বাকীছোৱা জীৱন/অন্তৰত খুন্দা মৰা কথাৰে

[ ২৯৬ ]

অন্তৰত খুন্দা মৰা কথাৰে

 নিজকে মই যুক্তিবাদী বুলিয়ে ভাবো। সেয়েহে অন্তৰত খুন্দা মাৰি যোৱা ঘটনাই মোৰ মনক দীৰ্ঘ সময় ধৰি যন্ত্ৰণাকাতৰ কৰি ৰাখিব নোৱাৰে। আবেগৰ ঢৌৱে মোক উটুৱায়ো নিনিয়ে। কিন্তু কোনোবাই, বিশেষকৈ আপোনজনে যদি পৰিয়ালৰ সকলোৰে ভালৰ বাবে কৰিব খোজা কিবা কামৰ আঁৰত উদ্দেশ্য বিচাৰি পায় তেনেহ'লে মনত যিটো আঘাত পাওঁ তাক কোনো যুক্তিয়ে নিৰ্মূল কৰিব নোৱাৰে।

 কথাষাৰ অলপ বহলাই কোৱা যাওক। মোৰ কলকাতাৰ সহকৰ্মী জয়াৰ কথা একাধিকবাৰ উল্লেখ কৰিছো। তেওঁ বৰ্তমানে কলকাতাবাসী হ’লেও পূব বাংলা অৰ্থাৎ আজিৰ বাংলাদেশ মূলৰ। ভাৰত দ্বিখণ্ডিত হোৱাৰ পাছত সা-সম্পত্তি সকলো ত্যাগ কৰি কলকাতালৈ আহিছে। মোৰ শহুৰৰ পৰিয়ালটো কুৰি শতিকাৰ আৰম্ভণিতে চাকৰিসূত্ৰে মণিপুৰলৈ আৰু ১৯৩২-৩৩ চনত পৰিয়ালৰ একাংশ গুৱাহাটীলৈ আহিছিল যদিও টাঙাইলত তেওঁলোকৰ সা-সম্পত্তি আছিল। সেইবোৰৰ সমমূল্যৰ ধন কেতিয়াবা কোনোবাই পাব বুলি দেশ ত্যাগ কৰিবলৈ বাধ্য হোৱাসকলে সপোনতো ভবা নাছিল।

 কলকাতাত এদিন জয়াই আহি মোক ক'লে Enemy Property আইনৰ অধীনত বাংলাদেশৰ পৰা ভাৰতলৈ অহাসকলে বা ভাৰতৰ পৰা বাংলাদেশলৈ যোৱাসকলে [ ২৯৭ ] সম্পত্তিৰ বিনিময়ত সংশ্লিষ্ট চৰকাৰৰ পৰা অৰ্থ পাই আছে। তেওঁৰ মাহীয়েকে ইতিমধ্যে পালেই। মাহীয়েকহঁতে কি উপায়ে পালে জানি লৈ আমিও চেষ্টা নকৰোনো কিয়? দুয়ো ভাবিলো। ইতিমধ্যে আমাৰ ভাৰাঘৰৰ মালিকনীৰ ককায়েকেও একে কামকে কৰি থকা বুলি তেওঁলোকে কৈছিল।

 জয়া বৰ উৎসাহী। তেওঁ মোকো উৎসাহিত কৰাত গুৱাহাটীত বৰজনা দুজনৰ লগত যোগাযোগ কৰিলো। তেতিয়া বোধকৰো শাহুআই জীয়াই আছিল। মোৰ প্ৰস্তাৱত আনন্দিত হৈ তেওঁলোকে টাঙাইলৰ মাটিৰ পট্টাকে ধৰি খাজনা-টেক্সৰ ৰছিদ আদিৰ শকত পেকেট এটা ৰেজেষ্ট্ৰি ডাকযোগে পঠালে। আমাৰ গৃহস্থৰ দৃষ্টিত ঠাকুৰ ৰামকৃষ্ণৰ ভাষাত ক’বলৈ গ’লে, ‘টাকা মাটি, মাটি টাকা'। জয়াৰ মুখে শুনাৰ পাছত কথাষাৰ তেওঁক কৈছিলো যদিও ইনটাৰেষ্টতো নেদেখুৱালেই উত্তৰ পৰ্যন্ত দিয়াৰ প্ৰয়োজনবোধ কৰা নাছিল। ময়ো তেওঁক উপেক্ষা কৰি গুৱাহাটীৰ লগত যোগাযোগ কৰিছিলো। ইতিমধ্যে জয়াই খা-খবৰ কৰি গম পালে পথ সুদীৰ্ঘ আৰু এঁকা-বেঁকা। উকীলৰ ওচৰলৈ অহা-যোৱা কৰোতে কমপক্ষে তিনিযোৰ জোতাৰ তলি ক্ষয় হ’ব। হওক। কষ্ট নকৰিলে ৰত্ন পাবা কেনেকৈ।

