাৰ চেষ্টাত আজি তোমাৰ এই স্বাধীনতাপ্ৰাপ্তি তেওঁ সাধাৰণ ব্লুমাৰ পোছাকটো পিন্ধা বাবে কিমান যে কটু কথা শুনিবলগীয়া হৈছিল।
এটা পৰিতৃপ্ত মনেৰে ঐতিহাসিক ছেনেকা ফল্ছৰ পৰা আহিবৰ সময়ত হঠাতে নিজৰ প্ৰতি বীতশ্ৰদ্ধ বোধ কৰিলো। আজি বিদেশৰ মাটিত বিচাৰি আহিছো এগৰাকী অগ্নিকন্যাক, যাৰ স্মৃতি অমৰ কৰি ৰাখিছে তেওঁৰ স্বদেশবাসীয়ে। অসমত নাৰী আন্দোলনৰ পথ প্ৰদৰ্শক তেনে এগৰাকী অগ্নিকন্যা আমাৰ মাজতো জানো নাছিল? কিন্তু সেইগৰাকী ধ্বজাধাৰিণী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্মস্থান দৈশিংৰী গাঁৱলৈ যোৱাৰ কথাতো কেতিয়াও ভবা নাই। কেতিয়াওতো ভবা নাই চন্দ্ৰপ্ৰভাৰ স্মৃতি যুগমীয়া কৰি [ ২৫২ ]
■ গাইডৰ সৈতে নাৰী মুক্তিৰ বাটকটীয়া এলিজাবেথ কেডি ষ্টেনটনৰ ঘৰৰ সন্মুখত লেখিকা |
ৰাখিবলৈ সেই গাঁওখনত কিবা কৰিবলৈ।
চন্দ্ৰপ্ৰভাৰ যিটো সজাগতা আৰু চাৰিত্ৰিক দৃঢ়তা আছিল ই এলিজাবেথতকৈ কোনো অংশে কম নাছিল। কিন্তু তেওঁলোক উপজি ডাঙৰ হোৱা পৰিবেশ দুটাৰ মাজত আছিল আকাশ-পাতাল পাৰ্থক্য। চন্দ্ৰপ্ৰভাই পোৱা নাছিল এলিজাবেথে পোৱা পাৰিপাৰ্শ্বিক পৰিবেশ। আমি জানো যে জন্মগত প্ৰতিভা আৰু পৰিবেশৰ পাৰস্পৰিক ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে মানুহৰ সাফল্য। এলিজাবেথৰ দৰে বিশ্বখ্যাত হোৱাৰ সকলো প্ৰতিভা থকা সত্ত্বেও একমাত্ৰ অসমত জন্মগ্ৰহণ কৰা বাবে চন্দ্ৰপ্ৰভাৰ প্ৰভা অসমৰ সীমা অতিক্ৰম কৰিব নোৱাৰিলে।
আন এগৰাকী তেজস্বিনীক বিচাৰি : ছেনেফা ফল্ছৰ পৰা ওলাই আমি গ'লো ফিংগাৰলেক অঞ্চলৰে আন এখন চহৰ অৱাৰ্ণলৈ। ইয়াতে আন এগৰাকী তেজস্বিনী হেৰিয়েট টাবমেনে জীৱনৰ শেষ বছৰকেইটা অতিবাহিত কৰিছিল। এলিজাবেথ আৰু হেৰিয়েট আপাতদৃষ্টিত দুই মেৰুৰ বাসিন্দা। প্ৰথমগৰাকী শ্বেতাংগ, প্ৰগতিশীল তথা অভিজাত পৰিয়ালৰ জীয়ৰী আৰু বোৱাৰী। চহকী আৰু শিক্ষিতা। দ্বিতীয়গৰাকী কৃষ্ণাংগ, ক্ৰীতদাস পৰিয়ালৰ। দৰিদ্ৰ আৰু নিৰক্ষৰ। কিন্তু দুয়োৰে মাজত আছে এটা আশ্চৰ্য সাদৃশ্য। দুয়ো মানৱ জাতিৰ মুক্তিকামী। দুয়ো শত বাধা পাৰ হৈ একমাত্ৰ মনৰ জোৰত নিজ নিজ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছিল. অৱশ্যে ক্ৰীতদাস হেৰিয়েটৰ পথ আছিল অধিক বিপদসংকুল।
এটা বয়সত গল্প-উপন্যাস পাঠ কৰা মোৰ নিচা আছিল যদিও পিছলৈ প্ৰবন্ধ আৰু বিশেষকৈ জীৱন যুদ্ধত সফল মহিলাৰ জীৱনী পাঠ কৰিবলৈ ভালপোৱা হ'লো। এলিজাবেথ আৰু হেৰিয়েট টাবমেনৰ জীৱনীয়ে মোক এসময়ত প্ৰভাৱিত কৰিছিল। তেতিয়া মই ভবা নাছিলো যে কেতিয়াবা আমেৰিকালৈ আহিম আৰু অহাৰ পাছতো আশা কৰা নাছিলো এওঁলোকৰ কৰ্মভূমি দৰ্শন কৰা সম্ভৱ হ’ব। কোৱা হয় heart's earnest desire never remains unfulfilled. হয়তো সেই কাৰণেই মোৰ জীৱনৰ এটা আশা পূৰণ হ’ল। এলিজাবেথ আৰু হেৰিয়েট দুয়োৰে সান্নিধ্য লাভ কৰা যেন লাগিছিল ফিংগাৰলেক অঞ্চললৈ আহি। সেই সময়ত মোৰ হৃদয়ত যি আবেগ আৰু অনুভূতিৰ সৃষ্টি হৈছিল সম্ভৱতঃ এনে অনুভূতি অনুভৱ কৰে ধাৰ্মিক ইছলামধৰ্মীসকলে মক্কা আৰু হিন্দুসকলে তিৰুপতি মন্দিৰ বা কাশীৰ বিশ্বেশ্বৰ মন্দিৰ দৰ্শন কৰি। [ ২৫৪ ] হেৰিয়েট টাবমেনৰ বিষয়ে ২০০৯ চনৰ এপ্ৰিলৰ পৰা নৱেম্বৰলৈ ধাৰাবাহিকভাৱে ‘নন্দিনী' নামৰ আলোচনীখনত লিখিছো। ক্ৰীতদাসৰ ঘৰত জন্মগ্ৰহণ কৰি দুৰ্বল স্বাস্থ্যৰ শিক্ষাহীন ছোৱালী এজনী, মানসিক বলত যে ইমান বলীয়ান হ’ব পাৰে হেৰিয়েটৰ জীৱন পাঠ কৰাৰ আগতে মই কল্পনা কৰিব পৰা নাছিল।
আমেৰিকাত কুখ্যাত দাসপ্ৰথাৰ ভৰপকৰ সময়ত ১৮২০ চনত হেৰিয়েটৰ ক্ৰীতদাস হিচাপেই জন্ম হয় আৰু পাঁচ বছৰ বয়সৰে পৰা চাহাব মালিকৰ ঘৰত আৰম্ভ হয় তেওঁৰ দাসত্ব জীৱন। কি কঠিন আছিল সেই দিনবোৰ। উদং মজিয়াত শুইছিল, খাইছিল কুকুৰৰ লগত মালিকৰ ঘৰৰ এৰেহা। কিছুমান মানুহ বোধকৰো জন্মগতভাৱে স্বাস্থ্যৱান হয়। নহ’লৈনো এৰেহা খোৱা ছোৱালীজনী শাৰীৰিক আৰু মানসিক শক্তিৰে অসাধাৰণভাৱে বলীয়ান হ'ব পাৰেনে? দাসত্বৰ শিকলি ছিঙি ওলাই আহিবলৈ মনোবলেইবা পালে ক’ত? মনত কিমান সাহস আৰু দেহত কিমান শক্তি থাকিলে এজনী মানুহে মালিকপক্ষৰ মানুহেৰে বেৰি থকা পৰিবেশ এটাৰ পৰা পলাই আহিব পাৰে মুক্তিৰ সন্ধানত। উল্লেখযোগ্য যে দাস প্ৰথাৰ প্ৰচলন নাছিল আমেৰিকাৰ উত্তৰাঞ্চল আৰু কানাডাত। তেওঁ নিজকেই নহয়, ঊনৈশবাৰ বিপদ সংকুল পথেৰে দক্ষিণলৈ গৈ বহুতকে মুক্ত কৰি আনিছে মালিকপক্ষৰ চকুত ধূলি দি।
হেৰিয়েটৰ জীৱনটো আছিল ৰহস্য উপন্যাসৰ সৈতে তুলনীয়। তেওঁৰ সাধাৰণ ঘৰটোৰ সন্মুখত থিয় হৈ ভাবিছিলো ইয়াতে শেষ জীৱনটো কটাইছিল নে অসাধাৰণ মানুহগৰাকী, যাক কোৱা হয় ‘স্বজাতিৰ মোজেছ’!
মোজেছৰ কাহিনী পাওঁ বাইবেলৰ ওল্ড টেষ্টামেনত। তেওঁ আছিল হিব্ৰু বা ইহুদী ক্ৰীতদাসৰ সন্তান। ইহুদীসকল আছিল ইজিপ্তৰ ফাৰাও (ৰজা)সকলৰ ক্ৰীতদাস। খ্ৰীষ্টপূৰ্ব আনুমানিক চতুৰ্দশ-ত্ৰয়োদশ শতিকাত হিব্ৰু ধৰ্মৰ প্ৰৱৰ্তক তথা আইন পৰামৰ্শদাতা আছিল মোজেছ। বাইবেলৰ মতে তেওঁ ইজিপ্তৰ পৰা ইহুদীসকলক উলিয়াই আনি প্ৰমিজড লেণ্ডলৈ লৈ গৈছিল। এই প্ৰমিজড লেণ্ডেই হ’ল ইহুদী জাতিক ঈশ্বৰে দিব বুলি প্ৰতিশ্ৰুতি দিয়া আদৰ্শভূমি ইজৰাইল। যাত্ৰাৰ পথত মাউণ্ট ছিনাইত ঈশ্বৰে তেওঁক টেন কমাণ্ডমেণ্ট লিখিবলৈ অনুপ্ৰাণিত কৰে।
মোজেছৰ দৰে হেৰিয়েট টাবমেনেও আমেৰিকাৰ দক্ষিণাঞ্চলত পশুৰ জীৱন-যাপন কৰা বহু ক্ৰীতদাসক পলুৱাই আনিছিল উত্তৰৰ মুক্তাঞ্চললৈ। সেই কাৰণে তেওঁক কোৱা হয় ‘স্বজাতিৰ মোজেছ’!
নিজে মুক্ত হোৱাৰ পাছত বছৰি এবাৰ শৰৎকালত আৰু এবাৰ বসন্তকালত পাঁচশ [ ২৫৫ ] মাইল দক্ষিণলৈ এইগৰাকী মহাশক্তিধাৰিণীয়ে নিৰ্ভয়ে যাত্ৰা কৰিছিল তেওঁৰ স্বজাতিক দাসত্বৰ পৰা মুকলি কৰি আনিবলৈ।
দাসত্বৰ শিকলিৰে বান্ধ খাই থকাতকৈ মৃত্যুয়ে শ্রেয়— এই শাৰী বাক্যৰে হেৰিয়েটে পলাতকসকলক উদ্বুদ্ধ কৰিছিল। উদ্ধাৰ অভিযানলৈ যাওঁতে হাতত তেওঁ সদায় ৰাখিছিল এটা পিস্তল ! তদুপৰি যি কোনো পৰিস্থিতি চম্ভালিবলৈ তেওঁৰ আছিল এটা স্বভাৱজাত পাৰদৰ্শিতা। সৈন্যবাহিনীৰ কমাণ্ডাৰৰ দৰে পলাতকসকলক মাজনিশাৰ এন্ধাৰত তেওঁ বাট দেখুৱাই নিছিল। কোনোবাই ভয়ত নাইবা কষ্ট সহ্য কৰিব নোৱাৰি উভতি যাব খুজিলে হেৰিয়েটে পিস্তলটো মানুহজনৰ মূৰত লগাই কৈছিল— ‘আগবাঢ়া নহ'লে মৰা।' অৱশ্যে কোনেও মৰিবলগীয়া হোৱা নাই। নিজান হাবি, জলাভূমি আদিৰ মাজেৰে যোৱা ভাগৰুৱা পলাতকসকলক উৎসাহ যোগাবলৈ হেৰিয়েটে গানো গাইছিল। বাল্যকালত মালিকৰ ঘোচা খাই অজ্ঞান হোৱা মানুহগৰাকীৰ মগজুৰ কোনোবা এটা অংশ ৰোগগ্রস্ত হোৱাত তেওঁ ওৰে জীৱন মাজে মাজে জ্ঞান হেৰুৱাই অসাৰ হৈ পৰিছিল। এই দুঃসাহসী মানুহগৰাকীয়ে দুর্গম অঞ্চলেৰে অহা-যোৱা কৰোতে সেই ৰোগটোৰ দ্বাৰা আক্ৰান্ত হ’লে তাতেই বাগৰি পৰিছিল। সুস্থ বোধ কৰাৰ পাছত স্প্রিংমেনৰ দৰে জাঁপ মাৰি উঠি আকৌ যাত্ৰা কৰিছিল। তেওঁৰ জীৱনৰ মূলমন্ত্ৰ আছিল এনেধৰণৰ—
Keep going, children if you are tired keep going, if you are scared keep going, if you are hungry keep going, if you want to taste freedom, keep going.
হেৰিয়েটৰ জীৱনৰ এই মূলমন্ত্ৰটো সমগ্ৰ আমেৰিকাবাসীৰ জীৱনৰ মূলমন্ত্ৰ হিচাপে গৃহীত হৈছে।
তেতিয়াৰ দিনতে হেৰিয়েটৰ মূৰৰ মূল্য বাৰ হেজাৰ ডলাৰ ধার্য কৰাৰ পিছতো তেওঁ ধৰা পৰা নাছিল। ধৰা পৰো পৰো অৱস্থাতো তেওঁ ভেশছন ধৰি ছলনাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল। আৰু অনেক ঘটনা-পৰিঘটনাৰে সমৃদ্ধ এইগৰাকী অবিস্মৰণীয় নাৰীৰ জীৱনী পাঠ কৰি মুগ্ধ হৈছিলো। তেওঁৰ সমপৰ্যায়ৰ পুৰুষ বা মহিলা বিশ্বত বিৰল।
দাসপ্রথাবিৰোধী আন্দোলনৰ (Abolition) প্রখ্যাত যোদ্ধা উইলিয়াম ছিৱাৰ্ডৰ ঘৰো আছিল আবাৰ্নত। হেৰিয়েট আৰু ছিৱাৰ্ডৰ লক্ষ্য একে আছিল, দুয়ো সহযোদ্ধাও আছিল। কিন্তু সামাজিক মর্যাদাত দুয়োৰে স্থান আছিল দুই মেৰুত। কৃষ্ণাংগিনী [ ২৫৬ ]
■ হেৰিয়েট টাবমেনৰ ঘৰ, অবান |
ছিৱাৰ্ডৰ প্ৰাসাদোপম গৃহৰ আটালত লুকুৱাই ৰখা হৈছিল পলাতক ক্ৰীতদাসসকলক। এলিজাবেথ কেডি ষ্টেনটন আৰু হেৰিয়েট টাবমেনৰ কৰ্ম তথা বাসস্থান দৰ্শন কৰিবলৈ আহি উইলিয়াম ছিৱাৰ্ডৰ সুসংৰক্ষিত প্ৰাসাদতো সোমাইছিলো। সমগ্ৰ দেহত এটা শিহৰণ অনুভৱ কৰিছিলো পলাতক ক্ৰীতদাসসকলক লুকুৱাই ৰখা আটালটো দেখি। তেওঁৰ লাইব্ৰেৰীটোও চাবলগীয়া। সেই লাইব্ৰেৰীৰ দহ হেজাৰ কিতাপ আজিও সুৰক্ষিত অৱস্থাত আছে। শ্বেলফত প্ৰথমতে মোৰ চকুত পৰিছিল গ্ৰে’জ এনাটমীখন। হয়তো সেইখন পাঠ কৰি তেওঁ উপলব্ধি কৰিছিল শাৰীৰিক দিশৰ পৰা মানুহে মানুহে কোনো পাৰ্থক্য নাই।
ঐতিহাসিক স্থান, গৃহ আদি পশ্চিমৰ মানুহে বিনষ্ট হ’বলৈ নিদিয়ে, সংৰক্ষণ কৰি ৰাখে ভৱিষ্যৎ প্ৰজন্মৰ বাবে। মিছৰ, ইউৰোপ, ব্ৰিটেইনৰ সভ্যতা প্ৰাচীন। সংৰক্ষিত সকলো সৌধ আৰু কীৰ্তিসমূহ যুগ যুগ ধৰি অতীতৰ ইতিহাস বহন কৰি আছে। সেই তুলনাত আজিৰ আমেৰিকা শিশু। বয়স ছশ বছৰমান। কিন্তু তাৰে ভিতৰত ঘটি যোৱা ইতিহাসৰ কুটা এডালো ল’ৰ-চৰ হ’বলৈ দিয়া নাই। ফলত দেখা পালো ফিংগাৰ লেক অঞ্চলৰ ইতিহাস বিজড়িত গৃহবোৰ, দেখিছো পট’মাক নৈৰ পাৰত বিস্তীৰ্ণ এলেকা জোৰা মাউণ্ট ভাৰ্ননত আমেৰিকাৰ প্ৰথমগৰাকী প্ৰেছিডেণ্ট জৰ্জ ৱাশ্বিংটনৰ নিজস্ব এষ্টেট। প্ৰেছিডেণ্টেই নহয় তেওঁ আছিল আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ প্ৰধান সেনাপতি। তেওঁ কিন্তু মনে-প্ৰাণে আছিল এগৰাকী খেতিয়ক আৰু উদ্ভিদ বিজ্ঞানী। সুদীৰ্ঘ আঠ বছৰ যুদ্ধ ক্ষেত্ৰত কটাই তেওঁ আহিছিল মাউণ্ট ভাৰ্ননৰ নিজস্ব খেতিপথাৰলৈ। কিন্তু ভাগ্যই তেওঁক আকৌ টানি নিছিল এনে এটা পদলৈ যিয়ে তেওঁক কৰিলে ভুবন বিখ্যাত। দিলে অমৰত্ব। ১৭৮৯ চনৰ ৩০ এপ্ৰিলৰ দিনা হেজাৰ হেজাৰ ৰাইজৰ সন্মুখত দেশৰ প্ৰথম প্ৰেছিডেণ্ট হিচাপে শপতগ্ৰহণ কৰিবৰ সময়ত তেওঁ দুৰ্বল বোধ কৰিছিল— সকলোৰে আশা পূৰণ কৰিব পাৰিবতো? জৰ্জ ৱাশ্বিংটনৰ বিশাল চৌহদত, ঘৰৰ ভিতৰত, ফুলনিত, পাচলিৰৰ খেতিত সোমালে [ ২৫৮ ]
■ পৰিত্যক্ত ৰূপৰ খনিত স্বামীৰ সৈতে লেখিকা |
একেই সুৰক্ষিত অৱস্থাত হাইড পাৰ্কত দেখিছো যোৱা শতিকাৰ ত্ৰিশৰ দশকত আমেৰিকাৰ মন্দাকালৰ পৰিত্ৰাতা, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এগৰাকী বিশ্বনেতা, চাৰিবাৰকৈ আমেৰিকাৰ প্ৰেছিডেণ্ট হিচাপে নিৰ্বাচিত জনপ্ৰিয় ফ্ৰেংকলিন ডি ৰুজভেল্টৰ (১৮৮২-১৯৪৫) এষ্টেট। ৩৯ বছৰ বয়সত পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ কঁকালৰ তলৰ অংশ তেওঁৰ অৱশ হয়। তাৰ পাছতহে তেওঁ ৰাজনীতিৰ মঞ্চত প্ৰৱেশ কৰি বিশ্বনেতা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰে। তেওঁ খোজকাঢ়িব পৰা নাছিল, তেতিয়াৰ দিনত লিফ্টো নাছিল। দুই-তিনি মহলালৈ উঠা-নমা কৰিবলৈ তেওঁৰ ব্যৱহৃত হাতেৰে চালিত এখন বিশেষ ধৰণৰ চকী সুৰক্ষিত অৱস্থাত দেখিলো। ৰুজভেল্টে পৃথিৱীৰ সকলো ভয় জয় কৰিব পাৰিছিল বাবেহে ক'ব পাৰিছিল — The only thing we have to fear is fear itself.
