বাকীছোৱা জীৱন/পুনৰ এনথ্ৰ’প’ল’জিকেল চাৰ্ভে অব্ ইণ্ডিয়াত

[ ৬১ ]

পুনৰ এনথ্ৰ’প’ল’জিকেল চাৰ্ভে অব্ ইণ্ডিয়াত

 চি এছ আই আৰৰ অধীনত তিনিটা বছৰ Pool Officer হিচাপে কৰা গৱেষণাৰ কাম শেষ হোৱাৰ পাছত দ্বিতীয়বাৰৰ বাবে আকৌ এনথ্ৰ’প’লজিকেল চাৰ্ভে অব্ ইণ্ডিয়াত Post Doctoral Fellow হিচাপে যোগ দিলো। ইমান দিনে বংশগত আৰু জন্মগত ৰোগ আছিল মোৰ গৱেষণাৰ বিষয়। এইবাৰ এটা বেলেগ বিষয় নিৰ্বাচন কৰাৰ কথা ভাবিলো। কাৰণ আমাৰ সীমাবদ্ধ অৰ্থসাহায্য আৰু অনুন্নত বিজ্ঞানাগাৰত ইয়াতকৈ বেছি দূৰলৈ আগবঢ়া সম্ভৱ নাছিল। সেই সময়ত এনথ্ৰ’প’লজিকেল চাৰ্ভেই আঁচনি এটা ৰূপায়ণ কৰিবলৈ আগবঢ়া বুলি জানি ময়ো সেই আঁচনিত অংশগ্ৰহণ কৰিবলৈ মনস্থ কৰিলো।

 এলোপেথিক দৰব আৱিষ্কাৰ হোৱাৰ পাছত প্ৰাচীন ভাৰতীয় চিকিৎসা শাস্ত্ৰৰ গুৰুত্ব ক্ৰমে কমি আহিবলৈ ধৰা দেখি ই সম্পূৰ্ণভাৱে বিলুপ্ত হোৱাৰ আগতে বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত থলুৱা চিকিৎসা পদ্ধতিসমূহ লিপিবদ্ধ কৰিবলৈ চাৰ্ভেই এটা পৰিকল্পনা হাতত লৈছিল। ভাৰত এখন বৈচিত্ৰ্যৰে ভৰা দেশ। সমগ্ৰ দেশখনত সভ্যতাৰ বিভিন্ন স্তৰত বাস কৰি আছে নানা জাতি-উপজাতি, নানা বৰ্ণ, নানাভাষী জনগোষ্ঠী। এওঁলোকৰ প্ৰতিটো গোটৰ আছে নিজ নিজ সমাজ ব্যৱস্থা, কৃষ্টি-সংস্কৃতি, সাজ-পাৰ, লৌকিক আইন (customary law) আৰু স্বাস্থ্যৰক্ষাৰ ব্যৱস্থা।