 এদিন দলিলৰ টোপোলাটো আহি পালে। গৃহস্থ কামৰ পৰা উভতি অহাৰ পাছত অতি উৎসাহেৰে বস্তুটো দেখুৱালো। এইবাৰ তেওঁ উত্তৰ দিলে, টকা-পইচাৰ প্ৰতি আসক্তি নথকাই ভাল। পালে ভাগিনহঁতক দি দিম’। সেই সময়ত এগৰাকী বায়েকৰ অৱস্থা বৰ ভাল নাছিল। পুতেকহঁতে তেতিয়ালৈকে ভালদৰে প্ৰতিষ্ঠিত হ’ব পৰা নাই। পাছৰ কথা আগতে কৈ থওঁ মেধাৱী ভাগিনকেইজনে এতিয়া মোমায়েকহঁতকে কিনিব পাৰিব। যি কি নহওক তেওঁৰ উত্তৰে মোৰ বুকুত শেল বিন্ধাদি বিন্ধিলে। সেই শেলপাত আজিও তাৰ পৰা উৎপাটন কৰিব পৰা নাই। বিশেষকৈ তেওঁ জানে মই নিৰ্লোভী। আমাৰ দেউতাই সংস্কৃত শ্লোক এটা সৰুতেই শিকাইছিল আনৰ বস্তুক শিলগুটি বুলি ভাবিবলৈ। বাংলাদেশৰ পৰা টকা পালেও সেই টকাৰ গৰাকী হ’ব তেওঁলোকৰ মাক আৰু ইতিমধ্যে তেওঁ প্ৰয়াত হ'লে তেওঁৰ পুত্ৰ-কন্যা দহজন। কোনো অৱস্থাতে সেই টকা মই পাব নোৱাৰো। তেওঁৰ কথাৰ পোনপটীয়া উত্তৰ নিদি ক’লো তিনিযোৰ জোতা কিনিবলৈ মোৰ টকা নাই, অৰ্থাৎ মই কামটো নকৰো ৷ মোৰ স্বভাৱ পাৰিলে মানুহৰ উপকাৰ কৰা। উপকাৰীক অজগৰে খায়। অজগৰে মোক কেইবাবাৰো খাইছে। তথাপি এই বয়সতো অজগৰৰ পেটৰ পৰা ওলাই সাধ্যমতে উপকাৰ কৰিবলৈ চেষ্টাৰ ত্ৰুটি নকৰো। তথাপিতো মোৰ যুক্তিবাদী স্বভাৱে মনতে [ ২৯৮ ] বিশ্লেষণ কৰিবলৈ ধৰিলে কিয় তেনেকৈ ক'লে গৃহস্থই। হয়তো ভাগিন কেইজনৰ বাবে তেওঁ যথেষ্ট চিন্তিত আছিল। তেওঁ বোধকৰো ভাবিছিল বাংলাদেশ চৰকাৰে টকাখিনি এনেয়ে পঠাই দিব।

 যি কি নহওক বৰজনাহঁতক জনালো ঘটনাটো। তেওঁলোকে বুজালে ভায়েকে ভাবি একো কোৱা নাই। ‘সি তেনেকুৱাই’। তদুপৰি মই কষ্ট কৰি সম্পত্তিৰ মূল্য উলিয়াব পাৰিলে মোক পাৰিশ্ৰমিক কিয় দিয়া নহ'ব। এই কথাৰ উত্তৰত কৈছিলো যে নিজৰ শাহুৰ সম্পত্তি উদ্ধাৰ কৰাৰ বিনিময়ত পাৰিশ্ৰমিক পোৱাৰ প্ৰশ্নই নাই। পিছে জোতা তিনিযোৰৰ মূল্য পালেই সন্তুষ্ট হ’লোহেঁতেন। তদুপৰি মই নিঃস্বাৰ্থও নাছিলো। গৃহস্থই এটা ভাগ পালে তেতিয়াও পঢ়ি থকা পুত্ৰৰ কামত লাগিব পাৰে, এনেধৰণৰ চিন্তাও নিশ্চয় কৰিছিলো। আজিও মোৰ ভাবি দুখ লাগে এই পৰিয়ালটোত কেইবাজনো উপযুক্ত ব্যক্তি থকা সত্ত্বেও কামটো কৰিবলৈ কোনো আগবাঢ়ি নাহিল। দলিলবোৰ ক’ত আছে নাজানো। মই ঘূৰাই দিছো। মই প্ৰয়োজনত ফুলৰ দৰে কোমল, প্ৰয়োজনত বজ্ৰৰ দৰে কঠিন। মোৰ সিদ্ধান্তক কোনেও টলাব নোৱাৰে।