একেদৰে দেখিছো ৰিপ্ ভ্যান উইংক্লৰ গ্ৰন্থকাৰ ৱাশ্বিংটন আৰ্ভিঙৰ হাডচন নৈৰ পাৰৰ ঘৰটো। আনকি ১৮৯০ ৰ দশকত স্বামী বিবেকানন্দ আমেৰিকালৈ যাওঁতে নিউয়ৰ্কৰ উত্তৰে তেওঁৰ বন্ধু ধনকুবেৰ ফ্ৰান্সিছ লেগেতৰ বিশাল এষ্টেটৰ ৰিজ্লী মেনৰ নামৰ যিটো ঘৰত আছিল সেইটোও সুৰক্ষিত। ১৮৯৪ চনত নিউয়ৰ্ক মহানগৰীত প্ৰতিষ্ঠা লাভ কৰা বেদান্ত ছ'চাইটিৰ প্ৰথমগৰাকী প্ৰেছিডেণ্ট আছিল ফ্ৰান্সিছ লেগেত নামৰ চাহাবজন। বৰ্তমানে বিবেকানন্দ বাস কৰা ঠাইডোখৰ ৰামকৃষ্ণ মিছনৰ অধীনত। চাহাব-মেম সন্ন্যাসীসকলে হিন্দুৰ দৰেই ৰামকৃষ্ণ আৰু শ্ৰীমাক পূজা কৰে। বিবেকানন্দৰ বিছনা, চকী-মেজ সকলো সুৰক্ষিত। তেওঁ বোলে আইচক্ৰীম খাবলৈ ভাল পাইছিল।
তদুপৰি দেখিছিলো সোতৰ শতিকাৰ এটা পৰিত্যক্ত ৰূপৰ খনি আৰু কাৰখানা, ডাচ্চ ব্যৱসায়ী গোষ্ঠীৰ পৰিত্যক্ত বসতি। পৰিত্যক্তৰ অৰ্থ হাবিৰ মাজত পেলাই থৈ যোৱা নহয়৷ সু-সংৰক্ষিত কৰি এনেকৈ ৰখা হয় যেন ৰূপৰ খনিৰ পৰা চপৰা চপৰে আকৰ আনি তাৰ পৰা ৰূপ উলিয়াই আছে। আগৰ সকলো সা-সামগ্ৰী পৰ্যন্ত সুৰক্ষিত। ডাচ্চ ব্যৱসায়ীসকলৰ ব্যৱসায়ো যেন চলিয়ে আছে। যিকোনো সংৰক্ষণৰ দায়িত্ব ঘাইকৈ গ্ৰহণ কৰে ধনশালী নাগৰিকসকলে। তদুপৰি পৰ্যটকলৈ বেচা টিকটৰ পৰাও অৰ্থ সংগ্ৰহ হয়।
প্ৰায় ত্ৰিশ বছৰ অসমৰ বাহিৰত কটাই স্থায়ীভাৱে গুৱাহাটীলৈ আহি প্ৰথমতে গৈছিলো মোৰ মৰমৰ কটন কলেজখন চাবলৈ। তাত ঐতিহ্যপূৰ্ণ এ্যডমিনিষ্ট্ৰেটিভ বিল্ডিঙটোৰ ঠাইত কংক্ৰিটৰ বিল্ডিংটো দেখি বৰ হতাশ হৈছিলো। একেদৰে হতাশ [ ২৬০ ]
■ জৰ্জ ৱাশ্বিংটনৰ বাসগৃহ |
আমেৰিকাত বাংলাদেশ দেখিলো : অসমৰ পৰা সাত সাগৰ তেৰ নৈ পাৰ হৈ গৈ ঘৰৰ কাষৰে বাংলাদেশৰ পৰা অহা ইলিছ মাছ কিনিবলৈ নিউয়ৰ্ক মহানগৰীৰ কুইন্ছ অঞ্চলৰ জেকচন হাইটছ চুবুৰীটোলৈ আহিছিলো। পুত্ৰৰ ঘৰৰ পৰা সেইখিনি ঠাইলৈ এঘণ্টামানৰ দূৰত্ব। চাহাবহঁতৰ দোকান-বজাৰৰ মাজত বাংলাদেশী দোকান এখন দেখা পাম বুলি আশা কৰিছিলো। পিছে ক’ত চাহাব। ক’ত চাহাবৰ দোকান। বগা বা ক’লা কোনো বৰণৰ আমেৰিকান চকুত নপৰিল। কেউপিনে বাংলাদেশীৰ দোকান, বাটেৰে অহা-যোৱা কৰা সকলো মানুহ বাংলাদেশী। মানুহবোৰে কথা পাতিছে বাঙাল ভাষাত। অলপো আশা নকৰা পৰিস্থিতি।
বাংলা ভাষা বাংলাদেশৰ ৰাষ্ট্ৰীয় ভাষা। কিন্তু কথা বিশুদ্ধ বাংলাত নাপাতে, পাতে পূব বাংলাত প্ৰচলিত কথিত বাংলাত। অসমৰ বাঙালীসকলেও কথিত বাংলাত কথা কয়। এই কথিত ভাষাটোকে কোৱা হয় বাঙাল ভাষা। পশ্চিমবংগৰ মানুহে পূৰ্ববংগৰ মানুহক বাঙাল বুলি ইতিকিং কৰে, উজনি অসমৰ মানুহে নামনিক ঢেকেৰী বুলি কোৱাৰ দৰে। সিদিনা বাংলাদেশী অধ্যুষিত এলেকাটোত এষাৰ ইংৰাজী বাক্যও কাণত নপৰিল। সকলোৱে বাঙাল ভাষাত কথা কোৱাত ব্যস্ত। চাৰিওফালে গিজগিজাই থকা দোকানবোৰৰ ছাইনবোৰ্ডবোৰো বাংলা আখৰেৰে লিখা! বিস্ময়ত হতবাক হৈ দোকানবোৰৰ নামবোৰ পঢ়ি গ'লো এফালৰ পৰা — অৱকাশ, মুক্তাধাৰা, আলাদ্দীন, ৰাজভোগ, খামাৰবাৰী (পামঘৰ) ইত্যাদি। হালাল কৰা মাংস বেচিছে ‘হালাল-মাংস’ৰ দোকানত। কাবাব বিক্ৰীৰ দোকানখনৰ নাম ‘কাবাব কিং’।
সিদিনা আছিল শুকুৰবাৰ। এটা নিৰ্দিষ্ট সময়ত নামাজ পঢ়িবলৈ কিছুমানে ধুপ্ধাপ বহি গৈছিল এটা গলিৰ ফুটপাথত। এইবোৰ চাই-চিতি অবাক হোৱা বন্ধ কৰি সোমাই গৈছিলো আলাদীন নামৰ ৰেস্তোৰাঁ এখনত। সোমায়ে দেখিলো চাহৰ পিয়লাত ধুমুহা তুলি ডেকাসকল বাঙাল ভাষাত বিবিধ আলোচনাত ব্যস্ত। আমিও একোটাকৈ চিংৰা আৰু খেজুৰৰ গুড়ৰ সন্দেশ লৈ বহি কাষ্টমাৰসকলৰ ৰেহ-ৰূপ চাই থাকিলো। এওঁলোকক দেখি আমাৰ বিশুদ্ধ বাংলাভাষী কলকতীয়া বিয়ৈ অবাক। উত্তেজিত। তেওঁৰ বিশ্বাস হ’ব নোখোজে সেই অকমাণি পিছপৰা বাংলাদেশৰ এটা সাধাৰণভাৱে শিক্ষিত শ্ৰেণীৰ মানুহ চাহাবৰ দেশৰ আহল- বহল অঞ্চল এটাত কি যাদুৰ বলত [ ২৬২ ] মহাপ্ৰতাপেৰে ব্যৱসায়-বাণিজ্যত লিপ্ত হৈ আছে।
এখন দোকানত চিলিঙৰ পৰা মজিয়ালৈ নিৰ্মাণ কৰা শ্বেল্ফবোৰত ঠাহ খাই থকা দেখিলো বাংলাদেশ আৰু পশ্চিমবংগৰ গ্ৰন্থকাৰসকলৰ কিতাপ, গায়কসকলে গোৱা গীত-মাতৰ চিডি, বিবিধ বাংলা কাকত-আলোচনী আদি। তদুপৰি কথাছবিৰ ডিভিডিতো আছেই। সকলো কিন্তু বাংলা চিনেমাৰ, হিন্দী-ইংৰাজীৰ স্থান নাই বাংলাদেশী দোকানবোৰত।
কাবাব কিং নামৰ ৰেস্তোৰাঁত বিৰিয়ানি আৰু কাবাব খাবলৈ সোমাই আন দেশৰ মানুহকো দেখিলো উৎকৃষ্ট কাবাবৰ সোৱাদ ল’বলৈ বহি আছে। ওৱেটাৰবোৰো বাংলাদেশী আছিল। এজনে মোক সম্ভাষণ কৰিছিল চেলাম আলেইকুম শব্দ দুটাৰে। ময়ো উত্তৰত কৈছিলো আলেইকুম চেলাম।
ৰাতি দহমান বজাত কাবাব কিঙৰ পৰা ওলাই ফুটপাথত দেখিলো বিবিধ পাচলিৰ সম্ভাৰ মেলি বহি আছে বাংলাদেশী বিক্ৰেতা। এইবোৰৰ কিন্তু এবিধো নাছিল চাহাবৰ দেশৰ পাচলি। নিজকে প্ৰশ্ন কৰিছিলো আমি আমেৰিকাত নে গুৱাহাটীত? আমাৰ উলুবাৰী বজাৰতো ফুটপাথত বহি এওঁলোকৰ দৰেই লাও-কোমোৰাৰ আগ, পুৰৈ শাক, মৰাপাট শাক আদি বেচে পাচলিৱালাহঁতে। যি কি নহওক, নোপোৱাই পোৱা দি বেগ ভৰাই শাক কিনি ফুটপাথেৰে আগুৱাই গৈ আছিলো। এনেতে আকৌ আচৰিত হ'বৰ পাল পৰিল। পাচলি আৰু মাছৰ দোকানত কচুৰ ঠাৰি, কলডিল, পচলা, কাচকল, কেঁচা অমিতা, পটল আৰু বিবিধ মাছ— ইলিছ, কাৱৈ, ৰৌ, ভাঙন ইত্যাদি। মাছবোৰ হিমায়িত যদিও প্ৰতি শুকুৰবাৰে ঢাকাৰ পৰা আহে সতেজ মাছ। কিমান যে মাছ আৰু পাচলি কিনিলো! আমি তেতিয়া নিচাগ্ৰস্তৰ দৰে দোকানে দোকানে সোমাই চাইছো আৰু কি পোৱা যায়। এখনত আৱিষ্কাৰ কৰিলো খেজুৰৰ গুড় আৰু আম, জলফাই, তেঁতেলী, অমৰাৰ আচাৰ। আৰু মুড়িও।
বিশ্বৰ কোনো দেশেই বোধকৰো বাংলাদেশীমুক্ত নহয়। যিবোৰ দেশত জনবিস্ফোৰণ ঘটিছে তাৰ মাজত এখন হ’ল বাংলাদেশ। সাধাৰণ বিস্ফোৰণ নহয়, হাইভল্টেজ বিস্ফোৰণ। দেশখনত প্ৰতি বৰ্গকিলোমিটাৰত জনবসতিৰ ঘনত্ব ৮৭৫, ভাৰতত এই সংখ্যা ৩২৪। বাংলাদেশ অনুন্নতও। জীৱিকাৰ সুযোগ ইমানে সীমিত যে তাৰপৰা ওলাই যোৱাৰ বাহিৰে উপায় নাই। বৈধ-অবৈধ দুয়ো পদ্ধতিৰে বহু দেশত সিঁচৰতি হৈ পৰিছে তেওঁলোক। আমেৰিকা চৰকাৰে লটাৰীৰ মাধ্যমেৰে মাজে মাজে বাংলাদেশীক ভিছা দিয়ে। বোধকৰো সেই কাৰণেই বাংলাদেশীসকলে নিউয়ৰ্কৰ এটা [ ২৬৩ ] অঞ্চলত নিগাজীকৈ বহিব পাৰিছে। অৱস্থাই মানুহক সাহসী আৰু এ্যডভেনচাৰপ্ৰিয় কৰে। সেয়েহে অতীতৰে পৰা বাংলাদেশৰ মানুহ জীয়াই থকাৰ তাড়নাত মৰসাহ কৰি ওলাই গৈ আছে অনিশ্চিত ভৱিষ্যতৰ মাজলৈ।
আমেৰিকাত ১৯৯৩ চনত এখন গুজৰাটী ৰেস্তোৰাঁত ওৱেটাৰ হিচাপে কাম কৰি থকা কপৰ্দকহীন আব্দুল জলিল নামৰ বাংলাদেশী ডেকা এজনক লগ পাইছিলো। জীৱন যুদ্ধত হাৰ নমনা ডেকাজন আজি মোগল পেলেচ আৰু ৰাণী মহল নামৰ দুখন ৰেস্তোৰাঁৰ, এটা তিনি মহলীয়া ঘৰৰ আৰু এখন বি এম ডব্লিউ গাড়ীৰ মালিক। ঢাকাৰ অভিজাত অঞ্চলতো মাটি কিনি থৈছে। আব্দুলে মোক মাকৰ দৰেই শ্ৰদ্ধা কৰে। তেওঁৰ উল্কাৰ গতিত হোৱা উত্তৰণ ঘটিছে আমাৰ চকুৰ আগত। সাফল্যৰ কোনো চুটি পথ নাই। তেওঁ দীঘলীয়া বাটেৰেই আগবাঢ়িছে। য’ৰেই মানুহ নহওক, যি ধৰ্মাৱলম্বীয়ে নহওক কঠোৰ পৰিশ্ৰম কৰি সফলতা অৰ্জন কৰা মানুহ মোৰ শ্ৰদ্ধাৰ পাত্ৰ। জলিলক আপোন কৰি লৈছো একমাত্ৰ সেইকাৰণে। এওঁ বাংলাদেশী অধ্যুষিত জেকচন হাইটছ এলেকাৰ বাসিন্দা নহয়।
জামীক বিচাৰি হাবাথুৰি : জামীৰ লগত মোৰ চিনাকি নাই। কিন্তু তেওঁক মই জানো। তেওঁকে বিচাৰি ফুৰিছো যোৱা তিনিটা দশক ধৰি। সুনীল গাংগুলী ৰচিত ‘পূৰ্ব পশ্চিম’ নামৰ গ্ৰন্থখনত পাইছিলো ৰুমী-জামী নামৰ দুটা ভাই-ককাইৰ নাম। তেওঁলোকৰ মাক সুন্দৰী-শিক্ষিতা-আধুনিকা জাহানাৰা ইমাম বাংলাদেশৰ এগৰাকী নামী লেখিকা। দেউতাক শৰীফ এগৰাকী দেশপ্ৰেমিক।
১৯৭১ চনত পাকিস্তানৰ হাতোৰাৰ পৰা পূব পাকিস্তানক মুক্ত কৰি স্বাধীন বাংলাদেশ গঠিত হয়। ডেকা মুক্তিযোদ্ধা আৰু স্বাধীনতাকামী নাগৰিকে এই যুঁজত অংশগ্ৰহণ কৰিছিল। তাৰ পাছত অৱশ্যে ভাৰত চৰকাৰৰ সৈন্যবাহিনীয়ে বিজয় ত্বৰান্বিত কৰিলে। মুক্তিযুদ্ধত আন বহু বাংলাভাষী মানুহৰ দৰে ৰুমী-জামীহঁতৰ পৰিয়ালটোৱেও যোগ দিছিল। সেই সময়ৰ প্ৰতিদিনৰ ঘটনাসমূহ লিপিবদ্ধ কৰিছিল জাহানাৰা ইমামে। পাছত তেওঁ ‘একাত্তৰেৰ দিনগুলি' নামেৰে সেই লিপি গ্ৰন্থাকাৰে প্ৰকাশ কৰে। ওঠৰ-ঊনৈশ বছৰীয়া ৰুমীয়ে পোনপটীয়াকৈ যোগ দিছিল মুক্তিযুদ্ধত। পাক সেনাৰ অমানৱিক অত্যাচাৰত অসংখ্য মুক্তিযোদ্ধাই প্ৰাণ হেৰুৱায়। ৰুমীও আছিল তেওঁলোকৰ মাজত এজন। তেওঁৰ মৃতদেহটো পোৱা নগ'ল। জামী তেতিয়া বাৰ-তেৰ বছৰীয়া কিশোৰ। দেউতাকৰ লগত জামীকো পাক সেনাই মাজে মাজে ধৰি লৈ গৈছিল। ইও আছিল [ - ] পৃষ্ঠা:অনিমা গুহ.pdf/২৬৫ [ ২৬৪ ] মানসিকভাৱে বিহা এক কঠোৰ শাস্তি। ৰুমীৰ মৃত্যু, দেশবাসীৰ ওপৰত বিহা শাৰীৰিক তথা মানসিক নিৰ্যাতন, দেশৰ অৱস্থা আদি সহিব নোৱাৰি ৰুমী-জামীৰ দেউতাকে হৃদৰোগত আক্ৰান্ত হৈ অকালতে প্ৰাণ হেৰুৱায়।
সুনীল গাংগুলীৰ ‘পূৰ্ব পশ্চিম’ পঢ়িয়েই জামীহঁতৰ পৰিয়ালটোৰ প্ৰতি মই সহানুভূতিশীল হৈছিলো, ‘একাত্তৰেৰ দিনগুলি’য়ে অচিনাকি পৰিয়ালটোক মোৰ আপোন কৰি পেলালে। মোকেই নহয় ৰুমী যেন অলক্ষে হৈ উঠিল কাৰোবাৰ পুত্ৰ, কাৰোবাৰ ভ্ৰাতৃ। শৰীফ হয়গৈ স্নেহশীল পিতৃ বা ভ্ৰাতৃ বা অন্তংৰগ বন্ধু বা পৰামৰ্শদাতা। পিতৃ-ভ্ৰাতৃক হেৰোৱা কণমানি জামী সকলোৰে মৰমৰ। হৃদয়ক কঠিন কৰি, মনৰ কোনোবা গভীৰত বহন কৰি থকা বেদনাসমূহক এক মুক্তিযোদ্ধাৰ মাতৃ আৰু সংগ্ৰামী দেশপ্ৰেমিকৰ পত্নী জাহানাৰাই ব্যক্ত কৰিছে দিনলিপিবোৰত। অসম্ভৱ দৃঢ়মনা মহিলা জাহানাৰা ইমাম।
১৯৮৮ চনত মই বাংলাদেশলৈ যাওঁতে ঢাকাত তেওঁক লগ পোৱাৰ ব্যৱস্থা কৰি দিছিল এগৰাকী মহিলাই তেওঁৰ ঘৰত। পিছে নিৰ্দিষ্ট দিনত তেওঁ আহিব নোৱাৰিলে অসুস্থতাৰ বাবে। বিৰাশী চনত তেওঁ ঘাতক ব্যাধি কেন্সাৰৰ দ্বাৰা আক্ৰান্ত হৈ অত্যন্ত সাহসেৰে কেন্সাৰৰ মুখামুখি হৈছিল।
ঢাকাত নাইবা সুনীলৰ কিতাপ পঢ়ি জানিছিলো জামী আমেৰিকাবাসী। সেই সময়ত আমেৰিকালৈ কেতিয়াবা যাম বুলি ভবা নাছিলো। গতিকে মাক-পুতেক কাকো লগ নোপোৱাৰ দুখ মনৰ এটা কোণত থাকি গৈছিল।