 অতীতৰে পৰা ভাৰতবাসীয়ে থলুৱা পদ্ধতিৰে ৰোগৰ কাৰণ, উৎপত্তি আৰু ৰোগ নিৰাময়ৰ ব্যৱস্থা কৰি আহিছে। এই বিষয়ে প্ৰথম উল্লেখ পোৱা যায় ঋগবেদত [ ৬২ ] (আনুমানিক খ্ৰীঃপূঃ ১৫০০ বছৰ)। বহু বছৰ পাছত ৰচিত অথৰ্ববেদত ইয়াৰ বিস্তৃত বৰ্ণনা পোৱা গৈছে। ধৰ্ম আৰু যাদুৰ সংমিশ্ৰণ (magico-religious) ঘটোৱা এক পদ্ধতিৰে ৰোগ নিৰাময় কৰা হৈছিল সেই সময়ত। অৰ্থাৎ তন্ত্ৰ-মন্ত্ৰৰ প্ৰভাৱেৰে ৰোগ চিকিৎসা কৰিছিল। পৰৱৰ্তী সময়ত ভাৰতীয় চিকিৎসা শাস্ত্ৰই গছ-গছনিৰ ঔষধি গুণৰ বিষয়ে অৱগত হ’ল। ইয়াৰ শৃংখলাবদ্ধ প্ৰয়োগৰ বিষয়ে বিস্তাৰিতভাৱে লিপিবদ্ধ কৰা হৈছে চৰক আৰু সুশ্ৰুত সংহিতাত (প্ৰথম খ্ৰীষ্টাব্দ)। এই গ্ৰন্থবোৰৰ পৰা জানিব পৰা গৈছে যে ৰোগ নিৰাময়ৰ ক্ষেত্ৰত বনৌষধি আৰু তন্ত্ৰমন্ত্ৰ-যাদুৰ প্ৰয়োগ ভাৰতত হেজাৰ হেজাৰ বছৰ জুৰি প্ৰচলিত। এলোপেথিক দৰব আৱিষ্কাৰ হোৱাৰ পাছত ধীৰে ধীৰে নতুন চিকিৎসা ব্যৱস্থাই প্ৰাচীন পদ্ধতিৰ ঠাই অধিকাৰ কৰিবলৈ ধৰে। আনহাতে আধুনিক ঔষধৰ পাৰ্শ্বক্ৰিয়া পৰিলক্ষিত হোৱাত বিশ্বৰ অনেক দেশৰ মানুহ বনৌষধিৰ প্ৰতি আকৃষ্ট হৈছে। পিছে প্ৰাচীন মানুহৰ দৰে আজিৰ বিজ্ঞানমনস্ক মানুহে হাবি-বনৰ বিভিন্ন অংশ জধে-মধে ব্যৱহাৰ নকৰে। সাম্প্ৰতিক কালত ঔষধি গুণসম্পন্ন গছ-গছনিৰ বিভিন্ন অংশৰ পৰা শৰীৰৰ পক্ষে ক্ষতিকৰ পদাৰ্থখিনি বৰ্জন কৰি প্ৰয়োজনীয় দ্ৰব্য পৰিশোধন কৰাৰ পাছত বাণিজ্যিক উদ্দেশ্য সন্মুখত ৰাখি প্ৰচুৰ পৰিমাণে ঔষধ উৎপাদন কৰি থকা হৈছে।

 ২০০৩ চনত যোৰহাট আঞ্চলিক গৱেষণাগাৰৰ বিজ্ঞানী, গৱেষক, বিষয়া, কৰ্মীবৃন্দ আৰু তেওঁলোকৰ পৰিয়ালসমূহে পালন কৰা মহাপুৰুষ শংকৰদেৱৰ ৫৫৫ তম জন্মজয়ন্তী উৎসৱলৈ আমাক আমন্ত্ৰণ কৰিছিল। সেই সুযোগতে ঔষধি গছ-গছনি সন্দৰ্ভত গৱেষণাৰত বিজ্ঞানী ড° শোভন চন্দ্ৰ নাথৰ বিজ্ঞানাগাৰত কিছু সময় কটাইছিলো। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ হাবি-বননি নানা ধৰণৰ ঔষধি গছ-গছনিৰে সমৃদ্ধ। এইবোৰৰ পৰা কেৱল ঔষধেই নহয়, নানা ধৰণৰ অত্যাৱশ্যকীয় তেল (essential oil), সুগন্ধি আৰক বিজ্ঞানসন্মতভাৱে নিষ্কাষণ কৰি থকা দেখিছিলো। তেওঁলোকে ব্যৱসায়িক লক্ষ্য সন্মুখত ৰাখি পূৰ্ণোদ্যমে গৱেষণাৰ কাম কৰি আছিল।