 গৃহস্থ স্বল্পবাক, কিন্তু মাজে মাজে ঘপহকৈ কিছুমান কথা নভবা-নিচিন্তাকৈ কয়। আৰু কিছুমান কাম নভবা-নিচিন্তাকৈ কৰে। কেতিয়াবা তাৰ বাবে মই পৰো শ’লঠেকত। এওঁ হেনো ল’ৰালিকালত আগজাননী নিদিয়াকৈ স্কুলৰ পৰা বন্ধু-বান্ধৱক লৈ আহি মাকক প্ৰায়ে কৈছিল সকলোকে ভাত খুৱাবলৈ। তেওঁ আকৌ ৰান্ধিবলগীয়া হয় ইটো-সিটো। শাহু আছিল ৰন্ধন পটিয়সী। তদুপৰি মানুহক বিবিধ ব্যঞ্জনেৰে খুৱাই ভাল পাইছিল। মোক অৱশ্যে সেইফালৰ পৰা বিপদত পেলোৱা নাই। কিন্তু তাতোকৈ ডাঙৰ এটা অৱস্থাই মোৰ লগত আপোন মানুহ এঘৰৰ সম্পৰ্কত ফাট এটা মেলাইছিল। তেতিয়া আমি কলকাতা আহি পাইছো মাত্ৰ। কলকাতালৈ আহি মোৰ কি অৱস্থা হৈছিল এই কিতাপখনৰ প্ৰথমফালে লিখিছো। এদিন এওঁ আপোন মানুহ এঘৰৰ পৰা আহি মোক ক'লে তেওঁলোকে এওঁক হেনো কৈছে কলকাতাত পঢ়িবলৈ অহা আন এজন আত্মীয়ৰ পুতেকক আমাৰ ঘৰত ৰাখিবলৈ। টালি-টোপোলা লৈ তেওঁ দুদিন পাছত আহিব। মোৰ টিঙিচকৈ খং উঠিল যদিও প্ৰকাশ নকৰিলো। এওঁতো জানেই, আনকি আত্মীয় স্বজন সকলোৱে জানে কলকাতাত বহু সমস্যাৰ মাজত থাকিবলগীয়া হৈছো। গেছ নাই, কেৰাচিনো নাই, কয়লাৰ চৌকা জীৱনত জ্বলাই পোৱা নাই। জয়ক পাব্লিক বাছত স্কুললৈ লৈ যাওঁ, লৈ আহো ইত্যাদি হেজাৰটা অসুবিধাত তেতিয়া মোৰ বলিয়া হোৱাৰ অৱস্থা। তথাপিতো কিয় মোৰ ওপৰত আটায়ে এই [ ২৯৯ ] দায়িত্ব জাপি দিলে। আজিকালি ল’ৰাবোৰেও ঘৰুৱা কামত সহায় কৰে। তেতিয়াৰ দিনত কৰাৰ ৰীতি নাছিল। মোৰ লগত আলোচনা কৰা উচিত আছিল তেওঁলোকৰ। নে তেওঁলোকে মোক এইখন ঘৰৰ কাম কৰা মানুহ বুলি ধৰি লৈছিল। মোৰ আধালিখা থিছিছখন তেতিয়া ধোঁৱা-চাঙত। যি কি নহওক, ল’ৰাটো আহিল। ৰাতিপুৱা উঠি কয়লাৰ চৌকা জ্বলাইছিলো চকুপানী টুকি। আজি মই ভাবিব নোৱাৰো কেনেকৈ কামবোৰ কৰি মেলি ভিৰ বাছেৰে জয়ক অনা-নিয়া কৰিছিলো। মই স্বীকাৰ কৰো ইয়াৰ পাছত আত্মীয় ঘৰৰ লগত আৰু পঢ়িবলৈ অহা ল'ৰাজনৰ লগত মোৰ আন্তৰিকভাৱে সুসম্পৰ্ক গঢ়ি নুঠিল। গৃহস্থৰ ওপৰতো খং নুঠা বুলি নকওঁ। মোৰ অনুমতি নোলোৱাকৈ আৰু মোৰ লগত আলোচনা নকৰাকৈ তেওঁলোকে এই সিদ্ধান্তলৈ অহা বাবে মই অত্যন্ত অপমানিত বোধ কৰিছিলো। বিশেষকৈ আত্মীয়সকলে মোৰ ওপৰত চৰ্দাৰী কৰা বাবে তেওঁলোকক কোনো দিনে ক্ষমা কৰিব পৰা নাই। তেওঁলোকৰ লগত এটা শীতল সম্পৰ্ক থাকি গ'ল। দ্বিতীয়তে ল'ৰাজনৰ লগতো সু-সম্পৰ্ক গঢ়ি তুলিব নোৱাৰিলো। অথচ সি এটা ৰত্ন। বিজ্ঞানী হিচাপে আজি সু-প্ৰতিষ্ঠিত। গৌৰৱ কৰিব পৰা ডেকা। তেওঁলোকেও নিশ্চয় কোনোদিনে মোক ভাল পাব পৰা নাই। মই অৱশ্যে কোনো দিনে কাৰো লগত বেয়া ব্যৱহাৰ কৰা নাছিলো। পিছে বাধ্যত পৰি কৰ্তব্য কৰা আৰু আন্তৰিকভাৱে কৰ্তব্য কৰাৰ মাজত আকাশ-পাতাল পাৰ্থক্য।