কেইটামান বছৰ পাছৰে পৰা মাজে-সময়ে ল’ৰা-বোৱাৰী-নাতিহঁতক লগ পাবলৈ আমেৰিকালৈ গ'লে বাংলাদেশৰ কাৰোবাক লগ পালেই জামীৰ খবৰ কৰাটো এটা অভ্যাসত পৰিণত হৈছিল। ১৯৯১ চনত আমেৰিকালৈ প্ৰথম যোৱাৰ পৰা ২০০৯ চনলৈ জামীক বিচাৰি বিচাৰি যেতিয়া হাইৰান হৈছিলো তেতিয়াই সেই আপ্তবাক্যটো— heart's earnest desire never remains unfulfilled— মোৰ মগজুৰ পৰা সাউত কৰে ওলাই আহিল।
আমি ঘৰলৈ উভতি আহিবৰ দুদিন আগতে জয়ৰ কেইজনমান সহকৰ্মীক সপৰিয়ালে ৰাতিৰ সাজলৈ নিমন্ত্ৰণ জনোৱা হৈছিল। তেওঁলোকৰ মাজত আছিল মহম্মদ নামৰ এগৰাকী বাংলাদেশী বিজ্ঞানী। লগে লগে মনত পৰিল জামীলৈ। তেওঁ চিনি পায় বুলি কোৱাত কেতিয়াবাই হেৰাই যোৱা পৰমাত্মীয়ক বিচাৰি পোৱাৰ আনন্দ উপজিল হিয়াৰ সোঁমাজত। মহম্মদক মোৰ আন্তৰিক ধন্যবাদ জনালো।[ ২৬৫ ] ধাৰণা হ’ল জাহানাৰা ইমামক জানে এলিট শ্ৰেণীৰ মানুহে। জামীৰ ফোন নম্বৰটো পাই বিশ্বখন হাতৰ মুঠিত পোৱা যেন পাইছিলো।
ডেকাজনৰ কণ্ঠস্বৰ শুনি মোৰ নিজৰ মাতটো থোকাথুকি হৈছিল। জামীও অভিভূত। তেওঁলোকৰ পৰিয়ালৰ প্ৰতি সহানুভূতিশীল কোনোবা ভাৰতীয় মহিলাই তিনিটা দশক ধৰি তেওঁক যে বিচাৰি ফুৰিব পাৰে ই হেনো তেওঁৰ কল্পনাৰ অতীত। স্বাভাৱিকতেই আমি পৰস্পৰৰ ওচৰ চাপিলো। মোক তেওঁ ‘খালা’ (মাহী) বুলিয়ে সম্বোধন কৰিলে। ইতিমধ্যে মাক প্ৰয়াত। ঢাকাত তেওঁলোকৰ ঘৰৰ এটা অংশত জাহানাৰা ইমামৰ নামেৰে এটা মিউজিয়াম প্ৰতিষ্ঠা কৰিছে। মই আকৌ ঢাকালৈ গ’লে তেওঁক জনাবলৈ কৈছে; থকা-মেলাৰ সকলো ব্যৱস্থা কৰি দিব। তেওঁৰ আমেৰিকাৰ মিচিগানৰ ঘৰলৈকো আমন্ত্ৰণ জনালে। মাকে অসুস্থ অৱস্থাত লিখা ‘ক্যান্সাৰেৰ সাথে বসবাস’ গ্ৰন্থখন পঢ়িবলৈ কৈ বাংলাদেশী কোন দোকানত পোৱা যায় কৈছিল। কিতাপখন ভাৰতমুখী বিমানত বহি পঢ়ি লেখিকাৰ মৃত্যুভয় জয় কৰাৰ অদম্য মানসিক শক্তিক প্ৰশংসা নকৰি নোৱাৰিলো। কেন্সাৰ শব্দটোৰ সৈতে নিবিড়ভাৱে যুক্ত মৃত্যু ভয়। মৃত্যুৰ আগতেই ৰোগীক মৃত্যুৰ অতল গুহাত নিক্ষেপ কৰে এই ৰোগে। অতি মহৎ ব্যক্তিয়েহে পাৰে মৃত্যু সম্পৰ্কে নিৰ্মোহ হ’বলৈ। তেওঁৰ এই নাতিদীৰ্ঘ কিতাপখনে মৃত্যুভয় অতিক্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰিব। ৰূপৱতী লাৱণ্যময়ী জাহানাৰাক কালৰোগে আক্ৰমণ কৰিছিল মুখত। চিকিৎসা কৰাবলৈ গৈ তেওঁ হেৰুৱাইছিল ৰূপ-লাৱণ্য। হয়তো মনৰ জোৰতে তেওঁ চিকিৎসাধীন অৱস্থাত জীয়াই আছিল দহ বছৰ। মৃত্যুৰ দিন যিমানেই আগুৱাই আহিছিল সিমানেই সক্ৰিয়ভাৱে লেখা-মেলাত ব্যস্ত হৈছিল লিখিব খোজা কথাবোৰ ব্যক্ত কৰিবলৈ। প্ৰতি গ্ৰন্থমেলাত এখন-দুখন কিতাপ প্ৰকাশ কৰিছিল অসুস্থ অৱস্থাতে। এসত্তৰত স্বামী আৰু পুত্ৰ ছহিদ হওঁতে যি মৃত্যুই তেওঁক স্পৰ্শ কৰিব পৰা নাছিল সেই মৃত্যুই কেন্সাৰৰ ৰূপত দেখা দিলে কেইটামান বছৰ পাছত।
জাহানাৰা ইমামৰ দৰে মৃত্যুভয় জয় কৰিব পৰা মহিলাসকলক দেখিলে নিজকে তুচ্ছাতিতুচ্ছ যেন লাগে। এবাৰ বেমাৰ দেখুৱাবলৈ ডাক্তৰৰ চেম্বাৰলৈ যাওঁতে পেটটো হেঁচি হেঁচি চাই চক খাই উঠি ডাক্তৰে মোক ধমকি এটা মাৰি কৈছিল— ‘পেটত এটা ইমান ডাঙৰ টিউমাৰ লৈ কেনেকৈ ঘূৰি ফুৰিছে।' সুধিছিলো কেন্সাৰ হ’ব পাৰে নেকি? ‘পাৰে’— তেওঁৰ খাৰাংখাচ উত্তৰ। কেন্সাৰ নামটো শুনিয়ে তাত মই ঢলি পৰিছিলো। ডাক্তৰে লৰালৰিকৈ কিবা এটা বেজী দি মোক স্বাভাৱিক কৰিছিল যদিও [ ২৬৬ ] মৃত্যুৰ ক্ষণ গণিবলৈ আৰম্ভ কৰা মনত পৰে। গালি পাৰিলেও তেওঁ ফোনেৰে গৃহস্থক মাতি আনি আবেলি তেওঁৰ লগত কোনোবা বিশেষজ্ঞৰ ওচৰলৈ যাবলৈ ৰেডী হৈ থাকিবলৈ কৈছিল।
সিদিনা আমাৰ ঘৰত বিৰাজ কৰিছিল মৰিশালিৰ নিস্তব্ধতা। ৰন্ধা ভাত-আঞ্জা তেনেকৈয়ে পৰি থাকিল। আনকি মীনা নামৰ আমাৰ সাহায্যকাৰিনীজনীয়ো লঘোনে থাকিল। আমাৰ ঘৰৰ মালিকৰ ঘৰৰ পৰিবেশো থমথমীয়া। মুঠতে আমি সকলোৱে নিশ্চিত আছিলো যমদূতহঁত আমাৰ চৌহদৰ আশে-পাশে ঘূৰা-পকা কৰি আছে, চিত্ৰগুপ্তৰ পৰা ফোন এটা পালেই মোক সিহঁতে টানি-আঁজুৰি লৈ যাব।
আমাৰ ঘৰুৱা চিকিৎসক ডাঃ অৰুণ মিত্ৰ খঙাল হ'লেও অন্তৰখন মাখনৰ দৰে। তেওঁ কোনোবা বিশেষজ্ঞক ৰেফাৰ কৰিব পাৰিলেহেঁতেন। কিন্তু গধূলি নিজে লৈ গ’ল গৃহস্থৰ সৈতে মোক গাড়ীত তুলি। যদিও বায়োপ্ছিৰ ফলাফল নোপোৱালৈকে ডাঠি একো কোৱা নাযায় তথাপি গোটেইটো জীৱন টিউমাৰ লাৰিচাৰি থকা ডাক্তৰসকলে বুজি পায় কোনটো ম্যালিগ্নাণ্ট, কোনটো বিনাইন। মোৰ টিউমাৰটো ভয়ংকৰ বিধ নহয় বুলি জানি সদ্যহতে যমদূতসকলৰ হাতৰপৰা মুক্তি পোৱা যেন লাগিছিল।
মৃত্যু ভয়ে সাধাৰণ মানুহক ওৰে জীৱন খেদি নুফুৰে যদিও ল’ৰা-ছোৱালীয়ে নিজে খুটি খাব পৰা নোহোৱালৈকে মাক-বাপেকৰ মনত সেই ভয়টো অন্তঃসলিলা নৈৰ দৰে বৈ থাকে। আমাৰ পুত্ৰ সেই সময়ত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থী আছিল বাবে সম্ভৱ কেন্সাৰৰ নাম শুনিয়ে মই মূৰ্ছা গৈছিলো।
জামী আৰু জাহানাৰাৰ কথা উলিয়াই প্ৰসংগান্তৰলৈ গ'লো। অসমলৈ উভতি আহি তেওঁলোকৰ কথা শিশু-সাহিত্যিক কবি তোষপ্ৰভা কলিতাক কওঁতে তেওঁৰ জীয়ৰী পূৰৱী জাঁপ মাৰি উঠিছিল। তেৱোঁ হেনো জামীক বিচাৰি ফুৰিছে! আমি বিভিন্ন বিষয়ে আলোচনা কৰো। কিন্তু কোনো দিনে জামীৰ প্ৰসংগ ওলোৱা নাছিল। বিজ্ঞানী তথা কবি স্বামী বিপুল শইকীয়াৰ লগত জাপানত থাকোতে পূৰৱীয়েও হেনো মোৰ দৰে বাংলাদেশৰ মানুহক লগ পালে জামীৰ কথা সুধিছিল।
জামীক লগ পোৱাৰ ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা মোৰ শূন্য। তেওঁ মোক বাৰে বাৰে কৈছিল ইয়াৰ পাছত আমেৰিকালৈ গ'লে যেন তেওঁলোকৰ তালৈ যাওঁ। পিছে তালৈ হয়তো আৰু যোৱা নহ'ব। ২০১০ চনৰ ফেব্ৰুৱাৰীৰ ২৮ তাৰিখে গৃহস্থৰ ভৰিখন ভগাৰ পাছত হাড় ভালকৈয়ে জোড়া লগা সত্ত্বেও তেওঁক যেন বাৰ্ধক্যই হেঁচি [ ২৬৭ ] ধৰিছে। ঘৰৰ পৰা ওলাবলৈ মন নকৰে। এনে অৱস্থাত ক'লৈকো যোৱা সম্ভৱ নহয়। মোৰ আন এটা মনৰ ইচ্ছা অপূৰ্ণ হৈয়ে থাকিব। মোৰ গাড়ী-ঘোঁৰা, টকা-পইচা, ভাল এটা ঘৰ, কাপোৰ-কানি বা আ-অলংকাৰৰ প্ৰতি অলপো আকৰ্ষণ নাই। কিন্তু নতুন নতুন ঠাই চোৱাৰ তীব্ৰ ইচ্ছা। সেই ইচ্ছা মোৰ কিছু পূৰ্ণ হৈছে যদিও ইউৰোপলৈ যোৱা নহ'ল। গৃহস্থ যেতিয়া কৰ্মসূত্ৰে গৈছিল তেতিয়া নিজৰ পইচাৰে ময়ো যোৱা সম্ভৱ নাছিল। পুত্ৰই দেখুৱাব বুলি কয় যদিও সময়-সুবিধা নহয়। বৰ্তমানে বাৰ্ধক্যই হেঁচি ধৰাত ঘৰৰ পৰা ওলোৱাই হৈছে সমস্যা। চাহাবৰ দেশৰ বুঢ়া-বুঢ়ীবোৰক ডেম্কেয়াৰ হৈ ঘূৰি-ফুৰা দেখিলে আচৰিত হওঁ। পঁচাশী বছৰীয়া মেমে হাতীত উঠি কাজিৰঙা অভয়াৰণ্যত বন্যপ্ৰাণী উপভোগ কৰে। তেওঁলোকৰ মানসিক শক্তি সঁচাই প্ৰশংসনীয়।
বিদেশীসকলে নিজৰ বয়স বাঢ়িছে বুলি সম্ভৱ নাভাবে। যিমান দিন জীয়াই থাকে প্ৰতিটো মুহূৰ্ত উপভোগ কৰে। আমাৰ মাহঁতৰ যুগত ছোৱালী আছিল কুৰিতে বুঢ়ী। তাৰ পাছত যেনিবা বুঢ়া হোৱাৰ সময়টো অলপ পিছুৱাই গ’ল। কিন্তু পঁচাশী বছৰীয়াই হাতীত উঠি অভয়াৰণ্য চলাথ কৰিব ই যেন গছ গৰু উঠা কথা।
আজব দেশ : এসময়ত কোৱা হৈছিল All roads lead to Rome. বৰ্তমান যুগত ধাৰণা হয় All roads lead to United States of America. চাইচিতি ধাৰণা হয় দেশখনত যেন আমেৰিকানসকলতকৈ বাহিৰা মানুহে বেছি। ১৪৯২ খ্ৰীষ্টাব্দত কলম্বাচ চাহাবে পদাৰ্পণ কৰাৰ পাছৰে পৰা নতুন এই ভূখণ্ডত প্ৰব্ৰজনৰ যি সোঁত আৰম্ভ হৈছিল তাৰ গতি এতিয়াও স্তব্ধ হোৱা নাই। প্ৰথম ফালে গৈছিল ইউৰোপ, ব্ৰিটেইন আৰু আয়াৰলেণ্ডৰ মানুহ। এতিয়া গৈ আছে চীন, ভাৰত, পাকিস্তান, বাংলাদেশ, কোৰিয়া, দক্ষিণ পূব এছিয়া, দক্ষিণ আমেৰিকা আৰু পৃথিৱীৰ বিভিন্ন দেশৰ মানুহ। সম্প্ৰতি ভুটিয়াসকলো গৈ আছে।
এওঁলোকৰ কিছুমানে যায় দাৰিদ্ৰ্যৰ তাড়নাত, কিছুমানে যায় সোণালী সপোন- American Dream দিঠকত পৰিণত কৰিবলৈ, কিছুমানে আকৌ যায় ৰাজনৈতিক কাৰণে। প্ৰব্ৰজনকাৰীসকলৰ ভিতৰত আছে দুখীয়াৰ পৰা ৰজা-মহাৰজালৈ, আছে সাধুৰ পৰা অপৰাধ জগতৰ লগত লেটিপেটি থকা অসৎ ব্যক্তিলৈ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয় বিচাৰি ইহুদীসকল গৈছিল আমেৰিকালৈ, আনহাতে যুদ্ধ শেষ হোৱাৰ পাছত শাস্তিৰ হাতৰ পৰা বাচিবলৈ [ ২৬৮ ]
■ ৱাশ্বিংটনৰ নেশ্বনেল মাল, অদূৰত কেপিটল ভৱন |
কুখ্যাত নাৎসীসকল আত্মগোপন কৰিবলৈ পলাই গৈছিল একেখন আমেৰিকালৈ। বংগবন্ধু শ্বেখ মুজিবৰ ৰহমানৰ কেইজনমান হত্যাকাৰী এতিয়াও লুকাই আছে আমেৰিকাত। আন দেশত এইদৰে বহিৰাগত সোমালে পিটি লাচ বনালেহেঁতেন, নহ'লে খেদি উলিয়াই দিলেহেঁতেন। ইয়াৰ বিপৰীতে কেইদিনমান ইফালে সিফালে ঘূৰাঘুৰি কৰি, বসবাস কৰাৰ অনুমতি যোগাৰ কৰি বহিৰাগতসকল একো একোটা অঞ্চলত পেট পেলাই বহি যায়।
আগতে আমাৰ দেশৰ পৰা জীৱিকাৰ সন্ধানত গৈছিল কম বয়সীয়া মানুহ। আন দেশৰ পৰা যোৱা সকলো আছিল ডেকা। তাত ভালদৰে খোপনি পোতাৰ পাছত লৈ গৈছিল পত্নী-পুত্ৰ-কন্যাসকলক। সাধাৰণতে মাক-দেউতাক নিজৰ দেশতে থাকিছিল। সাম্প্ৰতিককালত বাপেক-মাকৰ পৰা আৰম্ভ কৰি অঙহী-বঙহী সকলোকে লৈ যাবলৈ ধৰিছে।
১৯৭০ চনৰ পাছত ইউৰোপত জন্মগ্ৰহণ কৰা ৬৫ বছৰৰ ওপৰৰ মানুহৰ সংখ্যা আমেৰিকাত কমি আধালৈ নামি আহিছে। ইয়াৰ বিপৰীতে আমেৰিকালৈ অহা এনে বয়সৰ এছিয়া আৰু লেটিন আমেৰিকাত ওপজা মানুহৰ সংখ্যা দহগুণ বাঢ়িছে। অৰ্থাৎ ইউৰোপৰ পৰা বয়সীয়া মানুহৰ নতুন প্ৰব্ৰজন বিশেষ হোৱা নাই। বিপৰীতে এছিয়া আৰু লেটিন আমেৰিকাৰ পৰা হৈয়ে আছে। বুঢ়া-বুঢ়ীৰে ভৰি পৰিছে আমেৰিকা।
এটা সমীক্ষামতে কেলিফ'ৰ্নিয়াৰ ফ্ৰিমণ্ট নামৰ ঠাই এখনত এসময়ত শতকৰা ৭৬ জনেই আছিল ককেচীয় অৰ্থাৎ চাহাব। আজি তাৰ আধা সংখ্যক মানুহ এছিয়াৰ আৰু ১৪ শতাংশ লেটিন আমেৰিকাৰ। ভগনীয়া হিচাপে অহাসকলৰ আধা আফগান।