 যি কি নহওক, ছাৰ্ভেই যুগুত কৰা আঁচনিখন ৰূপায়ণ কৰিবলৈ অৰ্থাৎ থলুৱা চিকিৎসা ব্যৱস্থা হেৰাই যোৱাৰ আগতে উদ্ধাৰ কৰি ৰাখিবলৈ, গৱেষকসকল ভাৰতৰ বিভিন্ন এলেকালৈ ওলাল ক্ষেত্ৰ অধ্যয়ন কৰাৰ উদ্দেশ্যে। মই নিৰ্বাচন কৰিলো কোকৰাঝাৰ জিলাৰ বড়ো জনগোষ্ঠী প্ৰধান গাঁও কেইখনমান আৰু ধুবুৰী তথা বঙাইগাঁও জিলাৰ ঘাইকৈ ৰাজবংশীসকল বসবাসকাৰী গাঁওকেইখনমান। সেই সময়ত আমাৰ মা জীৱিত। তেওঁ সৰু ভণ্টি ৰীতাৰ লগত মাজু ভণ্টি টুলুৰ পৰিয়ালৰ [ ৬৩ ] তত্ত্বাৱধানত কোকৰাঝাৰত আছিল। গতিকে থকা-মেলাৰ কোনো অসুবিধাতো নাছিলেই বৰঞ্চ একেৰাহে বহুদিন মাৰ বৃদ্ধ বয়সত তেওঁৰ লগত দিনটো নহ'লেও ৰাতিটো কটাব পৰা আছিল এটা মহা ভাগ্যৰ কথা। ঘৰৰ চিন্তাও বিশেষ নাছিল। জয় খড়গপুৰ আই আই টিত আৰু গৃহস্থৰ আলপৈচান ধৰিবলৈ বিশ্বাসী মানুহো আছিল কলকাতাত। গ্ৰাম্যাঞ্চললৈ যাওঁতে গাইড হিচাপে মোক প্ৰায়ে সংগদান কৰিছিল ঘাইকৈ আমাৰ ভ্ৰাতৃতুল্য যুৱকদ্বয় শ্ৰীমান বিবেকানন্দ ব্ৰহ্ম আৰু তেওঁৰ ভায়েক বৈকুণ্ঠ ব্ৰহ্মই (বকুল)। বিবেকাই তেতিয়া স্থানীয় বিদ্যাপীঠ হাইস্কুলত শিক্ষকতা কৰিছিল আৰু বকুলে কৰি আছিল চৰকাৰী চাকৰি। গতিকে সদায় তেওঁলোকক পোৱা নাছিলো। অৱশ্যে তেওঁলোক যাব নোৱাৰিলে আন ল’ৰাক মোৰ লগত পঠাইছিল।

 ৰাতিপুৱা ভাত-পানী খাই প্ৰয়োজনীয় সা-সামগ্ৰী লৈ ৰিক্সাত উঠি চহৰৰ সমীপৱৰ্তী গাঁও কেইখনমানলৈ গৈছিলো। প্ৰথমতে গৈছিলো বাতাবাৰীলৈ। গাঁৱৰ ৰাইজৰ সহযোগিতা অবিহনে মোৰ কাম আগনাবাঢ়িলহেঁতেন। কেইদিনমান অহা-যোৱা কৰাৰ পাছত তেওঁলোক মোৰ অতি আপোন হৈ পৰিছিল। চাহ খোৱা, ভাত খোৱা, গছৰ ফল-মূল খোৱা এটা সাধাৰণ ৰুটিনত পৰিণত হৈছিল। এদিন গাঁৱত প্ৰজেক্টাৰ আনি তিনিখন হিন্দী কথাছবি দেখুওৱাৰ ব্যৱস্থা কৰা হ’ল। গাঁৱৰ ছোৱালীকেইজনীমানে জোৰ দি ক’লে বোলে ময়ো ৰাতিটো তেওঁলোকৰ সৈতে চিনেমা চাব লাগিব। মানুহৰ মৰমক নেওচিব নোৱাৰো, গতিকে জাৰ-কালিৰ ৰাতি শুকান ধাননি পথাৰ এখনত ধানখেৰৰ ওপৰত বহি তেওঁলোকে দিয়া কম্বলেৰে কাণমূৰ ঢাকি গাঁৱৰ ল’ৰা, বুঢ়া- বুঢ়ী, ডেকা-গাভৰুৰ সৈতে চিনেমা চালো। মোকেই নহয়, ভণ্টি ৰীতাকো তেওঁলোকে মাজে মাজে নিমন্ত্ৰণ কৰি ভাত খুৱাইছিল। মুঠতে তেওঁলোক মোৰ আপোন মানুহ হৈ পৰিছিল কেইদিনমানৰ ভিতৰতে। পিছলৈ মই আৰু গাইডৰ লগত নহয়, অকলেই গৈছিলো। বাতাবাৰী গাঁৱৰ দুটা পৰিয়ালৰ লগত বিশেষকৈ মোৰ সম্পৰ্ক ঘনিষ্ঠ হৈছিল। কবিৰাজ শান্তিৰাম বসুমতাৰী, তেওঁৰ পুত্ৰ জানকী বসুমতাৰী আৰু কন্যা মাধুৰীলৈ আজিও মনত পৰে। পৰিয়ালটো সুশিক্ষিত। কামেশ্বৰ ব্ৰহ্মৰ পৰিয়ালটোৰ লগতো অন্তৰংগতা গঢ়ি উঠিছিল। তেওঁৰ ভনী খঞ্জাৱতীয়ে মোক ক্ষেত্ৰ অধ্যয়ন কৰাত সহায় কৰিছিল, তেওঁলোকৰ ঘৰত ৰাতিও থাকিছিলো। কিমান যে খাইছো! খঞ্জাৱতীয়ে তাঁতশালত বৈ দিয়া ঊলৰ চাদৰ দুখন জাৰকালি অতি মৰমেৰে ব্যৱহাৰ কৰো।