 আন এটা কথালৈ মনত পৰিল। কলকাতাত থাকোতেই আমাৰ দুয়োৰে বাবে দুখন স্বাস্থ্যবীমা কৰাৰ কথা এওঁক বৰকৈ কৈ আছিলো। ইয়াৰ গুৰুত্ব সম্পৰ্কে এওঁ অজ্ঞ যেনে লাগিছিল। তেতিয়া ডেকা তেজ শৰীৰত। বেমাৰ-আজাৰ হোৱা নাছিল। এদিন বয়স হ'ব বুলি চিন্তাও বোধকৰো কৰা নাছিল। অৱশেষত মই নিজলৈ স্বাস্থ্য বীমা কৰালো। সংসাৰ সম্পৰ্কে গৃহস্থ ইমানে অনভিজ্ঞ যে এদিন ক’লে তেওঁৰ ত্ৰিশ হেজাৰ টকা আছে সেই টকাৰে চিকিৎসা কৰাব। সিদিনা তেওঁৰ কথাৰ উত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰি তেওঁৰ নামতো মনে মনে বীমা কৰাই লৈছিলো। শেষত দেখা গ’ল কিছুদিনৰ পাছতে তেওঁৰ দুয়োটা চকুৰ কেটাৰেক্ট কটাবলগীয়া হোৱাত একেকোবে ত্ৰিশ হেজাৰ টকা খৰচ কৰিবলগীয়া হ'ল। ভাগ্যে বীমা কৰোৱা আছিল। ইতিমধ্যে বয়স বঢ়াৰ লগে লগে হাস্পতাললৈ যোৱাৰ প্ৰয়োজনীয়তা বাঢ়িল। দিনে দিনে চিকিৎসাৰ খৰচো বাঢ়িবলৈ ধৰিলে। এবাৰ মই বীমাৰ অংক বঢ়াব খুজিলো, তেওঁ কমাবলৈহে ক'লে, কি ভাবি যে কথাবোৰ কয় বুজি নাপাওঁ। কথাষাৰ মোৰ মনঃপুত নহ'ল যদিও নবঢ়ালো। অলপ কমালোহে।

[ ৩০০ ]  সেইবছৰে তেওঁৰ ফিমাৰ নামৰ ভৰিৰ হাড়ডাল ভগা বাবে চিকিৎসাৰ বাবদ হাস্পতালৰ পৰা শকত অংকৰ বিল এখন পালো। বীমা থাকিলেও প্ৰায় আধামান টকা নিজৰ পৰা ভৰিবলগীয়া হৈছিল। আমাৰ পুত্ৰসম বীমা কোম্পানীৰ বিষয়া তথা গল্পকাৰ প্ৰণৱজ্যোতি ডেকাই আচৰিত হৈ সুধিছিলে কিয় বীমাৰ অংক কমালো। সকলো শুনি তেওঁ কৈছিল পণ্ডিত ব্যক্তিসকলৰ মগজুৰ এটা অংশ অতি উন্নত, আন এটা তাৰ ওলোটা। উল্লেখযোগ্য যে প্ৰণৱ চিন্তাশীল বুদ্ধিজীৱী সমালোচক শশী শৰ্মাদেৱৰ জোঁৱায়েক। এটা ফাল অনুন্নত মগজুৰ ধাৰকৰ লগত আলোচনা কৰা বৃথা বুলি ভাবি নিজৰ সিদ্ধান্ত মতে বীমাৰ অংকৰ পৰিমাণ বৰ্তমানে কিছু বঢ়াই দিলো।