ফ্ৰিমণ্টৰ এসময়ৰ সৌন্দৰ্য চৰ্চাৰ কলেজখনত প্ৰতিষ্ঠা কৰিছে এটা মছজিদ। চিনেমা হল এটা ৰূপান্তৰিত হৈছে বলিউড মাল্টিপ্লেক্সলৈ। বেংকত পাতিছে আফগান মাৰ্কেট। আনকি বাটৰ নাম পৰ্যন্ত সলনি কৰি নতুন নাম দিছে গুৰদ্বাৰা ৰোড। বুঢ়া বয়সত ঘৰ-দুৱাৰ এৰি আধা বিশ্ব অতিক্ৰম কৰি অচিনাকি ঠাই এখনলৈ ঢাপলি মেলাসকলৰ অৱস্থা হয়গৈ অতি শোচনীয়। এওঁলোকৰ অধিকাংশই আমেৰিকাৰ নাগৰিকত্ব পোৱা ডেকাসকলৰ মাক-দেউতাক। তেওঁলোকো আহে পৰিয়ালৰ লগত জীৱনটো সুখেৰে কটাবলৈ। ইতিমধ্যে কোৱা হৈছে জ্যেষ্ঠ নাগৰিক হিচাপে এওঁলোকে বহু সা-সুবিধা পায়। কিন্তু এওঁলোকৰ একাংশই নিঃসংগ জীৱন কটাবলগীয়া হয়। বয়সীয়া বহিৰাগতসকলৰ ভিতৰত শতকৰা সত্তৰজনেই ইংৰাজী নকয়, গাড়ী চলাব নাজানে। নিজৰ চিনাকি পৰিবেশ এৰি বিদেশ নালাগে নিজৰ দেশৰে আন ঠাইত কৰ্মবিহীন [ ২৭০ ] জীৱন কটাবলৈ ভাল নালাগে। চাকৰি-বাকৰি কৰা অবিবাহিত ডেকা-গাভৰুৰো নিসংগ লাগে। ইংৰাজী নুবুজা মাক-দেউতাকবোৰৰ হয় চৰম অসুবিধা। এওঁলোকৰ বহুতে চৰম হতাশাত ভুগি মনস্তাত্বিক সমস্যাৰ বলি হ'বলগীয়া হৈছে। এওঁলোকৰ নিজা কোনো সমাজ নাই, আমেৰিকান সংস্কৃতিৰ লগত হয় সংঘাত। নিজৰ নাতি-নাতিনী আৰু ল'ৰা-ছোৱালীকো কেতিয়াবা তেওঁলোকৰ বিদেশী যেন লাগে। ফ্ৰিমণ্ট চহৰৰ একেটা অঞ্চলত বাস কৰা বয়োজ্যেষ্ঠসকলে নিঃসংগতা দূৰ কৰিবলৈ সপ্তাহৰ পাঁচোটা দিন ম্যল এখনৰ সন্মুখত হাতত ডিচপ’জেব্ ল কাপত চাহ একোকাপ লৈ সুখ-দুখৰ কথা পাতে, এইখন অদ্ভুত দেশৰ অদ্ভূত সংস্কৃতিৰ বিষয়ে আলোচনা কৰে, বোৱাৰীৰ নিন্দা কৰে ইত্যাদি।
বিদেশৰ পৰা অহা এই বয়োজ্যেষ্ঠসকল সাম্প্ৰতিক কালত আমেৰিকালৈ অহা বহিৰাগতসকলৰ সংখ্যাৰ ১১ শতাংশ। ১৯৯০ চনত ৬৫ বছৰৰ ওপৰৰ বহিৰাগতৰ সংখ্যা ২.৭ নিযুতৰ পৰা বাঢ়ি ২০০৯ চনত ৪.৩ নিযুত হৈছে। ধাৰণা কৰা হৈছে ২০৫০ চনত ১৬ নিযুত হ’বগৈ। কেলিফ’ৰ্নিয়াৰ প্ৰতি তিনিজন জ্যেষ্ঠ নাগৰিকৰ এজন বহিৰাগত।
নিউয়ৰ্ক মহানগৰীৰ উত্তৰে চহৰতলী এখনৰ জে চি ম্যলত প্ৰায়ে ধুতি পিন্ধা বয়সীয়া মানুহ এজনক যেতিয়াই তালৈ গৈছো দেখা পাইছিলো। মাজে মাজে তেওঁৰ লগত দেখিছিলো শকত-আৱত শাৰী পিন্ধা তেওঁৰ পত্নীক। গুজৰাটী মানুহজনৰ উপাধি আছিল পানঢ্যে। গুজৰাটী দম্পতীহালক আমেৰিকাবাসী পুতেকসকলে বৰোদাৰ পৰা উঠাই আনিছে। দেখা হ’লে কথা পাতিছিলো। আমেৰিকালৈ আহি নিজৰ সমাজখনক হেৰুৱাই মনোকষ্টত ভুগিছে হেনো।
মই নিজে কেইবাবাৰো গৈ উপলব্ধি কৰিছো নিজৰ ঘৰ এৰি, চিনাকি পৰিবেশ এৰি ওৰে জীৱনটো কটোৱা কষ্টকৰ। কিন্তু তাৰ লাইব্ৰেৰী আৰু কিতাপৰ দোকানবোৰৰ তুলনা নাই। কিতাপেই নিঃসংগতা দূৰ কৰিব পাৰে। কিন্তু সকলোৱেতো আৰু কিতাপ ভাল নাপায়।
ফ্ৰিমণ্টবাসী ৭৯ বছৰীয়া দেবেন্দ্ৰ সিং নামৰ বিপত্নীক মানুহ এজনৰ কথা কাগজত পঢ়িছিলো। নিজৰ দেশত তেওঁ জাকৰুৱা ঘৰ এখনত চৈধ্যজন সদস্যৰে সৈতে বাস কৰিছিল। তাৰ পৰা পুতেকৰ লগত থাকিবলৈ আমেৰিকালৈ আহিল তেওঁ। আহি নাতিহঁতক চোৱা-মেলা কৰাত ব্যস্ত হৈ পৰিল। সিহঁতক স্কুললৈ অনা-নিয়া, খেলিবলৈ লৈ যোৱা ইত্যাদি কামত ব্যস্ত হৈ থাকিলেও নিজা সমাজখনক হেৰুৱাই মনোকষ্ট [ ২৭১ ] পাইছিল সিঙে। অৱশ্যে ল’ৰাৰ লগত থকা বাবে নিশ্চিন্ত হৈয়ো থাকিছিল। হঠাতে এদিন তেওঁৰ ভৰিৰ তলত মাটি নথকা যেন পালে দেবেন্দ্ৰ সিঙে। ল’ৰা-বোৱাৰীক হেনো প্ৰাইভেচী লাগে। মনৰ দুখত তেওঁ পুতেকৰ ঘৰৰ পৰা ওলাই ভাড়া কৰা কোঠা এটাত ভাৰতীয় জীৱনৰ কথা সোঁৱৰে। তেওঁ ভাবে ভাৰতৰ মানুহে জ্যেষ্ঠজনক সন্মান কৰে আৰু আমেৰিকাৰ মানুহে নিজৰ সুখ-সুবিধাক প্ৰাধান্য দিয়ে। মোৰ বিশ্বাস সিংজীয়ে তাহানিতে ভাৰত এৰিছে। আজি ইয়াতো একেই অৱস্থা।
সৌসিদিনা গুৱাহাটীৰ এগৰাকী মানুহে ফোন কৰি ক'লে— ‘তোমালোকে বোৱাৰী নিৰ্যাতনৰ কথাত প্ৰাধান্য দিয়া। আজিকালি বোৱাৰী নহয়, শাহু নিৰ্যাতনৰ জমানা চলিছে। কথাষাৰ জানি থোৱা।’
মই সুধিলো, ‘হঠাৎ কথাষাৰ কিয় ক’লা? তুমিও নিৰ্যাতিতা নে কি?’
‘নহ’লোনো কিয় ক’লো’?
‘তোমাক নিৰ্যাতন? তুমিতো সোণৰ কণীপৰা হাঁহ। তোমাৰ স্বামীয়ে তোমাক ৰাজৰাণী কৰি থৈ গৈছে৷ তদুপৰি তুমি তেওঁলোকৰ কোনো কামতে হস্তক্ষেপ নকৰা।’
‘নাজানো কিয়’?
বোৱাৰীয়েকক খুৱাবলৈ মিঠা দৰব এপালি দিছিলো। সদ্যহতে বোৱাৰীৰ মুখো হেনো মিঠা হ’ল। আজিকালি শাহু নিৰ্যাতন বহু পৰিয়ালতে চলিছে। জমানা বদল গিয়া। এগৰাকী বোৱাৰীয়েতো শহুৰৰ পৰিয়ালটোক জে'লৰ ভাত খুৱাবলৈ প্ৰায়ে চিলিং ফেনত ওলমিব বুলি ভাবুকি দিছিল।
কাৰ দোষত এনে এটা সম্পৰ্কৰ সৃষ্টি হয় কোৱা সহজ নহয়। মানুহৰ মনত এটা প্ৰতিশোধ স্পৃহা বোধহয় কেতিয়াবা জাগে। এনে স্পৃহা শাহু-বোৱাৰীৰ ক্ষেত্ৰতে নহয় স্বামী-স্ত্ৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য। অলপতে এগৰাকী মহিলাই মোক কৈছিল তেওঁলোকৰ প্ৰতিবেশী প্ৰৌঢ়া মহিলাগৰাকীয়ে হেনো অসুস্থ স্বামীজনৰ লগত বেয়া ব্যৱহাৰ কৰে। কেতিয়াবা ভাতৰ কাঁহীখন নোধোৱাকৈয়ে জধে-মধে আহাৰ পৰিবেশন কৰে। আনকি পুতেকহঁতেও দেউতাকক উপেক্ষা কৰে। মানুহগৰাকীয়ে নিজেই কৈছে বিয়াৰ পিছৰে পৰা গিৰিয়েকে এদিনৰ বাবেও তেওঁৰ লগত ভাল ব্যৱহাৰ কৰা নাই। পুতেকহঁতেও দেউতাকক ক্ষমা কৰিব নোখোজে। এতিয়া হাতী গাঁতত পৰিল, এওঁলোকৰো প্ৰতিশোধ স্পৃহা জাগি উঠিল। Tit for tat নীতি মানি চলিছে পত্নী-পুতেকহঁতে। ডেকা তেজ দেখুওৱাৰ ফল ভোগ কৰিছে বুঢ়াকালত। [ ২৭২ ]
■ ষ্টেণ্ডফ’ৰ্ড বিশ্ববিদ্যালয়ৰ সন্মুখত লেখিকা |
আমেৰিকাত জ্যেষ্ঠ নাগৰিকে চৰকাৰৰ ফালৰ পৰা আৰ্থিক আৰু আন নানা ধৰণৰ সুবিধা পায়, তেহেলৈ তেওঁলোকৰ জন্ম য’তেই নহওক কিয়। কোনে কি হাৰত পায় নাজানো। মোৰ চিনাকি গৌৰীপুৰৰ বোৱাৰী এগৰাকী দুজন স্বচ্ছল পুতেকৰ লগত কেলিফৰ্নিয়াত থাকে। সেই দেশৰ নাগৰিকত্ব পোৱা হেতুকে অন্ততঃ চিকিৎসাৰ ক্ষেত্ৰত ভালেখিনি সা-সুবিধা পায় তেওঁ। বৃদ্ধ নাগৰিক দেউতাকে চৰকাৰৰ পৰা সাহায্য হিচাপে পোৱা ডলাৰৰ পৰা হাত খৰচৰ বাবে কেইটামান তেওঁক দি বাকী অৰ্থ হেনো অনেক পুতেকে নিজৰ জেপত ভৰায়।
এসময়ত ছানফ্ৰানছিচকোৰ পৰা চল্লিশ মাইল দক্ষিণে ফ্ৰিমণ্ট চহৰখনত আছিল মাইলৰ পাছত মাইলজোৰা ফলৰ বাগিচা আৰু ফুলকবিৰ খেতি। বৰ্তমানে Bay Area নামেৰে খ্যাত অঞ্চলটোত ফ্ৰিমণ্টেই চতুৰ্থ ডাঙৰ চহৰ য'ত ১৫২ খন দেশৰ পৰা আহি নাগৰিকত্ব লোৱা ভোটদাতা বাস কৰে। এওঁলোকৰ ১৩ শতাংশ বয়সীয়া বহিৰাগতই আন কোনো ভাষা নজনা বাবে ঘৰতেই অকলশৰীয়া হৈ থাকে।
প্ৰবীন চন্দ্ৰ পেটেল নামৰ অশীতিপৰ ভাৰতীয় বহিৰাগত এজনে ‘গৃহবন্দী’ জ্যেষ্ঠ নাগৰিকসকলক দেখি তেওঁলোকৰ মনোৰঞ্জনৰ বাবে ফ্ৰিমণ্ট চহৰত পোন্ধৰ-ষোল্ল বছৰ আগতে এটা আড্ডাখানা গঢ়ি তুলিছিল, নাম দিছে হাণ্ডেড ইয়াৰ্ছ লিভিং ক্লাব। ভাৰতীয়মূলৰ জ্যেষ্ঠ নাগৰিকসকলে তালৈ অহা-যোৱা কৰি নিঃসংগতা আৰু নিৰ্জনতাৰ বেদনাৰ পৰা মুক্তি পায়।
মানুহে দলবদ্ধভাৱে থাকিবলৈ বিশেষকৈ সমবয়সীৰ সংগ কামনা কৰে। কেৱল ভাল আহাৰ খাই মানুহে জীয়াই থাকিব নোৱাৰে, মনৰ খাদ্যৰো প্ৰয়োজন হয়। আমেৰিকাত কেইবাঘৰ বাঙালী পৰিয়ালত মাক-দেউতাক বা বিধৱা মাকক পুতেকহঁতৰ লগত থকা দেখিছো। উৎসৱে-পাৰ্বণে বয়সীয়া মানুহখিনি একেলগ হ’লে চিনাকি হওক-নহওক মুহূৰ্ততে দেখিছো পৰম বন্ধুৰ দৰে হাঁহি-মাতি মচগুল হৈ থাকে।[ ২৭৪ ] আলোচনা কৰে কোনে কিমান দিন ‘দেশ' লৈ যোৱা নাই বা কেতিয়া যাব ইত্যাদি। নিসংগবোধ আলোচনাৰ আন এটা বিষয়। বুঢ়া-বুঢ়ী দুয়ো জীয়াই থাকিলে পৰস্পৰক সংগদান কৰিব পাৰে। পৰিয়ালৰ আটায়ে যেতিয়া ৰাতিপুৱাতে নিজ নিজ কামত ওলাই যায় তেতিয়া জনমানৱহীন ঘৰখনত তিষ্ঠাই টান।
গৃহস্থৰ তুলনাত ল’ৰাহঁতৰ তালৈ মই বেছি গৈছো। ল’ৰা-বোৱাৰী আৰু নাতি দুটা পুৱা ওলাই যাবৰ সময়ত সাৱধান কৰি দি যায় যেন বিজুলী চালিত ষ্টোভটো নজ্বলাওঁ। ল’ৰাৰ ভয় মাকে যদি নুমাবলৈ পাহৰি যায়, যদি মাকক শ্বক মাৰে, যদি আঞ্জাখন নমাওঁতে হাত পিছলি গৈ মাকৰ হাত-ভৰি পোৰে। চিঞৰিলেও ওচৰ-চুবুৰীয়া কাকো পাবলৈ নাই। নাতিহঁতে কয় তথাপিতো যদি কিবা বিপদ হয় ৯১১ ক মাতিবা। আচলতে মই নিঃসংগ নহওঁ। কিতাপেই মোৰ বন্ধু, কিতাপেই মোৰ সংগী। তদুপৰি লেখাৰ সমল গোটাওঁ। দুপৰীয়া কোনোমতে খাওঁ বাবে গধূলি বোৱাৰীৰ ধমকি খাওঁ।
বহিৰাগতৰ প্ৰসংগলৈ উভতি যাওঁ। আফগানিস্তান আন এখন দেশ য’ৰ পৰা আহে বহিৰাগতসকল। এওঁলোকৰ ভিতৰত বিধৱাৰ সংখ্যাই বেছি। কেলিফ'ৰ্নিয়া ষ্টেট ইউনিভাৰ্চিটিৰ ছ'চিয়ল'জিৰ প্ৰফেচাৰ এগৰাকীয়ে কৰা এটা অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে নিজৰ দেশত দেখি অহা বিভীষিকাই আফগান মহিলাসকলক মানসিক আঘাতৰ বলি কৰে। জিয়ামুস্তাফা নামৰ আফগান মহিলাগৰাকীৰ স্বামীৰ আৰু ডাঙৰ ল’ৰাটোৰ কাবুলত মৃত্যু ঘটিছিল এটা ৰকেটৰ আঘাতত। আনটো চৌবিশ বছৰীয়া পুত্ৰ মাকৰ লগত আছে। তেওঁৰো এখন ভৰি ছিগি গৈছে। আফগানসকল এনে এখন দেশৰ পৰা আহিছে য'ত জীয়াই থকা এটা সমস্যা। এওঁলোকৰ মানসিক স্বাস্থ্য-পাতিৰ বুজ ল’বলৈ আমেৰিকাত আছে বিভিন্ন সংস্থা, মানসিক ৰোগৰ চিকিৎসক আদি। আফগান বয়োজ্যেষ্ঠ মহিলাসকলৰ সংগঠন এটাৰ প্ৰতিষ্ঠাতা নাজমা হামিদে ভাবিছিল আমেৰিকাৰ আধুনিক ঘৰত বাস কৰি, সুখাদ্য খাই, গাড়ীত উঠি আফগান বিধৱা মহিলাসকলে নিশ্চয় সুখেৰে কটাব। কিন্তু তেওঁলোকক নাজমাই সদায় কান্দি থকাহে দেখে।
এইদৰেই সুখ-দুখৰ মাজেৰে কটায় নিজ নিজ দেশ ত্যাগ কৰি আমেৰিকাত খোপনি পোতা জ্যেষ্ঠ ভাৰতীয় বা আন আন মূলৰ বহিৰাগতসকলে। আমেৰিকাত ওপজা জ্যেষ্ঠ নাগৰিকৰ ১২ শতাংশই বাস কৰে দাৰিদ্ৰ্য সীমাৰেখাৰ তলত। ইয়াৰ বিপৰীতে বিদেশৰ পৰা অহাসকলৰ ভিতৰত এই হাৰ ১৬ শতাংশ। আন এটা ২৪ [ ২৭৫ ] শতাংশ বয়সীয়া বহিৰাগতৰ দল বহি আছে দাৰিদ্ৰ্য সীমাৰেখাতে। অৱশ্যে এওঁলোকৰ দাৰিদ্ৰ্য সীমাৰ সংজ্ঞা আমাৰ দেশৰ সৈতে একে নহয়।
পৃথিৱীৰ সকলো বৃদ্ধ-বৃদ্ধাই বিচৰাৰ দৰে এওঁলোকেও বিচাৰে এষাৰ মৰমৰ মাত। কিছুমানে পায়, কিছুমানে নাপায়। জীৱনটো যেন এটা যন্ত্ৰণা বৃদ্ধ বয়সত।
আনহাতে কম বয়সতে প্ৰব্ৰজন কৰি অহাসকলৰ এই সমস্যা নাই। তেওঁলোকে নিজৰ কৰ্মজীৱনত ব্যস্ত হৈ থাকোতে অজানিতে দেশখনৰ লগত একাত্ম হৈ পৰে। তাতেই গঢ়ি তোলে নিজস্ব সমাজ। আজব এই দেশখনে কিমানক যে আশ্ৰয় দিছে!