 তাত ক্ষেত্ৰ অধ্যয়ন কৰি থাকোতে এঘৰৰ শ্ৰাদ্ধ উপলক্ষেও উপস্থিত আছিলো। তেওঁলোকে আমাক ভাত-মাংস আদি খুওৱাৰ উপৰি উৎকৃষ্ট ‘জাউ’ খুৱাইছিল। [ ৬৪ ]

‌‌■ লেখিকাৰ হাতৰ বিষৰ বাবে জেৰিনাই (জৰা-ফুকা) কৰি আছে

[ ৬৫ ] ‘জাউ’ হ’ল তেওঁলোকৰ জাতীয় উষ্ণ পানীয়, চাউলৰ পৰা ঘৰতে তৈয়াৰ কৰা হয়। আলহীক তেওঁলোকে স্পেচিয়েল ‘জাউ’ খুৱায়। আদৰ-আপ্যায়নৰ বিষয়ে থুলমূলকৈ কোৱা হ'ল। এইবাৰ কোৱা যাওক তালৈ গৈ কি কি তথ্যপাতি আহৰণ কৰিলো।

 থলুৱা চিকিৎসা পদ্ধতিৰ বিষয়ে জানিবলৈ হ'লে স্থানীয় চিকিৎসকক প্ৰথমতে সাক্ষাৎ কৰাটো প্ৰয়োজনীয়। কেৱল বাতাবাৰী গাঁৱৰে নহয় সমীপৱৰ্তী আৰু কেইখনমান গাঁৱৰ চিকিৎসকসকলক লগ ধৰিছিলো একেটা উদ্দেশ্যৰে। চিকিৎসকসকল ওজা নামেৰে খ্যাত। প্ৰতিখন গাঁৱত একাধিক ওজা থাকে। এওঁলোকক জেনেৰেল ফিজিছিয়ান বুলিব পাৰি। বিশেষ কিছুমান ৰোগৰ বাবে থাকে বিশেষ জ্ঞানসম্পন্ন স্পেচিয়েলিষ্ট— তেওঁলোকৰ কোনোবা অস্থি বিশেষজ্ঞ, কোনোবা পগলা কুকুৰ, সাপ, শিয়াল আদিৰ কামোৰৰ পৰা বিষমুক্ত কৰা চিকিৎসক ইত্যাদি।

 ৰোগৰ কাৰণ, উৎপত্তি, চিকিৎসা আৰু ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত ওজাসকলৰ জ্ঞান দেখি তবধ মানিছিলো। বেমাৰ-আজাৰক তেওঁলোকে জীৱনৰ এটা সুকীয়া ঘটনা বুলি নাভাবে। ৰোগৰ উৎপত্তি আৰু নিৰাময়ৰ সৈতে তেওঁলোকৰ ধৰ্মীয় বিশ্বাস, পাপ-পুণ্যবোধ, দৃষ্টিভংগী, ৰীতি-নীতি, খাৱন-পিন্ধন ইত্যাদি ওতপ্ৰোতভাৱে জড়িত হৈ থাকে। এনে এটা ধাৰণা তথাকথিত প্ৰগতিশীল সমাজতো বৰ্তি থকা নাই জানো? বেমাৰ-আজাৰত বা জীৱনত দুখ-কষ্ট পালে অনেকে ধাৰণা কৰে হয়তো কিবা পাপৰ ফলত এই শাস্তি ভোগ কৰি আছে। কেতিয়াবা আকৌ কিছুমানে বিশ্বাস কৰে ৰোগ-ভোগ, বিপদ-বিঘিনিৰ কাৰণ নিহিত হৈ থাকে ভুক্তভোগীৰ পূৰ্বজন্মৰে নহয়, পূৰ্বপুৰুষৰো পাপ আৰু কুকৰ্মৰ মাজত। বড়ো এলেকাসমূহত ক্ষেত্ৰ অধ্যয়ন শেষ কৰি গৈছিলো ৰাজবংশী প্ৰধান এলেকাবোৰলৈ। তাতো ৰোগ-ভোগ আৰু তাৰ কাৰণ, ইত্যাদিৰ আঁৰত বৰ্তি থকা দেখিলো একেটা ধাৰণা।

 দুয়োটা জনগোষ্ঠীৰ ওজাসকলৰ মতে, ৰোগৰ উৎপত্তিৰ কাৰণ দুই প্ৰকাৰৰ। চিকিৎসা পদ্ধতিও বেলেগ বেলেগ। যিবোৰ ৰোগৰ কাৰণ প্ৰাকৃতিক, তাৰ উপশম ঘটোৱা হয় বনৌষধিৰ দ্বাৰা। আনহাতে কাৰণ যেতিয়া হয় অতি-প্ৰাকৃতিক— যেনে ভূতে ধৰা বা হঠাতে সুস্থ মানুহ অসুস্থ হোৱা – তেতিয়া ধৰ্মৰ সৈতে যাদুৰ মিশ্ৰণ ঘটাই (magico-religious) চিকিৎসা কৰোৱা হয়। ৰোগ চিকিৎসাত গছ-লতা-গুল্ম আদিৰ ঔষধি গুণ সম্পৰ্কে ওজাসকলৰ জ্ঞান শলাগিবলগীয়া। সাধাৰণ আঘাতজনিত ৰক্তপাতৰ পৰা ভগাহাড় জোৰা লগোৱালৈকে প্ৰকৃতিৰ বুকুত কিমান যে বন দৰব লুকাই আছে! স্বীকাৰ কৰিবলৈ বাধ্য হৈছিলো যে প্ৰকৃতিৰ কোলাত লালিত-পালিত [ ৬৬ ] ওজাসকল প্ৰকৃতি নামৰ বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণ কৰা একো একোগৰাকী উদ্ভিদ বিদ্যা বিশাৰদ, সুচিকিৎসকো। সুবিস্তৃত এওঁলোকৰ চিকিৎসা ব্যৱস্থা। বিভিন্ন ৰোগত ব্যৱহৃত হয় বিভিন্ন বনৌষধি। ওজাসকলৰ লগত হাবিয়ে-বননিয়ে ঘূৰি ঘূৰি ডেৰশৰো অধিক গছ-গছনিৰ নমুনা সংগ্ৰহ কৰি কলকাতালৈ উভতি অহাৰ পাছত উদ্ভিদ বিদ্যা বিশেষজ্ঞৰ হতুৱাই চিনাক্ত কৰিছিলো। বাতাবাৰীৰ এগৰাকী ওজাই কৈছিল যে সেই অঞ্চলৰ হাবিত গজা ‘খাৰিখৰ' নামৰ এবিধ গুল্ম মুম্বাইৰ পৰা অহা এটা দৰব কোম্পানীয়ে স্থানীয় মানুহৰ হতুৱাই উঘালি কিলো প্ৰতি পঞ্চাশ পইচাকৈ কিনি নিছিল বস্তাই বস্তাই। এই জোপাই হ’ল সৰ্পগন্ধা (Rauvolfia Serpentina), যি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে তৈয়াৰ কৰা মহৌষধিৰ আকৰ। বন দৰব সংগ্ৰহ কৰাৰ বাতৰি পাই আমাৰ ওচৰলৈকো দুটামান দৰব কোম্পানীৰ প্ৰতিনিধি আহিছিল। পিছে আমাৰ আঁচনিৰ কাম সম্পূৰ্ণ নোহোৱালৈকে আমি নীৰৱতা অৱলম্বন কৰিছিলো। মোৰ গৱেষণাৰ বিস্তৃত ফলাফল যুগোশ্লাভিয়াৰ জাগ্ৰেৱত অনুষ্ঠিত 12th International Congress of Anthropological and Ethnological Scienceৰ সভাত পঠিত হৈছিল। আজি ইউৰোপ-আমেৰিকাৰ দৰে বিজ্ঞান-প্ৰযুক্তিবিদ্যাত উন্নত দেশবোৰতো ‘herbal’ দৰবৰ চাহিদা বাঢ়িছে।