ফাৰ্মাৰ্ছ মাৰ্কেট : জাৰকালি বৰফত পোত খোৱা দেশৰ মানুহে বসন্ত আৰু জহকাললৈ বাট চাই থাকে। স্বাস্থ্য সচেতন মহিলাসকলৰ বাবে শীত-তাপ নিয়ন্ত্ৰিত ডাঙৰ ডাঙৰ ম্যল আদিত বৰফত সতেজ কৰি ৰখা পাচলি কিনাতকৈ খেতিয়কৰ বাগানৰ পৰা পোনপটীয়াকৈ অনা শাক-পাচলিৰ কদৰ বেছি। আমাৰ দেশত এনেধৰণৰ পাচলি দুষ্প্ৰাপ্য নহয়। তথাপিতো আজিকালি চহৰ-নগৰে গঢ়ি উঠা বিভিন্ন ম্যল, শ্বপিং চেণ্টাৰ আদিৰ শীততাপ নিয়ন্ত্ৰিত কক্ষত অৱস্থাপন্নসকলে পেকেটত বেচা বাহী পাচলি কিনি গৌৰৱবোধ কৰে।
কৃত্ৰিম সাৰে শাক-পাচলিৰ উৎপাদন বঢ়ায়, আকাৰো বঢ়ায়। কিন্তু ৰাসায়নিক সাৰ শৰীৰৰ বাবে ক্ষতিকৰো। গোটেই বিশ্বজুৰি মানুহ আকৌ সচেতন হৈছে নিজৰ খেতিত কৰা পাচলিৰ প্ৰতি। আমাৰ গুৱাহাটীত খেতি কৰিবলৈ কোনোবাই মাটি এৰেনে? দুটামান চালিঘৰ তুলি দিলেও পইচা আহে। গুৱাহাটীত মুকলি মাটিও নাই, গছ-গছনিও নাই, ফলত বতাহত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়িছে।
যি কি নহওক, আমেৰিকাৰ মানুহৰ মাজত খেতিয়কৰ মাটিত কৰা ৰাসায়নিক সাৰহীন পাচলি বৰ্তমানে জনপ্ৰিয় হৈছে। ছুপাৰ মাৰ্কেটৰ তুলনাত ফাৰ্মাৰ্ছ মাৰ্কেট বা খেতিয়কৰ বজাৰত দাম বেছি হ'লেও স্বাস্থ্য সচেতনসকলে দ্বিতীয়বিধ বজাৰক প্ৰাধান্য দিয়ে। বিক্ৰেতাজন নিজে উৎপাদক নহ'লে চৰকাৰে তেনে ব্যক্তিক ফাৰ্মাৰ্ছ মাৰ্কেটত বহিবলৈ অনুমতি নিদিয়ে। আন ঠাইৰ পৰা পাচলি কিনি আনি বেচা নিয়ম নাই। এই ব্যৱস্থাই স্থানীয় অৰ্থনীতিক টনকিয়াল কৰাত অৰিহণা যোগাইছে।
নিউয়ৰ্ক ৰাজ্যৰ মাজেদি উত্তৰৰ পৰা দক্ষিণলৈ বৈ গৈছে হাডছন নৈখন। হাডছনক মোৰ মাজে মাজে ব্ৰহ্মপুত্ৰ যেন লাগে। সমতল ভূমিৰ মাজেৰে বৈ যোৱা গংগাতকৈ ব্ৰহ্মপুত্ৰৰ ৰূপ অধিক আকৰ্ষণীয়, কাৰণ ইয়াৰ গতিপথৰ প্ৰায়বোৰ অঞ্চলত দুয়োপাৰৰে [ ২৭৬ ] থিয় দি আছে সেউজীয়া পাহাৰ। হাডছনো ভালেমান ঠাইত বৈ গৈছে পাহাৰী অঞ্চলৰ মাজেৰে। দুয়োখন নৈৰ উপত্যকাৰ মাটি সাৰুৱা। এসময়ত হাডছন উপত্যকাক কোৱা হৈছিল Bread basket of Newyork. ১৯৭৬ চনৰে পৰা নিউয়ৰ্ক মহানগৰীত খেতিয়কৰ বজাৰবোৰে প্ৰাধান্য লাভ কৰি আছে। নৈপৰীয়া অন্যান্য মহকুমাবোৰেও পাইছে একেই সুবিধা। আমাৰ ইয়াৰ দৰে ‘লোকেল’ৰ আদৰ তাতো বেছি।
পিছে কেৱল পাচলিয়ে নহয়, হাডছনৰ পাৰৰ ফলৰ বাগিচায়ো দৃষ্টি কাঢ়ি নিয়ে। দুই-একৰ বাহিৰে এই অঞ্চলৰ বাসিন্দাই সাধাৰণতে ব্যৱসায়-বাণিজ্য কৰিব পৰাকৈ উৎপাদন নকৰে। মাছ-পুঠিৰ খেতি কৰে জলাশয়ত আৰু গৰু-গাহৰি পোহে ফাৰ্মত।
আমাৰ ল'ৰাহঁতো থাকে হাডছন উপত্যকাত। প্ৰতি শনিবাৰে আগবেলা খেতিয়কৰ বজাৰলৈ যোৱাটো মোৰ এটা নিচাৰ দৰে হৈছিল। বাটৰ কাষত আহল বহল ঠাই এডোখৰত তম্বুৰ তলত বজাৰখন বহে, ঠিক যেনিবা আমাৰ এইফালৰ হাট। পাৰ্থক্য হ'ল আমাৰ খেতিয়কসকলৰ সাজপোছাক আচাৰ-আচৰণ, কথা-বতৰাত যিটো গ্ৰাম্য ভাব দেখিবলৈ পাওঁ চাহাব খেতিয়কৰ ক্ষেত্ৰত সেই গ্ৰাম্যতা অনুপস্থিত। তদুপৰি আমাৰ হাট-বজাৰ তেওঁলোকৰ দৰে পৰিষ্কাৰ-পৰিচ্ছন্ন নহয়।
ৰাতিপুৱাৰে পৰা ফাৰ্মাছ মাৰ্কেটত দেখিছিলো লানি নিছিগা ভিৰ। একো একোজনৰ হাতত পাঁচ-ছটাকৈ মোনা। বুঢ়া-বুঢ়ীসকলে লাখুটিত ভৰ দি টুকটুককৈ খোজ কাঢ়ি বয়-বস্তু কিনিছে। কেঁচুৱাৰ মাকবোৰে শিশুক ষ্ট্ৰলাৰত বহুৱাই, খোজকাঢ়িব পৰা কেইটাক খোজ কঢ়াই বজাৰ কৰিছে। খেতিয়ক গৃহিণীসকলে ঘৰতে কৰা কেক, বিস্কুট, চকলেট আৰু নাম নজনা মিঠা বস্তু কিনি ফুটপাথতে বহুৱাই শিশুবোৰক খুৱাইছে। চাৰিওফালে উৎসৱমুখৰ পৰিবেশ। কফিও পোৱা যায়। চিনাকি মানুহৰ লগত দেখা-সাক্ষাৎ হয়। হাতত কফিৰ ডিচপ’জেৱল পাত্ৰটো লৈ বজাৰো কৰে আড্ডাও মাৰে ক্ৰেতাসকলে।
মই কাকো চিনি নাপাওঁ, গতিকে আড্ডাৰ প্ৰশ্ন নুঠে। বজাৰখনৰ ইমূৰৰ পৰা সিমূৰলৈ পাক মাৰি খাদ্য সামগ্ৰীবোৰ চাওঁ। পাচলিৰ বৈচিত্ৰ্যই মন কাঢ়ি নিয়ে। ইমান দিনে বীট ৰঙা বুলিয়ে জানিছিলো, পিছে এওঁলোকে সোণোৱালী বীটো উৎপাদন কৰিছে। আলুৰ আকাৰ আৰু ৰঙৰো যে কিমান বৈচিত্ৰ্য। কিছুমানৰ বাকলিখনেই নহয় ভিতৰখনো ৰঙা বা গুলপীয়া বা নীলা। কিছুমান আলু শকত-আৱত মানুহৰ আঙুলিৰ আকাৰৰ। এইবিধ আলুক কোৱা হয় ফিংগাৰ লিং। এই আলুবিধ পুৰি খাবলৈ ভাল। পুৰিবলৈ আধুনিক সা-সৰঞ্জাম থাকিলেও কাঠৰ জুইত আলু পুৰি [ ২৭৭ ] খোৱাৰ সোৱাদেই বেলেগ।
আমেৰিকা কাঠৰ দেশ, অলপ কষ্ট কৰিলে কাঠৰ অভাৱ নাই। কুঠাৰেৰে কাঠ কাটিবও নালাগে। জয়হঁতৰ চৌহদ মেপল, ওক আদি গছেৰে ভৰা। এইবোৰ গছ শাল, চেগুণৰ দৰেই বিৰাট আকাৰৰ। কেইবাডাল গছ কাটিবলৈ তেওঁলোকে এবাৰ গছ কটা কোম্পানী এটাৰে যোগাযোগ কৰিছিল। সেইমৰ্মে যন্ত্ৰ-পাতি লগোৱা বিশেষ ধৰণৰ গাড়ী এখন এদিন উপস্থিত হ’ল গছ কাটিবলৈ। বাৰাণ্ডাত বহি গছ কটা পৰ্ব চাবলৈ জয়ে মোক পৰামৰ্শ দিয়াত আধুনিক প্ৰযুক্তি বিদ্যাৰ উৎকৰ্ষ চাবলৈ বাট চাই আছিলো। এই মস্ত মস্ত গছবোৰৰ কাণ্ডবোৰ মুহূৰ্তৰ মাজত যন্ত্ৰই এনেকৈ নিঃশব্দে ডোখৰ ডোখৰ কৰিলে যেন মাখনহে কাটিছে। ইয়াৰ পাছত কাঠৰ খণ্ডবোৰ ট্ৰাকত লগাই থোৱা যন্ত্ৰটোত ভৰাই মেচিন চালু কৰিবলৈ বুটাম এটাত টিপা মৰাৰ লগে লগে কাঠৰ প্ৰকাণ্ড খণ্ডবোৰ চকুৰ পচাৰতে কণ কণ টুকুৰালৈ ৰূপান্তৰিত হোৱা দেখিলো। গছৰ ডাল-পাতবোৰো ট্ৰাকৰ আন এফালে দি ভৰাই চুইছটো টিপাৰ লগে লগে সিটো মূৰেদি সৰু সৰু কাঠৰ টুকুৰা ওলাই আহিল। চকুৰ পচাৰতে ওক মেপলৰ দৰে দৈত্যাকৃতি গছবোৰৰ এই ৰূপান্তৰ দেখি মোৰ গাঁজাখুৰী গল্প এটালৈ মনত পৰিল। উন্নত দেশত এনেবোৰ প্ৰযুক্তি দেখি পেটে পেটে অবাক হোৱা পৰশ্ৰীকাতৰ ভাৰতীয় এজনে কৈছিল, ‘আমাৰ দেশলৈ আহিবা। আমাৰ ইমান উন্নত ধৰণৰ মেচিন আছে যে এফালেদি গৰু এটা ভৰাই দিলে সিফালেদি গৰুৰ চালৰ জোতা কেইযোৰমান ওলাই আহে'।
উভতি যাওঁ ফাৰ্মাৰ্ছ মাৰ্কেটলৈ। কাঠৰ কাহিনী ইমান কোৱাৰ পাছতো আমি কিন্তু ওভেনত ভৰাইহে ফিংগাৰ লিং আলু বেক কৰি খালো। আমাৰ মানিমুনি, দ্ৰোণ, ভেদাইলতা আদিৰ দৰে তেওঁলোকেও বিবিধ বনৌষধি বেচিবলৈ অনা দেখিছিলো। পিছে সিবোৰৰ নাম জনা নহ'ল।
মিঠালাও দেখিও তবধ মানিছিলো। সৰু বাটি এটাৰ আকাৰৰ পৰা হাতীৰ মূৰটোৰ সমান ডাঙৰ মিঠালাও এইখন দেশত উৎপাদন কৰা হয়। আচলতে মিঠালাওৰ জন্মভূমিয়ে আমেৰিকা, আলুৰ জন্মস্থান দক্ষিণ আমেৰিকা। বিলাহী, জলকীয়াও পশ্চিমৰ পাচলি। আজি বিলাহীক কেৱল বিলাহী বুলি কওঁ যদিও আমাৰ বাল্যকালত বিলাতী বেঙেনা বুলি কৈছিলো।
খেতিয়কৰ বজাৰখনত বিলাহীৰ বৈচিত্ৰ্য কি চাব। ৰঙা বিলাহী দেখাত মোৰ অভ্যস্ত চকুযোৰ থমকি ৰৈছিল বেঙুনীয়া আৰু হালধীয়া ‘চেৰোকি’ বিলাহীৰ পাচিটোত।[ ২৭৮ ] ‘চেৰোকি’ হ’ল এক শ্ৰেণীৰ ৰেড ইণ্ডিয়ান জনগোষ্ঠী। আজি ৰেড ইণ্ডিয়ানক আমেৰিকান ইণ্ডিয়ান বোলা হয়। চেৰোকি বিলাহীৰ পাছত দেখিলো বুল্ছ আই (ষাঁড় গৰুৰ চকু), জাপানীজ ব্লেক, জেব্ৰা ষ্ট্ৰাইপ, ব্ৰেণ্ডি ৱাইন, বেনানা লেগ আদি নানা জাতৰ বিলাহী। এনেধৰণৰ প্ৰজাতিৰ পাচলি বাণিজ্যিক কাৰণে উৎপাদিত নহয়।
চিমলা জলকীয়া বা কেপছিকামৰ সেউজীয়াবিধহে দেখিছো। ফাৰ্মাৰ্ছ মাৰ্কেটত ৰঙা, হালধীয়া আৰু বেঙুনীয়া জাতৰ কেপছিকাম দেখিলো। ৰং-বিৰঙী বিলাহী, কেপছিকাম আদিৰে কৰা চালাদখন বৰ দৃষ্টিনন্দন হয়।
হাডছন উপত্যকাত জাৰকালি ডিচেম্বৰৰ পৰা মাৰ্চলৈ প্ৰচুৰ তুষাৰপাত হয়। গতিকে সেই সময়ত বন্ধ হৈ থাকে খেতিপথাৰৰ কাম। ডিচেম্বৰৰ পাছত ফাৰ্মাৰ্ছ মাৰ্কেট নব’হে। মানুহে বাট চাই থাকে পিছৰ বছৰ মে’-জুন মাহলৈ। জাৰকালি শাক-পাচলিৰ বাবে শ্বপিং ম্যললৈ যাবলৈ বাধ্য গৃহিণীসকল।