 এখন গাঁৱত লগ পোৱা ডেকা ওজা এজন এক পাহৰিব নোৱৰা চৰিত্ৰ। এওঁ বেছ স্মাৰ্ট, সপ্ৰতিভ আৰু বুদ্ধিমান। গাঁৱৰ ছোৱালীবোৰে কৈছিল ওজাজন হেনো সন্মোহনী বিদ্যাতো (mesmerism) পাৰদৰ্শী। এওঁৰ চকুত হেনো তিৰোতা মানুহক আকৰ্ষণ কৰিব পৰা যাদু আছে। গতিকে তেওঁৰ লগত হাবিয়ে-বননিয়ে অকলশৰে যোৱাৰ আগতে মোক সাৱধান কৰিছিল দুগৰাকী গাভৰুৱে। কেইমাহমানৰ বিৰতিৰ পাছত দ্বিতীয়বাৰ সেইখন গাঁৱলৈ গৈ দেখিলো ৰোমাণ্টিক ওজাজনৰ ঘৰত এজনী নতুন তিৰোতা। প্ৰথমজনী কলৈ গ'ল গম নাপালো।

 যিসকল ওজাই তন্ত্ৰ-মন্ত্ৰ আৰু ভূত-প্ৰেতৰ সহায়ত চিকিৎসা কৰোৱায় তেওঁলোকৰ কাষ চাপিবলৈ বহুতে ভয় কৰে। ৰাজবংশী সম্প্ৰদায়ৰ এনে কেইগৰাকীমান ওজাৰ সাক্ষাৎকাৰ লৈছিলো। বড়োসকলৰ মাজত একেগৰাকী ওজাই বনৌষধি আৰু তন্ত্ৰ-মন্ত্ৰৰ চিকিৎসা কৰে। কিন্তু ৰাজবংশীসকলৰ মাজত দুই বিভিন্ন পদ্ধতিৰ চিকিৎসা কৰে দুই শ্ৰেণীৰ ওজাই। বনৌষধিৰে ৰোগমুক্ত কৰা ওজাসকলক এওঁলোকে কবিৰাজ বুলি কয়। ৰাজবংশী ওজাসকলে অলৌকিক জগতখনৰ আৰু তাত বিচৰণ কৰা ভূত-মাছাং-বীৰা আদি অপাৰ্থিৱ প্ৰেতাত্মাবোৰৰ এনে জীৱন্ত বিৱৰণ দিছিল আৰু ইহঁতৰ [ ৬৭ ] কাম-কাজৰ বিষয়ে কৈছিল যে শুনি সেইখন জগতত কিছু সময় থকাৰ অনুভূতি হৈছিল মোৰ। মাছাংসকল আটাইতকৈ ভয় লগা। ইহঁতে লম্ভিলে ৰোগীক বচোৱা সহজ নহয়। ভূতসকল হ’ল পুৰুষৰ প্ৰেতাত্মা, শাকচুন্নী হ’ল মহিলাৰ আৰু মুছলমানৰ প্ৰেতাত্মাসকলক কোৱা হয় মামদো ভূত। বীৰাসকল তুলনামূলকভাৱে নিৰ্জু। ইহঁতৰ মাজতো আছে শ্ৰেণীভেদ। হাসুনীয়া বীৰাই লম্ভিলে মানুহজনে হাঁহি থাকে। কান্দুনীয়াই কন্দুৱায়, নাচুনীয়াই নচুৱায় ইত্যাদি। অপাৰ্থিৱ সম্প্ৰদায়ক বশ কৰিবলৈ বিভিন্ন উপায় ওজাসকলৰ জোলোঙাত আছে। ভূত-প্ৰেতৰ চিকিৎসকসকলৰ ওচৰলৈ যাবলৈ মানুহে ভয় কৰাৰ ঘাই কাৰণ এওঁলোকৰ ধাৰণা অতিপ্ৰাকৃতিক শক্তিসমূহ ওজাসকলৰ আজ্ঞাবাহী ভৃত্য। কাৰোবাৰ ওপৰত খং উঠিলে ওজাই গাত ভূত লম্ভাই মানুহজনৰ হাৰাশাস্তি কৰিব পাৰে। আনকি সাধাৰণ ৰাইজেও ওজাসকলক ‘হায়াৰ’ কৰি তেওঁলোকৰ মাধ্যমেৰে শত্ৰুৰ গাত ভূত লম্ভাই সিহঁতৰ নাকনি-কাননি অৱস্থা কৰিব পাৰে। দুই পক্ষৰ ওজাসকলৰ মাজত যুদ্ধ হয় অদৃশ্য বাণেৰে। ই পক্ষৰ পৰা উৎক্ষিপ্ত বাণক শূন্যতে নিষ্ক্ৰিয় কৰিব পাৰে আন পক্ষৰ ওজাই। ঠিক যেনিবা ৰাম ৰাৱণৰ নাইবা কুৰুক্ষেত্ৰৰ যুদ্ধহে।

 ভূত মই এতিয়া বিশ্বাস নকৰো যদিও এই বুঢ়া বয়সতো ভূতৰ গল্প পঢ়িবলৈ ভালপাওঁ। সৰুতে আইতাই ভূতৰ কাহিনী কৈছিল। গাৰ নোম ডাল ডাল হোৱা সত্ত্বেও শুনিবলৈ ভাল পাইছিলো। তেতিয়া ভূত বিশ্বাস কৰিছিলো। মনত পৰে মা-দেউতাৰ চকুৰ আঁৰত ‘পৰলোকেৰ কথা’ নামৰ কিতাপ এখন স্কুলীয়া জীৱনতে পঢ়ি কেনেকৈ শিহৰিত হৈছিলো। কোকৰাঝাৰত থাকোতে আমাৰ চুবুৰিটোত মনুদি নামৰ ছোৱালী এজনী টাইফয়েড ৰোগত আক্ৰান্ত হৈ ঢুকাইছিল। এদিন জোনাক নিশা সৰু মামা প্ৰভাস চৌধুৰীয়ে তেওঁৰ দোকান বন্ধ কৰি ঘৰলৈ অহাৰ সময়ত হেনো মনুদিৰ প্ৰেতাত্মাটোক দেখা পাইছিল। মামাই সেই প্ৰেতাত্মাৰ যি বৰ্ণনা দিছিল আজি সত্তৰ বছৰ পাছতো ই মোৰ স্মৃতিত অমলিন হৈ আছে। আজি যুক্তিৰে ভাবো মামাই ভয়তে বায়ৱীয় সেই মূৰ্তিটো দেখিছিল।

 যি কি নহওক ক্ষেত্ৰ অধ্যয়ন কৰাৰ সময়ত এদিন এন্ধাৰ ৰাতি গাইড দুগৰাকীৰ সৈতে এজন ভূত বিশেষজ্ঞৰ ঘৰলৈ গৈছিলো বাঁহৰ তলেদি যোৱা লুংলুঙীয়া বাট এটাৰে। গাইড দুজন ভয়তে নোসোমাল। প্ৰকৃততে মই যোৱাটোও সিহঁতে ভালপোৱা নাছিল। মই আহিছিলো এটা কামত, গতিকে যাবই লাগিব বুলি কোৱাত অনিচ্ছা সত্ত্বেও লৈ গৈছিল অঞ্চলটোৰ খ্যাতনামা ওজাজনৰ ঘৰলৈ। চাৰিওফালৰ পৰিবেশ [ ৬৮ ]

বড়ো সাজত লেখিকা

[ ৬৯ ] তেতিয়া নিস্তব্ধ। ঘোপমৰা এন্ধাৰে আৱৰি ৰাখিছিল অঞ্চলটোক। কেৱল ওজাদেউৰ জুপুৰিটোৰ চুক এটাত জ্বলি আছিল এগছ মাটিৰ চাকি। সোমায়ে চকুত পৰিল আন এটা চুকত থকা মাটিৰ ডাঙৰ হাড়ি এটা। তাতেই বোধকৰো বন্দী কৰি ৰাখিছে পোহনীয়া ভূতবোৰক। ভূতৰ সৈতে বাস কৰা বাবেই হ’বলা ওজাৰ দেহতো তাৰ প্ৰতিফলন দেখা যেন লাগিল। ঘোৰ কৃষ্ণবৰ্ণ ছাল এখনেৰে আবৃত ওজাদেউৰ ক্ষীণ-মিন দেহটো দেখিলে তেনে ধাৰণা হয়। সঁচা কথা ক’বলৈ গ'লে তৎক্ষণাতে ঠাৱৰ কৰিব পৰা নাছিলো তেওঁ আচল মানুহজন নে হাড়িটোৰ পৰা ওলাই অহা এজন। পিছে ওজাদেউ মানুহজন বৰ সৰল প্ৰকৃতিৰ আৰু ভদ্ৰ। পৰিবেশ ভৌতিক হ'লেও তেওঁ সাচ্চা মানুহ।