চীনলৈ নোযোৱাকৈয়ে দেখিলো চায়না টাউন : নিউয়ৰ্কৰ জেকচন হাইটচ অঞ্চলত এডোখৰ বাংলাদেশ দেখিছিলো। মহানগৰীৰ আন এটা অঞ্চল মেনহাটনৰ শেষপ্ৰান্তত চীনাসকলৰ সাম্ৰাজ্য দৰ্শন কৰিবলৈ গৈছিলো আন এদিন। গাড়ীৰে নিভাঁজ আমেৰিকান বগা চাহাবৰ চকুত ছাট মাৰি ধৰা অভিজাত চুবুৰি পাৰ হৈ পাতাললৈ সোমাই গৈছিলো। তাৰ পৰা পাতাল ৰে’লে আমাক লৈ গ'ল কিছু দূৰলৈ। বহু পীতাংগ ব্যক্তিৰ সৈতে আমিও মৰ্ত্যলৈ উঠি আহি অচিনাকি পৰিবেশ এটাত সোমাই গ’লো। নিজকে প্ৰশ্ন কৰিলো কিবা যাদু-মন্ত্ৰই চীনদেশক স্বস্থানৰ পৰা উৎপাটিত কৰি আনি আমেৰিকাত খাজি থ’লে নেকি? নেভাবিমনো কিয়? কেউপিনে পিলপিলাই ফুৰিছে দুৰ্বোধ্য ভাষাত কথা কোৱা চীনা ল’ৰা-ছোৱালী, মুনিহ-তিৰোতা। এওঁলোকৰ দোকানবোৰৰো ছাইনবোৰ্ড চীনা আখৰেৰে লিখিত। ফুটপাথবোৰত শাক-পাচলি, মাছ-ফলৰ পোহাৰ মেলি বহা দেখিছিলো নিজৰ মাজত চুংচুং-চাংচাং কৰি কথা কোৱা পুৰুষ-তিৰোতাসকলক।
সামুদ্ৰিক প্ৰাণীৰ দোকান এখনত ষ্টাৰফিশ্ব, অক্টোপাচ আদি বেচি আছিল চীনাসকলে। এবাৰ ভাবিলো সোধোচোন অক্টোপাচ ৰন্ধাৰ পদ্ধতিটো। পিছে সুধিয়ে বা কি লাভ! জীৱটোৰ যি চেহেৰা, খোৱা দূৰৈৰ কথা দেখিলেই ধাৰণা হয় সিহে আমাক খাবলৈ তাৰ লেকপেকীয়া শুঁৰকেইডাল মেলা-জপা কৰি আছে। গাহৰিৰ মাংসৰ দোকানলৈ গৈ দেখিছিলো নাড়ী-ভূৰুৰ পৰা তেজলৈ গাহৰিৰ দেহৰ কোনো [ ২৭৯ ] অংশ নেপেলায়। তেজখিনি বা কেনেকৈ খায়? আমাৰ এজন সম্পৰ্কীয় ভতিজা বোৱাৰী চীনদেশীয়। তেওঁলোক অষ্ট্ৰেলিয়াবাসী। কেতিয়াবা লগ পালে তেজৰ ৰেচিপিটো সুধি ল'ব লাগিব।
নিউয়ৰ্কৰ চীনাসকল থকা অঞ্চলটোক চায়না টাউন বুলি কোৱা হয়। তাত কিন্তু সকলো চীনা মানুহ একেটা অঞ্চলত বাস নকৰে। এটা নিৰ্দিষ্ট এলেকাত বাস কৰে তুলনামূলকভাৱে অভিজাত কেণ্টনীভাষী চীনাসকল। এওঁলোক এশ বছৰ আগতে অহা। ৰাজনৈতিক আৰু সামাজিক জীৱনত গুৰুত্ব পায় গুৱানদং প্ৰদেশৰ পৰা অহাসকলে। ফুজিয়ান প্ৰদেশৰ পৰা অহাসকলৰ অধিকাংশই আহিছে অবৈধভাৱে। এওঁলোকৰ পঢ়া-শুনা কম আৰু ইংৰাজী নজনা বাবে জাহাজৰ পৰা নামিয়ে কাৰো চকুত পৰাৰ আগতে সামান্য মজুৰিত দৰ্জিৰ দোকানত, ৰেস্তোৰাঁ বা সৰু-সুৰা কাৰখানাত সোমায়। ফুজিয়ান প্ৰদেশত শিক্ষাৰ হাৰ আৰু বাৰ্ষিক আয় কম। এনে পৰিস্থিতিত সৰল-সহজ কম বুদ্ধিৰ ডেকাসকলে আমেৰিকাৰ সোণালী সপোন দেখুওৱা দালালৰ জালত পৰি মাটি বেচি আৰু সুতখোৰ মহাজনৰ পৰা উচ্চ হাৰত টকা ধাৰলৈ লৈ সমুদ্ৰ নাইবা আকাশ পথেৰে ‘সপোন'ৰ দেশলৈ ধাৱমান হয়। পিছে আহি নমাৰ পাছত সপোন ভাগি-ছিগি থানবান হয়। দিনটো হাড়ভগা খাটনিৰ পাছত যিখিনি আৰ্জে তাৰ সিংহভাগ দালালক আৰু মহাজনক দিয়ে। কিছু ঘৰলৈ পঠোৱাৰ পাছত নিজলৈ একো নাথাকে। আনহাতে যিসকল মালিকে আইন অমান্য কৰি শ্ৰমিক খটুৱায় তেওঁলোকৰ বাবে পৰিশ্ৰমী ফুজিয়ানীসকল হ’ল নয়নৰ মনি। ঋণ পৰিশোধ কৰাৰ তাগিদাত এইসকল দুৰ্ভগীয়াই ৰান্ধনিৰ কাম কৰি, বাচন মাজি এনে অৱস্থালৈ আহে যে ঋণমুক্ত হোৱাৰ পাছত দক্ষতাৰ অভাৱত আন কোনো কাম কৰা সম্ভৱ নহয়গৈ।
মাৰ্কিন সপোন দেখা দৰিদ্ৰ চীনা পুৰুষ-নাৰীৰ বিষয়ে ‘মানুহৰ চিত্ৰশালা’ শীৰ্ষক মোৰ কিতাপ এখনত লিখিছো। আমেৰিকালৈ যোৱাৰ আগতে অজ্ঞতাৰ বাবেই জনা নাছিলো যে পৃথিৱীৰ বহুদেশৰ পৰা সাধাৰণ শ্ৰেণীৰ মানুহ তালৈ যায় জীৱিকাৰ সন্ধানত। অসম বা পশ্চিমবংগৰ যিসকল ব্যক্তিক বিদেশলৈ যোৱা দেখো তেওঁলোক শিক্ষিত শ্ৰেণীৰ। আমাৰ ইয়াৰ পৰা শ্ৰমিক শ্ৰেণীৰ কাকো যোৱা দেখা নাই বাবেই হয়তো মোৰ মনত ভুল ধাৰণাই বাহ লৈছিল। ভাৰতৰ পৰা ব্যৱসায় কৰিবলৈ যায় ঘাইকৈ গুজৰাটিসকল। পঞ্জাৱীৰেও ভৰি পৰিছে ইংলেণ্ড, আমেৰিকা, বিশেষকৈ কানাডাৰ মাটি। পৃথিৱীখন সঁচাই এখন গাঁৱত পৰিণত হৈছে। সুদূৰ অতীতৰে পৰা [ ২৮০ ]
■ আমেৰিকাৰ চায়না টাউন |
স্কেজুল কাহিনী : আমেৰিকাবাসী ভাৰতীয়সকলৰ মুখত মাজে মাজে মই জীৱনতে নুশুনা শব্দ এটা শুনি বিবুদ্ধিত পৰিছিলো। শব্দটো হ’ল ‘স্কেজুল’। মনে মনে ভাবো এই শব্দটো অসমীয়া-বাংলা-হিন্দী নহয়। মাৰাঠী মই অলপ-অচৰপ জানো। পুনেত আঠটা বছৰ কটাইছো, স্কেজুল শব্দটো শুনা নাই। দাক্ষিণাত্যৰ ভাষা? কিন্তু অসমীয়া-বাঙালীয়ে কিয় সেই ভাষা ব্যৱহাৰ কৰিব। ইংৰাজীত মই পণ্ডিত নহওঁ যদিও দীৰ্ঘদিন ধৰি ভাষাটোৰ লগত চিনাকি। কোনো দিনে এনে এটা শব্দৰ সান্নিধ্যলৈ অহা নাই। জয়-মনীষায়ো স্কেজুল স্কেজুল কৰি থাকে। হ’ব পাৰে আমেৰিকাৰ ইংৰাজীত মেক্সিকান শব্দ সোমাই গৈছে। আমি অসমীয়া কওঁতে ইংৰাজী শব্দৰ বাহিৰেও হিন্দী, বাংলা আদি শব্দ ব্যৱহাৰ নকৰো জানো? বনোৱা শব্দটো অসমীয়া নহয় কিন্তু আজিকালি বহুতে ঘৰ বনায়, চাহ বনায়, ভাত বনায়। আন কি শব্দটো লিখেও। বোধকৰো বাংলাৰ পৰা অহা শব্দ বনোৱা। আন এটা বাংলা শব্দ ৰমৰমা আজিকালি ৰমৰমীয়া হিচাপে ব্যৱহৃত হোৱা দেখো। নিজৰ মনতে এইবোৰ চিন্তা কৰি একপ্ৰকাৰ নিশ্চিত হ’লো স্কেজুল মেক্সিকান শব্দ হ’ব লাগিব। কেতিয়াবা অৱশ্যে অভিধানখনো মেলি চাওঁ, কিজানিবা ইংৰাজী শব্দ। এছ বৰ্ণটো চলাথ কৰিও স্কেজুলক বিচাৰি নাপালো।
অৱশেষত ল’ৰাহঁতৰ বন্ধু-বান্ধৱ আহিলে আলেঙে আলেঙে থাকি তেওঁলোকৰ কথোপকথন মনযোগেৰে শুনিবলৈ আৰম্ভ কৰিলো। ল’ৰা-বোৱাৰীক সুধিলেই লেঠা মৰিলহেঁতেন। কিন্তু সোধা নাই। ভাৰতৰ পৰা বিয়া হৈ নতুনকৈ আমেৰিকালৈ যোৱা ছোৱালীবোৰেও মন কৰিছিলো অসমীয়া বা বাংলাৰ মাজতে স্কেজুল স্কেজুল মাৰি থাকে। অৰ্থাৎ ই এটা বৰ কঠিন ইংৰাজী নহয়। ল’ৰা-বোৱাৰীক সুধিলে যদি ইতিকিং কৰি কয়— এইটোও নাজানা নে, তেতিয়া লাজ নালাগিব নে? অৱশেষত নিজেই আৱিষ্কাৰ কৰিলো স্কেজুল বস্তুটো কি। আমেৰিকাৰ ইংৰাজী আৰু ব্ৰিটিছৰ যুগত আমি শিকা ইংৰাজীৰ বানান, উচ্চাৰণ একে নহয়। আমি জনা cheque বানানটো আমেৰিকাই লিখে check, centre হ'ল center, metre হ'ল meter ইত্যাদি। বানানৰ দৰে উচ্চাৰণতো পাৰ্থক্য। ভাবি ভাবি মূৰ ঘোলা কৰা স্কেজুল হ’ল শিডিউল (schedule)! তেওঁলোকৰ যুক্তি school যদি স্কুল হয়, schedule স্কেজুল নহ'ব [ ২৮২ ] কিয়? অকাট্য যুক্তি। ভাৰতীয়সকলে হেনো ভুলতে শ্বিডিউল কাষ্টক স্কেজুল কাষ্ট বুলি কয় কেতিয়াবা।
বৰ্তমানে বিশ্বজুৰি SMS ৰ ইংৰাজী প্ৰচলিত। বহু ছাত্ৰই পৰীক্ষাৰ উত্তৰ বহীতো লিখে ‘ব্ৰেভ নিউ ৱৰ্ডবোৰ। যেনে— Bcoz (because), Plz (please ), 2nite (to night), LOL (laughing out loudly), Xcelnt (excellent), 4 (for), d(the), dat (that), U (you), ur (your) ইত্যাদি।
দক্ষিণ পূব এছিয়াৰ কোনোবা এখন দেশে হেনো ইংৰাজী পঢ়াবলৈ বিদেশৰ পৰা শিক্ষক অনাইছে। কাৰণ সেইখন দেশৰ শিক্ষকেও লিখে SMS ৰ ভাষা! ইংৰাজী ভাষাটোক SMS- এ বিকৃত নকৰিলেই ৰক্ষা৷
মন্দিৰ আৰু পুৰোহিত : বাংলাভাষাত এষাৰ কথা আছে, য’তেই বাঙালী, তাতেই কালীবাড়ী। দক্ষিণ ভাৰতীয়ৰ ক্ষেত্ৰতো একে কথাকে ক’ব পাৰি— দক্ষিণ ভাৰতীয় য’ত, মন্দিৰ ত’ত। আমেৰিকাৰ উত্তৰ, দক্ষিণ, পূব, পশ্চিম য’লৈকে গৈছো তাতেই দেখিছো দক্ষিণীসকলে সজা মন্দিৰ। এবাৰ ই প্ৰসাদ নামৰ পুৰোহিত এজনক পাইছিলো অসমীয়া চিকিৎসক ডাঃ অশ্বিনী চৌধুৰীৰ ঘৰত। সত্যনাৰায়ণ পূজা কৰিবলৈ আহিছিল তালৈ। মাহ-প্ৰসাদ খাই থাকোতে ই প্ৰসাদে উপস্থিত আটাইকে তেওঁৰ ঠিকনা, ফোন নম্বৰ লিখা একোখনকৈ কাৰ্ড দিছিল। কথাই কথাই ক'লে তেতিয়া তেওঁ ইংৰাজী আৰু ড্ৰাইভিং শিকি আছিল দেশখনৰ নাগৰিকত্ব লাভ কৰিবলৈ। জীয়েকক ভাৰততে ভনীয়েকৰ তত্ত্বাৱধানত ৰাখি ল’ৰা-তিৰোতাক লৈ আহিছে তেওঁ। এইখন দেশৰ মুক্ত সমাজত তেওঁ জীয়েকক ৰাখিব নোখোজে। কেইবছৰমান পাছত আকৌ ই প্ৰসাদক লগ পালো একেখন ঘৰতে। এইবাৰ তেওঁক কথা-বতৰা আদব-কায়দাত আগতকৈ অনেক স্মাৰ্ট যেন লাগিছিল। ইতিমধ্যে নাগৰিকত্ব পাইছে, জীয়েককো আনিছে। তেৱেঁ কৈছিল দেশখনত হেনো পুৰোহিতৰ ‘হেভী ডিমাণ্ড’। তেওঁক দক্ষিণ ভাৰতীয় সংস্থাই স্পনছৰ কৰি আনিছে। ঠায়ে ঠায়ে হেনো খালী হৈ আছে পুৰোহিতৰ বহু পোষ্ট। তেওঁৰ কথা বৰকৈ গুৰুত্বসহকাৰে গ্ৰহণ কৰা নাছিলো। পুৰোহিতৰো ডিমাণ্ড থাকেনে?