 কথাৰ মাজতে ওজাই চাহ খুৱাব খুজিলে। ইফালে সিফালে চাই ঘৰত আন কাকো নেদেখিলো। কোনে চাহ কৰিব, মনতে ভাবিলো। হাড়িত থকা ভূতকেইটাই? আবুলৈ মনত পৰিল। তেওঁ কৈছিল ভূতহঁতে হেনো প্ৰয়োজনত হাত-ভৰিবোৰ দীঘল কৰিব পাৰে। ভূতে যদি চাহ তৈয়াৰ কৰি তাৰে পৰা হাতখন দীঘলাই কাপটো মোৰ সন্মুখলৈ আনে মই মূৰ্চ্ছা যাম নিৰ্ঘাত। হঠাতে মোৰ বুকুখন চিৰিং কৈ উঠিল। ক’লৈ যে আহিলো। গাইডকেইটাও বোধকৰো পলাল!

 ক্ষন্তেক পাছত মনটোক ডাঠ কৰি নিজকে ক'লে— ‘ভূত হেনো বিশ্বাস নকৰ, এতিয়া কঁপিছ কিয়? তই হেনো বিজ্ঞানী, আহিছ সত্যৰ সন্ধান কৰিবলৈ।'

 ম‍ই স্বাভাৱিক হ’লো। আলৌকিক-অপাৰ্থিৱ শক্তি ( occult power) তেওঁ কেনেকৈ পালে, কেনেকৈ অতিপ্ৰাকৃতিক ৰোগ চিকিৎসা কৰে ইত্যাদি অনেক কথা আলোচনা কৰাৰ পাছত ওজাদেউৰ পৰা বিদায় মাগিলো।

 ওজাসকলৰ তন্ত্ৰ-মন্ত্ৰৰ প্ৰভাৱৰ ফলত কিছুমান ৰোগৰ পৰা মুক্তি লাভ কৰা বুলি কোৱাৰ আঁৰত ক্ৰিয়া কৰে কিছুমান বিশ্বাসে, যাক ইংৰাজীত কোৱা হয় faith healing. তন্ত্ৰ-মন্ত্ৰ বিশ্বাস নকৰিলেও আন কিছুমান বিশ্বাসে আমাক যে সুস্থ কৰাত সহায় কৰে এই কথা অনেকে স্বীকাৰ কৰিব।বেমাৰত প্ৰিয় চিকিৎসকগৰাকীক চকুৰ আগত দেখিলে ৰোগমুক্তি হোৱা যেন নালাগে নে? বিদেশী আলোচনী এখনত এই সন্দৰ্ভত প্ৰবন্ধ এটা পঢ়ি মই তাজ্জব। আমেৰিকাৰ কিছুমান হাস্পতালত নিযুক্তি দিয়া হৈছে পিছপৰা কিছুমান জনগোষ্ঠীৰ নিজ নিজ ওজা-জাতীয় চিকিৎসকক। আধুনিক চিকিৎসাৰ পীঠস্থান আমেৰিকাৰ চিকিৎসকসকলে লক্ষ্য কৰিছে যে কিছুমান অনগ্ৰসৰ জনগোষ্ঠীৰ ৰোগীৰ ক্ষেত্ৰত কেৱল আধুনিক চিকিৎসাই ৰোগমুক্ত কৰিব নোৱাৰে। [ ৭০ ] তেওঁলোকৰ নিজা ওজাজনে হাতখন ৰাখিলেই ৰোগীৰ মুখত হাঁহি বিৰিঙি উঠে। কোৱা বাহুল্য আমেৰিকাত বাস কৰে পৃথিৱীৰ নানাদেশৰ পৰা যোৱা অসংখ্য জনগোষ্ঠী। সম্প্ৰতি গৈ পাইছে নেপালীমূলৰ অসংখ্য ভুটীয়া, যি সকলক খেদি দিছে ভূটানে আৰু গ্ৰহণ কৰা নাই নেপালেও। এওঁলোক যায় ক'লৈ? কোনোবা উদ্ধাৰকাৰী সংগঠনৰ চেষ্টাত তেওঁলোকে আশ্রয় পালে অগতিৰ গতি আমেৰিকাত। এইদৰে পৃথিৱীৰ বিভিন্ন ঠাইৰ বিভিন্ন জনগোষ্ঠীয়ে আশ্রয় লৈছে আমেৰিকাত। তেওঁলোকৰ চিকিৎসাৰ বাবে নিযুক্তি দিছে faith-healer ক। অৱশ্যে মূল চিকিৎসা কৰিছে আধুনিক চিকিৎসকে।