ভাৰতলৈ উভতি অহাৰ পাছত ২০০৬ চনৰ মাৰ্চত শুনিলো অন্ধ্ৰ প্ৰদেশৰ কাকতে পত্ৰে আৰু টিভিত পুৰোহিত বিচাৰি বিজ্ঞাপন দিয়া হৈছে। লগে লগে উচ্চাকাংক্ষী বেদজ্ঞ পুৰোহিতসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি হ’ল। ই প্ৰসাদে কোৱা কথাষাৰ মনত [ ২৮৩ ] পৰিল। বিদেশৰ মন্দিৰবোৰত পুৰোহিতৰ অনেক পোষ্ট খালী হৈ আছে। পুৰোহিতৰ বাবে বিজ্ঞাপনৰ বিষয়টো কেতিয়াও ভবা নাছিলো। পিছে পশ্চিমৰ দেশবোৰলৈ উচ্চ পৰ্যায়ৰ জীৱিকাৰ বাবে যদি ডাক্তৰ, ইঞ্জিনিয়াৰৰ পৰা টেক্সিচালক, ৰান্ধনি, ঝাড়ুৱালাসকল যাব পাৰে পুৰোহিতে বা নোৱাৰিব কিয়? কিন্তু বিজ্ঞাপনত উল্লেখ কৰা হৈছিল যে পুৰোহিতৰ ইংৰাজীৰ জ্ঞান থাকিব লাগিব।
মূৰত বজ্ৰাঘাত পৰাৰ অনুভূতি হ’লেও তেলেগুভাষী আচাৰ্যসকল হতাশ নহ'ল। তেওঁলোকে উপলব্ধি কৰিলে যে আজিৰ গোলকীকৰণৰ যুগত বেদপাঠ আৰু সংস্কৃত আওৰাই থাকিলে কেৰিয়াৰ গঢ়িব নোৱাৰি। হাইটেক জীৱনৰ বাবে ইংৰাজী জানিবই লাগিব। অলংঘনীয় এই ডেওনাখন পাৰ হোৱা অসম্ভৱ নহ'লেও সহজ নহয়। পিছে মন্ত্ৰতো ইংৰাজীত মাতিব নালাগে তেনেহ'লে এই ভাষাটোৰ জ্ঞানৰ প্ৰয়োজন কিয়? পুৰোহিত ৰিক্ৰুট কৰিবলৈ অহা কমিটীৰ মেম্বাৰসকলৰ মতে যিখন দেশলৈ যাবলৈ ওলাইছে সেই দেশৰ ভাষা নুবুজিলে বা প্ৰয়োজনত কথা ক’ব নোৱাৰিলে তাত থকা অসম্ভৱ। তদুপৰি বিমানত উঠোতে আৰু নামিবৰ আগতে প্ৰয়োজনীয় প্ৰ-পত্ৰ পূৰণ কৰিবলৈ ভাষাটো জনা জৰুৰী।
৩৫ ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰৰ একোছা টিকনিৰে সৈতে টকলামূৰা, কপালত তিলক কটা বেদজ্ঞ পুৰোহিতসকল Spoken English ক্লাছত ভৰ্তি হ’বলৈ শাৰী পাতি থিয় দিছিল বিদেশত চাকৰিৰ আশাত। ভিৰ দেখি বৈদিক স্কুল আৰু মন্দিৰ প্ৰাংগণতো খোলা হৈছিল Spoken English ক্লাছ। যুগৰ লগত খাপ খুৱাবলৈ পুৰোহিতসকলক শিকোৱা হৈছিল ই-মেইল কৰিবলৈ, ম’বাইলত এছ এম এছ কৰিবলৈ আৰু এছ এম এছৰ পাঠোদ্ধাৰ কৰিবলৈ।
কেৱল ইংৰাজী শিকিলেই পশ্চিমীয়া দেশত নিজকে খাপ খুৱাব নোৱাৰি। যিসকল পুৰোহিতে চুৰিয়াখনৰ বাহিৰে আন একো পোছাক পিন্ধা নাই তেওঁলোকক পিন্ধালে চাৰ্ট-পেণ্ট। বাৰে বাৰে কোৱা হ’ল চুৰিয়া পিন্ধি উদং গাৰে যেন ঘৰৰ পৰা নোলায়। নিৰামিষাহাৰী দেউসকলক সতৰ্ক কৰি দিয়া হ'ল যেন পনিৰ বুলি ভুল কৰি গৰু-গাহৰিৰ মাংসৰ কিমাৰ চপৰাটো কিনি নানে।
যদিও বেদজ্ঞ পুৰোহিতসকলক ইংৰাজীৰে চিনাকি কৰিহে বিমানত উঠাইছে ময়েই বিমানত তিনিগৰাকী— এজন পুৰুষ আৰু দুগৰাকী তিৰোতা— পাইছো যিসকলে ইংৰাজীৰ ই-টোকে চিনি নাপায়। নো ইংলিছ, নো ইংলিছ কোৱা চৰ্দাৰজীৰ বিষয়ে ইতিমধ্যে কোৱা হৈছে। ইংৰাজী নজনা এগৰাকীৰ পুতেকে মাক ক'লৈ যাব, [ ২৮৪ ] কি খাব, নাম-ধাম কি ইত্যাদি সকলো বিৱৰি কাগজখনত লিখি দিছিল। মাকক কৈ দিছে কাষৰে-পাজৰে বহা কাৰোবাক কাগজখন দেখুৱাবলৈ। মোৰো কপাল, মানুহজনী বহিছিল মোৰ কাষত। তেওঁ নিৰামিষ খায় কথাষাৰ মোৰ হতুৱাই কোৱাইছিল। আহাৰৰ লগত ফল আৰু গাখীৰ কিয় দিয়া নাই ময়েই সুধিবলগীয়া হ'লো। ইংৰাজী নজনাকৈয়ে পৃথিৱীৰ বহু দেশৰ মানুহ অহা-যোৱা কৰি আছে। হয়তো পুৰোহিতসকলক ভৱিষ্যতে নাগৰিকত্ব দিয়াবলৈ ইংৰাজী শিকোৱাৰ কথা ভবা হৈছিল। ভাৰতীয় মানুহ, বিশেষকৈ দক্ষিণ ভাৰতীয়সকল বৰ ধাৰ্মিক। গতিকে মন্দিৰ আৰু পুৰোহিতৰ চাহিদা নকমে। অকল আমেৰিকাতে নহয় ইউৰোপ, অষ্ট্ৰেলিয়াতো পুৰোহিতৰ প্ৰয়োজন।
পৰিশ্ৰমী জাতি : ব্ৰিটিছ শাসিত ভাৰতত ওপজা আমিসকলে আমাৰ শাসকসকলৰ ৰজা-মহাৰজা সুলভ লাইফ ষ্টাইল দেখি ধাৰণা কৰিছিলো নিজৰ দেশতো হয়তো লগুৱা-লিকচৌ পৰিবেষ্টিত হৈ তেওঁলোকে আৰামত দিন কটায়। তেতিয়াৰ দিনত ঘৰুৱা কাম-বন নকৰি ধুনপেচ মাৰি ফুৰা স্থানীয় মহিলাসকলক ব্যংগ কৰি কোৱা হৈছিল, ‘ফুটনী চা, খাবা নাপাওয়াৰ বেটী, মেম চাহেব হৈছে’। অৰ্থাৎ কাম-বন নকৰি ধুনপেচ মাৰি ফুৰা মানেই মেম।
ঊনৈশ শতিকাৰ এগৰাকী দুঃসাহসী ব্ৰিটিছ মহিলা পৰ্যটক ফেনি পাৰ্কছে ১৮৫০ চনত প্ৰকাশ কৰা তেওঁৰ ভাৰত ভ্ৰমণৰ কাহিনীৰ ২০০২ চনত প্ৰকাশিত এটা সংস্কৰণ Begum, Thugs and White Mughals- the journal of Fanny Parks (Sickle Moon Books Publication) পঢ়ি তেতিয়াৰ দিনত ভাৰতত বাস কৰা ব্ৰিটিছসকলৰ লাহ-বিলাহপূৰ্ণ জীৱনৰ ছবি এখন পাইছিলো।
ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাধাৰণ চাকৰিয়ালৰ ঘৰত কাম কৰিছিল ৫৭ জন লগুৱা-লিগিৰিয়ে। এওঁলোকক ফেনিয়ে ১৮২২ ৰ পৰা ১৮৪৫ চনৰ ভিতৰত দেখিছে চিনাকি পৰিয়ালবোৰত। ৫৭ জনৰ মাজত মাহিলী ১২ টকা হাৰত দৰমহা পোৱা খানচামাজন ইছলামধৰ্মী। তেওঁৰ কাম খোৱা বস্তু কিনা, খোৱা টেবুল পৰিচালনা কৰা আৰু কেক-বিস্কুট তৈয়াৰ কৰা। একে হাৰত দৰমহা পাইছিল বাবুৰ্চি বা ৰান্ধনিজনে। পানী ঠাণ্ডা কৰা আৰু সুৰাত বৰফ সংযোগকাৰী আবদাৰৰ দৰমহা মাহিলী ৮ টকা। পৰিয়ালৰ মানুহে খাই থাকোতে টেবুলৰ ওচৰত প্ৰভুহঁতৰ নিৰ্দেশ শুনিবলৈ সাজু হৈ থকা খিদমগাৰৰ মাহিলী দৰমহা ৭ টকা। বেচেৰা মানুহজনে চাগৈ গিৰিহঁতে খাই থকা বিবিধ ব্যঞ্জন চকুৰ আগত দেখি সেপ ঢুকিছিল। এওঁলোকে কি খাইছিল তাৰ [ ২৮৫ ] তালিকাখন অলপ পাছত দিম। গৃহস্থৰ পিন্ধা-উৰা কাপোৰ-পোছাক আদি ৰক্ষণাবেক্ষণ কৰিছিল ৮ টকা দৰমহাত এজন হিন্দু চৰ্দাৰে। এওঁলোকৰ উপৰি কাম কৰা মানুহৰ ৰেজিমেণ্টটোত আছিল যোগালি, মশ্বালচী, ধোবা, ইস্ত্ৰিৱালা, দৰ্জী, আয়া, জমাদাৰ, পাংখা টানোতা, গুৱাল, ফেৰীৱালা, মুৰ্গীৱালা, ছাতুৱালা, ৮-১০ টা ঘোঁৰাৰ চহিছ, মালী, ভিস্তি, চকীদাৰ, দাৰোৱান, চাপ্ৰাচী ইত্যাদি। এওঁলোকৰ দৰমহা ৪ টকাৰ পৰা ৮ টকালৈ। জহকালি পানী ছটিয়াবলৈ আৰু পানী কঢ়িয়াবলৈ অতিৰিক্ত ১২-১৪ জন লগুৱাক নিযুক্তি দিছিল।
ভাৰতবাসীক শোষণ কৰি স্বৰ্গসুখ লভিলে চাহাবসকলে। সাধাৰণ ভাৰতবাসী গণতান্ত্ৰিক ভাৰততো শোষিত। শ্ৰেণী সংগ্ৰাম অবিহনে বৈষম্য নুগুচে।
তাহানিৰ ভাৰতৰ শাসক ইংৰাজসকলে কি আহাৰ খাইছিল তাৰ এখন তালিকা পাইছিলো উইলিয়াম ডালৰিমপ্লৰ The Last Mughal নামৰ গ্ৰন্থত। ইষ্ট ইণ্ডিয়াৰ সাধাৰণ চাকৰিয়ালসকল খাদ্যাভ্যাসত আছিল মোগল বাদশ্বাহৰ দৰে। হঠাতে চহকী হৈ ভেম প্ৰদৰ্শন কৰা ধুবুৰীৰ মানুহ এজনক দেখি বহু বছৰ আগতে ৰসিক আইনজীৱী ৰমনী ঘোষ কাকাবাবুই ব্যংগ কৰি কৈছিল— ‘চুট্কী বান্দীৰ পোলা (পুতেক) চুলতান শ্বাহ’। চাহাব কেইটাৰো একে অৱস্থা, যেনিবা চুলতানহে। ‘বান্দীৰ’ পুতেকহঁতৰ খোৱাৰ কি আড়ম্বৰ চাব! ১৯৪৭ চনত ভাৰত ত্যাগ কৰাৰ আগলৈকে হেনো তেওঁলোকৰ গুৰু ভোজনৰ অভ্যাস আছিল।
১৯২৬ চনত খ্যাতনামা সাহিত্যিক Aldous Huxley (১৮৯৪-১৯৬৩) ভাৰতলৈ আহি ব্ৰিটিছসকলৰ পাকস্থলীৰ শক্তি দেখি বিচূৰ্তি খাই লিখিছে— ‘সমগ্ৰ ভাৰতত সাম্ৰাজ্যবাদী ব্ৰিটিছসকলে দিনটোত খায় পাঁচবাৰ — দুবাৰ প্ৰাতঃভোজন, দুপৰীয়াৰ আহাৰ, আবেলিৰ চাহ-জলপান আৰু ৰাতিৰ আহাৰ৷ ডাঙৰ ডাঙৰ চহৰবোৰত য'ত থিয়েটাৰ-নৃত্যানুষ্ঠান আদি অনুষ্ঠিত হয় তাত এই ৰুটিনখনত আন এবাৰৰ ভোজন যুক্ত কৰা হয়। আনহাতে ভাৰতীয়সকলে খায় দুসাঁজ, কেতিয়াবা এসাঁজো খোৱা নহয়। ফলত তেওঁলোকে হীনমন্যতাত ভোগে। ...ভাৰতীয়সকল আমাৰ পাকস্থলীৰ শক্তি দেখি মুগ্ধ হয়, অতিভোজনে আমাৰ সন্মান বঢ়ায়।'
বিট্ৰিছসকল বোধকৰো বকাসুৰৰ সমগোত্ৰীয়। ভাৰতত বাস কৰা ভিক্টোৰীয় যুগৰ কোনো ইংৰাজে ৰাজসিক খানা নাখাই দিনটো আৰম্ভ কৰা নাছিল। আমি জনাত ব্ৰিটিছসকলৰ ব্যঞ্জন সোৱাদহীন। ঊনৈশ শতিকাত ব্যৱসায় কৰিবলৈ অহা ব্ৰিটিছসকলে মোগলৰ সংস্পৰ্শলৈ আহি নিশ্চয় মোগলাই খানাৰ জুতি পাই নিজ দেশৰ ৰন্ধন [ ২৮৬ ] পাহৰি গৈছিল।
তেওঁলোকৰ খাদ্যৰ তালিকাখনত চকুফুৰালে অবাক হ’ব লাগে। প্ৰাতঃভোজনত খাইছিল চপ্, ব্ৰেইন কাটলেট (কাৰ ব্ৰেইন গম নাপালো), বীফ ৰিজোল, ডেভিলড কিডনী, হাঁহৰ স্টু, আইৰিচ স্টু, পঠাৰ হেছেজ (এইটো বা কি?) আৰু বহুতো দাঁত ভগা দুৰ্বোধ্য খাদ্য। লগত পৰিবেশন কৰা ভাৰতীয় খাদ্য আছিল মিছামাছৰ দো পিঁয়াজা, মালাই চিকেন, বীফ হুছেইনী। দক্ষিণ ভাৰতীয় আৰু এ্যংলো ইণ্ডিয়ান খাদ্যৰ জুতিও লৈছিল মাজে মাজে। ৰাতিৰ আহাৰৰ ৰাহী মাংস সৰু সৰুকৈ কাটি আদা-জলকীয়াৰে ভাজি প্ৰাতঃভোজনৰ লগত পৰিবেশন কৰিছিল। বোধকৰো খাদ্যৰ পাহাৰ একে বহাতে খাই শেষ কৰিব নোৱৰা বাবে দুবাৰ প্ৰাতঃভোজন কৰিছিল। বাবুৰ্চিসকলে সম্ভৱ ওৰে নিশা উজাগৰে থাকি বকাসুৰহঁতলৈ আহাৰ ৰান্ধিছিল। ইয়াৰ পাছত দুপৰীয়া, আবেলি আৰু ৰাতিৰ আহাৰ কোনটো পেটত যে ভৰাইছিল!
ফেনি পাৰ্কছৰ বহু বছৰ পাছতো আমি দেখিছো মেমহঁতে কূটা এগছো ইফাল সিফাল কৰা নাই। গতিকে মেমহঁতে কোনো কাম নকৰে এনে এটা দৃষ্টিভংগী আমাৰ মনত গঢ়ি উঠা আচৰিত নহয়। আটলাণ্টিকৰ সিপাৰে আমেৰিকাত প্ৰচলিত আছিল দাসপ্ৰথা। অৰ্থাৎ তেওঁলোকেও কুটা এডালো উঘালিবলগীয়া হোৱা নাছিল। মুঠতে ইউৰোপ-আমেৰিকাৰ মহিলা-পুৰুষে ভৰিৰ ওপৰত ভৰি তুলি খোৱাত অভ্যস্ত বুলি ভাবিছিলো। সেয়েহে প্ৰথম ইংলেণ্ড আৰু আমেৰিকা দৰ্শনৰ পাছত সম্পূৰ্ণ বিপৰীত ছবি এখন দেখি কম আচৰিত হোৱা নাছিলো। আনকি আমাৰ অসমীয়া মহিলাবোৰো তালৈ গৈ দশভূজা হোৱা দেখিছো। ডেকা-গাভৰু, বুঢ়া-বুঢ়ী কোনেও বহি নাথাকে। সপ্ৰতিভ আৰু সক্ৰিয় বয়সীয়া মানুহবোৰক দেখি গম পোৱা টান তেওঁলোকৰ প্ৰকৃত বয়স কিমান।
আমি মধ্যবিত্ত মহিলাসকলে নিজৰ ঘৰৰ ভিতৰখন সৰা-মোচা কৰিলেও ঘৰৰ আগফালে সাধাৰণতে বাঢ়নীতাৰ গৈ ওলাবলৈ সংকোচ বোধকৰো। সেয়েহে বিদেশত জয়হঁতৰ আগফালে থকা শিক্ষয়িত্ৰীগৰাকীৰ কাম-কাজ মুগ্ধ হৈ চাইছিলো। হাতত নানা আকাৰৰ বাঢ়নী লৈ তেওঁ কাম কৰে। আনকি ঘৰৰ আগফালে থকা ওখ গছবোৰৰ পৰা দীঘলীয়া বাঢ়নীৰে মকৰাৰ জাল, এলান্ধু ইত্যাদি গুচোৱা দেখিছো।
এই প্ৰসংগত মনত পৰিল মোৰ নুমলীয়া জা কৰবীৰ এগৰাকী জেঠীমালৈ। জেঠীমা সৰুৰে পৰা বিদেশত ডাঙৰ হৈ এগৰাকী কূটনীতিবিদৰ লগত বিয়াৰ পাছত বিদেশতে থাকি গৈছিল। স্বামীৰ অৱসৰৰ পাছত তেওঁলোক কলকাতাৰ টালীলঞ্জ [ ২৮৭ ] অঞ্চললৈ আহে। জেঠীমা তেতিয়াৰ দিনতে পেণ্ট পিন্ধিছিল আৰু ঘৰ-দুৱাৰ নিজেই চাফা কৰিছিল। এদিন ঘৰৰ আগফালৰ আলিবাটটো চাফা কৰি থাকোতে সিফালৰ পৰা টেক্সী এখন আহিল। টেক্সীচালকে ‘মানুহজন’ক মিউনিচিপালিটিৰ ঝাড়ুদাৰ বুলি ভাবি কৈছিল— ‘অ’ দাদা, অলপ ৰাস্তা দিয়াচোন ওলাই যাওঁ”। জেঠীমাই তেওঁলৈ ঘূৰি চাই উত্তৰ দিছিল, ‘দাদা নহয়, দিদি'। টেক্সীচালকজনে ভূত দেখা যেন পালে। পুৰুষৰ দৰে চুলিকটা পেণ্ট পিন্ধা বাঙালী বুঢ়ী তেওঁ কেতিয়াও দেখা নাই। হাতত আকৌ দীঘল ঝাড়ু এডাল লৈ ৰাস্তা সাৰিছে। সাজ-পোছাক আৰু চেহেৰাত জমাদাৰণী যেন লগা নাই। নিৰ্ঘাত ‘শাকচুন্নী’ (তিৰোতা ভূত) হ’ব লাগিব। কাষৰ গে'টখনেৰে মানুহগৰাকী সোমাই যোৱাৰ ফালে চাই চালক আকৌ এবাৰ চক্খাই উঠিল, যেতিয়া দেখিলে ঘাঁহনিত পাতি থোৱা চকী এখনত এজন বুঢ়াৰ কাষত বহিলেগৈ তেওঁ। আজিৰ যুগত হোৱা হ'লে চালকজন আচৰিত নহ'লহেঁতেন। যি কি নহওক, জেঠীমাই কিন্তু সম্পূৰ্ণ ঘটনাটো উপভোগ কৰিছিল। ইংলেণ্ডত মানুহ হৈ স্বামীৰ সৈতে আমেৰিকাত বাস কৰা মানুহগৰাকী কলকাতালৈ অহাৰ পাছতো ফুটপাথ আৰু নৰ্দমা চাফা কৰা কাম নিজেই কৰিছিল।
পশ্চিমৰ মানুহ বৰ পৰিশ্ৰমী। আনহাতে অৱসৰৰ সময়বোৰ বিনোদনৰ মাজেৰে কটায়। তাৰে মাজত ব্যায়াম কৰিবলৈ নাপাহৰে। দুচকীয়া চাইকেল চলাই ব্যায়াম কৰিবলৈ লুংলুঙীয়া বাটো আছে তাত। আমেৰিকানসকলৰ দৰে আমাৰ ল'ৰাৰ পৰিয়ালকো দেখিছো গাড়ীৰ পিছফালে বিশেষধৰণে নিৰ্মিত ষ্টেণ্ডত চাৰিখন চাইকেল লৈ ওলাই যোৱা। পাৰ্কিঙত গাড়ীখন ৰখাই চাইকেলত বাপেক-মাকৰ সৈতে ল’ৰা দুটাও লুংলুঙীয়া বাটেৰে চাইকেল চলাবলৈ যায়। আমি থাকিলে আমাকো লৈ যায় সেই বাটেৰে খোজ কাঢ়িবলৈ। কেতিয়াবা দেখিব গাড়ীৰ ওপৰত নাও বান্ধি লৈ সপৰিয়ালে মানুহবোৰ গৈ আছে সৰোবৰলৈ। মুঠতে পৰিশ্ৰম আৰু বিনোদনৰ মাজত এটা সমন্বয় ৰক্ষা কৰি চলে তেওঁলোকে। তেওঁলোকৰ নিয়মানুৱৰ্তীতাও প্ৰশংসনীয়। নৈৰ সোঁতৰ দৰে গাড়ীবোৰ একেটা গতিতে গৈ থাকে, কাকো ঠেলি-হেঁচি আগলৈ যোৱাৰ নিয়ম নাই। একো একোটা লেইনত একো একোটা গতিত গাড়ী চলে। গতি সলাব খুজিলে বেলেগ লেইনলৈ যাব লাগে। তাত কিছুদিন থাকি নিয়মানুৱৰ্তীতাত অভ্যস্ত চকুবোৰে গুৱাহাটীৰ বাটত উন্মাদৰ দৰে গাড়ী চলোৱা দেখিলে বৰ অশান্তিবোধ কৰে। অৱশ্যে দুদিনমানৰ বাবেহে।
মাৰ্কিন যুক্তৰাষ্ট্ৰত অধিকাংশ মানুহে সাঁতুৰিব জানে, নাও বাব জানে, পাহাৰ বগাব [ ২৮৮ ] জানে আৰু গাড়ী চলাবলৈ শিকে। ওঠৰ বছৰ পোৱাৰ লগে লগে লাইছেন্স পাই যায়। প্ৰয়োজন মতে ৰান্ধিবলৈও শিকে। মুঠতে প্ৰতিজন মানুহকে নিজৰ ওপৰত নিৰ্ভৰশীল কৰি গঢ়ি তোলা হয়। সকলো কামৰ সমমৰ্যাদা বুলি জানি অলপ অবাক হৈছিলো। কোনেও কাকো যেনেকৈ অযথা সন্মান প্ৰদৰ্শন নকৰে তেনেকৈ কোনেও কাকো অসন্মানো নকৰে। বৰ আমোদ পাইছিলো শুনি যে তাত যিকোনো ব্যক্তিক তেওঁলোকে নাম কাঢ়ি মাতে। ড° সঞ্জীৱ বৰুৱাই কৈছিল আমেৰিকাত তেওঁৰ গৱেষণাৰ গাইডজনক তেওঁ ‘ছাৰ' বুলি সম্বোধন কৰাত গাইডে হেনো কৈছিল, ‘মোক আকৌ ছাৰ বুলিছা কিয়? মইতো কোনোদিনে নাইট উপাধি পোৱা নাছিলো!’ সৰুৱে ডাঙৰক নাম কাঢ়ি মতা নিয়মটো কিন্তু মোৰ মুঠেও ভাল লগা নাছিল।
আমেৰিকাৰ বিষয়ে লিখি থাকিলে শেষ নহ’ব। আৰু দুটামান বিষয় উত্থাপন কৰি অন্য প্ৰসংগলৈ যাম।
৯১১ নম্বৰৰ মাহাত্ম্য : আজিকালি আমাৰ ইয়াত ১০৮ নম্বৰ স্বাস্থ্যসেৱা চালু হোৱা বাবে বিপদ-আপদত ৰোগীক হাস্পতাললৈ স্থানান্তৰিত কৰা সহজ হৈছে। পিছে এই সেৱাৰপৰা আমি বঞ্চিত হৈছিলো প্ৰথম চেষ্টা কৰাৰ দিনাই। ১০৮ নম্বৰে উত্তৰ দিছিল তেওঁলোকে সেৱা আগবঢ়ায় চৰকাৰী হাস্পতাললৈ যোৱা ৰোগীসকললৈহে। এদিন ১০৮ মৃত্যুঞ্জয়ক প্ৰাইভেট হাস্পতালৰ চৌহদত দেখা বুলি কোৱাত ফোনৰ সিপাৰৰ মানুহজনে গাড়ী থাকিলেহে নিব বুলি কৈছিল। সেই আশা ত্যাগ কৰিছিলো। আমাৰ মন্ত্ৰী-আমোলাসকলে পানী লাগিলেও অসমৰ বাহিৰলৈ যায় চিকিৎসা কৰিবলৈ। এনে অৱস্থাত চৰকাৰে কেনেকৈ আশা কৰে যে ১০৮ ৰ সেৱা পাবলৈ হ'লে চৰকাৰী হাস্পতাললৈহে যাব লাগিব। চৰকাৰী হাস্পতাল আছেনো কেইখন? প্ৰাইভেট হাস্পতাললৈ নগৈ উপায় নাই।
আমেৰিকাৰ ৯১১ নম্বৰলৈ আহো। ই সমগ্ৰ আমেৰিকাৰ বিপদৰ বন্ধু আৰু উদ্ধাৰকাৰী। নম্বৰটোত বাৰ্তা গ্ৰহণ কৰিবলৈ বহি থাকে এদল ত্ৰাণকৰ্তা। ফোনত বাতৰি পোৱাৰ পাঁচ মিনিটৰ ভিতৰত সকলো ধৰণৰ সাহায্য যে আগবঢ়োৱা হয় তাক নিজ চকুৰে দেখিছিলো। ঠিকনা জনাবৰ প্ৰয়োজন নাই। সহায়প্ৰাৰ্থীৰ নাম-ঠিকনা তেওঁলোকৰ সন্মুখৰ ব’ৰ্ডত জিলিকি উঠে। শুনি অবাক হৈছিলো যদিও তথ্য-প্ৰযুক্তিৰ কল্পনাতীত উন্নতিৰ যুগত আজি আৰু আচৰিত নহওঁ। ম'বাইল ফোন আৱিষ্কাৰ হোৱাৰ পাছৰে পৰা মানুহে হাতৰ মুঠিত বিশ্বখনক পাইছে। কথাত কথা বাঢ়ে। GPS [ ২৮৯ ] (Global Positioning System) ৰ প্ৰচলন বৰ্তমানে কিছু পুৰণি হ’ল যদিও আমেৰিকাত প্ৰথম দেখি ভাবিছিলো বিজ্ঞানৰ নৱ নৱ আৱিষ্কাৰসমূহ চাবলৈ ভাগ্যে জীয়াই আছিলো। এই ব্যৱস্থাটোৱে গাড়ীচালকক সম্পূৰ্ণ পথছোৱাত এটা নিৰ্দেশ দি থাকে সোঁৱে যাব নে বাঁৱে যাব। ক’ত টাৰ্ন ল'ব ইত্যাদি। মই ইয়াৰ নাম দিছিলো দৈৱবাণী। দৈৱবাণীৰ নিৰ্দেশমতে লক্ষ্যস্থান পায়গৈ।
বৰ্তমানে ঘৰে ঘৰে প্ৰৱেশ কৰা আন এটা বস্তু দেখিলো ফেচ বুক। আজিকালি ছাত্ৰ-ছাত্ৰী থকা প্ৰায় ঘৰতে আছে কম্পিউটাৰ আৰু ইণ্টাৰনেট। অৱস্থাপন্ন ঘৰৰ এটা-দুটা সন্তানৰ চাকৰি নকৰা মাকবোৰৰ দিনটোত অফুৰন্ত সময়। আমাৰ পৰিয়ালৰে ভতিজী, ভাগিনীহঁতক দেখো সময় কটায় ফেচ বুক মেলি লৈ৷ ইমান নিচা যে গেছত বহাই দিয়া আঞ্জা পুৰি ছাই হয়, সিফালে গৃহিণী ব্যস্ত ফেচ বুকত। পৃথিৱীখন প্ৰকৃতাৰ্থতে হাতৰ মুঠিত সোমাল।
যাওক বাৰু এইবোৰ কথা। ৯১১ নম্বৰটোলৈ উভতি যাওঁ। ১৯৯৮ চন। সৰুটো নাতি দুবছৰীয়া। এদিন হঠাতে কাহিলী পুৱাবেলা জ্বৰ বাঢ়ি সি মূৰ্ছা গ'ল। জয়ে ডায়েল কৰিলে ৯১১ ক। মুহূৰ্তৰ ভিতৰত পদূলিমুখত থিয় দিলেহি এখন গাড়ী। তাৰপৰা ছফুটতকৈও ওখ মেদহীন দুজন সুপুৰুষ নামি আহিছিল। তেওঁলোকৰ কঁকালত পিস্তল দেখি ভাবিছিলো আমেৰিকাৰ ডাক্তৰবোৰ দেখাত সুপুৰুষেই নহয়, আগ্নেয়াস্ত্ৰও লৈ ফুৰে। পিছে তেওঁলোক পুলিচ। তেওঁলোকৰ পিছে পিছে আহিছিল ডাক্তৰী সা-সৰঞ্জাম, অক্সিজেন চিলিণ্ডাৰ আৰু এম্বুলেন্স এখনৰে সৈতে দহ-বাৰজনীয়া এটা পেৰা-মেডিকেল টীম। শিশুটিক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছত তেওঁলোকে এখন চিকিৎসালয়ত ফোন কৰি ৰোগীক ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰিছিল। নাতি সুস্থ হৈ অহাৰ পাছতো হাস্পতাল কৰ্তৃপক্ষই ফোন কৰি তাৰ খা-খবৰ কৰিছিল। দেশখনত জনসংখ্যা কমবাবেই বোধকৰো মানুহৰ ইমান মূল্য।
আন এদিনৰ কথা। দুপৰীয়াৰ নিস্তব্ধতা ভেদ কৰি বিকট আৱাজ এটা কাণত পৰিল। ভাবিছিলো আনটো কোঠাত শব্দ কৰা কিবা খেলনা লৈ ডাঙৰটো নাতিয়ে খেলি আছে। পিছে সি ভয়তে কান্দি কান্দি আহি ক’লে ফায়াৰ এলাৰ্ম বাজিছে অৰ্থাৎ ঘৰত জুই লাগিছে। ধোঁৱাৰ গোন্ধ পালে ফায়াৰ এলাৰ্ম সজাগ হয়। সি ভয় খাই মোৰ কোলাত উঠি ক’লে ৯১১ ক ফোন কৰিবলৈ। দেউতাক-মাক ঘৰত নাই, পাঁচ বছৰীয়া ল'ৰাটোৰ কথাত কৰিলো ডায়েল ৯১১। এফালে বিকট শব্দ আনফালে দুয়োটা নাতিৰ ভয়াৰ্ত কান্দোন। এনেতে সশব্দে আহি উপস্থিত হ’ল বিৰাট আকাৰৰ [ ২৯০ ]
■ লেখিকাৰ পুত্ৰ-বোৱাৰী আৰু দুই নাতি |
বেটাৰীৰ আয়ুস কমাটো আমাৰ দোষ। গতিকে তেওঁলোকক মাতি আনি কষ্ট দিয়া বাবে লাজতে মৰি যোৱা যেন লাগিল। অসমীয়া উচ্চাৰণেৰে ইংৰাজীত ক’লো যে মই ইণ্ডিয়াৰ পৰা আহিছো ইয়াৰ ৰীতি-নীতিৰ বিষয়ে অৱগত নহওঁ। নাতিয়ে কোৱা বাবেহে তেওঁলোকক অযথা মাতি কষ্ট দিলো ইত্যাদি ইত্যাদি ইনাই বিনাই এসোপা কিবাকিবি ক'লো। মোৰ ধাৰণা আছিল তেওঁলোকক কিবা এটা মাচুল দিব লাগে আৰু বিনাকাৰণত মাতিলে জৰিমনা ভৰিব লাগে। পিছে মোক আচৰিত কৰি দলপতিয়ে ক’লৈ সকলো ফ্ৰী। বৰঞ্চ পাঁচবছৰীয়া ল’ৰা এটাৰ সজাগতা দেখি তেওঁলোক মুগ্ধ। যাবৰ সময়ত আমাক বাই বাই কৰি কৈ গ'ল have a good day। আমেৰিকাৰ মানুহ ব্ৰিটিছৰ দৰে গোমোঠামুখীয়া নহয়। বাটে-ঘাটে অচিনাকি মানুহক দেখিলেও হাই হাই কৈ সম্ভাষণ যাচে। নাতিহঁতক লৈ যোৱা স্কুল বাছৰ চালকজনে মোক দেখা পালে এমোকোৰা হাঁহিৰে কয়— হাই গেম্মা (গ্ৰেণ্ড মাদাৰ)! তিনি বছৰ পাছত মোক আকৌ দেখা পাই তেওঁ বৰ স্ফূৰ্তি পোৱা যেন লাগিল, যেন বহুদিনৰ মূৰত গেম্মাকক লগ পালে।
দুই নাতি ঋষভ আৰু অনুভৱক স্কুল ছুটীৰ পাছত ঘৰতে সংগ দিবলৈ পঞ্চল্লিশ বছৰীয়া লিণ্ডা নামৰ শ্বেতাংগিনী এগৰাকী আহিছিল। তেওঁৰো মই আছিলো গেম্মা আৰু গৃহস্থ গেন্পা। তেৱোঁ বৰ কথকী। মাক-দেউতাক ইটালীয়মূলৰ আৰু বিচ্ছেদিত স্বামী জাৰ্মানমূলৰ। ঊনৈশ বছৰ বয়সতে বিয়া কৰাই ছোৱালী এজনীৰ জন্মৰ কেইবছৰমান পাছত বিয়াখন ভাগে। লিণ্ডাই আকৌ বিয়া কৰোৱা নাই যদিও এজন অন্তৰংগ বন্ধু আছে। চিনাকি হোৱাৰ দুই-তিনি দিনৰ ভিতৰতে হিয়া উজাৰি কথা পাতিছিল। ব্ৰিটিছৰ যুগত ভাৰতত বগী মেমৰ বিষয়ে কৰা ধাৰণাবোৰ লিণ্ডাৰে কথা পাতোতে মনত উক্ দি উঠিছিল। ভাৰতত বগীমেমৰ ল'ৰা-ছোৱালীক ভাৰতীয় আয়াই চোৱা-চিতা কৰা দেখিছো। ষাঠি বছৰ পাছত নিজৰ ঘৰতে ওলোটা চিত্ৰ এখন দেখিলো। তেওঁলোকক অৱশ্যে ‘আয়া’ নহয় বেবী-ছিটাৰ বুলিহে কয়। সু-সজ্জিতা লিণ্ডা গাড়ী চলাই আহি যেতিয়া নামে তেতিয়া কোনে ক’ব তেওঁ বেবী-ছিটাৰ। শ্ৰমৰ [ ২৯২ ] মৰ্যাদাক এইখন দেশত যথেষ্ট গুৰুত্ব দিয়া হয়। সৰু-বৰ যিকোনো কাম কৰিবলৈ এওঁলোকে সংকোচবোধ নকৰে।
প্ৰাপ্তবয়স্ক অনেক ছাত্ৰ-ছাত্ৰীয়ে বেবী ছিটিং কৰি, মানুহৰ ঘৰ-দুৱাৰ চাফা কৰি, কাপোৰ ধুই, ৰাতিপুৱা ঘৰে ঘৰে বাতৰি কাকত বিলাই, ঘাঁহনিৰ ঘাঁহ কাটি পইচা আৰ্জে। অৱশ্যে ঘৰ চাফা কৰে যন্ত্ৰৰ সহায়ত আৰু কাপোৰ ধোৱা-শুকোৱাও কৰে যন্ত্ৰেৰে। সপ্তাহত এদিন আমাৰ ল'ৰাৰ ঘৰ-দুৱাৰ চাফ-চিকুণ কৰি যায় এগৰাকী মহিলাৰ নেতৃত্বত তিনিজনী ছোৱালীয়ে। আহে নিজৰ গাড়ীত। দুঘণ্টা কাম কৰি নব্বৈ ডলাৰ পাৰিশ্ৰমিক লৈ যায়। বাকীকেইদিন তেওঁলোকে নিজেই চাফা কৰে। ধূলি-মাকতি কম বাবে আমাৰ ইয়াৰ দৰে ঘৰ-দুৱাৰ লেতেৰাও নহয়।
৯১১ৰ কথা উলিয়াই বেলেগ প্ৰসংগলৈ গ'লো। আমেৰিকাৰ উত্তৰৰ পৰা দক্ষিণ পূবৰ পৰা পশ্চিমলৈ প্ৰতিজন নাগৰিকে ৯১১ ৰ সেৱা পায় মুহূৰ্তৰ ভিতৰত।